Home Blog Page 1138

দেৰগাঁৱৰ বালিজানত ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা…

অভিশপ্ত দেৰগাঁৱৰ বালিজানত পুনৰ ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা।

দেৰগাঁও বালিজানত অভিশপ্ত দুৰ্ঘটনা স্থলীত পুনৰ নিশা এখন ১৪চকীয়া কয়লা পৰিবাহী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথত কাষত আবদ্ধ হৈ পৰে।

কয়লা পৰিবাহী ট্ৰাক খনৰ নম্বৰ RJ-19- GH-3529।

নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।

বুকু কপাই যোৱা বুধবাৰে পুৱতি নিশা এখন ১৪ চকিয়া ট্ৰাক সৈতে এখন আলট্ৰা বাছৰ মুখামুখি খুন্দা মৰাৰ ফলত সমগ্ৰ দেশ কপাই ১২জন কৈ লোকে থিতাতে নিহত হোৱাৰ লগতে প্ৰায় ৩০জন কৈ লোকে চিকিৎসাধীন হ’ব লগা হৈছিল।

এই ঘটনাৰ আতঙ্ক মাৰ নৌ যাওতেই পুনৰ নিশা কয়লা পৰিবাহী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথত আবদ্ধ হৈ পৰিব লগাৰ দৰে ঘটনা দেৰগাঁৱত।

সৌন্দৰ্য্য প্ৰতিযোগিতাত চুতীয়াৰ সাফল্য, Royal Teen Diva Universeৰ খিতাপ অৰ্জন ৰীমাৰ…

সৌন্দৰ্য্য প্ৰতিযোগিতাত ৰীমা চুতীয়াৰ সাফল্য ৷ Royal Teen Diva Universe ৰ খিতাপ অৰ্জন ৰীমাৰ৷ টেঙাখাত টিংৰাই চাৰিআলি খেৰেমীয়াৰ নিটু চুতীয়া আৰু ডলি চুতীয়াৰ সুযোগ্যা কন্যা তথা দুলিয়াজান অইল হাইয়াৰছেকেন্দ্ৰী স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী, নাম ৰীমা চুতীয়া ৷ সৰুৰে পৰা পঢ়া শুনা কৰি ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হোৱাৰ মন থকাৰ লগতে সৌন্দৰ্য্য সাধনাৰ প্ৰতি থকা প্ৰৱল ধাউতি আৰু একাগ্ৰতাৰ ফলত যোৱা ডিচেম্বৰ মাহত মহাৰাষ্ট্ৰৰ মুম্বাই ফিল্মচিটিত অনুষ্ঠিত Royal Diva universe , season 2ত অসমৰ হৈ অংশগ্ৰহণ কৰি Royal teen Diva universeৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে এই গৰাকী প্ৰতিভাসম্পন্ন সৌন্দৰ্য্য প্ৰতিযোগীয়ে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন মঞ্চৰ সৌন্দৰ্য্যৰ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

বিশেষকৈ বিগত সময়ছোৱাত গুৱাহাটীত অনুষ্ঠিত হোৱা National Diva season 2 ত brand ambassador ,Maya queen of Assam ,Arohan Duliajan আদি কৰি বহু কেইটা বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই গৰাকী উদীয়মান সৌন্দৰ্য্য প্ৰতিযোগীৰ এনে সফলতাৰ বাবে স্বাভাৱিকতে নিজৰ লগতে অঞ্চলটোলৈ গৌৰব কঢ়িয়াই অনাৰ বাবে বিভিন্নজনে অভিনন্দন জনোৱাৰ ওপৰিও ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ হৈ উপসভাপতি ত্ৰিদিপ চুতীয়াই ফুলাম গামোছাৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

শেষৰখন টেষ্ট খেলত পাকিস্তান দলে বাবৰ আজমৰ জাৰ্চি উপহাৰ দিলে ডেভিদ ৱাৰ্নাৰক…

অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰে কেৰিয়াৰৰ শেষৰখন টেষ্ট খেলিছিল পাকিস্তানৰ বিৰুদ্ধে, তাৰ পিছত পাকিস্তানৰ খেলুৱৈসকলে তেওঁক বিশেষ উপহাৰ দিছিল। ছিডনীৰ ছিডনী ক্ৰিকেট খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে খেল অনুষ্ঠিত হৈছিল। শেষৰ খন খেল ৱাৰ্নাৰৰ বাবে অতি ভাল আছিল কাৰণ মেচখনত অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল। ৱাৰ্নাৰে ৭ চাৰিৰ সহায়ত ৫৭ ৰান সংগ্ৰহ কৰে এই খেলখনত। কেৰিয়াৰৰ শেষ পৰীক্ষাৰ অন্তত পাকিস্তানৰ দলে ৱাৰ্নাৰক দিলে বিশেষ উপহাৰ। দৰাচলতে পাকিস্তানে টেষ্ট ক্ৰিকেটৰ পৰা বিদায় দিয়া ডেভিদ ৱাৰ্নাৰক বাবৰ আজমৰ জাৰ্চি উপহাৰ দিছিল, য’ত পাকিস্তানী খেলুৱৈৰ স্বাক্ষৰ উপস্থিত আছিল। পাকিস্তানৰ অধিনায়ক শ্বান মাছুদে ৱাৰ্নাৰক উপহাৰ হিচাপে এই জাৰ্চি প্ৰদান কৰে।

ৱাৰ্নাৰে টেষ্ট কেৰিয়াৰত ১১২খন মেচ খেলিছিল, ২০৫ ইনিংছত বেটিং কৰিছিল, তেওঁ গড়ে ৪৪.৫৯ ৰান কৰি ৮৭৮৬ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত তেওঁ ২৬টা শতক আৰু ৩৭টা অৰ্ধশতক অৰ্জন কৰে। ২০১১ চনৰ ডিচেম্বৰ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায় ৱাৰ্নাৰে। তৃতীয়খন টেষ্টত পাকিস্তানে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ব’ৰ্ডত ৩১৩ ৰান ৰান কৰে। তাৰ পাছত উত্তৰত প্ৰথম ইনিংছৰ বাবে বেটিং কৰিবলৈ অহা অষ্ট্ৰেলিয়াই ২৯৯ ৰানত অল আউট হৈছিল, তাৰ পিছত এনে লাগিছিল যেন পাকিস্তানে ইয়াৰ পৰাই মেচখন জয়ী হ’ব পাৰে। কিন্তু তাৰ পিছত অষ্ট্ৰেলিয়াই পুনৰ উভতি আহি দ্বিতীয় ইনিংছত পাকিস্তানক মাত্ৰ ১১৫ ৰান সংগ্ৰহ কৰি আউট কৰে। পাকিস্তানক ১১৫ ৰানত অল আউট কৰাৰ পিছত অষ্ট্ৰেলিয়াই মাত্ৰ ১৩০ ৰানৰ লক্ষ্য লাভ কৰে, যিটো তেওঁলোকে ২৫.৫ অভাৰত ২ উইকেটত জয়লাভ কৰি লাভ কৰে। মন কৰিবলগীয়া যে তিনিখন মেচৰ টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ এইটোৱেই আছিল একেৰাহে তৃতীয়টো জয়, য’ত তেওঁলোকে ৩-০ গ’লত শৃংখলাটো জয় কৰে। পাৰ্থত খেলা শৃংখলাৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াই পাকিস্তানক ৩৬০ ৰাণত পৰাস্ত কৰে আৰু মেলবৰ্ণত খেলা দ্বিতীয়খন টেষ্টত ৭৯ ৰাণত পৰাস্ত কৰে।


দুলীয়াজানত কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

দুলীয়াজনত কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ জালনী গ্রান্টবাসী ৰাইজৰ সহযোগত আয়োজন কৰা সদৌ অসম ভিত্তিত ভাওনা প্রতিযোগিতা আৰম্ভ । ইতিমধ্যে প্ৰতিযোগিতা উদ্‌যাপন সমিতিয়ে প্ৰতিযোগি দল,অতিথি আৰু ৰাইজক আদৰাৰ বাবে দুলীয়াজানৰ কাষৰীয়া ১৫ নং জালনী গ্ৰাণ্টৰ শংকৰ মাধৱ সম্বন্বয় ক্ষেত্ৰ সজাই পৰাই তুলিছে।

প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১০ টা আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি ৫ জানুৱাৰীৰ পুৱা মূল তোৰণ উদ্বোধন কৰিব বিজয় মাহৰা সত্রৰ সত্ৰাধিকাৰ গিৰিন্দ্রনাথ দেৱগোস্বামীয়ে, উদ্‌যাপন সমিতিৰ পতাকা উত্তোলন কৰিব সভাপতি কৃষ্ণ বড়াই,বৃক্ষ ৰোপন কৰিব বিশিষ্ট প্রকৃতিপ্রেমী ড°নবীন বৰুৱাই, সমূহীয়া নাম প্রসঙ্গ, বিয়লি মঞ্চ তোৰণ উদ্বোধন কৰিব অইল ইণ্ডিয়া লিমিটেডৰ মহা-প্রবন্ধক ধৰণীধৰ শইকীয়াই,প্রদর্শনী দুৱাৰ উন্মোচন কৰিব বিশিষ্ট সমাজসেৱক কল্যান গগৈ (গোগামুখ)য়ে, বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া।

ভাওনাৰ প্রথম দর্শনীত চাবুবাৰ ওমকাৰ নাট্যগোষ্ঠীয়ে গান্ধাৰীৰ কৃষ্ণ ৰূপ দর্শন ভাওনা পৰিবেশন কৰিব। ভাওনাখন উদ্বোধন কৰিব শিক্ষাবিদ অজিত বড়াই। আনহাতে নিশা ন বজাৰ পৰা দ্বিতীয় দর্শনীত দুলীয়াজানৰ কৌমোদকী সমন্বয় নাট্যগোষ্ঠীয়ে সিন্ধুমুনিৰ পিতৃভক্তি, দশৰথৰ স্বর্গ উদ্ধাৰ ভাওনা পৰিবেশন কৰিব। ভাওনাখন উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱক ( সাপেখাতি )লাচিত গগৈয়ে।

সেইদৰে ৬ জানুৱাৰীৰ বিয়লি ৩.৩০ বজাৰ পৰা প্ৰথম প্ৰদৰ্শনীত ধেমাজিৰ শংশনিনাদ নাট্য গোষ্ঠীয়ে দস্যু ৰত্নাকৰৰ মুক্তিলাভ, নিশা ৮ বজাত দ্বিতীয় দর্শনীত শিৱসাগৰৰ বাড়ৈটিং শিল্পী সমাজে অভিমন্যুৰ বীৰগতি প্রাপ্তি ভাওনা পৰিবেশন কৰিব। প্ৰতিযোগিতাৰ তৃতীয় দিনা বিয়লি চাৰে তিনি বজাৰ পৰা প্রথম দর্শনীত টিংখাঙৰ উপাসনা আধ্যাত্মিক কলা কৃষ্টি কেন্দ্রই কুৰুসন্ধ্যা ভাওনা পৰিবেশন কৰিব আৰু নিশা ৮.৩০ বজাৰ পৰা দ্বিতীয় দর্শনীত শিৱসাগৰ ধিতাইপুখুৰীৰ পূর্বৰঙ্গ সাংস্কৃতিক গোষ্ঠীয়ে সাবিত্রী সত্যবান ভাওনা পৰিবেশন কৰিব ।

সেইদৰে চতুর্থ দিনাৰ প্রথম দর্শনীত চৰাইদেউ সাপেখাতিৰ দিনমণি সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিব মৎস্য অবতাৰ, চাৰিবেদ উদ্ধাৰ ভাওনা আৰু দ্বিতীয় দৰ্শনীত শিৱসাগৰ আমগুৰিৰ নব-ৰঙ্গন সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিব গজকেতু উপাখ্যান, ধৃতৰাষ্ট্ৰৰ দ্বিগবিজয় ভাওনা।


প্ৰতিযোগিতাৰ পঞ্চম দিনাৰ প্রথম দর্শনীত যোৰহাট নিমাতি পথৰ ডেকাগিৰি সাংস্কৃতিক সংঘই পৰিবেশন কৰিব ধ্রুব চৰিত্র আৰু দ্বিতীয় দৰ্শনীত শিৱসাগৰৰ ত্রিগুনাটিক শিল্পী সমাজে পৰিবেশন কৰিব জলন্ধৰ উপাখ্যান ভাওনা । প্ৰতিযোগিতাৰ অন্তিম দিনৰ কাৰ্যসূচীত নামপ্ৰসংগ,চাচনি মইনা পাৰিজাত দলৰ দিহানাম আৰু মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।


জালনী, গুটিবাৰী আৰু বগৰীবামৰ আইসকলৰ সম্মিলিত দিহানামেৰে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত অইলৰ আৱাসিক মুখ্য বিষয়া অতীন্দ্র ৰায় চৌধুৰী মুখ্য অতিথি, কেন্দ্রীয় চৰকাৰৰ শ্রম, নিয়োগ, পেট্রলিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিকমন্ত্ৰী ৰামেশ্বৰ তেলী বিশিষ্ট অতিথি, দুলীয়াজান বিধান সভা সমষ্টি বিধায়ক তেৰছ গোৱালা,শিক্ষাবিদ হেমকান্ত গগৈ, সমাজসেৱক লীলা বড়া আদি বিশিষ্ট সকল সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে নিশালৈ আলোক সমন্বয় নাট্য গোষ্ঠীৰ শিশু সকলে দক্ষ যজ্ঞ ভাওনা প্রদর্শন কৰিব।

উদ্‌যাপন সমিতিৰ সভাপতি কৃষ্ণ বড়া,মুখ্য সম্পাদক জয়ন্ত পাঠকে সদৌ অসম ভিত্তিত ভাওনা প্রতিযোগিতাৰ
কেউদিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

দুবাহুৰ শক্তিৰে চহ কৰা পিতনিত সেউজী হৈ গজিছে সোণালী সপোনঃ কলিয়াবৰৰ আমগুৰি চাঙৰ বাৰজনীয়া কৃষকৰ ব্যতিক্ৰমী প্ৰয়াস

“মন কৰিলেই চন বাকৰিত মাটিতেই ধন” বুলি এষাৰ কথা আমাৰ চহা সমাজত আজিও প্ৰচলিত। যাৰ জৰিয়তে মানুহৰ ইচ্ছাশক্তিৰ গুৰুত্ব বুজিব পাৰি। এই প্ৰৱল ইচ্ছাশক্তিৰে এইবাৰ ‘বাকৰি’ত মাটিত নহয় ‘পিতনি’হে ধন ঘটাৰ প্ৰয়াস কলিয়াবৰৰ এখন গাঁৱত। কলিয়াবৰৰ আমগুৰি ডেবৰা চাং পথাৰৰ পিতনিত গঢ় লৈ উঠিছে কৃষি বিপ্লৱ। বাৰজন যুৱকৰ সবল-সুঠাম বাহুৰ শক্তিত সেউজীয়া হৈছে ৫০ বিঘাৰো অধিক পিতনি মাটি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া কলিয়াবৰ মহকুমাৰ আমগুৰি ডেবৰা চাং পথাৰত গঢ় লৈ উঠিছে এক ব্যতিক্ৰমী সেউজ বিপ্লৱ। সাধাৰণতে পিতনিত মৎস্য পালনৰ চিন্তাই প্ৰথমে মনলৈ আহে।

কিন্তু তাৰ বিপৰীতে আন এক চিন্তাৰে ২৪ খন হাতৰ শক্তিৰে সেউজীয়া কৰি তুলিছে যন্ত্ৰই চহ কৰিব নোৱাৰা ৫০ বিঘাৰো অধিক পিতনি মাটি। যন্ত্ৰয়েও কৰিব নোৱাৰা কাম দুবাহুৰ জোৰৰে অন্য এক কৃষি বিপ্লৱৰ সূচনা কৰিছে আমগুৰি চাঙৰ এই ১২ জনকৈ কৃষকে। উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি ডেবৰা চাং পথাৰত খৰালিৰ সময়তো প্ৰাকৃতিক উৎসৰ পানীৰে ভৰপূৰ হৈ থাকে পথাৰখনৰ বুকু। পথাৰখনৰ ঠায়ে-ঠায়ে একাঠু পৰ্যন্ত বোকা আৰু পিতনি।

বোকাময় পিতনিৰে ভৰপূৰ এই সুবিশাল পথাৰখনতে আমগুৰি চাঙৰ ১২ জনকৈ কৃষকে ৫০ বিঘাৰো অধিক মাটি চহ কৰি আৰম্ভ কৰিছে বড়ো ধানৰ খেতি। পিতনিত গৰু-ম’হৰ হাল অথবা ট্ৰেক্টৰ-পাৱাৰ টিলাৰেৰে হাল বোৱাতো সম্ভৱ হৈ নুঠাত ৫০ বিঘাৰো অধিক মাটি কেৱল কোৰৰে চবিয়াই চহ কৰিছে গাঁওখনৰ ১২জন কৃষকে। প্ৰতিদিনে পাল পাতি ৩-৪জনকৈ কৃষকে এনেদৰে পথাৰত কোৰ মাৰি চহ কৰিছে ৫০ বিঘাৰো অধিক মাটি। আমগুৰি চাঙৰ মেনচিং ক্ৰ’, মানিক ৰংফাৰ, গোবিন্দ ৰংফাৰ, কুথৰি ইংতিসহ ১২ জনীয়া কৃষকে দলে এনেদৰে পাল পাতি কোৰৰে মাটি চহ কৰি ইতিমধ্যে প্ৰায় ৫০ বিঘা মাটিত ৰোপন কৰিছে বড়ো ধানৰ কঠীয়া।

অধিক বোকাময় পিতনি আৰু ঘাঁহৰে পৰিপূৰ্ণ হোৱাৰ বাবে গৰু-ম’হৰ হাল অথবা ট্ৰেক্টৰৰেও মাটি চহ কৰা সম্ভৱ নহয় যদিও থমকি নৰ’ল আমগুৰি চাঙৰ এইসকল কৃষক। দুবাহুৰ শক্তিৰেই একপ্ৰকাৰ যন্ত্ৰকো প্ৰত্যাহ্বান জনাই ৰচিছে শইচ সোণোৱালী সপোন। কোৰৰেই মাটি চহাই সুবিশাল পথাৰত বড়ো ধানৰ খেতিৰে পৰিয়ালৰ সুখময় ভবিষ্যতৰ সপোন দেখিছে এইসকল চহা কৃষকে। যান্ত্ৰিকতাৰে পৰিপূৰ্ণ আধুনিক যুগতো এনেদৰে মূৰৰ ঘাম মাটিত পেলাই দুবাহুৰ শক্তিৰে শ্ৰম কৰি প্ৰাকৃতিক প্ৰত্যহ্বানকো নেওচি সেউজ বিপ্লৱৰ সূচনা কৰা এইসকল কৃষকে নিশ্চয়কৈ গঢ়ি তুলিছে এক অনুকৰণীয় আদৰ্শ।

কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপঃ পাহাৰৰ জুৰিৰ অপৰিস্কাৰ পানীৰে জীৱন নিৰ্বাহ কৰা গঞাৰ হাতত তুলি দিলে একোটাকৈ পানী ফিল্টাৰ

যোৱা বছৰৰ এনে সময়তে কলিয়াবৰৰ পূৱ প্ৰান্তত অৱস্থিত বাগৰিৰ এটা অঞ্চলৰ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ এক বাতৰি কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিল কলিয়াবৰৰ সংবাদকৰ্মীয়ে। দৈনন্দিন বাৰ্তাৰ পৃষ্ঠাতো স্থান পাইছিল সেই বাৰ্তাৰ। কালক্ৰমত দেখা গ’ল চৰকাৰখনে বিষয়টোত কোনো দৃষ্টি নিক্ষেপ নকৰিলে।

পৰৱৰ্তী সময়ত কলিয়াবৰ প্ৰেছ ক্লাবে চিন্তা কৰিলে যে, বিশুদ্ধ পানীৰ অভাৱত থকা অঞ্চলৰ লোকসকলৰ সুবিধাৰ বাবে কিবা এটা কৰাৰ। সেই চিন্তাৰ ফচলৰূপে বছৰৰ পাছত বছৰ ধৰি পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী জমা হৈ থকা খালৰ পৰা শোধন নকৰাকৈয়ে খাই জীৱন নিৰ্বাহ কৰি অহা কলিয়াবৰৰ বাগৰিৰ আমদাংগা আৰু পাহাৰগুৰি গাঁৱৰ একাংশ দৰিদ্ৰ পৰিয়ালক আজি কলিয়াবৰ প্ৰেছ ক্লাবে একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰে। কলিয়াবৰ প্ৰেছ ক্লাবৰ এই পদক্ষেপক গাঁওবাসীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে প্ৰেছ ক্লাবৰ এই উপহাৰৰ অনন্য আখ্যা দিয়ে ভুক্তভোগী পৰিয়ালকেইটাই।

কলিয়াবৰ মহকুমাৰ কুঠৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাগৰি সমীপৰ আমদাংগা আৰু পাহাৰগুৰি গাওঁ বাসীয়ে যুগ যুগ ধৰি পাহাৰৰ জুৰিৰ পানীকে শোধন নকৰাকৈয়ে সেৱন কৰি আহিছে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো কলিয়াবৰৰ এটা অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কথাই বৰ্তমান সময়ত ৰাজ্য চৰকাৰ খনৰ ফোপোলা স্বৰূপটো পুনৰ উদঙাই দেখুৱালে বুলি মন্তব্য কৰে সচেতন মহলে।

উল্লেখ্য যে, আজি বাগৰি অঞ্চলত পাহাৰগুৰি আৰু আমদাংগা গাওঁবাসীৰ ওচৰত উপস্থিত হয় কলিয়াবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, সভাপতি, উপ-সভাপতি, সম্পাদক ক্ৰমে তৰুণ মুক্তিয়াৰ, অমূল্য বৰা, গৌতম কুমাৰ বৰা, প্ৰাক্তন সভাপতি তপন শইকীয়া সদস্য আশীষ কুমাৰ শইকীয়া, পংকজ শইকীয়া, দিবাকৰ দাস প্ৰমুখ্যে পোন্ধৰ জনীয়া দলটো। এই উদ্দেশ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ উপ-বনাঞ্চলিক বিষয়া শান্তনু গগৈৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত কলিয়াবৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰত্যেক গৰাকী গাঁওবাসীক একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰা হয়। কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্য পংকজ শইকীয়াই আঁত ধৰা সভাখনিত ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰ, উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, প্ৰাক্তন সভাপতি তপন শইকীয়া, সম্পাদক গৌতম কুমাৰ বৰাৰ লগতে বন বিষয়া শান্তনু গগৈয়ে গাঁওবাসীৰ পানীৰ সমস্যা আৰু সমাধান প্ৰসংগত ভাষণ দিয়াৰ লগতে একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰে। এই কাৰ্যসূচীত বিশেষ ভাৱে সহযোগিতা কৰে গাঁৱৰে যুৱক ৰঞ্জু তাঁতী আৰু ওৱাৰ্ড সদস‍্যা দিপ্তী দাস চৌধুৰীয়ে।


গাঁও দুখনৰ ক্ৰমে অৱনী তাঁতী, গণেশ গগৈ, ৰাজু কৰ্মকাৰ, নিৰু শইকীয়া, সাগৰমণি তাঁতী, জীতেন তাঁতী, নন্দ চাওতাল, ৰুক্মিণী গুৱলা, কৃষ্ণ বৰা, যুগল গগৈ, মিনতি বৰ্মন, পুনম ঘোষ, অতুল তাঁতী, লীলা তাঁতী, ভগীৰথ কৰ্মকাৰ, শীলা কুৰুৱা, ভজন্তী তাঁতী, ৰঞ্জিত তাঁতী, হৰি তাঁতী, লালবাহাদুৰ ছেত্ৰী, সন্তোষ তাঁতীকে ধৰি প্ৰায় ৪০ টা পৰিয়ালক একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰা হয়।

কলিয়াবৰ প্ৰেছ ক্লাবে পানী শোধন কৰি খাবৰ বাবে এইয়া সামান্য ব‍্যৱস্থাৰে উন্নয়নৰ ফটাঢোল বজাই তৰণই নোপোৱা চৰকাৰখনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে। সকলোৱে আশা কৰে অতি কম দিনৰ ভিতৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগে যাতে বাগৰিৰ উক্ত গাঁও দুখনৰ লগতে সমীপৱৰ্তী অঞ্চলত বিশুদ্ধ খোৱা পানীৰ সু-ব‍্যৱস্থা কৰি পৰিয়াল কেইটা বিশেষকৈ গাঁও দুখনৰ উঠি অহা প্ৰজন্মক জীয়াই অধিকাৰ দিয়ে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া হ’ব লক্ষণীয়।

ধেমাজিত সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাৰ সফল সামৰণি

দেশ তথা ৰাজ্যৰ ভালেকেইগৰাকী দেহশ্ৰীবিদ, শৰীৰচৰ্চাবিদ, প্ৰতিযোগী আৰু ৱৰ্ল্ড এমেচাৰ বৰ্ডি বিল্ডিং এ’চছিয়েছনৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ধেমাজিত সফলতাৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতা৷

উৰিষ্যা, পাঞ্জাৱ, দিল্লী, পশ্চিমবংগ আৰু অসমকে ধৰি দেশৰ বচা-বছা প্ৰায় ৩০ গৰাকী দেহশ্ৰী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ‘মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই ক্লাছিক-২০২৪’ -শীৰ্ষক প্ৰথম বাৰ্ষিক মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে সুদুৰ উৰিষ্যাৰ সত্যজিত প্ৰতিহাৰীয়ে ৷ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা প্ৰতিযোগী সত্যজিত প্ৰতিহাৰীয়ে নগদ ১.৫ লাখ টকাৰ লগতে ট্ৰফি আৰু প্ৰমানপত্ৰ লাভ কৰে ৷

ইফালে প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ্ছআপৰ খিতাপ অৰ্জন কৰে গুৱাহাটীৰ সন্তোষ বড়োয়ে আৰু দ্বিতীয় ৰানাৰ্ছআপ বিবেচিত হয় যোৰহাটৰ ৰাজা দাসে ৷ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছআপ আৰু দ্বিতীয় ৰানাৰ্ছআপ খিতাপ অৰ্জন কৰা ক্ৰমে গুৱাহাটীৰ সন্তোষ বড়োৱে নগদ ৭৫ হাজাৰ আৰু ৰাজা দাসে নগদ ৫০ হাজাৰ টকাৰ লগতে ট্ৰফি আৰু প্ৰমানপত্ৰ লাভ কৰে ৷ ইফালে প্ৰতিযোগিতাত শীৰ্ষ স্থানপ্ৰাপ্ত ৭গৰাকী প্ৰতিযোগী ক্ৰমে দেৱজিৎ পেগু, কুশল কলিতা, ইন্দ্ৰ কুমাৰ, ৰাতুল গোঁহাই, সিদ্ধাৰ্থ বৰকাকতি, ওমপ্ৰকাশ নেৱাৰ আৰু শুভাঙ্কৰ দাসে নগদ ২০ হাজাৰ টকাকৈ প্ৰাইজমানি আৰু ট্ৰফি লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, অকালতে এক পথ দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে হেৰাই যোৱা ধেমাজিৰ প্রতিশ্রুতিসম্পন্ন শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ সোঁৱৰণীত অনুষ্ঠিত কৰা মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনি ধেমাজি কোলাপথাৰস্থিত সিদ্ধাৰ্থ বৰগোহাঁই ক্ষেত্ৰত সৰ্বাঙ্গসুন্দৰভাৱে অনুষ্ঠিত হয় ৷

প্রতিভাসম্পন্ন যুৱ শৰীৰচৰ্চাবিদ গৰাকীৰ প্ৰতি যথোচিত সন্মান জনোৱাৰ লগতে তেওঁৰ ক্রীড়া প্রতিভাক যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে তেখেতৰ পিতৃ, বিশিষ্ট সমাজকৰ্মী মুহি বৰগোহাঁই তথা পৰিয়ালবৰ্গই World Amature Body Building Association চমুকৈ WABBA পৰিচালনাত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগীতাখনি আয়োজন কৰে৷

এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ পুৱা সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী স্মৃতিসৌধ উন্মোচনেৰে শুভাৰম্ভ হয় ৷ কাৰ্যসুচীত প্ৰয়াত সিদ্ধাৰ্থ বৰগোহাঁই ন্যাসৰ পতাকাৰ লগতে WABBAৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পতাকা সমান্তৰালভাৱে উত্তোলন কৰাৰ পিছতেই শৰীৰচৰ্চা সম্পৰ্কীয় এখনি গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷

ৰাজ্যৰ জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে সঞ্চালনা কৰা আলোচনাচক্ৰ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ বৰগোহাঁইয়ে ৷ আলোচনাচক্ৰত কটন বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ৰাতুল ৰাজখোৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিন ড° যোগেন কলিতা, WABBAৰ ৰাষ্ট্ৰীয় সম্পাদক সঞ্জীৱ ঝা, দিল্লী ৰাজ্যিক WABBAৰ সভাপতি সুবোধ ঝা, ৰাজ্যিক WABBAৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰ, ৰাজ্যিক সম্পাদক গৌতম কলিতা, বিশিষ্ট শৰীৰচৰ্চাবিদ, অভিনেতা ভাস্কৰ তামুলী, মিষ্টাৰ এছিয়া-২০১৭ৰ খিতাপপ্ৰাপ্ত দীপক গগৈ, মাষ্টাৰছ্ ইউনিভাৰ্চ সমীৰ পাল প্ৰমুখে কেইবাগৰাকীও শৰীৰচৰ্চাবিদ আৰু সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ ইপিনে সন্ধিয়াভাগত প্ৰয়াত সিদ্ধাৰ্থ বৰগোহাঁইৰ জীৱনৰ আধাৰত ৰচিত সোঁৱৰণী গীত উন্মোচন, ‘সিদ্ধাৰ্থ’ শীৰ্ষক স্মৰণিকা উন্মোচন আৰু সোঁৱৰণিমুলক তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ পিছতেই মুল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে উদ্বোধন কৰা প্ৰতিযোগীতাত প্ৰতিযোগীসকলে আকৰ্ষণীয় দেহসৌস্তৱ প্ৰদৰ্শন কৰি উপস্থিত ক্ৰীড়াপ্ৰেমী দৰ্শকক আকৃষ্ট কৰে ৷

সমগ্ৰ শিক্ষা, মাজুলী শিক্ষাখণ্ডৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপন

সমগ্ৰ শিক্ষা, মাজুলী শিক্ষাখণ্ডৰ উদ্যোগত আলিমূৰ দক্ষিণপাট কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰে I বিশ্ব ব্ৰেইল দিৱসৰ লগত সংগতি ৰাখি সৰ্বাত্মক খেল-ধেমালি পুৱা ৯:০০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় I

বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলেও প্ৰত্যেক খেল-ধেমালিত অংশগ্ৰহণ কৰি পূৰ্ণ সহযোগিতা আগবঢ়ায় I দুপৰীয়া ১২:০০ বজাৰ পৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়ক সৌৰভ বৰফুকনৰ সভাপতিত্ব সম্বৰ্দ্ধনা আৰু পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হয় I

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সৰ্বাত্মক শিক্ষা,মাজুলী শিক্ষাখণ্ডৰ ব্যক্তি ৰমেন বৰুৱাই I বিশিষ্ট অতিথি ক্ৰমে- বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ,ৰাৱনাপাৰৰ অধ্যক্ষ তপন শইকীয়া , খণ্ড সমল ব্যক্তি অৰিন্দম শইকীয়া, মণ্ডল সমন্বয়ক মনোজ্যোতি ৰেগন,ডম্বৰুধৰ নাথ আৰু আলিমূৰ কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুবুল শইকীয়াই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে I

সভাত সমল ব্যক্তি ক্ৰমে – সুনিল শইকীয়া , বিশ্বজিৎ দত্ত,মহেন্দ্ৰ বৰা আৰু ১৬৯ নং কুলি চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য টায়ে উপস্থিত থাকে I বিশ্ব ব্ৰেইল দিৱসৰ লগত সংগতি ৰাখি সৰ্বাত্মক শিক্ষাৰ বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশত সহযোগিতা আগবঢ়াই অহা মাজুলী শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলৰ ভিতৰত শ্ৰেষ্ঠ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হিচাপে মনোজ্যোতি ৰেগন আৰু শ্ৰেষ্ঠ প্ৰধান শিক্ষক হিচাপে অমূল্য টায়েক মানপত্ৰ ,গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায় I

ইয়াৰ পিছতে পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে I সভাপতিৰ মন্তব্যৰ পিছতে জাতীয় সংগীত পৰিৱেশন কৰি সভা ভংগ ঘোষণা কৰে I

ৰহাত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ পদযাত্ৰা কাৰ্যসূচী

ৰহাত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ পদযাত্ৰা কাৰ্যসূচী। যোৱা ২৭ডিচেম্বৰৰ পৰা বিজেপিৰ অনুসূচীত জাতি মৰ্চাই ৰাজ্যজুৰি চলোৱা পদযাত্ৰাৰ অংশস্বৰূপে ৰহাতো দুদিনীয়াকৈ এই পদযাত্ৰা অনুষ্ঠিত কৰে।

ৰহাতো বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়াৰ উদেশ্যে মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰৰ নেতৃত্বত চলোৱা এই পদযাত্ৰাৰ শেষত বৃহস্পতিবাৰে ৰহা পুৰণা চাৰিআলিত অনুষ্ঠিত কৰা হয় এক জনসভা।

জনসভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। জনসভাখনত ভাষণ দি ৰাজ্যিক সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত হোৱা দেশ তথা অসমৰ উন্নয়নৰ এক খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ বিবৰণো দাঙি ধৰে।

আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয় হ’ব বুলি মন্তব্য কৰি এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ ভাৰততে বিজেপিয়ে ইতিহাস ৰচিব বুলিও মন্তব্য কৰে। ডিমা হাচাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো বিজেপিয়ে আটাইকেইখন আসন লাভ কৰিব বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।


জনসভাখনত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৰহা সমষ্টিৰ ২৫গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই জনসভাতে অসম জাতীয় পৰিষদৰ অৰ্ধ শতাধিক কৰ্ম-কৰ্তাই ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

সংৰক্ষণ-দায়বদ্ধতা আৰু পৰিবেশ চেতনাবোধৰ অনন্য গ্ৰন্থঃ কোলাহল আৰু নীৰৱতাৰ সিপাৰে

পৰিৱেশৰ মনোমোহা কথাৰে সজোৱা কাহিনীবোৰ পঢ়ি আমি ভাল পাওঁ। সংৰক্ষণৰ কথাবোৰ পঢ়ি ভাল নম্বৰ লৈ জীৱনত সফল হওঁ যদিও প্ৰায়ে সেই সংৰক্ষণ আৰু দায়িত্বৰ কথাবোৰ পাহৰি থাকোঁ। ইয়াৰ মূলতে হ’ল আমাৰ দায়বদ্ধ গুণৰ বিষয়ে জানিলেও ইয়াৰ কাৰ্যকৰী জ্ঞান নথকাটো। ধৰক আপোনালোকৰ গাঁওখনৰ মাজলৈ পথ হেৰুৱাই হঠাতে কেইটামান পহু আহিল।

হঠাতে অহা এই পহুকেইটাক দেখা পালে আমি বাৰু কি কৰিম? কেপচাৰ মায়’পেথি নামৰ কাৰকবিধে এইক্ষেত্ৰত ভয়ংকৰভাৱে ক্ৰিয়া কৰিব পাৰে। তেন্তে ইয়াৰ বাবে আমি কি কৰা উচিত? পৰিবেশ সুৰক্ষাৰ বাবে আমি বহুত কথা ক’লোঁ। বহু ভাষণ দিলোঁ। এতিয়া কাম কৰাৰ সময়। এই কাম আমি কেনেদৰে কাৰ সৈতে কৰিব পাৰিম? ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত চাৰিকড়ীয়া নদীৰ পাৰৰ জীৱ বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে কাম কৰি আছে মানস, বিমান, ৰণ্টু, ধ্ৰুৱ, ধৰ্মেশ্বৰ সৈতে? কি শিকিবলগীয়া আছে তেওঁলোকৰ পৰা? মানুহ প্ৰকৃতিৰ উপাসক। প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকে এটা জাতীৰ স্বকীয়তা, জাতীয় পৰম্পৰা। এই পৰম্পৰাই গঢ় দিয়ে লোকসাংস্কৃতিক ঐতিহ্য।

তেনে লোক পৰম্পৰাৰ সৈতে সম্পৰ্ক থাকে নদী, পাহাৰ, জলপ্ৰপাত আদিৰ…। এনে কি পৰম্পৰাৰে গঢ় লৈ উঠিছে চিৰকি জলপ্ৰপাতৰ ঐতিহ্য জানিবলৈ মন নাযায়নে? নাৰী প্ৰকৃতিৰ দৰে। প্ৰকৃতিৰ দৰে নাৰীও আমাৰ উপাস্য। পৃথিৱীৰ বহু ঠাইত নীৰৱে পৰিৱেশ সংৰক্ষণৰ হকে কেনেদৰে কাম কৰি আছে?

অসমত পক্ষী অধ্যয়নৰ ঐতিহ্য আৰু পৰম্পৰাৰ কথাবোৰ জানিবলৈ মন নাযায়নে? প্ৰথমজন অসমীয়া পক্ষীবিদ বুলিলে আমি প্ৰফুল্ল দত্ত গোস্বামীৰ কথা বুজোঁ। কিন্তু তেওঁৰ অধ্যয়নৰ কোনবোৰ দিশ পৰ্যবেক্ষণ কৰি এই অভিধা দিয়া হৈছে? চিঁয়া নাহৰ।

লখিমপুৰৰ দুলুঙৰ ঐতিহ্য স্বৰূপ চিঁয়া নাহৰৰ বৈজ্ঞানিক নামৰ সৈতে জড়িত হৈ আছে অসমৰ নাম। মেচুৱা আচামিকা নামেৰে সৰ্বজনবিদিত এই নাহৰৰ অতীত বুৰঞ্জীৰ বিষয়ে জানিবলৈ আমি জানিব লাগিব লখিমপুৰৰ বন বৈচিত্ৰ্যৰ কথা। শগুন। প্ৰকৃতিৰ জমাদাৰস্বৰূপ এই পক্ষীবিধ সংৰক্ষণৰ বাবে কেনেদৰে কাম হৈ আছে। কেনেদৰে অসমৰ লোকপৰম্পৰাৰ সৈতে জড়িত হৈ আছে ভাৰতীয় সাংস্কৃতিক বৈচিত্ৰ্য। পৰিৱেশ চেতনাবোধ আৰু সংৰক্ষণৰ এনে বহু কথাৰ মাজত বিচৰণ কৰিবলৈ আৰু জানিবলৈ আপুনি হাতত তুলি ল’ব লাগিব এখন কিতাপ। যিখন কিতাপৰ নাম হ’ল- ‘কোলাহল আৰু নীৰৱতাৰ সিপাৰে’।

পাঞ্চজনে বুকছে প্ৰকাশ কৰা এই গ্ৰন্থখন লিখিছে মানস প্ৰতিম দত্তই। অসমৰ পৰিৱেশ-প্ৰকৃতি সংৰক্ষণৰ হকে নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা লেখক দত্তই নৱতম গ্ৰন্থ ‘কোলাহল আৰু নীৰৱতাৰ সিপাৰে’ সম্পৰ্কে কয় যে, ইয়াত পৰিৱেশ সাহিত্যৰ নব্যধাৰা ইক’ট্ৰেভেল’জিৰ সম্যক ধাৰণা দিব পৰাকৈ মনোৰম কাহিনীৰ কেইবাটাও ট্ৰেভেল ষ্ট’ৰী অন্তৰ্ভুক্ত কৰাৰ লগতে বন্যপ্ৰাণী উদ্ধাৰৰ বহুতো প্ৰত্যক্ষ অভিজ্ঞতাৰ ইতিবাচক কাহিনী সংকলিত হৈছে।’ ইক’ট্ৰেভেল’জিৰ লগতে ইয়াত সংযোজিত সৌম্যদ্বীপ দত্ত, ড° নৱ কুমাৰ চমুৱা, যুগল সন্দিকৈ আৰু হীৰেণ দত্তৰ তথ্যসমৃদ্ধ আৰু বাস্তৱজ্ঞান সমৃদ্ধ সাক্ষাৎকাৰ কেইটিয়ে গ্ৰন্থখনক সোণত সুৱগা চৰাইছে। গ্ৰন্থখনৰ মূল্য ২৫০ টকা। এই মূল্যৰ বিপৰীতে পাঠকে পাব অনেক মূল্যবান আৰু পৰিৱেশ দায়িত্ববোধৰ নৈতিকতাৰ সম্ভাৰ।