আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন৷
পুৱাৰ পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।
পুৱাই ভোটদান কৰিলে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই।
নিৰ্বাচনৰ সময়তে ১৪টা ভোটকেন্দ্ৰ-বিদ্যালয়ত সংঘটিত হয় হিংসাত্মক ঘটনা।
আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন৷
পুৱাৰ পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।
পুৱাই ভোটদান কৰিলে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই।
নিৰ্বাচনৰ সময়তে ১৪টা ভোটকেন্দ্ৰ-বিদ্যালয়ত সংঘটিত হয় হিংসাত্মক ঘটনা।
সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰসন্থাৰ ধেমাজি জিলা সমিতিৰ ৯মদ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলশ্ৰুতিত আৰু গতিশীল নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত দ্ৰুত প্ৰগতি আৰু সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে ধেমাজিত অনুষ্ঠিত সদৌ অসম সোণোৱালক ছাৰীছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।অনুষ্ঠানত সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীডাঙৰীয়াৰ গতিশীল নেতৃত্বত দেশখনদ্ৰুত গতিত আগবাঢ়িছে। এই বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে ই দেশৰ প্ৰতিটো প্ৰান্তকে সামৰি লৈছে। মোদীৰ অনুপ্ৰেৰণাদায়ক নেতৃত্বত দেশত সুশাসন ব্যৱস্থা কাৰ্যকৰী হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতা আৰু সদিচ্ছাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিত এক নতুন দিগন্তৰ সূচনা হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত এই বৃহৎ অঞ্চলটো যথেষ্ট পিছপৰি আছিল। প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ সংখ্যক ভ্ৰমণৰ সৈতে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ জীৱনত আমূল পৰিৱৰ্তনৰ সূচনা হোৱাৰ লগতে ৰাইজৰ আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। ‘মোদী কি গেৰাণ্টি’ৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সবৰীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জনধন যোজনা, স্কিল ইণ্ডিয়া, মেকইনইণ্ডিয়া, ষ্টাৰ্ট-আপ্ইণ্ডিয়া, ডিজিটেলইণ্ডিয়া, উজ্জ্বলাযোজনা, আয়ুষ্মানভাৰত, স্বচ্ছভাৰতঅভিযান, জলজীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ৯বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে। “ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত হোৱা ক্ষিপ্ৰতৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, “ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত সৰ্বাংগীণ বিকাশৰ যথেষ্ট সম্ভাৱনা থকা স্বত্বেও কংগ্ৰেছ চৰকাৰৰ অন্ধকাৰ যুগত দশকদশক জুৰি অৱহেলিত হৈ আছিল সমগ্ৰ অঞ্চলটো। কিন্তু মোদীডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰলৈ সামগ্ৰিক প্ৰগতি আৰু উন্নয়ন অনাৰ নিৰন্তৰ প্ৰয়াস কৰাৰ বাবে সমগ্ৰ অঞ্চলটোৱে এতিয়া বিকাশৰ এক নৱজাগৰণৰ সাক্ষী হৈছে। কংগ্ৰেছৰ দিনত দশকদশক জুৰি দুৰ্নীতি, শোষণ আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদীচৰকাৰে ইতিমধ্যে ৫ লাখ কোটি টকাতকৈও অধিক অনুদান আগবঢ়াইছে।”সোণোৱালে লগতে কয়, “অসমৰ এটি শক্তিশালী জনগোষ্ঠী সোণোৱাল কছাৰীৰ লোকসকলে ৰাজ্যখনৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। জনগোষ্ঠীটোৰ সৰ্বাংগীণ উত্তৰণৰ ক্ষেত্ৰত ১৯৬৮ চনৰ জন্মলগ্নৰ পৰাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত আজি অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত হৈছোঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে বিকশিত কৰাৰ দিশত আগৰণুৱা হৈ কাম কৰি যাবলৈ ছাত্ৰ সংগঠনটোৰ লগতে জনগোষ্ঠীটোৰ সকলোকে আন্তৰিক আহ্বান জনালোঁ। “অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল তথা বিশিষ্ট ব্যক্তিসকল।
জামুগুৰিহাটৰ লগতে নদুৱাৰৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা গৰু-ছাগলী চুৰি, অবৈধ সুৰা-জুৱা আদি অসামাজিক কাম কাজ আৰু উদণ্ড বাইক চালকৰ বিৰুদ্ধে শনিবাৰে নদুৱাৰ নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা৷
জামুগুৰিহাটৰ বাপুজি ভৱনত অনুষ্ঠিত নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি জগত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়ক বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকি অসামাজিক এই কাম কাজ সমুহৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ মাৰ বান্ধি থিয় দি এই কু কাৰ্যসমুহ নিৰ্মুল কৰিবৰ বাবে বক্তব্য প্ৰদান কৰে৷
বিধায়ক হাজৰিকাই কয় যে সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ লগতে কাষৰীয়া অঞ্চলসমুহত সংঘটিত এই অ সামাজিক কাম কাজবোৰ আমি এক হৈ আতৰ কৰি উঠি অহা প্ৰজন্মক সঠিক বাট দেখুৱাব লাগিব৷

এইক্ষেত্ৰত প্ৰশাসনো অধিক কঠোৰ হোৱাৰ মতপোষন কৰে বিধায়কগৰাকীয়ে৷সভাৰ অন্তত অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা এই গৰু ছাগলী চুৰি, দিন ডকাইতি, অবৈধ সুৰা, জুৱা, উদণ্ড যুৱকৰ বাইক ষ্টান্ট আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি জামুগুৰি আৰক্ষী থানাত উপস্থিত হৈ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে কেবাটাও দাৱী সম্বলিত এখন স্মাৰক পত্ৰও শোণিতপুৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে নদুৱাৰ নাগৰিক মঞ্চই৷
২ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ক শনিবাৰে বিয়লি ৪ বজাত চূড়ান্ত গন্তব্য কক্ষপথ লেগ্ৰেঞ্জ-১ পইণ্টত সফলতাৰে স্থাপন কৰিবলৈ সক্ষম হয়। পৃথিৱী আৰু সূৰ্য্যৰ মহাকৰ্ষণ শক্তিৰ ভাৰসাম্যতা থকা বিন্দুটোৱেই হৈছে লেগ্ৰেঞ্জ-১ বিন্দু। এই বিন্দুটো পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বত, যিটো সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ এক শতাংশহে।
ইছৰোৱে ২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ প্ৰথমটো সৌৰ অভিযান আদিত্য-এল১ উৎক্ষেপণ কৰিছিল। এই অভিযানৰ লক্ষ্য হৈছে পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু (L1)ৰ চাৰিওফালে থকা কক্ষপথৰ পৰা সূৰ্য্যক পৰ্যবেক্ষণ কৰা।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ইছৰোক অভিনন্দন জনায়। তেওঁ লিখিছে, ‘আমাৰ বিজ্ঞানীসকলৰ অক্লান্ত কৃতিত্বৰ আন এক প্ৰমাণ। ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আজি সফলতাৰে গন্তব্যস্থানত উপস্থিত হয়।

এই সুখৰ মুহূৰ্তটো আজি মোৰ দেশবাসীৰ সৈতে ভাগ কৰি লৈছো। বিজ্ঞানৰ এই অগ্ৰগতি আমি ভৱিষ্যতে মানৱতাৰ স্বাৰ্থত আৰু অধিক আগুৱাই লৈ যাম”।
গুৱাহাটীৰ এক সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিক দীপাংকৰ মেধিক আজি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহে দুব্যৱহাৰ কৰা কাৰ্যক তীব্র গৰিহণা দিছে জার্নেলিষ্ট ইউনিয়ন অৱ আসাম (জুৱা)-ৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিত কুমাৰ দাসে। জুৱাৰ এক বিবৃতিত প্ৰকাশ যে আযুক্ত শ্বাহৰ অভব্য আচৰণৰ সন্মুখীন হোৱা সাংবাদিক দীপাংকৰ মেধিৰ স’তে হোৱা টেলিফোনিক বার্তালাপত তেওঁ জনোৱা মতে আয়ুক্তগৰাকীয়ে নিজে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অতি অভব্য আচৰণ কৰে।

তদুপৰি তেওঁৰ নিৰাপত্তাৰক্ষীয়ে সাংবাদিকজনক লৰচৰ কৰিব নোৱাৰাকৈ ঘেৰি ধৰাৰ উপবি তেওঁলোকৰ কেমেৰাও কাঢ়ি লয়। আয়ুক্তৰ এনে আচৰণ ইয়াতে ক্ষান্ত থকা নাছিল। পৰৱর্তী পর্যায়ত ক্ষমতাৰ বল প্রদর্শন কৰি আয়ুক্তৰ নির্দেশত আৰক্ষীয়ে দীপাংকৰ মেধিক গাত ঠেলি-হেচি নগাঁৱৰ সদৰ থানালৈ লৈ যায়। লক্ষ্যণীয়ভাবে থানাত উপস্থিত হয় জিলাখনৰ আৰক্ষী অধীক্ষকজনো আৰু সাংবাদিকজনক সোধপোছ কৰে। সদৰ থানাত দীর্ঘ সময় ধৰি সাংবাদিকজনক বহুৱাই থোৱা হয়।

আৰক্ষী প্রশাসনৰ সাংবাদিকৰ বিৰুদ্ধে এনে নির্যাতনৰ ঘটনাক জুৱাই তীব্র গৰিহণা দিয়াব লগতে গভীৰ উদ্বেগ প্রকাশ কৰে আৰু এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ প্রশাসনক সকীয়াই দিয়ে। তদুপৰি নির্যাতনৰ ঘটনাৰ স’তে জড়িত থকাসকলক কঠোৰ শাস্তি বিহিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনায়। ইপিনে, এক বিবৃতিত সাংবাদিক নির্যাতনৰ এই ঘটনাৰ তীব্ৰ গৰিহনা দি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ইণ্ডিয়ান জাণেলিষ্ট ইউনিয়নে।
শুকুৰবাৰে নগাওঁ জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ অপদস্থৰ সন্মুখীন হয় NB newsৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক কেৱল প্ৰশ্ন কৰাৰ বাবেই অপদস্থ সাংবাদিক গৰাকীক ।

লগতে সাংবাদিক গৰাকীৰ কেমেৰাও জব্দ কৰাৰ অভিযোগ । কৰ্তব্যৰত অৱস্থাত সাংবাদিক গৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।

শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে ।
সকলোৰে বিচাৰে নিজৰ ছালখন ধুনীয়া কৰি ৰাখিবলৈ দৈনিক ফল খোৱাৰ লগতে ফলৰ বাকলি সমূহ আপোনাৰ ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে। কিছুমান ফল আছে যিবোৰ ফল স্বাস্থ্যৰ লগতে ছালৰ বাবেও অতি উপকাৰী। জানো আহক কোনবোৰ ফলে আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰে-
কমলা অতি উপকাৰী। কমলা টেঙাত ভিটামিন চি, এন্টিঅক্সিডেন্ট, ফাইবাৰ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। কমলাই শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও কমলাৰ বাকলি ছালৰ বাবে উপকাৰী। বাকলিত ভিটামিন চি আৰু চাইট্ৰিক এচিড থাকে যিয়ে ছালৰ বাবে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই বলিৰেখা কমাই ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে।
কলৰ উপকাৰিতা সকলোৱে জানে কিন্তু কলৰ বাকলি উপকাৰিতাৰ বিষয়ে জানেন। কল পকিলে তাৰ বাকলি ভালদৰে পিহি লওক। তাৰ পিছত এই পেষ্টটো মুখ আৰু হাতত লগাব। কিছু সময়ৰ পাছত এই পেষ্ট শুকাই গ’লে গৰম পানীৰে পৰিষ্কাৰ কৰি হাতেৰে লাহে লাহে মালিচ কৰি লওক। এইদৰে মালিচ কৰিলে আপোনাৰ ছালখন কোমল আৰু জিলিকিবলৈ আৰম্ভ কৰিব। কলৰ বাকলিত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু জিংকৰ দৰে উপাদান পোৱা যায় যিয়ে ছালখনক সুস্থ কৰি ৰাখে। গতিকে কলৰ বাকলিৰে মুখ আৰু ছাল উভয়ৰে সৌন্দৰ্য বৃদ্ধি কৰিব পাৰি।
অমিতা খোৱা যিমানেই সুস্বাদু আৰু উপকাৰী নহওক কিয়, ছালত অমিতাৰ বাকলি লগালে আৰু বহু উপকাৰ পোৱা যায়। অমিতাৰ বাকলিত পেপেইন নামৰ এটা প্ৰাকৃতিক এনজাইম পোৱা যায়। এই এনজাইমে ছালৰ পৰা মৃত আৰু ক্ষতিগ্ৰস্ত কোষবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই নতুন আৰু সুস্থ কোষ গঠনত সহায় কৰে। অমিতা বাকলি পিহি মুখত লগালে ক্ৰমান্বয়ে দাগবোৰ নাইকিয়া হৈ ছালখন কোমল আৰু চিকচিকিয়া হৈ পৰে। নিয়মিতভাৱে অমিতা বাকলি ব্যৱহাৰ কৰিলে ছালৰ লগত জড়িত বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেয়েহে অমিতা খোৱাৰ লগতে ইয়াৰ বাকলিৰও আছে বহু সুবিধা।
আপেল এটা সুস্বাদু আৰু স্বাস্থ্যকৰ ফল যিটো আমি প্ৰায় প্ৰতিদিনে খাওঁ। আপেলৰ বাকলিত এনে বহু গুণ পোৱা যায় যিয়ে মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পাৰে। আপেলৰ বাকলিত এন্টিঅক্সিডেন্ট আৰু এন্টি এজিং গুণ প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবোৰে ছালৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু সুস্থ কৰি ৰাখে। অমিতা বাকলি পিহি ফেচ পেক হিচাপে মুখত লগালে বলিৰেখা আৰু ৰেখা কমিবলৈ আৰম্ভ কৰে। ই ছালখন টান, সতেজ আৰু মিহি কৰি ৰখাত সহায় কৰে।
হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত ধনুহাৰ বস্থি প্ৰাথমিক বিদ্যালয়ত চাদেন ভিজিট মন্ত্ৰী পৰিমল সুক্লবৈদ্যৰ। তেনে সময়ত হোজাই জিলাৰ পৰিমল শুক্লবৈদ্যই গুণ উৎসৱৰ চলি থকা অৱস্থাত পৰিদৰ্শন কৰিলে যোগিজন শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়।
ছাত্ৰ ছাত্ৰীৰ লগত একেখন ব্ৰেঞ্চত বহি ছাত্ৰ-ছাত্ৰীৰ লগত পৰীক্ষা লোৱা পৰিলক্ষিত হয়। মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ এটি ভাস্যত তেওঁ স্পষ্ট কৰে যে বেচৰকাৰী বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়তহে গুণগত শিক্ষাৰ্থী ওলাই আহিবলৈ সক্ষম হয়। সেই বাবে চৰকাৰী বিদ্যালয়ত কেতিয়াও শিক্ষাৰ মানদণ্ড কম নহয়।
সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ ৷

যোৰাবাট আৰক্ষীয়ে আটক কৰে ৰঞ্জিত দত্তৰ পুত্ৰ দ্বীপজ্যোতি দত্তসহ ৩ জন যুৱকক ৷

নিশা সুৰাপান কৰি ফৰছুনাৰ গাড়ী চলাই আহিছিল দ্বীপজ্যোতি দত্তই৷
২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ছোৱাত ঘৰৰ ভিতৰতে মুছলমান লোকসকলক থাকিব লাগে বুলি বিতৰ্কিত মন্তব্য আজমলৰ।
এক অনুষ্ঠানত ২০ তাৰিখৰ পৰা ২৫ তাৰিখলৈ মুছলমান লোকসকলক ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান জনালে আজমলে।
এক অনুষ্ঠানত আজমলে কয়, ‘আমাৰ মুছলমান ভাইসকলে ২০ৰ পৰা ২৫ তাৰিখ পৰ্যন্ত ৰে’লত ভ্ৰমণ নকৰিব। এই যে ৰাম জন্মভূমিৰ মূৰ্তি ৰখা হ’ব, ৰামৰ মূৰ্তি ৰখা হ’ব, গোটেই পৃথিৱীয়ে চাই থাকিব। গাড়ী, বাছ, ট্ৰেইন, ফ্লাইট সকলোতে মানুহে মানুহ থাকিব। বিজেপিৰ পৰিকল্পনা বহু ডাঙৰ। আমি শান্তি-সম্প্ৰীতি বজাই ৰখাই লাগিব, সেইবাবে এইকেইদিন ৰে’লত যাব নালাগে।’

বদৰুদ্দিন আজমলে কয়, ‘এইকেইটা দিন ঘৰত থাকক, শান্তিত থাকক। আল্লাহৰ ওচৰত দোৱা কৰি থাকক। বিজেপি আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। প্ৰাণৰ শত্ৰু, ভাতৰ শত্ৰু, আজানৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু, মছজিদৰ শত্ৰু, ইছলামিক আইনৰ শত্ৰু, তালাকৰ শত্ৰু।’