Home Blog Page 1140

নাজিৰাত পঞ্চমবৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুনোৎসৱ…

ৰাজ্যত অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুনোৎসৱ । ৰাজ্যৰ মুঠ ১২ খন জিলাক সামৰি অনুষ্ঠিত কৰা প্ৰথম পৰ্যায়ৰ গুনোৎসৱৰ আজি বিদ্যালয়সমূহত বহিঃমূল্যায়কৰ নিৰীক্ষণত বহিঃমূল্যায়ন কৰা হৈছে।

আন আন জিলা সমূহৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ ৩৫৯ খন বিদ্যালয়ত অনুষ্ঠিত হৈছে বহিঃমূল্যায়ন। ৬ জানুৱাৰীত সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ গুনোৎসৱৰ।

চৰাইদেউ সাপেখাতীৰ আটাল কঠিয়া খুণ্ডা মধ্য অসমীয়া বিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

চৰাইদেউ সাপেখাতী শিক্ষা খণ্ডৰ অধীনৰ অন্যতম এক শিক্ষানুষ্ঠান আটাল কঠিয়া খুণ্ডা মধ্য অসমীয়া বিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰে ৷ ১৯৬০ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা গ্ৰহণ কৰা বিদ্যালয়ৰ খনৰ প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক নৰেন গগৈয়ে ৷

পতাকা উত্তোলনৰ পাছতেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা সকলে ৰাজপথৰ মাজেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ৷

পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ এই ৫ টা বস্তু ৰাতিপুৱাই খোৱাৰ অভ্যাস গঢ়ি তোলক…

বহুতৰে পেট পৰিষ্কাৰ নহয়। যাৰ বাবে পেটৰ পেশীবোৰ দুৰ্বল হৈ পৰে। পাচন শক্তিও অতি দুৰ্বল হৈ পৰে। যদি আপুনি ৰাতিপুৱা পেট সম্পূৰ্ণ পৰিষ্কাৰ হোৱাটো বিচাৰে তেন্তে কিছুমান বস্তু খাব লাগিব। ৰাতিপুৱা পেট পৰিষ্কাৰ হোৱাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ পেট পৰিষ্কাৰ নহয় তেন্তে ৰাতিপুৱা বহুত পানী খাব লাগে। ইয়াৰ ফলত শৰীৰৰ পৰা মলি আঁতৰি যায়-

নিমখীয়া পানী

ৰাতিপুৱা পেট পৰিষ্কাৰ কৰিবলৈ নিমখীয়া পানী খাব লাগে। ইয়াৰ লগে লগে আপোনাৰ কেতিয়াও গেছ আৰু পেট ফুলাৰ সমস্যা নহয়।

ফলমূল আৰু শাক-পাচলিৰ ৰস

ৰাতিপুৱা ফলমূল আৰু শাক-পাচলিৰ ৰস খাব লাগে। ইয়াৰ লগে লগে আপোনাৰ শৰীৰটো গোটেই দিনটো যথেষ্ট ফিট হৈ থাকে আৰু পেট পৰিষ্কাৰ হ’ব।

পদিনা পানী

যদি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে পেটত বিষ হ’বলৈ ধৰে, তেন্তে পদিনা পানী খাব লাগে। ইয়াৰ ফলত পেট পৰিষ্কাৰ হয় আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনাও কম হয়।


ৰঙিয়া থানাত দুৰ্নীতি নিবাৰক শাখাৰ জালত SI ইবো তম্বি সিনহা…

ৰঙিয়া থানাত দুৰ্নীতি নিবাৰক শাখাৰ জালত SI ইবো তম্বি সিনহা

পাঁচ হেজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে ৰঙিয়া থানাৰ SI য়ে

আৰক্ষীয়ে আৰক্ষীৰ সাক্ষী দিয়াৰ বাবে অহা যোৱা খৰচৰ বাবদ বিচাৰিছিল উৎকোচ

সাত জনীয়া দুৰ্নীতি নিবৰক শাখাৰ এটি দলে হাতে লুটে ধৰিলে আৰক্ষী বিষয়া গৰাকীক

উপ পৰিদৰ্শক জনৰ দুবছৰৰ আছিল চাকৰি কাল

উপ পৰিদৰ্শক জনৰ ঘৰ শিলচৰত

সম্প্ৰতি ৰঙিয়া থানাৰ ভিতৰৰ জেৰা অব্যাহত ৰাখিছে SI গৰাকীক

ৰাম মন্দিৰ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

ৰাম মন্দিৰ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি।

সামাজিক মাধ্যমযোগে এই ভাবুকি প্ৰদান। ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ।

অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চৰ দলে ।

অযোধ্যা ৰাম মন্দিৰঃ সোণৰ দুৱাৰ, মাৰ্বলৰ ৰামলালা, বন্তিও হ’ব বিশেষ, সৃষ্টি কৰিব বিশ্ব অভিলেখ…

অযোধ্যা ৰাম মন্দিৰঃ ২২ জানুৱাৰীত ৰামলালাৰ অভিষেকৰ শুভ সময়। ৰাম মন্দিৰক অতি মনোমোহা ৰূপত সজাই-পৰাই তোলা হৈছে। আপোনালোকক কওঁ যে ৰাম মন্দিৰৰ মুঠ ৪৪টা দুৱাৰ আছে, ইয়াৰে ১৪টা দুৱাৰত সোণ আৰু ৰূপৰ আৱৰণ দিয়া হৈছে।

ভক্তসকলে ৰাতি চন্দ্ৰৰ পোহৰত ভগৱান শ্ৰীৰামক চাব পাৰিব। ইয়াৰ উপৰিও ২২ জানুৱাৰীৰ শুভ উপলক্ষে তুলসীবাৰী ৰামঘাটত ত্ৰেতাযুগিন বন্তি প্ৰজ্বলন কৰা হ’ব। এই বন্তি জ্বলাবলৈ প্ৰায় ২১ কুইণ্টল তেলৰ প্ৰয়োজন হ’ব। ২৮ মিটাৰ ব্যাসৰ এই বন্তিয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক…

শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক! দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ আশে-পাশে বৃদ্ধি নিৰাপত্তা। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ইডিয়ে জাৰি কৰা তিনিটাকৈ চমন অগ্ৰাহ্য কৰিছিল। আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ মাজতে দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিষয়াগৰাকীক কেন্দ্ৰ কৰি নিৰাপত্তা বৃদ্ধি কৰিছে। গ্ৰেপ্তাৰৰ এলাৰ্ম উত্থাপন কৰে আপৰ মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজে।


দিল্লী আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ইডিয়ে জাৰি কৰা কেইবাটাও চমন এৰি দিছে কেজৰিৱালে। দিল্লী আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইতিমধ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে মনীষ চিছ’দিয়া আৰু সঞ্জয় সিঙৰ দৰে আপ নেতাক। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)লৈ লৈ দিল্লীৰ আইন আৰু পি ডব্লিউ ডি মন্ত্ৰী আতিছিয়ে কয় যে, “কাইলৈ পুৱা ই ডিয়ে অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অভিযান চলাব বুলি খবৰ আহি আছে। গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে।” আতিশীৰ পদৰ পিছত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজেও একেধৰণৰ দাবী উত্থাপন কৰে। এক্সত ভৰদ্বাজে কয় যে কাইলৈ পুৱা ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ওলাইছে।”


২০২৪ বৰ্ষৰ তিৱা বীৰ ৰজা জোঙাল বলহু বঁটা প্ৰদান বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক

২০২৪ বৰ্ষৰ তিৱা বীৰ ৰজা জোঙাল বলহু বঁটা প্ৰদান চলচ্চিত্ৰ নিৰ্মাতা তথা বিশিষ্ট শিক্ষাবিদ পার্থজিৎ বৰুৱাক।”নেলীৰ কথা” ছবিৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক নগাঁও জিলা তিৱা বীৰ ৰজা জোঙাল বলহু দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বিশিষ্ট পৰিচালক পাৰ্থজিৎ বৰুৱাৰ শেহতীয়াকৈ মুক্তি লাভ কৰা “নেলীৰ কথা” শীৰ্ষক পূৰ্ণদৈৰ্ঘৰ ছবিখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰা লগতে কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি বিভিন্ন মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।

বিবাহপাশত আৱদ্ধ আমিৰ খানৰ কন্যা আয়ৰা! দৰা-কন্য়াৰ সাজ-পোছাকক লৈ চলিছে চৰ্চা…

৩ জানুৱাৰীৰ সন্ধিয়া আয়ৰা খান দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আয়ৰা খানৰ পঞ্জীয়নভুক্ত বিবাহ অতি আড়ম্বৰেৰে হয়, য’ত মুকেশ আম্বানী-নীতা আম্বানীৰ লগতে বহু ডাঙৰ ব্যক্তিয়েও অংশগ্ৰহণ কৰে। কিন্তু দৰাৰ সাজ-পোছাকৰ পিছত কইনাৰ বিয়াৰ সাজ-পোছাকে সৰ্বাধিক শিৰোনাম দখল কৰিছে।আনহতে কন্যা আয়ৰা খানৰ বিবাহৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আমিৰ খানৰ এটা ভিডিঅ’। ভিডিঅ’টোত আমিৰ খানে নিজৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ গালত চুমা খোৱা দেখা গৈছে। বলীউডৰ বিয়াত সকলোৱে চকু ৰাখে। এই তাৰকাসকলে নিজৰ বা নিজৰ সন্তানৰ বাবে গ্ৰেণ্ড ৱেডিং বা ডেষ্টিনেচন ৱেডিঙৰ বিকল্প বাছি লয়। তেওঁলোকৰ বিয়াত পানীৰ দৰে টকা খৰচ হয় আৰু বহুত নতুন বস্তু চাবলৈ পায়। কিন্তু বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ কন্যাই কালি অতি সাধাৰণভাৱে বিয়া পাতি সকলোকে আচৰিত কৰি তুলিলে। ।

আয়ৰাই কোনো দামী লেহেংগা বা ডিজাইনাৰ সাজ-পোছাক পিন্ধা নাছিল আৰু নুপুৰেও বিয়াত কোনো দামী শ্বেৰৱানী পিন্ধা নাছিল। লেহেংগা আৰু শাড়ীৰ সলনি আয়ৰাক ব্রাইডাল ষ্টাইলত দেখা গ’ল৷ তাই পিন্ধিছিল অতি সাধাৰণ সাজ-পোছাক। গ্লেমাৰৰ পৰা আঁতৰি আহি আমিৰ খানৰ কন্যা আয়ৰা আৰু নুপুৰ শিখাৰেৰ বিয়াৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু বলীউডৰ এই অনন্য বিয়াখন দেখি অনুৰাগীসকল আচৰিত হৈছে। এই সকলোবোৰৰ মাজতে কওঁ যে পঞ্জীয়নভুক্ত বিবাহৰ পিছত আয়ৰা খান আৰু নুপুৰ শিখাৰে উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ব। ইয়াৰ পিছত আমিৰ খানে বলীউড উদ্যোগৰ বাবেও এক অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰিব য’ত বহু ডাঙৰ তাৰকা উপস্থিত থকাৰ সম্ভাৱনা আছে।


গৰুৰ অবৈধ সৰবৰাহঃ শোণিতপুৰৰ টুমুকিত গৰু সৰবৰাহ কৰা বাহনৰ খুন্দাত আহত প্ৰাক্তন সেনা বিষয়া…

ৰাজ্যজুৰি গৰুৰ অবৈধ সৰবৰাহ নিষিদ্ধ হৈ থকাৰ সমান্তৰাল ভাবে শোণিতপুৰত চোৰাংভাবে সৰবৰাহ হোৱা গৰু মাজে সময়ে আৰক্ষীয়ে জব্দ কৰিলেও জিলাখনৰ মাজেৰে বৰ্তমানেও গৰুৰ এনে চোৰাং সৰবৰাহ অব্যাহত আছে৷আনকি প্ৰয়োজনীয় চৰকাৰী নথিপত্ৰ অবিহনেই গৰু সৰবৰাহ কৰা বাহনে সাধাৰণ লোকৰ জীৱনলৈ সংশয় কঢ়িয়াই আনিছে৷যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী টুমুকীত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত তেজপুৰৰ দিশৰ পৰা মংগলদৈ অভিমুখে তীব্ৰ গতিত যোৱা এখন গৰু সৰবৰাহ কৰা বাহনে বিপৰীত দিশৰ পৰা অহা এখন বাহনক তীব্ৰ গতিত খুন্দামাৰে৷দুৰ্ঘটনাটোত আনখন বাহনৰ দুজন আৰোহী আহত হোৱাৰ বিপৰীতে গৰু সৰবৰাহ কৰা বাহনখনৰ চালক আৰু সহযোগীয়ে পলায়ন কৰে৷উল্লেখযোগ্য যে,আঠটা গৰু কঢ়িয়াই অনা এএছ১৩এচি২০৩২ নম্বৰ বাহনখনে এএছ১২জেদ০৪৯৪ নম্বৰ বাহনখনক মুখামুখি ভাবে খুন্দা মাৰে৷টুমুকীৰ এটা পেট্ৰল ডিপ’ৰ সন্মুখত হোৱা এই দুৰ্ঘটনাত তেজপুৰ অভিমুখী বাহনখনৰ আৰোহীদ্বয় প্ৰাক্তন সেনা বিষয়া ৰত্নেশ্বৰ মেধি আৰু তেওঁৰ সহায়ক সঞ্জু ওৰাং আহত হয়৷ইপিনে দুৰ্ঘটনাস্হলীৰ পৰা স্হানীয় বিহুগুৰি আৰক্ষী চকীলৈ দূৰত্ব যথেষ্ট হোৱাত গৰু কঢ়িয়াই অনা বাহনৰ চালক আৰু সহায়কে পলায়ন কৰে৷

পাছত বিহগুৰি আৰক্ষীয়ে গৰু সহ বাহনখন জব্দ কৰাৰ বিপৰীতে আহতদ্বয়ক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন কৰা হয়৷প্ৰনিধানযোগ্য যে ৰাষ্ট্ৰীয় পথৰ পৰা বহু ভিতৰত অৱস্হিত বিহগুৰী আৰক্ষী চকীত বিষয়াসহ প্ৰায় ১৬জন আৰক্ষীৰ লোক আছে আৰু বান্দৰমাৰীলৈকে এটা বৃহৎ অঞ্চল তেওঁলোকৰ দাযিত্বত আছে৷এনে অৱস্থাত ৰাষ্ট্ৰীয় পথত যিকোনো ঘটনা সংঘটিত হ’লে আৰক্ষী শীঘ্ৰেই উপস্থিত হোৱাত সমস্যা হয়৷জব্দকৃত গৰু জাক বৰ্তমানেও আৰক্ষীৰ জিন্মাতে আছে৷