Home Blog Page 1143

যোৰহাটৰ ম’হ বন্ধাৰ ৬৯নং পশ্চিম খঙীয়া গাঁও পঞ্চায়তত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠান বৃহস্পতিবাৰে যোৰহাটৰ ৬৯ নং পশ্চিম খঙীয়া গাঁও পঞ্চায়তত অনুষ্ঠিত হয়।

পঞ্চায়তখনৰ তৰফৰ পৰা ৰাজ্যৰ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু অতুল বৰা আহিব বুলি দিনৰ ১বজাত হাজাৰৰো অধিক ৰাইজক সভাস্থলীত গোট খোৱাই যদিও প্ৰায় ৩মান বজাত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত মন্ত্ৰীৰ পৰিৱৰ্তে আহিল স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী।

চৰকাৰী বিভিন্ন আঁচনিৰ সজাগতাৰ উদ্দেশ্যৰে অনুষ্ঠিত এই সংকল্প যাত্ৰাত মন্ত্ৰীৰ অপেক্ষাত থকা উপস্থিত ৰাইজে স্থানীয় বিধায়ক অহাত অসন্তোষ্ট হৈ মুকলি ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে যোৰহাটৰ ৬৯ নং পশ্চিম খঙীয়া গাঁও পঞ্চায়তৰ বহু দৰিদ্ৰ পৰিয়ালে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে।

ইফালে বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে “মন্ত্ৰীৰ কাম আছে কেবিনেটত, আমাৰটো কাম নাই” বুলি সংবাদ মাধ্যমক দিয়া মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

সোণাপুৰত পৰিবহন বিভাগৰ পথ সজাগতা সভা

শীতৰ আগমনৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সোণাপুৰৰ চালকসকলৰ সৈতে বৃহস্পতিবাৰে মত বিনিময় কৰে পৰিবহণ বিষয়া হিমাংশু দাসে।

বিশেষকৈ যাত্ৰীবাহী মেজিক-মেক্সিম’ চালকসকলক বনভোজৰ এই সময়চোৱাত মদ্যপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত হ’ব লগা আইনী ব্যৱস্থা সন্দৰ্ভতো অৱগত কৰে।

গীতে-মাতে আকৰ্ষণীয়ভাৱে পৰিবহন বিষয়া হিমাংশু দাসে অনুষ্ঠিত কৰা এই পথ সুৰক্ষাৰ সজাগতা সভাত শতাধিক চালক-পৰিচালক সমবেত হয়।

পৰিবহন বিষয়াগৰাকীয়ে কাৰো ঘৰলৈ দুখৰ বতৰা নোযোৱাকৈ নতুন বছৰৰ শুভাৰম্ভণি কৰিবলৈ আহ্বান জনায় ৰাইজক।

-কৰন সৰকাৰ, সোণাপুৰ

সাৰেং নৱজ্যোতি সংঘৰ সোনালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি তুংগত

ওদালগুৰি জিলাৰ সীমামূৰীয়া তথা সাৰংগ মুনীয়ে বাস কৰা গাঁও তথা কালক্ৰমত সলনি হোৱা সাৰেঙত ১৯৭২ চনত কেইগৰাকীমান দুৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল নৱজ্যোতি সংঘ।

পঞ্চাশ বছৰীয়া সাক্ষৰ বহন কৰা নৱজ্যোতি সংঘৰ সোনালী জয়ন্তী সমাৰোহৰ বাবে অতিথি আপ্যায়ন,স্মৃতি গ্ৰন্থকে ধৰি যাৱতীয় কাম কাজ প্ৰায় সম্পূৰ্ণ বুলি উদযাপন সমিতিয়ে জানিব দিয়ে।

আনহাতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ২৩, ২৪ ডিচেম্বৰৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্যতম সাংস্কৃতিক শোভাযাত্ৰা, এন ডি ২৪ ৰ এপলক, মুকলি সভা আৰু অসমৰ আগশাৰীৰ জনপ্ৰিয় শিল্পীৰ গীতৰ শৰাইৰে সোণালী জয়ন্তী উৎসৱ উখল মাখল হৈ পৰিবলগীয়া সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিয়ে।

দ্বীপেন ডেকা, নামখলা

হাটশিঙিমাৰী প্ৰেক্ষাগৃহত সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানৰ শুভাৰম্ভ

অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানৰ যোগেদি স্কুলীয়া ছাত্ৰীসকলক নৃত্য গীতৰ যোগেদি বাছনি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।


জিলা প্ৰশাসনৰ তৰপৰ পৰা মানকাচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত স্কুলীয়া ছাত্ৰীসকলক ইতিমধ্যে গাঁও পঞ্চায়ত সমূহৰ পৰা বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে।

এই বাছনি হোৱা ছাত্ৰীসকলৰ মাজৰ পৰা জিলা পৰ্যায়ৰ বাবে নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত নৃত্য প্ৰতিযোগিতাত ৰাভা নৃত্য; লোক সংগীত; বিহু নৃত্য; আদিৰ আয়োজন কৰা হৈছে।


ইয়াৰ মাজৰ পৰা যিবিলাক বাছনি হ’ব সিহঁতক ৰাজ্যিক পৰ্যায়ৰ বাবে বাছনি কৰা হয়। এনেকৈ এই নৃত্য প্ৰতিযোগিতা চলি থাকিব আৰু প্ৰতিভা থকা নৃত্য শিল্পী সকলৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা গ্ৰহণ কৰিব।

বৃহস্পতিবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা ; জিলাখনৰ বুদ্ধি জীৱি,শিক্ষক সমাজ, সমাজ সেৱক‌ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল।

অসম চৰকাৰৰ লগত বন্ধন বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ; অসম চৰকাৰৰ বাবে কৰ/অনা-কৰ ৰচিদ সংগ্ৰহ কৰিবলৈ বুজাবুজি চুক্তি

বন্ধন বেংকে বুধবাৰে অসম চৰকাৰৰ পৰা ই-জিআৰএছ পৰ্টেলত ৰাজহ সংগ্ৰহ কৰাৰ বাবে অনুমতি লাভ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা অসমৰ লোকসকলে চৰকাৰৰ জি আৰএচ পোৰ্টেলৰ মাধ্যমেৰে কৰ আৰু অন্যান্য পেমেন্ট কৰিবলৈ সক্ষম হ’ব৷


ইয়াৰ জৰিয়তে অসমৰ মানুহৰ বাবে লেনদেন সহজ, কাগজবিহীন আৰু সুলভ হৈ পৰিব। বন্ধন বেংকে শীঘ্ৰেই অসম চৰকাৰৰ সৈতে একত্ৰিত হৈ কৰ সংগ্ৰহ সংক্ৰান্ত প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব ৷ অসমৰ ৩৫ খন জিলাৰ আটাইকেইখন জিলাতে প্ৰায় ৫০০ টা বেংকিং আউটলেটৰ সৈতে বন্ধন বেংকৰ সেৱা উপলব্ধ ৷


গ্ৰাহকসকলে এই পৰ্টেল ব্যৱহাৰ কৰি গৃহ কৰ, বাহন পঞ্জীয়ন কৰ, স্থানীয় নিকায়ৰ কৰ, পানী বিল, অসম চৰকাৰৰ দ্বাৰা পৰিচালিত পৰীক্ষা মাচুল, বাণিজ্য অনুজ্ঞা পত্ৰ নৱীকৰণ আদিৰ বাবে ধন পৰিশোধ কৰিব পাৰিব। অসম ই-জিআৰএছ পৰ্টেলৰ জৰিয়তে এজন নাগৰিকে ৭০ টা বিভিন্ন বিভাগক আগবঢ়োৱা পৰিসেৱাৰ বাবে ধন পৰিশোধ কৰিব পাৰিব। ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে অসম ইজিআৰএছ পৰ্টেলৰ জৰিয়তে মুঠ সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ১৬,০০০ কোটি টকা।

বন্ধন বেংকৰ চৰকাৰী ব্যৱসায়ৰ মুৰব্বী দেৱৰাজ সাহাই কয় যে , “বন্ধন বেংকৰ শীৰ্ষ ৫ খন বজাৰৰ ভিতৰত অসম অন্যতম। অসম চৰকাৰৰ দ্বাৰা জনাদেশ সুৰক্ষিত বা নিশ্চিত কৰাটো একপ্ৰকাৰৰ বিভিন্ন ৰাজ্য চৰকাৰ আৰু নিয়ন্ত্ৰকৰ দ্বাৰা বেংকৰ ওপৰত দেখুওৱা দৃঢ়তা আৰু আস্থাৰ প্ৰদৰ্শন। এই পদক্ষেপৰ জৰিয়তে বেংকে অসমৰ জনসাধাৰণক সেৱা আগবঢ়োৱাৰ আন এক সুযোগ লাভ কৰিছে।”

চৰকাৰী ৰচিদ হিচাপ ব্যৱস্থা (জিআৰএএছ) হৈছে এটি সুৰক্ষিত ৱেব এপ্লিকেচন, যিয়ে সাধাৰণ নাগৰিক, ব্যৱসায়ীসকলক ইলেক্ট্ৰনিক ভাৱে চৰকাৰক কৰ আৰু অনা-কৰ ৰচিদ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰে। অসম ই-জি আৰ এচ য়ে সপ্তাহৰ প্ৰতিদিনে ২৪ ঘন্টাই সকলো সুবিধা প্ৰদান কৰে আৰু অসমৰ লোকসকলে প্ৰয়োজনীয় সেৱাৰ বাবে ই-চালান সৃষ্টি কৰি যিকোনো স্থানৰ পৰা সকলো সময়তে অনলাইন পৰিশোধ কৰিব পাৰে।

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ, মুঠ সংখ্যা ১৪৬ লৈ বৃদ্ধি! এইবাৰ কোন কোন সাংসদ নিলম্বিত হ’ল?

বৃহস্পতিবাৰে আৰু তিনিজন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হয়। লোকসভাত অসংসদীয় আচৰণৰ বাবে সাংসদসকলক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই। ইয়াৰ লগে লগে লোকসভাৰ পৰা নিলম্বিত হোৱা মুঠ সাংসদৰ সংখ্যা ১৪৬ জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ৰ সদস্যসকলে দিল্লীৰ ৰাজপথত চৰকাৰ বিৰোধী প্ৰতিবাদী সমদলত অংশ লৈছিল। সংসদৰ পৰা বিজয় চ’কলৈ সমদল উলিয়াই বিৰোধীয়ে; আৰু ইয়াৰ কিছু ঘন্টাৰ পিছত অধ্যক্ষই তিনিজন সাংসদক নিলম্বন কৰাৰ কথা ঘোষণা কৰে।

কংগ্ৰেছৰ ডি কে সুৰেশ, দীপক বাইজ আৰু নকুল নাথক বৃহস্পতিবাৰে লোকসভাৰ পৰা নিলম্বন কৰা হয়।

১৩ ডিচেম্বৰত সংসদত সংঘটিত আক্ৰমণৰ পিছৰে পৰা ইজনৰ পিছত সিজন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হৈছে।

লোকসভাৰ নিৰাপত্তাৰ ত্ৰুটিক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। সভাত ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈও দাবী জনায়। তাৰ বাবেই লোকসভাত অশান্তিৰ সৃষ্টি হয়। কেইবাজনো সাংসদৰ বিৰুদ্ধে অসংসদীয় আচৰণৰ অভিযোগ উত্থাপন হৈছিল। অধ্যক্ষই তেওঁলোকক নিলম্বন কৰে।

বিশ্বনাথৰ ধুলি খেৰবাৰীত চলন্ত অৱস্থাত জ্বলিল এখন ভালভ গেডাৰ গাড়ী…

এক ভয়ংকৰ অগ্নিকাণ্ড ৷ বিশ্বনাথৰ ধুলি খেৰবাৰীত জ্বলিল এখন চলন্ত ভালভ গেডাৰ গাড়ী ৷ বিশ্বনাথ জিলা সংমণ্ডল গড়কাপ্তানি বিভাগৰ অধীনস্থ লছমণবস্তিৰ পৰা পাভৈ লৈ যোৱা পথটিৰ নিৰ্মাণৰ কামত আছিল গাড়ীখন ৷

পথটিৰ চাইড বাম সমান কৰি থকা চলন্ত অৱস্থাত গাড়ীখনত লাগে জুই ৷হঠাৎ লগা জুইত চালকে গাড়ী খনৰ পৰা নামি প্ৰাণ ৰক্ষা পৰে ৷ ইতিমধ্যে দৌ দৌকৈ জ্বলি থকা গাড়ীখনৰ পৰা জুই নুমাবৰ বাবে আপ্ৰাণ চেষ্টা চলাই ৰাইজে ৷

অৱশেষত বিশ্বনাথ চাৰিআলিৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰটো দিয়াৰ পাছত প্ৰায় এঘণ্টাজুৰা প্ৰচেষ্টাৰ অন্তত গাড়ীখনৰ পৰা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ শ্বট চাৰ্কিটৰ ফলত জুই লগা বুলি সন্দেহ কৰিছে ৰাইজে ৷

বালিচাংৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অভিযানত ১৫০ চেপ্টি কাঠসহ এটা কাঠফলা মেচিন জব্দ…

ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালৰ অভিযানত আজি ১৫০ চেপ্টি কাঠসহ এটা কাঠফলা মেচিন জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে আজি মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰী আৰু বীট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত যোৱা এটা বন কৰ্মীৰ দলে মাজবাটৰ অসম – অৰুণাচল সীমান্ত এলেকাৰ ব’ম্বে চেন্টাৰৰ নিকটৱৰ্তী পাহাৰৰ ঘন জংঘলৰ মাজত অভিযান চলাই ১৫০ চেপ্টি মূল্যৱান কাঠসহ এটা কাঠফলা মেচিন জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে বন কৰ্মীৰ দলটো উক্ত অঞ্চলত প্ৰৱেশ কৰাৰ উমান পায় অবৈধ কাঠ ব্যৱসায়ী সকল ঘন অৰণ্যৰ মাজলৈ পলায় যায়।

পিছত মাজবাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীৰ দলে উক্ত কাঠখিনি আৰু কাঠফলা মেচিনটো মাজবাটস্থ বন বিষয়া কাৰ্যালয়লৈ লৈ আহে। এই অভিযানত ওদালগুৰি জিলাৰ বন কৰ্মীৰ দলেও সহযোগ কৰে। জব্দ কৰা মূল্যৱান কাঠখিনিৰ আনুমানিক মূল্য ১ লাখ ৩০ হাজাৰ টকা হ’ব বুলি বন কৰ্মীৰ দলটোৱে জানিবলৈ দিয়ে।

যতীন নাথ
মাজবাট

ইডিৰ চমন অবৈধ, ই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতঃ অৰবিন্দ কেজৰিৱাল

সুৰা নীতিৰ গোচৰত জাৰি কৰা ইডিৰ চমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ইডিৰ এই চমনো পূৰ্বৰ চমনৰ দৰেই অবৈধ।

তেওঁ লগতে কয়, “ইডিয়ে এই চমন প্ৰত্যাহাৰ কৰা উচিত…ই ৰাজনৈতিকভাৱে প্ৰেৰিত। মই মোৰ জীৱনটো সততাৰে কটালোঁ।” উল্লেখযোগ্য যে আজি ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই।

উল্লেখ্য যে দিল্লী আবকাৰী গোচৰত সোধা-পোছাৰ বাবে বৃহস্পতিবাৰে (২১ ডিচেম্বৰ) ইডিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা ইডিৰ দ্বিতীয়টো চমন প্ৰত্যাহাৰ কৰিলে কেজৰিৱালে।

ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ এদিন পূৰ্বে কেজৰিৱালে ১৮ ডিচেম্বৰ সোমবাৰে চমন লাভ কৰাৰ পূৰ্বে চূড়ান্ত কৰা এক কাৰ্যসূচী অনুসৰি দিল্লী এৰি বাহিৰলৈ যায় বুলি খবৰ প্ৰকাশ পাইছে।

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী ! DGP জি পি সিঙক সকীয়নি উচ্চ ন্যায়ালয়ৰ…

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী। DGP জি পি সিঙক সকীয়নি উচ্চ ন্যায়ালয়ৰ। ৫ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এজন অধিবক্তাক।

দুমাহৰ ভিতৰত এই ক্ষতিপূৰণ দিব লাগিব অসম আৰক্ষীয়ে। ২০১৬ চনৰ এটা গোচৰত এজন অধিবক্তাক হেণ্ডকাফ লগাইছিল পাণবজাৰ আৰক্ষীয়ে।

এজন গৃহৰক্ষীৰ সৈতে হোৱা কজিয়াৰ বাবে গ্ৰেপ্তাৰ হৈছিল অধিবক্তাজন।