Home Blog Page 1150

দেশত পুনৰ ক’ভিডৰ আতংক ! কেৰালাৰ ৭৯ বছৰীয়া মহিলাৰ দেহত ক’ভিডৰ নতুন ভেৰিয়েণ্ট…

কেৰালাত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ নতুন চাব-ভেৰিয়েণ্ট JN.1। বিশেষকৈ কেৰালাৰ এগৰাকী ৭৯ বছৰীয়া বৃদ্ধাৰ ক্ষেত্ৰত এই ৰোগ ধৰা পৰাৰ পিছত কেৰালাৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে প্ৰস্তুতিৰ বাবে স্বাস্থ্য সুবিধা আৰু চিকিৎসালয়সমূহক আতংকিত কৰি তুলিছে।

কৰ’না ভাইৰাছৰ JN.1 ভেৰিয়েন্টক Omicron sub-variant BA.2.86 বা Pirola ৰ বংশধৰ বুলি ধৰা হয়। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত আমেৰিকাত প্ৰথমবাৰৰ বাবে ধৰা পৰাৰ বিপৰীতে চীনে ১৫ ডিচেম্বৰত এই বিশেষ উপ-ভেৰিয়েণ্টটোৰ সাতটা সংক্ৰমণ ধৰা পেলাইছিল বুলি ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

শেহতীয়াকৈ ভাৰতকে ধৰি ৩৮খন দেশত পিৰোলা বিয়পি পৰিছে আৰু শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তিৰ সংখ্যা বৃদ্ধিৰ কাৰণ বুলি ধাৰণা কৰা হৈছে।

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ মতে, BA.2.86 ত স্পাইক প্ৰটিনৰ ওপৰত মুঠ ২০টা মিউটেচন আছে, যিটো চিন্তাৰ বিষয় কাৰণ ভাইৰাছে গৃহস্থৰ কোষত লেচ কৰিবলৈ স্পাইক প্ৰটিন ব্যৱহাৰ কৰে।

অপৰাজিতা ফুলৰ ঔষধি গুণৰ বিষয়ে জানক…

অপৰাজিতা ফুল প্ৰায় সকলো মানুহৰ ঘৰতে আছে। অপৰাজিতা ফুল দেখিবলৈ বৰ শুৱনি। ই লতা জাতীয় ফুল। অপৰাজিতা ফুল দুইবিধ আছে। এবিধ বগা আৰু আনবিধ নীলা বৰণীয়া। দুয়োবিধ ফুলেই দেৱতাৰ পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতাৰ মূল ঈষৎ নীলা, শ্বেত আৰু গোলাকাৰ। ইয়াৰ শিপাৰ ৰসৰ স্বাদ কেঁহা, জ্বলা আৰু তিতা। অপৰাজিতাৰ মূল আৰু পাত ভাল ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়।

পৰিমাণ

শিপাৰ ৰস এক তোলা, কহ এক তোলা আৰু শুকোৱা চূৰ্ণ চাৰি অনাৰ পৰা আধা তোলা পৰ্যন্ত।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

অপৰাজিতাৰ মূল ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱ সূচল হয়। স্নিগ্ধ জ্বৰ, হুপিংকাহ, পুৰণি কাহ, শোথ আৰু যকৃৎ প্লীহা বৃদ্ধি ৰোগনাশক। এই লতাৰ গুটিৰো বিশেষ গুণ নথকা নহয়। ইয়াক ব্যৱহাৰ কৰিলে তিনি ৰতি পৰিমাণ।

উভয়বিধ অপৰাজিতাৰেই কেহা, জ্বলা আৰু তিতা ৰস থাকে। পৰিপাকত জ্বলা হয়। ই শীতবীৰ্য, মেধজনক, ওঁঠৰ হিতকাৰক, স্বৰৰ্ধক, চকুৰ ৰোগ নাশক আৰু দৃষ্টিশক্তিবৰ্ধক। ৰক্তদোষ, কুষ্ঠ, বিষদোষ, শোথ, ব্ৰণ, ত্ৰিদোষ নাশক আৰু আমদোষ নাশক। স্মৃতি আৰু বুদ্ধিকাৰক। জ্বৰ, দাহ, ৰক্তা তিসাৰ, বমি, উন্মাদ, মদৰোগ, ভ্ৰম, শ্বাস, কাহ আৰু অম্লপিত্ত ৰোগ উপশম কাৰক।

শিৰা ৰোগ, অৰ্ধ কপালৰ বিষ, সূৰুয কপালি বিষ মূৰৰ বিষত অপৰাজিতা বৰ উপকাৰী। নীলা অপৰাজিতা মূলৰ গুড়ি কৰি নস্য ল’ব লাগে। সৰ্প দৰ্শনৰ বিষত নীলা অপৰাজিতাৰ মূল বটি দংশন স্থাপন প্ৰলেপ দিলে আৰু আভ্যন্তৰিক প্ৰয়োগ কৰিব পাৰিলে বৰ উপকাৰ হয়। উন্মাদ, ভূতোন্মাদ ৰোগতো অপৰাজিতাৰ মূলৰ ৰস এক তোলা আৰু চাউল ধোৱা পানী এক তোলা পৰিমাণে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

বগা অপৰাজিতাৰ মূল আধা তোলা, গৰুৰ ঘিউ তোলা নিয়মিতভাৱে ব্যৱহাৰ কৰিলে গলগণ্ড ৰোগ আৰোগ্য হয়।

পৰিণাম শূল নামৰ বেমাৰত নীলা অপৰাজিতা মূল আধা তোলা, চেনি, মৌ আৰু গৰুৰ ঘিউ মিহলাই সেৱন কৰিলে ৰোগৰ উপশম ঘটে।

অপৰাজিতাৰ মূলৰ ছালৰ ৰস শূল ৰোগত উপকাৰী। এক তোলা ওজনৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী

শোণিতপুৰৰ বালিপৰা আৰু চাৰিদুৱাৰত চোৰক আটক কৰিবলৈ সক্ষম আৰক্ষীৰ…

শোণিতপুৰৰ বালিপৰা আৰু চাৰিদুৱাৰত এটা গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় চাৰিদুৱাৰ আৰক্ষীয়ে।চোৰটোৰ নাম আকাশ দৰ্জী।চোৰটোৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰো উদ্ধাৰ কৰে আৰক্ষীয়ে।

বিগত কিছুদিন ধৰি চাৰিদুৱাৰ বালিপৰাৰ বিভিন্ন অঞ্চলৰ নামঘৰ মন্দিৰ মছজিদত চোৰ কৰি উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰাহৰণ কৰি আছিল চোৰটোয়ে।অঞ্চলটোৰ প্ৰায় ১০০ তকৈ অধিক নামঘৰ মন্দিৰৰ পৰা বহু মূল্যৱান সামগ্ৰী চুৰি কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছিল।

আৰক্ষীয়ে চোৰটোক সোধাপোচা কৰাৰ পিচতে তেজপুৰৰ এখন কাৱাৰী দোকান আৰু নামঘৰৰ পৰা চোৰ কৰা কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।পিচত চোৰ আকাশ দৰ্জীৰ সহযোগী নৰবু টাছী নামৰ আন এজন চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

নিশা বঙাইগাঁৱৰ ৰাজপথত ভুৱা আৰক্ষীৰ পৰিচয় দি ট্ৰাকৰ নথিপত্ৰ কাঢ়ি পলায়ন…

নিশা বঙাইগাঁৱৰ ৰাজপথত ভুৱা আৰক্ষী। আৰক্ষীৰ পৰিচয় দি ট্ৰাকৰ নথিপত্ৰ কাঢ়ি পলায়ন দলটোৰ।

বলেৰ’, বাইক লৈ আহিছিল ভুৱা আৰক্ষীৰ দলটো। চাপৰাকাটা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা।

বঙাইগাঁও আৰক্ষীয়ে ভুৱা আৰক্ষী দলক বিচাৰি আৰম্ভ কৰিছে অভিযান।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় চৌহদত চুৰিকাণ্ড…

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় চৌহদত চুৰিকাণ্ড।

নাইট্ৰ’জেন কণ্টেইনাৰ চুৰি কৰি থকা অৱস্থাত ২ চোৰক আটক । পশুপালন বিভাগৰ ৬টাকৈ নাইট্ৰ’জেন কণ্টেইনাৰ চুৰি কৰিছিল চোৰৰ দলটোৱে।

কৰায়ত্ত কৰা চোৰটোৰ নাম ৰাহুল পাটগিৰি । আন্ধাৰৰ সুযোগ লৈ পলায়ন আন এটা চোৰৰ।

বৰপথাৰত পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

সোমবাৰে সন্ধিয়া প্ৰায় পাঁচ মান বজাত বৰপথাৰ নগৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। বৰপথাৰ নগৰৰ বৰপথাৰৰ New MBH Hotel ৰ সমীপত এখন মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত দুজন লোক।

দুৰ্ঘটনাত আহত হোৱা TVS VICTOR বাইক চলাই অহা আৰোহীজন আৰু ই-ৰিক্সাৰ চালকজনক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে বৰপথাৰ নগৰত তীব্ৰগতিত চলোৱা বাইক, গাড়ীৰ বাবেই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰাত এতিয়া বৰপথাৰৰ সচেতন মহল চিন্তিত হৈ পৰিছে।

ইপিনে আৰক্ষী প্ৰশাসনক দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱা দ্ৰুতবেগী বাইক তথা গাড়ীৰ সন্ত্ৰাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ লগতে ডিভাইডাৰৰ সমূহৰ সংযোগ স্থলীত স্পীড ব্ৰেকাৰ আৰু উপযুক্ত সুৰক্ষা চিহ্ন স্থাপন কৰিবলৈ দাবী তুলে স্থানীয় ৰাইজে।

-মাধুৰ্য কোঁৱৰ, বৰপথাৰ

মৰিগাঁঁৱৰ ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব অসমৰ সৰ্ববৃহৎ দ্বিতীয়খন দীঘল দলং

ব্ৰহ্মপুত্ৰ অসম আৰু অসমীয়াৰ এক এৰাব নোৱাৰা সম্পৰ্কৰে সংপৃক্ত হৈ আছে। ব্ৰহ্মপুত্ৰ হৈছে অসমীয়াৰ এক জীৱন ৰেখা। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ গঢ় লৈ উঠিছে ব্ৰহ্মপুত্ৰক লৈয়ে। ব্ৰহ্মপুত্ৰক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ী ভাবে বসবাস কৰিবলৈ লৈ একতা আৰু সমন্বয়ৰে অসমীয়া জাতিক গতি প্ৰদান কৰিলে।

জনবিস্ফোৰণ আৰু আধুনিক যাতায়ত ব্যৱস্থাৰ ক্ৰম বিৱৰ্তনৰ ফলত ব্ৰহ্মপুত্ৰৰ নদী ওপৰত ইখন পিছত সিখন দলং নিৰ্মাণ হবলৈ ধৰিছে। বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ নদী ওপৰত নিৰ্মাণ হৈছে সাত খনকৈ বৃহৎ দলং। ইয়াৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়তৰ যোগাযোগ ব্যৱস্থাটোক একেবাৰে সংকুচিত কৰি তুলিছে।ক্ৰমাগত যাতায়ত যোগাযোগ উন্নয়নৰ মাজতে পুনৰ ব্ৰহ্মপুত্ৰৰ নদী ওপৰত ৮ নং দলং নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে বৰ্তমানৰ শাসকীয় চৰকাৰখনে।

বিশেষকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত মৰিগাঁও জিলাৰ প্ৰস্তাৱিত ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ মাজৰ ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ দ্বিতীয়খন সৰ্ববৃহৎ দৈৰ্ঘ্যৰ দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। এই সৰ্ববৃহৎ দীঘল দলং খনৰ নিৰ্মাণৰ পূৰ্বে প্ৰাস্তাৱিত ৰাষ্ট্ৰীয় ঘাই পথ আৰু দলংৰ জৰীপৰ কাম আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিভাগে।

এই খবৰ প্ৰচাৰিত হোৱা পিছতেই উৎফুল্লিত হৈ পৰিছে মৰিগাঁৱৰ জনসাধাৰণ। উল্লেখ্য যে ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ মাজত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত দলং খনৰ দৈৰ্ঘ্য হ’ব ৭.৬৩ কিলোমিটাৰ। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা সৰ্ববৃহৎ দৈৰ্ঘ্যৰ ধলা-শদিয়া দলংৰ দৈৰ্ঘ্য হৈছে ৯.১৫ কিলোমিটাৰ। ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটিয়াক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সৈতে সংযোগ স্থাপন হ’ব।

তেজপুৰৰ কলিয়াভোমোৰা দলংৰ বিকল্প হিচাপে কাম কৰিব লগা প্ৰস্তাৱিত দলং খনে গুৱাহাটী আৰু তেজপুৰৰ মাজৰ ১৮০ কিলোমিটাৰ দূৰত্বক ই প্ৰায় আধালৈ কমাই আনিব। আনহাতে ইয়াৰ জৰিয়তে টাৱাং আৰু পূৱ -পশ্চিম অৰুণাচল প্ৰদেশৰ ঔদ্যোগিক কৰিডৰৰ পূৱ প্ৰান্তক সংযোগ কৰাৰ লগতে উজনি অসমৰ ঘাইপথ সমূহকো সংযোগ স্থাপন কৰিব।

ইফালে বুৰঞ্জীৰ মতে ওদালগুৰিৰ উত্তৰে ভৈৰৱকুণ্ড আৰু ভূটান পাহাৰৰ মাজেৰে তাহানিৰ পৰা তিব্বত,চীন আৰু আফগানিস্তানলৈ চমু বাট আছিল বুলি উল্লেখ আছে। এনে প্ৰেক্ষাপটত ভূটানৰ লগতে অৰুণাচল প্ৰদেশত পৰ্যটন আৰু বানিজ্যত উত্থান ঘটাৰ সম্ভাৱনা আছে। প্ৰস্তাৱিত এই ৰাষ্ট্ৰীয় ঘাই পথটোৰ জৰিয়তে দেশৰ বাবে চীনৰ পৰা সীমান্ত সুৰক্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ পথো হৈ উঠা সম্ভাৱনা আছে।

তাৎপৰ্যপূৰ্ণ বিষয় এইয়ে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ জাগীৰোডৰ পৰা ভূৰাগাঁও হৈ ওৰাংলৈ নতুন ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৪ চনত গেজেটেড অধিসূচনাৰ জৰিয়তে আগবাঢ়িছিল যদিও ই স্থবিৰ হৈ আছিল। বৰ্তমানৰ শাসকীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি কাৰ্যকৰী দিশে অগ্ৰসৰ হৈ পথটোৰ জৰীপৰ কাম আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই মৰিগাঁও আৰু দৰং জিলাৰ প্ৰশাসনৰ লগত কেইবালানি আলোচনাত মিলিত হৈছে। ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিষয়াই জিলা দুখনৰ ৰাজহ, কৃষি বিভাগ, সামাজিক বনানীকৰণ বিভাগৰ সহায় বিচাৰি পৃথকে পৃথকে কেইবাখনো পত্ৰ প্ৰেৰণ কৰাৰ লগতে দুয়োখন জিলাৰ প্ৰশাসনে এই ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে।

এই সকলোবোৰ প্ৰস্তুতি সম্পূর্ণ কৰি ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিভাগে পথ আৰু দলংৰ জৰীপৰ কাম প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ কৰা বিষয়ে জনা গৈছে। সকলোবিলাক ঠিকেই থাকিলে ২০২৬ ৰ পূৰ্বে ভূৰাগাঁও আৰু খাৰুপেটিয়াৰ সংযোগী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে শাসকীয় চৰকাৰে।

-মিলন কাকতি,মৰিগাঁও

কংগ্ৰেছ, ইউপিপিএল, বিজেপি দলৰ প্ৰায় ৩০০০লোকে যোগদান কৰিলে বিপিএফত

প্ৰমোদ বড়োই ট্ৰেক্টৰ খন অলপ বেছি স্পীদত মাৰুতি-টয়তাৰ দৰে চলাইছে গতিকে প্লাটি খাবই- এইদৰে প্ৰমোদ বড়োক কটাক্ষ কৰে বিপিএফ সভাপতি তথা বিটিচি ৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

সোমবাৰে বিটিচিৰ পানেৰী অজনজাতি সমষ্টিৰ অন্তৰ্গত ওৰাংগাজুলিত অনুষ্ঠিত এক দলীয় সভাত উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিপিএফ দলক ভোট দিবলৈ আহ্বান জনায়। তেওঁ প্ৰমোদ বড়োয়ে মহিলা অত্মসহায়ক গোট সমূহক প্ৰদান কৰিব লগা ৭৫ হাজাৰ টকা লাগে নে মাটিৰ পট্টা লাগে বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে যদি টকা লাগে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলক ভোট দিয়ক আৰু যদি মাটিৰ পট্টা লাগে বিপিএফ ভোট দিয়ক।

প্ৰমোদ বড়োই বিটিচি শেষ কৰাৰ তেওঁ অভিযোগ কৰি বিটিচি ৰক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। প্ৰমোদ বড়োয়ে অবৈধভাৱে বিটিআৰত উচ্ছেদ চলাই মানৱীয় ভূ-লুন্ঠিত কৰাৰ অভিযোগ কৰি তেওঁ ২০০৩ চনত বিটিচি চুক্তিৰ আগতে বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোক বিটিচি নাগৰিক সেয়ে তেওঁ শাসন কালত সকলোৱে আত্মমৰ্যাদা সহ বসবাস কৰিব পাৰিছিল আৰু অনাগত দিনটো পাৰিব বুলি মন্তব্য কৰে।

তেওঁ পৰিবৰ্তি সময়ত বিপিএফ ৰ শাসন ভাৰ লৈ প্ৰথমে বিটিআৰ বাসীক মাটিৰ পট্টা প্ৰদান কৰিব বুলি মন্তব্য কৰে। প্ৰমোদ বড়োয়ে পৰিবৰ্তনৰ নামত লুন্ঠন চলাইছে সেয়া বিটিআৰৰ সাধাৰণ ৰাইজে ইতিমধ্য বুজিছে বুলি উল্লেখ কৰে। বিটিআৰ ননৈ চেৰফাং মণ্ডল সমিতিৰ উদ্যোগত আৰু ভেৰগাঁও জিলা সমিতিৰ সহযোগত মেগা যোগদান কাৰ্যসূচীত পানেৰী সমষ্টি প্ৰাক্তন বিধায়ক কমলী বসুমাৰীয়ে আদৰণী ভাষণেৰে শুভৰাম্ভ কৰা অনষ্ঠানটি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, সাধাৰণ সম্পাদক মনেশ্বৰ বহ্ম, উপসভাপতি ৰবিনছন মোচাহাৰী,কলাইগাঁওৰ বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য সুৰেশ তান্তী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য লুমস্ৰাও দৈমাৰী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য জগদীশ সৰকাৰ, কাৰ্য্যকৰী সভাপতি ৰিঞ্জয় বড়ো, গোৰ্খা, আদিবাসী, সংখ্যালঘু, ৰাভা, নাথ-যোগী অদিকে ধৰি বহু জাতি-জনগোষ্ঠীৰ কোষৰ সভাপতি-সম্পাদকে ধৰি দলীয় কৰ্ম-কৰ্তা ৰ উস্থিতিত আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উপসভাপতি , তথা চাহ আৰু চাহ প্ৰাক্তন শ্ৰমিক মজদুৰ কংগ্ৰেছ সমিতি প্ৰাক্তন ৰাজ্যিক সম্পাদক লগতে তেওঁ বিগত বিটিচি নিৰ্বাচনত ননৈ চেৰফাং পৰিষদী সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী কংগ্ৰেছ নেতা পল টপ্প নেতৃত্ব দুই শতকৈ অধিক মুঠ প্ৰায় ছয় শ, বিজেপি পোন্ধৰ শ, ইউপিপিএল চাৰি শ ৰ লগতে অৰাজনৈতিক সংগঠমৰ সৈতে প্ৰায় তিনি হেজাৰ লোকে বিপিএফ দলত যোগদান কৰে।

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত ইষ্টাৰ্ণ হিমালয়ান নেচাৰনোমিক্স ফ’ৰামৰ ১১ তম সংস্কৰণ আৰম্ভ

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত মহানগৰীৰ গ্ৰীণ উড ৰিজৰ্তত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ইষ্টাৰ্ণ হিমালয়ান নেচাৰনোমিক্স ফ’ৰামৰ ১১ তম সংস্কৰণৰ এই বছৰৰ মূল বিষয়টো হল ‘গ্ৰেট পিপলছ ফৰেষ্ট ২০৩০’ ৰ আহ্বান, য’ত সোমবাৰে দিনটোত ১৫ খনতকৈও অধিক দেশৰ প্ৰায় ৬০ গৰাকী লোকে অংশগ্ৰহণ কৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়।

উল্লেখ্য যে ‘গ্ৰেট পিপলছ ফৰেষ্ট ২০৩০’ বিষয়টো বালিপাৰা ফাউণ্ডেচন আৰু কনজাৰ্ভেচন ইণ্টাৰনেচনেলৰ মাজৰ অংশীদাৰীত্বত ২০৩০ চনৰ ভিতৰত ১ নিযুত হেক্টৰ বন আৰু কৃষিভূমি পুনৰুদ্ধাৰৰ বাবে জি-২০ সন্মিলনত আৰম্ভ কৰা উচ্চাভিলাষী গ্ৰেট পিপলছ ফৰেষ্ট শীৰ্ষক উদ্যোগৰ পৰাই উদ্ভৱ হৈছে। আট্ৰি আৰু টেৰি অন্তৰ্ভুক্ত থকা অংশীদাৰসকলৰ এক মিত্ৰজোঁটৰ সৈতে এই উদ্যোগটোৱে ২০২৪ বৰ্ষত চি অ পি, ২৮ ত ইয়াৰ প্ৰথম দ্ৰুত স্কেলিং পৰ্টফলিঅ’ৰ জৰিয়তে কাম আৰম্ভ কৰাৰ লগতে এই উচ্চাভিলাষী লক্ষ্য কেনেদৰে প্ৰাপ্ত কৰিব পাৰি তাৰ বাবে মিত্ৰজোঁটক একত্ৰিত কৰাৰ ক্ষেত্ৰত এক মঞ্চ হিচাপে কাম কৰিব।

এই সন্মিলনত জলবায়ু আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত বিশ্বব্যাপী গ্ৰহণ কৰা প্ৰতিশ্ৰুতিক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উদ্যোগ প্ৰতিষ্ঠানসমূহে পালন কৰিব লগা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত টাটা ষ্টীল ফাউণ্ডেচনৰ সঞ্চালক আৰু টাটা ষ্টীল ফাউণ্ডেচনৰ উপাধ্যক্ষ চাণক্য চৌধুৰীৰ মূল বক্তব্যৰে আৰম্ভণি হয়। ইয়াৰ পিছত এমি বঁটা বিজয়ী তথা প্ৰযোজক- পৰিচালক আৰু ৱাও মিডিয়া কমিউনিকেশ্বন গ্ৰুপৰ সহ-প্ৰতিষ্ঠাপক নিকোলাছ ক্লেক্সটনৰ দ্বাৰা পৰিচালিত এক আলোচনা চক্ৰ অনুস্থিত হয়, য’ত পূব হিমালয় অঞ্চলৰ বাবে চিঅ’পি ২৮ ৰ শেহতীয়া কাৰ্যক্ৰম আৰু ফলাফলৰ প্ৰভাৱ মূল্যায়ন কৰা হয় ।

জৈৱ বৈচিত্ৰ্যৰ প্ৰচাৰৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰা দেশৰ বিশিষ্ট পৰিৱেশবিদ আৰু নৱদান্যৰ প্ৰতিষ্ঠাপক ড০ বন্দনা শিৱাই আলোচনাত ভাগ লৈ কয় যে “বনাঞ্চলৰ ক্ষেত্ৰত কোনো নিম্ন বা উৎকৃষ্ট মানদণ্ডৰ কথা নাহে। ই গণতান্ত্ৰিক স্থান। এনে ধৰণৰ পদক্ষেপৰ দ্বাৰা আমি মানুহ আৰু অৰণ্যৰ পৃথকীকৰণ বিলুপ্ত কৰাৰ প্ৰৱণতা দেখুৱাইছো। মানুহ আৰু গছ লতাৰ মাজত বিভিন্নতা অনাতকৈ সম্প্ৰীতি সৃষ্টি কৰাটো অধিক উত্তম”।

বালিপাৰা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে আলোচনা চক্ৰত ভূটানৰ ভিজন ২০৩০ সম্পৰ্কত ভাষণ প্ৰদান কৰি কয়, “মূল্যাঙ্কন হৈছে নেচাৰনোমিক্সৰ মূল চাবিকাঠি। মূল্যৰ ওপৰত আধাৰিত নেতৃত্ব যিকোনো সফলতাৰ কাৰক হিচাপে বিবেচিত হয়।” তেওঁ লগতে কয় যে প্ৰকৃতিৰ পৰা লাভ কৰা আনন্দক যদি আমি অৰ্থনীতিলৈ পৰিবৰ্তন কৰিব পাৰো, তেনেহলে ইয়াৰ পৰাই মূল্যাংকন সৃষ্টি হয়।

আলোচনা চক্ৰত বক্তব্য ৰাখি চেণ্টাৰ পলিচী ৰিচাৰ্চৰ জ্যেষ্ঠ ভিজিতিং ফেলো গৌতম মুখোপাধ্যায়ে উল্লেখ কৰে যে “আমি জৈৱ বৈচিত্ৰ্য সন্মিলনত চি অ পি ২৭ আৰু চিঅপি ২৮ ত অনুষ্ঠিত জৈৱ বৈচিত্ৰ সন্মিলনত অৰণ্যৰ ওপৰত আমাৰ মহান প্ৰতিশ্ৰুতি প্ৰদান কৰিছো যদিও বন সংৰক্ষণ সংশোধনী আইনৰ দৰে বিষয় সমূহত আমাৰ প্ৰকৃত নীতিয়ে ইয়াৰ ওপৰত ওলোটা অগ্ৰগতিহে প্ৰদৰ্শন কৰে।”

ইষ্টাৰ্ণ হিমালয় নেচাৰনোমিক্স সন্মিলনত মঙলবাৰৰ কাৰ্যসূচীত ভূমি, শক্তি, আৱৰ্জনা, পানী, বায়ু, কাৰ্বন আৰু পূৱ হিমালয়ৰ বাবে এক গঠনমূলক ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ বিষয়ে অধিক আলোচনা কৰা হ’ব।

ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ; প্ৰতিগৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন…

মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাৰ বাবে ভাল খবৰ।

প্ৰতিগৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন।

মধ্যাহ্ন ভোজনৰ প্ৰতিগৰাকী ৰান্ধনী সহায়িকাই নতুন বছৰৰ পৰাই লাভ কৰিব ধন।

১,৫০০ টকা মাননিৰ উপৰিও লাভ কৰিব ১,২৫০ টকা অৰুণোদয়ৰ ধন।

সকলো ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন।

১লাখ ১৮হাজাৰ ৯৯৮ গৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন।

নিয়মীয়াকৰণ হ’ব ৰান্ধনীসকলৰ মাননী।

শিক্ষামন্ত্ৰীৰ বৈঠকৰ অন্তত সদৌ অসম ৰান্ধনী সহায়িকা সন্থাৰ এই ঘোষণা।