কেৰালাত চলিত মাহৰ ৮ তাৰিখে এগৰাকী ৰোগীৰ পৰীক্ষাৰ নমুনাত JN.1 নামেৰে ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰ(Covid-19 sub variant) ধৰা পৰিছে। চৰকাৰী এক সূত্ৰই শনিবাৰে প্ৰদান কৰিছে এই তথ্য । চৰকাৰী সূত্ৰটোৱে জনোৱা মতে, ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰাৰ অন্তত ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰটোৰ দ্বাৰা মহিলাগৰাকী সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ দেহত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (ILI)ৰ এক মৃদু লক্ষণো দেখা গৈছিল যদিও তেওঁ ক’ভিড-১৯ৰ এই সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।
তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ এইগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিডৰ এই নতুন চাব ভেৰিয়েণ্টবিধৰ অৱস্থিতি পোৱা গৈছিল যদিও ৰাজ্যখনৰ আন কোনো ঠাইত ইয়াৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহা নাই। ইফালে সূত্ৰটোৱে জনোৱা অনুসৰি, ‘এই এটা ঘটনাই পোহৰলৈ আহিছে যদিও এতিয়ালৈকে ভাৰতৰ আন কোনো প্ৰান্তত JN.1 ভেৰিয়েন্টত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই।’
উল্লেখ্য যে, ক’ভিড-১৯ ৰ উপ-প্ৰকাৰ (Sub variant) JN.1 প্ৰথমে লাক্সেমবাৰ্গত চিনাক্ত কৰা হৈছিল। কেইবাখনো দেশলৈ বিয়পি পৰা এই সংক্ৰমণ পিৰোলো ফৰ্ম (BA.2.86)ৰ সৈতে সম্পৰ্কিত। এটা সূত্ৰই জনোৱা মতে ইয়াত বিশেষকৈ স্পাইক প্ৰ’টিনত যথেষ্ট সংখ্যক অনন্য মিউটেচন থাকে, যিয়ে সংক্ৰমণ বৃদ্ধি কৰিব পাৰে। লগতে সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, প্ৰাথমিক তথ্য অনুসৰি আপডেট কৰা ভেকচিন আৰু চিকিৎসাই অৱশ্যে এই JN.1 চাবষ্ট্ৰেইনবিধৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব ।
ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ (বিভিএফএফ) তৃতীয় দিনাৰ আন এক উল্লেখযোগ্য অনুষ্ঠান আছিল ‘মাষ্টাৰিং দ্য ইভলভিং লেণ্ডস্কেপ অৱ ৱেব ছিৰিজ’ বিষয়ক আলোচনাচক্ৰ। এই আলোচনাত পৰিচালক, লেখক আৰু প্ৰযোজক কৃষ্ণ ডি কে আৰু পৰিচালক, ঔপন্যাসিক আৰু লেখক সুমন কুমাৰ উপস্থিত থাকে। বি ভি এফ এফৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰচাৰ সঞ্চালক কৰ্ম পালজৰে আঁত ধৰা এই মননশীল অনুষ্ঠানত বৰ্তমানৰ চিনেমা জগতখনত ৱেব ছিৰিজ নিৰ্মাণৰ জটিলতাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
১৭ ডিচেম্বৰ, অৰ্থাৎ মহোৎসৱৰ সামৰণিৰ দিনটো আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে। ১৭ ডিচেম্বৰ, দেওবাৰে পুৱা ১১ বজাৰ পৰা কেইবাখনো মনোগ্ৰাহী ছবিৰ প্ৰদৰ্শন আৰম্ভ হ’ব আৰু সন্ধিয়া ঠিক ৫:১৫ বজাৰ লগে লগে অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান।
পুনৰ ৰঙা চকু দেখুৱাই আহিছে কোভিডে। পুনৰ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে।কোভিড এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷
আচলতে আজিকালি কোনেও জানিবই নিবিচাৰে কৰ’নাৰ বিষয়ে। ক’তো বিশেষ আলোচনাও নহয়, গতিকে বহুতৰে মনলৈ আহে এটা প্ৰশ্ন যে ক’ৰ’না সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে নেকি? উত্তৰটো হ’ল- নাই। হয়, শেষ হোৱা নাই মহাসংহাৰী ক’ভিড। যদিও ক’ভিডৰ বিষয়ে চৰ্চা কমি আহিছে, কিছু সময়ৰ পাছত নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। শেহতীয়াকৈ ক’ৰ’নাৰ এটা চাব-ভেৰিয়েণ্ট JN-1এ আমেৰিকাত উত্তেজনাৰ সৃষ্টি কৰিছে, এতিয়া কেৰালাতো ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট।
যোৱা ৮ ডিচেম্বৰত কেৰালাত JN.1 sub-form Covid-19ৰ এজন ৰোগী ধৰা পৰিছে। শনিবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে এই তথ্য। ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰা হৈছিল, য’ত সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ মৃদু লক্ষণ আছিল আৰু তেওঁ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল।
এফালে নতুন Covid ভেৰিয়েন্ট আৰু আনফালে এই দেশে HV.1 ভেৰিয়েন্ট নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে। এতিয়া ভাৰতৰ জনসাধাৰণেও অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি কেৰালাত থাকে তেন্তে ইয়াৰ আশংকা অলপ বেছি।
এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে উদ্বেগ সৃষ্টি হৈছে কাৰণ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱ ৰাজ্যখনত ইতিমধ্যে বৃদ্ধি পোৱা ৰোগীৰ ওপৰত পৰিব পাৰে। ইফালে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ক’ভিড টাস্ক ফ’ৰ্চৰ সহ-সভাপতি ডাঃ ৰাজীব জয়দেৱনে কয় যে শেহতীয়াকৈ ভাৰতত বিশেষকৈ কেৰালাত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জেএন.১ এটা কাৰক হ’ব পাৰে।
১৯৭১ চনত ভাৰত – পাকিস্তান যুদ্ধত ১৬ ডিচেম্বৰৰ দিনটোতে ভাৰতে পাকিস্তানক পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল। এই দিনটোতে পাকিস্তান সেনাৰ লেফটেনেন্ট জেনেৰেল নিয়াজীৰ নেতৃত্বত ৯০ হাজাৰৰো অধিক পাকিস্তান সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পন কৰিছিল।
লগতে ভাৰতীয় সেনাই পাকিস্তানৰ দখলৰ পৰা পূব পাকিস্তানক স্বাধীন কৰিছিল। ভাৰতৰ সহযোগত গঠন হৈছিল স্বাধীন বাংলাদেশ নামৰ এখন দেশ। এই ঐতিহাসিক দিনটোত ভাৰতে সদায় বিজয় দিৱস হিচাপে পালন কৰি আহিছে।
ইয়াৰ অংশহিচাপে সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত শনিবাৰে বিজয় দিৱস পালন কৰা হয়।
বি টি আৰত শান্তি, স্মাৰ্ট আৰু সেউজ বড়োভূমি গঢ়াৰ লক্ষ্যৰে শপত গ্ৰহণ কৰা প্ৰমোদ বড়োয়ে তিনিটা বছৰ সম্পূৰ্ণ কৰিলে। শনিবাৰে তিনি বছৰীয়া কাৰ্যকালৰ সফলতাৰ খটিয়ান দাঙি ধৰে৷ গুৱাহাটীৰ লিলি হোটেলত শনিবাৰে আয়োজিত এক সংবাদমেলত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে ১৯৫৭ ৰ পৰা বড়োভূমিত ৫০০০ লোকে শ্বহীদবৰণ কৰিলে৷ এটা সময়ত বি টি আৰত এক ভয়াৱহ পৰিৱেশ আছিল৷ কিন্তু এতিয়া সেই পৰিৱেশ সলনি হৈছে৷ বি টি আৰত ক্ৰমান্বয়ে শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ বড়োভূমিত হিংসা নাইকিয়া কৰি সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰা তথা শান্তি, স্মাৰ্ট আৰু সেউজ বড়োভূমি হিচাপে গঢ়ি তোলাৰ মূল লক্ষ্য বান্ধি লোৱা হৈছে৷
বিগত তিনিটা বছৰত বি টি আৰত এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বড়োভূমিত ইউ পি পি এল, বিজেপি আৰু জি এছ পি তিনিটা দল মিলি বিভিন্ন জাতি-জনগোষ্ঠীক ঐক্যতাৰে আগবঢ়াই নিয়াৰ প্ৰয়াস চলোৱা হৈছে৷ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বি টি আৰৰসাধাৰণ জনতাই শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে৷ সেই শংকা এতিয়া নাই৷ নিশাৰ ভাগলৈকেও ৰাইজে মুকলিকৈ চলন-ফুৰণ কৰিব পাৰে৷ তিনি বছৰত বড়ো-অবড়োৰ মাজত হোৱা নাই কোনো ধৰণৰ সংঘাত৷ সকলোৱে একেলগে আগবাঢ়ি গৈছে৷ প্ৰমোদ বড়োই আৰু কয় যে ১৭ বছৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিছিল৷ ১৭ বছৰত সেইসকল লোকে বি টি আৰবাসীৰ মাজত তিনিহাজাৰ কোটি টকাৰ ধাৰ জাপি দিছিল৷
কিন্তু এই তিনি বছৰত এই ধাৰৰ পৰিমাণ ১২০০ কোটি টকালৈ নামি আহিছে৷ তেওঁ কয় যে বি টি আৰৰ জনসংখ্যা ৩৫ লাখ৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে৷ যুৱক-যুৱতীয়ে, খেতিয়কে কি কৰিব, কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত বিভাগে বিভাগে সমীক্ষা চলাবলৈ পৰিকল্পনা হাতত লোৱা হৈছে৷ তেওঁ লগতে কয় যে ২০২০ চনত বি টি আৰ চুক্তিত স্বাক্ষৰিত হৈছিল৷ বি টি আৰ চুক্তিৰ ৮০-৯০ শতাংশ কাৰ্যকৰী হৈছে৷ শেহতীয়াকৈ ২০ টা ফেল’শ্বিপ প্ৰগ্ৰেম হাতত লোৱা হৈছে৷ বি টি আৰত ১০৬০ কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে৷ তিনি বছৰীয়া উন্নয়নৰ খটিয়ান দাঙি ধৰি বি টি আৰ প্ৰধানগৰাকীয়ে আৰু কয় যে বি পি এফে ১৭ বছৰত ৩৯ হাজাৰ গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল৷
কিন্তু বিগত তিনিটা বছৰত বি টি আৰত ৰ,৬৯,০৭৩ টা গৃহ নিৰ্মাণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ একেদৰে অংগৱাড়ী, বিদ্যালয়সমূহত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে৷ বি টি আৰ ভূমি নথি এশ শতাংশ ডিজিটেলাইজেশ্যন কৰা হৈছে৷ সেউজ বড়োভূমি গঢ়াৰ লক্ষ্যৰে বি টি আৰত জ্ঝ,২১,৭৩০ গছপুলি ৰোপণ কৰা হৈছে৷ অহা তিনি বছৰত এক কোটি গছপুলি ৰোপণৰ পৰিকল্পনা হাতত লোৱা হৈছে৷ বি টি আৰত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে আৰু কয় যে বড়োভূমিত পাঁচহাজাৰ লোক বাহিৰত কৰ্মসংস্থাপন লাভ কৰিছে৷ বি টি আৰত এক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ যাতে বি টি আৰৰ লোকসকলে কৰ্মসংস্থাপন লাভ কৰে আৰু অৰ্থনৈতিকভাৱে সবল হয়৷ ইপিনে, বি টি আৰৰ ৪০ টা পাৰিষদীয় সমষ্টিৰ প্ৰতিটো সমষ্টিটেই এক কোটি টকা ব্যয়ৰে এটাকৈ অডিটৰিয়াম নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে৷ আনহাতে প্ৰতিটো সমষ্টিত পাঁচ কোটি টকা ব্যয়ৰে এটাকৈ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব৷ ৪২০ টা ভি চি ডিত এটাকৈ নলেজ চেণ্টাৰ গঢ়ি তোলা হ’ব৷
পূৰ্বৰ চৰকাৰৰ দিনত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷ সেয়েহে সেই ভুক্তভোগী লোক, বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ মূৰব্বীসকলক লৈ অহা এক জানুৱাৰীৰ পৰা চিৰাঙত ইণ্টাৰনেচনেল পীচ এণ্ড হেপিনেছ প্ৰগ্ৰেমৰ আয়োজন কৰা হৈছে৷ এই কাৰ্যসূচীৰ জৰিয়তে সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্যতা আৰু শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হ’ব৷ বি টি আৰৰ চাৰিশ হাস্পতালত ইতিমধ্যে চলাৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বি টি আৰক আৰু অধিক শক্তিশালী কৰা হ’ব৷ শেহতীয়াকৈ ছয়াবিন মিছনৰ কাম হাতত লোৱা হৈছে৷ ১৮০ হেক্টৰ ভূমিত ছয়াবিনৰ খেতি কৰা হৈছে৷ পিক মিছনৰ জৰিয়তে দৈনিক এক লাখ কেজি মাংস উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷
এহেজাৰ কৃষকক কাঠফুলাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছুপাৰ ৪০১ জৰিয়তে এক বিশেষ পদক্ষেপ হাতত লোৱা হৈছে৷ এই ছুপাৰ ৪০ ৰ পৰাই ২৫ জন এ পি এছ চিৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ এইবাৰ ১৫০ যুৱক-যুৱতীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ দিল্লীত ৫০, গুৱাহাটীত ৫০ গৰাকীক আই আই টিৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে৷ অহা বছৰৰ পৰা বি টি আৰত নিজাববীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা হাতত ল’ব বুলি তেওঁ উল্লেখ কৰে৷ বিগত তিনিটা বছৰত ১২০০ বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হৈছে আৰু ২০২৪ ৰ ভিতৰত সকলো বিদ্যালয় নতুন ৰূপত গঢ় দিয়া হ’ব৷ আনহাতে, বি টি আৰৰ দুখন জিলাত কৃষকৰ দাদাবেজ সম্পূৰ্ণ কৰা হৈছে৷ সেই জিলা দুখনৰ কৃষকসকলৰ যাৱতীয় নথি-পত্ৰ অনলাইনত উপলব্ধ হৈছে৷ বি টি আৰক প্লাষ্টিকমুক্ত কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয় যে বৰিঙৰ পানীৰ ব্যৱহাৰ নাইকিয়া কৰিব৷ প্ৰাকৃতিকভাৱে যি উৎস থাকে, তাৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা হ’ব৷ ১১০০০ পৰিয়ালে ইতিমধ্যে বন অধিকাৰ এক্টৰ অধীনত অধিকাৰ লাভ কৰিছে৷
ইপিনে, মূলসুঁতিলৈ অহা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ কৰ্মসংস্থাপনৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে৷ ইতিমধ্যে সেই সদস্যসকলক পাঁচ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ সকলোৱে এতিয়া সমবায়ৰ জৰিয়তে স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে সহযোগিতা আগবঢ়াইছে৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো আঁচনি বি টি আৰত ৰূপায়িত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া আৰু আগৰ পৰিৱেশ নাই৷ সম্পূৰ্ণ সলনি হৈছে৷ ৭২ হাজাৰ পৰিয়ালৰ ভূমিৰ সমস্যা নাইকিয়া কৰা হৈছে৷ স্বাধীনতাৰ ৫০ বছৰ ধৰি বি টি আৰত এক অস্থিৰতা আছিল৷ এতিয়া সেই অস্থিৰতা নাইকিয়া হৈছে৷ কেলেংকাৰীৰ আন এক প্ৰসংগ উত্থাপন কৰি কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বি টি আৰত ১৫০০ কোটিৰ কেলেংকাৰী সংঘটিত হৈছিল৷ ধন গৈছে, কিন্তু বিত্তীয় অনুমোদনেই নাছিল৷
অডিটত ইতিমধ্যে ধৰা পৰিছে কেলেংকাৰী৷ যোৱা বছৰ এই কেলেংকাৰীৰ চি বি আই তদন্তৰ বাবে পাৰিষদত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে৷ ইপিনে, ভূমিৰ অধিকাৰৰ প্ৰসংগ সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে ভূমিৰ অধিকাৰ পাবলৈ হ’লে ভাৰতীয় নাগৰিক হ’ব লাগিব৷ বি টি আৰত ২০০৩ ৰ আগৰ সকলো জাতি-জনগোষ্ঠীৰ লোকেই ভূমিৰ অধিকাৰ লাভ কৰিব৷ কোনো জাতি-জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নহ’ব৷ ইতিমধ্যে বি টি আৰত পি জি আৰ, বি জি আৰত কিমান লোক আছে তাৰ তথ্য সংগ্ৰহ কৰি থকা হৈছে৷ আজিৰ সংবাদমেলত পাৰিষদ ঘনশ্যাম দাস, গৌতম দাস, বি টি আৰ সচিব প্ৰধান আকাশদ্বীপৰ লগতে কেবাজনো বিষয়া উপস্থিত থাকে৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু মোদী চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়েতেওঁলোকৰ জীৱনলৈ কিদৰে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই বিষয়ে বুজ লয়। বিকশিত ভাৰত সংকল্প যাত্রা হৈছে ভাৰত চৰকাৰৰ সর্ববৃহৎ জন ভাগীদাৰী পদক্ষেপ, যিয়ে অহা বৰ্ষৰ ২৫ জানুৱাৰীৰ ভিতৰত সমগ্ৰ দেশৰ ২.৬০ লাখ গাঁও পঞ্চায়ত আৰু ৪,০০০ৰো অধিক ইউএলবি-ক সামৰি ল’ব। মাত্র এমাহৰো কম সময়ৰ ভিতৰতে এই যাত্রা দেশৰ ৬৮,০০০ গাঁও পঞ্চায়তৰ ২.৫০ কোটিৰো অধিক নাগৰিকৰ ওচৰলৈ গৈছে। তদুপৰি, প্ৰায় ২ কোটি লোকে বিকশিত ভাৰতৰ সংকল্প গ্রহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ২ কোটিৰো অধিক হিতাধিকাৰীয়ে ‘মেৰী কাহানী মেৰী জুবানী’ পদক্ষেপৰ অধীনত তেওঁলোকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়, “বিকশিত ভাৰতৰ এই সংকল্প যাত্রা হৈছে এখন নতুন, শক্তিশালী, সমৃদ্ধিশালী আৰু সুস্থ-সবল ভাৰতৰ দিশত ‘মোদী কি গেৰাণ্টি’ৰ এক নিদর্শন। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সমগ্র দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সর্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ দিশত দ্রুতগতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াই সকলো প্রত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্রক্রিয়াত স্বচ্ছতা আৰু সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী আৱাস যোজনা, পিএম কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, প্রধানমন্ত্রী বিশ্বকর্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টার্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে বিগত ৯ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে,যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূর্ণোদ্যমে অটুট আছে।”