কাৰ্বি আংলং জিলাৰ ডিফুৰ লুৰুলাংছস্থিত ৰাংছিনা চাৰপ’ সাংস্কৃতিক ভৱনত হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁও তথা হাওৰাঘাটৰ সাংবাদিক, লেখক ধৰ্মেন্দ্ৰ খাখলাৰীৰ ‘মহৎ লোকৰ অমৃত বাণী’ আৰু বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ ‘বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট কবি তথা সাংবাদিক শৰৎ পাটৰে আঁত ধৰা অনুষ্ঠানত উন্মোচনক হিচাপে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে ধৰ্মেন্দ্ৰ খাখলাৰীৰ ‘মহৎ লোকৰ অমৃত বাণী’ গ্ৰন্থ উন্মোচন কৰাৰ বিপৰীতে ৰূপালী বসুমতাৰীৰ ‘বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰে ‘অস্তিত্বৰ সময়’ৰ কবি লক্ষেশ্বৰ শৰ্মাই।
এই দুখনকৈ গ্ৰন্থ উন্মোচনী গাম্ভীৰ্যপূৰ্ণ সভাত সমাজকৰ্মী তথা ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে সূৰ্য ৰংফাৰ আৰু কাংবুৰা কিলিং উপস্থিত থাকে। এই সভাত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট,লাংহিন, বকলীয়াঘাট, মাঞ্জা, বোকাজান, ডিফু আৰু পশ্চিম কাৰ্বি আংলঙৰ শতাধিক কবি, সাহিত্যিক, লেখক, সাংবাদিক উপস্থিত থাকে। শিশু সাহিত্য অকাডেমি বঁটা বিজয়ী ৰত্নেশ্বৰ নাৰ্জাৰী, বালিমাহি খ্যাত কবি তথা পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোচ, বিশিষ্ট লেখক,কবি ভৱপ্ৰসাদ দেউৰী, বিশিষ্ট লেখক পবিত্ৰ বৰা, বিশিষ্ট কবি থানেশ্বৰ গয়াৰী, কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং টকবি, জেষ্ঠ সাংবাদিকদ্বয় নগেন বৰা, মুকুল বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী সাবিত্ৰী গগৈ, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এৎ হাঞ্চে, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা, কল্পনা বৰা, আদি উপস্থিত থাকে।
স্বাস্থ্যৰ পৰামৰ্শ: যদি আপুনি নতুন বছৰত নিজকে ফিট কৰি ৰখাৰ সংকল্প লৈছে, তেন্তে এই ৫টা নিয়ম মানি চলক। দীৰ্ঘ আৰু সুস্থ জীৱন যাপনৰ বাবে ফিট হৈ থকাটো অতি প্ৰয়োজন। এই বছৰটো শেষ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী, গতিকে নৱবৰ্ষৰ আনন্দত বহুতে নিজৰ স্বাস্থ্যক সুস্থ কৰি ৰখাৰ প্ৰতিশ্ৰুতি লয়। গতিকে এই নৱবৰ্ষত স্বাস্থ্যৰ বাবে কি কৰিব জানি লওক এই বিষয়ে-
প্ৰতিদিনে বয়স বৃদ্ধি হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। বয়স হ্ৰাস কৰিব নোৱাৰি। বিশেষজ্ঞসকলৰ মতে ২৫ শতাংশ ক্ষেত্ৰত দীৰ্ঘজীৱন জীয়াই থকাটো আমাৰ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে, বাকীখিনি আমাৰ দৈনন্দিন কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰে। দীৰ্ঘ আৰু সুস্থ জীৱন যাপনৰ কোনো চৰ্টকাট নাই। কিন্তু আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত কিছুমান কাৰক আছে যিয়ে আমাৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু আমাৰ স্বাস্থ্য উন্নত কৰিব পাৰে।
খাদ্যই স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, বহু গৱেষণাৰ পৰা দেখা গৈছে যে সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফল-মূল স্বাস্থ্যৰ বাবে অতি উপকাৰী, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বয়সৰ ওপৰত পৰে। যদি আমি উদ্ভিদ ভিত্তিক খাদ্যৰ কথা কওঁ তেন্তে ইয়াৰ ভিতৰত ফলমূল, শাক-পাচলি মাহজাতীয় শস্য আৰু বাদাম আদি অন্তৰ্ভুক্ত। এইবোৰ বস্তু দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী। এই খাদ্যসমূহত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰৰ দৰে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে, যিবোৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰায় সকলো ৰোগৰ বাবে উপকাৰী। উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰিলে হৃদৰোগ, কেন্সাৰ, ডায়েবেটিছ আৰু মেদবহুলতাৰ দৰে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
বয়স অনুযায়ী শৰীৰৰ ওজন ভালে থাকিলে সুস্থ হৈ থকাত অতি সহায়ক হয়। মেদবহুলতা এনেকুৱা এটা সমস্যা যিয়ে শৰীৰত বহুতো নতুন সমস্যাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে হৰম’নৰ ভাৰসাম্যহীনতা, হৃদৰোগ, উচ্চ ৰক্তচাপ, চেনি, কেন্সাৰ আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
অসম সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰপেটা জিলা সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় ৷ বৰপেটা জিলা সাহিত্য সভাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এই কাৰ্য্যসূচী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোবিন্দ তালুকদাৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সদস্য ডাঃ কমল কৃষ্ণ দাসে আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় সম্বৰ্ধনা আৰু মুকলি সভা ৷ বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জয়ন্ত কুমাৰ দাসে ৷
সভাত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ কাৰ্য্যকৰী সভাপতি তথা বিশিষ্ট কবি ডাঃ হৰেন চৌধুৰী, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সাহিত্য সেৱী প্ৰমোদ দাস আৰু বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন শিক্ষা বিষয়া প্ৰমোদ শৰ্মাক তেওঁলোকে অসমীয়া সাহিত্য জগত আৰু সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি বঁটা প্ৰাপক সকলে অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত নৱ প্ৰজন্মক আগুৱাই অনাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই বিশেষ পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ সভাত ডাঃ কমল কৃষ্ণ দাস, ৰামকৃষ্ণ তালুকদাৰ, গোবিন্দ তালুকদাৰ, অনিল দাস, অতুল কলিতা, বাণীকান্ত ভূঞা, দিনেশ দাস আৰু নীতিশ ৰঞ্জন পাটগিৰীয়ে সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে মতপোষণ কৰে ৷ সভাত লগতে বৰপেটা জিলা সাহিত্য সভাৰ মুখপত্ৰ বৰপীঠখন প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰি অনিল দাসক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে ৷