Home Blog Page 1158

PROTECH GUWAHATI PREMIER FOOTBALL LEAGUE

PROTECH GUWAHATI PREMIER FOOTBALL LEAGUE: North East United FC vs North East Frontier Railway Sports Association ( NFRSA). North East United FC defeated NFRSA 3-1.

Scorers
North East United FC: Jahangir Ahmed 48mins,
Abhishek Shankar 63mins,
Shlou 88 mins.

NFRSA: Sibra Narzary 20 mins.

Yellow Card was shown to Sukanta Roy 44 mins, Amit Thakuria 80 mins, Dipak Ghatwar 84 mins of NFRSA
and Jackson Singh 50 mins of North East United FC was also Yellow Card

Player of the Match
Sri Nambrath Shigil of North East United FC trophy and cash award of Rs2100/- presented by Sri Munin Nobis CEO Guwahati Sports Association

Tomorrow’s Match
Oil India Limited vs Assam Police
Kick off 2.45 pm
ASEB Sports Club vs Gauhati Town Club
Kick off 5.00 pm.

তিতাবৰৰ দীপাংকৰ গগৈৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দীপাংকৰ গগৈৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ তদন্তৰ নির্দেশ। অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়াই চলাব তদন্ত। অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধেও চলিব তদন্ত। ৩০ দিনৰ ভিতৰত দাখিল হ’ব তদন্তৰ প্ৰতিবেদন। সামাজিক মাধ্যমত সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে।

আৰক্ষীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি এই সিদ্ধান্ত লোৱাৰ অভিযোগ আনিছিল পৰিয়ালে। আলফাৰ সন্দেহত দীঘলীয়া সময় ধৰি নিৰ্যাতন কৰা বুলি অভিযোগ তুলিছিল পৰিয়ালৰ লোকে।

পিতৃৰ লগতে কান্দি কান্দি মাতৃ আৰু ভগ্নীয়েও আৰক্ষীৰ বিৰুদ্ধে কৰিছিল অভিযোগ। ৩০ দিনৰ ভিতৰত এই তদন্তৰ প্রতিবেদন দাখিল কৰিব অতিৰিক্ত মুখ্য সচিবে। তদন্তৰ আওতালৈ আহিব যোৰহাট আৰু তিতাবৰ আৰক্ষী।


তিলৰ ব্যৱহাৰ আৰু উপকাৰিতা সমূহ জানক…

বৰ্তমান ভোগালী বিহুৰ বতৰ।ভোগালী বিহু বুলি ক’লে পৰম্পৰাগতভাৱে বিভিন্নধৰণৰ পিঠা-পনা,জলপান অথবা নানান ধৰণৰ খাদ্য সম্ভাৰ আদিৰ কথা মনলৈ আহে।পিছে আজিৰ প্ৰতিজন স্বাস্থ্য সচেতন ব্যক্তিয়ে খাদ্য সম্ভাৰৰ লগে লগে চিন্তা কৰে সেইবোৰৰ পুষ্টি,গুণাগুণ ইত্যাদি দিশ।ভোগালীৰ এনেবোৰ খাদ্য সম্ভাৰ প্ৰস্তুতকৰণত ব্যৱহ্ৰত হোৱা বিভিন্ন খাদ্য উপকৰণৰ ভিতৰত সচৰাচৰ সাউৎকৈ মনলৈ অহা তথা প্ৰায় মানুহৰে প্ৰিয় এবিধ সামগ্ৰী হ’ল তিল।হ’ব পাৰে ই তেনেই ক্ষুদ্ৰ ক্ষুদ্ৰ ক’লা চিকচিকীয়া ৰঙৰ গুটি কিছুমানহে মাত্ৰ,পিছে ইয়ে স্বাস্থ্যক্ষেত্ৰত অতুলনীয় গুণ বহন কৰে যিবোৰ গুণ বহু গুৰুত্বপূৰ্ণ।তিল উদ্ভিদজোপা এবিধ শাক বন জাতীয় একবৰ্ষজীৱী উদ্ভিদ।দীঘলীয়া আয়তাকাৰ কেপচুল জাতীয় ফলৰ ভিতৰত অসংখ্য গুটিবোৰ সৃষ্টি হয়,যিবোৰ ফলটো পূৰঠ হ’লে ফাটি বাহিৰ হ’বলৈ ধৰে।এইদৰে পৈণত উদ্ভিদবোৰ উঘালি বা গুৰিতে কাটি আনি ৰ’দত শুকাই শস্যবিধ সংগ্ৰহ কৰা হয়।তিলৰ পুষ্টিমূল্য যথেষ্ট তথা ঔষধি গুণো অলেখ।

তিলৰ প্ৰতি 100 গ্ৰাম থকা বিভিন্ন উপাদান সমুহ-

পানী 5.3 গ্ৰাম: ;প্ৰ’টিন 18.5 গ্ৰাম; ফেট 43.3 গ্ৰাম; খনিজ পদাৰ্থ 5.2 গ্ৰাম; আঁহ 2.9 গ্ৰাম; কাৰ্বহাইড্ৰেট 25 গ্ৰাম; শক্তি 563; কেলছিয়াম 1450 মি: গ্ৰাম: ;ফছফৰাছ 570 মি:গ্ৰা: ;আয়ৰণ 10.5 মি: গ্ৰাম; কে’ৰটিন 60 মি: গ্ৰাম; থায়মিন 1.01 মি: গ্ৰাম; ৰাইব’ফ্লেভিন 0.34 মি: গ্ৰাম; নিয়েচিন 4.4 মি: গ্ৰাম; ইত্যাদি।

তিলৰ ব্যৱহাৰ আৰু উপকাৰিতা-

আমি তিল বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ।তিলেৰে বিভিন্ন ধৰণৰ পিঠা-পনা প্ৰস্তুত কৰা হয়।তিলৰপৰা তৈয়াৰ কৰা তেল বৰ উপযোগী তথা ঔষধি গুণসম্পন্ন।তিলেৰে প্ৰস্তুত কৰা চাটনিখিনি প্ৰায় মানুহৰে প্ৰিয়।তেলেৰে বিভিন্ন ধৰণৰ আঞ্জা-পাতি তৈয়াৰ কৰি খাব পৰা যায়।এটি অতি সুবিধাজনক কথা যে তিলক অতি সহজতে ভালদৰে সংৰক্ষণ কৰি বছৰটোৰ প্ৰায় বাৰ মাহেই সময়ে সময়ে খাব পৰা যায়,যাক খোৱা পদ্ধতিও বৰ জটিল নহয়।তিলত ইয়াৰ ওজনৰ প্ৰায় 20 শতাংশই উচ্চ গুণসম্পন্ন প্ৰ’টিন থাকে।ইয়াত উপযুক্ত পৰিমাণৰ মেগনেছিয়াম তথা আন পুষ্টিদ্ৰব্যবোৰ থাকে বাবে আমেৰিকান জাৰ্ণেল অব ক্লিনিকেল নিউট্ৰিচনৰ মতে,তিল তেলৰ ব্যৱহাৰে এন্টিডায়েবেটিক ঔষধৰ সক্ৰিয়তা বৃদ্ধি কৰে।আনকি ডায়েবেটিছ ৰোগ সৃষ্টি প্ৰতিৰোধ কৰিব পাৰে।

তিলৰ যথেষ্ট পৰিমাণৰ মেগনেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়কহে হয় যদিও সাধাৰণ মানুহে তেলজাতীয় পদাৰ্থ থকা বাবে তাক খাবলৈ দ্বিধাবোধ কৰে।

ক’লা জাতৰ তিলত বেছিকৈ থকা ফাইট’ষ্টেৰলে কলেষ্টেৰলৰ উৎপাদনত বাধা জন্মায়।ফলত তেজত থকা যথেষ্ট পৰিমাণৰ আহঁজাতীয় দ্ৰব্যি পাচনতন্ত্ৰৰ সক্ৰিয়তা ৰক্ষা কৰে তথা পাচনকাৰ্য সুচাৰুৰূপে চলাত যথেষ্ট অৰিহনা যোগায়।কোষ্ঠকাঠিন্যত ভোগা ব্যক্তিয়ে বাকলি নুগুচোৱা গোটা তিল এচামুচ চোবাই খাই যথেষ্ট পৰিমাণৰ কুহুমীয়া পানী খালে শৌচ খোলোচা হয়।ইয়াত থকা যথেষ্ট পৰিমাণৰ জিংকে কলাজেন নামৰ দেহত আটাইতকৈ বেছিকৈ থকা প্ৰ’টিনবিধ প্ৰস্তুতিত অৰিহণা যোগায় বাবে দেহৰ ছালক যথেষ্ট নমনীয়তা প্ৰদান কৰে।তিলে হেনো হ্ৰদযন্ত্ৰৰ সক্ৰিয়তা অটুট ৰাখিব পাৰে।কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ ছিছামন নামৰ এন্টি অক্সিডেন্ট তথা বিষ কমাব পৰা জৈৱ যৌগ থাকে।সেয়ে পাৰিলে মাজে-সময়ে বিভিন্ন ধৰণে তিলৰ খাদ্য সম্ভাৰ খাব লাগে।

তিলত আটাইতকৈ বেছি পৰিমাণে ফাইট’ষ্টেৰল তথা আন কিছুমান কৰ্কট প্ৰতিৰোধী পদাৰ্থ,যেনে-ফাইটিক এচিড,মেগনেছিয়াম আদি থাকে বাবে তিলে হেনো কৰ্কটৰ দৰে ভয়াৱহ বেমাৰো ৰোধ কৰি ৰাখিব পাৰে।

তিলত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম,কেলছিয়াম,থায়মিন তথা ট্ৰিপট’ফেন থাকে।এইবোৰে বিশেষকৈ ট্ৰিপট’ফেনে দেহত ছেৰ’টনিন নামৰ পদাৰ্থবিধ উৎপাদনত সহায় কৰে।এটি উল্লেখযোগ্য কথা যে দেহত উৎপাদিত ছেৰ’টনিনে মগজু কোষ তথা স্নায়ুতন্ত্ৰৰ আন আন কোষবোৰৰ মাজত যোগাযোগ অতি সুকলমে হোৱাত যথেষ্ট অৰিহণা যোগায়।গতিকে ইয়ে মানসিক হেঁচা,অস্থিৰতা দূৰ কৰি মানসিক সুস্থিৰতা প্ৰদান কৰিব পাৰে তথা হতাশা নাশ কৰিব পাৰে আৰু সুন্দৰ গভীৰ টোপনি অহাত সক্ৰিয়ভাৱে অৰিহণা যোগায়।ক’লা তিলৰ যথেষ্ট পৰিমাণৰ আয়ৰণ থকা বাবে ৰক্তহীনতা তথা দুৰ্বলতাত ভোগা ব্যক্তিৰ বাবে তিলো এবিধ উৎকৃষ্ট খাদ্য উপকৰণ।তিলে গাঁঠিৰ বিষ নিয়ন্ত্ৰণ তথা বাধা দিয়াৰ ক্ষমতাও বহন কৰে; ইয়ে হাড়,হাড়ৰ গাঁঠি তথা তেজৰ নলীবোৰক শক্তি প্ৰদান কৰিব পাৰে কাৰণ ইয়াত যথেষ্ট পৰিমাণে কপাৰ,কেলছিয়াম আদি থাকে।তিলে যকৃতৰ সক্ৰিয়তা বৰ্তাই ৰাখিব পাৰে আৰু অসময়ত ছালৰ কোচ খোৱা,বয়সৰ চাপ ৰুধিব পাৰে তথা ছালক নমনীয়তা প্ৰদান কৰে।তিলৰ তেলেৰে মালিছ কৰিলে শিশুটিৰ দেহৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগায় তথা শিশুটিৰ টোপনিও ভালদৰে হয়।তিলে দৃষ্টিশক্তি বৰ্তাই ৰালহিব পাৰে,দাঁতৰ সৌন্দৰ্য বৰ্তাই ৰাখিব পাৰে।আতাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তিলৰ বিভিন্ন উপাদানে এজমা বা শ্বাস-প্ৰশ্বাসজনিত ৰোগো প্ৰতিৰোধ কৰি ৰাখিব পাৰে।ইয়ে চুলি তথা মূৰৰ ছালৰ সৌন্দৰ্যও বৰ্তাই ৰাখিব পাৰে।

লেখিকা-ড° নমিতা নাথ

সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ কাৰ্যনিৰ্বাহ সভাত দাবী চনদৰ ওপৰত আলোচনা

সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ এখন কাৰ্যনিৰ্বাহক সভা ২৩ ডিচেম্বৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ দাবী চনদ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলৰ আৰ্হিত “ৰোগী পৰিচৰ্যা ভাট্টা” দিয়া, ‘নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখা’ৰ দাবী, চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰীসকলৰ ‘সুকীয়া চাকৰিৰ সেৱা বিধি’ ( Service Rules) প্ৰবৰ্তন কৰা আদি বিষয় সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে অসম চৰকাৰৰ ওচৰত শীঘ্ৰে দাবী সমূহ সমাধান কৰিবলৈ দাবী জনায়।

সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক দিলীপ চাংমাই সভাৰ আতধৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। কাৰ্যনিৰ্বাহ সভাত সংস্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী, কানুৰাম কলিতা, কাৰ্যকৰী সভাপতি জনক দাস , দিগন্ত হাজৰিকা , ইব্ৰাহিম আলি লস্কৰৰ লগতে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ১১ জন, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ৭ জন, অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ৬ জন , বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ২ জন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৭ জন , যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰা কেইবাজনো প্ৰতিনিধি উপস্থিত আছিল।

২২ ডিচেম্বৰত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায়। অধিৱেশন উপলক্ষে সংস্থাৰ পতাকা উত্তোলন কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি খগেন শইকীয়াই। স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ উপদেষ্টা নগেন হাজৰিকা আৰু দিগন্ত হাজৰিকাই। সাধাৰণ সভা আৰু বিষয় বাছনি সভাত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ ২০২৩-২০২৫ বৰ্ষৰ বাবে দিগন্ত হাজৰিকাক সভাপতি আৰু বিকাশ বৰদলৈক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়। বিষয় বাচনি সভাত পয্যবেক্ষক হিচাপে উপস্থিত আছিল সংস্থাৰ সভাপতি ৰমেন ভৰালী, সাধাৰণ সম্পাদক দিলীপ চাংমা, উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী আৰু কানুৰাম কলিতা।

অধিৱেশন উপলক্ষে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি খগেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সংস্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী। মুকলি সভাত মুখ্য অতিথি হিচাপে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: ৰত্নকান্ত তালুকদাৰ, অধীক্ষক পুৰ্ণীমা বৰুৱা, নিদিষ্ট বক্তা হিচাপে সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালী, সন্মানীয় অতিথি হিচাপে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতি প্ৰদীপ ৰাজখোৱা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা নৃপেন ভূঞা, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নাৰ্ছিং অধীক্ষক পুৰবী কলিতা, বিশিষ্ট অতিথি হিচাপে সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক দিলীপ চাংমা, উপদেষ্টা কানুৰাম কলিতা , সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ উপ-সভাপতি ইব্ৰাহিম আলি লস্কৰ উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

মুকলি সভাৰ আতধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক বাসৱ দাসে।

বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত

বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত। গোপন তথ্যৰ ভিত্তিত মঙলবাৰে নিশা অভিযান চলাই শিলচৰ আৰক্ষীয়ে মাছিমপুৰ এলেকাৰ পৰা তিনিওখন চুপাৰী ভৰ্তি গাড়ী জব্দ কৰে।‌

অৰুণাচল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবব্ৰত ফুকনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ এই চুপাৰীখিনি।‌

মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে মেঘালয়লৈ সৰবৰাৰহৰ সময়ত নিশা বৰখলাৰ ৰাখালখালৰ পাৰৰ পৰা জব্দ কৰা হয় চুপাৰী ভৰ্তি গাড়ী তিনিখন।

৩২ পৰ্যটকৰ লগত ভয়ংকৰ ঘটনা; পর্যটক কঢ়িওৱা এখন বাছ বাগৰি পৰিল খাৱৈত

৩২জন পৰ্যটকৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

ওড়িশাৰ ব্রাহ্মণীগাঁৱত পর্যটক কঢ়িওৱা এখন বাছ বাগৰি পৰিল খাৱৈত।

পশ্চিমবংগৰ পৰা গৈছিল পৰ্যটকৰ দলটো।

দুর্ঘটনাত ৩২জনৰো অধিক পর্যটক আঘাতপ্রাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নিনির্বাপকৰ দল।

দুর্ঘটনাত পতিত আটাইকে ততাতৈয়াকৈ উদ্ধাৰ কৰা হয়।

আহতসকলক ভর্তি কৰোৱা হৈছে হাস্পতালত ।

অস্কাৰ বিজয়ী কোৰিয়ান অভিনেতা লী চান-কিউৰ মৃত্যু…

অস্কাৰ বিজয়ী কোৰিয়ান অভিনেতা লী চান-কিউৰ মৃত্যু।

নিজৰ বাহনত মৃতদেহ উদ্ধাৰ অভিনেতাগৰাকীৰ। ৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ লী চান-কিউৰ।

নিষিদ্ধ ড্ৰাগৰ সেৱনৰ অভিযোগত তদন্ত চলি আছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে।

তেজপুৰ মাজ দেউৰী গাঁও প্ৰাথমিক বিদ্যালয়ত সম্প্ৰদায় উৎসৱ ২০২৩

শোনিতপুৰ জিলাৰ তেজপুৰৰ মাজ দেউৰীগাঁও প্ৰাথমিক বিদ্যালয়ত আয়োজিত কৰে সমগ্ৰ শিক্ষা অভিযানৰ
সম্প্ৰদায় উৎসৱ ২০২৩।

বুধবাৰে অনুষ্ঠিত কৰা হয় সৰ্বশিক্ষা অভিযানৰ দ্বাৰা সম্প্ৰদায় উৎসৱৰ এই ব্যতিক্ৰমি অনুষ্ঠান।

অনুষ্ঠানত ১১খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ও শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

তেজপুৰ মাজ দেউৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা এক শুভাযাত্ৰা সমদল উলিওৱা হয় আৰু বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ আৰম্ভ কৰা হয়। বিদ্যালয় প্ৰাঙ্গণত গছপুলিও ৰোপণ কৰা হয়।

দিল্লীত ভয়ংকৰ পৰিস্থিতি, ঘন কুঁৱলীয়ে আৱৰি ধৰিছে চহৰখন

দিল্লী-এনচিআৰৰ কিছু অংশ অতি ঘন কুঁৱলীয়ে আৱৰি ধৰিছে, যাৰ ফলত বুধবাৰে পুৱা দৃশ্যমানতা যথেষ্ট হ্ৰাস পাইছিল, যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভিতৰত আৰু বাহিৰত ৰে’ল আৰু বিমানৰ সেৱাত ব্যাঘাত জন্মে।

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণক সামৰি ১১০খনতকৈও অধিক বিমানৰ কুঁৱলীৰ বাবে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পলম হয়।

অঞ্চলটোত কম দৃশ্যমানতা অব্যাহত থকাৰ বাবে ৰে’ল সেৱাও প্ৰভাৱিত হয়।

বতৰৰ পূৰ্বাভাস অনুসৰি অহা তিনিদিনলৈ কুঁৱলীৰ পৰিস্থিতি অব্যাহত থাকিব, প্ৰদূষণ বৃদ্ধিৰ বাবে বুধবাৰৰ বায়ুৰ গুণাগুণ “গুৰুতৰ” মাত্ৰাত উপনীত হোৱাৰ সম্ভাৱনা আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজিৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী আৰু বৃহস্পতিবাৰৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰি ঘনৰ পৰা অতি ঘন কুঁৱলীৰ সম্ভাৱনাৰ ইংগিত দিয়ে, যাৰ বৈশিষ্ট্য হৈছে ৫০ৰ পৰা ২০০ মিটাৰৰ ভিতৰত দৃশ্যমানতা।

সফলতাৰ কাহিনী: দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবে সন্মুখীন হৈছিল বহু বাধাৰ! এতিয়া ১১২ মিলিয়ন ডলাৰৰ সাম্ৰাজ্যৰ গৰাকী এইগৰাকী মহিলা….

ব্যৱসায়িক সফলতাৰ কাহিনী: স্ব-নিৰ্মিত ব্যৱসায়ী আৰু সামাজিক উদ্যোগী কল্পনা সৰোজে আৰ্থিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি ভাৰতৰ এগৰাকী সফল আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হৈছে। বিশেষকৈ দুৰ্দশাগ্ৰস্ত কোম্পানীসমূহৰ পৰিৱৰ্তন আৰু সামাজিক কামৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ বাবে পৰিচিত কল্পনা সৰোজ। কল্পনা সৰোজ এগৰাকী ভাৰতীয় উদ্যোগী আৰু কামানি টিউবছৰ অধ্যক্ষ। দৰিদ্ৰতাত জন্মগ্ৰহণ কৰি শিশু অৱস্থাত নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ দেশৰ ভিতৰতে আটাইতকৈ বিচৰা উদ্যোগীসকলৰ ভিতৰত অন্যতম হ’বলৈ বৃহৎ প্ৰত্যাহ্বান অতিক্ৰম কৰে। এতিয়া তেওঁ ১১২ মিলিয়ন ডলাৰৰ সাম্ৰাজ্যৰ গৰাকী আৰু সকলোতে উচ্চাকাংক্ষী মহিলা ব্যৱসায়ীসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে। তেওঁক প্ৰথম “স্লামডগ মিলিয়নাৰ” বুলি কোৱা হয়।


মহাৰাষ্ট্ৰৰ বিদৰ্ভত কল্পনাৰ জন্ম হৈছিল দলিত পৰিয়ালত। আৰক্ষী কোৱাৰ্টাৰত বাস কৰা তেওঁ পৰিয়ালৰ নেতৃত্বত আছিল এজন কনিষ্টবল পিতৃ। বহু বৈষম্যৰ সন্মুখীন হোৱা দলিত ছোৱালী। তেওঁৰ তিনিগৰাকী ভনীয়েক আৰু দুজন ভাতৃ আছিল। বিদ্যালয়ে আগবঢ়োৱা কোনো পাঠ্যক্ৰমৰ বাহিৰৰ কামত তেওঁক অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ উপৰিও আন ল’ৰা-ছোৱালীৰ মাক-দেউতাকে তেওঁৰ লগত সময় কটোৱা, তেওঁৰ লগত খেলা-ধূলা কৰা আৰু খাদ্যৰ ভাগ-বতৰা কৰাৰ বাবে শাস্তি দিছিল। স্কুলত পঢ়ি ভাল পাইছিল আৰু এগৰাকী মেধাৱী ছাত্ৰী আছিল। দলিত হোৱাৰ বাবে প্ৰায়ে আন ছাত্ৰ-ছাত্ৰীৰ পৰা আঁতৰত বহিবলৈ দিছিল তেওঁৰ শিক্ষকসকলে।

মাত্ৰ ১২ বছৰ বয়সতে তেওঁক মাক-দেউতাকে তাইক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল। স্বামীৰ লগত মুম্বাইত থাকিবলৈ গুচি যায়। প্ৰথমে মুম্বাইৰ এটা কাপোৰৰ কাৰখানাত সহকাৰী দৰ্জী হিচাপে কৰ্মৰত আছিল। কেইমাহমানৰ ভিতৰতে বিশেষজ্ঞ চিলাই কৰা মহিলা হৈ পদোন্নতি লাভ কৰে। তাৰপিছতে বিভিন্ন চৰকাৰী আঁচনিৰ মাজেৰে গৈ ঋণৰ বাবে আবেদন কৰিছিল। সেই ধনেৰে, এটা সৰু আচবাব ব্যৱসায় আৰম্ভ কৰিছিল আৰু হাই-এণ্ড আচবাবৰ সস্তীয়া সংস্কৰণ বিক্ৰী কৰিছিল। আচবাবৰ ব্যৱসায়ৰ সমান্তৰালভাৱে তাই টেইলাৰিংও অব্যাহত ৰাখিছিল। কল্পনাই দিনটোত প্ৰায় ষোল্ল ঘন্টা কাম কৰিছিল। যি পৰিস্থিতিৰ সন্মুখীন নহওক কিয়, তেওঁ সফল হ’বলৈ দৃঢ়প্ৰতিজ্ঞ আছিল।

কামণি টিউবছৰ মালিক হোৱাৰ আগতে কল্পনা ৰিয়েল এষ্টেটৰ যুদ্ধত আবদ্ধ হৈ পৰিছিল। দুবছৰ ধৰি তেওঁ আইনী যুঁজখন যুঁজি মাটিৰ এটা বিষয়টো ক্লিয়াৰ কৰিলে। এদিন বৃহৎ ঋণৰ আওতাত থকা মেটাল ইঞ্জিনিয়াৰিং কোম্পানী কামণি টিউবছৰ শ্ৰমিকসকলে দায়িত্ব ল’বলৈ আৰু ঋণ পৰিশোধ কৰিবলৈ তেওঁৰ ওচৰলৈ আহিল। ব্যৱসায়ৰ প্ৰথম অৰ্ডাৰ হিচাপে দহজনীয়া এটা মূল দল গঠন কৰিছিল। লাহে লাহে তেওঁলোকৰ এই প্ৰচেষ্টাৰ ফল পোৱা গ’ল আৰু কামণি টিউবছ পুনৰ লাভজনক হ’ল। বস্তিত থকাৰ পৰা আৰম্ভ কৰি ১১২ মিলিয়ন ডলাৰৰ সাম্ৰাজ্য স্থাপনলৈকে কল্পনাৰ কাহিনী সঁচাকৈয়ে প্ৰেৰণাদায়ক।




Contribute