Home Blog Page 1158

নাবালিকাক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড, ১০ লাখ টকাৰ জৰিমনা

নাবালিকাক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ১০ লাখ টকাৰ জৰিমনা বিহিছে আদালতে। উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কক এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ কথাই এতিয়া বেছ চৰ্চা লাভ কৰিছে।

ৰাজ্য খনৰ দুধিৰ বিজেপি বিধায়ক ৰামদুলাৰে গন্দে তেওঁৰ বিধায়ক পদটোও হেৰুৱাব। ন বছৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। শুকুৰবাৰে লক্ষ্ণৌৰ এমপি-এমএলএ আদালতেও ৰামদুলাৰৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে ওপৰত ১০ লাখ টকাৰ জৰিমনাও বিহে।

২০১৪ চনত ৰামদুলাৰৰ পত্নী দুধি বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাওঁ পঞ্চায়তৰ মুৰব্বী আছিল। ইয়াৰ উপৰি ৰামদুলাৰে অঞ্চলটোত বাহুবলী নামেৰে জনাজাত আছিল। তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি আছিল। ৪ নৱেম্বৰ ২০১৪ তাৰিখে, মেয়ৰপুৰ আৰক্ষী থানাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ পঞ্জীয়ন কৰা হৈছিল। তেতিয়াৰে পৰা গোচৰটো চলি আছিল।


ৰামদুলাৰে যোৱা বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে দুধিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। পৰৱৰ্তী সময়ত ৰামদুলাৰৰ গোচৰটো বিধায়ক-এমপি আদালতলৈ স্থানান্তৰ কৰা হয়। আদালতে তেওঁক মঙলবাৰে দোষী সাব্যস্ত কৰিছিল আৰু শুক্ৰবাৰে শাস্তি প্ৰদান কৰে।

আদালতৰ ৰায়ৰ পিছত ৰামদুলাৰে উত্তৰ প্ৰদেশৰ বিধায়কৰ পদো হেৰুৱাব। অৱশ্যে, ৰাজ্যখনত বিজেপি চৰকাৰ সংকটত পৰাৰ কোনো সম্ভাৱনা নাই। ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাত কেৱল বিজেপিৰেই ২৫৪ জন বিধায়ক আছে। আইন অনুসৰি যদি এজন জন প্ৰতিনিধিক আদালতৰ দ্বাৰা দুবছৰ বা অধিক সময়ৰ বাবে কাৰাদণ্ড বিহা হয়, তেন্তে তেওঁৰ পদ বাতিল কৰা হয়।

নগাঁৱত শাক-পাচলিৰ অভাৱনীয় দাম; উৎপাদনথলীৰ দাম-বজাৰৰ দামৰ মাজত বৃহৎ প্ৰভেদ

কোনো কাৰণ নোহোৱাকৈ নগাঁও জিলাত একাংশ ব্যৱসায়ীয়ে পাচলিৰ অত্যধিক দাম বৃদ্ধি ঘটোৱা পৰিলক্ষিত হৈছে। নগাঁও জিলা প্ৰশাসন আৰু জিলা যোগান বিভাগৰ নিয়ন্ত্ৰণহীনতাৰ বাবেই সম্প্ৰতি নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ একাংশ পাচলি ব্যৱসায়ীয়ে বজাৰসমূহত সকলো পাচলিৰ দামেই নিজৰ খেয়াল খুচি অনুসৰি বৃদ্ধি কৰিছে। ইয়াৰ বাবে দুর্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে।

জিলাখনত সম্প্ৰতি প্ৰতিবিধ পাচলিৰ দাম ইমানেই বৃদ্ধি পাইছে যে পাচলি ক্ৰয় কৰাটো বহুতৰ বাবেই অসাধ্য হৈ পৰিছে। যিকোনো পাচলিৰেই সৰ্বনিম্ন মূল্য প্রতি কেজিত ৩০-৪০ টকা হৈছে। নগাঁও চহৰৰ কথাটো বাদেই জিলাখনৰ গ্ৰাম্য অঞ্চলৰ বজাৰসমূহতো বিভিন্ন তৰহৰ পাচলিৰ দাম হুৰাহুৰে বৃদ্ধি পাইছে।

সম্প্ৰতি নগাঁও চহৰৰ শাক-পাচলিৰ খুচুৰা বজাৰকেইখনত প্ৰতি কিলোগ্রাম আলুৰ দাম ২৫-৩০ টকা, পিঁয়াজ প্রতি কিলোগ্ৰামত ৬৫–৭০ টকা, বেঙেনা প্রতি কিলোগ্ৰামত ৪০–৫০ টকা, পটল প্রতি কিলোগ্ৰামত ৫০-৬০ টকা, জিকা প্রতি কিলোগ্রামত ৫০-৬০ টকা, লেছেৰা প্ৰতি কিলোগ্ৰামত ৫০ টকা, বিলাহী প্রতি কিলোগ্ৰামত ৫০-৬০ টকা, ফেচবিন প্রতি কিলোগ্ৰামত ৬০ টকা,স্কোৱাচ প্রতি কিলোগ্ৰামত ৫০ টকা, তিয়হৰ প্ৰতি কিলোগ্ৰামত ৩৫-৪০ টকা, কেঁচা জলকীয়াৰ প্ৰতি কিলোগ্ৰামত ১৩০-১৫০ টকা, কুণ্ডুলিৰ প্ৰতি কিলোগ্ৰামত ৪০টকা, তিতা কেৰেলাৰ প্ৰতি কিলোগ্ৰামত ৬০-৭০ টকা, গাজৰ প্ৰতি কিলোগ্ৰামত ৮০-৯০ টকা, নহৰু প্ৰতি কিলোগ্ৰামত ৮০-৯০ টকা,বীট ৮০-৯০ টকা, ফুল কবি ৪০-৫০ টকা, বন্ধা কবি ৪০-৫০ টকা, ৰঙালাও প্রতি কিলোগ্ৰামত ৮০ টকা, কোমোৰা কিলো ৬০-৭০ টকা, কাচকল হালি ৩০ টকা, মৰিছা মুঠি ১৫ টকা, অমিতা প্রতি কিলোগ্ৰামত ৩০-৪০ টকা, ভীমকলৰ কলডীল গোটে ১০০ টকা, নেমু হালিত ৩৫- ৪০ টকা,আদা কেজি ৮০ টকা, ভোট জলকীয়া এটাত পাঁচটকা, ধনীয়া মুঠি ১০ টকা, পানীলাও গোটে ৪০-৫০টকা মূল্যত বিক্ৰী হৈ আছে। পাচলিৰ দাম নগাঁও চহৰৰ নতুন বজাৰ, পানীগাঁও চাৰিআলি, ডিমৰুগুৰি,কেঁচা আলী, হয়বৰগাঁও, নেহৰুবালি,ধিং গেট,আই টি আই বজাৰ প্ৰমুখ্যে পথৰ দাঁতিত বহা অস্থায়ী পাচলি বজাৰত বহু বেছি। পাচলিৰ দাম বৃদ্ধিৰ সন্দৰ্ভত চহৰখনৰ একাংশ খুচুৰা পাচলি ব্যৱসায়ীৰ ভাষ্য হ’ল -যিহেতু চহৰৰ পাইকাৰী বজাৰতেই পাচলিৰ দাম বৃদ্ধি পাইছে সেয়েহে তেওঁলোকেও দাম বঢ়াবলৈ বাধ্য হৈছে।

স্মর্তব্য যে ,নগাঁৱত শাক-পাচলিৰ দাম যোগান বিভাগে নহয় পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলে নিজেই নিৰ্ধাৰণ কৰে। জিলাখনত প্ৰচুৰ পৰিমাণে শাক-পাচলিৰ উৎপাদন হোৱাৰ পাছতো এতিয়া শাক-পাচলিৰ দাম আকাশলংঘী হোৱাত সাধাৰণ ৰাইজে ইয়াক ক্ৰয় কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে। তদুপৰি জিলাখনৰ পাচলিৰ বজাৰত সকলো পাচলিৰ দাম ঊর্ধ্বমুখী হোৱা সত্ত্বেও জিলাখনৰ শাক-পাচলিৰ খেতিয়কসকলে নিজৰ পথাৰত উৎপাদিত শাক-পাচলিসমূহ অতি কম দামতেই সংশ্লিষ্ট অঞ্চলৰ শাক পাচলিৰ পাইকাৰী বজাৰসমূহত বিক্ৰী কৰি লোকচানৰ সন্মুখীন হ’ব লগা হৈছে।

আচলতে, কৃষকৰ সেই একেখিনি শাক-পাচলিয়েই মধ্যভোগীৰ হাতত পৰি মূল্য বৃদ্ধি হৈছে। এচাম মধ্যভোগী আৰু পাইকাৰী ব্যৱসায়ীয়ে জিলাখনৰ বিভিন্ন চৰ-চাপৰি, মৈৰাবাৰী, ধিং, মাঠখলা, শান্তিজান, ডুমডুমীয়া, বলিকটীয়া, দলংঘাট, ৰাঙলু, জুৰীয়া, ৰূপহী, চামগুৰি, আমবাগান, নলতলী প্ৰমুখ্যে বিভিন্ন গ্ৰাম্য পাইকাৰী কৃষি বজাৰৰ পৰা আৰু উৎপাদনথলীৰ পৰা নিচেই কম দামতে বিভিন্ন পাচলি কিনি আনি তাৰ দাম বহু বৃদ্ধি কৰি পাইকাৰী আৰু খুচুৰা বজাৰত বিক্ৰী কৰি আছে।

পাইকাৰী বজাৰসমূহত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নথকাত পাইকাৰী ব্যৱসায়ীসকলে নিজৰ খেয়াল-খুচি অনুসৰিয়েই পাচলিৰ দাম বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰাম টাঙোন শোধাইছে। ইপিনে, পাইকাৰী বজাৰতে পাচলিৰ দাম বৃদ্ধি হৈছে বুলি কৈ খুচুৰা ব্যৱসায়ীসকলেও ইচ্ছা অনুসৰিয়েই পাচলিৰ দাম বঢ়াই গৈ থকা পৰিলক্ষিত হৈছে। কিন্তু এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসন আৰু জিলা যোগান বিভাগে নির্লিপ্ত ভূমিকাহে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। জিলাখনৰ পাচলিৰ খুচুৰা বজাৰসমূহত সকলোবিধ পাচলিৰেই দাম আকাশলংঘী হোৱাত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে এই পাচলিও অভিজাত সামগ্ৰীত পৰিণত হৈছে।

মাঘত বিয়াত বহাৰ সপোন পূৰণ নহ’ল জোনালীৰ

পুনৰ বিতৰ্কত উত্তৰ গুৱাহাটীৰ জি.এন.আৰ.চি. হাস্পতাল। কিয় বাৰে বাৰে বিতৰ্কত সোমায় জি এন আৰ চি হাস্পতাল। চিকিৎসা সেৱা নে ৰোগীৰ জীৱনকলৈ হেতালি খেলে জিএনআৰচি হাস্পতালে ? ইজনৰ পিছত সিজন ৰোগীৰ ভুল চিকিৎসাত মৃত্যুৰ খবৰ । ১৫ ডিচেম্বৰ, ২০২৩ত ভুল চিকিৎসাৰ অভিযোগত ৰোগীৰ আত্মীয়ই জবাবদিহি কৰে চিকিৎসালয়খনৰ কৰ্তৃপক্ষক।

অভিযোগ অনুসৰি বাইহাটা চাৰিআলিৰ ননৰা গাঁওৰ জোনালী কলিতা নামৰ ২২ বছৰীয়া যুৱতী গৰাকীৰ ভৰিত পূৰ্বে অস্ত্ৰোপচাৰ কৰি সংস্থাপিত কৰা হৈছিল প্লেট। ডাক্তৰৰ পৰামৰ্শ অনুসৰি এবছৰৰ পিছত প্লেট উলিয়াবলৈ পৰিয়ালৰ লোকে উত্তৰ গুৱাহাটী জি এন আৰ চিত ১১ ডিচেম্বৰত ভৰ্তি কৰিছিল জোনালীক। চিকিৎসা প্ৰতিস্থান খনৰ ডাক্তৰ সিদ্ধাৰ্থ বৰুৱাৰ অধীনত চলিছিল জোনালীৰ চিকিৎসা। সুস্থ শৰীৰে মটৰ চাইকেলত বহি চিকিৎসালয়লৈ অহা যুৱতী গৰাকীৰ অস্তোপচাৰৰ পিছতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে।

স্বাস্থ্যৰ দ্ৰুত অবনতি হোৱাত, ক’মা অৱস্থাত ভেণ্টিলেটৰত ৰাখিব লগীয়া হয় যুৱতী গৰাকীক। পৰিয়ালৰ লোকৰ অজ্ঞাতে ৰখা জোনালী অবশেষত কৰুণ মৃত্যুক সাৱটি লয়। পৰিয়ালৰ লোকৰ অভিযোগ, জোনালী কলিতা ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মুখত পৰে।

অভিযোগৰ আঙুলি এনাষ্ঠেচিয়া বিভাগৰ চিকিৎসক ড° ৰাহুলৰ বিৰুদ্ধে। এনাষ্ঠেচিয়া প্ৰদানৰ পিছৰপৰা সংজ্ঞা ঘুৰি অহা নাছিল যুৱতী গৰাকীৰ। অভিযোগৰ বিপৰীতে এনাষ্ঠেচিয়া চিকিৎসক গৰাকী বৰ্তমানে গা-এৰা দিয়া বুলি জানিব পৰা গৈছে। ৰহস্যজনক ভাৱে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ পৰাও আঁতৰি থাকে চিকিৎসালয়খনৰ জন-সম্পৰ্কৰক্ষী বিষয়া মৃনাল আলী হাজৰিকা। জোনালীৰ মাতৃৰ ভাষ্য অনুসৰি, এবছৰ পূৰ্বে সংঘটিত এটি বাইক দুৰ্ঘটনাত জোনালী কলিতাৰ এখন ভৰি ভাগিছিল আৰু জি এন আৰ চিত আৰোগ্য লাভ কৰিছিল । মাঘত স্থানীয় যুৱকৰে বিয়াত বহাৰ কথা আছিল জোনালীৰ ।

আৰোগ্য লাভ কৰা জোনালীয়ে ভৰিৰ পাতি খুলিবলৈ অনিচ্ছা প্ৰকাশ কৰি সুস্থ বুলি কৈছিল ।চিকিৎসালয়ত ভৰ্তিৰ পিছতে ৰহস্যজনকভাবে জোনালীৰ মৃত্যুৰ খবৰ মানি লব পৰা নাই পৰিয়াল তথা আত্মীয়ই। যাৰবাবে এক দণ্ডাধীশ পয্যায়ৰ তদন্তৰ জৰিয়তে চিকিৎসালয় খনৰ তদন্ত কৰি জোনালীৰ মৃত্যুৰ বাবে যিসকল দায়ী সেইসকলক শাস্তিবিহাৰ দাবী জনাইছে সচেতন ৰাইজে। ইফালে মৃতকৰ পৰিয়ালক মেনেজ কৰি পৰিস্থিতিৰ পৰা হাত সৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে মৃনাল আলি হাজৰিকাৰ বিৰুদ্ধে।

উল্লেখ্য যে যোৱা অক্টোবৰ মাহত একে ৰোগৰ দুগৰাকী মহিলাৰ বেজী ওলট পালট হৈ কৰুন মৃত্যুক সাবটিছিল শুৱালকুছিৰ পিৰলা দাসে । মিৰ্জাৰ নিৰলা দাসৰ বেজী পিৰলা দাসৰ দেহত প্ৰয়োগৰ বাবেই কৰুণ মৃত্যুক সাবটাৰ অভিযোগ উঠিছিল।

পিছে প্ৰাণঘাটক জি এন আৰ চি হস্পিতালক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ আৰত দিছপুৰৰ প্ৰভাব থকাৰ বু বা চলিছে ৰাইজৰ মাজত । যাৰবাবে এই কথা মিছা প্ৰমাণিত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাক উক্ত সন্দৰ্ভত হস্তক্ষেপ কৰি মৃত্যুৰ দূতলৈ পৰিণত হ’ব ধৰা জি এন আৰ চি হাস্পতালত সংঘটিত ঘটনা সমূহৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

১৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান: সামৰণিৰ দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় আয়ুস মন্ত্ৰী

উত্তৰ পূৰ্বাঞ্চলৰ আয়ুৰ্বেদিক শিক্ষা আৰু চিকিৎসাৰ প্ৰথমটো প্ৰতিষ্ঠান গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে বছৰজোৰা মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানটো অহা ১৮, ১৯ আৰু ২০ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

এই উপলক্ষে অহা ১৮ ডিচেম্বৰত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন ন-পুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে য’ত প্ৰায় এহেজাৰজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। আজি চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত আগন্তক মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে অনুষ্ঠানৰ আদৰণি সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অধ্যাপক ডঃ বিমল ডেকাই কয় – ১৮ ডিচেম্বৰত অনুষ্ঠানৰ আৰম্ভণি হব ন-পুৰণি সতীৰ্থৰ পঞ্জীয়ন আৰু সম্বৰ্ধনাৰ জৰিয়তে।

তাৰ পাছত ক্ৰমে – প্ৰাক্তন সতীৰ্থৰ শিবিৰ মুকলি , ৭৫ বছৰ গৰকা উপলক্ষে পুৰণি সতীৰ্থৰ দ্বাৰা ৭৫খন পতাকা উত্তোলন , শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব । ন-পুৰণি সতীৰ্থ সন্মিলনখন উদ্বোধন কৰিব নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োৱে। প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপৰ পিছত নিশা এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে য’ত ন-পুৰণি সতীৰ্থসকলৰ লগতে আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰিব।

১৯ ডিচেম্বৰৰ পুৱা এক বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব। শোভাযাত্ৰাৰ উদ্বোধন কৰিব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। দুপৰীয়া এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব যত বহুকেইজন গণ্য-মান্য বক্তা তথা বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব। প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপৰ পিছতেই নিশা এটি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে য’ত গীত পৰিৱেশন কৰিব বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা, সয়ন পাল আৰু তেজপুৰ থেছপীয়ান দলটিয়ে।

২০ ডিচেম্বৰ শেহৰ দিনা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি বিদায়ী অধিবেশনৰ শুভাৰম্ভ কৰিব চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যই। তাৰ পাছত অনুষ্ঠিত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰিব পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ কলিতাই।

অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা। তেনেদৰে অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা , গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ কুইন ওজা, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰুষোত্তম দাস যোশী, স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মিছন সঞ্চালিকা ডঃ এম এছ লক্ষ্মীপ্ৰিয়া, আয়ুস বিভাগৰ সঞ্চালিকা ডঃ ইন্দ্ৰানুষি দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যকৰী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি ডাঃ অনুপ বৈশ্যৰ সম্পাদনাত এখন স্মৃতিগ্ৰন্থ মুকলি কৰা হব । সন্ধিয়াৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ আৰু আচুৰ্য বৰপাত্ৰই। আনহাতে সংবাদ মেলত আদৰণি সমিতিৰ সম্পাদক ডাঃ শংকৰজ্যোতি দাস আৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধ্যাপক ডঃ ৱাই বি হাষ্টছোৱে আগন্তুক মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটো সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰে।

কামৰূপ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আন্তঃ ডায়েঁট ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

কামৰূপ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আন্তঃ ডায়েঁট ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। শুকুৰবাৰে চুৰান্ত খেলখনত শোনিতপুৰ জিলা ডায়েটে ২-১ গোলৰ ব্যৱধানত কোকৰাঝাৰ জিলা ডায়েটক পৰাষ্ট কৰিবলৈ সক্ষম হয়। মিৰ্জা ডায়েট খেল পথাৰত চলি থকা আঁন্ত ডায়েঁত ফুটবল প্ৰতিযোগিতাত অসমৰ প্ৰায় ১৪ খন জিলাৰ ডায়েটে অংশগ্ৰহণ কৰে ।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই খেলৰ লগতে সংগতি ৰাখি কামৰূপ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানে দ্বিতীয় দিনা দায়েত প্ৰাংগনত কামৰূপ জিলা সমগ্ৰ শিক্ষা আৰু ডায়েত মিৰ্জা ৰ যুটীয়া প্ৰচেষ্টা ত গুৰু বাৰ্তা নামৰ এখন আলোচনীও প্ৰকাশ কৰে। আলোচনী উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ট সাহিত্যিক কবি, থানেশ্বৰ মালাকৰ দেৱে।

অনুষ্ঠানত উপস্থিত থাকে ডায়েট মিৰ্জাৰ অধ্যক্ষা তথা বিশিষ্ঠ সমাজকৰ্মী ডক্তৰ পংকজা বৰুৱা, জেষ্ঠ প্ৰবক্তা ভূপেন দাস, জেষ্ঠ প্ৰবক্তা কমল মহন্ত, জেষ্ঠ প্ৰবক্তা বিঠীকা শইকীয়া, জুনো দেৱী, জুনমণি কলিতা, পল্লবি ভটোচৰ্জী। উক্ত গুৰু বাৰ্তা ৰ মুখ্য মুখ্য সম্পাদক প্ৰবক্তা ডক্তৰ শিৰোমনি ভূঞা।

সম্পাদনা কৰে তৃপ্তি তালুকদাৰ, জাহ্নুদেৱ কলিতই । আনহাতে তৃতীয় দিনাৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ১০ বজাত এন ডি আৰ এফ বাহিনীৰ দ্বাৰা এক স্বাস্থ্য সজাগতা প্ৰদৰ্শনী অনুষ্ঠিত হয় । ইয়াৰ পিছতে চুৰান্ত ফুটবল খেলৰ আৰম্ভনি কৰা হয় । খেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলা বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া । আদৰণি ভাষন ৰাখে অসম কম্ফু এছ’চিয়েশ্বনৰ সাধাৰণ সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পংকজ কুমাৰ দাসে ।


উপস্থিত থাকে বিশিষ্ঠ খেলুৱৈ ধৰ্মেশ্বৰ হালৈ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি। খেলত মুখ্য ৰেফাৰীৰ দায়িত্ব পালন কৰে অৰুপ কুমাৰ হালৈ ।

মামাই দিয়া ছাইকেলেৰে ৰাম মন্দিৰলৈ যাত্ৰা লক্ষীমপুৰৰ দুই যুৱকৰ

লক্ষীমপুৰৰ দুই যুৱক মাধুৰ্য্য ফুকন আৰু কৃষ্ণমনি বৰাই বুধবাৰে লক্ষীমপুৰৰ পৰা ছাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে৷ লক্ষ্য স্থান অযোধ্যাৰ ৰাম মন্দিৰ ৷

ইতিমধ্যে দুই যুৱকে প্ৰায় ১৭০ কিলোমিটাৰ পথ অতিক্ৰম কৰি চতিয়াত উপস্থিত হ’ল ৷ চতিয়াত দল সংগঠনে জনালে দুই যুৱকক উষ্ম আদৰণি৷

মনতে পুহি ৰখা সপোন বাস্তৱত ৰূপ দিবলৈ আগবাঢ়ি ওলাল সুদুৰ অযোধ্যাৰ ৰাম মন্দিৰলৈ বুলি ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া উপহাৰ স্বৰূপ পাটি ছাইকেলখনকে লৈ মাধুৰ্য্য ফুল কনফিডেণ্ট৷ ৰাম মন্দিৰ পাবগৈ…৷

এইদৰে কিছু সময় চতিয়াত জিৰাই আগবাঢ়িল দুই যুৱক তেজপুৰ দিশে ৷ শুকুৰবাৰে নিশাটো তেজপুৰতে কটাব দুই যুৱকে ৷

শিক্ষা কেৱল চাকৰি বা ব্যৱসায় কৰাৰ বাবে নহয় বৰঞ্চ নাগৰিক হিচাপে নিৰাপত্তাৰে জীয়াই থকাৰ ই এক মাধ্যম – ডা: পেগু

নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ অধীনত সাক্ষৰতা সম্প্ৰসাৰণৰ অভিলাষী লক্ষ্যৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ পূৰ্ণগতিত আগবাঢ়িছে। এই উদ্দেশ্যৰে অগ্ৰসৰ হৈ অসমক পূর্ণ সাক্ষৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ৰাজ্যিক সাক্ষৰতা মিছন প্ৰাধিকৰণ, অসমৰ সৌজনত দিছপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত জৰীপ‌কাৰীসকলৰ এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।


উক্ত প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডা: ৰণোজ পেগুৱে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে মানুহ হিচাপে আমি আমাৰ মা, দেউতা আৰু সমাজৰ পৰা জ্ঞান আৰু বুদ্ধিমত্তাৰ লাভ কৰোঁ, কিন্তু আনুষ্ঠানিক শিক্ষাৰ বাদেও নাগৰিক হিচাপে জীয়াই থাকি জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ বাবে আমাক কিছু কাৰিকৰী আৰু অন্য জ্ঞানৰ প্ৰয়োজন।

তেওঁ লগতে উল্লেখ কৰে যে আমাৰ বহু মানুহে লিখিব বা পঢ়িব জানে কিন্তু কিছুমান বিষয় বুজি পোৱাত অসুবিধাৰ সন্মুখীন হয়। প্ৰতিগৰাকী নাগৰিকৰ বৰ্তমান সময়ত বিত্তীয়, আইন আৰু ডিজিটেল শিক্ষাৰ প্ৰয়োজন। গতিকে শিক্ষা বিভাগে ৰাজ্যখনৰ ১৫ পৰা ৩৫ বছৰ বয়সৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বাদ পৰি যোৱা ব্যক্তিসকলক চিনাক্ত কৰি এই পদক্ষেপৰ দ্বাৰা উদ্বুদ্ধ কৰি তুলিবলৈ প্ৰয়াস কৰিব, সেয়েহে তাৰ বাবে আজি শিক্ষা বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক জৰীপৰ বাবে প্ৰশিক্ষণৰ ব্যবস্থা কৰা হৈছে।

এই অনুষ্ঠানত শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ঝর্ণা পাটগিৰি, কামৰূপ মহানগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীমতী দীপিকা চৌধুৰী, দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাৰ লগতে বহু কেইগৰাকী সমল ব্যক্তি আন বিশিষ্ট ব্যক্তিসকলৰ সৈতে উপস্থিত থাকে।

উত্তৰ গুৱাহাটীৰ ‘জিলিঙনি’ৰ পঞ্চদশ বৰ্ষপূৰ্তিৰ অনুষ্ঠান সম্পন্ন

উত্তৰ গুৱাহাটীৰ আগশাৰীৰ সমাজিক সাংস্কৃতিক অনুষ্ঠান “জিলিঙনি”ৰ পঞ্চদশ বৰ্ষপূৰ্তি উপলক্ষে দুদিনীয়াকৈ আয়োজোন কৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে সদ্য প্ৰয়াত উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী তথা জিলিঙণিৰ উপ সভাপতি পদ অলংকৃত কৰা যোগেশ শ‌ইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা মাল্যৰ্পন কৰে আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা জিলিঙণিৰ উপ-সভাপতি বাণীকান্ত চক্ৰৱৰ্তীয়ে।

ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ ভৱনত আয়োজিত সামৰণি অনুষ্ঠান সদ্য প্ৰয়াত জিলিঙণিৰ উপ-সভাপতি যোগেশ শ‌ইকীয়াৰ সোঁৱৰণত সমৰ্পণ কৰি হৈছিল। এই সামৰণি অনুষ্ঠানত বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৩৫ গৰাকী নবীন প্ৰবীণ শিল্পীক সম্বৰ্ধনা জনোৱা হয়। শিল্পী সম্বৰ্ধনা সভাত পৌৰোহিত্য কৰে জিলিঙনিৰ সভাপতি ধৈৰ্য বৰুৱাই।

আৰম্ভণিতে উদ্দেশ্যে ব্যাখ্যা কৰে জিলিঙনিৰ সম্পাদক ৰূপক ডেকাই। অনুষ্ঠানত উপস্থিত থকা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কুকিল বৰুৱা, চন্দন কান্ত বৰুৱাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি আৰু নাট্য শিল্পী হিৰণ্য বৰা, চন্দন বৰুৱা, ৰঞ্জন দাস প্ৰমুখ্যে বিশিষ্ট শিল্পী প্ৰবাস বুৰাগোহাই, কুমুদ নাথ, শ্যামল চমুৱা,গৌতম ডেকা, গিৰিন্দ্ৰ শংকৰ বৰুৱা,ৰূপাঞ্জলি বৰুৱাকে আদিকৰি বহু বিশিষ্ট ন পুৰণি শিল্পীক জিলিঙণিৰ তৰফৰ পৰা অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হয়।

শিল্পী ঈশান বৰুৱাই পৰিচালনা কৰা সামৰণি অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে সুধাকন্ঠৰ গীত পৰিৱেশন কৰে । অনুষ্ঠানত জিলিঙনি শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয় ।ইফালে,”জিলিঙনি”ৰ পঞ্চদশ বৰ্ষপূৰ্তি উপলক্ষে ১৪ ডিচেম্বৰত প্ৰথম দিনা সদৌ অসম ভিত্তিত আয়োজিন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰা বৰপেটাৰ প্ৰতীক্ষা পাঠকে।

দ্বিতীয় স্থান আৰু তৃতীয় স্থান দখল কৰে গুৱাহাটীৰ ভাৰ্গৱী গোস্বামী আৰু গুৱাহাটীৰ দেবস্মিতা কাশ্যপে । বিচাৰকৰ বিশেষ বটা লাভ কৰে নিৰ্মালি দাস আৰু ৰিজা মিৰ্ধাক আজিৰ এই সামৰণি অনুষ্ঠানত বঁটাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত বিচাৰক হিচাপে উপস্থিত আছিল সূৰ্য গোস্বামী আৰু ৰাণু দাস বৈশ্য । প্ৰথম দিনা জিলিঙনিৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলিঙনিৰ সভাপতি ধৈৰ্য বৰুৱাই ।

ক্ৰমাগত ভাৱে চৰিবলৈ ঠাইৰ অভাৱ হৈছে বগলী, পানী কাউৰী আৰু পৰিভ্ৰমী চৰাইৰ

কামৰূপ জিলাৰ শুৱালকুছিৰ নিকটৱৰ্তী বংশৰৰ পৰা হাজোলৈ নিৰ্মাণ কৰি থকা হৈছে ফ’ৰলেন পথৰ কাম ৷ পথটি যি ঠাইৰে নিৰ্মাণ চলি আছে সেই সমগ্ৰ অঞ্চলটি এখন বিলৰে আৱৰা ৷ বছৰি নবেম্বৰ মাহৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈ সেই সমগ্ৰ বিলৰ পাৰত অসংখ্য পৰিভ্ৰমী চৰাইৰ লগতে বগলী আৰু পানী কাউৰীৰে ভৰি থাকে ৷

বিলৰ কাষত পৰা পক্ষী সকলে খাদ্যৰ অনুসন্ধান কৰাৰ লগতে দেহত ৰদৰ তাপ লয় ৷ পাখি জোকাৰী জোকাৰী ৰদৰ তাপ লোৱাটো এক সুন্দৰ দৃশ্য সেই ঠাইৰে যোৱা সকলোৱে প্ৰত্যক্ষ কৰি এক অনাবিল আনন্দ উপভোগ কৰে ৷ বিভিন্ন ৰঙীন পাখিৰ চৰাইৰে ভৰি থকা সেই বিলটোৰ ওপৰৰে চলিছে ফ’ৰলেনৰ কাম ৷ নিৰ্মাণ কাৰ্যত ব্যৱহূত ডাম্পাৰ, জেচিভি আদিৰ শব্দত শান্তি ভংগ্ন হৈছে বিলৰ পাৰত থকা চৰাইবোৰৰ ৷

ঘনে ঘনে উৰি উৰি ফুৰিব লগা হৈছে ৷ এইবোৰৰ শব্দত জিৰণি লবলৈ ভয় কৰি বহুত পক্ষী আন ঠাইলৈকে উৰি গৈছে ৷ পথটিৰ নিৰ্মাণৰ কাম শেষ হলেই সেই বিলতে হয়টো কিছুদিন পিছত নিৰ্মাণ হব পেট্ৰলপাম্ ,ৱেইব্ৰীজ,বিল্ডাৰ্চৰ দ্বাৰা নিৰ্মিত ডাঙৰ ডাঙৰ ফ্লেট আদি ৷

মানুহৰ বাবে ঠাই থিকেই থাকিব ৷ কিন্ত নাথাকিব পক্ষীৰ বিচৰণ স্হলী ৷ বিলখনৰ সৌন্দৰ্য বহন কৰা প্ৰকৃতিৰ শোভাবঢ়োৱা ঈশ্বৰৰ সৃষ্টি বগলী আৰু পানীকাউৰীৰ লগতে পৰিভ্ৰমী চৰাই জাকৰ বাবে ঠাই অকৰ অভাৱ হলে সিহত কলৈকে বাৰু উৰি যাব সেই প্ৰশ্ন প্ৰকৃতিপ্ৰেমী সকলৰ ৷ চিৰদিনৰ বাবে হেৰাই যাব সেই সুন্দৰ বিলটো আৰু চৰাইৰ জাক বোৰ ৷

বিল খালবোৰ একাকাৰ কৰি পথ নিৰ্মাণৰে মানুহে নিজৰ নিজৰ অভাৱবোৰ পূৰণ কৰিছে যদিও চৰাই চিৰকটিৰ বাবেও এবাৰ ভাবি চোৱাৰ চিন্তা নাইকীয়া হৈছে ৷ বিজ্ঞান সন্মত ভাবে অত্যাধুনিক প্ৰযুক্তিৰে পথবোৰ নিৰ্মাণ কৰিলে নিশ্চয়কৈ বিল খালবোৰ ৰক্ষা পৰিল হেতেন আৰু পক্ষী বোৰৰো বিচৰণস্হলী সুৰক্ষিত হৈ থাকিল হেতেন ! সকলোৱে বিষয়টো গভীৰ ভাৱে উপলব্ধি কৰাৰ প্ৰয়োজন আছে ৷ নহলে নতুন প্ৰজন্মই কিতাপৰ ছবিতহে চৰাইৰ অৱস্হিতি সম্পৰ্কে জানিব পাৰিব ৷

নিমাতীত এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

নিমাতীৰ এজন যুৱ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপে সমাজৰ আদৰ্শৰ প্ৰতিক হিচাপে চিহ্নিত হৈছে । জানিব পৰা মতে নিমাতী কমলাবাৰী ফেৰী ঘাটৰ সমীপতে নিত্য প্ৰয়োজনীয় সাগ্ৰীৰ ব্যৱসায় কৰি থকা নিমাতীৰে বাসীন্দা মিণ্টু মাধৱ দত্তই ৰাইজৰ সুবিধাৰ্থে এটি উন্নতমানৰ পকী শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিজা খৰছত পকীকৈ নিৰ্মাণ কৰি দিছে ।

উল্লেখযোগ্য যে নিমাতী মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱাত দৈনিক হাজাৰ হাজাৰ যাত্ৰী সেই স্থানেৰেই যোৰহাট মাজুলীলৈ অহা যোৱা কৰে । আজি বহুদিন ধৰি এটি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ অভাৱত যাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সম্মুখীন হৈ আহিছিল ।

বৰ্তমানে যুৱ ব্যৱসায়ীজনে তেওঁৰ কণীষ্ঠ ভাতৃ বিজিত দত্তৰ ( ভাই ) সোঁৱৰণত ঐতিহাসিক নিমাতী কমলাবাৰী ফেৰী ঘাটৰ কাষত পানীৰ সুব্যৱস্থা সহ এটি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰি দিয়ে । যাত্ৰীসকলৰ সুবিধাৰ্থে নিৰ্মাণ কৰি দিয়া প্ৰস্ৰাৱগাৰটোৱে যাত্ৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যা দুৰ কৰিলে বুলি সকলোৱে মিণ্টুমাধৱ দত্তক প্ৰশংসা কৰিছে ।