Breaking

নগাঁৱত শাক-পাচলিৰ অভাৱনীয় দাম; উৎপাদনথলীৰ দাম-বজাৰৰ দামৰ মাজত বৃহৎ প্ৰভেদ

0 45

কোনো কাৰণ নোহোৱাকৈ নগাঁও জিলাত একাংশ ব্যৱসায়ীয়ে পাচলিৰ অত্যধিক দাম বৃদ্ধি ঘটোৱা পৰিলক্ষিত হৈছে। নগাঁও জিলা প্ৰশাসন আৰু জিলা যোগান বিভাগৰ নিয়ন্ত্ৰণহীনতাৰ বাবেই সম্প্ৰতি নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ একাংশ পাচলি ব্যৱসায়ীয়ে বজাৰসমূহত সকলো পাচলিৰ দামেই নিজৰ খেয়াল খুচি অনুসৰি বৃদ্ধি কৰিছে। ইয়াৰ বাবে দুর্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে।

জিলাখনত সম্প্ৰতি প্ৰতিবিধ পাচলিৰ দাম ইমানেই বৃদ্ধি পাইছে যে পাচলি ক্ৰয় কৰাটো বহুতৰ বাবেই অসাধ্য হৈ পৰিছে। যিকোনো পাচলিৰেই সৰ্বনিম্ন মূল্য প্রতি কেজিত ৩০-৪০ টকা হৈছে। নগাঁও চহৰৰ কথাটো বাদেই জিলাখনৰ গ্ৰাম্য অঞ্চলৰ বজাৰসমূহতো বিভিন্ন তৰহৰ পাচলিৰ দাম হুৰাহুৰে বৃদ্ধি পাইছে।

সম্প্ৰতি নগাঁও চহৰৰ শাক-পাচলিৰ খুচুৰা বজাৰকেইখনত প্ৰতি কিলোগ্রাম আলুৰ দাম ২৫-৩০ টকা, পিঁয়াজ প্রতি কিলোগ্ৰামত ৬৫–৭০ টকা, বেঙেনা প্রতি কিলোগ্ৰামত ৪০–৫০ টকা, পটল প্রতি কিলোগ্ৰামত ৫০-৬০ টকা, জিকা প্রতি কিলোগ্রামত ৫০-৬০ টকা, লেছেৰা প্ৰতি কিলোগ্ৰামত ৫০ টকা, বিলাহী প্রতি কিলোগ্ৰামত ৫০-৬০ টকা, ফেচবিন প্রতি কিলোগ্ৰামত ৬০ টকা,স্কোৱাচ প্রতি কিলোগ্ৰামত ৫০ টকা, তিয়হৰ প্ৰতি কিলোগ্ৰামত ৩৫-৪০ টকা, কেঁচা জলকীয়াৰ প্ৰতি কিলোগ্ৰামত ১৩০-১৫০ টকা, কুণ্ডুলিৰ প্ৰতি কিলোগ্ৰামত ৪০টকা, তিতা কেৰেলাৰ প্ৰতি কিলোগ্ৰামত ৬০-৭০ টকা, গাজৰ প্ৰতি কিলোগ্ৰামত ৮০-৯০ টকা, নহৰু প্ৰতি কিলোগ্ৰামত ৮০-৯০ টকা,বীট ৮০-৯০ টকা, ফুল কবি ৪০-৫০ টকা, বন্ধা কবি ৪০-৫০ টকা, ৰঙালাও প্রতি কিলোগ্ৰামত ৮০ টকা, কোমোৰা কিলো ৬০-৭০ টকা, কাচকল হালি ৩০ টকা, মৰিছা মুঠি ১৫ টকা, অমিতা প্রতি কিলোগ্ৰামত ৩০-৪০ টকা, ভীমকলৰ কলডীল গোটে ১০০ টকা, নেমু হালিত ৩৫- ৪০ টকা,আদা কেজি ৮০ টকা, ভোট জলকীয়া এটাত পাঁচটকা, ধনীয়া মুঠি ১০ টকা, পানীলাও গোটে ৪০-৫০টকা মূল্যত বিক্ৰী হৈ আছে। পাচলিৰ দাম নগাঁও চহৰৰ নতুন বজাৰ, পানীগাঁও চাৰিআলি, ডিমৰুগুৰি,কেঁচা আলী, হয়বৰগাঁও, নেহৰুবালি,ধিং গেট,আই টি আই বজাৰ প্ৰমুখ্যে পথৰ দাঁতিত বহা অস্থায়ী পাচলি বজাৰত বহু বেছি। পাচলিৰ দাম বৃদ্ধিৰ সন্দৰ্ভত চহৰখনৰ একাংশ খুচুৰা পাচলি ব্যৱসায়ীৰ ভাষ্য হ’ল -যিহেতু চহৰৰ পাইকাৰী বজাৰতেই পাচলিৰ দাম বৃদ্ধি পাইছে সেয়েহে তেওঁলোকেও দাম বঢ়াবলৈ বাধ্য হৈছে।

স্মর্তব্য যে ,নগাঁৱত শাক-পাচলিৰ দাম যোগান বিভাগে নহয় পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলে নিজেই নিৰ্ধাৰণ কৰে। জিলাখনত প্ৰচুৰ পৰিমাণে শাক-পাচলিৰ উৎপাদন হোৱাৰ পাছতো এতিয়া শাক-পাচলিৰ দাম আকাশলংঘী হোৱাত সাধাৰণ ৰাইজে ইয়াক ক্ৰয় কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে। তদুপৰি জিলাখনৰ পাচলিৰ বজাৰত সকলো পাচলিৰ দাম ঊর্ধ্বমুখী হোৱা সত্ত্বেও জিলাখনৰ শাক-পাচলিৰ খেতিয়কসকলে নিজৰ পথাৰত উৎপাদিত শাক-পাচলিসমূহ অতি কম দামতেই সংশ্লিষ্ট অঞ্চলৰ শাক পাচলিৰ পাইকাৰী বজাৰসমূহত বিক্ৰী কৰি লোকচানৰ সন্মুখীন হ’ব লগা হৈছে।

আচলতে, কৃষকৰ সেই একেখিনি শাক-পাচলিয়েই মধ্যভোগীৰ হাতত পৰি মূল্য বৃদ্ধি হৈছে। এচাম মধ্যভোগী আৰু পাইকাৰী ব্যৱসায়ীয়ে জিলাখনৰ বিভিন্ন চৰ-চাপৰি, মৈৰাবাৰী, ধিং, মাঠখলা, শান্তিজান, ডুমডুমীয়া, বলিকটীয়া, দলংঘাট, ৰাঙলু, জুৰীয়া, ৰূপহী, চামগুৰি, আমবাগান, নলতলী প্ৰমুখ্যে বিভিন্ন গ্ৰাম্য পাইকাৰী কৃষি বজাৰৰ পৰা আৰু উৎপাদনথলীৰ পৰা নিচেই কম দামতে বিভিন্ন পাচলি কিনি আনি তাৰ দাম বহু বৃদ্ধি কৰি পাইকাৰী আৰু খুচুৰা বজাৰত বিক্ৰী কৰি আছে।

পাইকাৰী বজাৰসমূহত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নথকাত পাইকাৰী ব্যৱসায়ীসকলে নিজৰ খেয়াল-খুচি অনুসৰিয়েই পাচলিৰ দাম বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰাম টাঙোন শোধাইছে। ইপিনে, পাইকাৰী বজাৰতে পাচলিৰ দাম বৃদ্ধি হৈছে বুলি কৈ খুচুৰা ব্যৱসায়ীসকলেও ইচ্ছা অনুসৰিয়েই পাচলিৰ দাম বঢ়াই গৈ থকা পৰিলক্ষিত হৈছে। কিন্তু এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসন আৰু জিলা যোগান বিভাগে নির্লিপ্ত ভূমিকাহে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। জিলাখনৰ পাচলিৰ খুচুৰা বজাৰসমূহত সকলোবিধ পাচলিৰেই দাম আকাশলংঘী হোৱাত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে এই পাচলিও অভিজাত সামগ্ৰীত পৰিণত হৈছে।

Leave A Reply