Home Blog Page 1176

পুনৰ আৰম্ভ হ’ব আহতগুৰিৰ মহযুজঁ,কেবিনেটৰ সিদ্ধান্ত…

আজি দিছপুৰৰ জনতা ভৱনত আয়োজিত ৰাজ্যিক কেবিনেটৰ বৈঠকত তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে আহতগুৰিৰ মহযুজঁ আকৌ আৰম্ভ কৰা হব । পৰম্পৰাগতভাৱে চলি অহা মহযুজঁ নতুন পৰামৰ্শাৱলীৰ আধাৰত পুনৰ আৰম্ভ হ’ব। কেবিনেটে লগতে ৰাজ্যৰ ২১৯৭ খন গাঁও পঞ্চায়ত আৰু ৪০০ টা জিএমচি ৱাৰ্ডত ডিজিটেল লাইবেৰী স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰতিখন পঞ্চায়তত ডিজিটেল লাইবেৰী স্থাপনৰ বাবে অসম কেবিনেটে মুকলি কৰিলে ২৬৯ কোটি টকা। চৰৰ খিলঞ্জীয়া মুছলমান সকলৰ বাবে নতুন সঞ্চালকালয় গঠনৰো সিদ্ধান্ত লোৱা হয় । খিলঞ্জীয়া মুছলমান সকলৰ জিলা ভিত্তিক তথ্য সংগ্ৰহ কৰা হব।। যাৰ বাবে নতুনকৈ সংখ্যালঘু সঞ্চালকালয় গঠন কৰা হ’ব। আহতগুৰিৰ মহযুজঁ পাতিবলৈ অসম চৰকাৰে অনুমতি অচিৰেই প্ৰকাশ পাব নতুন SOP।

ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰা মহযুজঁ নিৰ্দিষ্ট sop ৰ মাজেৰে অনুষ্ঠিত কৰি পৰম্পৰা ৰক্ষা কৰা হ’ব ।

গৰীয়া মৰিয়া চৈয়দ জোলহা দেশী আদি জনগোষ্ঠীৰ বাবে হ’ব সমীক্ষা।

তেওঁলোকক বহুতে অনুপ্ৰৱেশকাৰীৰ সৈতে একাকাৰ কৰি থকা বাবেই তেওঁলোকে নিজৰ সমীক্ষা হোৱাটো বিচাৰিছিল।

অসমৰ ১২৬ টা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে…

নিৰ্বাচন আয়োগে শুকুৰবাৰে অসমৰ ১২৬ টা সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ প্ৰকাশষ কৰে। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অসমৰ আটাইকেইটা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। ভোটাৰ তালিকা অনুসৰি অসমত মুঠ ভোটাৰ : ২,৪৩,০২,৪৬০ গৰাকী। পুৰুষ ভোটাৰঃ ১,২২,১২,৪৮৩ গৰাকী, মহিলা ভোটাৰঃ ১,২০,৮৯,৫৬৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৪০৮ গৰাকী৷ ৰাজ্যখনৰ মুঠ ২৮,৬৪৫ টা ভোটকেন্দ্ৰৰ বাবে এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যখনৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ২৮,২০৫ ৰ পৰা ২৮,৬৪৫ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সামগ্ৰিকভাৱে ১,৯০,৭১৭ গৰাকী ভোটাৰ (০.৮%) বৃদ্ধি হৈছে। ভোটাৰ তালিকা সন্দৰ্ভত আপত্তি দাখিল কৰাৰ সময় ৮-১২-২০২৩ ৰ পৰা ৮-১-২০২৪ লৈ নিৰ্ধাৰণ কৰা হৈছে । ১৮ বছৰ বয়সৰ আবেদনকাৰীসকলে https://voters.eci.gov.in/ পৰ্টেল বা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে অনলাইনত ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিব পাৰে। সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পিছত ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

ইতিহাসৰ জ্ঞান নাথাকিলে একো ক’ব নালাগেঃ মুখ্যমন্ত্ৰী, অসম ম্যানমাৰৰ অংশ আছিল! কপিল চিবালৰ মন্তব্যত প্ৰতিক্ৰিয়া…

অসম ম্যানমাৰৰ অংশ আছিল বুলি কপিল চিবালে কৰা মন্তব্যই এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিবালৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকলৰ ইতিহাসৰ কোনো জ্ঞান নাই তেওঁলোকে এনে বিষয়ত একো কথা ক’ব নালাগে। মুখ্যমন্ত্ৰী শৰ্মাই কয় “যদি কাৰোবাৰ ইতিহাসৰ বিষয়ে জ্ঞান নাথাকে, তেন্তে তেওঁ এই বিষয়ে কোৱা উচিত নহয়। অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল। ম্যানমাৰৰ মানুহে এবাৰ অসম আক্ৰমণ কৰিছিল।

এয়া হৈছে অসম আৰু ম্যানমাৰৰ মাজৰ সম্পৰ্ক। কিন্তু আজিলৈকে মই এনে কোনো তথ্য পোৱা নাই যিয়ে সূচায় যে অসম ম্যানমাৰৰ অংশ আছিল,” ।অসম এসময়ত ম্যানমাৰৰ অংশ আছিল বুলি জ্যেষ্ঠ অধিবক্তা কপিল চিবালে মন্তব্যৰ কৰাৰ বিষয়ত ক্ষ্যভ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য উচ্চতম ন্যায়ালয়ত ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৬ক দফাক প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি চলি আছে। শুনানিৰ সময়তে চিবালে অসম ম্যানমাৰৰ অংশ আছিল বুলি মন্তব্য কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে নাগৰিকত্ব আইনৰ সেই দফাক প্ৰত্যাহ্বান জনোৱা কেইবাখনো আবেদনৰ শুনানি আৰম্ভ কৰিছে। আজি শুনানিৰ তৃতীয় দিন আছিল। চিবালে কৈছিল যে অসম ম্যানমাৰৰ এটা অংশ আছিল আৰু তাৰ পিছত ব্ৰিটিছে ম্যানমাৰৰ এটা অংশ জয় কৰিছিল । পিছত অসমক ব্ৰিটিছৰ হাতত গতাই দিয়া হৈছিল । উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰীয় চৰকাৰক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ হোৱা অবৈধ প্ৰব্ৰজনকাৰীৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

২০১৮ চনৰ পৰা বিদেশত কৰুণ মৃত্যুক সাৱটি লৈছে ৪০৩গৰাকী ভাৰতীয় ছাত্ৰইঃ কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰালীধৰণে…

২০১৮ চনৰ পৰা বিদেশত কৰুণ মৃত্যুক সাৱটি লৈছে ৪০৩গৰাকী ভাৰতীয় ছাত্ৰইঃকেন্দ্ৰীয় মন্ত্ৰী ভি মুৰালীধৰণে। বিদেশলৈ অধ্যয়নৰ বাবে গৈ কৰুণ মৃত্যুক সাৱটিলে শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে।তথ্য অনুসৰি ২০১৮ চনৰ পৰা বিদেশত পঢ়িবলৈ গৈ মৃত্যুক সাবটিছে ৪০৩গৰাকী ভাৰতীয় ছাত্ৰই। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰে। অধিকাংশ ভাৰতীয় শিক্ষাৰ্থীৰ কানাডাত মৃত্যু হৈছে। পৰিসংখ্যা অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনলৈ বিদেশত থকাৰ সময়তে ৪০৩ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ৯১ জন কানাডালৈ পঢ়িবলৈ গৈছিল। দ্বিতীয় স্থানত আছে ব্রিটেইন। সেই দেশত ৪৮ গৰাকী ভাৰতীয় শিক্ষার্থীয়ে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ পিছত তালিকা অনুসৰি ৰাছিয়া (৮০), আমেৰিকা (৩৬), অষ্ট্রেলিয়া (৩৩), ইউক্রেইন (২১), জার্মানী (২০), চাইপ্রাছ (১৪), ইটালী(১০) আৰু ফিলিপাইনছত ১০ জন শিক্ষার্থীৰ মৃত্যু হৈছে।

এই তথ্যৰ সৈতে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, ‘বিদেশত ভাৰতীয় ছাত্র-ছাত্রী যাতে সুৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম মূল লক্ষ্য।

ফিটনেছৰ বাবে জোখতকে বেছি ব্যায়াম কৰিছে নেকি? ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিব জানক…

ফিটনেছৰ বাবে জোখতকে বেছি ব্যায়াম কৰিছে নেকি? ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে জানেনে। প্ৰায়ে কোৱা হয় যে ‘সকলো বস্তুৰ অতিৰিক্ততা বেয়া’। এই বাক্যশাৰী ব্যায়ামৰ ক্ষেত্ৰতো প্ৰযোজ্য, সেয়েহে ৱৰ্কআউট কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। যোৱা ২ বছৰত মানুহৰ মেদবহুলতা বৃদ্ধি পাইছে কাৰণ কৰ’না ভাইৰাছ মহামাৰীৰ পাছত লকডাউন আৰু ৱৰ্ক ফৰ্ম হোমৰ ফলত মানুহৰ শাৰীৰিক ক্ৰিয়া-কলাপ বহু পৰিমাণে হ্ৰাস পাইছে। এতিয়া ওজন বৃদ্ধিৰ ফলত অশান্তি পোৱাসকলে জিমলৈ যাবলৈ আৰম্ভ কৰিছে। এনে পৰিস্থিতিত যদি কোনোবাই অত্যধিক ব্যায়াম কৰি আছে তেন্তে সেয়া স্বাস্থ্যৰ বাবে উপকাৰী নে-


ফিটনেছ লাভ কৰিবলৈ স্বাস্থ্যসন্মত খাদ্যৰ লগতে দৈনিক ব্যায়ামও প্ৰয়োজনীয়, কিন্তু চিন্তা নকৰাকৈ ৱৰ্কআউট কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। জিমত ব্যায়াম কৰি থাকোঁতে আমি কৰা সেই ভুলবোৰ কি কি জানেনে

যিসকল লোকৰ অভ্যাস নাই আৰু যিসকলে ৱৰ্কআউট আৰম্ভ কৰিছে তেওঁলোকৰ বাবে অতিমাত্ৰা ব্যায়াম বিপজ্জনক। ইয়াৰ ফলত ভেন্টিলেচন পাৰ্ফিউচনৰ মিল নাথাকিব আৰু হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যাব পাৰে।


আপুনি নিশ্চয় লক্ষ্য কৰিছে যে জিমত ওজন প্ৰশিক্ষণৰ সময়ত কিছুমান মানুহে অতি গধুৰ ওজন তুলিবলৈ আৰম্ভ কৰে, ইয়াৰ বাবে মেৰুদণ্ডৰ ডিস্ক পিছলি যোৱাৰ আশংকা থাকে, যাক ‘প্ৰ’লেপছড ইন্টাৰভাৰ্টব্ৰেল ডিস্ক’ বা স্লিপ ডিস্ক বুলিও কোৱা হয়।

সাধাৰণতে অতিৰিক্ত ওজন থকা লোকসকলে অধিক ব্যায়াম কৰিবলৈ আৰম্ভ কৰে কাৰণ তেওঁলোকে অতি সোনকালে ওজন কমাবলগীয়া হয়। এইটো অতি বিপজ্জনক কাৰণ তেওঁৰ শৰীৰে এনে ৱৰ্কআউট সহ্য কৰিবলৈ সাজু নহয়, যাৰ বাবে হৃদযন্ত্ৰ বন্ধ, মগজুৰ ৰক্তক্ষৰণ হ’ব পাৰে।

যিসকলে ফিটনেছ লাভ কৰিবলৈ ব্যায়ামৰ সহায় ল’ব বিচাৰে, লগতে কোনো বিশেষজ্ঞ বা প্ৰশিক্ষক অবিহনে ৱৰ্কআউট কৰে। তেতিয়া এটা ব্যায়ামৰ পৰা আন এটা ব্যায়ামৰ মাজত ২ৰ পৰা ৩ মিনিটৰ ব্যৱধান দিয়ক, ইয়াৰ

দক্ষিণ আফ্ৰিকা ধাৰাবাহিকৰ বাবে অনুশীলনত ব্যস্ত যশপ্ৰীত বুমৰাহ…

যশপ্ৰীত বুমৰাহঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে যশপ্ৰীত বুমৰাহৰ ব্য়াপক প্ৰস্তুতি। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভাৰতীয় বেগী বলাৰ গৰাকীৰ ফটো। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ২ খন টেষ্ট মেচৰ ধাৰাবাহিক খেল। অৱশ্যে ইয়াৰ পূৰ্বে দুয়োটা দলে টি-২০ আৰু এদিনীয়া মেচত মুখামুখি হ’ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩ খন টি-২০ মেচ অনুষ্ঠিত হ’ব, তাৰ পিছত ৩ খন এদিনীয়া মেচ ধাৰাবাহিকভাৱে অনুষ্ঠিত হ’ব। আনহাতে ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব টেষ্ট ছিৰিজ। ২৬ ডিচেম্বৰত চেঞ্চুৰিয়ানত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব ২-টেষ্ট শৃংখলাৰ প্ৰথমখন খেল। দুয়োটা দলৰ খেলুৱৈয়ে শৃংখলাৰ পূৰ্বে নিজকে সাজু কৰি তুলিছে।

অৱশ্যে ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে এখন ফটো। এই ফটোত দেখা গৈছে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহক। আচলতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে যছপ্ৰিত বুমৰাহৰ ব্যাপক প্ৰস্তুতি। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ধাৰাবাহিকভাৱে মন্তব্য কৰিছে বেগী বলাৰগৰাকীৰ ফটোত।

মিজোৰামত কেবিনেট মন্ত্ৰী হৈ ইতিহাস সৃষ্টি কৰিলে লালৰিনপুইয়ে…

মিজোৰামত মহিলা মন্ত্ৰীঃ মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা মন্ত্ৰী লালৰিনপুই। বিধানসভা নিৰ্বাচনত লালৰিনপুইয়ে লুংলেই ইষ্টত কংগ্ৰেছ প্ৰাৰ্থী জোচেফ লালহিমপুয়াক ১৬৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। জোৰাম পিপলছ মুভমেণ্টৰ নেতা লালডুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেবিনেটৰ একমাত্ৰ মহিলা মন্ত্ৰী লালৰিণপুই। লালৰিনপুইক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সমাজ কল্যাণ আৰু জনজাতি পৰিক্ৰমা, মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে।

জেড পি এমৰ লুংলেই জিলাৰ সভাপতি লালৰিনপুই মিজোৰামৰ ইতিহাসত মন্ত্ৰী হোৱা মাত্ৰ তৃতীয়গৰাকী মহিলা। ৰাজনীতিত নিজৰ নাম উজলাই তোলাৰ উপৰিও লালৰিনপুইয়ে বেংগালুৰুত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা হোষ্টেলও চলাই আছে।


২৪বছৰীয়া মালয়ালম অভিনেত্ৰী লক্ষ্মীকা সজীৱনৰ হাৰ্ট এটেকত মৃত্যু…

মালয়ালম অভিনেত্ৰী লক্ষ্মীকা সজীৱনৰ ২৪ বছৰ বয়সত হাৰ্ট এটেকত মৃত্যু।

এই খবৰটোৱে চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে।


২০২০ চনত মুক্তি পোৱা চুটি ছবি ‘কাক্কা’ত অভিনয় কৰি ব্যাপক স্বীকৃতি লাভ কৰিছিল।

অভিনয়ৰ দক্ষতাৰ বাবে পৰিচিত লক্ষ্মীকা সজীৱনে ছবি উদ্যোগটোত নিজৰ নাম উজলাই ৰাখিছিল।

‘ষ্টাৰ কিড হ’লেও লাগিব প্ৰতিভা’, পিতৃ ধৰ্মেন্দ্ৰ আৰু ভাতৃ ছানীৰ সৈতে কিয় তুলনা কৰা হৈছিল ববি দেউলক…

ববি দেউল: এনিমেল ছবিখনৰ সফলতাৰ পিছত ববি দেউলে নিজৰ অভিনয় জীৱনৰ কথা প্ৰকাশ কৰিছে। ববি দেউলে কয় যে যেতিয়া তেওঁ চলচ্চিত্ৰ জগতৰ অংশ হৈ পৰিছিল তেতিয়া তেওঁক কেৱল পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে নহয়, ভাতৃ ছানী দেওলৰ সৈতেও তুলনা কৰা হৈছিল।এনিমেল ছবিত ববি দেউলৰ চৰিত্ৰটো ১৫-২০ মিনিটৰ হ’লেও ই অতি শক্তিশালী, যাৰ বাবে ববি দেউল আছে চৰ্চাত।


শেহতীয়াকৈ ববি দেওলে এটা সাক্ষাৎকাৰ দিছিল, য’ত অভিনেতাজনে কৈছিল – ষ্টাৰ কিড হোৱাটো মোৰ বাবে এটা সুবিধা আছিল কিন্তু তাত থাকে কঠোৰ পৰিশ্ৰম। প্ৰতিভা আৰু ভাগ্য থাকিলেহে উদ্যোগটোত আগবাঢ়ি যাবলৈ সক্ষম হয়।

পানী খাওঁতে ভুলতে গিলিলে মৌমাখি, তাৰ পিছত কি হ’ল জানেনে…

মধ্যপ্ৰদেশত পানী খাই থকা অৱস্থাত এজন ব্যক্তিৰ মৃত্যু হোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ভোপালত পানী খাই থকা অৱস্থাত ভুলবশতঃ মৌমাখি গিলি মৃত্যু হয় এজন ২২ বছৰীয়া যুৱক। যুৱকজনৰ জিভা আৰু খাদ্য নলীত মৌমাখিয়ে কামোৰিছিল। শুকুৰবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। ।

এই বিষয়ৰ সন্দৰ্ভত চিকিৎসকে কয় যে পানী খোৱাৰ সময়ত সকলোৱে অত্যন্ত সাৱধান হ’ব লাগে। যদিও এইটো এই ধৰণৰ প্ৰথম ৰোগী।