Home Blog Page 1237

আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত ! চিচিবৰগাওঁত মিচিং ৰাইজৰ প্ৰতিবাদ…

আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত

চিচিবৰগাওঁত মিচিং ৰাইজৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ।

অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিং ৰাইজৰ জাতীয় উৎসৱ আলিঃ আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধৰ দাবীত আজি একত্ৰিত হ’ল চিলাপথাৰৰ সচেতন মিচিং সমাজ। দিনৰ প্ৰায় ১১ বজাত  সমবেত ৰাইজে হাতে হাতে বেনাৰ ছাইনবোৰ্ড লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অৰ্ধ শতাধিক ৰাইজে আলিঃ আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষনা কৰক, ৰণোজ -ভুৱন পেগুৰ কাম নাই, আমাৰ দাবী মানিব লাগিব, অসম চৰকাৰ হায় হায়, ইনক্লব জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চিচিবৰগাওঁ ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদ।

প্ৰতিবাদকাৰী সকলে কয় যে, চৰকাৰে ১০খন জিলাত বন্ধ দি মিচিং জাতিক চৰম প্ৰতাৰণা কৰিছে। চৰকাৰে এনে মিচিং জনজাতি বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া মিচিং ৰাইজে কোনো কাৰণতে মানি লব নোৱাৰে। যি সময়ত চৰকাৰখনে ষট পূজা, ভাতৃ দ্বিতীয়া আদি পূজাত অসম বন্ধ দিয়ে। কিন্তু সৰ্ববৃহৎ মিচিং জনগোষ্ঠীতকৈও কম জনসংখ্যাৰ লোকসকলৰ বাবে ৰাজ্যিক ভিত্তিত চৰকাৰী বন্ধ ঘোষণা কৰিছে, তেনে ক্ষেত্ৰত ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকক চৰম অন্যায় কিয় কৰা হৈছে বুলি প্ৰশ্ন উত্থাপিত কৰে।

শীঘ্ৰেই অসমৰ ১০ খন জিলাৰ পৰিবৰ্তে সমূগ্ৰ অসমতে আলি আঃয়ে লৃগাঙত বন্ধ ঘোষনা কৰিবলৈ দাবী জনাই অন্যথা মিচিং ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সুকিয়াই দিয়ে প্ৰতিবাদী সকলে। শেষত চিচিবৰগাওঁ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা লৈ এখনি স্মাৰক পত্ৰ ও প্ৰেৰণ কৰা হয়। আজিৰ প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ছেফ পাওঁ ,ধেমাজি জিলাৰ সভাপতি ভবেশ পেগুৰ লগতে বহু লোক উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

টিহুৰ নালন্দা পাব্লিক স্কুলৰ বাৰ্ষিক স্কুল সপ্তাহৰ সফল সামৰণি…

টিহুৰ নালন্দা পাব্লিক স্কুলৰ বাৰ্ষিক স্কুল সপ্তাহৰ সফল সামৰণি। টিহুৰ আগশাৰীৰ বিদ্যালয় নালন্দা পাব্লিক স্কুলৰ বাৰ্ষিক স্কুল সপ্তাহ সুকলমে সম্পন্ন হৈ যায়। স্কুল সপ্তাহ উপলক্ষে বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছিল।

১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ আয়োজন কৰা স্কুল সপ্তাহৰ পতাকা উত্তোলন কৰে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ নাৰায়ণ শৰ্মাই। স্কুল সপ্তাহ উপলক্ষে আয়োজন কৰা Inter House Cultural Competition তো ছাত্র ছাত্ৰীসকলে উন্নত মানদণ্ডৰ প্ৰদৰ্শন কৰে। আনহাতে ২০ নৱেম্বৰ সোমবাৰে বঁটা বিতৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম লোকসভা আয়োগৰ প্ৰাক্তন সদস্য তথা বিশিষ্ট সাহিত্যিক ড০ নিৰঞ্জন কলিতা। উক্ত বঁটা বিতৰণী অনুষ্ঠানতে বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ skillora উন্মোচন কৰে নলবাৰী নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় কুমাৰ জৈনে।

ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে ২৩ নৱেম্বৰৰ পৰা গণেশগুৰিত শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ…

গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানত নিৰ্মাণ কাৰ্য্য অব্যাহত থকা হনুমান মন্দিৰটো পাচ দিনীয়া পূজা অৰ্চনাৰে অহা ২৮ নবেম্বৰত উদ্ধোধন কৰা হ’ব। ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে গণেশগুৰিত শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। ২৩ নৱেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ চলিব লগা পূজা অৰ্চনাত ভাগ ল’ব চুবুৰীয়া দেশ নেপাল আৰু ৰাজস্থানৰ প্ৰায় ২০ জনতকৈ অধিক পুৰোহিতে।
তদুপৰি প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাম দলৰ নাম প্ৰসংগ অনুষ্ঠিত হ’ব।

ৰাজস্থানৰ শ্ৰী ছালচৰ ধামৰ পৰা অক্ষয়জ্যোতি আনিবলৈ যোৱা মন্দিৰ সমিতিৰ দলটো অহা ২৭ নবেম্বৰত গুৱাহাটীত উপস্থিত হ’ব আৰু সেই দিনাই গণেশগুৰিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰত মাৰুতী নন্দন ভক্ত শিৰোমণি শ্ৰী বালাজী মহাৰাজৰ অক্ষয় বন্তি প্ৰতিষ্ঠা কৰা হ’ব। শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে সমিতিৰ বিষয়ববীয়া ৰঞ্জিত বৰ্মণ আৰু অমিত গোয়েলে।

ৰাজ্যবসীৰ বাবে বেয়া খবৰ, স্থান নাপালে অসমৰ ৰিয়ান পৰাগে…

ৰাজ্যবসীৰ বাবে বেয়া খবৰ। ঘোষণা হ’ল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20ছিৰিজৰ টীম ইণ্ডিয়াৰ স্কোৱাড । দলত স্থান নাপালে অসমৰ ৰিয়ান পৰাগে। মোস্তাক আলী ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল ৰিয়ানে।

ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছতো স্থান নাপালে ৰিয়ান পৰাগে। সূৰ্য কুমাৰ যাদৱক ভাৰতৰ অধিনায়কৰ দায়িত্ব। ৰিয়ানতকৈ দুৰ্বল প্ৰদৰ্শন কৰা শিৱম ডুবে, ৰিংকু সিঙৰ স্থান লাভ। BCCI-এ ঘোষণা কৰা দলত উপেক্ষিত হ’ল ৰিয়ান পৰাগ।

আই.এ.এম.চি., ইউ.এছ.টি.এমত আয়ুষ গৱেষণা বিভাগ উদ্বোধন, নৱাগত বিএএমএছ শিক্ষাৰ্থীক সম্বোধন কৰে মন্ত্ৰী এ টি মণ্ডলে…

বিএএমএছ (আয়ুৰ্বেদিক ঔষধ আৰু অস্ত্ৰোপচাৰৰ স্নাতক) প্ৰথম দলৰ শিক্ষাৰ্থীসকলে ইউএছটিএমৰ আইএ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত এক নতুন যাত্ৰা আৰম্ভ কৰাৰ লগে লগে আজি গ্ৰাম্য শক্তি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী এ টি মণ্ডলে ইউএছটিএমৰ আচাৰ্য শ্ৰী মাহবুবুল হক, আইএএমচিৰ সঞ্চালক অধ্যাপক অনিল কুমাৰ শৰ্মা, বিষয়া, শিক্ষক চিকিৎসক আৰু উৎসাহী শিক্ষাৰ্থীসকলৰ উপস্থিতিত এটা নতুন গৱেষণা বিভাগৰ উদ্বোধন কৰে।
মন্ত্ৰী এ টি মণ্ডলে উদীয়মান বিএএমএছ শিক্ষাৰ্থীসকলক সম্বোধন কৰি অঞ্চলটোৰ প্ৰথমখন ব্যক্তিগত আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্থানীয় শিক্ষাৰ্থীসকলক বাংগালোৰৰ দৰে দূৰৱৰ্তী স্থানলৈ ভ্ৰমণকৰাৰ বিকল্প প্ৰদান কৰাত ইয়াৰ ভূমিকাৰ ওপৰত আলোকপাত কৰিছিল।


ইউএছটিএমৰ উপাচাৰ্য মহবুবুল হকে বিশ্ববিদ্যালয়খনৰ আৰম্ভণিৰ পৰাই মেঘালয় চৰকাৰক ইয়াৰ অটল সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সম্প্ৰসাৰণৰ উচ্চাভিলাষী পৰিকল্পনাৰ কথা উল্লেখ কৰি কয়, “যদিও আমি এতিয়া ৬০ আসনৰ ক্ষমতাৰে আৰম্ভ কৰিছো, অহা বছৰ এই সংখ্যা বৃদ্ধি কৰা হ’ব। আমি এক বিশ্বমানৰ প্ৰতিষ্ঠান হ’বলৈ আকাংক্ষা কৰোঁ। ২০২৩ চনৰ ভিতৰত, আমি ইউ.এছ.টি.এম. ৰ চৌহদত সকলো স্বাস্থ্যসেৱা বিভাগ – এলোপেথি, উনানি, সিদ্ধা আৰু হোমিঅ’পেথি- অত্যাধুনিক গৱেষণা সুবিধাৰ সৈতে কল্পনা কৰিছো।”
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সহযোগী অধ্যাপক ডাঃ হেমেন কলিতাই পৰিৱৰ্তনশীল পাঠ্যক্ৰম কাৰ্যসূচীত আইএএমচিৰ নতুনকৈ ভৰ্তি হোৱা শিক্ষাৰ্থীসকলৰ বাবে এক অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। আই.এ.এম.চি.-য়ে আয়ুষ মন্ত্ৰালয়ৰ ভাৰতীয় ঔষধ প্ৰণালীৰ ৰাষ্ট্ৰীয় আয়োগ (এন.চি.আই.এছ.এম.) নামৰ আইনী সংস্থাটোৰ সকলো অনুমোদন লাভ কৰিছে।

‘দিল্লীত ভয়াৱহ ৰূপত হ’ব পাৰে পানীৰ নাটনি’ মন্ত্ৰী আতিশীৰ সতৰ্ক…

দিল্লী জল সংকটঃ ‘দিল্লীত পানীৰ ভয়াৱহ নাটনি হ’ব পাৰে’, মন্ত্ৰী আতিশীয়ে সতৰ্ক কৰি দিছে। দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে কয় যে অতি সোনকালে দিল্লীত ভয়াৱহ ৰূপত হ’ব পাৰে পানীৰ নাটনি হ’ব পাৰে। মুখ্য সচিবৰ নিৰ্দেশ মৰ্মে বিত্ত সচিব আশীষ ভাৰ্মাই আগষ্টৰ পৰা জল ব’ৰ্ডৰ সকলো পুঁজি বন্ধ কৰি দিয়ে।

বিত্তমন্ত্ৰীৰ লিখিত নিৰ্দেশৰ পিছতো ধন মুকলি কৰা হোৱা নাই। দৰমহা আৰু ৰুটিন কামৰ বাবেও টকা নাই। সকলো ঠিকাদাৰে কাম কৰিবলৈ অস্বীকাৰ কৰিলে। অনাগত দিনত বহু অঞ্চলত ভয়াবহ পানীৰ নাটনি হ’ব পাৰে। লেতেৰা পানী আৰু নলাৰ ওফন্দি উঠিব পাৰে। মহামাৰীৰ আশংকা। এয়া জৰুৰীকালীন অৱস্থাৰ দৰে পৰিস্থিতি। শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ এল জিক আবেদন জনায় জলমন্ত্ৰী আতিশীয়ে।


সুৰংগত কিদৰে সময় অতিবাহিত কৰিছে ৪১ জন শ্ৰমিকে…

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ খবৰঃ উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকসকলৰ বাবে সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত আছে। ৪১ জন শ্ৰমিকৰ প্ৰথমটো ভিডিঅ’ পোহৰলৈ আহিছে য’ত দেখা গৈছে যে এইসকল লোকে যোৱা ১০ দিন ধৰি এই সুৰংগটোত কেনে পৰিস্থিতিত সময় কটাইছে। শ্ৰমিকসকলে নিজকে শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি ৰাখিবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছে।

নিয়মীয়াকৈ খোজ কঢ়া, যোগাসন আৰু আপোনজনৰ লগত কথা পাতি সুৰংগৰ ভিতৰত নিজকে জীয়াই ৰাখিছে এইসকল শ্ৰমিকে। অতি সোনকালে এই শ্ৰমিকসকলে মোবাইল ফোন আৰু চাৰ্জাৰ লাভ কৰিব, যাতে তেওঁলোকে নিজকে ব্যস্ত ৰাখিব পাৰে। ইয়াৰ পূৰ্বে ধ্বংসাৱশেষৰ পৰা সুৰংগটোৰ ভিতৰত ছয় ইঞ্চি বহল পাইপলাইন সুমুৱাই দিয়া হৈছিল, তাৰ মাজেৰে দাইল, খিচড়ি, কল, আপেল আৰু পানী শ্ৰমিকসকলক খাদ্যৰ বাবে প্ৰেৰণ কৰা হৈছিল। এই পাইপটোত এটা কেমেৰাও সোমোৱাই দিয়া হৈছিল, য’ৰ পৰাই ভিডিঅ’টো ওলাইছে। য’ত যোৱা দহ দিন ধৰি সুৰংগটোত শ্ৰমিকসকলে কি অৱস্থাত বাস কৰি আছে সেয়া দেখা যায়।

গাখীৰ খোৱাৰ উপযুক্ত সময় কেতিয়া জানেনে? নহ’লে গেছ-এচিডিটিৰ বলি হ’ব…

কিছুমানে গাখীৰ খাই বৰ ভাল পায়। গাখীৰ খাই ভাল পালেও যেতিয়া তেতিয়াই গাখীৰ খাব নালাগে, গাখীৰ খোৱা আছে উপযুক্ত সময়। আজি আমি আপোনালোকক ক’ম গাখীৰ খোৱাৰ উপযুক্ত সময়ৰ বিষয়ে। ৰাতি বা ৰাতিপুৱা কিমান সময়ত গাখীৰ খোৱা উচিত জানো আহক-

স্বাস্থ্য বিশেষজ্ঞৰ মতে গাখীৰ শৰীৰৰ গঠন আৰু বয়স অনুযায়ী সেৱন কৰিব লাগে। কিছুমান মানুহৰ বাবে ৰাতিপুৱা গাখীৰ খোৱাটো উপকাৰী হ’ব পাৰে, আনহাতে কিছুমানৰ বাবে ৰাতিৰ সময় ভাল। চিকিৎসকৰ মতে যিকোনো সময়তে গাখীৰ খালে শৰীৰৰ বাবে উপকাৰী। যদি আপোনাৰ পেটৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে গাখীৰ খোৱাৰ সময় সলনি কৰক। অন্যথা ইয়াৰ ফলত আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব। ৫ বছৰৰ ওপৰৰ লোকে ৰাতিপুৱা খালী পেটত গাখীৰ খাব নালাগে।

শৰীৰ গঠনৰ বাবে গাখীৰ খোৱা লোকসকলে দিনত গাখীৰ খোৱা উচিত। যদি এনে লোকে দিনত গাখীৰ খায় তেন্তে তেওঁলোকে গোটেই দিনটোৰ বাবে শক্তি লাভ কৰে। শিশুৱে ৰাতিপুৱা ক্ৰীমযুক্ত গাখীৰ খাব লাগে। তাত কেলচিয়ামৰ প্ৰচুৰ পৰিমাণে থাকে আৰু হাড়বোৰো মজবুত হৈ পৰে। গাখীৰ খালে শৰীৰে প্ৰচুৰ পৰিমাণে পটাছিয়াম, মেগনেছিয়াম আৰু প্ৰটিন লাভ কৰে।

বৃদ্ধসকলৰ শাৰীৰিক ক্ৰিয়া-কলাপ অতি কম হোৱাৰ বাবে তেওঁলোকে দিনত গাখীৰ খোৱা উচিত নহয়। বুঢ়া মানুহে গৰুৰ গাখীৰ খাব লাগে, সহজে হজম হয়।

যদি আপুনি গাখীৰ নাখায় তেন্তে শৰীৰত কেলচিয়ামৰ অভাৱ আৰম্ভ হয়। গাখীৰত কেলচিয়ামৰ লগতে থাইয়ামিন আৰু হাড় শক্তিশালী কৰাৰ ক্ষমতা থাকে। যদি আপোনাৰ গেছ-এচিডিটিৰ সমস্যা আছে তেন্তে চেনিৰ সৈতে মিহলি গাখীৰ খাব।

দুলীয়াজান ফুটবল একাডেমীয়ে আয়োজন কৰা ফুটবল প্ৰতিযোগিতাত ১-০ গল্ডত শ্বিলং লাজং এফচি বিজয়ী…

দুলীয়াজান ফুটবল একাডেমীয়ে অনুস্থিত কৰা অইল ইণ্ডিয়া আৰু নুমলীগড় ৰিফাইনেৰীৰ সহযোগত ১৯অনুৰ্ধত ফুটবল প্ৰতিযোগিতাখনি যোৱা ১নবেম্বৰৰ পৰা ২০নবেম্বৰৰ লৈকে অনুস্থিত হয় নেহৰু ষ্টেডিয়াত আৰু ২১নবেম্বৰৰ দিনা ফাইনেল প্ৰতিযোগিতাখনি শ্বিলং আৰু চিকিমৰ মাজত অনুস্থিত হয়।

১-০গল্ডত শ্বিলং লাজং এফচিয়ে চিকিমক পৰাস্ত কৰি নগদ ১লাখ টকাৰে বিজয়ী সন্মান লবলৈ সক্ষম হয়।

অত্যাধিক আদা ব্যৱহাৰে শৰীৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে…

শীতকালত বেছিভাগ মানুহে আদাৰ চাহ খায়। যিহেতু আদাৰ উষ্ণতা বৃদ্ধিৰ স্বভাৱ আছে, গতিকে আদাই ঠাণ্ডা কমোৱাত সহায় কৰে। যেতিয়াই বতৰৰ পৰিৱৰ্তন ঘটে তেতিয়াই ঋতুভিত্তিক ৰোগে মানুহৰ ওপৰত ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰে। শীতকালত মানুহে বেছিভাগেই আদাৰ চাহ খায়। আজি আমি আপোনালোকক ক’ম শৰীৰত আদা অত্যধিক খোৱাৰ ফলত হোৱা কিছু সমস্যা-

১) পেটৰ বিষঃ আদাই শৰীৰক উষ্ণতা প্ৰদান কৰিলেও অতিৰিক্তভাৱে সেৱন কৰিলে পেটৰ বিষ, এচিড গঠন, গেছ আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিন্তু খাদ্য খোৱাৰ পিছত কম পৰিমাণে আদা খালে পেট ফুলাৰ সমস্যা কম হ’ব পাৰে।

২) তেজ জমা হোৱাত প্ৰভাৱ পেলায়: আদাৰ এনে গুণ আছে যিয়ে তেজ পাতল কৰিব পাৰে। কিন্তু অত্যধিক খালে তেজ জমা হোৱাত প্ৰভাৱ পেলাব পাৰে।

৩) তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰেঃ খাদ্যত অত্যধিক আদা অন্তৰ্ভুক্ত কৰিলে ইনচুলিনৰ মাত্ৰাত বাধাৰ সৃষ্টি হব পাৰে। ইয়াৰ বাবে তেজৰ চেনিৰ মাত্ৰা হঠাতে হ্ৰাস পাব পাৰে।

৪) মুখত জ্বলা-পোৰা হোৱা: যদি আপুনি বেছিকৈ আদা সেৱন কৰে তেন্তে এই সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে আদা যিমান পাৰি সীমিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে।