Home Blog Page 1249

চন্দ্ৰযান-৩ উৎক্ষেপণ বাহনৰ এটা অংশই নিয়ন্ত্ৰণ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে…

চন্দ্ৰযান ৩ উৎক্ষেপণ বাহনঃ চলিত বৰ্ষৰ ১৪ জুলাইত চন্দ্ৰযান-৩ মহাকাশযানখনক নিৰ্দিষ্ট কক্ষপথত সফলতাৰে উৎক্ষেপণ কৰা এলভিএম-৩ এম৪ উৎক্ষেপণ বাহনৰ ‘ক্ৰাইজেনিক’ ওপৰৰ অংশই বুধবাৰে পুনৰ অনিয়ন্ত্ৰিতভাৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। ইছৰ’ই কয়, ‘এই ৰকেটৰ দেহটো এলভিএম-৩ এম৪ উৎক্ষেপণ বাহনৰ অংশ আছিল।’ ১৪:৪২ ISTৰ ওচৰত ই পুনৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে।’ ৰকেটৰ দেহটোৰ পুনৰ প্ৰৱেশ সংঘটিত হয় ইয়াৰ উৎক্ষেপণৰ ১২৪ দিনৰ ভিতৰত।

২০২৩ চনৰ ১৪ জুলাই শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৩৫ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰ (SHAAR)ৰ পৰা চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হৈছিল। এই বাহনখনে যোৱা ২৩ আগষ্ট, ২০২৩ তাৰিখে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ০৬:০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত পৃষ্ঠত সফলতাৰে অৱতৰণ কৰে। ইয়াৰ লগে লগে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত মহাকাশযান সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ আৰু চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়।

এচিডিটিৰ পৰা মুক্তি পাবলৈ খাবলৈ আৰম্ভ কৰক এই সমূহ বস্তু…

এচিডিটিৰ পৰা সকাহ: বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিৰে এচিডিটিৰ সমস্যা। আজি আমি আপোনালোকক ক’ম যে এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পাবলৈ কি কি খাদ্য গ্ৰহণ কৰিব পাৰি। এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এই সমূহ খাদ্য খাব পাৰি-

ক’লা কিচমিচত আঁহ থাকে যিয়ে আপোনাৰ শৰীৰৰ পৰা কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। এই কিচমিচ সেৱন কৰিলে এচিডিটি নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰিও চকুৰ দৃষ্টিশক্তি উন্নত হয় আৰু উচ্চ ৰক্তচাপ হ্ৰাস পায়। দৈনিক ৫টা ক’লা কিচমিচ পানীত তিয়াই ৰাতিপুৱা খালী পেট ভাল হ’ব।

দৈৰ লগত পোহা খোৱাটো আপোনাৰ শৰীৰৰ বাবে উপকাৰী। কেৱল এয়াই নহয় পেটৰ লগত জড়িত সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াক খাবলৈ পানীৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে, তাত ক’লা নিমখ দিব লাগে, তাৰ পিছত দৈ মিহলাই খাব লাগে। পোহা কালে এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাব।

গুলকণ্ড ঠাণ্ডা, যাৰ বাবে ই এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে। গুলকণ্ড কালে শৰীৰৰ অন্যান্য সমস্যাৰ পৰা সকাহ পোৱা যায়। এগিলাচ পানীত এচামুচ গুলকণ্ড মিহলাই খাব লাগে।

কাইলৈ ​​মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত ৫.৬ কোটি ভোটাৰে কৰিব ভোটদান…

বিধানসভা নিৰ্বাচন ২০২৩: কাইলৈ ​​মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত ভোটদান কৰি ৫.৬ কোটি ভোটাৰে সাংসদ হিচাপে নতুন চৰকাৰ নিৰ্বাচন কৰিব।


শুকুৰবাৰে (১৭ নৱেম্বৰ) মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৩০খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হ’ব পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ। ৩ ডিচেম্বৰত ভোটগণনা হ’ব। এইবাৰ মধ্যপ্ৰদেশত দেখা গৈছে এক অতি ৰোমাঞ্চকৰ প্ৰতিযোগিতা। ইয়াত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা। অৱশ্যে ইয়াত এছ পি, বি এছ পি আৰু আম আদমী পাৰ্টিয়েও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কিছু আসনত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। মধ্যপ্ৰদেশৰ ২৩০খন আসনত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৫.৬ কোটি। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ২.৮৮ কোটি, আনহাতে মহিলা ভোটাৰৰ সংখ্যা ২.৭২ কোটি। এইবাৰ আটাইতকৈ বিশেষ কথাটো হ’ল ৰাজ্যৰ মুঠ ২২.৩৬ লাখ যুৱকে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব।

ছত্তীশগড়ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯৫৮ গৰাকী প্ৰাৰ্থীয়ে খেলপথাৰত নামি পৰিছে। ৰাজ্যখনৰ মুঠ ৯০খন বিধানসভা আসনৰ ভিতৰত ৭ নৱেম্বৰত ২০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী ৭০খন আসনৰ বাবে ১৭ নৱেম্বৰত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩ ডিচেম্বৰত ভোটগণনা হ’ব।


স্বামী বিৰাট কোহলীক গড চাইল্ড বুলি প্ৰশংসা পত্নী অনুষ্কা শৰ্মাৰ…

অনুষ্কা পোষ্ট বিৰাট কোহলীৰ বাবে: অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ক্ৰিকেটাৰ স্বামীক প্ৰশংসা কৰি গড চাইল্ড বুলি অভিহিত কৰিছে। বুধবাৰে ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপৰ ছেমি ফাইনেল খেলৰ সময়ত বিৰাট কোহলীয়ে ৫০ সংখ্যক এদিনীয়া শতক সম্পূৰ্ণ কৰে। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত খেলা এই খেলৰ সময়ত তেওঁৰ পত্নী আৰু অনুষ্কা শৰ্মাও উপস্থিত আছিল, স্বামীৰ এই কৃতিত্ব দেখি অতি উত্তেজিত আৰু সুখী যেন লাগিছিল অনুষ্কাক। ষ্টেডিয়ামত বিৰাটক ফ্লাইং কিছ দিয়াও দেখা গৈছিল আৰু এতিয়া তেওঁ বিৰাটৰ বাবে এটা বিশেষ পোষ্ট লিখিছে।

অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ক্ৰিকেটাৰ স্বামীক প্ৰশংসা কৰি গড চাইল্ড বুলি অভিহিত কৰিছে।

বিৰাট কোহলীয়ে এদিনীয়াত ৫০তম শতক অৰ্জন কৰি প্ৰবীণ ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে। খেলখনৰ সময়ত ষ্টেডিয়ামত উপস্থিত আছিল শচীন টেণ্ডুলকাৰো। লগতে শচীনে বিৰাটক বিজয়ৰ বাবে অভিনন্দন আৰু মৰম কৰি এটা পোষ্ট লিখিছিল।

দৈনিক ১ টা কৈ কেঁচা জলকীয়া খালে স্বাস্থ্যৰ বহু উপকাৰ হ’ব…

কেঁচা জলকীয়াত ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি, আইৰণ, কপাৰ, পটাছিয়াম, প্ৰটিন আৰু বিটা-কেৰটিন আদি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায় প্ৰটিন আৰু বিটা-কেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। যিয়ে আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। গতিকে দৈনিক কেঁচা জলকীয়া খোৱাৰ আছে উপকাৰ। গতিকে দৈনিক কেঁচা জলকীয়া খোৱাৰ স্বাস্থ্যজনিত কি কি উপকাৰ জানো আহক-

যদি আপুনি প্ৰতিদিনে ১ টা কেঁচা জলকীয়া খায়, তেন্তে ইয়াত থকা ভিটামিন চি আৰু ভিটামিন এয়ে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে, যাৰ ফলত ভাইৰাছৰ সংক্ৰমণৰ পৰা আপোনাক ৰক্ষা কৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে: উচ্চ ৰক্তচাপ ৰোগীয়ে যদি দৈনিক খাদ্যত ১ টা কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰে তেন্তে ই অতি উপকাৰী হয় কাৰণ ইয়াত পোৱা এন্টিহাইপাৰটেনচিভ গুণে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

যদি আপুনি দৈনিক ১ টা কেঁচা জলকীয়া খায় তেন্তে ই চকুৰ বাবে উপকাৰী। হয় কাৰণ ইয়াত পোৱা ভিটামিন এ আৰু বিটা কেৰটিনে চকুক সুস্থ কৰি ৰখাত আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

যদি আপুনি দৈনিক ১ টা কেঁচা জলকীয়া খায় তেন্তে ই ওজন কমাবলৈ সহায় কৰে। হয় কাৰণ ইয়াত কেলৰি কম আৰু আঁহ বেছি থাকে। যিয়ে ওজন কমোৱাত সহায় কৰে।

যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে আপুনি দৈনিক ১ টা কেঁচা জলকীয়া আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ ইয়াত উপস্থিত থকা ডায়েবেটিছ প্ৰতিৰোধী গুণে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

যদি আপোনাৰ কলেষ্টেৰল বেছি হয় তেন্তে দৈনিক ১ টা কেঁচা জলকীয়া খালে ই উপকাৰী। হয়, কাৰণ ইয়াত পোৱা আঁহে বেয়া কলেষ্টেৰল কমোৱাত সহায় কৰে। যাৰ বাবে হৃদৰোগৰ আশংকা কমি যায়।

যদি আপুনি দৈনিক ১ টা কেঁচা জলকীয়া খায় তেন্তে ই ছালৰ বাবে উপকাৰী। হয়, ইয়াত পোৱা ভিটামিন চি আৰু ভিটামিন ইয়ে ছালৰ লগত জড়িত সমস্যা দূৰ কৰাত আৰু ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে।


ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা ১৬খেলুৱৈক টংলাত বিপুল সম্বৰ্ধনা

ওদালগুৰি জিলাৰ এথলেটিকছ ইভেণ্টৰ ১৬ গৰাকী খেলুৱৈক বুধবাৰে বৰজলাহস্থিত টংলা ষ্টেডিয়ামত আবেলি ৪ বজাত বিপুল সম্বৰ্ধনা জনোৱা হয়।

টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত চন্দ্র ৰাভা আৰু আন্তৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী নমল ৰাভাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত সোণ,ৰূপ, ব্ৰঞ্জ আৰু বিশেষভাৱে সফলতা লাভ কৰি ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ, জাম্পিং আৰু ডিস্কাছ থ্ৰৱিং খেলুৱৈওসকলক উষ্ম সম্বৰ্ধনা জনোৱা হয়।

ওদালগুৰি জিলা এথলেটিকছ ইভেণ্টৰ প্ৰশিক্ষক মুকুন্দ শৰ্মা বৰুৱাৰ নেতৃত্বত সাফল্য লাভ কৰা খেলুৱৈসকল ক্ৰমে মাজনী বড়ো, বিগ্ৰাই ৰাভা, মোহন বড়ো,গীতাঞ্জলী ডেকা, বিচিত্ৰা বড়ো, সান্তনা বড়ো, পৱিত্ৰ ৰাভা, কল্যাণী বড়ো , মৌচুমী কোচ, ধনজিত বড়ো, সুৰজিত বড়ো, বিনয় বড়ো , সমীৰ মেচ,কপিল বড়ো, সাবিয়া সবৰ, বিনন বড়ো আৰু অনামিকা টপ্প’।

এথলেটিকছৰ প্ৰশিক্ষক গোবিন্দ মালাকাৰ, সদৌ অসম এথলেটিকছ এছ’চিয়েছনৰ যুটীয়া সম্পাদক তথা ওদালগুৰি জিলা সন্থাৰো সাধাৰণ সম্পাদক চেমুৱেল দৈমাৰী , ওদালগুৰি জিলা ক্ৰীড়া ভাৰতীৰ সভাপতি চৰণ নাৰ্জৰী ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি বিনোদ ৰাভাই ভাষণ দিয়া সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত টংলা ক্ৰীড়া সন্থাৰ সভাপতি খৰ্গেশ্বৰ বৰা,বিটিআৰ পেনচাক চিলাট সন্থাৰ সভাপতি অৰ্জুন দৈমাৰী, সাংবাদিক নাৰায়ণ ডেকা,টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তমনি চক্ৰৱৰ্ত্তী ,খেলুৱৈ, বহু সংখ্যক ক্ৰীড়াবিদ উপস্থিত থাকে।

-নব কুমাৰ ডেকা,

ভাৰত-নিউজিলেণ্ডৰ খেলত আন এক অভিলেখ বিৰাট কোহলিৰ…

ভাৰত-নিউজিলেণ্ডৰ খেলত আন এক অভিলেখ বিৰাট কোহলিৰ। বিশ্বকাপত তেণ্ডুলকাৰৰ ২টাকৈ ৰেকৰ্ড ভংগ কৰিলে বিৰাট কোহলিয়ে।

বিশ্বকাপত বিৰাট কোহলিয়ে অৰ্জন কৰিলে ৫০টা শতক। এদিনীয়া ক্ৰিকেটত ৪৯টা শতক অৰ্জন কৰিছিল তেণ্ডুলকাৰে।

সৰ্বাধিক ৰান কৰা ক্ৰিকেটাৰ হ’ল বিৰাট কোহলি। ২০০৩ৰ শচীনৰ বিশ্ব অভিলেখ ভংগ কৰিলে কোহলিয়ে। ২০০৩ৰ বিশ্বকাপত শচীনে সংগ্ৰহ কৰিছিল ৬৭৩ ৰান।

আৰক্ষীৰ যৌথ অভিযানত ১.৮৫০ কিলোগ্ৰাম সন্দেহযুক্ত মৰ্ফিন উদ্ধাৰ; আটক দুই…

গোলাঘাট আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ বুধবাৰে পুৱা কাৰ্বি আংলং আৰক্ষীৰ সৈতে যৌথভাৱে অভিযান চলাই বৰপথাৰ আৰক্ষী থানাৰ (কাৰ্বি আংলং)ৰ অন্তৰ্গত খকৰাজান চেক পোষ্টত এখন মহিন্দ্ৰা এক্স ইউ ভি ৫০০ বাহন পৰা বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

এএচ-০১বিডি/২৩১৪ নম্বৰৰ গাড়ীখনৰ অতিৰিক্ত চকাৰ ভিতৰত লুকুৱাই অনা মুঠ ১.৮৫০ কিলোগ্ৰাম সন্দেহযুক্ত মৰ্ফিন উদ্ধাৰ হয়। আটক কৰা ব্যক্তি দুজন হৈছে ডিমাপুৰৰ আকুম চাং (৫৯ বছৰ) আৰু খটখটীৰ অংবৌ চাং (৪৫ বছৰ)।

গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), লগতে বোকাজানৰ এছ ডি পি অ’, গোলাঘাটৰ , অ’ চি আৰু বৰপথাৰ থানাৰ অচিসহ এটা আৰক্ষীৰ দলে এই অভিযান চলায়।

জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৯২ টকা হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে বেটিঙৰ সময়ত খেলৰ পৰা বাহিৰ শুভমন গিল…

ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে বেটিঙৰ সময়ত ৰিটায়াৰ্ড হাৰ্ট শুভমন গিল ।

আঘাতৰ বাবে সাময়িকভাৱে খেলৰ পৰা বাহিৰ টীম ইণ্ডিয়াৰ অপেনাৰজন।

শুভমনৰ সলনি বেটিং কৰে শ্ৰেয়াছ আয়াৰে। ৬৫টা বলত ৭৯ ৰান সংগ্ৰহ শুভমন গীলৰ।

জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ…

জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ। ৩৮জন যাত্ৰী নিহত, আহত হৈছে বহুকেইগৰাকী যাত্ৰী।

দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান। ডোডা জিলাৰ ত্ৰুংগলত এই ভয়ংকৰ দুৰ্ঘটনা।