Home Blog Page 1251

ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয়ৰ মৃত্যু..

দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয় ছাহাৰাৰ মৃত্যু।

৭৫ বছৰ বয়সত মৃত্যু ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয়ৰ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুব্ৰত ৰয়।

আজি ক্ৰিকেট বিশ্বকাপৰ প্ৰথম ছেমি ফাইনেল। জাৰ্মান ফুটবলাৰ থমাছ মুলাৰৰ শুভেচ্ছা টিম ইণ্ডিয়ালৈ…

আজি ক্ৰিকেট বিশ্বকাপৰ প্ৰথম ছেমি ফাইনেল।

আজি নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ ছেমি ফাইনেল।

দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচ।

এখন ফাইনেলসদৃশ ছেমি ফাইনেল।

২ বজাৰ পৰা মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

বৰ্তমান আত্মবিশ্বাসী ৰূপত টীম ইণ্ডিয়া।

টছ হ’ব গুৰুত্বপূৰ্ণ।

যিটো দলে টছত জয়ী হ’ব তাৰেই হয়তো ভাগ্য উদয় হোৱাৰ সম্ভাৱনা।

জাৰ্মান ফুটবলাৰ থমাছ মুলাৰে ভাৰতৰ জাৰ্চি পিন্ধি টিম ইণ্ডিয়ালৈ জনালে শুভেচ্ছা।

পুৱাই পাকিস্তানত ৫.২ প্ৰাব্যলৰ ভূমিকম্প…

পুৱাই পাকিস্তানত ৫.২ প্ৰাব্যলৰ ভূমিকম্প।

এই তথ্য ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দিছে।

প্ৰতিবেদন অনুসৰি কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ অহা নাই।

ইয়াৰ পূৰ্বে যোৱা শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত পাকিস্তানত ৪.১ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল।

৪ দিনৰ পাছত আকৌ এবাৰ ভূমিকম্পত কঁপাই গ’ল পাকিস্তান।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ১৮ কিলোমিটাৰ ভূখণ্ডৰ ভিতৰত।

ডেংগু জ্বৰৰ পৰা আঁতৰি থাকিব বিচাৰেনে? এই ৪টা কাম কৰক…

ডেংগু প্ৰতিৰোধৰ ব্যৱস্থা: ডেংগু জ্বৰত তেজৰ প্লেটলেট কমিবলৈ আৰম্ভ কৰে, যাৰ বাবে ৰোগী দুৰ্বল হৈ পৰে।ডেংগু মহৰ পৰা নিজকে ৰক্ষা কৰাটো ভাল, যাতে আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ডেংগু জ্বৰ হৈছে মহৰ দ্বাৰা হোৱা ভাইৰাছৰ সংক্ৰমণ যি দ্ৰুতগতিত বিয়পি পৰে। কিন্তু কিছুমান সহজ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিলে ইয়াৰ বিস্তাৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব পাৰে। এই বিপদৰ পৰা হাত সাৰিবলৈ আমি কি ব্যৱস্থা লব পাৰো জানো আহক-

১) মহে কামোৰাৰ পৰা বিৰত থাকক

যদি মহে কামোৰাৰ পৰা হাত সাৰিব বিচাৰে তেন্তে সম্পূৰ্ণ দীঘল কাপোৰ পিন্ধিব লাগে যাতে মহে কামোৰাৰ বাবে ছালত সহজে যাব নোৱাৰে। যেতিয়াই শুবলৈ যায়, ৰাতি হওক বা দিনেই হওক, আঠুৱা ব্যৱহাৰ কৰিব পাৰে। বজাৰত কিছুমান ক্ৰীম পোৱা যায় যিবোৰ ছালত লগালে মহে কামোৰাৰ পৰা ৰক্ষা পাব পাৰে।


২) ঘৰত মহৰ বংশবৃদ্ধি হ’বলৈ নিদিব
ঘৰত মহৰ বংশবৃদ্ধি আৰম্ভ হয়, এই বংশবৃদ্ধি বন্ধ কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাবে নিয়মিতভাৱে ঘৰখন ভালদৰে চাফা কৰিব লাগে। যিহেতু ডেংগু মহে পৰিষ্কাৰ পানীত প্ৰজনন কৰে, গতিকে কুলাৰ, পাত্ৰ পৰিষ্কাৰ কৰি থাকিব। কুলাৰত ২ চামুচ কেৰাচিন অইল দিব।

৩) দুৱাৰ আৰু খিৰিকীত জাল স্থাপন কৰক
ঘৰলৈ মহ অহাত বাধা দিব লাগে। দুৱাৰ-খিৰিকীত ষ্টীল বা প্লাষ্টিকৰ জাল লগাব লাগে যাতে মহে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে।

ঘৰ চাফা কৰাৰ লগতে স্থানীয় অঞ্চল চাফা কৰাটোও গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত মহৰ বহুতো প্ৰজনন ক্ষেত্ৰ সৃষ্টি কৰা হয়। যেনে- পথৰ গাঁত, পুখুৰী, তামোলৰ খোলা, পুৰণি টায়াৰ আৰু মুকলি নলা বন্ধ কৰা।

ধুবুৰীৰ কালিবাড়ীত ষঠ পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বিভিন্ন সা সামগ্ৰী বিতৰণ

মঙলবাৰে সন্ধিয়া ধুবুৰী কালিবাড়ী মন্দিৰ কমিটিৰ উদ্যোগত আগন্তক ষঠ পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে।

অসহায় দৰিদ্ৰ নিচলা লোকসকলে যাতে সমাগত ষঠ পূজাত ভালদৰে পূজা পালন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওলোকক কুলা, পাচি, লাও আৰু বস্ত্ৰ বিতৰণ কৰা পৰিলক্ষিত হয়।

লগতে ধুবুৰী কালিবাড়ী কমিটিৰ সদস্য তথা এগৰাকী সমাজ সেৱক দীপাংকৰ মজুমদাৰে অসহায় লোকসকলক যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে সকলোকে আহ্বান জনায়।

হাজোৰ শ্বহীদ নগেন ডেকা পঞ্চায়তত খেল মহাৰণৰ বিশাল কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যত এতিয়া খেল মহাৰণৰ ধুমুহা । সৰ্বত্ৰে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হাজোৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ সৌজ্যনত খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।


খেল মহাৰনত কাৰ্যসূচীত এথলেটিক্স, কাবাদী, খো খো, ভলীবল, ফুটবল আদি খেল অনুস্থিত হয়। ক্ৰীয়াৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতী বিশেষকৈ হাজোৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ এলেকাৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলে শ্ৰেষ্ঠত্ব অৰ্জনৰ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা বুলি এক আশানুৰূপ বক্তব্য দাঙি ধৰে পঞ্চায়ত সভাপতি তৌফিকুৰ ৰহমানে।

শীৰ্ষক কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় শতাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থকা পৰিলক্ষিত হৈছে।

-অনামিকা কলিতা, হাজো

১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ’ল কণমানি

OC আসনত বহিল ৪ বছৰীয়া আয়াঞ্চ জয়ছোৱাল।

খাকী পোছাক পৰিধান কৰি ল’লে আৰক্ষীৰ দায়িত্ব।

শিশু দিৱসত পাণবজাৰ থানাৰ এই পদক্ষেপ।

আৰক্ষী বিষয়াৰ সপোন দেখা আয়াঞ্চক উৎসাহ ফাইলৰ ঠাইত হাতত চকলেট দি আৰক্ষীৰ দায়িত্ব।

শিশু দিৱস উপলক্ষে দেৰগাঁৱত বিনামূলীয়া চিকিৎসা সেৱা

দেৰগাঁৱৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন জাগৃতিৰ অভিনৱ প্ৰদক্ষেপ।

শিশু দিৱস উপলক্ষে শিশু সকলৰ মাজত এক বিনামূলীয়া দাঁত আৰু মুখৰ পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰে।

বিশিষ্ট দন্তঃ চিকিৎসক ডাঃ মঞ্জিল গোস্বামীৰ সহযোগত অনুষ্ঠিত কৰে এই বিনামূলীয়া চিকিৎসা সেৱা।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

ইণ্ডো-ফ্রান্স আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ ‘লাচিত দ্য ৱৰিয়ৰ’লৈ শ্রেষ্ঠ এনিমেচন ছবিৰ বঁটা

অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, সুবক্তা , অভিনেতা , শিল্পী আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও দেশ – বিদেশত সুনাম অৰ্জন কৰা পাৰ্থ সাৰথি মহন্তই অসমৰ জাতীয় বীৰ হিচাপে পৰিগণিত হোৱা মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এনিমেচন ছবি ‘লাচিত : দ্য ৱাৰিয়ৰ’- এ পুনৰ আন এটা সফলতা লাভ কৰিছে।

পুডুচেৰীত অনুষ্ঠিত হোৱা ‘ইণ্ডো-ফ্রান্স আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’ত শ্রেষ্ঠ এনিমেচন চুটি ছবিৰ সন্মান লাভ কৰিছে। ভাৰত চৰকাৰ আৰু ফ্রান্স চৰকাৰে যুটীয়াভাবে এই ছবি মহোৎসৱ অনুষ্ঠিত কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ছবি মহোৎসৱখনত প্রদর্শিত হৈছিল। উল্লেখ্য যে ‘লাচিত: দ্য ৱৰিয়ৰ’ শীর্ষক এনিমেচন ছবিখন পৰিচালনা কৰিছে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই। ছবিখন প্ৰযোজনা কৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত দীৰ্ঘদিনৰ পৰা জৰিত মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই।

বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে ছবিখনৰ ধাৰাভাষ্য প্রদান কৰিছে। ছবিখনৰ সংগীত ৰূপম তালুকদাৰৰ। ‘লাচিত : দ্য বৰিয়ৰ’ দিল্লী, মুম্বাই, কলকাতা, জয়পুৰ-চেন্নাইকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্রদর্শন কৰা হৈছে। ইয়াৰ পূৰ্বেও কেইবাখনো ছবি মহোৎসৱত এনিমেচন ছবিখনে শ্রেষ্ঠ। এনিমেচন চুটি ছবিৰ সন্মান লাভ কৰিছে।

উল্লেখ্য যে মহাবীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম, বীৰত্ব, জাতিৰ প্ৰতি কৰা ত্যাগ আদি ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিফলিত হোৱাৰ লগতে তেওঁৰ বিষয়ে দেশ – বিদেশৰ লোকেও ভালকৈ জানিব পাৰে তাক ছবিখনৰ মাধ্যমেৰে পৰিচালকে সুন্দৰকৈ প্ৰদৰ্শন কৰাত সফল হৈছে। যাৰ বাবে চুটি ছবিখনে কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেবাটাও বঁটা বা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

Power Minister Nandita Gorlosa inaugurates dedicated power line at Cotton University

In a one-of-its-kind initiative, a 11 kv HT dedicated feeder was inaugurated by Smt. Nandita Gorlosa, Minister for Power, Cooperation, Mines, Minerals, Indigenous and Tribal Faith and Culture Department, Government of Assam at Cotton University today. With this dedicated power line, the varsity will now have access to uninterrupted power supply that will promote academic and research activities among the teaching and student communities.

A meeting was held at the Homen Borgohain Conference Hall in the University premises prior to the inauguration of the dedicated feeder in the presence of University officials, teachers, students and staff.

Addressing the gathering, the Power Minister, also an alumnus of Cotton College, said that the Government of Assam plans to give dedicated power lines to other educational institutions and hospitals in the coming days. One of the key agendas of the State government is to provide solar panels in colleges and universities, especially in the metro cities of Assam. She also praised the efforts of the Assam Power Distribution Company Limited (APDCL) for their initiatives. She welcomed all kinds of suggestions from faculty and students and emphasized that public participation is vital in giving back to the public. She also applauded the achievements of the sportspersons from Assam in the recently held National Games in Goa.

The Vice Chancellor of Cotton University Prof Ramesh Chandra Deka shared that the institution had approached the Power minister in November, 2022 with a request to install a dedicated power line at the varsity. He thanked the Minister for sanctioning the power line and also thanked the APDCL and the varsity’s engineering cell for completion of the work within a year’s time. “Electricity is considered to be the life-blood of academic institutions and a dedicated power line will definitely help in the growth of the University as academic and research activities will continue unhindered”, he added.

Earlier, the Registrar of Cotton University, Dr Arindam Garg welcomed the Minister and all the officials of the APDCL and Cotton University, members of the faculty, staff and students and the media personnels present on the occasion. The vote of thanks was delivered by Prof Arup Hazarika, Head, Department of Zoology.