Home Blog Page 1258

ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতালৈ জামিন…

গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই লাভ কৰিলে জামিন।

কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে জামিন।

সপ্তাহত দুদিন নুনমাটি থানাত হাজিৰ হ’ব লাগিব বন্দনা।

আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি যাব নোৱাৰিব বন্দনা কলিতাই।

স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল বন্দনাই।

বৃক্ক ভালে ৰাখিবলৈ আপোনাৰ খাদ্য তালিকাৰ পৰা আঁতৰাই পেলাওক এই সমূহ খাদ্য…

বৃক্কৰ ৰোগঃ বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। সেয়ে বৃক্ক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু কিছুমান কথাই বৃক্কক দুৰ্বল কৰি তোলে। যাৰ বাবে বহুতো ৰোগে আপোনাক আক্ৰান্ত কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। কিছুমান খাদ্য আছে যিয়ে আপোনাৰ বৃক্কৰ ক্ষতি কৰে। কোন সমূহ খাদ্যই আপোনাৰ বৃক্কৰ ক্ষতি কৰে জানো আহক…

চোডাত থকা ফছফৰাছে আপোনাৰ বৃক্কৰ ক্ষতি কৰে আৰু দুৰ্বল কৰি তোলে। কিছুমান মানুহে দৈনিক চোডা সেৱন কৰে, কিন্তু তেনে কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

যদি আপোনাৰ বৃক্কৰ সমস্যা আছে তেন্তে আপুনি এভোকেডো খাব নালাগে। কাৰণ ইয়াত অতি বেছি পৰিমাণৰ পটাছিয়াম থাকে যিয়ে বৃক্কৰ ক্ষতি কৰে।

বেছিভাগ মানুহেই ভজা খাদ্য খাই ভাল পায় আৰু যদি দৈনিক ভজা বস্তু কাই, তেন্তে আজিয়েই এই অভ্যাস ত্যাগ কৰক।

মানুহে পিজ্জা বহুত ভাল পায়। কিন্তু আপুনি জানেনে পিজ্জা খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি ক্ষতি কৰিব পাৰে।

মদ্যপান কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হয়, গতিকে পৰাপক্ষত মদ সেৱন নকৰিব।

হাবিবৰঙাবাৰীত আলু বীজ বিতৰণ…

মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীত যোৱা কালি আলু বীজ আৰু সৰিয়হ বীজ বিতৰণ কৰা হয়। জানিব পৰা মতে, এখোজ কৃষক উৎপাদক কোম্পানী লিমিটেডৰ হাবিবৰঙাবাৰীস্থিত মূখ্য কাৰ্যালয়ত কোম্পানীটোৰ সদস্য সকলৰ মাজত ১৫০ কুইন্টল আলু বীজ আৰু ৬ কুইন্টল সৰিয়হ বিতৰণ কৰা হয়। এই বীজ বিতৰণ অনুষ্ঠানটোত এখোজ কৃষক উৎপাদক কোম্পানী লিমিটেডৰ তলতীয়া এমোণিয়া এফ আই জিৰ সম্পাদক মৃদুল নাৰায়ণ নাথ আৰু সদস্য দুলুমণি নাথ উপস্থিত থাকি সকলো কৃষকক অঞ্চলটোত কৃষি বিপ্লৱ অনাৰ লগতে যুৱক সকলক কৃষি কাৰ্যত জড়িত হৈ অঞ্চলটোক আগুৱাই লৈ যাবলৈ আহ্বান জনায়।

অসম চৰকাৰে এখোজ কৃষক কোম্পানী লিমিটেডৰ লৈ যোগান ধৰা আজিৰ এই বীজ বিতৰণ অনুষ্ঠানটোত কোম্পানীটোৰ মূখ্য পৰিচালক দীপাংকৰ হাজৰিকা আৰু সহকাৰী পৰিচালক আচিক হুছেইন খান উপস্থিত থাকি কোম্পানীক সহায় কৰা বাবে মৰিগাঁও জিলা কৃষি বিষয়া, জিলা নডেল বিষয়া, কৃষি উন্নয়ন বিষয়া আৰু ৰিচাৰ্চ টেকনিচিয়ানক ধন্যবাদ জ্ঞাপন কৰে।

২১ বছৰীয়া হ’ল মালাইকা অৰোৰা পুত্ৰ আৰহান…

মালাইকা পুত্ৰ আৰহানৰ জন্মদিন: মালাইকা অৰোৰাৰ পুত্ৰ আৰহানৰ আজি ২১ বছৰ হ’ল। পুত্ৰৰ সৈতে মাজনিশা জন্মদিন উদযাপনৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। মলাইকা অৰোৰা আৰু আৰবাজ খানৰ বিবাহ বিচ্ছেদ হৈছে যদিও তেওঁলোকে পুত্ৰ আৰহানক সহযোগী অভিভাৱক হিচাপে লৈছে। আজি মালাইকা আৰু আৰবাজৰ প্ৰিয় আৰহানৰ জন্মদিন আৰু তেওঁৰ বয়স হৈছে ২১ বছৰ। এই বিশেষ দিনটোত মাতৃ মালাইকাই সামাজিক মাধ্যমত বিশেষ ধৰণেৰে জন্মদিনৰ শুভেচ্ছা জনাইছে। বৃহস্পতিবাৰে পুৱাই পুত্ৰ আৰহানৰ জন্মদিন উপলক্ষে মালাইকা অৰোৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পুত্ৰৰ সৈতে কিছু হৃদয়স্পৰ্শী কেপচনৰ সৈতে নিজৰ ছবি শ্বেয়াৰ কৰে।

মালাইকাৰ পুত্ৰ আৰহানৰ লগত ঘনিষ্ঠ বন্ধন আছে। ২০০২ চনত জন্মগ্ৰহণ কৰা মালাইকা আৰু আৰবাজৰ পুত্ৰ আৰহান। ২০১৬ চনত মালাইকা আৰু আৰবাজ খানে বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। অৱশেষত ২০১৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। বৰ্তমান আৰহান আমেৰিকাত অধ্যয়ন কৰি আছে।


দেশৰ ভিন্ন স্থানলৈ ৰোহিংগীয়া প্ৰেৰণ কৰা এজেণ্টৰ বিৰুদ্ধে দেশজুৰি NIAৰ অভিযান; গ্ৰেপ্তাৰ ৪৪টা এজেণ্ট

ৰোহিংগীয়াৰ বিৰুদ্ধে দেশজুৰি NIAৰ অভিযান। এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৪৪ টাকৈ এজেণ্টক। অভিযানত কাম কৰি আছে অসম আৰক্ষীৰ ১৭ টা দলে। টুইটাৰযোগে এই তথ্য সদৰী কৰিলে DGP জি পি সিঙে।

DGP জি পি সিঙে টুইটাৰত কয়, “ৰোহিংগীয়াৰ অনুপ্ৰৱেশ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু অসমক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰাৰ এই প্ৰচেষ্টা সফলভাৱে বিফল হৈছে।

আমাৰ হাতত থকা সকলো সম্পদ ব্যৱহাৰ কৰি আমি কঠোৰতম সতৰ্কতা বজাই ৰাখিবলৈ আৰু তেওঁলোকৰ কুৎসিত ডিজাইনসমূহ ধ্বংস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ”।

প্ৰদূষণত গুড়ৰ পানী খালে স্বাস্থ্যৰ বহু উপকৃত হ’ব…

দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বায়ু প্ৰদূষণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰদূষণৰ বাবে এ আই কিউৰ মাত্ৰা ইমানেই অৱনতি ঘটিছে যে মানুহে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে। চিকিৎসকৰ পৰা স্বাস্থ্য বিশেষজ্ঞলৈকে সকলোৱে কৈছে যে ইমিউনিটিৰ সৰ্বাধিক যত্ন লওক। আজি আমি আপোনালোকক ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধিৰ বাবে বিশেষ কিছু টিপছৰ বিষয়ে জনাম-

মিঠাই খাই ওজন কমোৱাৰ কথা কেতিয়াবা শুনিছেনে? আপুনি গৰম পানীৰ লগত গুড় সেৱন কৰিব পাৰে, ই আপোনাৰ ওজন দ্ৰুতভাৱে হ্ৰাস কৰে। গুড়ৰ বহু উপকাৰৰ ভিতৰত এটা হ’ল পটাছিয়ামৰ পৰিমাণ বেছি হোৱাৰ বাবে ই শৰীৰত ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ ফলত অতিৰিক্ত কেলৰি জ্বলোৱাত বহুত সহায় হয়। ইয়াৰ লগতে গুড়েও আপোনাৰ পেশীবোৰক পুষ্টি প্ৰদান কৰে। গতিকে গুড় পানীৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

গুড়ৰ এনে গুণ আছে যিয়ে শৰীৰক শুদ্ধ কৰাত সহায় কৰে। ই প্ৰাকৃতিকভাৱে শৰীৰক বিষমুক্ত কৰে, তেজ বিশুদ্ধ কৰে, যকৃত পৰিষ্কাৰ কৰে। যদি আপুনি নিয়মিতভাৱে গৰম পানীত সীমিত পৰিমাণত গুড় সেৱন কৰে তেন্তে আপোনাৰ শৰীৰটো ফলপ্ৰসূভাৱে সুস্থ হৈ থাকিব, ৰোগমুক্ত হৈ থাকিব, কিয়নো শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ ওলাই যাব।

মেগনেছিয়াম, ভিটামিন বি ১, বি ৬, চিৰ উৎকৃষ্ট উৎস গুড়; আৰু এন্টিঅক্সিডেন্ট আৰু জিংক, চেলেনিয়ামৰ দৰে খনিজ পদাৰ্থৰে সমৃদ্ধ। গতিকে ৰাতিপুৱা খালী পেটত গুড়ৰ সৈতে পানী খালে মেটাবলিজম উন্নত হয় আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়।

যদি আপোনাৰ হিম’গ্লবিন কম হয়, তেন্তে প্ৰাচীন কালৰে পৰা গুড় খোৱাৰ পৰামৰ্শ দিয়া হৈছিল। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ফ’লেট থাকে যাৰ ফলত শৰীৰত আৰ বি চিৰ সংখ্যা ভালদৰে ৰখাটো নিশ্চিত হয়। গৰ্ভৱতী মহিলাই হওক বা ৰক্তহীনতা থকা লোকেই হওক – গৰম পানীৰ লগত গুড় মিহলাই খালে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়।

আনহাতে যদি কোনো ব্যক্তিয়ে উশাহ-নিশাহত যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে তেওঁ প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু তাৰ পিছতহে গুড়ৰ সৈতে পানী খাব লাগে।

কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা!

কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা!

মৃত শিশুটি ৰছিদ আনছাৰী বুলি জানিব পৰা গৈছে।

মজনু আলী নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।

ওদালগুৰিৰ মেধিপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। M/S AKTAR FURNITURE/TIMBER SHOPত এই ঘটনা।

ঘটনা সংঘটিত কৰিয়েই পলায়ন মজনু আলীৰ।

খবৰ অনুসৰি অবৈধ কাঠফলা মিলটোলৈ ক্ৰিকেট বেট বনাবলৈ গৈছিল শিশুটি।

অভিনেত্ৰী দীপিকা পাডুকনৰ অতীতৰ সম্পৰ্কক লৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ষ্টেণ্ডআপ কমেডী…

দীপিকা পাডুকনৰ অতীতৰ সম্পৰ্কঃ বাৰাণসীৰ ছাত্ৰ-ছাত্ৰীয়ে দীপিকা পাডুকনৰ অতীতৰ সম্পৰ্কক লৈ ষ্টেণ্ড আপ কমেডী কৰি অপমান কৰাৰ অভিযোগ। অভিনেত্ৰীগৰাকীক মুকলিকৈ কৰা অপমান দেখি তেওঁৰ অনুৰাগীসকল ক্ষুব্ধ হৈ পৰে। কফি উইথ কৰণ ৮ৰ প্ৰথম খণ্ডত স্বামী আৰু অভিনেতা ৰণবীৰ সিঙৰ সৈতে আহিছিল দীপিকা পাডুকন। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে নিজৰ অতীতৰ সম্পৰ্ক আৰু প্ৰাক্তন প্ৰেমিকৰ বিষয়ে মুকলিকৈ কয়। অভিনেত্ৰীগৰাকীয়ে এনে কিছুমান প্ৰকাশ কৰিছিল যাৰ পিছত ছ’চিয়েল মিডিয়াত তেওঁক বহুত ট্ৰ’ল কৰা হৈছিল। এতিয়া বাৰাণসীৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দীপিকাক অতীতৰ সম্পৰ্কক লৈ ষ্টেণ্ড আপ কমেডী কৰি অপমান কৰিছে।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে য’ত দীপিকাৰ বেশত ছোৱালী এজনীক দেখা গৈছে আৰু পিছফালে দীপিকাৰ ছবি বাজীৰাও মস্তানীৰ এটা গীতৰ ভিডিঅ’ বাজি আছে য’ত দীপিকা পাডুকনে নাচিছিল। ইয়াৰ পিছত ভিডিঅ’টো এটা এটাকৈ সলনি হৈ যায় আৰু দীপিকাৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে ফটো ওলাবলৈ আৰম্ভ কৰে। আৰু মঞ্চতো ল’ৰাবোৰ এজন এজনকৈ নিজৰ নিজৰ ভূমিকাত দেখা দিয়ে।

দীপিকা পাডুকনক এনে মুকলি অপমান দেখি তেওঁৰ অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছে আৰু ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ সমৰ্থনত কথা কৈছে। এজন ব্যক্তিয়ে লিখিছে- ‘লাজ লগা’। আন এজন ব্যক্তিয়ে লিখিছে- ‘সত্যটো হ’ল ভাৰতৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ দ্বাৰা আয়োজন কৰা হৈছিল। লজ্জাজনক!!’ আন এজন অনুৰাগীয়ে লিখিছে- ‘এয়া সঁচাকৈয়ে লজ্জাজনক, এইটো আৰু কৌতুক নহয়।’ আন এজন ব্যক্তিয়ে ইউ পি পুলিচক টেগ কৰি লিখিছে – ‘ইউ পি আৰক্ষীয়ে এই ক্ষুদ্ৰ কাণ্ডৰ তদন্তৰ প্ৰয়োজন।’ বৰ লজ্জাজনক।

দীপিকা পাডুকনৰ অতীতৰ সম্পৰ্কক লৈ ঠাট্টা কৰা এই ভিডিঅ’টো বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বুলি দাবী কৰা হৈছে।

উত্তৰ গুৱাহাটীত নৃশংস হত্যাকাণ্ড…

স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ।


উত্তৰ গুৱাহাটীত নৃশংস হত্যাকাণ্ড।

মোহন বৰ্মনে ঘপিয়াই হত্যা কৰিলে অনুপা বৰ্মনক।

হত্যাকাৰী মোহন বৰ্মনক আটক আৰক্ষীৰ।


উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত এই ঘটনা।


মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো।

পোহৰৰ উৎসৱ দীপাৱলীক লৈ পূৰ্ণ প্ৰস্তুতি ৰাম নগৰী অযোধ্যাত। ৫১ টা ঘাটত জ্বলাব বন্তি…

পোহৰৰ উৎসৱ দীপাৱলীক লৈ পূৰ্ণ প্ৰস্তুতি ৰাম নগৰী অযোধ্যাত। অহা ১১ নৱেম্বৰত অযোধ্যাত পোহৰৰ উৎসৱৰ পূৰ্বে আজি যোগী চৰকাৰৰ সমগ্ৰ কেবিনেট অযোধ্যাত বহিব। প্ৰায় ৪ ঘণ্টাৰ বাবে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ অযোধ্যালৈ আহিছে মুখ্যমন্ত্ৰী যোগী।

ইয়াৰ উপৰিও অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া দীপাৱলীৰ প্ৰস্তুতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে। এইবাৰ অযোধ্যাৰ ৫১ ঘাটত ২৪ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়ি তোলাৰ প্ৰস্তুতি অব্যাহত আছে।