Home Blog Page 1286

বাংলাদেশত ভয়াবহ ৰে’ল দুৰ্ঘটনা সংঘটিত…

বাংলাদেশত শোকাৱহ ৰে’ল দুৰ্ঘটনা৷


দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ৷


২০ জন নিহত, শতাধিক যাত্রী আহত।


ভৈৰৱ নামৰ এলেকাত সংঘটিত এই দুৰ্ঘটনা৷

কলিয়াবৰৰ জখলাবন্ধাত ৰে’ল ষ্টেচনৰ সমীপৰ এখন গেলামালৰ দোকানত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড…

কলিয়াবৰৰ জখলাবন্ধাত দেওবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড। জখলাবন্ধা ৰে’ল ষ্টেচনৰ সমীপৰ এখন গেলামালৰ দোকানত সংঘটিত এই অগ্নিকাণ্ড।

জুইত জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি।

অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন। অগ্নিকাণ্ডৰ প্রকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা নাই।

নিদ্ৰাহীনতা দূৰীকৰণত সহায় কৰে কোমোৰাই…

  • ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।
  • নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।
  • পুৰুষৰ শুক্ৰাণুৰ সংখ্যাগত তথা গুণগত মান বৃদ্ধিত ই যথেষ্ট সহায়কাৰীৰ ভূমিকা পালন কৰিব পাৰে।
  • কেঁচুমূৰীয়া ৰোগ(পাইলছ)ৰ উপশম কোমোৰাই ভাল ফল দিয়ে।

  • পূৰঠ কোমোৰা পিহি পোৱা ৰসৰ লগত সমপৰিমাণৰ পানী মিলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
  • কোমোৰাৰ মজ্জাভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি হ্ৰাস পায়।

  • ই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।
  • ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।
  • ইয়াৰ গুটি পুষ্টিদায়ক আৰু শৰীৰৰ কলা বৰ্দ্ধনত সহায়ক।
  • পূৰঠ কোমোৰা চকলা-চকলকৈ কাটি চেনিৰ দ্ৰৱত দি কিছুদিনলৈ খালে ৰুগীয়া অথবা নিশকতীয়া লোকৰ ওজন বৃদ্ধি পায়।

লেখক: অৰ্পণ দত্ত

গাজাৰ শৰণাৰ্থী শিবিৰৰ সন্মুখৰ এটা ঘৰত বোমা বিস্ফোৰণ ইজৰাইলৰ ! ২৪ ঘন্টাত ২৬৬ জন লোকৰ মৃত্যু, বহু শিশুৰ মৃতদেহ উদ্ধাৰ

গাজাত ইজৰাইলৰ নতুন আক্ৰমণ। এটা শৰণাৰ্থী শিবিৰৰ সন্মুখৰ এটা ঘৰত এটা বোমা বিস্ফোৰণ কৰে ইজৰাইলে। কমেও ৩০ জন লোকৰ মৃত্যু হৈছে। ঘৰটো ধ্বংসৰ লগতে ইস্ৰায়েলৰ নতুন আক্ৰমণত ওচৰৰ কেইবাটাও ঘৰ ধ্বংস হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, ‘যোৱা ২৪ ঘণ্টাত ২৬৬ জন সাধাৰণ লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ ভিতৰত বহুতো শিশু আছে, যাৰ মৃতদেহ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰা হৈছে’।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত গাজাত মৃত্যুৰ সংখ্যা হৈছে ১১৭ জন। সোমবাৰে ৰাতিপুৱা ফিলিস্তিনি সংবাদ মাধ্যমৰ খবৰ অনুসৰি গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰৰ সন্মুখত আল-চুহাদা অঞ্চলৰ এটা ঘৰত ইজৰাইলী বোমা পৰে। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৩০।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে ৭ অক্টোবৰৰ পৰা গাজাত ৪,৬০০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, হামাছৰ আক্ৰমণত ইজৰাইলত ১,০০০ ৰো অধিক লোক নিহত হৈছে।

ব্ৰেইন ষ্ট্ৰ’কৰ প্ৰধান কাৰণ কি জানেনে? এই বদ অভ্যাসবোৰৰ ত্যাগ কৰক…

ব্ৰেইন ষ্ট্ৰ’কৰ আশংকা: ব্ৰেইন ষ্ট্ৰ’কৰ বিপদৰ বিষয়ে জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তেতিয়াহে আমি আমাৰ স্বাস্থ্যৰ বাবে সঠিক পদক্ষেপ ল’ব পাৰিম। আপুনি কোনবোৰ অভ্যাস সলনি কৰিব লাগিব বা এৰিব লাগিব আজি আমি আপোনালোকক কিছু আভাস দিম।

মগজুৰ ষ্ট্ৰোকৰ প্ৰধান কাৰণ-

১/ ধূমপান কৰা
ধূমপান কৰাটোও মগজুৰ ষ্ট্ৰ’ক হোৱাৰ অন্যতম প্ৰধান কাৰক। ইয়াৰ বাবে ৰক্তবাহী নলীবোৰ সংকীৰ্ণ আৰু কঠিন হৈ পৰে, যাৰ ফলত তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে চিগাৰেট, বিডি, হুকা আৰু গাঞ্জা খোৱাৰ অভ্যাস সোনকালে ত্যাগ কৰক।

২/ দুৰ্বল খাদ্য

কলেষ্টেৰল আৰু ছডিয়ামযুক্ত খাদ্যই মেদবহুলতা আৰু ৰক্তচাপ বৃদ্ধি কৰে। ষ্ট্ৰ’কৰ বাবে বহুলাংশে দায়ী ফাষ্ট ফুড। ফল-মূল, শাক-পাচলি আৰু গোটা শস্যৰে সমৃদ্ধ সুষম খাদ্যই এই বিপদ কমোৱাত সহায় কৰিব পাৰে।

৩/ ব্যায়ামৰ অভাৱ
বহি থকা জীৱনশৈলীত ষ্ট্ৰ’কৰ সম্ভাৱনা জড়িত। নিয়মীয়া শাৰীৰিক ক্ৰিয়া-কলাপৰ জৰিয়তে সুস্থ ওজন বজাই ৰখা হয়। ইয়াৰ দ্বাৰা ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়, মগজুৰ ষ্ট্ৰোকৰ সম্ভাৱনাও কমি যায়।

৪/ অত্যধিক মদ্যপান
অত্যধিক মদ্যপান কৰা লোকৰ ৰক্তচাপ যথেষ্ট বৃদ্ধি পায় আৰু হৃদস্পন্দনও অনিয়মিত হৈ পৰে। ইয়াৰ কাৰণে মগজুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। গতিকে মদ্যপানৰ আসক্তি সম্পূৰ্ণৰূপে ৰোধ কৰক।

৫/ মানসিক চাপ
অত্যধিক মানসিক চাপৰ ফলত উচ্চ ৰক্তচাপ হয় যাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে মনটোক যিমান পাৰি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক।

৬/ মেদবহুলতা
অতিৰিক্ত ওজন বা মেদবহুল হ’লে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে অৱস্থাৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। সঠিক খাদ্য আৰু ব্যায়ামৰ জৰিয়তে স্বাস্থ্যসন্মত ওজন বজাই ৰাখিব পাৰি।

৭/ টোপনিৰ অভাৱ
টোপনিৰ অভাৱে শৰীৰৰ প্ৰাকৃতিক প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এজন সুস্থ প্ৰাপ্তবয়স্কই প্ৰতিদিনে ৭-৯ ঘণ্টা টোপনি যাব লাগে।


ষ্ট্ৰোকৰ দৰে গুৰুতৰ অৱস্থাত মৃত্যুও হ’ব পাৰে। যদিও জেনেটিক্স আৰু বয়স বৃদ্ধি আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত কিছুমান কাৰক, তথাপিও আমি জীৱনশৈলীৰ অভ্যাস নিয়ন্ত্ৰণ কৰিব পাৰো। গতিকে দৈনন্দিন জীৱনত স্বাস্থ্যসন্মত পদ্ধতি আৰু খাদ্যাভ্যাস বাছি লওক, তেতিয়াহে আপুনি ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰিব।


সংঘৰ্ষ জৰ্জৰ ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’

সংঘৰ্ষ জৰ্জৰ ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’ ৷ দেওবাৰৰ নিশা ১৪৩ জন ভাৰতীয় নাগৰিকক লৈ ষষ্ঠখন ‘অপাৰেচন অজয়’ৰ বিমান নতুন দিল্লীত উপস্থিত হয় ।

উক্ত বিমানখনত ভাৰতীয় নাগৰিকৰ লগতে আছিল দুজন নেপালী নাগৰিক । সামাজিক মাধ্যম X যোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, “বিমানখনে 2 জন নেপালী নাগৰিককে ধৰি 143 জন যাত্ৰীক লৈ অৱতৰণ কৰিছে …”।

উল্লেখ্য যে , সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতীয়সকলক সুকলমে ওভতাই অনাৰ উদ্দেশ্যৰে আৰম্ভ হৈছিল ‘অপাৰেচন অজয়’ ৷

ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ প্ৰয়াণত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক…

পাণ্ডিত্য আৰু সংগীতেৰে অসমৰ সমাজ জীৱন মহীয়াণ কৰা ড:বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই গভীৰ শোক প্রকাশ কৰিছে লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ৰাজ্যৰ আগশাৰীৰ মহাবিদ্যালয় ক্ৰমে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত অধ্যাপনাৰে শিক্ষা জগতলৈ অসামান্য অৱদান যোগোৱা দ্ত্তদেৱে লোক কলাৰ গৱেষণাৰেও বিদ্যায়তনিক দিশটি সমৃদ্ধ কৰি থৈ গৈছে।

অসমীয়া আধুনিক সংগীতৰ এগৰাকী দিকপাল শিল্পী হিচাপে তেখেতে গোৱা “বহু দিন বকুলৰ মালা গঁথা নাই… “, ” ৰহিমলা ওৰণীৰ তলেৰে.. “, ” বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন.. “, ” আহিনক কোনে আনে.. “, ” সীতা বনবাস কিমান চাবানো ” আদি যুগ জয়ী গীতে চিৰদিন তেখেতক অসমীয়াৰ হৃদয়ত অমৰ কৰি ৰাখিব বুলি এক প্ৰেছ বিবৃতি যোগে মন্ত্রী বড়াই প্ৰকাশ কৰে আৰু তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।

ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে-

“বকুলৰ কথা ক’লে বহুতো চিনাকি মুখ
চকুৰ আগেদি ভাঁহি যায়
বহুতো পাহৰা গান
বহু মান-অভিমান বকুলেই দিয়ে সোঁৱৰায়।

শ্ৰদ্ধাৰ ড° বীৰেন্দ্ৰনাথ দত্তদেৱে কণ্ঠদান কৰি যোৱা গভীৰ অৰ্থপূৰ্ণ গীতবোৰে আমাৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই ৰাখিছে। এগৰাকী শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক তথা সাহিত্যিক হিচাপেও সমাদৃত দত্তদেৱৰ বিয়োগ অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় শূন্যতা।

কেঁচামাটিৰ সৈতে সম্পৃক্ত তেখেতৰ অতুলনীয় সৃষ্টিৰাজি প্ৰতিজন অসমীয়াৰ বুকুত সজীৱ হৈ থাকিব।

এই শোকস্তব্ধ মুহূৰ্তত ড° বীৰেন্দ্ৰনাথ দত্তদেৱৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ঔঁ শান্তি।”

এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ…

এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ৷ হাছিম আমলাৰ ৰেকৰ্ড ভংগ কৰি অভিলেখ গিলৰ ৷

দ্ৰুততম ২ হাজাৰ ৰান সংগ্ৰহ কৰা বেটাৰ শুভমন গিল ৷

৩৮টা ইনিংছত ২ হাজাৰ ৰান সংগ্ৰহ শুভমন গিলৰ৷ হাছিম আমলাই ৪০টা ইনিংছত সংগ্ৰহ কৰিছিল ২ হাজাৰ ৰান৷

বিমানবন্দৰত মিঠাই বিতৰণ কংগনাৰ, মিঠাই বিতৰণ কাৰণ জানিলে আপুনিও সুখী হ’ব…

কংগনা ৰানাৱটক মুম্বাই বিমানবন্দৰত মিঠাই বিতৰণ কৰা দেখা গৈছিল। বিমানবন্দৰত ফটোগ্ৰাফাৰ আৰু ভিডিঅ’গ্ৰাফাৰসকলক তেওঁ মিঠাই বিতৰণ কৰে। কংগনা ৰানাৱত আজিকালি বহুত সুখী। ইমানেই সুখী যে শনিবাৰে নিশা তেওঁ মুম্বাইৰ ঘৰৰ পৰা উভতি আহি বিমানবন্দৰত মিঠাই বিতৰণ কৰিলে। আহাতে তেওঁৰ ছবি তেজস অহা শুকুৰবাৰে মুক্তিৰ বাবে সাজু, কিন্তু মিঠাই বিতৰণৰ কাৰণ বেলেগ।

আচলতে কংগনা শেহতীয়াকৈ পেহী হৈছে। নৱজাত ভতিজা অশ্বত্থামাক দেখি শনিবাৰে নিশা যেতিয়া মুম্বাইলৈ উভতি আহিছিল কংগনা, তেতিয়া বিমানবন্দৰত তেওঁৰ ফটো তুলি ভিডিঅ’ বনোৱা পাপাৰাজী সকলক মিঠাই বিতৰণ কৰিছিল। ছবি আৰু ভিডিঅ’ত মিঠাই বিতৰণ কৰাৰ সময়ত কংগনাই হাতেৰে ফটোগ্ৰাফাৰক মিঠাই খুৱাই থকাও দেখা যায়। মিঠাই বিতৰণ কৰি থাকোঁতে কংগনাৰ মুখত হাঁহি বিৰিঙি উঠিল।