Home Blog Page 1297

আধুনিকতাৰ অঘোষিত প্ৰতিযোগিতাত হেৰাল আধ্যাত্মিকতা। দুৰ্গোৎসৱৰ নামত কোটি কোটি টকা বহিঃৰাজ্যলৈ, বহিঃৰাজ্যৰ শিল্পীয়ে চমক দিব পেণ্ডেলত…

আজি মহালয়া। মাজত মাত্ৰ কেইটামান দিন বাকী শাৰদীয় দুৰ্গোৎসৱলৈ। ইতিমধ্যে মৃৎশিল্পী সকলে শেষ পৰশ দিছে দেৱীৰ মূৰ্তিত। অসমৰ দৰে এখন সমস্যাবহুল ৰাজ্যই দেৱীৰ উৎসৱৰ নামত মুক্তহস্তে উৰুৱাব কোটি কোটি টকা। একাধিক মৃন্ময় মূৰ্তি নিৰ্মানৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা আমদানি কৰা হৈছে খনিকৰ। আলোকসজ্জাৰে চমক দিবলৈকো আলোক শিল্পী আমদানি কৰা হৈছে পশ্চিমবংগৰ পৰা। একেদৰে দেৱীৰ বস্ত্ৰ সম্ভাৰ, অস্ত্ৰ-শস্ত্ৰ সকলো আমদানি কৰা হয় পশ্চিমবংগৰ পৰাই। আনহাতে জনবিশ্বাস অনুসৰি দেৱীৰ মৃন্ময় মূৰ্তি নিৰ্মানৰ বাবে প্ৰয়োজন পতিতালয়ৰ মাটি। সেয়াও অনা হয় পশ্চিমবংগৰ পতিতালয়ৰ পৰা। গুৱাহাটী মহানগৰীত সাতসতাধিক পুজা অনুষ্ঠিত হব।

প্ৰতিখন পুজাৰ বাবে উদ্যোক্তা সকলে ব্যয় কৰিব সৰ্বনিম্ন ১০ লাখ টকাৰ পৰা ২৫ লাখ পৰ্যন্ত। জনসাধাৰণৰ লগতে দৰ্শকক চমক দিবলৈ পুজা মণ্ডপ সমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে মণ্ডপৰ আৰ্হি সমূহো বিভিন্ন মঠ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। আনহাতে একাধিক পুজাই উদযাপন কৰিব সোনালী, হীৰক জয়ন্তী। বহু পুজা উদ্যোক্তাই সজাগতাৰ নামত দেৱীক অত্যাধুনিক ৰূপত উপস্থাপন কৰিব। ইতিমধ্যে পেঁপা,বেলুনকে ধৰি খেলনা সামগ্ৰীৰে ভৰিছে বজাৰ।

সমান্তৰাল ভাবে পকেটমাৰ, চিলনীচোৰৰো ভিৰ বাঢ়িছে বহিঃৰাজ্যৰ পৰা। তৎপৰতা বৃদ্ধি পাইছে আৰক্ষীৰ। অসমৰ দৰে সমস্যাবহুল ৰাজ্য এখনে উৎসৱ পাৰ্বনৰ নামত মুক্তহস্তে উৰুৱাই আহিছে কোটি কোটি টকা। অত্যাধুনিকতাৰ মাজত ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে আধ্যাত্মিকতা। তথাপি ভক্তগণে পৰিয়াল আৰু সমাজৰ উন্নতিৰ বাবে দেৱীৰ চৰণত এগছি বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ বিচাৰিবলৈ সাজু হৈছে । সকলো শুভচিন্তকৰ আশা দেৱীয়ে নাশ কৰক সমাজৰ অসূয়া শক্তিক। আশীৰ্বাদ কৰক এখন সুস্হ ভাতৃত্ববোধৰ সমাজ।

‘মিনি স্কাৰ্ট পিন্ধি উদ্দাম নৃত্য কৰাটো অশ্লীল নহয়’, ক’লে বোম্বাই উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে

অশ্লীল নৃত্য সন্দৰ্ভত বোম্বাই উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায় দিছে। মিনি স্কাৰ্ট পিন্ধি শৰীৰৰ উত্তেজক ভঙ্গীত নৃত্য কৰা কাৰ্যক অশ্লীল নহয়। বোম্বাই উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে। উত্তেজক নৃত্য উপভোগ কৰাৰ অভিযোগত পাঁচজন ব্যক্তিৰ আৰক্ষীয়ে বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাৰ পিছতে উচ্চ ন্যায়ালয়ে আৰক্ষীক তীব্ৰ সমালোচনা কৰে আৰু কয় যে মিনি স্কাৰ্ট পিন্ধি উত্তেজক নৃত্য কৰাটো অশ্লীল নহয় ।বোম্বাই আদালতৰ নাগপুৰ বিচাৰপীঠে অৱশেষত অভিযুক্তসকলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰে। ন্যায়াধীশ বিনয় যোশী আৰু বাল্মীকি এছ এ মিনিছৰ বিচাৰপীঠে কয়, “আৰক্ষীৰ মতে, চুটি স্কাৰ্ট পিন্ধি শৰীৰৰ ভঙ্গীৰ জৰিয়তে মানুহক উত্তেজিত কৰাটো অশ্লীল। কিন্তু এনেদৰে আৰক্ষীয়ে কোনটো অশ্লীল আৰু কোনটো অশ্লীল নহয়, সেই বিষয়ত সিদ্ধান্ত ল’ব নোৱাৰে। এনেদৰে মানুহৰ ওপৰত মতামত জাপি দিয়াটো বিৰক্তিৰ কাৰণ হ’ব।”


উল্লেখ্য মে’ মাহত অভিযুক্তসকলৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰা এজাহাৰ অনুসৰি, পাঁচজন অভিযুক্তই ছয়গৰাকী কম সময়ৰ মহিলাৰ নৃত্য উপভোগ কৰি আছিল। তেওঁলোকে দৰ্শকক উত্তেজিত কৰিবলৈ বিভিন্ন ধৰণে শাৰীৰিক ভংগীমা প্ৰদৰ্শন কৰিছিল। পাঁচজন অভিযুক্তই ছোৱালী কেইজনীক লক্ষ্য কৰি টকা দলিয়াই আছিল। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তিনি বটল সুৰাও উদ্ধাৰ কৰিছিল। আৰক্ষীয়ে গোটেই ঘটনাটোক অশ্লীল বুলি অভিহিত কৰিছিল আৰু অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তকেইজনে তেতিয়া বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

শুনানিৰ সময়ত বিচাৰকসকলে লক্ষ্য কৰিছিল যে বৰ্তমানৰ ভাৰতীয় সমাজে চুটি কাপোৰ, সাঁতোৰৰ পোছাক বা এনে ধৰণৰ যিকোনো পোছাক পিন্ধা মহিলাসকলক গ্ৰহণ কৰিছে। গতিকে মহিলাসকলক এনে কাপোৰ পিন্ধি নাচি থকাটো অশ্লীল হ’ব নোৱাৰে। তেওঁলোকৰ মত হৈছে যে এনে পৰিস্থিতিত ধাৰা ২৯৪ (অশ্লীলতা) প্ৰয়োগ কৰিব নোৱাৰি।

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তেজনা…

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তেজনা।

চিকিৎসক-নাৰ্ছৰ গাফিলতিৰ বাবে দুমহীয়া শিশুটিৰ মৃত্যুৰ অভিযোগ।

চিকিৎসালয়খনৰ অধীক্ষকক ঘেৰাও কৰি জবাবদিহি মৃত শিশুটিৰ পৰিয়ালৰ।

মহালয়াৰ দিনটোত মহানগৰীত উচ্ছেদ, উচ্ছেদিত স্হানত ১,৪০০ গছপুলি কৰিব ৰোপন…

পবিত্ৰ মহালয়াৰ দিনটোটেই ছয়টা পৰিয়ালে হেৰুৱালে সপোনৰ ঘৰ। কামৰূপ মহানগৰ প্ৰশাসনৰ জাননীক অমান্য কৰি অবৈধ ভাবে এই পৰিয়াল কেইটাই বৰবাৰী অঞ্চলত নিৰ্মাণ কৰিছিল নিজৰ গৃহ। চৰকাৰী ভূমি অবৈধ ভাবে দখল কৰি বিগত ১৪ বছৰৰ অধিক কাল বসবাস কৰা পৰিয়াল কেইটাক আজি প্ৰশাসনে উচ্ছেদ কৰে। প্ৰশাসনে আগষ্ট মাহতো পৰিয়াল কেইটাক চৰকাৰী ভূমি এৰি দিবলৈ জাননী জাৰি কৰিছিল যদিও পৰিয়াল কেইটাই ভূমি এৰি যোৱা নাছিল।

প্ৰশাসনে উচ্ছেদ কাৰ্য চলোৱাত অঞ্চলটোত তীব্ৰ উত্তেজনাপূৰ্ণ হৈ পৰে। দখলকাৰী সকলে চৰকাৰে বিদ্যুত যোগানৰ ধৰি, ৰেচন কাৰ্ড প্ৰদান কৰাৰ পিছত কিয় উচ্ছেদ কৰিব বুলি প্ৰশাসনৰ লগত বাত-বিতণ্ডাত লিপ্ত হৈছিল যদিও প্ৰশাসনে উচ্ছেদ কৰি চাৰি হাজাৰ বৰ্গফুট ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰে। আনহাতে প্ৰশাসনৰ এক সূত্ৰই এই ভূমিত ১,৪০০ জোপা গছ পুলি ৰোপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোন ৰেকৰ্ডিং কৰাটো পত্নীৰ গোপনীয়তা ভংগৰ এক অপৰাধ’-ছত্তিশগড় উচ্চ ন্যায়ালয়…

‘পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোন ৰেকৰ্ডিং কৰাটো পত্নীৰ গোপনীয়তা ভংগৰ এক অপৰাধ’।

পৰিয়াল আদালতৰ এক নিৰ্দেশ বাতিল কৰি এই ৰায় ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ।

কোনো ব্যক্তিৰ অজ্ঞাতে ফোন ৰেকৰ্ডিং কৰাটো সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি ব্যক্তিৰ গোপনীয়তাৰ অধিকাৰ ভংগ কৰা।

আজি মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সাজু ইমি, মিছকি আৰু লিয়ন…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুত দায়িত্ব ইমি, মিছকি আৰু লিয়নৰ । দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ থলী কাজিৰঙাত দৌৰাত্ম চোৰাং চিকাৰীৰ। পিছে ইমি, মিছকি আৰু লিয়নিয়ে প্ৰতি পল নিদ্ৰা হৰণ কৰিছে চোৰাংচিকাৰী। স্বস্তিৰ নিশ্বাস পেলাইছে বনকৰ্মীৰ লগতে উদ্যানখনৰ সুৰক্ষাৰ নামত নিয়োজিত নিৰাপত্তাৰক্ষী সকল। কাৰণ সদা জাগ্ৰত প্ৰহৰী ৰূপে আছে ইমি, মিছকি আৰু লিয়ন। এই তিনি জাগ্ৰত প্ৰহৰী হৈছে বেলজিয়াম মেলিনীয়াছ প্ৰজাতিৰ অতি শক্তিশালী কুকুৰ।

ইউ কে আৰু জাৰ্মান প্ৰশিক্ষকৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰে প্ৰশিক্ষণ প্ৰাপ্ত ইমি , মিছকি আৰু লিয়নে পাঁছটা বছৰ পাৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ নামত। সুৰক্ষা কৰ্মীৰ লগত সমানে সমানে দিনা নিশাই উদ্যানৰ বিশ্ব বিখ্যাত তথা অসম গৌৰব এশিঙীয়া গড়ৰ লগতে অন্যান্য জীৱ জন্তুক সুৰক্ষাৰ নামত ন্যুনতম কৃপনালী কৰা নাই এই তিনি কে-৯ ডগ স্কোৱাডে । চোৰাং চিকাৰীৰ নিদ্ৰা হৰণ কৰা কে-৯ ডগ স্কোৱাডৰ ইমি বুঢ়াপাহাৰ অঞ্চলত, মিছকি বাগৰি অঞ্চলত আৰু লিয়নে বোকাখাট মুখ্য কাৰ্যালয়ত কৰ্মৰত। এই তিনি জাগ্ৰত প্ৰহৰীক লৈ গৌৰৱান্বিত সুৰক্ষা কৰ্মীৰ লগতে বন বিষয়া কৰ্মচাৰী সকলৰ লগতে স্হানীয় ৰাইজ।আৰু মাত্ৰ তিনিটা বছৰ আছে তিনিওৰে কাৰ্যকাল। তাৰ পিছতেই তিনিওঁ গ্ৰহন কৰিব অবসৰ। পৰবৰ্তীকালত এই তিনি জাগ্ৰত প্ৰহৰীৰ ক্ষেত্ৰত বন বিভাগে কি ব্যৱস্হা গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

‘খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী ডিনো জেমছ কোন? ট্ৰফীৰ সৈতে লাভ কৰিলে ২০ লাখ টকা…

শনিবাৰে নিশা ‘খতৰো কে খিলাড়ী ১৩’ৰ ১৩ৰ বিজয়ীৰ নাম ঘোষণা কৰে। ‘খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী ডিনো জেমছ ছিজন ১৩ৰ প্ৰিমিয়াৰ হৈছিল ২০২৩ চনৰ জুলাই মাহত। ১৫ জন প্ৰতিযোগীৰ সৈতে আৰম্ভ হোৱা ষ্টাণ্ট ভিত্তিক ৰিয়েলিটি শ্ব’টোৱে যোৱা নিশা বিজয়ী লাভ কৰে। ডিনো জেমছে লাভ কৰিছে বিজয়ীৰ ট্ৰফীৰ লগতে ২০ লাখ টকাৰ পুৰস্কাৰ ধন আৰু এখন গাড়ী। কিন্তু আপুনি জানেনে ৰোহিত শ্বেট্টীৰ ৰিয়েলিটি শ্ব’ৰ ১৩ নং ছিজনৰ বিজয়ী ডিনো জেমছ ছংছ কোন।


‘খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী ডিনো জেমছ এজন ৰেপাৰ। ডিনো তেওঁৰ লুজাৰ গীতেৰে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ৰেপাৰ হিচাপে জনপ্ৰিয়তা লাভ কৰাৰ আগতে ডিনোৱে অভিনয়ৰ চেষ্টা কৰিছিল। ডিনোৱে বহু টিভি শ্ব’তো কাম কৰিছিল যদিও ডিনোৱে কেৱল গায়কৰ জৰিয়তেহে জনপ্ৰিয়তা লাভ কৰিছিল। ২০১৬ বৰ্ষৰ পিছত হঠাতে ৰেপাৰ ডিনোৰ জীৱনে এটা মোৰ ল’লে। ডিনোৱে আনষ্টপেবল, হেনকক, মা, ইয়াদেইনকে ধৰি বহু গীত গাইছে। ডিনো জেমছ টিভি শ্ব’ছে ৰিয়েলিটি শ্ব’ এমটিভি হাষ্টল ২.০ত স্কোয়াড বছ হিচাপে অভিনয় কৰিছিল।

‘খতৰো কে খিলাড়ী ১৩’ত বহু জনপ্ৰিয় খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰে প্ৰথম চূড়ান্ত প্ৰতিযোগী আছিল অভিনেত্ৰী ঐশ্বৰ্য শৰ্মা। কিন্তু ডিনো জেমছে ঐশ্বৰ্য শৰ্মাক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।

নোবেল বঁটা বিজয়ী লুইজ গ্লুকৰ মৃত্যু…

স্পষ্টবাদী গীতিকাৰৰ নোবেল বিজয়ী কবি লুইজ গ্লুকৰ ৮০ বছৰ বয়সত মৃত্যু হয়।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মেছাচুচেটছৰ কেম্ব্ৰিজৰ ঘৰত মৃত্যু হয়।

শুকুৰবাৰে গ্লুকৰ মৃত্যু নিশ্চিত কৰে ফাৰাৰ, ষ্ট্ৰাউছ এণ্ড জিৰ’ৰ সম্পাদক জনাথন গালাছিয়ে।

প্ৰকাশকে জনোৱা মতে, মেছাচুচেটছৰ কেম্ব্ৰিজৰ ঘৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত…

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত। এতিয়ালৈকে ভাৰত চৰকাৰৰ অপাৰেচন অজয়ৰ অধীনত ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ পৰা মুঠ ৬৪৪ জন ভাৰতীয়ক চাৰ্টাৰ্ড বিমানেৰে নিৰাপদে ঘূৰাই আনিছে। দিল্লী বিমানবন্দৰত ইজৰাইলৰ পৰা উভতি অহা ভাৰতীয় নাগৰিকক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে। বিমানবন্দৰত অৱতৰণ কৰা ভাৰতীয় নাগৰিকৰ মুখত সুখৰ জোৱাৰ। মন্ত্ৰী কৌশল কিশোৰে কয়, “মই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ আৰু অভিনন্দন জনাইছো’।

ইয়াৰ পূৰ্বে শনিবাৰে (১৪ অক্টোবৰ) অপাৰেচন অজয়ৰ অধীনত ইজৰাইলৰ টেল আভিভৰ পৰা ২৩৫ জন ভাৰতীয় নাগৰিক কঢ়িয়াই অনা দ্বিতীয়খন বিমান নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল। শুকুৰবাৰেও ২১২ জন ভাৰতীয় নাগৰিকক ঘূৰাই অনা হয়। এই পৰ্যন্ত মুঠ ৬৪৪ জন লোকক ঘূৰাই অনা হৈছে।

বিদেশ মন্ত্ৰী এছ জয়শংকৰে যোৱা বুধবাৰে (১১ অক্টোবৰ) অপাৰেচন অজয়ৰ কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল যে ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয় লোক বাস কৰি আছে, য’ত ছাত্ৰ-ছাত্ৰী, পেছাদাৰী আৰু ব্যৱসায়ীসকলো আছে। ইয়াৰ ভিতৰত ঘূৰি আহিব বিচৰাসকলকক এই অভিযানৰ অধীনত ঘৰলৈ ঘূৰাই অনা হ’ব। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছিল যে আমি ইজৰাইলৰ পৰা উভতি আহিব বিচৰা আমাৰ নাগৰিকসকলৰ উভতি অহাৰ বাবে ‘অপাৰেচন আজেয়া’ আৰম্ভ কৰিছো। বিশেষ চাৰ্টাৰ বিমান আৰু অন্যান্য ব্যৱস্থা কৰা হৈছে। বহিঃৰাজ্যৰ আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।

জেলৰ পৰা জেকলিনলৈ এখন চিঠি সুকেশৰ, ‘নৱৰাত্ৰিৰ ৯ দিন মই তোমাৰ বাবে উপবাসে থাকিম’…

সুকেশ চন্দ্ৰশেখৰ জেকলিন ফাৰ্নাণ্ডেজঃ দিল্লীৰ তিহাৰ কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰে ৯ দিনীয়া নৱৰাত্ৰীৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ এখন পত্ৰ লিখিছে। চিঠিখনত তেওঁ কৈছে যে জেকলিনৰ মংগলৰ বাবে তেওঁ ৯ দিন উপবাসে থাকিব। নৱৰাত্ৰি উপবাস পালন কৰি তেওঁ কামনা কৰিব যে জেকলিনৰ চাৰিওফালে থকা সকলো নেতিবাচকতা নাইকিয়া হওক। সুকেশে অভিনেত্ৰী জেকলিনক বাঘিনী বুলি অভিহিত কৰি প্ৰশংসা প্ৰকাশ কৰাৰ লগতে দোহা শ্ব’ত তেওঁৰ উপস্থিতিৰ প্ৰশংসাও কৰে। সুকেশে চিঠিখনত লিখিছে, “বেবী, প্ৰথম কথাটো হ’ল তোমাক দোহা শ্ব’ত ধুনীয়া দেখা গৈছিল, তোমাতকৈ ধুনীয়া আৰু কোনো নাই।


নৱৰাত্ৰিৰ নৱম দিনা বৈষ্ণো দেৱী মন্দিৰ আৰু মহাকালেশ্বৰ মন্দিৰত জেকলিনৰ বাবে বিশেষ পূজাৰ আয়োজন কৰাৰ উদ্দেশ্যৰ কথাও সুকেশে কয়। আপোনালোকক জনাও যে সুকেশ বৰ্তমান ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত জেলত আছে। বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ উৰাবাতৰি প্ৰচাৰ হৈছিল। কিন্তু জেকলিনে সুকেশৰ সৈতে কোনো ধৰণৰ ৰোমান্টিক সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে।