Home Blog Page 1306

কংগ্ৰেছ দলে ফটাঢোল বজাইছে। পতান চপালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই…

আজিৰ দিনটোত একাধিক বিজেপিৰ নেতাই কংগ্ৰেছ দলত যোগদান কৰিব বুলি ঘোষনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধানৰ সলনি পতান চপোৱা বুলি কটাক্ষ কৰে ৰাজ্যিক বিজেপিয়ে। দলটোৰ মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে এক প্ৰেছ বিবৃতি যোগে এই মন্তব্য কৰে মুখপাত্ৰদ্বয়ে । ভিত্তিহীন মনেসজা ভুৱা বাতৰি, মিথ্যাচাৰ আৰু চূড়ান্ত অপপ্ৰচাৰত সিদ্ধহস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অতিৰঞ্জিত, ভিত্তিহীন, দাম্ভিকতাপূৰ্ণ বক্তব্যৰে শালীনতাৰ সীমা চেৰাই প্ৰতিপক্ষক আক্ৰমণ কৰা কাৰ্য্য কু-ৰুচিপূৰ্ণ আৰু বাওঁপন্থী নৈৰাজ্যবাদী সদৃশ অপসংস্কৃতিৰ পৰিচায়ক। এক প্ৰেছ বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে তীব্ৰ সমালোচনা কৰি কয় যে প্ৰদেশ কংগ্ৰেছে অসম গণ পৰিষদ দলৰ বহু জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চলোৱা ভুৱা প্ৰচাৰ বিগত এটা দশকৰ দৰেই অন্তঃসাৰ শূন্য হিচাপে প্ৰমাণিত হ’ল।

পূৰ্বতে বাওঁপন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে বক্তব্য শুনা গৈছিল। ভূপেন বৰাৰ এনে আচৰণ আৰু কটু বাগ্মিতাই গান্ধীজীৰ আদৰ্শক প্ৰতিনিধিত্ব নকৰে বুলিও বিবৃতিত উল্লেখ কৰে। ভূপেন বৰাৰ এনে আচৰণ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শৰো পৰিপন্থী বুলি উল্লেখ কৰি বাৰবৈষ্ণৱৰ মহা পুণ্যস্থান বিহপুৰীয়াক এটা দশকে প্ৰতিনিধিত্ব কৰা ভূপেন বৰাৰ মুখত মিথ্যাচাৰ তেখেতৰ চূড়ান্ত অধঃপতনৰ পৰিচায়ক বুলিও মন্তব্য কৰে। মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে কয় যে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান প্ৰহসন তথা ফটাঢোল বজোৱাৰ দৰেহে হল ।

ৰাজ্যিক মুখপাত্ৰ দ্বয়ে কয় , কংগ্ৰেছে বহু দিনৰপৰা জল্পনা-কল্পনাৰ নাটক ৰচনা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছিল। পূৰ্বতে বাওঁ পন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে অপপ্ৰচাৰ শুনা গৈছিল। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান এক প্ৰকাৰে ফটাঢোল বুলিবই পাৰি। যোগদান কাৰ্যসূচীক লৈ ভূপেন বৰাই বহু দিনৰ পৰা ফুটেজ খাই আছিল যদিও আজি যোগদানকাৰী সকলক দেখি অধিকাংশই আচৰিত হৈছে। তেওঁলোক আচলতে ধানৰ অবশিষ্ট পতানসদৃশহে। আমি সকলোৱেই জানো যে পতানৰ পৰা কোনো শস্য উৎপাদন নহয় আৰু ইয়াক কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰি। এই যোগদানে কংগ্ৰেছৰ সলনি ভাৰতীয় জনতা পাৰ্টিকহে উপকৃত কৰিলে বুলি উল্লেখ কৰি কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি চলোৱা মিছা প্ৰচাৰৰ উদ্যেশ্য আছিল যোগদানকাৰীৰ সংখ্যা বঢ়োৱাহে, কিন্তু সফল নহ’ল।

কংগ্ৰেছে দাবী কৰা মতে প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি মিছা প্ৰচাৰ চলালেও কোনো সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান নকৰিলে। কংগ্ৰেছে যে পদে পদে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ আজিৰ যোগদান অনুস্হানেই জ্বলন্ত উদাহৰণ বুলি বিবৃতিত উল্লেখ কৰি ধুমুহা কংগ্ৰেছতেই আহিব আাৰু এই ধুমুহা তেওঁলোকৰ নেতাসকলেই আনিব, যি ধুমুহাই কংগ্ৰেছৰ বহুখিনি উৰুৱাই লৈ যাব বুলিও তীব্ৰ কটাক্ষ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা কৰ্মীৰ, তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি…

তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা-কৰ্মী সকলৰ।

বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মজয়ন্তী।

বুধবাৰৰ দিনটোতে ১৯৩৬ চনত অভিবক্ত শিৱসাগৰ জিলাত জন্ম গ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

ভাৰত চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱা আজি তৰুণ গগৈ দেৱৰ ৮৯ তম জন্মজয়ন্তী।

সমগ্ৰ অসমতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগতে  প্ৰয়াত তৰুণ গগৈৰ গুণমুগ্ধ সকলে তেখেতৰ জন্মজয়ন্তী উদযাপন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

সমগ্ৰ অসমৰ লগতে তেজপুৰ ৰাজীৱ ভৱন তথা শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি আৰু তেজপুৰ পৌৰ ব্লক আৰু গাভৰু ব্লক কংগ্ৰেছ কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকি প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অজ্ঞাত আততায়ীৰ গুলীত নিহত কুখ্যাত সন্ত্ৰাসবাদী শ্বাহিদ লতিফ…

জইচ-ই-মহম্মদৰ শীৰ্ষ নেতা কুখ্যাত সন্ত্ৰাসবাদী শ্বাহিদ লতিফক পাকিস্তানত অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যা কৰে। এই গৰাকী সন্ত্ৰাসবাদীৰ নিৰ্দেশত পাঠানকোট সেনা ছাউনীত ২০১৬ বৰ্ষৰ ২ জানুৱাৰীত আত্মঘাতী আক্ৰমন সংঘটিত হৈছিল। চাৰিটা সন্ত্ৰাসবাদীক দীৰ্ঘদিন প্ৰশিক্ষণ দিছিল শ্বাহিদ লতিফে। পাঠানকোটলৈ গোপন পথেৰে আত্মঘাতী সন্ত্ৰাসবাদী প্ৰেৰণ কৰি সেনা ছাউনীত আক্ৰমণ কৰা লতিফৰ নিৰ্দেশত আক্ৰমণ চলি থকা সময়তে ৩ জানুৱাৰীত পুনৰ এক বিস্ফোৰণে কঁপাই গৈছিল পাঠানকোট। জম্মু কাশ্মীৰত কূটাঘাত কাৰ্য সংঘটিত কৰাৰ লগতে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ কৰা লতিফক আজি পুৱা পাকিস্তানৰ শিয়ালকোটৰ এটা মছজিদৰ সমীপত অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যা কৰে।

উল্লেখ্য যে ১৯৯৪ চনত জম্মুত গ্ৰেপ্তাৰ কৰা লতিফক ২০১০ বৰ্ষত ভাৰত চৰকাৰে দ্বিপাক্ষিক সম্পৰ্ক উন্নতি কৰাৰ স্বাৰ্থত ২৪ গৰাকী উগ্ৰপন্হীৰ সৈতে পাকিস্তানক গটাই দিছিল। এই পৰ্যন্ত পাকিস্তানৰ চৰকাৰে কোনে কি কাৰণত লতিফক হত্যা কৰিলে সেই বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত আছে। যি নহওঁক লতিফৰ মৃতদেহ শিয়ালকোটৰ চিকিৎসালয়ত প্ৰত্যক্ষ কৰি ভাৰতৰ চোৰাংচোৱা সন্হাই স্বস্তিৰ নিশ্বাস পেলোৱা নিশ্চিত।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে মুকলি কৰিলে ১৯ টা ভাষাত মুক্তি পাবলগীয়া কৃশ, তৃশ আৰু বালতিবয় (কেটিবি)-ভাৰত হ্যে হামৰ ট্ৰেইলাৰ…

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো আৰু গ্ৰেফিটি ষ্টুডিঅ’ৰ দ্বাৰা নিৰ্মিত দুটা ছিজনৰ এনিমেটেড ধাৰাবাহিক কৃশ, তৃশ আৰু বালতিবয় (কেটিবি)-ভাৰত হ্যে হামৰ ট্ৰেইলাৰ মুকলি কৰে। এই ধাৰাবাহিকখনত ১৫০০ চনৰ পৰা ১৯৪৭ চনলৈকে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কাহিনী সামৰি ১১ মিনিটৰ ৫২টা খণ্ড আছে৷ ধাৰাবাহিকখনৰ মুল এনিমেটেড চৰিত্ৰ হৈছে কৃশ, তৃশ আৰু বালতি বয়। গ্ৰেফিটি ষ্টুডিঅ’ৰ মুঞ্জল শ্ৰফ আৰু তিলকৰাজ শ্বেট্টীৰ সহ-প্ৰযোজনাত এই ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছে।ইয়াৰ সমান্তৰালকৈ এই ধাৰাবাহিকখনে যিসকল লোকৰ অৱদানে আধুনিক ভাৰতক গঢ় দিছে তেওঁলোকৰ কাহিনী আগবঢ়াই আনি যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছে। এই ধাৰাবাহিকখনে বিদেশী ভাষাকে ধৰি একাধিক ভাষাত মুক্তি পাব, যাৰ দ্বাৰা ভাষাৰ বাধা অতিক্ৰম কৰি এই সংগ্ৰামীসকলৰ কাহিনী সমগ্ৰ বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যাব।

মন্ত্ৰী ঠাকুৰে কয় যে দূৰদৰ্শন, নেটফ্লিক্স আৰু এমাজন প্ৰাইমে একে সময়তে এই এনিমেটেড ধাৰাবাহিকখন সম্প্ৰচাৰ হ’ব। এনে ধৰণৰ প্ৰচেষ্টা আগতে কেতিয়াও হাতত লোৱা নাই। বিদেশী উপনিবেশিকসকলৰ বিৰুদ্ধে সংগ্ৰামত মহিলা আৰু জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান প্ৰদৰ্শন কৰাটোৱেই এই ধাৰাবাহিকখনৰ এক প্ৰধান কেন্দ্ৰবিন্দু। তেওঁ ঘোষণা কৰে যে এই ধাৰাবাহিকখন পৰৱৰ্তী অধিৱেশনৰ সময়ত সকলো সাংসদক দেখুওৱা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্চ পণক দোঁহাৰি তেওঁ ৰাইজক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনাই কয় যে স্বাধীনতা সংগ্ৰামীসকলে নিজৰ প্ৰাণ আহুতি দিয়াৰ বিপৰীতে আজিৰ যুৱক-যুৱতীসকলেও এই দেশখনক অমৃতকালৰ পৰা লৈ যোৱাত অৰিহণা যোগাব লাগিব৷ এই স্বৰ্ণিম ক্ষণত সকলোৱে সম্পূৰ্ণ অৱদান আগবঢ়াব লাগিব। তথ্য আৰু সম্প্ৰচাৰৰ বিভাগৰ সচিব অপূৰ্ব চন্দ্ৰই কয় যে সাধাৰণতে ভাৰতৰ জনসাধাৰণ আৰু বিশেষকৈ দেশৰ শিশুসকলক লক্ষ্য কৰি এখন এনিমেটেড ধাৰাবাহিক প্ৰথমবাৰৰ বাবে মুকলি কৰাটো মন্ত্ৰালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ কাম। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে এটা ব্যয় সংস্থা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ৰাজহ আহৰণৰ ক্ষেত্ৰত জড়িত হৈ পৰিছে।

মুঞ্জল শ্ৰোফে দৰ্শকক উদ্দেশ্যি কয় যে এই ধাৰাবাহিকখন নিৰ্মাণত হাজাৰৰো অধিক লোকে অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে এটা সাধাৰণ এনিমেচন শ্ব’ত প্ৰায় ৪০টা পটভূমিৰ সৈতে ২৫ৰ পৰা ৩০টা চৰিত্ৰ থাকে যদিও ভাৰত হ্যে হামৰ এটা খণ্ডত গড়ে ৫০ৰ পৰা ১০০টা চৰিত্ৰ আৰু ৫০টা পটভূমি আছে।

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণ-ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ এগৰাকী মহিলা…

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণৰ আৰু ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ এগৰাকী মহিলা। চলিত মাহৰ ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী চাংমাই গাঁৱৰ চম্পা বৰুৱাই সোণৰ আৰু ৰূপৰ পদক অৰ্জন কৰি অসমৰ লগতে শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। যোৱা ৫ অক্টোবৰত নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীৰ চাংমাই গাঁৱৰ চম্পা বৰুৱাই জেভলিন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰে।

জেভলিন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা পিছত খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰে। ইয়াৰোপৰি চম্পা বৰুৱাই দিচকাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এইদৰে তিনিটাকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এইগৰাকী ৬০ ৰ উৰ্ধৰ মহিলাই দুটাকৈ সোণৰ আৰু এটা ৰূপৰ পদক অৰ্জন কৰি অসমৰ লগতে শিৱসাগৰ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। নেপালৰ পৰা স্বগৃহলৈ উভতি অহাৰ পিছত এই গৰাকী মহিলাক আজি গেলেকী আঞ্চলিক বীৰংগনা মহিলা সমিতিয়ে উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনায়। গেলেকী আঞ্চলিক বীৰংগনা মহিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াই চম্পা বৰুৱাক আজি অভিনন্দন জনায়।

৩০০০ টকাৰ দৰমহাৰে কাম আৰম্ভ কৰিছিল সোণাক্ষী সিনহাই, এতিয়া কোটিপটি অভিনেত্ৰী…

সোনাক্ষী সিনহা প্ৰথম চাকৰিঃ সোনাক্ষী সিনহাই এক সাক্ষাৎকাৰত তেওঁৰ প্ৰথম দৰমহা বিষয়ে কয়। বলীউড জগতখনত বহু দূৰ আগবাঢ়িছে সোনাক্ষী সিনহা। ছলমান খানৰ সৈতে দাবাং ছবিৰে বলীউডত অভিষেক ঘটায় অবিনেত্ৰীগৰাকীয়ে। ছবিখন হিট হোৱাৰ লগে লগে সোণাক্ষী বলিউদত হিট হয়। ইয়াৰ পিছত সোণাক্ষীয়ে আন বহু ছবিত অভিনয় কৰে। এক সাক্ষাৎকাৰত সোণাক্ষীয়ে ছবিত প্ৰৱেশ কৰাৰ পূৰ্বে নিজৰ যাত্ৰাৰ বিষয়ে কয়। তাই কয় যে তাই কলেজত পঢ়ি থাকোঁতে প্ৰথম চাকৰি পাইছিল। সেই সময়ত তাই ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰম কৰি আছিল। প্ৰথম দৰমহা আছিল মাত্ৰ ৩০০০ টকা।


এক সাক্ষাৎকাৰত সোণাক্ষীয়ে কয় আৰবাজে তেওঁক কৈছিল যে তেওঁ এখন ছবিৰ পৰিকল্পনা কৰিছে আৰু ছবিখনৰ বাবে সোণাক্ষীক প্ৰস্তাৱ দিছিল। ডেৰ বছৰৰ পাছত ছলমানে সোণাক্ষীক ফোন কৰি দবাঙত নিজৰ নায়িকা হ’বলৈ প্ৰস্তাৱ আগবঢ়াইছিল। সোণাক্ষীয়ে কয় যে তেওঁৰ আগতে অভিনেত্ৰী হোৱাৰ কোনো ইচ্ছা নাছিল আৰু চেটত উপস্থিত হোৱাৰ লগে লগে ছবি নিৰ্মাণৰ প্ৰক্ৰিয়াটোৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। আপোনালোকক কওঁ যে অভিনৱ কাশ্যপে পৰিচালনা কৰিছিল দবাংগক। এই ছবিখনে শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।


ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ! ভাৰত-পাকিস্তান মেচৰ বাবে বিশেষ প্ৰস্তুতি ৰে’ল বিভাগৰ…

ভাৰত-পাকিস্তান বিশ্বকাপ মেচঃ ভাৰত-পাকিস্তান ক্ৰিকেট মেচ চোৱা মানুহৰ ভিৰৰ পৰিপ্ৰেক্ষিতত মুম্বাই চেণ্ট্ৰেল আৰু আহমেদাবাদ ষ্টেচনৰ মাজত এযোৰ বিশেষ ছুপাৰফাষ্ট ৰে’ল চলাব। বুধবাৰে পশ্চিম ৰে’লৱেই এই তথ্য দিয়ে। অহা ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তান ক্ৰিকেট খেল। পশ্চিম ৰে’লৱেৰ এক বিবৃতিত কোৱা হৈছে যে শুকুৰবাৰে নিশা ৯.৩০ বজাত মুম্বাই চেণ্ট্ৰেলৰ পৰা মুম্বাই চেণ্ট্ৰেল-আহমেদাবাদ বিশেষ ৰে’লখন ৰাওনা হ’ব আৰু পিছদিনা পুৱা ৫.৩০ বজাত আহমেদাবাদত উপস্থিত হ’ব। একেদৰে আহমেদাবাদ-মুম্বাই চেণ্ট্ৰেল বিশেষ ৰে’লখনে দেওবাৰে পুৱা ৪ বজাত আহমেদাবাদৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই নিশা ১২:১০ বজাত মুম্বাই চেণ্ট্ৰেলত উপস্থিত হ’ব। কোৱা হৈছিল যে এই ৰে’লৰ বাবে ‘বিশেষ ভাড়া’ লোৱা হ’ব। এই বিশেষ ৰেলখনত এচি ২ টায়াৰ, এচি ৩ টায়াৰ, শ্লীপাৰ আৰু জেনেৰেল ক্লাছৰ ডবা থাকিব আৰু দাদাৰ, বৰিভালি, পালঘৰ, ভাপি, ভালছাদ, নৱছাৰী, চুৰাট আৰু বদোদৰা ষ্টেচনত ৰৈ যাব। ১২ অক্টোবৰৰ পৰা ৰাজহুৱা সংৰক্ষণ সেৱাৰ সকলো কাউণ্টাৰত আৰু ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পৰ্যটন নিগমৰ ৱেবছাইটত বুকিং আৰম্ভ হ’ব।

অধিনায়ক ৰোহিত শৰ্মাৰ অভিলেখ ভংগকাৰী শতকৰ আধাৰত বুধবাৰে এদিনীয়া বিশ্বকাপৰ খেলত ৯০টা বল বাকী থকা অৱস্থাত আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰি ভাৰতে একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰা ভাৰতীয় ক্ৰিকেট দলটোক অভিনন্দন জনায়। ছচিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে প্ৰধানমন্ত্ৰী মোদীয়ে দললৈ অভিনন্দন জনাই।

বিহাৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত শিশুসহ ৪ জনৰ মৃত্যুৰ, ৭০ জন আহত। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ…

বিহাৰত ১২৫০৬ নং নৰ্থ-ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত।

লাইনচ্যুত দিল্লী-কামাখ্যা অভিমুখী ৰে’লখনৰ ২১টা দবা ।

বৰ্তমানলৈকে ৰে’ল দুৰ্ঘটনাত শিশুসহ ৪ জনৰ মৃত্যুৰ খবৰ আহিছে।

আনহাতে আহত হৈছে ৭০ৰো অধিক।

দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী।

স্থানীয় প্ৰশাসনৰে যোগাযোগ অব্যাহত অসম চৰকাৰৰ ।

যাত্ৰীৰ সুবিধাৰ্থে কামাখ্যা ৰে’লৱে ষ্টেচনে মুকলি কৰিলে হেল্পলাইন নম্বৰ।

যোগাযোগ নম্বৰ 0361-2674857। দুৰ্ঘটনাৰ তদন্ত ঘোষণা কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ।

চোৰেও দেখুৱালে মহানুভৱতা; নলবাৰীৰ ঐতিহাসিক গণেশ দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহ-অলংকাৰ থৈ গ’ল চোৰে

নলবাৰী জিলাৰ বৰনৰ্দ্দীস্থিত ঐতিহাসিক গণেশ দেৱালয়ত চুৰি হোৱা মূল বিগ্ৰহ আৰু অলংকাৰ পুনৰ থৈ গ’ল চোৰে। বুধবাৰে পুৱাই মন্দিৰৰ চোতালত গণেশৰ বিগ্ৰহ আৰু আ- অলংকাৰ দেখি উৎফুল্লিত হৈ পৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ৷

উল্লেখ্য, ৭ অক্টোবৰত ৰজাদিনীয়া দেৱালয়খনৰ গণেশ মন্দিৰৰ পৰা চুৰি হৈছিল মূল বিগ্ৰহ আৰু বহু মূল্যৱান আ-অলংকাৰ৷ লক্ষ্যণীয় ভাবে পুৱাই মন্দিৰৰ চোতালতে বিগ্ৰহ আৰু অলংকাৰ দেখি উৎফুল্লিত হৈ ডবা, শংখ, বজাই আনন্দ কৰে অঞ্চলটোৰ ৰাইজে৷

দেৱালয় খনত হোৱা উক্ত চুৰি ঘটনাৰ পিছত সমিতিয়ে বেলশৰ আৰক্ষীত এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল চুৰি হোৱা বিগ্ৰহ আৰু অলংকাৰৰ লগতে চুৰি কাণ্ডত জড়িত থকা চোৰৰ৷


ইপিনে উক্ত দেৱালয়ৰ কিছু নাতিদূৰৰ বাঁহজানীৰ সীমামূৰীযা সতীৰকুৰ গোপাল মন্দিৰতো একেদিনাই চুৰি কাৰ্য সংঘটিত হৈছিল। চোৰে মন্দিৰটোৰ দান পাত্ৰৰ পৰা নগদ‌ধন চুৰি কৰি নিছিল। কিন্তু ইয়াৰ কোনো সম্ভেদ আজিলৈকে নোলাল।

Gauhati University Hosts Workshop and Film Screening on Gender-Based Violence in South Asia

The Department of Communication and Journalism, Gauhati University hosted a one-day workshop on “Challenging the Visual Depiction of Women and Sexual Violence in South Asia” in collaboration with Film Southasia and the HRI Institute, Kathmandu on 10th October, 2023. The event was held at Phanidhar Dutta Seminar Hall, Gauhati University. The event aimed to address the portrayal of gender-based violence in the region through film and visual media.

Ms. Laxmi Murthy, Director, HRI Institute for Southasian Research and Exchange, Kathmandu was present as the resource person for the workshop along with Sana Amir as an assistant to Ms. Murthy.

The movies in the event focused on gender violence and aimed to create a more empowering visual language for discussions on gender-based violence and justice were screened, including titles like “Before You Were My Mother”, “The Heartbroken Lover”, “Gurkha Girl” ,”Longing”, and “Decoding Gender”. Students from institutions attended the screening. The event provided a platform for advancing discussions on challenging and redefining the visual portrayal of gender-based violence in South Asia.

The event also featured an interactive session where students had discussions with Ms. Laxmi Murthy regarding various gender violence issues and the reforms currently being implemented to address them. Dr. Chandan Kr. Goswami, the Head in charge emphasized on the significance of power of visual language as a medium of persuasion on contemporary issues. Dr. Bharati Bharali, coordinator of the event highlighted on the need of cinema as a powerful medium for documentation and representation of gender violence in South Asian countries.

Furthermore, the special film edition of GU Times, a community newspaper by the Department of Communication and Journalism was inaugurated by Dr. Ranjan Kakati, Director, Students’ Welfare, Gauhati University. He addressed the students and delivered a speech, and also congratulated the editors of the issue Debashish Deka, Mriduljyoti Nath, and Arup Jyoti Das. Dr. Bishnu Saikia and Nishanta Sharma, the Teaching faculties of the Department were also present on the occasion.