Home Blog Page 1308

গোৱালপাৰা জিলাৰ লাউডোবাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি…

গোৱালপাৰা জিলাৰ লাউডোবাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
জনপ্ৰিয় কন্ঠশিল্পী সুৰজিৎ বিশ্বাসে গীত পৰিৱেশন কৰিব

অবিভক্ত গোৱালপাৰা জিলাৰ এক গৌৰৱোজ্জ্বল লাউডোবা সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও ২ কাতি ষষ্ঠীৰ পৰা (২০ অক্টোবৰ ) ৬ কাতি দশমী তিথি ( ২৪ অক্টোবৰ) লৈ শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক আয়োজন কৰা হৈছে ৷ইতিমধ্যে ভজন বিশ্বাসক সভাপতি ,আৰাধন বিশ্বাসক সম্পাদক,মনোৰঞ্জন বিশ্বাসক কাৰ্যকৰী সভাপতি ,সুকুমাৰ বিশ্বাসক উপ-সভাপতি,ঘণশ্যাম বিশ্বাস ,প্ৰহ্লাদ বিশ্বাস আৰু ৰতন বিশ্বাসক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে ৷

কাৰ্যসূচী অনুসৰি প্ৰথম দিনৰ পুৱা ৯-০০ বজাত খেল-ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ ২১ অক্টোবৰ অৰ্থাৎ দ্বিতীয় দিনা আবেলি ৪ বজাৰ পৰা নামদলৰ দ্বাৰা নাম পৰিবেশন,সন্ধিয়া ৬ বজাত আৰতি প্ৰতিযোগিতা ,৭ বজাত আধুনিক গীত প্ৰতিযোগিতাৰ লগতে নিশা ৮ বজাৰ পৰা একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব ৷২২ অক্টোবৰ আবেলি ২ বজাৰ পৰা কুইজ প্ৰতিযোগিতা ,৪ বজাত নামদলৰ দ্বাৰা নাম পৰিৱেশন ,৬ বজাত আৰতি প্ৰতিযোগিতা আৰ নিশা ৮ বজাৰ পৰা আমন্ত্ৰিত জনপ্ৰিয় শিল্পী সুৰজিৎ বিশ্বাস আৰু মিচ নিভাৰাণী বৰাই গীত পৰিৱেশন কৰিব ৷

৫ কাতি (২৩ অক্টোবৰ ) আবেলি ৪ বজাৰ পৰা নামদলৰ দ্বাৰা নাম পৰিৱেশন ,সন্ধিয়া ৬ বজাত আৰতি প্ৰদান,নিশা ৮ বজাৰ পৰা বঁটা বিতৰণী ও সম্বৰ্ধনা অনুষ্ঠান আৰু ১০ বজাৰ পৰা আমন্ত্ৰিত শিল্পী কুমাৰ তপন আৰু বগীতৰাৰ গীতৰ শৰাই অনুষ্ঠিত হব ৷ ৬ কাতি (২৪ অক্টোবৰ) বিজয়া দশমী উপলক্ষে আয়তী সকলৰ সিদুঁৰ খেল ও বিজয়া মেলা অনুষ্ঠিত হব ৷৪৫ তম্ বাৰ্ষিক লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ প্ৰচাৰ আৰু জনসংযোগ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এই সমুহ কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৷

নামৰূপ হাপজান পৰ্বত চাহ বাগিছাৰ মুখ্য পৰিচালকৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী যুৱতীৰ…

নামৰূপ হাপজান পৰ্বত চাহ বাগিছাৰ মূখ্য পৰিচালকৰ বিৰুদ্ধে এগৰাকী যুৱতীৰ যৌন নিৰ্য্যাতনৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ । নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপ হাপজান পৰ্বত চাহ বাগিছাৰ মূখ্য পৰিচালকৰ বিৰুদ্ধে তেওঁৰ কোৱাৰ্টাৰত বনকৰা এগৰাকী যুৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে যুৱতী গৰাকীয়ে ।

মূখ্য পৰিচালক গৰাকীৰ কোৱাৰ্টাৰত কৰ্মৰত যুৱতী গৰাকী লগতে স্থানীয় ৰাইজে শনিবাৰে নামৰূপ থানাত এক এজেহাৰ দাখিল কৰাত নামৰূপ

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন 342/354B/506 IPC, PS 84/23 গোচৰৰ অধীনত হাপজান পৰ্বত চাহ বাগিছাৰ প্ৰধান পৰিচালক গতম কাৰ্কিক জেৰা অব্যাহত ৰাখিছে।

পূব যোৰহাটৰ মেলেং কাঠ গাঁৱৰ এক আলৌকিক ঘটনা ! উৎপল গোস্বামীৰ গৃহত আৱিৰ্ভাৱ হৈছে সোণৰ শিৱলিঙ্গ…

পূব যোৰহাটৰ মেলেং কাঠ গাঁৱত এঘৰ গৃহত আলৌকিক ঘটনা,, আৱিৰ্ভাৱ হৈছে সোনৰ সৰ্প,সোনৰ শিৱলিঙ্গ,সোনৰ বেলাপাত

পূব যোৰহাটৰ মেলেং কাঠ গাঁৱৰ উৎপল গোস্বামীৰ গৃহত আজি কিছু দিনৰ পৰা এক আলৌকিক ঘটনা ঘটিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে উৎপল গোস্বামীৰ অষ্টম শ্ৰেণীত অধ্যয়নত পুত্ৰ উদিপ্ত বিশাল গোস্বামী এদাল বেল্ট নিজৰ গৃহৰ বাৰীৰ বে’ল গছৰ ওপৰত দেখাৰ পিছৰ পৰা ঘৰ খনৰ এজোপা ফুল গছৰ গুৰিত এযোৰ সৰু আকৃতি সোণৰ সৰ্প আৱিৰ্ভাৱ হয়।

তাৰ পিছৰে পৰা ঘৰৰ পিয়ালিত সোণৰ বেলপাত, শংখ খাৰু আদি আৱিৰ্ভাৱ হৈছে বুলি পৰিয়ালৰ লোকে জানিব লৈ দিছে। অন্যহাতে পৰিয়ালৰ প্ৰতিজন লোককে সপোনত দুৰ্গা পূজা নিজৰ গৃহত প্ৰতিষ্ঠা কৰিবলৈ দেখা দিয়ে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে প্ৰথম অৱস্থাত তেওঁ লোকে মনত ভয়ভাৱ হৈছিল যদিও এগৰাকী সাধ্ক ওচৰত চোৱা চিতা কৰা পিছত এইয়া শিৱৰ আৱিৰ্ভাৱ বুলি ব্যক্ত কৰে।

পৰিয়ালৰ লোকে এতিয়া সোণৰ সৰ্প,শিৱৰ লিংগ,সোণৰ বেলপাত,শংখ খাৰু আদি নিজৰ গৃহত পূজা অৰ্চনাৰে ৰখাৰ লগতে নিজৰ গৃহত দুৰ্গা পূজা পাতিবলৈ প্ৰস্তুতি কৰিছে । এতিয়া প্ৰশ্ন হৈছে আজিৰ বিজ্ঞানৰ যুগত প্ৰকৃততে এইয়া কি, অলৌকিক নে আৱিৰ্ভাৱ নে প্ৰশ্ন উঠিছে বিশ্বাস -অবিশ্বাসৰ বহু প্ৰশ্ন?

শিক্ষকক প্ৰদান কৰিব স্কুটি আৰু টেবলেট, অৱসান “হয় চাৰ” “য়েছ চাৰ” যুগৰ…

শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ৰাজ্যৰ শিক্ষক সকললৈ এক সু খবৰ কঢ়িয়াই আনিলে ৰাজ্য চৰকাৰে। মেট্ৰিকত মেধা ছাত্ৰ ছাত্ৰীক আনন্দ ৰাম বৰুৱা বঁটাৰ লগতে উচ্চতৰ মাধ্যমিকৰ মেধা ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদানেৰে প্ৰেৰণা আৰু উৎসাহিত কৰি আহিছে চৰকাৰে। শেহতীয়াকৈ আজি নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় চাইকেল। এইবাৰ শিক্ষক সকলৰ পাল। চৰকাৰে ৫০ হাজাৰ শিক্ষকক প্ৰদান কৰিব স্কুটি। অকল সেয়াই নহয় ১৯ হাজাৰ শিক্ষকক প্ৰদান কৰিব টেবলেট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষনা কৰি কয় যে দূৰণীবটীয়া শিক্ষক সকলে সময়মতে শ্ৰেনীত উপস্থিত থকাৰ লগতে কষ্ট লাঘব কৰাৰ বাবে তেনে ৫০ হাজাৰ শিক্ষকক প্ৰদান কৰিব স্কুটি। একেদৰে ১৯ হাজাৰ শিক্ষকক প্ৰদান কৰিব একোটাকৈ টেবলেট।

চৰকাৰ আৰু শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক অধিক উন্নত কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে পূৰ্বৰ দৰে শ্ৰেনী কোঠাত শিক্ষক সকলে “ৰোল কল” কৰাৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰী সকলে “আঁছো চাৰ” “য়েছ চাৰ” কোৱাৰো অন্ত পেলায়। সম্প্ৰতি শিক্ষা সেতু এপৰ দ্বাৰাই মাত্ৰ চকু টিপিয়াই ছাত্ৰ ছাত্ৰী সকলে নিজৰ উপস্থিতি অবগত কৰে। একেদৰে শিক্ষক সকলেও এপৰ জৰিয়তে উপস্থিতি দিবলৈ বাধ্য হোৱাত প্ৰায়ে বিদ্যালয়ত বিভিন্ন অজুহাতত অনুপস্থিত থকা শিক্ষক সকললৈ বিপদ নমাই আনিছে। শেহতীয়াকৈ শিক্ষক সকলক স্কুটি আৰু লেপটপ প্ৰদানৰ ঘোষনাত আনন্দ প্ৰকাশ কৰিছে শিক্ষক সমাজে।

‘আল্লাহু আকবৰ’ ধ্বনি দি বিদ্যালয়ত আক্ৰমণঃ শিক্ষক নিহত…

ফ্ৰান্সৰ বিদ্যায়ত সংঘটিত হৈছে পুনৰ আক্ৰমণ।২০২০ চনত দেশ খনত মৌলবাদীয়ে হত্যা কৰিছিল শিক্ষক চেমুৱেল পিৰ নামৰ এজন শিক্ষকক। সেই স্মৃতি যেন পুনৰ ঘূৰি আহিছে। ফ্ৰান্সৰ এখন বিদ্যালয়ত সংঘটিত হৈছে আন এটা জেহাদী আক্ৰমণ। এই ঘটনাত এজন শিক্ষকক ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে । আক্ৰমণৰ ঘটনাটোত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে।

বিবিচিৰ মতে, শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১ বজাত উত্তৰ ফ্ৰান্সৰ আৰাছ অঞ্চলৰ এখন বিদ্যালয়ত এই ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই ‘আল্লা হু আকবৰ’ বুলি চিঞৰি বিদ্যালয়ত প্ৰৱেশ কৰে আৰু এজন শিক্ষকক হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। আক্ৰমণকাৰী অথবা নিহত জনৰ নাম জানিব পৰা হোৱা নাই।

বিশ্ব ক্ষুধা সূচকাংকত বিগত বৰ্ষতকৈ চাৰিটা স্থান পিছুৱাই গ’ল ভাৰত, এইবাৰ ১১১ স্থানত ভাৰত…

দেশত বাঢ়িছে নেকি ভোকাতুৰ লোকৰ সংখ্যা? আপাততঃ শেহতীয়া এক প্ৰতিবেদনে তেনে কথাৰেই ইংগিত দিছে। বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান পূৰ্বৰ বছৰতকৈয়ো বেছি বেয়াৰ দিশে গতি কৰিলে। ২০২৩ বৰ্ষত বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান ১১১ সংখ্যক হৈছে ।উল্লেখ্য ২০২২ চনত বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান ১০৭ আছিল। চলিত বছৰত এই স্থান আৰু আৰু চাৰি ঢাপ পিছুৱাই গ’ল। এই সূচকাংকই সেয়ে স্পষ্ট কৰি দিছে যে ভাৰতত বিগত এটা বছৰত ক্ষুধাতুৰ লোকৰ সংখ্যা কমক চাৰি বৃদ্ধিহে পাইছে। বিশ্ব ক্ষুধা সূচকাংক প্ৰকাশ কৰাৰ পূৰ্বে বিশ্বৰ ১২১ খন দেশত অধ্যয়ন চলোৱা হৈছিল।

লক্ষ্যণীয় কথাটো হ’ল বিশ্ব ক্ষুধা সূচকাংকত ভাৰতক চুবুৰীয়া পাকিস্তান (১০২), বাংলাদেশ (৮১), নেপাল (৬৯) আৰু শ্ৰীলংকাই (৬০) অতিক্ৰম কৰিছে।কেৱল সেয়াই নহয়, শেহতীয়াকৈ প্ৰকাশিত গ্লোবেল হাংগাৰ ইণ্ডেক্সে দেখুৱাইছে যে বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰততে ‘শিশুৰ অপচয়’ৰ হাৰ সৰ্বাধিক। সেয়া হৈছে ১৮.৭ শতাংশ। এই সূচকে ৰ শিশুসকলৰ মাজত পুষ্টিহীনতাৰ হাৰ দেখুৱায়। প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ভাৰতত শিশুৰ মাজত পুষ্টিহীনতাৰ হাৰ ১৬.৬ শতাংশ। একেদৰে ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতাৰ হাৰ ৫৮.১ শতাংশ। অৱশ্যে, নতুন দিল্লীয়ে এই প্ৰতিবেদন অস্বীকাৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কৈছে যে এই প্ৰতিবেদন সঠিক নহয়। প্ৰতিবেদন খনত গুৰুতৰ পদ্ধতিগত ত্ৰুটি আছে। মন্ত্ৰালয়ে এক বিবৃতি অনুসৰি, শিশুৰ স্বাস্থ্যৰ অৱস্থা গণনা কৰিবলৈ ব্যৱহৃত চাৰিটা চৰ্তৰ তিনিটা কেতিয়াও সমগ্ৰ দেশৰ জনসাধাৰণৰ ভোক সূচকাংক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি।

তদুপৰি প্ৰতিবেদন যুগুত কৰিবলৈ কেৱল ৩,০০০ শিশুৰ ওপৰত জৰীপ চলোৱা হৈছিল। এই সূচকবোৰৰ বাবে ব্যৱহৃত তথ্য ৰাষ্ট্ৰসংঘৰ বিভিন্ন প্ৰতিবেদন আৰু অন্যান্য সংগঠনৰ পৰা লোৱা হৈছে, যাৰ ভিতৰত আছে ইউনিচেফ, বিশ্ব বেংক, খাদ্য আৰু কৃষি সংস্থা। ইপিনে বিৰোধী দলৰ নেতাসকলে এই প্ৰতিবেদনৰ অচিলালৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে।

বিগ বছ ১৭ৰ প্ৰথম ৬ গৰাকী প্ৰতিযোগীৰ নাম প্ৰকাশ, আছে এগৰাকী বিখ্যাত সাংবাদিকো…

বিগ বছ ১৭ৰ প্ৰথম ৬ গৰাকী প্ৰতিযোগীৰ নাম প্ৰকাশ। বিগ বছৰ নতুন প্ৰমোত প্ৰতিযোগীসকলৰ আভাস দেখুওৱা হৈছে। য’ত আছে জনপ্ৰিয় চেলিব্ৰিটি দম্পতী, দুগৰাকী সুন্দৰী, এজন সুদৰ্শন যুৱক আৰু এজন বিখ্যাত সাংবাদিক। জানো কোন কোন প্ৰথম ৬ জন প্ৰতিযোগী, যাৰ আভাস দেখা গৈছে বিগ বছ ১৭ৰ নতুন প্ৰমোত।


বিগ বছ ১৭ (বিগ বছ ১৭ ছলমান খান)ৰ প্ৰথম প্ৰতিযোগী হৈছে জনপ্ৰিয় চেলিব্ৰিটি দম্পতী। যদিও প্ৰমো ভিডিঅ’টোত চেলিব্ৰিটি দম্পতীৰ মুখ দেখা নাযায়, তথাপিও ক’ব পাৰি যে অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু তেওঁৰ স্বামী বিকি জৈন।

থাকিব প্ৰিয়ংকা চোপ্ৰা আৰু পৰিনীতি চোপ্ৰাৰ ভগ্নী মনৰা চোপ্ৰা। মনৰা দক্ষিণৰ বহু ছবিত কাম কৰিছে।

অংশগ্ৰহণ কৰিব উদাৰিয়ান ধাৰাবাহিক অভিনেত্ৰী ঈশা মালভিয়া। লগতে উদাৰিয়ান অভিনেতা অভিষেক কুমাৰেও বিগ বছ ১৭ৰ অংশ হ’বলৈ গৈ আছে।

সাংবাদিক জিগনা ভোহৰাৰ আভাস শেহতীয়াকৈ মুক্তি পোৱা বিগ বছ ১৭ৰ প্ৰ’ম’তো দেখা যায়। শেহতীয়াকৈ জিগনা ভোহৰাৰ গোচৰৰ সন্দৰ্ভত এখন ৱেব ছিৰিজও মুকলি কৰা হৈছে, যাৰ নাম দিয়া হৈছিল ‘স্কুপ’।

তামুলপুৰৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা, নিহত এগৰাকী মহিলা; আহত আন কেইবাজনো…

তামুলপুৰৰ কুমাৰীকাটাত নিশা ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এগৰাকী মহিলা আৰু আহত আন কেইবাজনো। নিহত মহিলা গৰাকী দক্ষিণ কুমাৰীকাটাৰ গীতা ডেকা( ৫০) আনহাতে গুৰুতৰ ভাৱে আহত কেইগৰাকী হল ৰূপম ডেকা ,ধৰিত্ৰী ফুকন ডেকা,ঋষি শৰণীয়া আৰু ফটিক আৰ্য্য।

প্ৰত্যক্ষদৰ্শীৰ বিৱৰণী মতে বৈদেশিক ৰাষ্ট্ৰ ভূটানৰ দিশৰ পৰা তীব্র বেগত অহা এখন ২২ চকীয়া ট্ৰেইলাৰ বাহনে এজন স্কুটী আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই সোঁ-ফালে পথৰ কাষত থকা এখন চাহৰ দোকানত সোমাই যায় ফলত চাহ দোকানৰ গৰাকী গীতা ডেকা থিতাতে নিহত হোৱাৰ উপৰিও তেওঁৰ পুত্ৰ ৰূপম ডেকা, বোৱাৰী ধৰিত্ৰী ফুকন ডেকা, ঋষি শৰণীয়া আৰু ফটিক আৰ্য গুৰুতৰ ভাৱে আহত হয়। ঘটনাৰ খবৰ পাই ওচৰ চুবুৰীয়া আৰু আৰক্ষী ৰ লোক আহি মৃত গীতা ডেকা আৰু আন কেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। পিছত গুৰুতৰ ভাৱে আহত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হয়।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে ঘটনাৰ খবৰ পোৱা মাত্ৰে তামুলপুৰ জিলাৰ আয়ুক্ত,আৰক্ষী অধীক্ষক, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বনশাক পনৌনোৱাক নতুনকৈ চিনো আহক…

বনশাক জোপাৰ বৰ্ণনা-


ই হ’ল কেউপিনে বগাব বিচৰা এক মিটাৰ পৰ্য্যন্তজুৰা লতাজাতীয় শাক ৷ গা গছ আৰু ডাল সেউজীয়া-বেঙুনীয়া বৰণৰ ঘূৰণীয়া আকৃতিৰ, ঠায়ে ঠায়ে গাঠি থাকে আৰু তাৰ পৰা ঠাল-ঠেঙুলি মেলে ৷ পাতবিলাক হ’ল পাণৰ আকৃতিৰ আগজোঙা দেড়ৰ পৰা আঢ়ৈ চেন্টিমিটাৰৰ ওপৰফালে দেখাত খহটা সেউজ বৰণৰ ৷ পাতৰ তলখন কিছু বগা ধৰণৰ আৰু মিহি ৷ গছৰ শিপা দীঘলীয়া পাকলগা আৰু মূগাবৰণৰ হয় ৷ ইয়াৰ ফুল কেইবাপহিয়া আৰু ৰঙচুৱা, গোলপীয়া বা বগা বৰণৰ হয় ৷ ৫৷ ৬ মিলিমিটাৰ চাইজৰ ফল ইয়াত লাগে যাৰ ভিতৰত এটা ঘূৰণীয়া গুটি থাকে ৷ গছৰ আয়ুস এটা বছৰ ৷ গুটিৰ পৰা নতুন গছ গজে ৷ বাৰিষা কালত আগৰ শুকাই যোৱা গছৰ শিপাৰ পৰাও নতুন পুলি ওলায় ৷

কি কি ৰাসায়নিক তত্ব ইয়াত থাকে-


এই বনশাকত এন্টিঅক্সিডেন্ট তত্ব, ভিটামিন-ই, ভিটামিন-চি, জিংক, চেলনিয়াম, উপালিপ্তিন নামৰ ফ্লেভ’নইদ, পূণাৰ্ভেৰিন নামৰ ইমিউনিটি বঢ়োৱা ৰাসায়নিক আৰু কেইবিধমান কেঞ্চাৰ প্ৰতিৰোধক তত্ব, এন্টিফাংগেল, এমিবিচাইডেল, কীটনাশক, বিষহাৰী গুণযুক্ত পদাৰ্থ থকাতো প্ৰমাণিত হৈছে ৷

লেবৰেটৰীৰ প্ৰাণীত প্ৰয়োগৰ ফলাফল কি ওলাল-


ডায়েবেটিজৰ এলোপেথিক দৰব মেটফৰমিন আৰু গ্লাইবেনক্লেমাইডৰ দৰে পুনৰ্ণৱাই ক্ৰিয়া কৰাৰ প্ৰমাণ লেবৰেটৰীৰ প্ৰাণীত দেখা গৈছে ৷ ৩০দিনৰ প্ৰয়োগত ডায়েবেটিচ থকা এন্দুৰৰ তেজৰ চুগাৰ স্বাভাৱিক হোৱা দেখা গ’ল৷ মৃগীৰ ফিট ৰোগ কৰাত ডায়েজেপামৰ দৰে সফল ৷ কৰ্কট ৰোগ বাঢ়িবলৈ আৰু বিয়পিবলৈ নিদিয়াকৈ ৰাখিব পাৰে ৷ মেলানোমা, মহিলাৰ বক্ষৰ আৰু জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত এটা সময়ত ই হয়তো গুৰুত্বপূ্ৰ্ণ ভূমিকা ভবিষ্যতে পালন কৰিব পাৰিব ৷

কি কি অংশ ঔষধিৰ কামত আহে ? বজাৰত কি দৰে ই উপলব্ধ আৰু কেনেকৈ ইয়াৰ প্ৰয়োগ কৰে :
গোটেই গছ,পাত আৰু শিপা ঔষধি নিৰ্মাণত ব্যৱহৃত হয় ৷ ভাৰতবৰ্ষত সহজে উপলব্ধ এটি পেটেন্ট আয়ুৰ্বেদিক ঔষধৰ নাম হ’ল ‘গ্ৰীণ পূনৰ্ণৱা’ ৷ মই মেডিচিনৰ স্নাতকোত্তৰৰ ছাত্ৰ থাকোতে ইয়াৰ গুণাগুণ প্ৰসাবৰ বিকাৰ, ভৰি আৰু উদৰফুলা আদি নিৰ্দিষ্ট কেইটিমান ৰোগত প্ৰয়োগ কৰি সন্তোষজনক ফলাফল পাইছিলোঁ আৰু মোৰ পৰ্য্যবেক্ষন এখন সৰ্বভাৰতীয় পত্ৰিকাত প্ৰকাশিত হৈছিল ৷ আজিও সেইবিধ ঔষধ মই কিডনি পাথৰৰ ৰোগী আৰু ভৰি ফুলা ৰোগীক বিনা দ্বিধাই প্ৰয়োগ কৰোঁ ৷ বজাৰত চিৰাপৰ ওপৰিও গছৰ শিপা, চূৰ্ণ, কেপচুল, পিল আদিও উপলব্ধ ৷

এই শাকক কেঁচা চালাডৰ দৰে, চাহৰ দৰে নাইবা শুকান ভাজি কৰিও খাব পাৰি৷আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুলোকে ৰহৰ দাইলৰ সৈতে নহলে জীয়া মাছৰ সৈতে শাকৰ আঞ্জা ৰান্ধি খায়৷

উপকাৰিতা আৰু ব্যৱহাৰিক প্ৰয়োগ-


থুলুমুলকৈ ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হোৱা অসুখ কিছুমান হ’ল- কিডনি আৰু মূত্ৰাশয়ৰ বিকাৰ, পেট-ভৰি-দেহ ফুলা, জণ্ডিচ, লিভাৰৰ অসুখ, গাঁঠিৰ বিষ (আৰ্থাইটিচ), চকুৰ অসুখ (কুকুৰীকণা,কেটেৰেক্ট,গ্লুকোমা), চৰ্মৰোগত শিপাৰে নিৰ্মিত মলম, বহুমুত্ৰ,হদৰোগ,শৰীৰৰ দূৰ্বলতা, কৰ্কট প্ৰতিৰোধক,শৰীৰৰ ইমিউনিটি বঢ়াবলৈ৷
-আয়ুৰ্বেদৰ মতে এপিয়লা গৰুৰ গাখীৰত এচামুচ পুননৌৱা পাউদাৰ ৰাতি শুবৰ সময়ত কিছুদিনলৈ খোৱালে কুকুৰীকণা ৰোগ ভাল হয়৷
-এচামুচ পুননৌৱা পাউদাৰৰ সৈতে আধাচামুচ পিপলি মিহলাই খোৱালে হাঁপানি আৰু ব্ৰংকাইটিচ ৰোগ ভাল হয়৷
– কনজেষ্টিভ কাৰ্ডিয়াক ফেইলাৰ হৃদৰোগত পুননৌৱা,অৰ্জুন আৰু মৌজোল মিহলাই খোৱালে ৰোগৰ উপশম হয়৷
– শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখাত আৰু শৰীৰৰ প্ৰসাবৰ নিৰ্গত কৰাত পুননৌৱা সহায়ক৷
– পুননৌৱা পেৰালাইচিচৰ চিকিৎসাতো ব্যৱহৃত হয়৷
– এই শাক পশুৰ খাদ্য হিচাবে উত্তৰ ভাৰতত বহুতে ব্যৱহাৰ কৰে৷

লবলগীয়া সতৰ্কতা : ইয়াক গ্ৰহণ কৰিলে ডায়েৰিয়াৰ সম্ভাৱনা থাকে বাবে গৰ্ভৱতী মহিলা আৰু ৮বছৰৰ তলৰ শিশুক পনৌনৱা ঔষধি হিচাবে দিয়া নাযায়৷

‘ভাৰতে স্বাধীন আৰু সাৰ্বভৌম পেলেষ্টাইনৰ গঠনত সমৰ্থন কৰে’: স্থিতি স্পষ্ট কৰিলে কেন্দ্ৰই…

ভাৰতে স্বাধীন আৰু সাৰ্বভৌম পেলেষ্টাইনৰ গঠনত সমৰ্থন কৰে। এই মন্তব্য কৰিছে ভাৰত চৰকাৰে। ভাৰত ইজৰাইলৰ পক্ষত আৰু দেশ খনে পেলেষ্টাইনৰ বিৰোধিতা কৰে জাতীয় ধাৰণা বহুতৰে মনত দৃঢ় হোৱাৰ সময়তে পেলেষ্টাইনৰ প্ৰসংগত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে ভাৰতে এখন সাৰ্বভৌম, স্বাধীন ৰাষ্ট্ৰ হিচাবে পেলেষ্টাইন স্থাপনত সমৰ্থন জনাইছে। নতুন দিল্লীয়ে ইজৰাইল-পেলেষ্টাইন যুদ্ধ পৰিস্থিতিৰ মাজতে প্ৰথমবাৰৰ বাবে এনেদৰে পেলেষ্টাইনৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, “আমাৰ নীতি দীৰ্ঘম্যাদী আৰু স্থিৰ। ভাৰতে সদায়ে পেলেষ্টাইনক এখন সাৰ্বভৌম, স্বাধীন আৰু কাৰ্যকৰী ৰাষ্ট্ৰ হিচাবে স্থাপনৰ বাবে পোনপটীয়া আলোচনা আৰম্ভ কৰাৰ পক্ষপাতী। তেওঁলোকে সুৰক্ষিত আৰু স্বীকৃত সীমাৰ ভিতৰত বাস কৰিব লাগে আৰু ইজৰাইলৰ সৈতে শান্তিৰে একেলগে বাস কৰিব লাগে। ভাৰতৰ স্থিতি পূৰ্বৰ দৰে একেই আছে।”


৭ অক্টোবৰত পেসেষ্টাইনী সন্ত্ৰাসবাদী হামাছে ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ কৰাৰ পিছত এই বিষয়টোত ভাৰতৰ এয়া প্ৰথম বিবৃতি। এই বিবৃতিয়ে বহুতৰে মনত থকা খুদুৱনি দূৰ কৰিব বুলি ধাৰণা কৰা হৈছে। এই বিবৃতি এতিয়া কূটনৈতিকভাবে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল-হামাছ সংঘৰ্ষৰ বিষয়ে দুবাৰকৈ মন্তব্য কৰিছিল। দুয়োবাৰেই তেওঁ ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল। তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনত বাৰ্তালাপ কৰি এই কঠিন সময়ত ভাৰত ইজৰাইলৰ কাষত আছে বুলি আস্বাস দিছিল।তেতিয়াৰে পৰা ৰাজনীতিকৰ লগতে কূটনীতিকসকলৰ মাজত পেলেষ্টাইন সম্পৰ্কে মোদী চৰকাৰৰ স্থিতি সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈ আহিছে। বহুতে ধাৰণা কৰিছে যে ভাৰতে স্বাধীন পেলেষ্টাইনৰ দাবীক সমৰ্থন কৰে যদিও ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণক কোনোপধ্যে মানি নলয়।