Home Blog Page 1309

দ্ৰোণ শাক শৰীৰৰ বাবে কিয় প্ৰয়ােজন জানক…

দ্ৰোণ শাক আমি কিয় খাব লাগে ⁉️⁉️….—

১) বিষ নিবাৰণৰ দৰবৰ নিচিনাকৈ দ্ৰোণ শাকে প্ৰষ্টাগ্লেণ্ডিনৰ ক্ৰিয়া ৰোধ কৰি শৰীৰৰ যিকোনো বিষ কমোৱাত সহায় কৰে ৷

২) দ্ৰোণ বন পিহি ৰস খোৱালে জ্বৰ, মূৰৰ বিষ আৰু কাঁহৰ উপশম ঘটে ৷

৩) কেঁচুৱাৰ কাঁহ হলে কেইপাহমান ফুল পিহি লৈ মৌজোলৰ সৈতে খুৱালে আৰোগ্য হয় ৷

৪) দ্ৰোণ হাপানীৰ অসুখত মহৌষধৰ দৰে ৷ শ্বাস-প্ৰশ্বাসৰ যি কোনো অসুখত দ্ৰোণ মিহলোৱা উতলা পানীৰ ভাঁপ লব পাৰে ৷ চাইনাচৰ চিকিৎসাত নাকত কেইটোপাল মান ৰস ঢালি চিকিৎসা কৰা হয় ৷ নাকৰ তেজ ওলোৱা বন্ধ কৰিবলৈ দ্ৰোণৰ ৰস দুই এটোপাল দিলেই সুফল পোৱা যায় ৷

৫) নিয়মীয়াকৈ দ্ৰোণ শাক খালে শৰীৰৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ৷ নানান জটিল ৰোগৰ চিকিৎসাত স্বাস্থ্য ভংগ হোৱা লোকক দ্ৰোণ শাক খুৱালে শৰীৰৰ অৱনতি ৰোধ হয় ৷
এলাবলিক গুণসমৃদ্ধ হোৱা হেতুকে শৰীৰৰ ওজন বঢ়াত সহায়ক হয় ৷

৬) ডায়েবেটিজ ৰোগ নিয়ন্ত্ৰণত দ্ৰোণ অতি উপকাৰী ৷ নিয়মীয়াকৈ দ্ৰোণ সেৱন কৰিলে ফাষ্টিং ব্লাড চুগাৰ কমা পৰিলক্ষিত হয় ৷ ইয়াৰ ক্ৰিয়াক ডায়েবেটিজৰ দৰব মেটফৰ্মিনৰ লগত ৰিজাব পাৰি ৷

৭) লিভাৰৰ উপযোগী বাবে ফেটি লিভাৰৰ চিকিৎসাত ফলপ্ৰসু ৷ দ্ৰোণ শাকে আভোক আতৰায় ৷

২৫৬ বছৰ ধৰি একেটা মাটিৰ মূৰ্তিতে পূজা, বাৰাণসীৰ প্ৰাচীন পূজাকলৈ ভক্তৰ মাজত কৌতূহল…

বাৰানসীৰ এখন বিশেষ পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।বিগত ২৫৬ বছৰ ধৰি একেটা দুৰ্গা মূৰ্তিতে পূজা কৰি আহিছে এটা পৰিয়ালে। এক কথাত ২৫৬ বছৰ ধৰি সেই পূজাৰ মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই। ইমান বছৰ পুৰণি যদিও সেই দুৰ্গা প্ৰতিমা পূৰ্বে যেনে আছিল আজিও তেনেই আছে। উত্তৰ প্ৰদেশৰ বাৰাণসীত থকা এই অতি প্ৰাচীন দুৰ্গা মূৰ্তিক পৰম্পৰা অনুসৰি এইবেলিও উপাসনা কৰা হ’ব। বাৰাণসীৰ আটাইতকৈ পুৰণি বনেদী পৰিয়ালৰ দুৰ্গা পূজা উপলক্ষ্যে এলেকাটোত মানুহৰ মাজত আনন্দৰ লহৰ বৈ গৈছে। দৰাচলতে হুগলীৰ জনাই ৰোডত থকা মুখাৰ্জী পৰিয়ালৰ দুৰ্গা পূজা বাৰাণসীলৈ গৈছিল। সময়টো আছিল ১৭৬৭।

একে বছৰতে বাৰাণসীত প্ৰথমবাৰৰ বাবে পূজা আৰম্ভ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ মদনপুৰা অঞ্চলত দুৰ্গাৰ এটা মূৰ্তি স্থাপন কৰা হৈছিল আৰু আৰাধনা কৰা হৈছিল। সেই সময়তে দশমীত অলৌকিক ঘটনা ঘটিছিল। পৰিয়ালৰ সদস্যসহ বহুলোকে মা দুৰ্গাক বিসৰ্জন দিবলৈ মূৰ্তিটো দাঙি ওপৰলৈ তুলিবলৈ চেষ্টা কৰিছিল। কিন্তু বহু চেষ্টাৰ পাছতো মূৰ্তিটো স্থানান্তৰ কৰিব পৰা নগ’ল। খবৰটো সমগ্ৰ বাৰাণসীত বিয়পি পৰিল। দুৰ্গা বাটিত ভিৰ বাঢ়িবলৈ ধৰিলে। কিন্তু সেই নিশা মুখাৰ্জী পৰিয়ালৰ এগৰাকী সদস্যই দেৱীৰ সপোন দেখিলে। সপোনত দেৱীয়ে কৈছিল “মই ইয়াতে থাকিম। মোক ইয়াৰ পৰা বাহিৰ লৈ যাবলৈ চেষ্টা নকৰিবা”। তেতিয়াৰে পৰাই সেই দুৰ্গা মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই। কিন্তু মুখাৰ্জী পৰিয়ালৰ সদস্যসকল অথবা আন কোনেও নাজানে যে কেনেকৈ মাটিৰ মূৰ্তিটো ২৫০ বছৰৰো অধিক কাল ধৰি অক্ষত অৱস্থাত আছে।

ইটোৰ পিছত সিটোকৈ ৩টা হিন্দু মন্দিৰত ডকাইতি, চিচিটিভিত বন্দী ওখ পাঁচ ফুট ন ইঞ্চিৰ এজন ব্যক্তি…

কানাডাত ভাৰত বিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগে লগে হিন্দুসকলক লক্ষ্য কৰি লোৱা হৈছে। যোৱা মাহত গ্ৰেটাৰ টৰন্টো এৰিয়াৰ কমেও দুটা মন্দিৰক লক্ষ্য কৰি লোৱা হৈছিল, ৯ ছেপ্টেম্বৰত ব্ৰেম্পটনৰ চিন্তাপূৰ্ণি মন্দিৰ আৰু ১৮ ছেপ্টেম্বৰত কেলেডনৰ ৰামেশ্বৰ মন্দিৰ। অন্টাৰিঅ’ চলিত মাহৰ আৰম্ভণিতে প্ৰদেশখনৰ তিনিটা হিন্দু মন্দিৰ ভাঙি পেলোৱা হৈছিল। কানাডাৰ আৰক্ষীয়ে এজন সন্দেহজনক লোকক বিচাৰিছে বুলি জানিব পৰা গৈছে। ডাৰহাম আৰক্ষীয়ে এক বিবৃতিত কয় যে ৮ অক্টোবৰৰ পুৱা পিকাৰিং আৰু আজাক্স চহৰত কেইঘণ্টামানৰ ভিতৰতে এই চুৰিকাণ্ড সমূহ সংঘটিত হৈছে।

আৰক্ষীৰ মতে, চোৰাংচোৱাগিৰিৰ ফুটেজত দেখা সন্দেহজনক লোকজনৰ ওখ পাঁচ ফুট ন ইঞ্চি আৰু ওজন প্ৰায় ২০০ পাউণ্ড। অভিযুক্তই নীলা ৰঙৰ চাৰ্জিকেল মাস্ক, ক’লা হুডযুক্ত জেকেট, সেউজীয়া ‘কেমো’ কাৰ্গো পেণ্ট আৰু সেউজীয়া ৰঙৰ ৰান শ্বু পিন্ধি থকা দেখা গৈছে।


কানাডাত এতিয়ালৈকে ছেপ্টেম্বৰ আৰু ২ অক্টোবৰত ৩টাকৈ হিন্দু মন্দিৰক লক্ষ্য কৰিছে। যোৱা মাহত গ্ৰেটাৰ টৰন্টো এৰিয়াৰ কমেও দুটা মন্দিৰক লক্ষ্য কৰি লৈছিল, ৯ ছেপ্টেম্বৰত ব্ৰেম্পটনৰ চিন্তপূৰ্ণি মন্দিৰ আৰু ১৮ ছেপ্টেম্বৰত কেলেডনৰ ৰামেশ্বৰ মন্দিৰক।


নতুন ৰূপত অগপক আগবঢ়াই নিয়াৰ সংকল্পৰে গোলাঘাটত আজি অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস…

১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমৰ জনসাধাৰণৰ আকুন্ঠ মৰম আৰু ত্যাগৰ বিনিময়ত জন্ম লাভ কৰা অসমৰ সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবেলি কেন্দ্ৰীয় ভাৱে জন্মস্থান গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। একে ধৰণে ৰাজ্যখনৰ সকলো জিলা সদৰ আৰু বিধান সভা সমষ্টিতে বণাধ্য কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব। অসম সামাজিক আৰু ৰাজনৈতিক জীৱনত অসম গণ পৰিষদ দলে জাতীয়তাবাদৰ আধাৰত জাতীয় দায়বদ্ধতা পালনৰ লক্ষ্য লৈ অসমৰ জনসাধাৰণ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে। দুবাৰকৈ ৰাজ্যৰ ক্ষমতাত অধিস্থিত হোৱা অসম গণ পৰিষদ দল বৰ্তমান মিত্ৰজোট চৰকাৰৰ অন্যতম অংশীদাৰ। ৰাজ্যৰ ৰাজনীতিৰ লগতে সৰ্বভাৰতীয় ৰাজনীতিটো দলটোৱে বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যৰ অৰ্থনৈতিক কাঠামো গঢ়াৰ লগতে ৰাজ্যখনক উন্নয়ণৰ বিভিন্ন দিশত আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অসম গণ পৰিষদ দলৰ চৰকাৰে ।

সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত ৰাজ্যখনৰ বিকাশৰ যাত্ৰা আৰাম্ভ হৈছিল অসম গণ পৰিষদৰ চৰকাৰৰ দিনতে। সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ মাজত সৎভাৱ ৰক্ষা কৰাত দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গোলাঘাটৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী প্ৰমুখ্যে দলটোৰ সকলো শীৰ্ষ নেতা উপস্থিত থকাৰ লগতে দলটোৰ জন্মলগ্নৰ পৰা জড়িত হৈ থকা বহুসংখ্যক জ্যেষ্ঠ নেতা তথা শুভাকাঙ্খী উপস্থিত থাকিব। অনুৰূপ ধৰণে জিলা সমিতি আৰু বিধান সভা সমষ্টি সমিতিসমূহৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস ৰাজ্যজুৰি পালন কৰা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে।

অপাৰেচন অজয়ঃ যুদ্ধ বিধ্বস্ত ইজৰাইলৰ পৰা ভাৰতলৈ উভতিল দ্বিতীয়খন উদ্ধাৰকাৰী বিমান…

অপাৰেচন অজয়ঃ যুদ্ধ বিধ্বস্ত ইজৰাইলৰ পৰা ভাৰতলৈ উভতিল দ্বিতীয়খন উদ্ধাৰকাৰী বিমান।

দ্বিতীয়খন উদ্ধাৰকাৰী বিমাত ২৩৫জন ভাৰতীয় নাগৰিকক ওভতি আহিল নিজ দেশলৈ।

বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ইজৰাইলত থকা ভাৰতীয় দূতাবাসে টুইট কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।

দূতাবাসে নিজৰ পোষ্টত কয় যে, ‘এই বিশেষ বিমানখনৰ বাবে পঞ্জীয়নভুক্ত ভাৰতীয় নাগৰিকক আজি দূতাবাসে ইমেইলযোগে প্ৰেৰণ কৰিছে। পৰৱৰ্তী বিমানৰ বাবে আন পঞ্জীয়নভুক্ত লোকলৈ বাৰ্তা প্ৰেৰণ কৰা হ’ব।

৭ অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিলআৰু প্ৰায় ১ হাজাৰ লোকক হত্যা কৰিছিল। ইয়াৰ পিছত ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু এতিয়া গাজা ষ্ট্ৰিপত দ্ৰুত বিমান আক্ৰমণ চলাইছে। একে সময়তে হামাছে ইজৰাইলৰ ওপৰতো মাজে মাজে ৰকেট বৰষুণ কৰি আছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা সকলো দেশেই নিজৰ নাগৰিকক ইজৰাইলৰ পৰা উলিয়াই অনাত ব্যস্ত হৈ পৰিছে।

ভাৰতে নিজৰ নাগৰিকসকলক সুৰক্ষিতভাৱে উলিয়াই অনাৰ বাবে অপাৰেচন অজয়ো আৰম্ভ কৰিছে। ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিক ঘূৰি অহাৰ বাবে এই অভিযানৰ প্ৰথমখন বিশেষ বিমান শুকুৰবাৰে পুৱা ২১১ জন প্ৰাপ্তবয়স্ক আৰু এটা কেঁচুৱা লৈ দিল্লীত উপস্থিত হয়। এতিয়া দ্বিতীয় বেটচ আজি পুৱা দিল্লী পাবলৈ গৈ আছে। এই বেটচত ২৩৫ জন ভাৰতীয় নাগৰিক অন্তৰ্ভুক্ত।

আয়কৰ অভিযানঃ বাংগালুৰুৰ ঠিকাদাৰৰ ঘৰত ২৩ টা বাকচত ৪২ কোটি টকা উদ্ধাৰ…

আয়কৰ বিভাগে বাংগালুৰুৰ এজন ঠিকাদাৰসকলৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আয়কৰ চোৰাংচোৱাসকলে শুকুৰবাৰে বাংগালুৰুৰ এজন ঠিকাদাৰৰ ঘৰৰ পৰা হিচাপ বিহীন নগদ ধন উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।খবৰ অনুসৰি, বাংগালুৰুৰ ঠিকাদাৰ জনৰ ঘৰৰ পৰা ২৩ টা বাকচত ৫০০টকীয়া নোটৰ মূল্যৰ মুঠ ৪২ কোটি টকা উদ্ধাৰ কৰা হৈছে। ধনৰ পৰিমাণ আৰু অধিক হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইপিনে ৰাজ্য খনৰ বিৰোধী দল বিজেপিয়ে অভিযোগ কৰে যে কংগ্ৰেছে নিৰ্বাচনমুখী তেলেংগানালৈ ধন সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আছে। বিজেপি নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অশ্বথ নাৰায়ণে কয়, “আগন্তুক নিৰ্বাচনৰ বাবে তেলেংগানালৈ প্ৰেৰণ কৰিবলৈ কংগ্ৰেছ দলে এই বৃহৎ পৰিমাণৰ ধন মজুত কৰিছিল। কংগ্ৰেছ চৰকাৰে কৰ্ণাটকক আন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত ‘এটিএম’ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে’’।

ইফালে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই বিজেপিৰ এই অভিযোগ খণ্ডন কৰিছে। শুকুৰবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধাৰামাইয়াই কয়, “কোনো ৰাজ্যই আন ৰাজ্যৰ পৰা ধন বিচাৰিব নোৱাৰে, আৰু আমি আমাৰ ধন আন ৰাজ্যক নিদিওঁ। বিজেপিয়ে অপ্ৰয়োজনীয় কথাৰে মানুহৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।” কৰ্ণাটক ঠিকাদাৰ সন্থাৰ সভাপতি কেম্পেনাই কয় যে ঠিকাদাৰজনে আঠ বছৰ ধৰি কোনো ঠিকাৰ কামত জড়িত নাছিল । কিন্তু তেওঁৰ আন কেইবাটাও ব্যৱসায় আছে।

কইনাধাৰা হত্যাকাণ্ডৰ নতুন মোৰ, পাৰিবাৰিক কন্দলেই কাল নমালে নেকি অঞ্জনৰ…

ফুট গধূলিতে মহানগৰীৰ কইনাধৰাত সংঘটিত হত্যাকাণ্ডই লৈছে নতুন মোৰ। আৰক্ষীৰ তদন্ত পোহৰলৈ অহা মতে মৃত অঞ্জন নাথৰ ঘৰ বশিষ্ঠৰ লটাকটাত । ১১ দিন পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল যদিও এই বিবাহ পৰিয়ালে মানি লোৱা নাছিল। আনহাতে অঞ্জন পত্নী গৰাকীৰ আছিল তৃতীয় স্বামী।মহিলা গৰাকীৰ প্ৰথমা স্বামী আছিল মনিপুৰৰ আৰু দ্বিতীয় স্বামীৰ ঘৰ আছিল শিলচৰত।

বিবাহ বিচ্ছেদ নকৰাকৈ অঞ্জন নাথৰ সৈতে পুনৰ বাৰ বিবাহ পাশত আবদ্ধ হোৱা সময়ত আছিল এটি কন্যা সন্তানো। স্থানীয় ৰাইজে পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। কালি সংঘটিত ঘটনাৰ সময়ত অঞ্জন নাথে পত্নীৰ ঘৰত আছিল। অবশ্যে আৰক্ষীৰ তদন্তত সমষ্ট ঘটনা পোহৰলৈ আহিব। অবশ্যে ঘটনাটোৱে একাংশ ব্যক্তিয়ে বৈধ-অবৈধ মৰণাস্ত্ৰ লৈ মহানগৰীত মুকলিকৈ ঘূৰি থকা কাৰ্য পোহৰলৈ অহাৰ সমান্তৰাল কৈ আৰক্ষীৰ তলাচীত থকা সুৰুঙাও পোহৰলৈ অহা বুলি সৰ্বসাধাৰণ ৰাইজে মত প্ৰকাশ কৰে।

আজি পবিত্ৰ মহালয়া, পৃথিৱীলৈ আগমন দেৱী দুৰ্গাৰ…

আজি পবিত্ৰ মহালয়া। কহুঁৱাৰ আঁচল উৰুৱাই শৰতে দিছে শাৰদীয় দুৰ্গোৎসৱ বতৰা। শক্তিৰ আৰাধ্যা দেৱী দুৰ্গাই আজি পৃথিৱীলৈ যাত্ৰা কৰিব কৈলাস পৰ্বতৰ পৰা। মহালয়াৰ পিছ দিনাৰ পৰাই আৰম্ভ হব নৱৰাত্ৰি। মহালয়াৰ এসপ্তাহৰ পিছত দেৱীক বেদীত স্হাপন কৰা হব। আৰম্ভ হব দুৰ্গা পুজাৰ ষষ্ঠী। এইবাৰ দেৱীয়ে ঘোৰাত আগমন কৰিছে পৃথিৱীলৈ। একেদৰে দশমীৰ দিনটোত দেৱীয়ে মৰ্ত্ত্য এৰি উভতিব কৈলাসলৈ । এই উভতনি যাত্ৰাটো দেৱীয়ে ঘোৰাৰেই প্ৰত্যাবৰ্তন কৰিব। শাস্ত্ৰ মতে এইয়া অতি অশুভ যোগ। দেৱীৰ ঘোৰাত আগমন আৰু প্ৰত্যাবৰ্তনে বানপানী,মহামাৰীৰ লগতে হিংসাত্মক কাৰ্যকলাপ, যুদ্ধ-বিগ্ৰহৰ সংকেত দিয়ে বুলি জ্যোতিষী সকলে উল্লেখ কৰে। ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ আকাশে বতাহে শাৰদীয় বতৰৰ সুবাস। মৃৎশিল্পী সকলে শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় মূৰ্তিত।

উদ্যোক্তা সকলেওঁ দিন ৰাতি একাকাৰ কৰি ভক্তগনক আকৰ্ষিত কৰিবে নামি পৰিছে অঘোষিত প্ৰতিযোগিতাত। লাখ লাখ টকাৰ বাজেটেৰ পেণ্ডেল, আলোকসজ্জাৰ বাবে আমদানি কৰিছে বহিঃৰাজ্যৰ শিপ্লীক। দুৰ্গা পুজাৰ নামত ৰাজ্যবাসীয়ে ন্যুনতম কৃপনালী নকৰাকৈ উৰুৱাব কোটি কোটি টকা। ইতিমধ্যে ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন ৰেহাই, উপহাৰ ঘোষনাৰে নামি পৰিছে এক অনামী প্ৰতিযোগিতাত। আনহাতে শক্তি পুজাত হিয়া উবুৰিখাই পৰা ৰাজ্যখনত নাৰীৰ নিৰাপত্তাহীনতাৰ ঘটনাই আন এক ছবি দাঙি ধৰিছে। যিখন দেশ তথা ৰাজ্যত নাৰীক পুজা কৰা হয় তেনে ৰাজ্যত নাৰী নিৰ্যাতনৰ বলি হোৱা ঘটনাই সকলোকে চিন্তিত আৰু উদ্বিগ্ন কৰি ৰখা পৰিলক্ষিত হৈছে।

আজি গ্লোবেল হেণ্ডৱাশ্বিং ডে: হাত ধোৱাৰ সঠিক পদ্ধতিৰ বিষয়ে জানি লওক, নহ’লে আপুনিও গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে…

আজি গ্লোবেল হেণ্ডৱাশ্বিং ডে: হাত ধোৱাৰ সঠিক পদ্ধতিৰ বিষয়ে জানি লওক, নহ’লে আপুনিও গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে। স্বাস্থ্যৰ বাবে সময়ে সময়ে হাত ধোৱাটো অতি প্ৰয়োজনীয়। আজি আমি আপোনালোকক হাত ধোৱাৰ শুদ্ধ পদ্ধতিৰ বিষয়ে ক’ম। প্ৰতি বছৰে ১৫ অক্টোবৰত ‘গ্ল’বেল হেণ্ড ৱাছিং’ দিৱস পালন কৰা হয়। যেতিয়া কৰ’না মহামাৰী দ্ৰুতগতিত বিয়পি পৰিছিল। তেতিয়াও চিকিৎসকে মাজে মাজে হাত ধোৱাৰ নিৰ্দেশনা দিছিল। মাজে মাজে হাত ধুলে বহু প্ৰকাৰৰ ৰোগৰ পৰা ৰক্ষা পৰিব। এনে পৰিস্থিতিত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল হাত ধোৱাৰ সঠিক উপায় কি?

হাত ধোৱাৰ কিছু পদ্ধতিৰ বিষয়ে জানি লওক…

প্ৰতিটো আহাৰ খোৱাৰ আগতে হাত পৰিষ্কাৰ কৰিব লাগে যাতে হাতৰ পৰা মুখলৈ বেক্টেৰিয়া স্থানান্তৰিত নহয়।

শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছতঃ ই গুৰুত্বপূৰ্ণ। যিকোনো ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰাবলৈ হাত ভালদৰে ধুব লাগে।

হাঁচি বা কাহৰ পিছতঃ টোপালৰ মাজেৰে বীজাণু বিয়পে। কাহ বা হাঁচিৰ পিছত হাত পৰিষ্কাৰ কৰি নিজৰ লগতে আনক সুৰক্ষা দিব লাগে।

ৰাজহুৱা স্থান স্পৰ্শ কৰাৰ পিছতো হাত ধোৱাটো প্ৰয়োজনীয়ঃ যদি আপুনি কোনো ৰাজহুৱা স্থানলৈ যায়, তেন্তে দুৱাৰৰ নব, হেণ্ডেল আৰু শ্বেয়াৰ কৰা বস্তুবোৰেই বীজাণুৰ প্ৰজনন স্থান। এনে সংস্পৰ্শৰ পিছত হাত পৰিষ্কাৰ কৰক।

হাত কেনেকৈ ধুব?

হাত তিয়াই ৰাখিবলৈ পৰিষ্কাৰ, বৈ যোৱা পানী ব্যৱহাৰ কৰক। গৰম বা ঠাণ্ডা হ’ব পাৰে। সম্পূৰ্ণ কভাৰেজৰ দৰে তাপমাত্ৰাৰ কোনো গুৰুত্ব নাই।

হাতৰ সকলো পৃষ্ঠভাগ ঢাকিব পৰাকৈ যথেষ্ট চাবোন ব্যৱহাৰ কৰিব লাগে।

হাতৰ তলুৱাৰ পৰা হাতৰ তলুৱালৈ হাত ঘঁহিব। হাতৰ পিঠি, আঙুলিৰ মাজত আৰু নখৰ তলত ঘঁহি লওক। কমেও ২০ ছেকেণ্ডৰ বাবে এনে কৰক।

পৰিষ্কাৰ টাৱেল বা এয়াৰ ড্ৰাইয়াৰ ব্যৱহাৰ কৰক।

নখ কাটি পৰিষ্কাৰ কৰি ৰাখক, কিয়নো ইয়াত মলি আৰু বীজাণু থাকিব পাৰে।

নগাঁৱত চাইকেল বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ…

নগাঁৱত শিক্ষাৰ্থীক চাইকেল বিতৰণ ৷ নগাঁৱত চাইকেল বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ । নগাঁও জিলাৰ নৱমমান শ্ৰেণীৰ ২০,১৭৬ গৰাকী শিক্ষাৰ্থীক বিতৰণ কৰা হয় চাইকেল ৷ চাইকেল বিতৰণৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কয় যে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকা সময়ৰে পৰা অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ দ্ৰুত পৰিবৰ্তন হৈছে। ছাত্ৰ – ছাত্ৰীৰ বাবে আমাৰ চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে শিক্ষাৰ্থীসকলক অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায়।


অনুষ্ঠানত বিধায়ক ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস,নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহসহ, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী আদি উপস্থিত থাকে।