Home Blog Page 1310

আজি মহালয়া, ধৰাৰ বুকুলৈ দেৱীৰ আগমন…

আজি পবিত্ৰ মহালয়া। ধৰালৈ নামিছে দুগতি নাশিনী দেৱী দুৰ্গা। মহালয়া দিনটোত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । জনসমুদ্ৰত পৰিণত হৈছে প্ৰতিটো ৰাজপথ । লোকবিশ্বাস অনুসৰি পবিত্ৰ এই মহালয়া দিনা যদি প্ৰাতঃ ভ্ৰমণ কৰে স্বাস্থ্য ভালে থাকে, অপায় অমংগল দূৰ হয় আৰু সেয়ে মৰিয়নিৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰা ।

মহালয়া বুলি পুৱতি নিশা ২ বজাৰ পৰা মৰিয়নিত হাজাৰ হাজাৰ লোক সমবেত হয়।

কলগছৰ আঁহযুক্ত পেলনীয়া সামগ্ৰীৰ নতুন উৎস উদ্ভাৱনৰ গৱেষণাৰে সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰীৰ কৃতিত্ব

কলগছ অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা অংগ। কলৰ প্ৰতিটো অংশই ব্যৱহাৰ কৰা হয়। কিন্তু কল লগাৰ পাছত পুৰঠ কলগছ জোপা পেলাই দিব লাগে। নষ্ট হয় কলৰ গা গছ। গ্ৰাম্য সমাজত কলগছৰ পটুৱাৰে ভোজ খোৱা বা জা-জলপান খোৱাৰ ডোং প্ৰস্তুত কৰা হৈছিল যদিও সেয়া এতিয়া পাহৰণি সদৃশ।

কলৰ কাণ্ড, পাত, বাহিৰৰ বাকলিৰ পৰা ৰছী, বাস্কেট, মেট, মোনা আনকি কাপোৰও তৈয়াৰ কৰিব পাৰি। কলগছৰ আঁহযুক্ত সামগ্ৰীৰ পৰা নতুন উৎস উদ্ভাৱনেৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত জীৱিকা অৰ্জনৰ পথ প্ৰশস্ত কৰি তুলিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰী, তিতাবৰৰ নামচুঙীৰ দিব্যাশ্ৰী শইকীয়াই ‘Study on Downstream processing for utilisation of banana waste for fiber extraction fiber based products and other value added end uses for sustainable livelihood’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে সন্মানীয়  ডক্টৰেট ডিগ্ৰী অৰ্জন কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

তিতাবৰ নগৰৰ নিবাসী তথা এলেঙীৰ জয়ৰাম শইকীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত গুণাৰাম শইকীয়া আৰু সুগৃহিনী মিনু শইকীয়াৰ কন্যা দিব্যাশ্ৰী শইকীয়াৰ কৃতিত্বই সম্প্ৰতি তিতাবৰবাসীক গৌৰৱান্বিত কৰি তুলিছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বস্ত্ৰ আৰু সাজপাৰ ৰূপাঙ্কণ বিভাগৰ অধ্যাপিকা ডঃ নবনীতা গগৈৰ তত্বাৱধানত গৱেষণা সম্পন্ন কৰা আৰু  অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয়  ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা ডঃ দিব্যাশ্ৰী শইকীয়া পশ্চিম তিতাবৰৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, নামচুঙীৰ নিবাসী প্ৰয়াত দেৱেন ৰাজখোৱা আৰু চকিয়াল চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিব্যপ্ৰভা বৰাৰ বোৱাৰী আৰু তিতাবৰৰ  ‘আসাম নাৰ্চিং ইনষ্টিটিউট’ আৰু ‘আসাম ফাৰ্মাচি ইনষ্টিটিউট’ৰ সঞ্চালক মাধূৰ্য ৰাজখোৱাৰ পত্নী।

উল্লেখ্য যে, তিতাবৰ প্ৰেছ ক্লাবৰ মুখপত্ৰ সম্পাদক, ৰাজহুৱা কৰ্মী, লেখক, ‘দৈনন্দিন বাৰ্তা’ৰ তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাৰ ভাইবধু আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নামচুঙী গাঁও পঞ্চায়তৰ জীৱিকা সখী জীনা দত্তৰাজখোৱাৰ জা, বৰ্তমান তিতাবৰৰ ‘এম ডি হেল্থ কেয়াৰ এণ্ড ডায়গনষ্টিক চেণ্টাৰ’ৰ সঞ্চালিকা  ডঃ দিব্যাশ্ৰী শইকীয়ালৈ তিতাবৰ প্ৰেছ ক্লাৱ, তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম শৰ্মা বুঢ়াভকত, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মধ্য তিতাবৰ আঞ্চলিক শাখা, ভক্তিতৰু প্ৰাথমিক শাখা, নামচুঙীৰ অনন্যা গ্ৰাম্য সংগঠন, অসম ৰাজ্যিক অ’বিচি সংঘ, তামোলবাৰী নৱজ্যোতি যুৱ স‍ংঘ, তিতাবৰ মহকুমা চুতীয়া ছাত্ৰ সন্থা, তিতাবৰ মহকুমা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ দীপক সন্দিকৈ, আগৰ প্লেণ্টাৰ্চ এণ্ড টেডাৰ্চ এচ’চিয়েশ্যনৰ সভাপতি তথা এম জে আই গ্ৰুপৰ সঞ্চালক ডঃ জেহিৰুল ইছলাম, শিক্ষাবিদ বুদ্ধিন্দ্ৰ নাথ শইকীয়া আদি বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীসকলে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে।

নিজ পত্নী কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা

বৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷

নিজ পত্নী-কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা ৷

হত্যাৰ বলি বিনীতা দাস আৰু হিয়া দাস ৷

বৰপেটাৰ গান্ধী নগৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড ৷

স্বামী ঋষভ দাসে অতি নৃশংভাৱে ঘপিয়াই ঘপিয়াই হত্যা কৰে পত্নী বিনীতা আৰু কন্যা হিয়া দাসক ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত বৰপেটা আৰক্ষী ৷

হত্যাত অভিযুক্ত ঋষভ দাসক কৰায়ত্ব আৰক্ষীৰ ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

পাৰিবাৰিক সংঘাতৰ বাবেই ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

উল্লেখ্য যে, প্ৰায় ৮ বছৰ পূৰ্বে নিজ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ কেবাটাও আঙুলি চেদ কৰিছিল অভিযুক্ত ঋষভ দাসে ৷

উল্লেখ্য বৰপেটাৰ গান্ধী নগৰত এখন ষ্টেচনেৰী দোকান আছে ঋষভ দাসৰ৷

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড!

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড।

বৃহস্পতিবাৰে নিশা বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক।

হামেদা বেগম নামৰ মহিলাগৰাকীক ডিঙি চেপি হত্যাৰ অভিযোগ।

অভিযুক্ত স্বামী জেল হকৰ গোৱালপাৰাৰ লক্ষীপুৰ থানাত আত্মসমৰ্পণ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

কামৰূপ মহানগৰ জিলাত বিনামূলীয়া চাইকেল বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰিৰ

ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দৈনন্দিন যাতায়াতত সুবিধা প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি নৱম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি থকা মুঠ ৩,৬৯,৪৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই আঁচনিৰ অধীনত শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৮,৬০৮ শিক্ষাৰ্থীৰ মাজত আনুষ্ঠানিক ভাৱে চাইকেল বিতৰণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰিয়ে।

উক্ত অনুষ্ঠানত গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰনীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত পল্লৱ গোপাল ঝা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়…

গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়।

চিকিৎসালয়ত মজুত নাই প্ৰয়োজনীয় জীৱনদায়িনী ইন্ধন তথা সামগ্ৰীৰ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি প্ৰদান। সামগ্ৰীসমূহ জৰুৰীভাৱে প্ৰেৰণ নকৰিলে মানৱীয় বিপৰ্যয় ৰোধত ব্যৰ্থ হ’ব বুলি মন্তব্য WHOৰ।

আয়ুস বৃদ্ধি কৰিব বিচাৰে নেকি ! তেন্তে এইবোৰ খাদ্য় খাওক…

গাজৰ:

  • গাজৰ হৈছে স্বাস্থ্যকৰ খাদ্যসমূহৰ ভিতৰত এবিধ। গাজৰৰ বিভিন্ন গুণৰ কথা বহুতেই জানে। কিন্তু এই কথা আপুনি জানেনে যে গাজৰে জীৱনকাল দীর্ঘ কৰাৰ লগতে ব্যক্তিক দেখনিয়াৰ (আবেদনময়) কৰাতো সহায় কৰে। ইউনিভাৰ্ছিটী অব্‌ গ্লাছগ’ৰ দ্বাৰা সম্পাদিত এক গৱেষণা-পত্ৰত প্রকাশিত তথ্য অনুসৰি- গাজৰৰ কেৰোটিনয়েডে (যিয়ে গাজৰক উজ্জ্বল কমলা ৰংপ্রদান কৰে) বাৰ্ধক্য প্রক্রিয়াক ধীৰ কৰি তুলিব পাৰে। ইয়ে ব্যক্তিক দেখনিয়াৰ কৰি তোলাত সহায় কৰে।

নাৰিকল:

  • ইউনিভাৰ্ছিটী অব্‌ কপেনহেগেনৰ কৰ্তৃপক্ষৰ দ্বাৰা সম্পাদিত এক গৱেষণা-পত্ৰত প্রকাশিত তথ্য অনুসৰি নাৰিকলত থকা মিডিয়াম চেইন ফেটি এচিড আৰু স্বাস্থ্যকৰ চৰ্বিয়ে ব্যক্তিৰ ডি এন এক ক্ষতিসাধনৰ পৰা ৰক্ষা কৰে। ই ব্যক্তিৰ মস্তিষ্কৰ বাৰ্ধক্য অৱস্থাক ধীৰ কৰিব পাৰে। দৰাচলতে নাৰিকলে ব্যক্তিৰ মস্তিস্কক তৰুণ তথা চোকা কৰি ৰখাত সহায় কৰে। সেয়েহে নাৰিকলে ব্যক্তিৰ আয়ুস বৃদ্ধি কৰিব পাৰে বুলি গৱেষকসকলে দাবী কৰে।

দৈ:

  • আশ্চৰ্যকৰীভাবে দৈয়েও আমাৰ আয়ুস বৃদ্ধিত সহায় কৰিব পাৰে। দৈ উপকাৰী বেক্টেৰিয়াৰে সমৃদ্ধ। গৱেষকসকলৰ অনুসৰি এনে বেক্টেৰিয়াই ইনফ্লেমেশ্বন বা প্ৰদাহ হ্রাস কৰে। ই ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে তথা ব্যক্তিৰ জীৱনত অন্য কেইটিমান সুস্থ বর্ষ যোগ কৰাত সহায় কৰে।
  • মিঠা আলু: কেন্সাৰ ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষকসকলৰ অনুসৰি আয়ুস বৃদ্ধিকাৰী গুণৰ বাবেই মিঠা আলুক আমাৰ খাদ্যাভ্যাসত এবিধ গুৰুত্বপূর্ণ আহাৰৰূপে অন্তৰ্ভূক্ত কৰিব লাগে। তেওঁলোকৰ দাবী মিঠা আলুত পর্যাপ্ত পৰিমাণে এন্থোছায়ানিন থাকে, যিয়ে কর্কট ৰোগৰ সম্ভাৱনা হ্রাস কৰিব পাৰে আৰু ব্যক্তিৰ জীৱনকাল বৃদ্ধিত সহায় কৰে। তদুপৰি হৃদপিণ্ডৰ স্বাস্থ্যৰ বাবেও মিঠা আলু অতি উপকাৰী।
  • ডালিম: ডালিমৰ অম্লযুক্ত ৰঙা বীজে মানুহক অমৰত্ব প্ৰদান কৰিব নোৱাৰিলেও দীর্ঘজীৱন প্রদান কৰিব পাৰে। বিজ্ঞানীসকলে গৱেষণাত এই তথ্য লাভ কৰিছে যে, ডালিমত ইউৰোলিথিন এ নামৰ এক যৌগ থাকে, যি বাৰ্ধক্যৰ বিৰুদ্ধে পেশীকোষক সবল কৰি তোলে। সেয়েহে নিয়মিতভাৱে ডালিম খালে আমি সকলোৱে দীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব পাৰো।

উৎস: সাদিন ফিচাৰ্ছ

যদি আপুনি ঔষধ নোখোৱাকৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে খাওক এইসমূহ বস্তু…

ডায়েবেটিছ ৰোগীক উপযুক্ত খাদ্যাভ্যাস বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হয়। সঠিক খাদ্য খালেহে ঔষধেও কাম কৰে। ইয়াৰ উপৰিও কিছুমান প্ৰাকৃতিক পদ্ধতিৰে উচ্চ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ডায়েবেটিছ এনে এক ৰোগ যাৰ স্থায়ী নিৰাময় নাই। ঔষধ আৰু উপযুক্ত খাদ্যৰ দ্বাৰাহে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি। সেইবাবেই ডায়েবেটিছ ৰোগীক স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।

ডায়েবেটিছ ৰোগীয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি সুস্থ হৈ থাকিবলৈ মধুৰি আমৰ পাত সেৱন কৰিব পাৰে। ৰাতিপুৱা শুই উঠি এই পাত চোবাই খালে তেজত চেনিৰ মাত্ৰা বজাই ৰাখিব পাৰি।

মধুৰি-আমৰ তিনি-চাৰিটা পাত লৈ পৰিষ্কাৰ পানীৰে ভালদৰে ধুই এটা এটাকৈ পাতসমূহ চোবাই খাব। ইয়াৰ পৰা ওলোৱা ৰসখিনি খাব আৰু পাতখিনি পেলাই দিব।

মনত ৰাখিব যে ডায়েবেটিছৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসকে দিয়া ঔষধ সঠিক সময়ত গ্ৰহণ কৰি থাকিব। ইয়াৰ উপৰিও খাদ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়ক। যদি আপুনি মধুৰি-আমৰ পাত খাব বিচাৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ ল’ব।


আজি বিশ্ব কণী দিৱসঃ এদিনত কিমান কণী খাব লাগে জানেনে…

প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে বিশ্ব কণী দিৱস পালন কৰা হয়। এইবাৰ আজি অৰ্থাৎ ১৩ অক্টোবৰত উদযাপন কৰা হৈছে বিশ্ব কণী দিৱস। কণীৰ পুষ্টি আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কণী এবিধ পুষ্টিকৰ খাদ্য যিয়ে প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস। কণীত সকলো প্ৰয়োজনীয় এমিনো এচিড থাকে, যিবোৰ শৰীৰে প্ৰটিন তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয়। ইয়াৰ উপৰিও কণীত ভিটামিন এ, ভিটামিন ডি, ভিটামিন বি ১২ আৰু কলিন থাকে, যিবোৰ শৰীৰৰ বাবে অপৰিহাৰ্য পুষ্টিকৰ উপাদান।

এজন সুস্থ ব্যক্তিয়ে দিনটোত দুটাৰ পৰা তিনিটা কণী খাব লাগে। দিনটোত দুটাৰ পৰা তিনিটা কণী খালে শৰীৰত প্ৰায় ১৪ৰ পৰা ২১ গ্ৰাম প্ৰটিন পোৱা যায়। এই পৰিমাণ এজন সুস্থ ব্যক্তিৰ দৈনিক প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যথেষ্ট। যিসকল লোকক অধিক প্ৰটিনৰ প্ৰয়োজন হয় তেওঁলোকে দিনটোত চাৰিৰ পৰা পাঁচটা কণী খাব লাগে। স্বাস্থ্য আৰু ফিটনেছ বিশেষজ্ঞসকলৰ মতে, কণী খোৱাৰ সৰ্বোত্তম সময় হ’ল ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। কণীত প্ৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে আৰু ভোক কমায়। ব্ৰেকফাষ্টত কণী খালে দিনটোলৈ শক্তি লাভ কৰিব আৰু অতিৰিক্ত কেলৰি খোৱাৰ পৰা বিৰত থাকিব পাৰে। ইয়াৰ উপৰিও ব্যায়াম কৰাৰ কিছু সময়ৰ পিছতো কণী খাব পাৰি। কণীত প্ৰটিন থাকে, যিয়ে পেশী মেৰামতি আৰু বৃদ্ধিত সহায় কৰে। ব্যায়াম কৰাৰ পিছত কণী খালে আপোনাৰ শৰীৰত প্ৰয়োজনীয় প্ৰ’টিন লাভ কৰিব।


হামাছৰ দাবী, গাজাত বন্দী কৰি ৰখা ১৩ জন লোকৰ ইজৰাইলৰ বিমান আক্ৰমণত মৃত্যু…

হামাছৰ দাবী, গাজাত বন্দী কৰি ৰখা ১৩ জন লোকৰ ইজৰাইলৰ বিমান আক্ৰমণত মৃত্যু। হামাছৰ সশস্ত্ৰ শাখাই শুকুৰবাৰে জনোৱা মতে, উত্তৰ গাজা ষ্ট্ৰিপত ৰখা কমেও ১৩ জন ইজৰাইলী আৰু বিদেশী পণবন্দী বিগত ২৪ ঘণ্টাত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে। ইজৰাইলৰ যুদ্ধ বিমানে লক্ষ্য কৰি লোৱা পাঁচটা স্থানত বিদেশীকে ধৰি তেৰজন কয়দী নিহত হোৱা বুলি আজেদিন আল কাছাম ব্ৰিগেডে এক বিবৃতিত প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘৰ এগৰাকী মুখপাত্ৰই কয় যে শুকুৰবাৰে ইজৰাইল সেনাই উত্তৰ গাজাৰ ১১ লাখ লোকক ২৪ ঘণ্টাৰ ভিতৰত গুচি যাবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে এই আদেশৰ ফলত ‘বিধ্বংসী মানৱীয় পৰিণতি’ৰ আশংকা আছে।

মন কৰিবলগীয়া যে ইজৰাইলে কেৱল গাজাত বোমা বিস্ফোৰণ কৰাই নহয়, গাজাকো সম্পূৰ্ণৰূপে ঘেৰাও কৰিছে। গাজাৰ ২৪ লাখ বাসিন্দাই ভয়ত জীৱন কটাবলগীয়া হৈছে। ইজৰাইলে তেওঁলোকৰ পানী, খাদ্য আৰু বিদ্যুতৰ যোগানো কৰ্তন কৰিছে।