Home Blog Page 1307

মহালয়াৰ দিনটোত মহানগৰীত উচ্ছেদ, উচ্ছেদিত স্হানত ১,৪০০ গছপুলি কৰিব ৰোপন…

পবিত্ৰ মহালয়াৰ দিনটোটেই ছয়টা পৰিয়ালে হেৰুৱালে সপোনৰ ঘৰ। কামৰূপ মহানগৰ প্ৰশাসনৰ জাননীক অমান্য কৰি অবৈধ ভাবে এই পৰিয়াল কেইটাই বৰবাৰী অঞ্চলত নিৰ্মাণ কৰিছিল নিজৰ গৃহ। চৰকাৰী ভূমি অবৈধ ভাবে দখল কৰি বিগত ১৪ বছৰৰ অধিক কাল বসবাস কৰা পৰিয়াল কেইটাক আজি প্ৰশাসনে উচ্ছেদ কৰে। প্ৰশাসনে আগষ্ট মাহতো পৰিয়াল কেইটাক চৰকাৰী ভূমি এৰি দিবলৈ জাননী জাৰি কৰিছিল যদিও পৰিয়াল কেইটাই ভূমি এৰি যোৱা নাছিল।

প্ৰশাসনে উচ্ছেদ কাৰ্য চলোৱাত অঞ্চলটোত তীব্ৰ উত্তেজনাপূৰ্ণ হৈ পৰে। দখলকাৰী সকলে চৰকাৰে বিদ্যুত যোগানৰ ধৰি, ৰেচন কাৰ্ড প্ৰদান কৰাৰ পিছত কিয় উচ্ছেদ কৰিব বুলি প্ৰশাসনৰ লগত বাত-বিতণ্ডাত লিপ্ত হৈছিল যদিও প্ৰশাসনে উচ্ছেদ কৰি চাৰি হাজাৰ বৰ্গফুট ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰে। আনহাতে প্ৰশাসনৰ এক সূত্ৰই এই ভূমিত ১,৪০০ জোপা গছ পুলি ৰোপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোন ৰেকৰ্ডিং কৰাটো পত্নীৰ গোপনীয়তা ভংগৰ এক অপৰাধ’-ছত্তিশগড় উচ্চ ন্যায়ালয়…

‘পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোন ৰেকৰ্ডিং কৰাটো পত্নীৰ গোপনীয়তা ভংগৰ এক অপৰাধ’।

পৰিয়াল আদালতৰ এক নিৰ্দেশ বাতিল কৰি এই ৰায় ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ।

কোনো ব্যক্তিৰ অজ্ঞাতে ফোন ৰেকৰ্ডিং কৰাটো সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি ব্যক্তিৰ গোপনীয়তাৰ অধিকাৰ ভংগ কৰা।

আজি মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সাজু ইমি, মিছকি আৰু লিয়ন…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুত দায়িত্ব ইমি, মিছকি আৰু লিয়নৰ । দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ থলী কাজিৰঙাত দৌৰাত্ম চোৰাং চিকাৰীৰ। পিছে ইমি, মিছকি আৰু লিয়নিয়ে প্ৰতি পল নিদ্ৰা হৰণ কৰিছে চোৰাংচিকাৰী। স্বস্তিৰ নিশ্বাস পেলাইছে বনকৰ্মীৰ লগতে উদ্যানখনৰ সুৰক্ষাৰ নামত নিয়োজিত নিৰাপত্তাৰক্ষী সকল। কাৰণ সদা জাগ্ৰত প্ৰহৰী ৰূপে আছে ইমি, মিছকি আৰু লিয়ন। এই তিনি জাগ্ৰত প্ৰহৰী হৈছে বেলজিয়াম মেলিনীয়াছ প্ৰজাতিৰ অতি শক্তিশালী কুকুৰ।

ইউ কে আৰু জাৰ্মান প্ৰশিক্ষকৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰে প্ৰশিক্ষণ প্ৰাপ্ত ইমি , মিছকি আৰু লিয়নে পাঁছটা বছৰ পাৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ নামত। সুৰক্ষা কৰ্মীৰ লগত সমানে সমানে দিনা নিশাই উদ্যানৰ বিশ্ব বিখ্যাত তথা অসম গৌৰব এশিঙীয়া গড়ৰ লগতে অন্যান্য জীৱ জন্তুক সুৰক্ষাৰ নামত ন্যুনতম কৃপনালী কৰা নাই এই তিনি কে-৯ ডগ স্কোৱাডে । চোৰাং চিকাৰীৰ নিদ্ৰা হৰণ কৰা কে-৯ ডগ স্কোৱাডৰ ইমি বুঢ়াপাহাৰ অঞ্চলত, মিছকি বাগৰি অঞ্চলত আৰু লিয়নে বোকাখাট মুখ্য কাৰ্যালয়ত কৰ্মৰত। এই তিনি জাগ্ৰত প্ৰহৰীক লৈ গৌৰৱান্বিত সুৰক্ষা কৰ্মীৰ লগতে বন বিষয়া কৰ্মচাৰী সকলৰ লগতে স্হানীয় ৰাইজ।আৰু মাত্ৰ তিনিটা বছৰ আছে তিনিওৰে কাৰ্যকাল। তাৰ পিছতেই তিনিওঁ গ্ৰহন কৰিব অবসৰ। পৰবৰ্তীকালত এই তিনি জাগ্ৰত প্ৰহৰীৰ ক্ষেত্ৰত বন বিভাগে কি ব্যৱস্হা গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

‘খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী ডিনো জেমছ কোন? ট্ৰফীৰ সৈতে লাভ কৰিলে ২০ লাখ টকা…

শনিবাৰে নিশা ‘খতৰো কে খিলাড়ী ১৩’ৰ ১৩ৰ বিজয়ীৰ নাম ঘোষণা কৰে। ‘খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী ডিনো জেমছ ছিজন ১৩ৰ প্ৰিমিয়াৰ হৈছিল ২০২৩ চনৰ জুলাই মাহত। ১৫ জন প্ৰতিযোগীৰ সৈতে আৰম্ভ হোৱা ষ্টাণ্ট ভিত্তিক ৰিয়েলিটি শ্ব’টোৱে যোৱা নিশা বিজয়ী লাভ কৰে। ডিনো জেমছে লাভ কৰিছে বিজয়ীৰ ট্ৰফীৰ লগতে ২০ লাখ টকাৰ পুৰস্কাৰ ধন আৰু এখন গাড়ী। কিন্তু আপুনি জানেনে ৰোহিত শ্বেট্টীৰ ৰিয়েলিটি শ্ব’ৰ ১৩ নং ছিজনৰ বিজয়ী ডিনো জেমছ ছংছ কোন।


‘খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী ডিনো জেমছ এজন ৰেপাৰ। ডিনো তেওঁৰ লুজাৰ গীতেৰে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ৰেপাৰ হিচাপে জনপ্ৰিয়তা লাভ কৰাৰ আগতে ডিনোৱে অভিনয়ৰ চেষ্টা কৰিছিল। ডিনোৱে বহু টিভি শ্ব’তো কাম কৰিছিল যদিও ডিনোৱে কেৱল গায়কৰ জৰিয়তেহে জনপ্ৰিয়তা লাভ কৰিছিল। ২০১৬ বৰ্ষৰ পিছত হঠাতে ৰেপাৰ ডিনোৰ জীৱনে এটা মোৰ ল’লে। ডিনোৱে আনষ্টপেবল, হেনকক, মা, ইয়াদেইনকে ধৰি বহু গীত গাইছে। ডিনো জেমছ টিভি শ্ব’ছে ৰিয়েলিটি শ্ব’ এমটিভি হাষ্টল ২.০ত স্কোয়াড বছ হিচাপে অভিনয় কৰিছিল।

‘খতৰো কে খিলাড়ী ১৩’ত বহু জনপ্ৰিয় খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰে প্ৰথম চূড়ান্ত প্ৰতিযোগী আছিল অভিনেত্ৰী ঐশ্বৰ্য শৰ্মা। কিন্তু ডিনো জেমছে ঐশ্বৰ্য শৰ্মাক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।

নোবেল বঁটা বিজয়ী লুইজ গ্লুকৰ মৃত্যু…

স্পষ্টবাদী গীতিকাৰৰ নোবেল বিজয়ী কবি লুইজ গ্লুকৰ ৮০ বছৰ বয়সত মৃত্যু হয়।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মেছাচুচেটছৰ কেম্ব্ৰিজৰ ঘৰত মৃত্যু হয়।

শুকুৰবাৰে গ্লুকৰ মৃত্যু নিশ্চিত কৰে ফাৰাৰ, ষ্ট্ৰাউছ এণ্ড জিৰ’ৰ সম্পাদক জনাথন গালাছিয়ে।

প্ৰকাশকে জনোৱা মতে, মেছাচুচেটছৰ কেম্ব্ৰিজৰ ঘৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত…

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত। এতিয়ালৈকে ভাৰত চৰকাৰৰ অপাৰেচন অজয়ৰ অধীনত ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ পৰা মুঠ ৬৪৪ জন ভাৰতীয়ক চাৰ্টাৰ্ড বিমানেৰে নিৰাপদে ঘূৰাই আনিছে। দিল্লী বিমানবন্দৰত ইজৰাইলৰ পৰা উভতি অহা ভাৰতীয় নাগৰিকক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে। বিমানবন্দৰত অৱতৰণ কৰা ভাৰতীয় নাগৰিকৰ মুখত সুখৰ জোৱাৰ। মন্ত্ৰী কৌশল কিশোৰে কয়, “মই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ আৰু অভিনন্দন জনাইছো’।

ইয়াৰ পূৰ্বে শনিবাৰে (১৪ অক্টোবৰ) অপাৰেচন অজয়ৰ অধীনত ইজৰাইলৰ টেল আভিভৰ পৰা ২৩৫ জন ভাৰতীয় নাগৰিক কঢ়িয়াই অনা দ্বিতীয়খন বিমান নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল। শুকুৰবাৰেও ২১২ জন ভাৰতীয় নাগৰিকক ঘূৰাই অনা হয়। এই পৰ্যন্ত মুঠ ৬৪৪ জন লোকক ঘূৰাই অনা হৈছে।

বিদেশ মন্ত্ৰী এছ জয়শংকৰে যোৱা বুধবাৰে (১১ অক্টোবৰ) অপাৰেচন অজয়ৰ কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল যে ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয় লোক বাস কৰি আছে, য’ত ছাত্ৰ-ছাত্ৰী, পেছাদাৰী আৰু ব্যৱসায়ীসকলো আছে। ইয়াৰ ভিতৰত ঘূৰি আহিব বিচৰাসকলকক এই অভিযানৰ অধীনত ঘৰলৈ ঘূৰাই অনা হ’ব। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছিল যে আমি ইজৰাইলৰ পৰা উভতি আহিব বিচৰা আমাৰ নাগৰিকসকলৰ উভতি অহাৰ বাবে ‘অপাৰেচন আজেয়া’ আৰম্ভ কৰিছো। বিশেষ চাৰ্টাৰ বিমান আৰু অন্যান্য ব্যৱস্থা কৰা হৈছে। বহিঃৰাজ্যৰ আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।

জেলৰ পৰা জেকলিনলৈ এখন চিঠি সুকেশৰ, ‘নৱৰাত্ৰিৰ ৯ দিন মই তোমাৰ বাবে উপবাসে থাকিম’…

সুকেশ চন্দ্ৰশেখৰ জেকলিন ফাৰ্নাণ্ডেজঃ দিল্লীৰ তিহাৰ কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰে ৯ দিনীয়া নৱৰাত্ৰীৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ এখন পত্ৰ লিখিছে। চিঠিখনত তেওঁ কৈছে যে জেকলিনৰ মংগলৰ বাবে তেওঁ ৯ দিন উপবাসে থাকিব। নৱৰাত্ৰি উপবাস পালন কৰি তেওঁ কামনা কৰিব যে জেকলিনৰ চাৰিওফালে থকা সকলো নেতিবাচকতা নাইকিয়া হওক। সুকেশে অভিনেত্ৰী জেকলিনক বাঘিনী বুলি অভিহিত কৰি প্ৰশংসা প্ৰকাশ কৰাৰ লগতে দোহা শ্ব’ত তেওঁৰ উপস্থিতিৰ প্ৰশংসাও কৰে। সুকেশে চিঠিখনত লিখিছে, “বেবী, প্ৰথম কথাটো হ’ল তোমাক দোহা শ্ব’ত ধুনীয়া দেখা গৈছিল, তোমাতকৈ ধুনীয়া আৰু কোনো নাই।


নৱৰাত্ৰিৰ নৱম দিনা বৈষ্ণো দেৱী মন্দিৰ আৰু মহাকালেশ্বৰ মন্দিৰত জেকলিনৰ বাবে বিশেষ পূজাৰ আয়োজন কৰাৰ উদ্দেশ্যৰ কথাও সুকেশে কয়। আপোনালোকক জনাও যে সুকেশ বৰ্তমান ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত জেলত আছে। বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ উৰাবাতৰি প্ৰচাৰ হৈছিল। কিন্তু জেকলিনে সুকেশৰ সৈতে কোনো ধৰণৰ ৰোমান্টিক সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে।


বিশ্বকাপত ভাৰতৰ জয়ক লৈ সুখ প্ৰকাশ ইজৰাইলৰ…

বিশ্বকাপৰ মেচত পাকিস্তানৰ পৰাজয় আৰু ভাৰতৰ জয়ক লৈ ইজৰাইলে সুখ প্ৰকাশ কৰিছে। ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোডী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পোষ্টাৰ জোকাৰি থকা ভাৰতীয় অনুৰাগীৰ ফটো শ্বেয়াৰ কৰি কয় যে ভাৰত জয়ী হোৱাত ইজৰাইল সুখী আৰু পাকিস্তানে হামাছৰ সন্ত্ৰাসবাদীৰ বাবে নিজৰ জয় উৎসৰ্গা কৰিছে কৰক।

ইজৰাইল-হামাছ যুদ্ধত ইজৰাইলৰ সৈতে থিয় দি ভাৰতে সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। কিন্তু ভাৰতে “এখন সাৰ্বভৌম, স্বাধীন আৰু কাৰ্য্যক্ষম পেলেষ্টাইন ৰাষ্ট্ৰ প্ৰতিষ্ঠা”ৰ দিশতো প্ৰত্যক্ষ আলোচনাৰ পোষকতা কৰে। একে সময়তে পাকিস্তান ইজৰাইলৰ তীব্ৰ সমালোচক আৰু পেলেষ্টাইনৰ অধিকাৰৰ ৰক্ষক। শেহতীয়াকৈ পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ ৰিজৱানে শেহতীয়া বিশ্বকাপৰ মেচত শ্ৰীলংকাৰ বিৰুদ্ধে পাকিস্তানে জয়লাভ কৰি ভাৰতত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আজিৰে পৰা নৱৰাত্ৰি, নৱৰাত্ৰিত কন্যাৰ পূজাৰ বিশেষ তাৎপৰ্য আছে…

নৱৰাত্ৰি কন্যা পূজনঃ নৱৰাত্ৰিত কন্যাৰ পূজা অৰ্থাৎ কঞ্জকৰ বিশেষ তাৎপৰ্য আছে। সাধাৰণতে নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে মানুহে ছোৱালীক পূজা কৰিবলৈ আৰম্ভ কৰে যদিও অধিকাংশ লোকে সপ্তমীৰ পৰা ছোৱালীক পূজা আৰু খুৱাবলৈ আৰম্ভ কৰে আৰু অষ্টমী আৰু নৱমীৰ বিশেষ তাৎপৰ্য্য থকা বুলি ধৰা হয়। আজিৰে পৰা আৰম্ভ হৈছে শাৰদিয়া নৱৰাত্ৰী আৰু ২১ অক্টোবৰ, শনিবাৰে মহাসপ্তমী, ২২ অক্টোবৰ, দেওবাৰে মহাঅষ্টমী, ২৩ অক্টোবৰ, সোমবাৰে মহানৱমী আৰু ২৪ অক্টোবৰ, মঙলবাৰে বিজয়দশমী উদযাপন কৰা হ’ব।


দুইৰ পৰা দহ বছৰৰ ভিতৰৰ ৯ গৰাকী ছোৱালীক খুৱাবলৈ মাতিব লাগে। ন নম্বৰৰ আঁৰত মাতৃ দেৱীৰ নটা ৰূপৰ অৰ্থ।

ছোৱালীৰ লগতে এটা কাম কৰিবলৈ পাহৰিব নালাগে, অৰ্থাৎ একে বয়সৰ শিশুক ভৈৰৱ বুলি কোৱা হয়। ভৈৰৱক পূজা নকৰাকৈ মাতৃয়ে পূজা গ্ৰহণ নকৰে।

বয়স অনুযায়ী মাতৃৰ স্বভাৱ হ’ল:-
১-দহ বছৰীয়া কন্যাক সুভদ্ৰা বুলি গণ্য কৰা হয় আৰু মাতৃ সুভদ্ৰাই ভক্তৰ সকলো কামনা পূৰণ কৰে।

২- ন বছৰীয়া ছোৱালী এজনীক আচলতে দুৰ্গা বুলি কোৱা হয়, যাক পূজা কৰি শত্ৰুৰ ধ্বংস হয় আৰু সকলো কাম সম্পূৰ্ণ হয়।

৩- আঠ বছৰীয়া ছোৱালীক শম্ভৱী বুলি কোৱা হয়, তাইক পূজা কৰিলে বিতৰ্কত বিজয় হয়।

৪- সাত বছৰীয়া ছোৱালীৰ ৰূপ চণ্ডিকাৰ বুলি ধৰা হয়। চণ্ডিকাক পূজা কৰি ধন লাভ হয়।

৫- ছবছৰীয়া ছোৱালীক জ্ঞান, বিজয় আৰু ৰাজযোগ প্ৰদান কৰা কালিকা ৰূপ বুলি গণ্য কৰা হয়।

৬- পাঁচ বছৰীয়া ছোৱালী এজনীক ৰোহিনী বুলি কোৱা হয় আৰু তেওঁক পূজা কৰিলে ব্যক্তিজন ৰোগমুক্ত হয়।

৭- চাৰিবছৰীয়া ছোৱালী এজনীক শুভ বুলি গণ্য কৰা হয় আৰু তাইৰ পূজাৰে পৰিয়ালটোৰ কল্যাণ কঢ়িয়াই আনে।

৮- তিনি বছৰীয়া ছোৱালী এজনীক ত্ৰিমূৰ্তি বুলি গণ্য কৰা হয় আৰু তাইক পূজা কৰিলে ধন্য শস্যৰ লগতে পৰিয়ালত সুখ আৰু সমৃদ্ধি পোৱা যায়।

৯- দুবছৰীয়া ছোৱালীক পূজা কৰিলে দৰিদ্ৰতা আৰু দুখ দূৰ হয়।

এনেদৰে কন্যা পূজা কৰক:-
-ছোৱালীবোৰক মাতি অনাৰ পিছত প্ৰথমে মাতৃ দেৱীক পূজা কৰা আৰু লগতে ছোৱালী আৰু ল’ৰাৰ ভৰি ধুই উপযুক্ত আসনত বহিবলৈ দিয়া।

-সকলোৰে তিলক আৰু হাতৰ কব্জিত মৌলিৰ সুৰক্ষাসূত্ৰ অৰ্থাৎ কলৱ বান্ধিব।

-প্ৰথমে মাকক খাদ্য প্ৰসাদ আগবঢ়াই তাৰ পিছত ছোৱালী আৰু ল’ৰাক সন্মানেৰে খুৱাব।

-শেষত ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লওক।


যোৰহাটৰ টীয়কত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম-শতবৰ্ষৰ আৰম্ভণী অনুষ্ঠান…

ৰাজপথত চিঞৰিলেই এটা জাতি জীয়াই নাথাকে – সাহিত্য অকাডেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰা

১৪ অক্টোবৰ – অসম সাহিত্য সভাৰ উদ্যোগত টীয়ক শাখা সাহিত্য সভা আৰু টীয়কবাসী ৰাইজৰ আতিথ্যত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঔপন্যাসিক, গল্পকাৰ, কবি, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া, বৃহত্তৰ টীয়কৰ সুযোগ্য সন্তান ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম-শতবৰ্ষৰ আৰম্ভণী অনুষ্ঠানটি‌ আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে টীয়কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সম্পন্ন হয়। পুৱা ৮.৩০ বজাত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা মূল পতাকা উত্তোলক হিচাপে উপস্থিত থকা কাৰ্যসূচীত অসম আৰু টীয়কৰ গণ্য মান্য সাহিত্যসেৱকসকলে অসম সাহিত্য সভাৰ এশখন পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ক্ৰমে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ সফল ৰূপায়ণ কৰা হয়।

দিনৰ ১১.৩০ বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা অভিধান প্ৰণেতা ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক জয়ন্ত মাধৱ বৰাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অসমীয়া জাতীয় জীৱনলৈ অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে ৰাজপথত চিঞৰিলেই এটা জাতি আৰু ভাষা জীয়াই নাথাকে । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাখনত বিশিষ্ট সাহিত্যিক ডঃ মালিনী, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, অসম সাহিত্য সভাৰ ধন ভৰালী মিহিৰ কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ জিলা প্ৰতিনিধি জীৱমণি নাথ, যোৰহাটৰ জিলা প্ৰতিনিধি মাধৱ মহন্ত, অসম সাহিত্য সভাৰ কু্ঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, মুক্ত শিক্ষা সংসদৰ আহ্বায়ক টোফেল জিলানী, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাস,

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, প্ৰাক্তন জিলা সভাপতি নীৰদা গগৈ বৰা, প্ৰাক্তন জিলা উপ-সভাপতি মৃণালিনী গোস্বামী, টীয়ক প্ৰেছ ক্লাবৰ সভাপতি প্ৰান্তনু দত্ত, টীয়ক শাখা সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া জিতু নেওগ, প্ৰীতম শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা সভাখনত কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে ডঃ কৰবী গগৈ আৰু ডঃ মণ্টু কুমাৰ বড়াৰ যুটীয়া সম্পাদনাত‌ প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ ʼবীৰেন্দ্ৰ বন্দনʼৰ উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অকণ চন্দ্ৰ শইকীয়াই । আদৰণী সমিতিৰ সভাপতি গণেশ গগৈয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত শলাগৰ শৰাই জ্ঞাপন কৰে টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশীল কুমাৰ বড়াই। সভাপতিৰ সাৰুৱা মন্তব্যৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সফল সমাপ্তি ঘটে। শেষৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫.৩০ বজাত এশগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা এশ গছি বন্তি প্ৰজ্বলন কৰা হয়।