Home Blog Page 1319

তেজপুৰৰ পুৰোধা সত্ৰীয়া, ভাওনা আৰু মুখাশিল্পী, বালিপুখুৰী সত্ৰৰ অধিকাৰ ৰামেশ্বৰ মহন্তৰ দেহাৱসান

শংকৰী সংস্কৃতিৰ অন্যতম পুৰোধা, প্ৰসিদ্ধ সত্ৰীয়া, ভাওনা আৰু মুখাশিল্পী, তেজপুৰৰ নিকটৱৰ্তী বালিপুখুৰী তিনিআলিৰ বালিপুখুৰী সত্ৰৰ দীঘলীয়া সময়ৰ অধিকাৰ ৰামেশ্বৰ মহন্তৰ সোমবাৰে বিয়লি প্ৰায় ২: ৫০ বজাত বৈকুণ্ঠগামী হোৱাত সমগ্ৰ তেজপুৰৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰিছে ।

খোল, তাল বাদনেই নহয়, নাটক – ভাওনাৰ এগৰাকী দক্ষ শিল্পীয়েই নহয় হাতুৰি বটালি লৈ অসংখ্য সিংহাসন, মৌৰাসন তথা গুৰু আসন নিৰ্মাণ কৰি, ভাৱৰীয়াৰ পোছাক নিৰ্মাণ কৰি নিজৰ অদ্ভূত শৈল্পিক প্ৰতিভাৰ স্বাক্ষৰ ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি – সংস্কৃতিক দেশৰ বিভিন্ন ৰাজ্যলৈ কঢ়িয়াই নি অসমৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত অহোপুৰুষাৰ্থ কৰি যোৱা ৰামেশ্বৰ মহন্ত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ৮৯ বছৰ বয়সত পুৱা সত্ৰত নিজেই সেৱা কৰি বাসগৃহতে এক মধুৰ মুহূৰ্তত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৩৬ চনত বালিপুখুৰী তিনিআলিতে জন্ম গ্ৰহণ কৰা বহুমুখী প্ৰতিভাধৰ মহন্তই সাত বছৰ বয়সতে পিতৃৰ আদৰ্শ সৰোগত কৰি ককাকৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা “ৰামৰ অশ্বমেধ যজ্ঞ” ভাওনাত লৱ ৰ ভাও লৈ এগৰাকী ভাওনা শিল্পী হিচাপে আত্মপ্ৰকাশ কৰি প্ৰথম অভিনয়তেই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ৰামেশ্বৰ মহন্তই সমগ্ৰ জীৱনত কিমান মঞ্চ নাটক বা ভাওনাত অভিনয় কৰিলে তাৰ লেখ জোখ নাই যদিও কেলিগোপাল ভাওনাকে ধৰি আন ভাওনাসহ তিনিকুৰিতকৈ অধিকবাৰ অতি দক্ষতাৰে ৰাইজৰ হৃদয় জুৰ পেলাই শ্ৰীকৃষ্ণৰ চৰিত্ৰ ৰূপায়ন কৰি দৃষ্টান্ত দাঙি ধৰিছিল। অসংখ্য পৌৰাণিক, বুৰঞ্জীমূলক বা সামাজিক নাটকৰ পুৰুষ, নাৰী চৰিত্ৰত অভিনয় কৰা মহন্ত অবিহনে এটা সময়ত বৃহত্তৰ তেজপুৰৰ কোনো গাঁৱৰ নামঘৰত ভাওনাই নোহোৱাকৈ থকা নাছিল।

এইগৰাকী শিল্পীয়ে “কালীয় দমন” ভাওনাত নিজে কালি নাগৰ ফনা নিৰ্মাণ কৰি আৰু স্হানীয় অঞ্চলটিত প্ৰথমবাৰৰ কাৰণে “সম্পূৰ্ণ ৰামায়ণ” ভাওনা আয়োজন কৰি এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰিছিল। তেজপুৰৰ সৰ্বত্ৰে পুতুল গোসাঁই হিচাপে পৰিচিত মহন্তই ১৯৮৬ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা “আপনা উৎসৱ” ত ভাৰত চৰকাৰৰ আমন্ত্ৰণ মৰ্মে অংশ গ্ৰহণ কৰি শংকৰী সংস্কৃতিৰ প্ৰদৰ্শন আৰু “ৰাম বিজয় ভাওনা” প্ৰদৰ্শনেৰে কৃতীত্ত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।

আনকি তেওঁৰ অভিনয়ত মুগ্ধ হৈ তদানীন্তন প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভাওনাৰ দলটোক বাসগৃহলৈ আমন্ত্ৰণ কৰি নৈশ আহাৰৰ ব্যৱস্থা কৰিছিল। উল্লেখ্য যে সেই ভাওনাত মহন্তই অতি দক্ষতাৰে পৰশুৰামৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ১৯৯২ চনত ৰাজস্থানত অনুষ্ঠিত হোৱা নিখিল ভাৰত হস্তশিল্প সপ্তাহত অংশ গ্ৰহণ কৰি দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা মহন্তই নিৰ্মাণ কৰা সিংহাসন, মৌৰাসন, গুৰু আসন তেজপুৰ, শোণিতপুৰ বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন নামঘৰ আৰু সত্ৰ সমূহত সংস্হাপিত হৈছিল।

নিজ বাসগৃহতে কাঠশিল্পৰ “মহন্ত উদ্যোগ” নামৰ এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি শংকৰী সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত অহোপুৰুষাৰ্থ কৰিছিল। ১৯৯১ চনত অসম চৰকাৰৰ দ্বাৰা স্বীকৃতি লাভ কৰা এই উদ্যোগৰ জৰিয়তেই সত্ৰ, নামঘৰ আৰু ভাওনাৰ সকলো সা সামগ্ৰী নিৰ্মাণ কৰি এগৰাকী প্ৰসিদ্ধ কুটিৰ শিল্পী হিচাপে পৰিচিত হোৱা আৰু অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰা মহন্তত অসম সত্ৰ মহাসভা, সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অলেখ জাতীয় আৰু সামাজিক সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। উল্লেখ্য যে এনে এগৰাকী শিল্পীৰ দেহাৱসানৰ বতৰা পোৱাৰ পিছতেই আজি বিয়লি বাসগৃহত শোকাকুল জনতাৰ সমাবেশ ঘটে।

প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰ দেহত বালিপুখুৰী সত্ৰ, বালিপুখুৰী নামঘৰ পৰিচালনা সমিতি, ,কেন্দুৰগুৰি থান পৰিচালনা সমিতি, মিলনবাকৰী ৰাস মহোৎসৱ সমিতি, নামডেকা চুবুৰি নামঘৰ পৰিচালনা সমিতি ,গটংগা নামঘৰ পৰিচালনা সমিতি, দিহিঙ্গীয়া নামঘৰ পৰিচালনা সমিতি ডেকাৰগাঁও ৰাস মহোৎসৱ সমিতি, অসম নাট্য সন্মিলন, উঃপঃ তেজপুৰ সাহিত্য সভা,বালিপুখুৰী নাগৰিক মঞ্চ,বেবেজীয়া নামঘৰ,ভূপেন হাজৰীকা ভাওনা সমাৰোহ,গায়ন বায়ন সন্থা,সত্ৰ সমাজৰ লগতে বিভিন্ন অনুষ্ঠানৰ লগতে অসংখ্যজনে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত সত্ৰ চৌহদৰ পৰা গায়ন বায়ন সহ এক শ্ৰদ্ধাঞ্জলি যাত্ৰাৰে সমগ্ৰ অঞ্চলটো পৰিক্ৰমণ কৰোৱাৰ কালতো বিভিন্ন জনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

জাতীয় জীৱনৰ এইগৰাকী পুৰোধা শিল্পীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা সত্ৰ মহাসভা, তেজপুৰৰ নিকামূল সত্ৰৰ লগতে বাণ থিয়েটাৰৰ সভাপতি – সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, প্ৰাক্তন সভাপতি ড০ স্বাধীনতা মহন্ত, অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, অসমীয়া ক্লাব, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰয়াসৰ সম্পাদক প্ৰীতম বৰা, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।মৃত্যুৰ সময়ত তিনিগৰাকী বিবাহিত কন্যাৰ লগতে এগৰাকী পুত্ৰক এৰি থৈ গৈছে বিশিষ্ট শিল্পীগৰাকীয়ে।

শৰতৰ শাৰদীয় অনুভৱৰ মাজেৰে সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠক

সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠকখন দেওবাৰে ইয়াৰ স্থানীয় লাচিত পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাই সঞ্চালনা কৰা সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য বাখ্যা কৰে সভাৰ সম্পাদক উৎপল শইকীয়াই। সভাত সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন দাস আৰু সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুলুমনি বৰঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। চলিত মাহৰ সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠক সাহিত্য চৰাৰ বিশেষ বিষয় আছিল – কহুৱা ফুলা শৰত , আহিন আৰু দুৰ্গোৎসৱৰ অনুভৱ।

অনুষ্ঠানত সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰতিজন সদস্য তথা গুণমুগ্ধই তেওঁলোকৰ মন কোঠালিত সোমাই থকা শৰতৰ অনুভৱ সমূহ কবিতা, কথা আৰু ৰস ৰহস্যৰ মাজেৰে ব্যক্ত কৰি শাখাৰ কাৰ্যসূচী অধিক মননসিল আৰু উপভোগ্য কৰি তোলে। সভাৰ আৰম্ভণিতে সাতগাঁও শাখা সাহিত্য সভাৰ আজীৱন সদস্য হৰেশ্বৰ গোস্বামীয়ে ‘ শৰত ‘ শীৰ্ষক এটি কবিতা পাঠ কৰাৰ পিছতেই ক্ৰমে শাখাৰ উপ সভাপতি তুলতুল কুমাৰ দাসে ‘ ইষ্টাহাৰ ‘ আৰু উপদেষ্টা ভবেন চন্দ্ৰ দাসে ‘ মায়ে বই দিয়া এৰি চাদৰখন ‘ শীৰ্ষক কবিতা পাঠ কৰে।

শৰতৰ সংপৃক্ত অনুভৱ ব্যক্ত কৰি মীনামনি দেৱীয়ে কয় যে শৰত এনে এক ঋতু, যেতিয়া প্ৰকৃতিয়ে ন সাজ সলাবলৈ ধাবমান হয় আৰু মন বোৰ উগুল থোগুল হয় আৰু এই সময়ত হোৱা অনুভৱ কৈ শেষ কৰিব নোৱাৰি, ইয়াৰ ৰসস্বাদনহে কৰিব পাৰি। ধৰালৈ সুন্দৰ আৰু সুশোভিত পৰিবেশ কঢ়িয়াই অনা শৰত মাহত অনুষ্ঠিত দুৰ্গোৎসৱে সমাজলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে। শৰতৰ অভিব্যক্তি মোৰ বাবে অতিকৈ সুকীয়া। এই প্ৰসঙ্গত সাহিত্যিক তথা নাট্যকৰ্মী প্ৰফুল্ল বৰ্মনে কয় যে গৰম আৰু ঠাণ্ডাৰ মাজত ধৰালৈ এজাক বৰষুণ লৈ নামি অহা শৰতৰ সুগন্ধি পৰিবেশে স্বৰ্গীয় অনুভূতি আনি দিয়ে। মানুহৰ মনত আশাৰ সঞ্চাৰ কৰে। সভাত অনিল ডেকাই হাস্য ব্যংগ অনুভূতিৰ মাজৰে শৰতৰ ৰূপ ৰেখা বৰ্ণনা কৰে।

তেওঁ লগতে সাতগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰতি তিনিমাহৰ মূৰে মূৰে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰতি সভাক আহ্বান জনায়। অনুষ্ঠানত দুলুমনি বৰঠাকুৰেও পুৰণি স্মৃতি ৰোমন্থনেৰে মন কোঠালিত সোমাই থকা শৰতৰ অনুভৱ ব্যক্ত কৰি উপস্থিত সাহিত্য প্ৰেমিক আহ্লাদিত কৰে। সভাপতিৰ ভাষণত ফুলেশ্বৰ ডেকাই উপস্থিত প্ৰতিজন ব্যক্তিৰ অন্তৰাত্মাত লুকাই থকা সাহিত্য প্ৰতিভাৰ দৃষ্টান্ত ডাঙি ধৰে আৰু প্ৰত্যেক জন ব্যক্তিয়েই যে একো একোজন সাহিত্যিক সত্তাৰে ৰঞ্জিত হৈ আছে সেই কথা উল্লেখ কৰে। তেওঁ লগতে অসমীয়া সাহিত্যই অতিক্ৰম কৰি অহা তিনিটা স্তৰ আৰু মহাপুৰুষ শঙ্কৰদেৱৰ দিনৰ পৰা ইয়াণ্ডাবু সন্ধি লৈকে অসমীয়া সাহিত্যৰ সোণালী যুগটোৰ কথা বৰ্ণনা কৰে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদক উৎপল শইকীয়াই। তেওঁ লগতে উপস্থিত সাহিত্যপ্ৰেমী সকলক লৈ অনাগত সময়ত কোনো এক বিশেষ অঞ্চলত শাখা সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত কৰাত উদ্যোগ গ্ৰহণ কৰিব বুলি মত পোষণ কৰে।

পাণ্ডুনাথ দেৱালয়ত দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা…

গুৱাহাটী মহানগৰীৰ ভিতৰত সৰ্বাধিক প্ৰায় ৮৩ খন ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত হৈ অহা জালুকবাৰী আৰক্ষী থানা এলেকাত এইবেলিও যাতে আৰক্ষী – প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম অনুসৰি আগন্তুক শাৰদীয় দুৰ্গা পূজা সুকলমে উদযাপন কৰা হয় তাৰ বাবে পূজা উদযাপন সমিতি সমুহে তৎপৰতা আৰম্ভ কৰিছে।

সমান্তৰালভাবে গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে পৰিগণিত হোৱা পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত যাতে বিজয়া দশমী আৰু তাৰ পাছদিনা দুৰ্গা পূজাৰ প্ৰতিমা শৃংখলাবদ্ধভাৱে বিসৰ্জন দিব পাৰি তাৰ বাবে পাণ্ডুঘাট বিসৰ্জন সমিতি আৰু জালুকবাৰী আৰক্ষী থানাৰ যৌথ উদ্যোগত ৮ অক্টোবৰত পাণ্ডুনাথ দেৱালয় প্ৰাঙ্গনত এখন সাধাৰণ সভা অনুষ্ঠিত হয় ।

পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত দিতুমণি গোস্বামী আৰু জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথে ভাগ লৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ লগতে ব্ৰহ্মপুত্ৰৰ দেৱী প্ৰতিমা বিসৰ্জন , পূজাৰ কেইদিনত উদযাপন সমিতি সমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আদিৰ ওপৰত বিশদ বাখ্যা দাঙি ধৰে আৰু পূজা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম সমূহ মানি চলিবলৈ সকলোকে আহ্বান জনায় ।

সভাত জালুকবাৰী থানাৰ অন্তৰ্গত দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি তথা সম্পাদক, পাণ্ডুঘাট বিসর্জন সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্য-সদস্যা , নাগৰিক সমিতি, গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাকে ধৰি ডেৰ শতাধিক লোক উপস্থিত থাকে।

আনহাতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তক কাৰ্যকালৰ বাবে পুনৰ নিমাই চন্দ্ৰ দাসক সভাপতি , কমল দেক কাৰ্যকৰী সভাপতি , দ্বিজেন লহকৰক সাধাৰণ সম্পাদক , ভূপতি শৰ্মা, পৰেশ ঠাকুৰীয়া, তৰিক উদ্দিন আহমেদকে ধৰি কেবাজনকো উপ সভাপতি, নিৰোদ ৰায়ক কোখাধ্যক্ষ , তিনি নমবৰ ৱাৰ্ডৰ পাৰিষদ কল্লোল কুমাৰ চক্ৰৱৰ্ত্তীক মুখ্য উপদেষ্টা, সুদেশ কুমাৰ জৈনকে ধৰি কেবাজনকো পৃষ্ঠপোষক হিচাপে লৈ পাণ্ডুঘাট বিসৰ্জন সমিতিখন গঠন কৰা হৈছে।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাণীত ধানখেতি ৰক্ষা কৰিবলৈ বন বিভাগ আৰু স্থানীয় বিধায়কক ৰাইজৰ দাবী; টঙিঘৰ সাজি ৰাইজে দিছে পহৰা

পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী অঞ্চলৰ ধাননি পথাৰ সমুহ এতিয়া চালে চকুৰোৱা হৈ পৰিছে। বিশেষকৈ কপালৰ ঘাম মাটিত পেলাই কৰি অহা শালি ধানৰ খেতিডৰা লহপহকৈ বাঢ়ি আহিছে। গজালি মেলিছে থানৰ থোকৰ। তিনি বা চাৰি সপ্তাহ পাছত ধান কাটিব পৰা হ’ব।

কিন্তু এতিয়া এনে সময়ত নিজৰ শালি ধানৰ খেতি বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ কৃষক ৰাইজে দিনে নিশাই পহৰা দিবলগীয়া হৈছে । কৃষিজীৱী গঞা লোকে নিজৰ নিজৰ খেতিডৰাক ৰক্ষা কৰিবলৈ ধাননি পথাৰৰ মাজে মাজে বছৰি বান্ধি উলিয়াই শ শ টঙিঘৰ। ইয়াৰ ভিতৰত ৰাণী বনাঞ্চলিক কার্যালয়ৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোৰ আশে পাশে অৱস্থিত জয়পুৰ, নালাপাৰা, জৰাশাল গাৰোপাৰা, বেলৰগুৰি, চল্লি, মৈৰাপুৰ, চেচা, খপেগাঁও, ঘোঁৰাই গা ধোৱা জুলি, প্রশ্নুখুৱা, মেকুৰীকুছি, হাতীমাৰা খুলি, নতুন বাণী, বামাবাহাৰ, পুৰাণ শুকুৰবেৰীয়া,পাত হালধীয়া , গণপতি আদি বিভিন্ন ঠাইৰ পথাৰৰ গছৰ ওপৰত কৃষিজীৱী লোকে কেইবাশৰো অধিক টঙিঘৰ বান্ধি উলিয়াইছে।

ওখ ওখ গছ আদিত বাঁহ, কাঠ, গছৰ ডাল, খেৰ আদিৰে প্রায় দহ-বিশ ফুট ওখকৈ টঙি ঘৰ বান্ধি উলিওৱা দৃশ্যবোৰ দুখৰ মাজতো এক প্রকাশ সৌন্দৰ্যৰ সৃষ্টি কৰিছে। গঞাই নিশা কিয় ফুট গধূলিৰ পৰাই এই টঙি ঘৰবোৰত উঠি পাল পাতি সোণোৱালী ধাননি ডৰা সুৰক্ষা দি আছে। কিন্তু ইয়াৰ পাছতো অব্যাহত আছে ধাননি পথাৰত হাতীৰ মুক্ত বিচৰণ। হাতীৰ গছকত ইতিমধ্যে বহু কৃষকৰ ধান খেতি নষ্ট হৈ হৈছে। তাৰ মাজতো অবশিষ্ট খেতি ৰক্ষাৰ বাবে কৃষকে নিশা পাল পাতি পথাৰত পহৰা দি আছে।

আনকি ইয়াৰ মাজতে কৃষকে ভোক নিবাৰণৰ বাবে পানী, ভাত, চিৰা, পিঠা, মুৰি, বিস্কুত, কল আদি লগত ৰাখিবলগীয়া হৈছে। লগতে খাদ্যৰ সন্ধানত আগমন ঘটা হাতীক সময়ে সময়ে জুই জুলাই, ফটকা ফুটাই, টায়াৰ জ্বলাই, ধনু-কাড়, বাটুলি গুটি মাৰি, বাঁহৰ থকা বাজাই, টিং বজাই দুৰলৈ খেদি পঠিয়ায় লগা হৈছে। উল্লেখ্য যে, ৰাণী অঞ্চলটোত বছৰি লখিমীক আদৰাৰ সময়ত চলে হাতী মানুহৰ সংঘাতত অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ সা সম্পদৰ অনিষ্ট সাধন হৈ আহিছে ।

ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দল মাজে সময়ে তহল দি কৃষক ৰাইজক সহযোগ কৰে যদিও সি এপাচি শাকত এটা জালুক সদৃশ হৈ পৰিছে। কিয়নো ৰাণীত বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যিমান বনকৰ্মীৰ প্ৰয়োজন তাৰ চাৰি ভাগৰ এভাগো নথকাত সীমিত সংখ্যক বনকৰ্মী এতিয়া হাতীৰ সন্মুখত অসহায় হৈ পৰিবলগীয়া হৈছে ।

এই সন্দৰ্ভত ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা এনে সময়ত ধান খেতিডৰা ৰক্ষাৰ বাবে বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ দ্বাৰা অতিৰিক্ত বনকৰ্মীৰ দল নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক দাবী জনাইছে। কিয়নো এই সময়ছোৱাত হাতীৰ পৰা ধান খেতি ৰক্ষা কৰিব পাৰিলেহে কৃষক ৰাইজে পথাৰৰ লখিমীক ঘৰলৈ নিব পাৰিব। বছৰৰ ভাত মুঠি যোগাৰ কৰিবলৈ সক্ষম হ’ব।

সুখবৰ; অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন সফলতা!

সুখবৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন সফলতা! নতুনকৈ উদ্ভাৱন কৰা উচ্চ উৎপাদনক্ষম শালি ধানৰ তিনিটা আৰু মাহজাতীয় শস্যৰ তিনিটাসহ মুঠ ৬টা নতুন জাতে লাভ কৰিলে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অনুমোদন।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত উদ্ভাৱন কৰা তিনিটা উচ্চ উৎপাদনক্ষম শালি ধানৰ জাত- “পাটকাই”, “শতাব্দী”, “প্ৰচুৰ” আৰু তিনিটা মাহজাতীয় শস্য বিশেষকৈ মটৰমাহৰ জাত “জেউতি”, মগুমাহৰ জাত “বুৰৈ” আৰু মাটিমাহৰ জাত “পাভৈ”-এ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় কৃষিজাত অনুমোদন সমিতিৰ অনুমোদন লাভ কৰিছে।

উদ্ভাৱন প্ৰক্ৰিয়াৰে জড়িত তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকল, নগাঁও মাণ্ডলিক কৃষি গৱেষণা পৰিষদৰ বিজ্ঞানীসকল প্ৰমুখ্যে ইয়াৰ সৈতে জড়িত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী বিজ্ঞানীক অভিনন্দন তথা শুভেচ্ছা জনাই কৃষি মন্ত্ৰী অতুল বৰাই কয়, ‘বিশেষ গুণবিশিষ্ট এই উন্নত জাতসমূহে আমাৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব আৰু কৃষি উৎপাদন বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি গভীৰ আশাবাদী। অসম কৃষি বিশ্ববিদ্যালয়ৰ এনে সফলতাৰ ধাৰা সদায়ে অব্যাহত থাকক, তাকেই কামনা কৰিলোঁ’।

শিলবৰী ওৰাং সংযোগী পথত ভাঙিল কালভাট ! যাতায়ত ব্যৱস্থা বন্ধৰ পথতত…

দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত শিলবৰী-ওৰাং সংযোগী পথে বহুদিন ধৰি নৰক যান্ত্ৰনাত ভূগাইছে পথচাৰিক। শিলবৰী বজাৰৰ পৰা ধেনুগুৰী তিনিআলী লৈ প্ৰায় এক কিলোমিটাৰ পথ বহুদিন ধৰি যাতায়ত অচল অৱস্থা হৈ আছে যদিও নৰক যন্ত্ৰনাত ভূগি দৈনিক প্ৰায় সহস্ৰাধিক সৰু বৰ গাড়ী অহা-যোৱা কৰিছে। কাৰণ পথছোৱা হৈছে দলগাওঁৰ পৰা নৱ নিৰ্মিত অসমমাঁলা পথেদি শিলবৰী বজাৰ হৈ ওৰাং,তেজপুৰলৈ যাবলৈ প্ৰায় বাৰ কিলোমিটাৰ পথ কম হোৱাৰ বাবে আজি কালি সৰু-ডাঙৰ ব্যক্তিগত বাহন,ট্ৰাক আদিয়ে এই পথছোৱাক বাচি লয়।যোৱা কালি ৰাতি শিলবৰী আৰু ধেনুগুৰীৰ মাজত থকা কালভাট খনৰ প্ৰায় আধা অংশ ভাঙি যায়।

যাৰ ফলস্বৰুপে যাতায়ত ব্যৱস্থাত বৰ কৈ ব্যাঘাত জন্মিছে।পথছোৱাত বহুদিন ধৰি দৈনিক সৰু-সুৰা দূৰ্ঘটনা সংঘটিত হৈ আছে।এই পথ খিনিৰ মেৰামতিক লৈ স্থানীয় ৰাইজ,দল-সংগঠনে বহু বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু কান-সাৰ নাই লোকনিৰ্মান বিভাগৰ। কেতিয়াবা ভাঙা ঠাইত বেৰ দি,নামমাত্ৰ বালি পেলাইয়েই দায়িত্ব এৰা দিয়ে।

উল্লেখযোগ্য বিষয় হ’ল যে দৈনিক এই পথেদি চাৰি/পাচঁখন বিদ্যালয়, মহাবিদ্যালয়ৰ তিনি সহশ্ৰাধিক ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে আৰু তেজপুৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অহা মূলপথ। স্থানীয় সচেতন ৰাইজক আৰু যুৱক সকলে পথ পথছোৱাক লৈ চিন্তা প্ৰকাশ কৰিছে যে যিকোনো সময়ত হয়তো ডাঙৰ দূৰ্ঘটনা সংঘটিত হব পাৰে। সেই বাবে অতি সোনকালে শিলবৰী বজাৰৰ পৰা ধেনুগুৰী লৈ পথ খিনি মেৰামতিৰ দাবীৰ লগতে অনুৰোধ জনাইছে চৰকাৰ তথা লোকনিৰ্মান বিভাগক।

কাজিৰঙাৰ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী…

  • কাজিৰঙাত অঘটন৷ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী৷

  • বাগৰি বনাঞ্চলৰ ভৈচামাৰী এলেকাত কৰ্তব্যৰত অৱস্থাত সংঘটিত হয় এই ঘটনা৷

  • আহত বনকৰ্মী জনৰ নাম নাৰায়ন দাস ৷

ভূপেন বৰাই কংগ্ৰেছ শূণ্য কৰিব – বদৰুদ্দিন আজমল…

ভূপেন বৰাই কংগ্ৰেছ শূণ্য কৰিব – বদৰুদ্দিন আজমল

লোকসভাত তিনিখন আসনৰ বিজয় লাভ কৰাৰ লক্ষ্য AIUDF

নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰী লোকসভাত বিজয় লাভ কৰিব AIUDF

‘I.N.D.I.A. ৰ লগত সংযোগ হ’ব AIUDF’ বদৰুদ্দিন আজমল

ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ সজাতি দলৰ…

কালি ৰবিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলী খলিফাৰ নেতৃত্বত এটি সজাতি দলে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হোৱা লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে বুলি আজি সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকে জুৰীয়াত সাংবাদিকৰ আগত কয়।


বিশেষকৈ বুঢ়াচাপৰিত উচ্ছেদ হোৱা ভুমিহীন লোক সকল ধিং আৰু ৰূপহী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায় ১০০০, এক হাজাৰোতকৈ অধিক পৰিয়ালৰ তালিকা প্ৰস্তুত কৰি উক্ত বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।

ইফালে দৰং জিলাৰ গৰখুটিত প্ৰায় ১৪০০ পৰিয়াল আৰু হোজাই জিলাৰ লামডিংত প্ৰায় ৩৫০ জন উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয়। এই সন্দৰ্ভত নগাঁও হোজাই দৰং জিলাৰ লগত উচ্ছেদ হোৱা জিলা সমূহৰ জিলা উপায়ুক্ত লগত আলাপ আলোচনা কৰি অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে

৪৫ তম” প্ৰি ইউৰোপিয়ান লেসাই” পুৰস্কাৰ লাভ ভাৰতীয় জনপ্ৰিয় সাহিত্যিক অৰুনদ্ধতী ৰায়ৰ…

এইবাৰৰ ৪৫ তম” প্ৰি ইউৰোপিয়ান লেসাই” পুৰস্কাৰ লাভ কৰিছে ভাৰতীয় জনপ্ৰিয় সাহিত্যিক অৰুনদ্ধতী ৰায়ে।ভাৰতীয় লেখক সকলৰ ভিতৰত অৰুনদ্ধতী ৰায়ে ১ম বাৰৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে।

তেওঁ লিখা “আজাদি, ফ্ৰিডম, ফেচিজিম, ফিকচন কিতাপ খনৰ বাবে এই পুৰস্কাৰ লাভ কৰে। যোৱা জুন মাহত পুৰস্কাৰৰ নাম ঘোষনা কৰা হয় আৰু চেপ্তেম্বৰত চুইজাৰলেণ্ডত এই বটা প্ৰদান কৰা হয়।

Patiala, Mar 17 (ANI): Man Booker Prize for Fiction winner and author Arundhati Roy interacts with the students of the Punjabi University, in Patiala on Thursday. (ANI Photo)

বিছাৰক সকলে মত প্ৰকাশ কৰে যে বৰ্তমান সময়ৰ এক বৃহৎ সমস্যা ফেচিজিমৰ স্বৰূপ অৰুনদ্ধতী ৰায়ে নানান স্তৰত উদ্ঘাটন কৰিছে। বহু মানুহৰ বাবে তেওঁৰ প্ৰবন্ধ , কিতাপ এতিয়া সকাহৰ দৰে। ফৰাচীলৈ অনুবাদ হোৱা এই কিতাপৰ পুৰস্কাৰৰ মূল্য ভাৰতীয় হিচাপত ১৮ লাখ টকা।