Breaking

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাণীত ধানখেতি ৰক্ষা কৰিবলৈ বন বিভাগ আৰু স্থানীয় বিধায়কক ৰাইজৰ দাবী; টঙিঘৰ সাজি ৰাইজে দিছে পহৰা

0 51

পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী অঞ্চলৰ ধাননি পথাৰ সমুহ এতিয়া চালে চকুৰোৱা হৈ পৰিছে। বিশেষকৈ কপালৰ ঘাম মাটিত পেলাই কৰি অহা শালি ধানৰ খেতিডৰা লহপহকৈ বাঢ়ি আহিছে। গজালি মেলিছে থানৰ থোকৰ। তিনি বা চাৰি সপ্তাহ পাছত ধান কাটিব পৰা হ’ব।

কিন্তু এতিয়া এনে সময়ত নিজৰ শালি ধানৰ খেতি বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ কৃষক ৰাইজে দিনে নিশাই পহৰা দিবলগীয়া হৈছে । কৃষিজীৱী গঞা লোকে নিজৰ নিজৰ খেতিডৰাক ৰক্ষা কৰিবলৈ ধাননি পথাৰৰ মাজে মাজে বছৰি বান্ধি উলিয়াই শ শ টঙিঘৰ। ইয়াৰ ভিতৰত ৰাণী বনাঞ্চলিক কার্যালয়ৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোৰ আশে পাশে অৱস্থিত জয়পুৰ, নালাপাৰা, জৰাশাল গাৰোপাৰা, বেলৰগুৰি, চল্লি, মৈৰাপুৰ, চেচা, খপেগাঁও, ঘোঁৰাই গা ধোৱা জুলি, প্রশ্নুখুৱা, মেকুৰীকুছি, হাতীমাৰা খুলি, নতুন বাণী, বামাবাহাৰ, পুৰাণ শুকুৰবেৰীয়া,পাত হালধীয়া , গণপতি আদি বিভিন্ন ঠাইৰ পথাৰৰ গছৰ ওপৰত কৃষিজীৱী লোকে কেইবাশৰো অধিক টঙিঘৰ বান্ধি উলিয়াইছে।

ওখ ওখ গছ আদিত বাঁহ, কাঠ, গছৰ ডাল, খেৰ আদিৰে প্রায় দহ-বিশ ফুট ওখকৈ টঙি ঘৰ বান্ধি উলিওৱা দৃশ্যবোৰ দুখৰ মাজতো এক প্রকাশ সৌন্দৰ্যৰ সৃষ্টি কৰিছে। গঞাই নিশা কিয় ফুট গধূলিৰ পৰাই এই টঙি ঘৰবোৰত উঠি পাল পাতি সোণোৱালী ধাননি ডৰা সুৰক্ষা দি আছে। কিন্তু ইয়াৰ পাছতো অব্যাহত আছে ধাননি পথাৰত হাতীৰ মুক্ত বিচৰণ। হাতীৰ গছকত ইতিমধ্যে বহু কৃষকৰ ধান খেতি নষ্ট হৈ হৈছে। তাৰ মাজতো অবশিষ্ট খেতি ৰক্ষাৰ বাবে কৃষকে নিশা পাল পাতি পথাৰত পহৰা দি আছে।

আনকি ইয়াৰ মাজতে কৃষকে ভোক নিবাৰণৰ বাবে পানী, ভাত, চিৰা, পিঠা, মুৰি, বিস্কুত, কল আদি লগত ৰাখিবলগীয়া হৈছে। লগতে খাদ্যৰ সন্ধানত আগমন ঘটা হাতীক সময়ে সময়ে জুই জুলাই, ফটকা ফুটাই, টায়াৰ জ্বলাই, ধনু-কাড়, বাটুলি গুটি মাৰি, বাঁহৰ থকা বাজাই, টিং বজাই দুৰলৈ খেদি পঠিয়ায় লগা হৈছে। উল্লেখ্য যে, ৰাণী অঞ্চলটোত বছৰি লখিমীক আদৰাৰ সময়ত চলে হাতী মানুহৰ সংঘাতত অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ সা সম্পদৰ অনিষ্ট সাধন হৈ আহিছে ।

ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দল মাজে সময়ে তহল দি কৃষক ৰাইজক সহযোগ কৰে যদিও সি এপাচি শাকত এটা জালুক সদৃশ হৈ পৰিছে। কিয়নো ৰাণীত বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যিমান বনকৰ্মীৰ প্ৰয়োজন তাৰ চাৰি ভাগৰ এভাগো নথকাত সীমিত সংখ্যক বনকৰ্মী এতিয়া হাতীৰ সন্মুখত অসহায় হৈ পৰিবলগীয়া হৈছে ।

এই সন্দৰ্ভত ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা এনে সময়ত ধান খেতিডৰা ৰক্ষাৰ বাবে বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ দ্বাৰা অতিৰিক্ত বনকৰ্মীৰ দল নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক দাবী জনাইছে। কিয়নো এই সময়ছোৱাত হাতীৰ পৰা ধান খেতি ৰক্ষা কৰিব পাৰিলেহে কৃষক ৰাইজে পথাৰৰ লখিমীক ঘৰলৈ নিব পাৰিব। বছৰৰ ভাত মুঠি যোগাৰ কৰিবলৈ সক্ষম হ’ব।

Leave A Reply