Home Blog Page 1327

যদি আপুনি গাখীৰ খাব নোৱাৰে তেন্তে কেলচিয়ামৰ বাবে এই ৫ টা খাদ্য খাওক…

আমি সকলোৱে জানো যে আমাৰ হাড় মজবুত কৰিবলৈ কেলচিয়ামৰ প্ৰয়োজন হয়, কিন্তু কিছুমান মানুহ লেক্ট’জ অসহিষ্ণুতাৰ বলি হয়, অৰ্থাৎ তেওঁলোকে গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী বস্তুবোৰ হজম কৰিব নোৱাৰে।যাৰ বাবে ডায়েৰিয়া, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি কেলচিয়াম বিচাৰে তেন্তে গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সলনি আন বহুতো খাদ্য খাব পাৰে। আলমণ্ডত কেৱল স্বাস্থ্যকৰ চৰ্বিয়েই নহয়, ইয়াত কেলচিয়ামো ভাল পৰিমাণত পোৱা যায়। অৱশ্যে উচ্চ কেলৰিও থাকে আৰু ইয়াক এটা সীমাৰ ভিতৰত সেৱন কৰিব লাগে। পোনে পোনে বা তিয়াই থোৱাৰ পিছত খাব পাৰে।

বন্ধাকবি হৈছে এবিধ সেউজীয়া পাতৰ শাক যাৰ কেলৰি কম হোৱাই নহয় কেলচিয়ামৰ পৰিমাণো প্ৰচুৰ। যদি আপুনি একাপ বন্ধাকবি সেৱন কৰে তেন্তে আপুনি দৈনিক প্ৰয়োজনীয় কেলচিয়ামৰ প্ৰায় ২০ শতাংশ লাভ কৰিব। ইয়াক পাচলি বা চালাড হিচাপে খাব পাৰে।

সাধাৰণতে কমলা ভিটামিন চিৰ প্ৰয়োজন পূৰণৰ বাবে খোৱা হয়, কিন্তু আপুনি জানি আচৰিত হ’ব যে ইয়াত কেলচিয়ামও প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি গাখীৰ খাব নিবিচাৰে তেন্তে কমলা বা ইয়াৰ ৰস খাব পাৰে।

চাৰ্ডিন মাছত কেলচিয়ামৰ লগতে ওমেগা-৩ ফেটি এচিড আৰু ভিটামিন ডিৰ প্ৰচুৰ উৎস থাকে। মধ্যমীয়া আকাৰৰ চাৰ্ডিন মাছ খালে দৈনিক প্ৰয়োজনৰ ৩৫ শতাংশ কেলচিয়াম পোৱা যাব।

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তৃতীয় বাৰ্ষিক ড৹ ৰঞ্জিত ৰঞ্জন শইকীয়াৰ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত…

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ইতিহাস বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ পুনাৰাম গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিক মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ৰঞ্জিত ৰঞ্জন শইকীয়াৰ সোঁৱৰণত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা অনুস্থান অনুষ্ঠিত কৰা হৈছে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাঁচনিৰ সভাপতিত্বত আয়োজিত এই বক্তৃতা অনুস্থানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী প্ৰাধ্যাপক প্ৰফেচৰ ৰাজীৱ সন্দিকৈ মুখ্য বক্তা হিচাপে উপস্থিতি থাকি নিৰ্ধাৰিত বিষয় HISTORY AS A DICIPILNE শীৰ্ষক বিষয়ত আলোকপাত কৰি এক গাম্ভীৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সকলোকে আপ্লুত কৰি তোলে।উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্য,মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ হৈ ড৹ দীপক শৰ্মা,অবিভক্ত শিৱসাগৰ জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপকৰ লগতে ছাত্ৰ ছাত্ৰী তথা স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিতি থাকি অনুস্থানটি সাফল্য মণ্ডিত কৰি তোলে।

অসমৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান ‘খেল মহাৰণ’ৰ মাস্কট মহাৰাজ ‘দ’দান’…

অসমৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান ‘খেল মহাৰণ’ৰ মাস্কট মহাৰাজ ‘দ’দান’।

ৰাভা জনগোষ্ঠীৰ পূৰ্বপুৰুষ বুলি বিশ্বাস কৰা হয় মহাৰাজ দ’দানক।

মহাভাৰতত উল্লেখ অনুসৰি, বান ৰজা আৰু উষা দেৱীৰ সম্পৰ্কীয় মহাৰাজ ‘দ’দান’।

চিত্ৰ শিল্পী ননী বৰপূজাৰীৰ চিত্ৰ কলা প্ৰদৰ্শনী অনুষ্ঠান বাতিল…

দেৰগাঁৱত চিত্ৰ শিল্পী ননী বৰপূজাৰীৰ চিত্ৰ কলা প্ৰদৰ্শনী অনুষ্ঠান বাতিল।

প্ৰতিকুল বতৰৰ বাবে ইউনিকন ফাউণ্ডেচনৰ উদ্যোগত হ’ব লগা প্ৰদৰ্শনী অনুষ্ঠান বাতিল।

৮,৯ আৰু ১০ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল উক্ত অনুষ্ঠানটো।

সমগ্ৰ অসমত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে এই সিদ্ধান্ত।

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানে যান বাহনৰ চলাচলত বাধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত আয়োজিত প্ৰদৰ্শনীৰ ছবিসমূহ আনিব নোৱাৰাৰ বাবেই বাতিল কৰিব লগা হ’ল প্ৰদৰ্শনী অনুষ্ঠান।


কৃত্ৰিম বানে বিশিষ্ট চিত্ৰ শিল্পী ননী বৰপূজাৰীৰ ঘৰত থকা ষাঠিটা বছৰে সংৰক্ষণ কৰি ৰখা একাংশ ছবিৰো ক্ষতিসাধন কৰে ৷

প্ৰদৰ্শনীখনৰ পৰৱৰ্তী তাৰিখ সোনকালে স্থিৰ কৰি ঘোষণা কৰিব বুলি আয়োজকে সংবাদ মাধ্যমৰ যেগেদি জানিবলৈ দিয়ে ।

ইজৰাইল-গাজাৰ সংঘাত: ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে হামাছক জাৰি কৰিছে সতৰ্কবাণী

হামাছৰ উগ্ৰপন্থী সংগঠনটোৱে ইজৰাইলৰ বিৰুদ্ধে নতুন অভিযান ঘোষণা কৰাৰ পিছত শনিবাৰে গাজা ষ্ট্ৰিপত ইজৰাইলৰ সেনাই বিমান আক্ৰমণ চলায় – যিটো দক্ষিণৰ চহৰসমূহত অভূতপূৰ্ব অনুপ্ৰৱেশ যেন লাগিছিল। এই কাণ্ডই সমগ্ৰ দেশতে বিমান আক্ৰমণৰ ছাইৰেন আৰম্ভ কৰে, ইজৰাইলে বিভিন্ন আঘাতৰ খবৰ ওলোৱাৰ লগে লগে বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়ে। ইজৰাইলৰ সেনাই দক্ষিণ ইজৰাইলৰ গাজা সীমান্তৰ ওচৰৰ কেইবাটাও স্থানত অনুপ্ৰৱেশ সংঘটিত হোৱা বুলি নিশ্চিত কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়- ‘যুদ্ধ তীব্ৰতৰ হৈছে… ইজৰাইল জয়ী হ’ব’।


ইজৰাইলৰ টেল আভিভত গাজা ষ্ট্ৰিপৰ পৰা ৰকেট আক্ৰমণৰ ফলত এটা অট্টালিকা জ্বলি উঠে।
ইজৰাইলৰ দখলৰ বিৰুদ্ধে “অপাৰেচন আল-আকছা ফ্লাড” আৰম্ভ কৰা বুলি ঘোষণা কৰি হামাছৰ উগ্ৰপন্থীয়ে ইজৰাইলত ৫ হাজাৰৰো অধিক ৰকেট নিক্ষেপ কৰে। কমেও এজনৰ মৃত্যু নিশ্চিত হোৱাৰ বিপৰীতে কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে। অনুপ্ৰৱেশৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দক্ষিণ ইজৰাইলৰ চহৰসমূহত বন্দুকৰ যুদ্ধৰ বাতৰিও স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

গাজাৰ সৈতে ইজৰাইলৰ অস্থিৰ সীমান্তত কেইবা সপ্তাহ ধৰি উত্তেজনা বৃদ্ধি পোৱা দেখা গৈছে আৰু ইজৰাইলৰ দখলত থকা পশ্চিম পাৰত তীব্ৰ যুদ্ধই তীব্ৰ লৈছে। ২০০৭ চনত ইজৰাইলৰ বিৰোধিতা কৰা ইছলামিক উগ্ৰপন্থী সংগঠন হামাছে এই ভূখণ্ডৰ নিয়ন্ত্ৰণ দখল কৰাৰ পিছৰে পৰা ইজৰাইলে গাজাৰ ওপৰত অৱৰোধ অব্যাহত ৰাখিছে। তাৰ পিছত তিক্ত শত্ৰুৱে চাৰিখন যুদ্ধ কৰিছে।

ৰাজ্যৰ নিবনুৱালৈ সুখবৰ; প্ৰকাশ পালে অসম আৰক্ষীৰ ৫,৫৬৩টা পদৰ বিজ্ঞাপন

ৰাজ্যৰ নিবনুৱালৈ সুখবৰ। প্রকাশ পালে অসম আৰক্ষীৰ ৫,৫৬৩ টা পদৰ বিজ্ঞাপন।

SI, কনিষ্টবল, চাফাই কৰ্মী, গাড়ী চালকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পালে।

১৫ অক্টোবৰৰ পৰা ১ নৱেম্বৰৰ ভিতৰত কৰিব পাৰিব আবেদন www.slprbassam.inত কৰিব পাৰিব আবেদন

‘সুৰজ’ ছবিৰ জৰিয়তে প্ৰেমৰ সম্পৰ্কত আহিছিল সামন্থা আৰু নাগা চৈতন্য। মাত্ৰ এটা কাৰণত বিচ্ছেদ হ’ল সম্পৰ্ক…

দক্ষিণৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ ভিতৰত সামন্থা ৰুথ প্ৰভুৰ কামতকৈ ব্যক্তিগত জীৱনৰ বাবে শিৰোনাম দখল কৰিছিল। সামান্থাই কেৱল প্ৰেমত পৰাই নহয়, সেই ব্যক্তিজনকো নিজৰ সংগী কৰি লৈছিল। ইয়াৰ পিছতো মাত্ৰ কাৰণৰ বাবেই ভাঙি গ’ল সম্পৰ্ক। আচলতে আজি সামান্থাৰ বিবাহ বাৰ্ষিকী। আহক আমি আপোনালোকক সামন্থা আৰু নাগা চৈতন্যৰ প্ৰেম কাহিনীৰ সৈতে পৰিচয় কৰাই দিওঁ। সামন্থা আৰু নগা চৈতন্যৰ প্ৰেম কাহিনীটো সাধুকথাতকৈও কম নহয়। এটা সময়ত তেওঁলোকৰ প্ৰেমৰ কথা সমগ্ৰ ইণ্ডাষ্ট্ৰীতে চৰ্চা হৈছিল আৰু তেওঁলোক টলিউড ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় দম্পতী আছিল। দুয়োৰে যুটিটো কেৱল ৰিল লাইফতে ভাল পোৱা নাছিল, বাস্তৱ জীৱনতো এই দম্পতীক প্ৰশংসা কৰা মানুহৰ অভাৱ নাছিল। আচলতে দুয়োৰে প্ৰথম লগ হৈছিল ২০০৯ চনৰ ভিতৰত ছুপাৰহিট ছবি ‘য়েহ মাইয়া চেছাভে’ৰ চেটত।

এনেকৈয়ে উদয় হ’ল প্ৰেমৰ সূৰ্য্য। প্ৰথম সাক্ষাৎৰ পিছত সামন্ত আৰু নগা চৈতন্যৰ হৃদয়ত প্ৰেমৰ ফুল ফুলিবলৈ ধৰিলে যদিও ২০১৪ চনৰ ভিতৰত সুৰজ চিনেমাৰ শ্বুটিংৰ সময়ত প্ৰেমৰ ফুল ফুলি উঠিল, যেতিয়া দুয়োজনে পুনৰ একেলগে কাম কৰিলে। ইয়াৰ পিছত তেওঁলোকৰ প্ৰেমৰ আলোচনা সাধাৰণ হৈ পৰিল। ২০১৬ চনৰ ভিতৰত সামন্থা আৰু নগা চৈতন্যই ফুৰিবলৈ গৈছিল, য’ত নগা চৈতন্যই অতি ৰোমান্টিকভাৱে সামন্থাক প্ৰেমৰ প্ৰস্তাৱ দিছিল। সেই মুহূৰ্তৰ ছবিও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

সামন্ত আৰু নগা চৈতন্যৰ মাজত কেমিষ্ট্ৰী দেখি অনুৰাগীয়ে তেওঁলোকৰ বিবাহক লৈ জল্পনা-কল্পনা কৰিবলৈ ধৰিলে। দুয়োৰে এংগেজমেণ্ট হৈছিল ২০১৭ চনৰ ২৯ জানুৱাৰীত। একে সময়তে ২০১৭ চনৰ ৭ অক্টোবৰত দুয়োজনে সাতটা জন্মৰ বাবে ইজনে সিজনৰ লগত থাকিবলৈ শপত গ্ৰহণ কৰে। অৱশ্যে এই সম্পৰ্ক মাত্ৰ চাৰি বছৰলৈ চলিছিল। ২০২১ চনৰ ২ অক্টোবৰত তেওঁ নিজৰ বিচ্ছেদৰ কথা ঘোষণা কৰি লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি পেলায়। এই সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ কাৰণ কি আছিল আজিলৈকে প্ৰকাশ পোৱা নাই?

অহা ২৪ ঘণ্টাত অসমত হ’ব প্ৰবল বৃষ্টিপাত৷ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ আগজাননী…

অহা ২৪ ঘণ্টাত অসমত হ’ব প্ৰবল বৃষ্টিপাত৷ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ আগজাননী৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী৷

সেয়েহে অহা ২৪ ঘণ্টাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি সতৰ্ক হ’বলৈ আহ্বান জনাইছে কেন্দ্ৰটোৱে। বিশেষকৈ মহানগৰীত বাবে ৰেড এলাৰ্ট জাৰি কেন্দ্ৰটোৰ।

মহানগৰীত শনিবাৰৰ দিনটোত সৰ্ব্বোচ্চ তাপমাত্ৰ ২৯ ডিগ্ৰী চেলছিয়াছে পৰ্যন্ত হ’ব বুলি জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

সুধাকণ্ঠ দিৱস উদ্‌যাপনৰ প্ৰস্তুতি…

উত্তৰ গুৱাহাটীৰ অগ্ৰণী সমাজ-সাংস্কৃতিক সংস্থা ‘ জনকল্যান ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়,অসম’ ৰ উদ্যোগত আৰু প্ৰতিষ্ঠিত সংগীত বিদ্যালয় ‘সংগীত সুৰভি’ উত্তৰ গুৱাহাটীৰ সহযোগত ৫ নৱেম্বৰত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দাদ্বশ পুণ্য মৃত্যুবাৰ্ষিকী উপলক্ষে , উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘ সুধাকণ্ঠ দিৱস ‘ উদ্‌যাপনৰ আয়োজন কৰা হৈছে । ইয়াৰ লগত সংগতি ৰাখি অহা ১৫ অক্ট’বৰ , ২০২৩ তাৰিখ ,ৰবিবাৰে দিনৰ ১০ বজাৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰাঙ্গনত ‘সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা ‘ , প্ৰথমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ , ৩টা শাখাত অনুস্থিত কৰা হ’ব । চিত্ৰাংকন প্ৰতিযোগিতাৰ পঞ্জীয়ন মাছুল হ’ব ৫০/- টকা আৰু বিষয়বস্তু হ’ব – ‘ক’ শাখা- শ্ৰেণী প্ৰথমমানৰ পৰা তৃতীয়লৈ – ‘অসম আমাৰ ৰূপহী ‘ , ‘খ’ শাখা- চতুৰ্থৰ পৰা অষ্টমলৈ – ‘লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া , বালিভাত ৰান্ধি খায়’ , ‘গ’ শাখা-নৱমৰ পৰা দ্বাদশলৈ- ‘মানুহে মানুহৰ বাবে’ । ৰংৰ মাধ্যম যিকোনো । আনহাতে অহা ৫ নৱেম্বৰ , ২০২৩ তাৰিখ , ৰবিবাৰে , দিনৰ ১০ বজাৰ পৰা , উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰেক্ষাগৃহত ‘সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা’ ৬ বছৰৰ পৰা ২৫ বছৰৰ প্ৰতিযোগীৰ মাজত ২ টা শাখাত অনুষ্ঠিত কৰা হ’ব ।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ নিৰ্দ্ধাৰিত পঞ্জীয়ন মাছুল – ১৫০/- টকা । সংগীত বাছনি প্ৰতিযোগীৰ নিজৰ আৰু নিৰ্দ্ধাৰিত সংগীত পৰিৱেশনৰ সৰ্বোচ্চ সময়- ৫ মিনিট । কেৱল হাৰমণিয়াম আৰু তবলা বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব । বাদ্যযন্ত্ৰী লগত আনিব পাৰিব প্ৰতিযোগীসকলে । চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰতিটো শাখাত ৩টাকৈ থাকিব / নগদ ধন , ট্ৰফী আৰু মানপত্ৰ । আনহাতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত (প্ৰতিটো শাখাত -৩টা) প্ৰথম পুৰস্কাৰ- ৫০০০/- টকা , দ্বিতীয় পুৰস্কাৰ- ৩০০০/- টকা আৰু তৃতীয় পুৰস্কাৰ – ২০০০/- টকাৰ লগতে ট্ৰফী আৰু মানপত্ৰ থাকিব । পুৰস্কাৰসমূহ ৫ , নৱেম্বৰৰ ‘সুধাকণ্ঠ দিৱস’ৰ সাংস্কৃতিক অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হ’ব । প্ৰতিযোগিতাসমূহৰ সকলো অংশগ্ৰহনকাৰী প্ৰতিযোগীক মানপত্ৰ প্ৰদান কৰা হ’ব । সৱিশেষ জানিবলৈ আৰু পঞ্জীয়ন পত্ৰ সংগ্ৰহ কৰিবলৈ যোগাযোগ কৰক -84720-91311, 9365676156।

অসম আৰক্ষীক গৌৰৱান্বিত কৰিলে IPS বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে ! বিশেষ সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে লাভ কৰিলে গৃহমন্ত্ৰীৰ পদক…

অসম আৰক্ষীক গৌৰৱান্বিত কৰিলে IPS বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে৷ বিশেষ সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে লাভ কৰিলে গৃহমন্ত্ৰীৰ পদক ৷

ISISৰ বিৰুদ্ধে অভিযানত নেতৃত্ব দিছিল শংকৰব্ৰত ৰায়মেধিয়ে৷ দিল্লীৰ NIAৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ আছে শংকৰব্ৰত ৰায়মেধি৷

দিল্লীত অনুষ্ঠিত সন্ত্ৰাসবিৰোধী সন্মিলনত মেধিক এই পদক প্ৰদান৷ নগাঁৱৰ SP হৈ থকাৰ সময়তে ৰায়মেধিয়ে লাভ কৰিছিল গৃহমন্ত্ৰীৰ তদন্তত পাৰদৰ্শিতা পদক৷