Home Blog Page 1328

নামনি মাজুলীৰ মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ ১নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত অঞ্চলবাসী ৰাইজে গভীৰ অনিশ্চয়তাৰ মাজত দিন কটাইছে।

ব্ৰহ্মপুত্ৰ বৰ্ডে বিগত দুবছৰ পূৰ্বে ১নং মিছামৰাত খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি ৰূপায়ন কৰিছিল যদিও বৰ্ডৰ নিম্নমানৰ কামৰ বাবে আঁচনিৰ বৃহৎ অংশ খহনীয়াত জাহ গ’ল।

প্ৰতিদিনে মিছামৰা অঞ্চলটোৰ চেৰপাইখোৱা,মিছামৰা,শিমলুগুৰি,দোমচুক,দকুতচুক,মিছামৰা কুমলীয়া চাপৰি,সাৰ আটী,বাঘগাওঁ,চামগুৰি, আহতগুৰিত শ শ হেক্টৰ কৃষিভূমিৰ লগতে বহু লোকৰ সপোনৰ ঘৰ-দুৱাৰ নদীত জাহ যোৱাত গৃহহীন তথা সৰ্বশ্ৰান্ত ৰাইজে চকুলো টুকি ঘৰৰ এপদ দুপদ লাম লাকটু সামৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছিল যদিও নতুনকৈ ঘৰ দুৱাৰ নিৰ্মাণ কৰা সেই স্থানতো গৰা-খহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে।

মাজুলীৰ নামনি অংশত এনে এক বিপদৰ খবৰ লাভ কৰাৰ পাছতো স্থানীয় ৰাইজৰ অভিযোগ বিধায়ক তথা ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়-ববীয়াই সঠিক ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ত্ৰাহি মধূসূদন দেখিছিল।আপোন ঘৰ-ভেটি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা নৈ-পৰীয়াই চৰকাৰ তথা ব্ৰহ্মপুত্ৰ বৰ্ডে অঞ্চলটোৰ অৱশিষ্ট ভূমিভাগ ৰক্ষা কৰাৰ বাবে বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন কৰিবলৈ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছত বুধবাৰে বিধায়ক ভুবন গামৰ নেতৃত্বত মিছামৰা অঞ্চলৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে ৪ কোটি টকাৰ এক হস্ৰম্যাদী আঁচনি গ্ৰহণ কৰি কাম শুভাৰম্ভ কৰে।

ৰাইজে বিচাৰিছে পূৰ্বৰ দৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিফল আঁচনি ৰূপায়িত নকৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডে সঠিকভাৱে কাম কৰাটো। বিধায়ক ভুবন গামে আঁচনি উদ্বোধন কৰিবলৈ যাওঁতেই খহনীয়াগ্ৰস্ত লোকসকলে আঁচনিখন সঠিক ভাৱে ৰূপায়ন কৰিবলৈ আহ্বান জনাইছে ।

নামনি মাজুলীৰ আজীৱন শিক্ষাব্ৰতী, অৱসৰপ্ৰাপ্ত শিক্ষক,আদিএলেঙী সত্ৰৰ প্ৰপন্ন বৈষ্ণৱ যোগেশ্বৰ কলিতাৰ বিয়োগ

মাজুলী জিলাৰ নামনি মাজুলীৰ চেলেক গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ঐতিহাসিক আদিএলেঙী সত্ৰৰ প্ৰপন্ন বৈষ্ণৱ যোগেশ্বৰ কলিতাৰ যোৱা ৰাতি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়।

আজীৱন শিক্ষাব্ৰতী যোগেশ্বৰ কলিতাৰ যোৱা ১ অক্টোবৰত বিছনাৰ পৰা পৰি মগজুৰ ষ্ট্ৰ’ক হৈছিল। সেইদিনা কলিতাৰ পুত্ৰ ৰঞ্জিত কলিতাই ততাতৈয়াকৈ তেওঁক ১০৮ এম্বুলেন্সৰ জৰিয়তে ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰে; কিন্তু চিকিৎসকৰ নেৰা নেপেৰা যত্নত তেওঁৰ কোনো আৰোগ্য নহ’ল। মঙলবাৰে সন্ধিয়া তেওঁক আদিএলেঙী সত্ৰৰ নিজৰ ঘৰলৈ ঘূৰাই অনা হয় আৰু ৰাতি এক বজাত মৃত্যুৰ কোলাত ঢলি পৰে।

যোগেশ্বৰ কলিতাই ষাঠিৰ দশকত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথমে নামনি মাজুলীৰ আঁহতগুৰি মধ্য ইংৰাজী বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতাৰ জীৱন আৰম্ভ কৰে।

তাৰপিছত তেওঁ ১৯৬৮ চনত চেলেক গাঁও প্ৰাথমিক বিদ্যালয়ত নিয়মীয়া শিক্ষক হিচাপে যোগদান কৰে। উক্ত চেলেক গাঁও প্ৰাথমিক বিদ্যালয়খন পৰৱৰ্তী সময়ত চেলেক জনজাতি মধ্য ইংৰাজী বিদ্যালয়লৈ উন্নীত কৰা হয় আৰু যোগেশ্বৰ কলিতাই শিক্ষকতাৰ জীৱন দুগুণ উৎসাহেৰে আৰম্ভ কৰে।

নামনি মাজুলীৰ চেলেক জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত বহু প্ৰজন্মক জ্ঞান চক্ষু প্ৰদান কৰা যোগেশ্বৰ কলিতা সেই অঞ্চলৰ বহু প্ৰজন্মৰ নমস্য শিক্ষা গুৰু আছিল। ২০১০ চনৰ ২৮ ফ্ৰেব্ৰুৱাৰীত চেলেক জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা যোগেশ্বৰ কলিতাই অৱসৰী জীৱনটো ৰাইজৰ মাজত বিভিন্ন সামাজিক কাম কাজ কৰি পাৰ কৰিছিল।

আদিএলেঙী সত্ৰৰ প্ৰপন্ন বৈষ্ণৱ যোগেশ্বৰ কলিতাই সত্ৰখনৰ বিভিন্ন সামাজিক, ধৰ্মীয় অনুষ্ঠানত ওতঃপ্ৰোত ভাৱে জড়িত হৈ অৱসৰী জীৱনটো ৰাইজৰ মাজত কটাইছিল । আকস্মিকভাৱে মৃত্যু হোৱা যোগেশ্বৰ কলিতাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৩ বছৰ। মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ, চাৰিগৰাকী কন্যা, দুগৰাকী বোৱাৰী, চাৰিজন জোঁৱাই আৰু কেইবাজনো নাতি নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে। সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ মাজত জনপ্ৰিয় যোগেশ্বৰ কলিতাৰ মৃত্যুত নামনি মাজুলীত গভীৰ শোকৰ ছাঁ পৰিছে।


যোগেশ্বৰ কলিতা যুৱ সমাজকৰ্মী ৰঞ্জিত কলিতাৰ পিতৃ আছিল । যোগেশ্বৰ কলিতাৰ মৃত্যুত আদিএলেঙী সত্ৰ পৰিচালনা সমিতি, আদিএলেঙী যুৱক সংঘ, মহিলা সমিতি, মাজুলী জিলা মধ্য ইংৰাজী শিক্ষক সন্থা, চেলেক জনজাতি হাইস্কুল কতৃপক্ষই আজি গভীৰ শোক প্ৰকাশ কৰিছে।

কোকৰাঝাৰত বিটিচিৰ সকলো বিভাগৰ সৈতে অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে বুধবাৰে তেওঁৰ দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ প্ৰথম দিনটোত কোকৰাঝাৰৰ বি.টি.চি. সচিবালয়ত পৰিষদৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

বৈঠকত মন্ত্ৰীগৰাকীয়ে বি টি চি এলেকাত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আৰু কল্যাণমূলক পদক্ষেপৰ ৰূপায়ণৰ সামগ্ৰিক অৱস্থা আৰু অগ্ৰগতিৰ বিষয়ে সংশ্লিষ্ট বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ পৰা বিতং খতিয়ান লয়।

বিটিচিপ্ৰধান প্ৰমোদ বড়ো তথা উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী সিংহলে তেওঁৰ পূৰ্বৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহৰ কাৰ্যৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অঞ্চলটোত নগৰ পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, খাদ্য আৰু অসামৰিক যোগান, ক্ৰীড়া, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে।

বিশেষকৈ পৰিষদৰ অধীনৰ পাঁচখন জিলাত জলজীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম স্বনিধি, এম জি এনৰেগা, অমৃত সৰোবৰ, পিএম কিষাণ, খেল মহাৰণ আদি আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তেওঁ চহৰাঞ্চলৰ ষ্ট্ৰীট লাইট, গোটা আৱৰ্জনা ব্যৱস্থাপনা, বিটিচি এলেকাৰ উন্নয়ন খণ্ডসমূহৰ পুনৰ্গঠন, কৃষকৰ পৰা ধান ক্ৰয় আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰে।

কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে বিটিআৰবাসীৰ প্ৰগতি আৰু কল্যাণ তেওঁৰ প্ৰথম চৰ্ত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অঞ্চলটোত পৰিলক্ষিত হোৱা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে।

পৰিষদীয় চৰকাৰে গ্ৰহণ কৰা “মিছন ছুপাৰ-৫০”, বড়োলেণ্ড স্কুল এড’পছন প্ৰগ্ৰেম, গ্ৰীণ বড়োলেণ্ড মিছন, বড়োলেণ্ড ছেৰিকালচাৰ মিছন, বড়োলেণ্ড হেণ্ডলুম মিছন, বড়োলেণ্ড পিগ মিছন আদি গুৰুত্বপূৰ্ণ পদক্ষেপৰ তেওঁ বিশেষভাৱে শলাগ লয়। আজিৰ বৈঠকত মন্ত্ৰী সিংহলে বিটিআৰ এলেকাৰ ১০০ শতাংশ বিদ্যালয়তে ল’ৰা আৰু ছোৱালীৰ প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে মন্ত্ৰীগৰাকীৰ নিজা সমষ্টি ঢেকীয়াজুলিত সফলতাৰে ৰূপায়ণ কৰা “মিছন ১০০ শতাংশ ৰেচন কাৰ্ড” কাৰ্যসূচীৰ আৰ্হিত বিটিআৰ অঞ্চলতো সকলো যোগ্য হিতাধিকাৰীকে ৰেচন কাৰ্ড প্ৰদানৰ বাবে এক ব্যাপক অভিযান হাতত ল’বলৈ খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগক তেওঁ নিৰ্দেশ দিয়ে।‌ এই পৰ্যালোচনা বৈঠকত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি.টি.চি.ৰ কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে।

ইয়াৰোপৰি মন্ত্ৰী সিংহলে বিয়লি কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত বড়োভূমিৰ বিভিন্ন দল-সংগঠনসমূহৰ সৈতেও সুকীয়া সুকীয়াকৈ এলানি বৈঠকত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে।

সংগঠনসমূহ হৈছে এবছু, আক্ৰাছু, আছা, আগছু, বিটিআৰ গোৰ্খা সমাজ, সদৌ অসম বাঙালী ফেডাৰেছন, সদৌ বিটিআৰ বাঙালী ফেডাৰেছন, ৰাভা ছাত্ৰ সন্থা, সদৌ বিটিআৰ অনুসূচিত জাতি ছাত্ৰ সন্থা, প্ৰাক্তন বিটিএফ কল্যাণ সমিতি, সদৌ অসম চাওতাল ছাত্ৰ সন্থা, অখিল হিন্দী বিকাশ পৰিষদ আদি।

‘শিশুৰ দিন’ উদযাপনেৰে মুখৰিত অসম গ্ৰন্থমেলা, হাফলং; চিত্ৰাংকণ-আকস্মিক বক্তৃতাক লৈ শিশু-অভিভাৱকৰ উছাহ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, হাফলং বুধবাৰে শিশুৰ কলৰৱত মুখৰিত হৈ পৰে ৷ ইয়াৰ সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰেক্ষাগৃহ প্ৰাংগণত অহা ৭ অক্টোবৰলৈ আয়োজিত এই গ্ৰন্থমেলাত বুধবাৰৰ দিনটো “শিশুৰ দিন” হিচাপে উদযাপন কৰা হয় ৷ তদুপলক্ষে পুৱা ১০ বজাৰ পৰা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দুপৰীয়া ১২ বজাৰ পৰা আকস্মিক বক্তৃতা অনুষ্ঠিত হয় শিশুসকলৰ মাজত ৷

চিত্ৰাংকণ প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে চিত্ৰ শিল্পী অৰ্পিতা ধৰে ৷আকস্মিক বক্তৃতাত বিচাৰকৰ আসন শুৱনি কৰে হাফলঙৰ জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপক মাইপাল কেম্প্ৰাই আৰু বিশিষ্ট লেখক-গ্ৰন্থকাৰ ৰামদিনা লালছিমে ৷

উল্লেখ্য যে চিত্ৰাংকণ প্ৰতিযোগিতাত ১০০ গৰাকী আৰু আকস্মিক বক্তৃতাত ৭০ গৰাকীয়ে যোগদান কৰে ৷ এই কাৰ্যসূচীত অভিভাৱক সকলৰ উপস্থিতিয়ে অসম গ্ৰন্থমেলাত উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷

কাইলৈ “শিশুৰ দিন”ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাৰ পৰা মুকলি কুইজ , দুপৰীয়া ১ বজাৰ পৰা কবিতা আবৃত্তি আৰু বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব তৰ্ক প্ৰতিযোগিতা ৷

ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত থকা ১৯০ জনক আটক

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ চলিল অভিযান। আৰক্ষীৰ অভিযানত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ,আগমনি, তামাৰহাট, বিলাসী পাৰা, চাপৰ, সাপট গ্ৰাম আৰক্ষী চকীৰ বিভিন্ন ঠাইত অভিযান চলাই গ্ৰেপ্তাৰ বাল্য বিবাহ কৰা স্বামীক ।


ধুবুৰী জিলাৰ আৰক্ষীয়ে অভিযান চলাই ধুবুৰীত ৩৩ গৰাকী, গোলকগঞ্জ ৪০ গৰাকী, গৌৰীপুৰ ৪২ গৰাকী ,আগমনি ৭ গৰাকী, তামাৰহাট ১২ গৰাকী, বিলাসী পাৰাৰ পৰা ৩৪ গৰাকী আৰু সাপটগ্ৰাম ১১ গৰাকী আৰু চাপৰ আৰক্ষী থানাত ১১ গৰাকী বাল্য বিবাহ কৰা স্বামীৰ লগতে আত্মীয়ক গ্ৰেপ্তাৰ কৰে।

ধুবুৰীত আটকাধীন ৩৩ গৰাকী ব্যক্তিক ধুবুৰীৰ ন্যায়িক আদালত হাজিৰ কৰাই জেল হাজোত লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইফালে ধুবুৰী সদৰ থানাৰ চৌহদত, বাল্য বিবাহ কৰা পৰিয়ালৰ লোকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়।

মালেছিয়াত অনুষ্ঠিত জুনিয়ৰ শাখাৰ আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেল প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন ঢেকীয়াজুলিৰ যুৱক পাৰশ লিম্বুৰ

মালেছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ গড়মাৰা পথাৰ গাঁৱৰ যুৱক পাৰছ লিম্বুৱে৷

উক্ত পাঞ্জা খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় গড়মাৰা পথাৰ গাঁৱৰ বাসিন্দা ভীম বাহাদু লিম্বু আৰু হেমা লিম্বুৰ জ্যেষ্ঠ পুত্ৰ পাৰছ লিম্বুৱে৷৩ অক্টোবৰত মালেছিয়াৰ পৰা পাৰছ লিম্বু শোণিতপুৰ জিলাৰ নিজ গৃহত আহি উপস্থিত হয়৷

ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জনেৰে অসমৰ লগতে অঞ্চলটোলৈ গৌৰব কঢ়িয়াই অনাত আজি উৎফুল্লিত সমগ্ৰ অঞ্চলবাসী৷পাৰছ লিম্বু ঘৰত আহি পোৱাত ৩ অক্টোবৰত অঞ্চলটোত আনন্দৰ বন্যা দেখিবলৈ পোৱা যায়,পাৰছ লিম্বুক লগতলৈ বিভিন্ন দল সংগঠনে উলিয়ালে আনন্দ যাত্ৰা,সমান্তৰালভাৱে পাৰছ লিম্বুক সম্বৰ্ধনা জনায় অসম লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিক সমিতিয়ে৷

উক্ত সম্বৰ্ধনা কাৰ্যসূচীত অসম লিম্বু মহাসভাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক চন্দ্ৰ প্ৰসাদ লিম্বু,লিম্বু মহাসভাৰ শোণিতপুৰ জিলাৰ উপ সভাপতি চুৰেন লিম্বু,নৰেন্দ্ৰ লিম্বু,গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিকৰ সভাপতি জগত লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ঢেকীয়াজুলিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইমৰান হুছেইনৰ উপৰিও অসংখ্য স্থানীয় ৰাইজ উপস্থিত থাকে৷আজিও পাৰছ লিম্বুৰ ঘৰত অজস্ৰ লোক উপস্থিত হৈ সম্বৰ্ধনা জনাই উজ্জ্বল ভবিষ্যত কামনা কৰে৷

ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ ‘এছিয়ান গেমছত অসমৰ খেলুৱৈ’ গ্ৰন্থ উন্মোচন

ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পঞ্চমখন গ্ৰন্থ “এছিয়ান গেমছত অসমৰ খেলুৱৈ” বুধবাৰে উন্মোচন কৰা হয়। চীনৰ হংজাওত চলি থকা উনবিংশতিতম এছিয়ান গেমছৰ মাজতে গুৱাহাটীৰ হোটেল গেটৱে গেন্ডৱেৰত এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় বিপুল বৰ্মনে লিখা ক্ৰীড়া গ্ৰন্থ খন।

১৯৫১ চনৰ পৰা আৰম্ভ হোৱা এছিয়ান গেমছত ২০১৮ চন পৰ্যন্ত অসমৰ ১৯ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। ভোগেশ্বৰ বৰুৱাৰ পৰা হিমা দাসলৈ মুঠ ১৯ গৰাকী এছিয়ান গেমছৰ খেলুৱৈৰ জীৱন কাহিনী লৈ যুগুত কৰা সংকলনটো বুধবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী শ্বুটাৰ জয়দ্বীপ দাস আৰু ১৯৮২ চনৰ এছিয়ান গেমছৰ খেলুৱৈ তৈয়বুন নিছাই।

অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট ক্ৰীড়া সংগঠক ড: বিষ্ণুৰাম নুনিছা, ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাস, পাৰ্থ চক্ৰৱৰ্তী, পুলিন সাহা, বিশিষ্ট কাৰ্টুনিষ্ট প্ৰদীপ নাথ আৰু সফল চাইক্লিষ্ট প্ৰতিভু দত্ত। আটাইকেইজন অতিথিয়ে ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনক ভূয়সী প্ৰশংসা কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিপুল বৰ্মন উত্তৰ পূৰ্বাঞ্চলৰ মহান অলিম্পিয়ান সকল, হিমালয়ান স্কৰপিঅন বাইচুং ভূটীয়া, পূৰ্বোত্তৰৰ অৰ্জুন, অসমৰ পৰম্পৰাগত ক্ৰীড়া সংৰক্ষন প্ৰকাশ পাইছিল।

বুধবাৰৰ উদ্ধোধনী সমাৰোহটো ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিটি, ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা হৈছিল। এছিয়ান গেমছত অসমৰ খেলুৱৈ শীৰ্ষক ক্ৰীড়া গ্ৰন্থখন এঞ্জেল পাব্লিকেচনে প্ৰকাশ কৰে।

দিনটোৰ দ্বিতীয় ফান্দ! উৎকোচ লৈ হাত দাঙিলে আন এজন আৰক্ষী বিষয়াই

পুনৰ উৎকোচ লৈ হাত দাঙিলে আন এজন আৰক্ষী বিষয়াই।

হাতে-লোটে গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক মেৰাফত আলীক। লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ SI মেৰাফত আলী।

দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক। অপৰাধীক মুকলি কৰি দিয়াৰ নামত লৈছিল ধন।

৩০০০টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক জুনু কলিতা

নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান।

৩০০০টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক জুনু কলিতা।

এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক জয়

পুনৰ উজ্বলিল ৰিঙৰ ৰাণী লাভলীনা বৰগোহাঁই। এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক জয়। চীনৰ প্ৰতিদ্বন্দী লি কিউয়ানৰ বিপৰীতে এছিয়াডৰ ৰিঙত নামি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল অসম কন্যাগৰাকীয়ে।

বুধবাৰে ১.১৫ বজাত ৰিঙত নামিছিল লাভলীনা বৰগোহাঁইয়ে। এছিয়ান গেমছৰ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল লাভলীনাই।

আজিৰ এই সফলতা অৰ্জন কৰাৰ লগে লগে লাভলীনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নিজৰ পদকৰ তালিকাত সংযোজিত কৰিলে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ, অলিম্পিক পদক খিতাপৰ লগতে এছিয়ান গেমছৰ ৰূপৰ পদকৰ খিতাপ।

হাংঝত অনুষ্ঠিত এছিয়ান গেমছত লাভলিনাৰ বৰগোহাঁইৰ ৰূপৰ পদক লাভৰ পাছতে বৰপথাৰত আৱতৰীয়া দিপাৱলী।