Home Blog Page 1335

কমাৰগাঁৱত অমৃত কলহ যাত্ৰা

শনিবাৰে ৰহাৰ কমাৰগাঁও পঞ্চায়ত মুখৰ হৈ পৰে খোল-তাল, হৰিনামৰ ধ্বনি তথা আয়তিৰ উৰুলিৰে। মোৰ মাটি, মোৰ দেশৰ অমৃত কলহ যাত্ৰাহে আছিল এই শোভাযাত্ৰাত।

ৰহাত পঞ্চায়তে পঞ্চায়তে চলিছে এই অমৃত কলহ যাত্ৰা। শনিবাৰে ৰহাৰ কমাৰগাঁও পঞ্চায়ততো অনুষ্ঠিত হয় বিশাল অমৃত কলহ যাত্ৰা। স্থানীয় বিধায়ক শশীকান্ত দাসে এই অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি পঞ্চায়তটোৰ ৰাইজৰ পদুলিয়ে পদুলিয়ে সংগ্ৰহ কৰে অমৃত কলহৰ মাটি।

বিধায়কগৰাকীৰ লগত স্থানীয় তিনি শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি শোভাযাত্ৰাৰে ভাৰত মাতাৰ জয়ধ্বনিৰে মুখৰিত কৰাৰ লগতে মহিলাসকলৰ হৰিনাম, খোল-তালৰ ধ্বনি তথা উৰুলিৰে অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল;প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল।

প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি।

কাইলৈৰ পৰা বলৱৎ হ’ব নতুন নিৰিখ।

৩০০ ইউনিটলৈ বৃদ্ধি হ’ব ৩০ পইচাকৈ। ৩০০-৫০০ ইউনিটত বাঢ়িব ৫০ পইচাকৈ।

৫০০ৰ অধিক ইউনিটত বাঢ়িব ১.২৯ টকাকৈ।

বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্ৰত বাঢ়িব ১.২৯ টকাকৈ ।

ভূটানৰ গেলেফু-থিম্ফু-ফুণ্ট শ্লিং হৈ এছিয়ান কাৰ ৰেলী শিলিগুৰিত উপস্থিত

ভূটানত ৩দিনীয়া পৰিক্ৰমা সামৰি এছিয়ান কাৰ ৰেলী শনিবাৰে সন্ধিয়া শিলিগুৰিত প্ৰৱেশ কৰে। যোৱা ২৮ ছেপ্তেম্বৰত গুৱাহাটীৰ পৰা ৰাওনা হোৱা দলটোৱে প্ৰথম দিনা ভূটানৰ গেলেফুত নিশা কটায়। শুকুৰবাৰে ৰেলীয়ে ভূটানৰ পাহাৰীয়া পথেদি যাত্ৰা কৰি দেশখনৰ ভিতৰুৱা পথ পৰিক্ৰমা কৰি নিশা প্ৰায় ৮ বজাত ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয়গৈ।

থিম্ফুত নৰ্থ ইষ্ট ফেডাৰেচন অন্ ইন্টাৰনেচনেলে চমুকৈ NEFIT এ আয়োজন কৰা BIBN FRIENDSHIP CAR RALLY নামেৰে নামাকৰণ কৰা এছিয়ান কাৰ ৰেলীৰ চতুৰ্থ সংস্কৰণত অংশ লোৱা দলটোক ভূটান চেম্বাৰছ অফ কমাৰ্চ এ আদৰণি জনায়।

শনিবাৰে পুৱা থিম্ফুত অনুষ্ঠিত হয় কাৰ ৰেলীৰ আন এক ফ্লেগ অফ অনুষ্ঠান। ভূটানৰ ভাৰতীয় দূতাবাসৰ কাউন্সিলৰ বিদেশ পৰিক্ৰমাৰ বিষয়া অমিত ভাৰ্মাই পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত ভাৰ্মাই ভাৰত – ভূটান দ্বিপাক্ষিক সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত এনে কাৰ ৰেলীয়ে ল’ব পৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

নিশালৈ কাৰ ৰেলীয়ে ফুন্তছলিং পাৰ হৈ আহি শিলিগুৰিত প্ৰবেশ কৰিছে। দেওবাৰে পুৱা শিলিগুৰিৰ মেয়ৰে এই ৰেলীৰ ফ্লেগ অফ কৰিব।

অসামাজিক কাম-কাজ নিৰ্মূলৰ মূল চাবি-কাঠি নাৰী শিক্ষা

নৱ নিৰ্মিত দৰং জিলাৰ শিলবৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত শিলবৰীৰ যুৱ সমাজ কৰ্মী হেবজুৰ ৰহমানৰ সভাপতিত্বত শিলবৰী আৰক্ষী চকীৰ গাঁওৰক্ষী সংগঠন আৰু শিলবৰী আৰক্ষী চকীৰ সহযোগত নাৰী শিক্ষা‌,শিশু শ্ৰমিক, বাল্য বিবাহ, ড্ৰাগছ, মদ ভাং আদি নিৰ্মূল কৰাৰ উদ্দেশ্যে আবেলি তিনি বজাত এক বিশাল সজাগতা সভা অনুষ্ঠিত হয়।

সভাত বৃহত্তৰ শিলবৰী অঞ্চলৰ বিভিন্ন গাঁৱৰ,মাতৃ গোটৰ সভানেত্ৰী, সম্পাদিকা, সদস্য, অংগনাবাড়ী কৰ্মী,আশাকৰ্মী আদি কৰি প্ৰায় চাৰি শতাধিক মহিলাৰ উপস্থিত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। স্থানীয় যুৱক আব্দুল মালেকৰ উদ্দেশ্য ব্যাখ্যাৰ লগে লগেই আৰম্ভ সভাত স্থানীয় যুৱক তথা ওদালগুৰি,শোণিতপুৰ জিলাৰ এ.এস.ডি.এম. জিলা প্ৰকল্প বিষয়া ফাৰুখ আহমেদয়ে এক উদাক্ত ভাষণ প্ৰদান কৰি কয় যে সমাজত ঘটি যোৱা প্ৰতিটো অসামাজিক কাম-কাজ নিৰ্মূলৰ মূল চাবি-কাঠি নাৰী শিক্ষা।

নাৰী শিক্ষিত হ’লে হে সমাজ এখন শিক্ষাৰ দিশত আগুৱাই যাব,শিশু এজনৰ প্ৰথম শিক্ষক হ’ল মাতৃ।


২ নং দুৰাং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীৱন চন্দ্ৰ চৰকাৰে পৰিয়ালৰ মাজত স্ত্ৰী ভূমিকা, সন্তানৰ প্ৰতি মাতৃ এগৰাকীৰ কৰনীয় কাম,স্বামীৰ প্ৰতি কৰ্তব্য আদিৰ বিষয়ে ভাষন প্ৰদান কৰে। শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় সৈন্যলেও ভাষণ প্ৰসঙ্গত কয় যে আমি প্ৰথমে প্ৰতি জনেই নিজৰ পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব লাগিব।

নিজৰ সন্তান টো কি কৰিছে? ক’ত গৈছে প্ৰতিজন পিতৃ-মাতৃয়ে জনাৰ দৰকাৰ। সমাজ টোক শুধৰাই ৰখা প্ৰতি জন সুনাগৰিকৰ মৌলিক কৰ্তব্য বুলি ধৰি লব লাগিব।অনৈতিক কাম সংঘটিত কৰা লোক জনৰ বিৰুদ্ধে আৰক্ষীক সহায় সহযোগিতা কৰিব লাগিব। সভাত উপস্থিত থকা প্ৰতি জনেই সমাজত সংঘটিত অনৈতিক কাম-কাজ নিৰ্মূলৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

এই গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক ৰিতুল কুমাৰ ৰাংহাং, দলগাঁও গাঁও ৰক্ষী বাহিনীৰ চক্ৰ বিষয়া প্ৰকাশ মেধি,বেছিমাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক মোজামিল হক, শিলবৰী গাঁও ৰক্ষী বাহিনীৰ সম্পাদক হবিবুৰ ৰহমান, বৰঝাৰ গাওঁ ৰক্ষী বাহিনীৰ তোষাৰ মল্লিক লগতে বহু কেইখন গাঁওৰক্ষী বাহিনীৰ সম্পাদক, গাঁও প্ৰধান আৰু স্থানীয় গন্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

২০০০টকীয়া নোট সন্দৰ্ভত RBIৰ নতুন নিৰ্দেশনা

২০০০টকীয়া নোট সন্দৰ্ভত RBIৰ নতুন নিৰ্দেশনা

আজিয়েই বন্ধ নহয় ২হাজাৰ টকীয়া নোটৰ প্ৰচলন

বন্ধৰ সময়সীমা ৭অক্টোবৰলৈ বৃদ্ধি

পূৰ্বতে দিয়া নিৰ্দেশনা অনুসৰি আজি আছিল নোট প্ৰচলন বন্ধ হোৱাৰ দিন

এনিমিয়া মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে পোষণ মাহ’২০২৩ ৰ পৰীক্ষা, চিকিৎসা আৰু সজাগতা সভা

অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা ডিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প লগতে সোণাপুৰ প্ৰাথমিক স্বাস্থ কেন্দ্ৰ ডিগাৰু শাখাৰ সহযোগত বামুনখাটস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত পোষণ মাহ ২০২৩ উপলক্ষে এক বিশেষ সজাগতা সভা, পৰীক্ষা আৰু চিকিৎসা সেৱাৰ আয়োজন কৰা হয় ।

অনুষ্ঠানত ডিগাৰু চিকিৎসা কেন্দ্ৰৰ চিকিৎসা কৰ্মী জ্ঞাননাথ শৰ্মা আৰু বিজয় শৰ্মাই বিদ্যালয়খনৰ ১৪ বছৰৰ ওপৰৰ প্ৰায় এশগৰাকী ছাত্ৰীৰ এনিমিয়া পৰীক্ষা কৰে । লগতে উপস্থিত প্ৰত্যেক গৰাকী ছাত্ৰীকে আইৰণ টেবলেটৰ লগতে চেনেটেৰী পেড প্ৰদান কৰা হয় । সজাগতা সভাত উপস্থিত থাকি ডিমৰীয়া শিশু সংহত উন্নয়ন প্ৰকল্পৰ চুপাৰভাইজাৰ ক্ৰমান্বয়ে কস্তুৰী গগৈ , পূৰ্নিমা পেগু, বিনীতা চেতিয়া হাজৰিকা আৰু খণ্ড সমন্বয়ক বৰ্ণালী কলিতাই কিশোৰীসকৰ স্বাস্থ সজাগতা , সুষম আহাৰ লগতে ঋতুকালীন সময়ত লবলগীয়া সাৱধনতা আদি বিষয়ত উপস্থিত মাতৃ আৰু কিশোৰীসকলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে ।

উক্ত অনুষ্ঠানতে ডিগাৰু অঞ্চলৰ কেইবাটাও অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সুষম আহাৰ থলুৱা শাক-পাছলিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে ।

বিদ্যালয়ৰ প্ৰধান তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক উপেন গোস্বামীয়ে ডিমৰীয়া সংহত শিশু প্ৰকল্পৰ বিষয়া তথা ডিগাৰু চিকিৎসালয়ৰ চিকিৎসাকৰ্মী আৰু অঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনবোৰত এনেধৰণৰ চিকিৎসা আৰু সজাগতা সভা আয়োজন কৰিবলৈ অনুৰোধ জনায় ।

হাজোৰ কুলহাটী-দমদমা চ’কত হাজো-গুৱাহাটী মূল পথ অৱৰোধঃ এঘন্টাধৰি তীব্র যানজট

হাজো-গুৱাহাটী পথৰ কুলহাটী-দমদমা চʼকৰ ৰাজপথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে দীৰ্ঘদিন ধৰি যমৰ যাতনা ভূগি অহা ৰাইজে শনিবাৰে দিনৰ ডেৰ বজাৰ পৰা প্ৰায় আঢ়ৈ বজালৈ এঘন্টাজোৰা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পথচোৱাৰ এই দুৰৱস্থাত নিতৌ সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা। পথচোৱাৰ দুৰৱস্থাৰ ফলত যমৰ- যাতনা ভোগ কৰিব লগীয়াত পৰিছে স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ লগতে দুৰণিবটীয়া যাত্ৰীয়ে।

হাজো গুৱাহাটী ৰাজপথৰ এই স্থানত পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে যদিও লোক নিৰ্মাণ বিভাগৰ অভিযন্তা, ঠিকাদাৰে চকু মুদা কুলিৰ ভাও ধৰাৰ স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি পথচোৱা পুনৰ নিৰ্মাণৰ ছমাহ নৌহওঁতেই পথটোৰ বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হৈছে। পথচোৱা মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত আজি ধৈৰ্যৰ বান্ধ চিগাত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

এঘণ্টাতকৈয়ো অধিক সময় পথটো অৱৰোধ কৰি ৰখাত গুৱাহাটী-নলবাৰী অভিমুখী শ শ যান- বাহন আৱদ্ধ হৈ পৰে।পৰৱৰ্তী সময়ত অৱৰোধস্থলীত হাজো আৰক্ষী আৰু হাজো ৰাজহ চক্ৰ বিষয়া গৰাকী উপস্থিত হৈ প্ৰতিবাদী ৰাইজক বুজনি দিব চেষ্টা কৰে যদিও প্ৰতিবাদী জনতা সৈমান নোহাৱাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া উপস্থিত হৈ পথচোৱা শনিবাৰে নিশাৰে পৰা মেৰামতিৰ আশ্বাস দিয়াত পথচোৱা মুকলি কৰি দিয়ে।

ইফালে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখতো পথচাৰীয়ে পথৰ দুৰাৱস্থাৰ বাবে যমৰ যান্ত্ৰণা ভূগি আহিছে। দীৰ্ঘদিন ধৰি পথচোৱা মেৰামতি কৰিবলৈ আহ্বান জনোৱা হৈছে যদিও ৫০মিটাৰ নিলগত থকা হাজো লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ে দেখিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ উঠিছে। অনতি বিলম্বে এই পথচোৱাও মেৰামতি কৰিবলৈ দাবী জনাইছে হাজোৰ স্থানীয় ৰাইজে।

ডিমৌত স্বচ্ছতাৰ বাবে এটা দিন শীর্ষক কাৰ্যসূচীত ৰাইজৰ স্বইচ্ছাই সহযোগিতা কৰিবলৈ আহ্বান ডিমৌ পৌৰসভাৰ

এক অক্টোবৰত স্বচ্ছতাৰ বাবে শীর্ষক এটা দিন ৰাইজৰ স্ব-ইচ্ছাই সহযোগিতা কামনা কৰি শনিবাৰে ডিমৌ পৌৰসভা কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত হয়।

ডিমৌ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কংকনা শইকীয়া আৰু ডিমৌ পৌৰসভাৰ পৌৰপতি পল্লবিতা গগৈয়ে সংবাদ মেল সম্বোধন কৰি কয় যে এক অক্টোবৰ দিনটো এক দিন, এক ঘণ্টা, একেলগে স্বচ্ছতাৰ বাবে কাম কৰো শীর্ষক কাৰ্যসূচীত ৰাইজৰ স্ব-ইচ্ছাই সহযোগিতা কামনা কৰে।

পুৱা ১০ বজাৰ পৰা ১১ বজালৈকে অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীত ডিমৌ পৌৰ সভাৰ দহটা ৱাৰ্ডতে লোৱা হয়। ইতিমধ্যে ডিমৌ পৌৰসভাই যোৱা কেইটা দিন ৱাৰ্ডে ৱাৰ্ডে নিজাববীয়াকৈ শ্ৰমদান কাৰ্যসূচী হাতত লৈ আহিছে।

আনহাতে ডিমৌ পৌৰসভা এলেকাত অমৃত কলহ যাত্রা ইতিমধ্যে শেষ হোৱা বুলিও কয়। আনহাতে ডিমৌ পৌৰসভাৰ বহুকেইটা সমস্যাৰ সন্দৰ্ভত ডিমৌ সংবাদকৰ্মী সকলে কাৰ্যবাহী বিষয়া কংকনা শইকীয়া আৰু পৌৰপতি পল্লবিতা গগৈক অৱগত কৰি ইয়াৰ স্থায়ী সমাধানৰ পদক্ষেপ লবলৈ আহ্বান জনায়।

বিশেষকৈ ডিমৌ চাৰিআলিৰ নিতাই বৰবৰুৱা পথৰ সন্মুখভাগত প্ৰায়ে হোৱা ব্যাপক যান-যতৰ সমস্যা। পথছোৱা সন্মুখভাগ চৰকাৰী নীতি নিয়ম অনুযায়ী বহল কৰা আদি বিষয়বোৰ স্থায়ী সমাধান কৰাৰ বাবে কৰা আহ্বানৰ প্ৰতি বিষয়াগৰাকী আৰু পৌৰপতি সহাৰি জনায়।

১৯ সংখ্যক এছিয়ান গেমছত পাকিস্তানক পৰাজয়ৰে ভাৰতৰ দশম স্বৰ্ণ পদক জয়

১৯ সংখ্যক এছিয়ান গেমছত পাকিস্তানক পৰাজয়ৰে ভাৰতৰ দশম স্বৰ্ণ পদক জয়।

পুৰুষৰ স্কোয়াছ দলৰ ফাইনেলত পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰি এছিয়ান গেমছত ভাৰতে দশমটো স্বৰ্ণ পদক অৰ্জন কৰে।

নাছিৰ ইকবালৰ হাতত ৮-১১, ৩-১১, ২-১১ গ’লত পৰাস্ত হোৱাৰ পাছত ভাৰত ০-১ গ’লত পিছ পৰি আছিল।

মহম্মদ অসীম খানক ১১-৫, ১১-১, ১১-৩ গ’লত পৰাস্ত কৰি সৌৰভ ঘোষালে ১-১ গ’লত অগ্ৰগতি লাভ কৰে।

ডিচাইডাৰত অভয় সিঙে নুৰ জামানক ৫খন খেলত পৰাস্ত কৰে।

ৰাষ্ট্ৰপতি মুৰ্মুৰ স্বাক্ষৰঃ আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক…

২৭ বছৰীয়া এক দীঘলীয়া পৰিক্ৰমাই যেন আজি পূৰ্ণতা লভিলে। লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে গৃহীত হোৱাৰ পিছত শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পিছতে আইনত পৰিণত হৈ পৰে বিধেয়ক খন। লোকসভাৰ বিশেষ অধিৱেশনত উচ্চ সদন আৰু নিম্ন সদনত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পাছতেই আইনত পৰিণত হ’ল বিশেষ বিধেয়কখন৷ এই নতুন আইনখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰিব৷ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে আজি ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতিৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়কখনত স্বাক্ষৰ কৰে। এই মাহৰ আৰম্ভণিতে সংসদৰ এক বিশেষ অধিৱেশনৰ সময়ত সংবিধান সংশোধনী বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত সৰ্বসন্মতিৰে গৃহীত হৈছিল। নতুন আইনখন কাৰ্যকৰী হ’বলৈ পৰৱৰ্তী লোকপিয়ল সম্পন্ন হ’ব লাগিব৷ দিল্লীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছত বিজেপিৰ এক অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাটো কেৱল গণতন্ত্ৰৰ বাবেই নহয়, দলটোৰ আদৰ্শৰ বাবেও এক জয়।উল্লেখ্য উল্লেখ্য কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকতে বিধেয়কখন উত্থাপন কৰিছিল।

উল্লেখ্য যোৱা ২৭ বছৰ ধৰি মহিলা সংৰক্ষণ বিধেয়কখনকলৈ সংসদৰ দুয়োখন সদনতে আলোচনা হৈ আহিছে। কিন্তু চৰকাৰ গঠন কৰা দলৰ কোনো এখন সদনত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবেই ২৭ টা বছৰে বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷ ১৯৯৬ চনত এইচ.ডি. দেৱগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছিল ।সেই সময়ৰে পৰাই মহিলা সাংসদ আৰু বিধায়িকাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবী উঠিছিল। কিন্তু এই বিধেয়কখন খন গৃহীত হোৱাৰ পূৰ্বেই দেৱগৌড়াৰ চৰকাৰ ভংগ হৈছিল। পিছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিষয়টো পুনৰ উত্থাপন কৰা হৈছিল৷ কিন্তু সেইবাৰো বিধেয়কখন গৃহীত কৰিব পৰা নগ’ল। মনমোহন সিং চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১০ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল। অৱশ্যে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে বিধেয়কখন স্থগিত হৈ পৰে। অৱশেষত বুধবাৰে বিধেয়ক খন লোকসভাত অতি সহজে গৃহীত হয় । উল্লেখ্য ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, সংসদত মাত্ৰ ৭৮ গৰাকী মহিলা সাংসদ আছিল। ৰাজ্যসভাৰ ২৫০গৰাকী সাংসদৰ ভিতৰত মাত্ৰ ৩২ গৰাকী মহিলা সাংসদ আছিল , সেয়া আছিল মুঠ সাংসদৰ ১১ শতাংশ। একেদৰে মোদী মন্ত্ৰীসভাত আছে মাত্ৰ ৫ শতাংশ মহিলা।অৱশ্যে, নিৰ্বাচন আয়োগৰ ২০১৯ চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৯১ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ৪৪ কোটি মহিলা ভোটাৰ আছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত,৬৭.০২ শতাংশ পুৰুষ আৰু ৬৭.১৮ শতাংশ মহিলাই ভোটদান কৰিছিল। তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাকে ধৰি ১২ খন ৰাজ্যত মহিলা ভোটাৰে অধিক ভোটদান কৰিছিল। বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটকত পুৰুষ-মহিলা উভয়ৰে ভোট প্ৰায় সমান আছিল। এই ১২ খন ৰাজ্যত প্ৰায় ২০০ খন লোকসভা আসন আছে।