কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ’লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।
পূজাৰ সময় অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক’ৰবাত তিনি দিন, ক’ৰবাত পাঁচ দিন আৰু ক’ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক ‘ৰাজ কৰম’ বা ‘ৰাজি কৰম’বা ‘ডাল কৰম’ বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক ‘বুড়ী কৰম’ বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক ‘জিতিয়া কৰম’ বোলে।
কৰম জাৱা কৰম পূজাৰ জাৱা জগোৱা নামৰ অনুষ্ঠানটোৱেই আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। ইয়াত মুখ্যতঃ গাভৰুসকলে আগভাগ লয়। এওঁলোকক ‘কৰমতী’ আখ্যা দিয়া হয়। এই পূজাৰ পাঁচ বা সাত দিন মানৰ পৰা ব্ৰতত থাকি ঢোল, তাল, বাঁহী আদি বজাই নৈবেদ্য সহকাৰে নৈৰ ঘাটলৈ গৈ, গা ধুই, আৰতি কৰি, লগত নিয়া নতুন পাচি এটাত সকলোৱে একো আজলিকৈ বালি ভৰাই তাতে কৰমতীসকলে নিয়া মাটিমাহ, বুতমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ আদি ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ মাহ-সৰিয়হ আদিয়ে গঁজালি মেলা অৱস্থাটোক জাৱা বোলা হয়। শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়।
গুৱাহাটী ক্ৰীড়া সন্থাই ইয়াৰ ২০২৩-২৪ৰ বি আৰু চি ডিভিজন ফুটবল লীগ আৰম্ভ কৰাৰ পূৰ্বে ইয়াৰ অধীনৰ ৰেফাৰীসকলৰ লগতে ক্লাবসমূহক ফুটবলৰ শেহতীয়া নীতি নিয়ম সম্পৰ্কে অৱগত কৰিবলৈ আজি এখন আলোচনাচক্ৰৰ আয়োজন কৰে ৷ সন্থাৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত থকা কাৰ্যালয়ত আয়োজিত এই আলোচনাচক্ৰত ফুটবলৰ শেহতীয়া নীতি নিয়ম, ৰেফাৰীৰ ভূমিকা আৰু ক্লাবৰ খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰৰ দায়িত্ব সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷
ৰেফাৰী সমিতিৰ অধ্যক্ষ যজ্ঞেশ্বৰ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনাচক্ৰত সন্থাৰ আজীৱন সদস্য মুনীন নবীশে সকলোকে আদৰণি জনায় আৰু কয় যে ফুটবল খেল পৰিচালনাৰ নীতি-নিয়মলৈ অহা পৰিৱৰ্তনৰ বিষয়ে জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷ সেয়ে ৰেফাৰীৰ লগতে ক্লাবসমূহৰ বিষয়ববীয়াক লৈ এই আলোচনাৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ পাছতে ৰেফাৰী সমিতিৰ উপাধ্যক্ষ তথা ৰেফাৰীৰ মুৰব্বী দীপক কুমাৰ দেই ফুটবল পৰিচালনাৰ ক্ষেত্ৰত ফিফাই অনা নতুন সংস্কাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ আৰম্ভ কৰে ৷
তেওঁ ফুটবলৰ নিয়মৰ ক্ষেত্ৰত হোৱা বিভিন্ন নতুন সংযোজনৰ বিষয়ে সভাক অৱগত কৰে ৷ তেওঁ ৰেফাৰী, খেলুৱৈ আৰু ক্লাব কৰ্তৃপক্ষৰ লগতে আয়োজকৰপৰাও এই নীতিনিয়মবোৰ প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সহযোগিতা আশা কৰে ৷ এই আলোচনাচক্ৰত সন্থাৰ যুটীয়া সম্পাদক কাজল পাল চৌধুৰী, সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকা, ক্ৰীড়া সম্পাদক (ফুটবল) এল প্ৰণৱ সিং, কাৰ্যবাহী সদস্য কৌস্তৱ চক্ৰৱৰ্তী, ৰেফাৰী সমিতিৰ সদস্য সুশান্ত কুমাৰ সেন, যদু গগৈ, অৰ্ঘৰাম বড়োৰ লগতে ৰেফাৰীসকল আৰু বিভিন্ন ক্লাবৰ বিষয়ববীয়া উপস্থিত থাকে ৷
দৰঙৰ পশ্চিম দিশত অৱস্থিত নামখলা এখন অতি ব্যৱসায়ীকভাৱে অতি ব্যস্ততাপূৰ্ণ ঠাই ৷ জিলাখনৰ উত্তৰ আৰু পশ্চিম দিশৰ কেইবাখনো গাওৰ লোক ব্যৱসায়ীক ভাৱে নামখলাৰ সৈতে সম্পূৰ্ণ জড়িত ৷ এই অঞ্চলবাসীয়ে এটাই দুখ প্ৰকাশ কৰে যে ইয়াৰ ওচৰ পাজৰে থকা গাওঁৰ ৰাষ্টা সমুহ সমপূৰ্ণৰূপে অনুন্নত ৷ নামখলা বাসী ৰাইজৰ বহুত কাকূতিমিনতিৰ পিচত মুখ্যমন্ত্ৰীৰ পকি পথ নিৰ্মান আচনিত অন্তৰ্ভুক্ত হ’ল নামখলাৰ পৰা আঠিয়াবাৰী বৰলাখাটলৈ যোৱা পথটি ৷ উল্লেখযোগ্য যে মঙলদৈ মাজিকুচি পথৰ ঐতিহাসিক নামখলা শিৱমন্দিৰ চকৰ পৰা বৰলাখাট, আঠিয়াবাৰী হৈ কেইবাখনো গাওঁৰ মাজেৰে বি টি এডিৰ খৈৰাবাৰীত সংযোগ হৈছে ৷