Home Blog Page 1350

ধেমাজি-লখিমপুৰ-মাজুলীৰ প্ৰাদেশিকৃত অনাশিক্ষক কৰ্মচাৰীৰ হুংকাৰঃ ফিক্সপে সলনি স্কেলপে ব্যৱস্থাৰ দাবী ৰাজ্য চৰকাৰলৈ…

ৰাজ্যখনৰ তিনিখন জিলা ক্ৰমে লখিমপুৰ-মাজুলী আৰু ধেমাজি জিলাৰ প্ৰাদেশিকৃত অনাশিক্ষক কৰ্মচাৰীৰ সকলৰ গণতান্ত্ৰিক ভাৱে ন্যায্য প্ৰাপ্তিৰ  দাবীত আজি দুই শতাধিক অনাশিক্ষক তথা কৰ্মচাৰীয়ে  গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি জিলাৰ গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ প্ৰাঙ্গনত একত্ৰিত তেওঁলোকে এখন সাধাৰণ সভাৰ অনুষ্ঠিত কৰি প্ৰতিবাদমুখৰ হৈ উঠে ৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰে তিনিখন জিলাৰ অনা শিক্ষক তথা  কৰ্মচাৰী সকলে । তেওঁলোকে অভিযোগ কৰা মতে ২০২১ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী, ২০২২ চনৰ ২২ ছেপ্টেম্বৰ আৰু ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি থকা কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিছিল ।  The Assam Education (Provincialisation of services of Teachers and Re-organisation of Educational Institution)Act-2017 and (Amendment) Act-2018 অনুসৰি উপযুক্ত অৰ্হতা থকা শিক্ষকসকলক শিক্ষক আৰু অৰ্হতা নথকা শিক্ষকসকলক টিউটৰ হিচাপে লৈ  পদ প্ৰাদেশিকীকৰণ কৰিলে ।

কিন্তু ৰহস্যজনকভাৱে The Assam Education (Provincialisation of services of Non Teaching staff of Venture Educational Institution (Amendment) Act-2020 অনুসৰি স্নাতক মহাবিদ্যালয় (Senior College)ৰ কেৱল গ্ৰন্থাগাৰিক  পদতকৰ্মৰত কৰ্মচাৰীখিনিকহে ইউ জি নৰ্মছ্‌ অনুসৰি অসম চৰকাৰৰ পুৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীলৈ উন্নীত কৰিলে । কিন্তু The Assam Education (Provincialisation of services of Non Teaching staff of Venture Educational Institutions) Act-2018- ৰ অধীনত বিভিন্ন স্তৰৰ ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত অনা শিক্ষক তথা কৰ্মচাৰী  সকলৰ বাবে কোনো শিক্ষাগত আৰু বৃত্তিগত অৰ্হতাৰ কথা আইনখনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনস্থ বিভিন্ন পৰ্যাযৰ প্ৰদেশিকীকৃত শিক্ষানুষ্ঠানত অনাশিক্ষকহতথা কৰ্মচাৰী  হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ দৰে অর্হতা থকা  সত্বেও সদ্য প্রদেশিকীকৃত অনা শিক্ষক তথা কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীলৈ উন্নীত কৰাৰ বাবে বিগত সময়ছোৱাত আইনখনৰ কোনো ধৰণৰ সংশোধনী অনাৰ প্ৰয়াস নকৰি কিয় Fixed Pay দি পদসমূহ প্রদেশিকীকৰণ কৰিলে সেয়া এক নুবুজা সাথঁৰ হৈ থাকিল তেওঁলোকে অভিযোগ কৰে  ৷ তদুপৰি আইনখনত অনাশিক্ষকতথা কৰ্মচাৰীসকলে কেতিয়া কেনেকৈ কি উপায়েৰে পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীলৈ উন্নীত হ’ব পাৰিব তাৰো কোনো ধৰণৰ উল্লেখ নথকাটোও উদ্বেগ প্ৰকাশ কৰে ভূক্তিভোগী অনাশিক্ষকসকলে। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীক   সদ্য প্ৰাদেশিকৃত বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অনা শিক্ষক তথা কৰ্মচাৰী সকলক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায়  ৷ ইয়াৰ অন্যথা

ন্যায্যপ্ৰাপ্তিৰ বাবে একত্ৰিত হৈ  লখিমপুৰ,মজুলী  আৰু ধেমাজিৰ প্ৰাদেশিকৃত অনা শিক্ষকসকলে ৰাজপথত নামিবলৈও কুণ্ঠাবোধ নকৰে বুলি চৰকাৰক সকীয়াই দিয়ে ৷  অনাশিক্ষক তথা কৰ্মচাৰী সকলে একত্ৰিত হৈ কাম কৰিব পৰাকৈ আজি   গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ এখন অনাশিক্ষক সমিতিও গঠন কৰে ৷ উক্ত সমিতিত  সত্যধৰ চুংক্ৰাঙক সভাপতি, মাণিক নাথক কাৰ্যকৰী সভাপতি,  বিপুল শ‌ইকীয়া, প্ৰেমানন্দ হাজৰিকা, নবীন সোণোৱাল, লক্ষ্মন চুংক্ৰাঙক উপ-সভাপতি, ললিত শ‌ইকীয়াক সম্পাদক, ধনজিৎ দুৱৰা, বিবেকানন্দ লাগাছুক সহকাৰী সম্পাদক, মানিক পাতিৰ, অনিল দেউৰী, বাৰুল পেগু, চুখেন শ‌ইকীয়া, দুলাল পাদুনক প্ৰচাৰ সম্পাদক, নৰেন্দ্ৰ দেউৰী, ডিম্বেশ্বৰ চেতিয়া, প্ৰফুল্ল দিহিঙ্গীয়া,লাচিত নৰহক সাংগঠনিক সম্পাদক, তুলেশ্বৰ পেগুক কোষাধ্যক্ষ হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰে ।  অসম চৰকাৰে যদিহে অচিৰেই অনা শিক্ষক তথা কৰ্মচাৰীসকলৰ  দাবী নামানে তেন্তে  আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলিও ঘোষণা কৰে ৷

দলগাওঁৰ শিলবৰীত দুটা আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মুজিবুৰ ৰহমানৰ লগতে দৰং জিলাৰ আয়ুক্ত মনিন্দ্ৰ নাথ নাটকে…

দলগাওঁৰ শিলবৰীত দুটা আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মুজিবুৰ ৰহমানৰ লগতে দৰং জিলাৰ আয়ুক্ত মনিন্দ্ৰ নাথ নাটকে মহোদয়ে…
দৰঙ জিলাৰ দলগাওঁ সমষ্টিৰ শিলবৰী গাঁও পঞ্চায়তৰ মূল প্ৰবেশ দ্বাৰৰ ৰঙা ফিটা কাটি মুকলিৰ লগতে উদ্বোধন কৰে গাঁও পঞ্চায়ত খনৰ সভা গৃহ। ইয়াৰ লগে লগেই নতুনকৈ নিৰ্মিত সভা গৃহত অনুষ্ঠিত হয় মুকলি সভা ।সভাত উপস্থিত থকা প্ৰতি জন মান্য গন্য ব্যক্তিক জনোৱা হয় জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা। সভাৰ আৰম্ভণিতে বৃহত্তৰ শিলবৰী পঞ্চায়তৰ অধীনস্থ সকলো গাঁৱৰ সমস্যা প্ৰতিবেদন আকাৰে ৰাইজৰ আগত পাঠ কৰে স্থানীয় যুৱক আব্দুল মালেকে।

লগতে প্ৰতিলিপি খিনি জিলা আয়ুক্ত আৰু বিধায়ক মহোদয়ৰ হাতত অৰ্পন কৰে স্থানীয় বিশিষ্ট সমাজ সেৱক হেবজুৰ ৰহমানে।সভাত উপস্থিত থাকি দৰং জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ে শিক্ষাৰ উপৰিও স্থানীয় সমস্যাৰ সমাধান পথ আৰু ভাৰত চৰকাৰৰ “মেৰী মাটি মেৰা দেশ” অভিযানৰ বিষয়ে বিতংকৈ আলোচনাৰ লগতে অইন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সভান প্ৰদান কৰে। দলগাওঁৰ স্থানীয় বিধায়ক মজিবুৰ ৰহমানে আজিৰ উদ্বোধনী হোৱা দুটা আঁচনিৰ কাম সুন্দৰ কৈ সুচাৰুৰূপে কৰাৰ বাবে শিলবৰী গাওঁ পঞ্চায়তৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ কথা উল্লেখ কৰে …শিলবৰীৰ পৰা ধেনুগুৰি লৈ যোৱা মূল পথচোৱাৰ কাম অতি কম দিনৰ ভিতৰত আৰম্ভ হ’ব,শিলবৰী শিমুল তলাৰ পৰা প্ৰধান মন্ত্ৰী সড়ক যোজনাৰ অধীনত ২.৬ কি:মি:পকী পথ নিৰ্মাণ কাম চলি আছে।

ছিৰাজুল হক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ অধীনত ৭১.৬ অতিৰিক্ত বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে মুঞ্জৰি দিয়া হৈছে আৰু বিদ্যালয় খন উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ বাবে ও শিক্ষা বিভাগৰ লগত আলোচনা কৰা হৈছে।শিলবৰীত থকা প্ৰাথমিক চিকিৎসালয় খন CHC লৈ উন্নীত কৰাৰ বাবে মই চেষ্টা কৰি আছোঁ।শিলবৰীৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সদায় মই প্ৰধান্য দিও। মোৰ দুবছৰীয়া কাৰ্যকালত চৰকাৰৰ সহযোগত মই মোৰ সমষ্টিত প্ৰায় পঞ্চাশ কিলোমিটাৰ পকী ৰাস্তা নিৰ্মাণ কৰিব পাৰিছোঁ। এই গুৰুত্ব পূৰ্ন সভাখনত উপস্থিত থাকে শিলবৰী পঞ্চায়তৰ সভানেত্ৰী ছুফিয়া খাতুন,সচিব আছাদুদ জামান,শ্বাহানুৰ আলম,নজৰুল ইছলাম,ফুৰকান আলী,ডি.পি.এম ফাৰুখ আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক হাইদৰ আলী, স্বাস্থ্য কৰ্মী ৰজৱ আলী তথা অঞ্চলখনৰ বিশিষ্ট মান্য গন্য ব্যক্তি আৰু পাচঁ শতাধিক ৰাইজ।

অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলিনাৰায়ণ ফুকনলৈ “উচ্চ শিক্ষাৰ অগ্ৰণী, ২০২২” বঁটা প্ৰদান…

ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলিনাৰায়ণ ফুকনক তেওঁৰ অনবদ্য অৱদানৰ বাবে উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় আৰু শীৰ্ষতম বঁটা “উচ্চ শিক্ষাৰ অগ্ৰণী, ২০২২” প্ৰদান কৰা হয়।

অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ পৰা এই বঁটা গ্ৰহণ কৰে।

হাঠিনাপুৰ আঞ্চলিক শাখা সাহিত্যৰ সভাৰ বৰ্ষপূতি অনুষ্ঠান…

আজি হাঠিনাপুৰ আঞ্চলিক শাখা সাহিত্যৰ সভাৰ বৰ্ষপুতি অনুষ্ঠান অনুষ্ঠীত কৰা হয়। অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে গছপুলি ৰোপন আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি হাতেলিখা আলোচনী ‘শাৰদিকা’ উন্মোচন কৰে।

স্থানীয় বিভিন্ন গণ্য-মান্য ব্যক্তি তথা কবি, সাহিত্যিক উপস্থিত থাকি অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে অনাগত সময়ত প্ৰতিজন সদস্যই স্বচ্ছ আৰু সু-পৰিকল্পনাৰে শাখা সাহিত্য সভাখন আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰে।

ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ…

আই পি এলৰ পূৰ্বে আন্তঃৰাজ্যিক ক্ৰিকেটত শক্তি প্ৰদৰ্শন ৰিয়ান পৰাগৰ। ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ। ফাইনেলত শতকৰ বাবে ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ সন্মান ৰিয়ানলৈ। চলিত ছিজনৰ আই পি এলৰ পূৰ্বে স্বমহিমাৰে উজলি উঠিল ৰিয়ান পৰাগ । ৰিয়ান পৰাগৰ শতকেৰে ঝাৰখণ্ডক ৫৩ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বি চি মহান্তি সোঁৱৰণী টি- টুৱেন্টী টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিছে অসমে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত শনিবাৰৰ ফাইনেলত প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰিলে অসমে । দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২১৯ ৰাণ ।

ৰিয়ান পৰাগে ৫৬ টা বলত ৯ টা ছিক্সাৰ, ১১ টা বাউণ্ডেৰীৰে ১১৯ আৰু পল্লৱ কুমাৰ দাসে ২৮ টা বলত ৫১ ৰাণ সংগ্ৰহ কৰে । ঝাৰখণ্ডৰ সুশান্ত মিশ্ৰ আৰু বিকাশ সিঙে দুটাকৈ উইকেট লাভ কৰে । ২২০ ৰাণৰ জয়ৰ লক্ষ্য আগত লৈ খেলি ঝাৰখণ্ডে আঠটা উইকেটৰ বিনিময়ত ১৬৬ ৰাণতে ইনিংছ সামৰে । বেটে- বলে উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ৰিয়ানক ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ ট্ৰফী প্ৰদান কৰা হয় । এয়া আছিল যিকোনো আন্তঃৰাজ্যিক ক্ৰিকেট টুৰ্ণামেণ্টত অসমৰ প্ৰথমটো খিতাপ জয়।

গোলাঘাটৰ “চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী অতুল বৰাই…

সুদীৰ্ঘ দিন ৰাজ্য শাসন কৰা চুতীয়া জনগোষ্ঠীটোৰ ঐতিহ্য, গৰিমা অসম বুৰঞ্জীৰ পাতত সগৌৰৱেৰে জিলিকি আছে। চহকী সংস্কৃতিৰে পূৰ্ণ জনগোষ্ঠীটোৱে অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য।

চুতীয়া জাতি যুৱ সন্মিলন, অসমৰ উদ্যোগত, চুতীয়া উন্নয়ন পৰিষদ আৰু গোলাঘাটবাসীৰ আতিথ্যত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত “চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি আনন্দিত মন্ত্ৰী অতুল বৰা । এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে প্ৰদৰ্শন কৰা জনগোষ্ঠীয় বিভিন্ন সাংস্কৃতিক প্ৰতীকপটৰ উপস্থাপনে অত্যন্ত আকৰ্ষিত কৰিলে।

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইছেগতে চুতীয়া জাতি যুৱ সন্মিলনৰ লগতে জনগোষ্ঠীটোৰ অন্যান্য সংগঠনসমূহে জনগোষ্ঠীটো তথা অসমৰ জাতীয় জীৱনৰ সৰ্বাঙ্গীণ উত্তৰণ বাবে লৈ অহা পদক্ষেপৰ শলাগ লয়।

“চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ সকলো কাৰ্যসূচীৰ সফল সামৰণি কামনাৰে উদ্যোক্তা চুতীয়া জাতি যুৱ সন্মিলনৰ প্ৰতিগৰাকী বিষয়ববীয়া তথা সদস্যলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে মন্ত্ৰী অতুল বৰাই ।

মোদীৰ নিজৰ সমষ্টি বাৰনসীতে ভংগ হ’ল নিৰাপত্তা ব্যৱস্থা। চাকৰি প্ৰাৰ্থী যুৱকে জঁপিয়ালে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত…

মোদীৰ নিজৰ সমষ্টি বাৰনসীতে ভংগ হ’ল নিৰাপত্তা ব্যৱস্থা। নিজৰ সমষ্টিতে নিবনুৱা যুৱকৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হ’ল প্ৰধানমন্ত্ৰী মোদী। পঞ্জাৱৰ পিছত এইবাৰ নিজৰ সমষ্টিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ব্যৱস্থা পুনৰ উলংঘন হ’ল। ভাৰতীয় সেনাত চাকৰি প্ৰদানৰ দাবীত এজন যুৱকে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে জঁপিয়াই দিয়াৰ ঘটনাই প্ৰত্ৰিক্ৰিয়াৰ সৃষ্টি কৰিছে। যুৱকজনে প্ৰধানমন্ত্ৰীৰ গাড়ীৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰত এনেদৰে জঁপিয়াই দিয়ে। লগে লগে হুৱা-দুৱা লাগে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বতত থকা নিৰাপত্তাৰক্ষীয়ে অৱশ্যে যুৱকজনক তৎক্ষণাৎ আঁতৰাই নিয়ে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈ বাৰাণসীলৈ গৈছে। তেওঁৰ কনভয় ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰৰ পৰা গৈ থকাৰ সময়তে এই এঘটন ঘটে। প্ৰধানমন্ত্ৰীৰ কনভয় তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ পোৱাৰ আগতে যুৱক জনে কনভয়ৰ সন্মুখত জঁপিয়াই দিয়ে। অৱশ্যে সৌভাগ্যক্ৰমে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে।

তেওঁক লগে লগে সুৰক্ষা কৰ্মীয়ে আটক কৰে। যুৱকজনক ইতিমধ্যে সোধা-পোছা কৰা হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি যুৱকজনক কৃষ্ণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। তেওঁ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ বাৰাণসীলৈ আহিছিল। আৰক্ষীৰ জেৰাৰ সময়ত যুৱক জনে কয় যে তেওঁ ভাৰতীয় সেনাৰ চাকৰিৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু তেওঁ চিকিৎসা পৰীক্ষাত বিফল হৈছিল। তেতিয়াৰে পৰা তেওঁ কৰ্মসংস্থাপন বিচাৰি বিভিন্ন ব্যক্তিৰ ওচৰলৈ গৈছে। কিন্তু কোনো লাভ হোৱা নাই । যুৱকজনে কৰ্ম সংস্থাপন বিচাৰি প্ৰধানমন্ত্ৰীক লগ কৰিব বিচাৰিছিল।

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত গঠন কৰা উচ্চ-পৰ্যায়ৰ সমিতিৰ নতুন দিল্লীত প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত…

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কীয় বিষয়টো পৰীক্ষা কৰিবলৈ আৰু সেই বিষয়ত পৰামৰ্শ দিবলৈ ২ ছেপ্টেম্বৰ ২০২৩ তাৰিখে জাৰি কৰা জাননীৰ ভিত্তিত গঠিত উচ্চ-পৰ্যায়ৰ সমিতিয়ে ইয়াৰ প্ৰাথমিক বৈঠকখন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত অনুষ্ঠিত কৰে। অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী ; অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আইন আৰু ন্যায় মন্ত্ৰালয়, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি শ্ৰী গুলাম নবী আজাদ, পঞ্চদশ বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন মহাসচিব ডঃ সুভাষ চি কাশ্যপ, প্ৰাক্তন মুখ্য তদাৰকী আয়ুক্ত সঞ্জয় কোঠাৰীয়ে বৈঠকত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভেই বৈঠকত ভাৰ্চুৱেলা যোগদান কৰে। বিৰোধী দলৰ একক বৃহত্তম দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰী বৈঠকত উপস্থিত নাছিল।

উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্যসকলক আদৰণি জনাই সমিতিখনৰ অধ্যক্ষ ৰামনাথ কোবিন্দে বৈঠকৰ কাৰ্যসূচীৰ বিষয়ে বিতংকলৈ বৰ্ণনা কৰে৷ সমিতিখনৰ কাম-কাজৰ পদ্ধতিৰ কথা উল্লেখ কৰি সমিতিখনে স্বীকৃত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, ৰাজ্যসমূহত চৰকাৰ থকা ৰাজনৈতিক দল, সংসদত প্ৰতিনিধি থকা ৰাজনৈতিক দলসমূহ, দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত পৰামৰ্শ/মতামত বিচৰাৰ বাবে অন্যান্য স্বীকৃত ৰাজ্যিক ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰি, সমিতিখনে ভাৰতৰ আইন আয়োগক দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত তেওঁলোকৰ পৰামৰ্শ/মতামত ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনাব।

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা ! নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ…

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা। নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ। অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ।

মৃতদেহ দুটা ললিত নাওহলীয়া, উৎপল তাছাৰ। ২৩ ছেপ্টেম্বৰত যোগাযোগ বিচ্ছিন্ন হৈছিল দুয়োজনৰ। দুয়োকে হত্যা কৰাৰ সন্দেহ সোণাৰিৰ গাড়ী মালিক-চালক সন্থাৰ।

২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ গৈছিল দুয়ো। দোকানৰ সা-সামগ্ৰী পৰিবহণ কৰি ২৩ ছেপ্টেম্বৰত ওভতাৰ পথত বিচ্ছিন্ন হৈছিল যোগাযোগ।

কংগ্ৰেছে ৰাজস্থান বিধানসভা নিৰ্বাচনত জিকিব নে? সন্দিহান ৰাহুল গান্ধী…

ৰাজস্থান বিধানসভাৰ নিৰ্বাচন সমাগত। এনে সময়তে ৰাহুল গান্ধীয়ে পুনৰ অপৰিপক্কতা দেখুৱাইছে নেকি? নিৰ্বাচনৰ আগতে, তেওঁ স্বীকাৰ কৰিছিল যে কংগ্ৰেছে ৰাজস্থান বিধানসভাত জয়ী হ’ব বুলি দাবী কৰাৰ অৱস্থাত নাই৷ এই বছৰৰ শেষৰ ফালে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাহুল আত্মবিশ্বাসী যে কংগ্ৰেছে মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত জিকিব। আনকি তেলেংগানাতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে জয়ী হোৱাৰ বিষয়ে আত্মবিশ্বাসী। কিন্তু কংগ্ৰেছ নেতাজনে নিশ্চিতভাৱে ক’ব নোৱাৰিলে যে তেওঁৰ দলে ৰাজস্থানত জিকিব নে নাই। এক অনুষ্ঠানত, ৰাহুলক আগন্তুক পাঁচখন ৰাজ্যত কংগ্ৰেছৰ সম্ভাৱনাৰ বিষয়ে সোধা হৈছিল।ৰাহুলে কয় “এই মুহূৰ্তত, আমি তেলেংগানাৰ বিধানসভা নিৰ্বাচনত জয়ী হ’ব পাৰোঁ। আমি নিশ্চিতভাৱে মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত জিকিম। আমি ৰাজস্থানত অতি কঠিন যুঁজৰ সন্মুখীন হ‘ম৷ আশা কৰোঁ, শেষত, আমি সেই ৰাজ্যখনো জিকিম। ” পাঁচ খন ৰাজ্যৰ ভিতৰত চাৰি খনতে কংগ্ৰেছে বিজয় নিশ্চিত কৰিব বুলি ৰাহুলে দৃঢ়তাৰে কয়৷ কিন্তু ৰাজস্থানৰ ক্ষেত্ৰত তেওঁৰ দাবী সিমান জোৰদাৰ হোৱা নাই ৷

তাৎপৰ্যপূৰ্ণভাৱে, ৰাহুলে ছত্তীশগড় আৰু মধ্য প্ৰদেশত কংগ্ৰেছ জিকিব বুলি জোৰ দিয়াৰ দৰে, তেওঁ ৰাজস্থানৰ ক্ষেত্ৰত একেদৰে ক‘ব নোৱাৰিলে। ৰাজস্থানৰ ওপৰত তেওঁৰ বিজয়ৰ আস্থা বহুত কমকৈ স্পষ্ট হৈ পৰে।সূত্ৰঅনুসৰি, ৰাহুলৰ ধাৰণাই সঠিক হ’ব পাৰে।