কানাডাত আৰু এজন খালিস্তানপন্থী গেংষ্টাৰক গুলীয়াই হত্যা৷ হত্যাৰ বলি গেংষ্টাৰ সুখদৌল সিং ৷

সুখদৌলৰ পঞ্জাবৰ ঘৰত চলি আছিল আৰক্ষীৰ তালাচী৷ অমৃতসৰৰ মোগাত সুখদৌলৰ ঘৰত চলি আছে তালাচী৷

তাৰ মাজতে সুখদৌলক গুলীয়াই হত্যা ৱিনীপেগ চহৰত৷
কানাডাত আৰু এজন খালিস্তানপন্থী গেংষ্টাৰক গুলীয়াই হত্যা৷ হত্যাৰ বলি গেংষ্টাৰ সুখদৌল সিং ৷

সুখদৌলৰ পঞ্জাবৰ ঘৰত চলি আছিল আৰক্ষীৰ তালাচী৷ অমৃতসৰৰ মোগাত সুখদৌলৰ ঘৰত চলি আছে তালাচী৷

তাৰ মাজতে সুখদৌলক গুলীয়াই হত্যা ৱিনীপেগ চহৰত৷
দলগাঁৱত ‘আছাম পে’ৰ প্ৰথম বৰ্ষপূতি উদযাপন । দলগাঁৱৰ ৬ গৰাকী সাংবাদিকলৈ বেষ্ট ছাপৰ্টিঙৰ সন্মান আছাম পে কৰ্তৃপক্ষৰ । ২০২২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে দলগাঁৱৰ মুস্তাফিজুৰে ৰাইজৰ বাবে মুকলি কৰিছিল আছাম পে।আছাম পে’ আৱিষ্কাৰ কৰি সমগ্ৰ অসমত চৰ্চা লাভ কৰিছিল দলগাঁৱৰ মুস্তাফিজুৰ ৰহমানে । অসমত প্ৰথম চৰকাৰী স্বীকৃতি লাভ কৰা তথা ভাৰত বিল পেমেন্ট চিষ্টেমৰ পৰা অনুমোদন লাভ কৰা মুস্তাফিজুৰৰ Assam Pay য়ে আজি এটা বছৰ সফলতাৰে সম্পূৰ্ণ কৰিলে । বুধবাৰে দলগাঁৱৰ শিয়ালমাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় প্ৰথম বৰ্ষপূতি অনুষ্ঠান ।
বৰ্ষপূতি উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত আছাম পে’ কৰ্তৃপক্ষই ঘোষণা কৰা বঁটাসমূহ প্ৰদান কৰে । অনুষ্ঠানত ৬ গৰাকীকৈ সাংবাদিকলৈ আছাম পে’ কৰ্তৃপক্ষই প্ৰদান কৰে ‘Assam Pay Best Supporting Award’ । অতি কম সময়ৰ ভিতৰত আছাম পে’ক অসমৰ ৰাইজে আঁকোৱালি লোৱাত ধন্যবাদ জনাইছে আছাম পে’ৰ উদ্ভাৱক মুস্তাফিজুৰ ৰহমানে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে (২১ ছেপ্টেম্বৰ) দিল্লীৰ আনন্দ বিহাৰ ৰেলৱে ষ্টেচনত উপস্থিত হয়, য’ত তেওঁ পৰ্টাৰসকলক সাক্ষাৎ কৰে। এই সময়ত ৰাহুল গান্ধীকো পৰ্টাৰৰ কাপোৰ পিন্ধা দেখা গৈছিল। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে ৰঙা পৰ্টাৰ চাৰ্ট পিন্ধা দেখা গৈছে আৰু আন এজন ব্যক্তিয়েও তেওঁক সহায় কৰা দেখা গৈছে।

কেৱল এয়াই নহয়, কংগ্ৰেছ নেতাজনে পৰ্টাৰৰ বেজো পিন্ধিছিল আৰু যাত্ৰীসকলৰ লাগেজ কঢ়িয়াই নিয়াও দেখা গৈছিল।
ৰাহুল গান্ধীক লগ পোৱাৰ পিছত পৰ্টাৰ আৰু অটো চালকজনক অতি সুখী । এই সময়ত তেওঁ কয় যে ৰাহুল গান্ধীয়ে আমাক লগ কৰিবলৈ ইয়ালৈ অহাত তেওঁ অতিশয় আনন্দিত। তেওঁ কয় যে ৰাহুল গান্ধীয়ে পৰ্টাৰসকলক তেওঁলোকৰ সকলো সমস্যা চৰকাৰৰ সন্মুখত ৰাখিব আৰু সমস্যা সমাধান হ’ব বুলি আশ্বাস দিছে।

কংগ্ৰেছে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে, ৰাহুল গান্ধীয়ে আজি দিল্লীৰ আনন্দ বিহাৰ ৰে’ল ষ্টেচনত তেওঁৰ পৰ্টাৰ সহযোগীসকলক সাক্ষাৎ কৰে। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত ৰে’ল ষ্টেচনৰ পৰ্টাৰ সহকৰ্মীসকলে তেওঁক লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল, তাৰ পিছত আজি ৰাহুল গান্ধীয়ে তেওঁক লগ কৰিবলৈ আহিছে আৰু সকলোৰে কথা আৰামত শুনিছে। তেওঁ আৰু কয় যে ভাৰত জোডো যাত্ৰা অব্যাহত আছে।
২৭ বছৰে স্থৱিৰ হৈ থকা বিষয় এটাই যেন আজি গতি লাভ কৰিলে। প্ৰত্যাশিতভাবেই বুধবাৰে লোকসভাত অতি সহজে গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷ ‘নাৰী শক্তি বন্দন অধিনিয়ম’ লোকসভাত সংখ্যাগৰিষ্ঠ ভোটৰ সৈতে গৃহীত হয়। বহু চৰ্চিত বিধেয়কখনে সপক্ষে ৪৫৪টা আৰু বিপক্ষে ২টা ভোটদান হয়৷ উল্লেখ্য বিধেয়কখন লোকসভাত গৃহীত হ’বলৈ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল।লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ কোটা প্ৰদান কৰিব বিচৰা মহিলা সংৰক্ষণ বিধেয়কখন মঙলবাৰে লোকসভাত সংসদৰ চলিত বিশেষ অধিৱেশনত উত্থাপন কৰা হৈছিল আৰু আজি আলোচনাৰ বাবে উত্থাপন কৰা হৈছিল। কেন্দ্ৰীয় কেবিনেটে সোমবাৰে মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনাইছিল। কাইলৈ বিধেয়ক খন ৰাজ্যসভাত উত্থাপন হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকতে বিধেয়কখন উত্থাপন কৰিছিল। উল্লেখ্য যোৱা ২৭ বছৰ ধৰি মহিলা সংৰক্ষণ বিধেয়কখনকলৈ সংসদৰ দুয়োখন সদনতে আলোচনা হৈ আহিছে। কিন্তু চৰকাৰ গঠন কৰা দলৰ কোনো এখন সদনত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবেই ২৭ টা বছৰে বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷ ১৯৯৬ চনত এইচ.ডি. দেৱগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছিল ।সেই সময়ৰে পৰাই মহিলা সাংসদ আৰু বিধায়িকাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবী উঠিছিল। কিন্তু এই বিধেয়কখন খন গৃহীত হোৱাৰ পূৰ্বেই দেৱগৌড়াৰ চৰকাৰ ভংগ হৈছিল।
পিছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিষয়টো পুনৰ উত্থাপন কৰা হৈছিল৷ কিন্তু সেইবাৰো বিধেয়কখন গৃহীত কৰিব পৰা নগ’ল। মনমোহন সিং চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১০ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল। অৱশ্যে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে বিধেয়কখন স্থগিত হৈ পৰে। অৱশেষত বুধবাৰে বিধেয়ক খন লোকসভাত অতি সহজে গৃহীত হয় । উল্লেখ্য ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, সংসদত মাত্ৰ ৭৮ গৰাকী মহিলা সাংসদ আছিল। ৰাজ্যসভাৰ ২৫০গৰাকী সাংসদৰ ভিতৰত মাত্ৰ ৩২ গৰাকী মহিলা সাংসদ আছিল , সেয়া আছিল মুঠ সাংসদৰ ১১ শতাংশ।
একেদৰে মোদী মন্ত্ৰীসভাত আছে মাত্ৰ ৫ শতাংশ মহিলা।অৱশ্যে, নিৰ্বাচন আয়োগৰ ২০১৯ চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৯১ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ৪৪ কোটি মহিলা ভোটাৰ আছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত,৬৭.০২ শতাংশ পুৰুষ আৰু ৬৭.১৮ শতাংশ মহিলাই ভোটদান কৰিছিল। তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাকে ধৰি ১২ খন ৰাজ্যত মহিলা ভোটাৰে অধিক ভোটদান কৰিছিল। বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটকত পুৰুষ-মহিলা উভয়ৰে ভোট প্ৰায় সমান আছিল। এই ১২ খন ৰাজ্যত প্ৰায় ২০০ খন লোকসভা আসন আছে।
মহিলা সংৰক্ষণ বিধেয়ক পিছপৰা সম্প্ৰদায়ৰ বাবে ৫০% সংৰক্ষণৰ ব্যৱস্থা কৰক ৷ এই দাবী মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী উমা ভাৰতীৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি মহিলা সংৰক্ষণ বিধেয়কত পিছপৰা সম্প্ৰদায়ৰ বাবে ৫০% সংৰক্ষণ দাবী জনালে উমা ভাৰতীয়ে৷ উমা ভাৰতীয়ে কয় যে আইনী সংস্থাসমূহত মহিলাসকলৰ বাবে নিশ্চিত কৰা ৩৩ শতাংশ সংৰক্ষণৰ ভিতৰত ৫০ শতাংশ অনুসূচীত জনজাতি, অনুসূচীত জাতি আৰু অ’বিচি সম্প্ৰদায়ৰ বাবে ৰাখিব লাগে। ত্ৰখনত ভাৰতীয়ে লিখিছিল, “সংসদত মহিলা সংৰক্ষণ বিধেয়ক প্ৰৱৰ্তন কৰাটো দেশৰ মহিলাসকলৰ বাবে সুখৰ বিষয়।”
“১৯৯৬ চনত যেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াই সদনত এই বিশেষ বিধেয়ক উপস্থাপন কৰিছিল মই সংসদৰ সদস্য আছিলোঁ। মই লগে লগে থিয় হৈ এই বিধেয়কখনত সংশোধনী এটা উত্থাপন কৰিছিলো আৰু সদনৰ আধাতকৈও অধিক লোকে মোক সমৰ্থন কৰিছিল। দেৱগৌড়াই আনন্দেৰে সংশোধনীটো গ্ৰহণ কৰিছিল। তেওঁ বিধেয়কখন স্থায়ী সমিতিলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল।” উমা ভাৰতীয়ে লগতে কয় “বিধেয়ক খন স্থগিত ৰখাৰ আগতে সদনত যথেষ্ট হুলস্থূল হৈছিল। বিৰোধী হোৱা স্বত্বেও মুলায়ম সিং যাদৱ, লালু যাদৱ আৰু তেওঁলোকৰ দলৰ সাংসদ সকলে এই সংশোধনীৰ পক্ষত আছিল’’। তেওঁ তেওঁৰ পত্ৰখনত লগতে কয়, “মই আপোনাৰ (প্ৰধানমন্ত্ৰী মোদী) সন্মুখতো সংশোধনীৰ প্ৰস্তাৱ উপস্থাপন কৰিছো। মই নিশ্চিত যে আপুনি প্ৰস্তাৱিত সংশোধনীৰ সৈতে এই বিধেয়কখন গৃহীত কৰিব। আইনী সংস্থাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ হৈছে এক বিশেষ ব্যৱস্থা। অৱশ্যে, এই কথাও নিশ্চিত কৰিব লাগিব যে এই ৩৩ শতাংশ সংৰক্ষিত আসনৰ ভিতৰত ৫০ শতাংশ কেৱল এছটি, অনুসূচীত জাতি আৰু অ’বিচি মহিলাৰ বাবে ৰখাটো ভাল।”
পঞ্চায়তী ৰাজ আৰু স্থানীয় সংস্থাসমূহত পিছপৰা জাতিৰ মহিলাসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা আছে বুলিও তেওঁ তেওঁৰ পত্ৰতখনত উল্লেখ কৰে৷ পত্ৰ খনত উমা ভাৰতীয়ে কয় যে মণ্ডল আয়োগৰ দ্বাৰা স্বীকৃত মুছলমান সম্প্ৰদায়ৰ পিছপৰা মহিলাসকলকো সংৰক্ষণৰ বাবে বিবেচনা কৰা উচিত। যদি এই বিধেয়কখন এই বিশেষ ব্যৱস্থা অবিহনে গৃহীত হয়, তেন্তে পিছপৰা শ্ৰেণীৰ মহিলাসকল বিশেষ সুযোগৰ পৰা বঞ্চিত হ’ব’’। উমা ভাৰতীয়ে কয় “যদিও আমাৰ দল আৰু অন্যান্য দলৰ সাংসদ, বিশেষকৈ বাওঁপন্থী আৰু কংগ্ৰেছৰ সাংসদসকলে মোৰ ওপৰত যথেষ্ট খং কৰিছে, আমাৰ দলৰ কেইজনমান জ্যেষ্ঠ নেতাই মোক সমৰ্থন কৰিছে। যেতিয়া মই কেবিনেটত আপোনাৰ সৈতে আছিলো, যেতিয়াই মহিলা সংৰক্ষণৰ বিষয়টো উত্থাপন কৰা হৈছিল, মই জোৰ দিম যে ইয়াক সন্তুলিত আৰু সামগ্ৰিক কৰা উচিত,” । তেওঁ লগতে কয়, “মই এতিয়া সংসদত নাই, কিন্তু দেশৰ পিছপৰা, দলিত আৰু জনজাতীয় শ্ৰেণীৰ লোকসকল নিশ্চিত যে আমাৰ চৰকাৰে সকলোৰে স্বাৰ্থৰ কথা বিবেচনা কৰি বিধেয়কখন গৃহীত কৰিব।”
শিক্ষিত নিবনুৱালৈ চৰকাৰৰ ২ লাখ। তিনি বছৰত ১ লাখ নিযুক্তি। ঋনৰ সলনি দিব অনুদান, অসমত ১০ লাখ নিবনুৱা। পুনৰ ১ লাখ শিক্ষিত নিবনুৱাক চৰকাৰে নিযুক্তি দিব। ছত্তিশগড়ত এই ঘোষনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰ কৰি এক ৰাজহুৱা সভাত এই বিষয়ে ঘোষনা কৰি ডঃ শৰ্মাই কয় যে ইতিমধ্যেই পূৰ্বৰ প্ৰতিশ্ৰুতি মৰ্মে ৯০ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা বুলি উল্লেখ কৰে। আনহাতে নিবনুৱা যুবক যুবতীক আত্মসংস্হাপনৰ বাবে চৰকাৰে ২ লাখকৈ অনুদান আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰি ২৩ ছেপ্টেম্বৰত এই বিষয়ে সবিশেষ প্ৰকাশ কৰাৰ বিষয়েও সদৰি কৰে।
ডঃ শৰ্মাই বৰ্তমান অসমত ১০ লাখ নিবনুৱা আছে বুলি উল্লেখ কৰি কয় যে ভূপেশ বাঘেলাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাই ১ লাখ নিযুক্তি অসম্ভৱ বুলি কৈছিল। কিন্তু অসম চৰকাৰে এইয়া সম্ভব কৰি দেখুৱাইলে বুলি বাঘেলাক তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে বিগত প্ৰায় এটা সপ্তাহ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ বাহিৰত আছে। তেওঁ ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰৰ লগতে ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয়ো দৰ্শন কৰে।
বৃহস্পতিবাৰে ন্যায়ালয়ত হাজিৰ হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
উত্তৰাখণ্ডৰ উধমসিং নগৰ জিলা সত্ৰ ন্যায়ালয়ত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাহুল গান্ধী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ।
ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য কৰিছিল।
কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে ৰুদ্ৰপুৰৰ উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ডঃ গণেশ উপাধ্যায়ে অভিযোগ দাখিল কৰিছিল । আনহাতে, দাখিল কৰা অভিযোগৰ শুনানিৰ সময়ত তেওঁৰ বিবৃতি আদালতত লিপিবদ্ধ কৰা হৈছিল।
শীঘ্ৰেই বন্ধ হ’ব ৰাজ্যৰ ১১,৩৬৮খন বিদ্যালয়।
ৰাজহুৱা খণ্ডৰ মাতৃভাষা বিভাগৰ বিদ্যালয় বন্ধ কৰাৰ যো-জা।
শিক্ষা বিভাগৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এক ভাল খবৰ।
২৩ ছেপ্টেম্বৰৰ পৰা চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত হ’ব এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগীতা এছিয়ান গেমছ।
এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা কঢ়িয়াব অসম কন্যা লাভলীনা বৰগোহাঁই আৰু হৰমনপ্ৰীত সিঙে।
এই কথা সদৰি কৰে ভাৰতীয় অলিম্পিক সন্থাই।
আপুনি কণী খাই ভাল পাই নেকি? আজিৰ এই প্ৰতিবেদন কণী খাই ভালপোৱা সকলৰ বাবে। যদি আপুনি কণীৰ সৈতে এই পাঁচটা বস্তু খাই, তেন্তে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কণী খোৱাৰ সময়ত সাৱধান হোৱাটো জৰুৰী। আজি আমি আপোনালোকক জনাম কণী কি কি বস্তুৰ সৈতে সেৱন কৰিব নালাগে-
যদি আপুনি মদৰ প্ৰতি আকৰ্ষিত আৰু কণীও ভাল পায়, তেন্তে দুয়োটা বস্তু একেলগে সেৱন কৰা উচিত নহয়। অৰ্থাৎ মদ আৰু কণী একেলগে খাব নালাগে।
মিঠা আৰু কণী একেলগে খাব নালাগে। ইয়াৰ বাবেই আপুনি মেদবহুলতাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

কণী আৰু দৈ একেলগে সেৱন কৰিব নালাগে।
কণীৰ লগত ছাইট্ৰাছ ফল খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে টেঙা ফলত এচিডৰ পৰিমাণ বেছি আৰু তাৰ বাবেই কণী নষ্ট হৈ যায় আৰু পেটৰ লগত জড়িত ৰোগৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
কণী খাই ভালপোৱা সকলে এই নিয়ম সমূহ মানি চলিব লাগে।