Home Blog Page 1355

পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া চিনেমা “নেলীৰ কথা”ক গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগলৈ আমন্ত্ৰণ

গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগ: আগৰা ফিল্ম মাৰ্কেটলৈ পাৰ্থজিৎ বৰুৱাই পৰিচালনা কৰা “নেলীৰ কথা”ই আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে। এই আনুষ্ঠানিক নিমন্ত্ৰণৰ বাবে কোনো ধৰণৰ “প্ৰবেশ মাচুল” দিব লগীয়া নহয়।

আগৰা ফিল্ম মাৰ্কেটৰ বিষয়ববীয়া সকলে পাৰ্থজিৎ বৰুৱাক জানিবলৈ দিয়া মতে “নেলীৰ কথা” চিনেমাখন বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱৰ ফিল্ম প্ৰগ্ৰেমাৰ, যেনে কানঁ চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চি ডু চিনেমাৰ প্ৰগ্ৰেমাৰ সকলক আদি কৰি চিনেমা বিশেষজ্ঞসকলক দেখুওৱা হ’ব। বৰুৱাই নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে “নেলীৰ কথা” চিনেমাখন নিৰ্মাণ কৰিছে।

১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই। নেলীৰ আকাশে বতাহে যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ।চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই।চিনেমাখনৰ কাহিনী অনুযায়ী বিশ্ববিদ্যালয়ৰ এগৰাকী গবেষক ছাত্ৰ ৰাজীৱ পাটৰ ( অৰ্ঘদ্বীপ বৰুৱা) নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাওঁ সমূহলৈ যায়। তালৈ গৈ তেওঁ বহু নজনা কথা জানিব পাৰে।’নেলী কথা’ চিনেমাখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য, আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ।

চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত তেওঁ প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ লেখক হিচাপে কাম কৰিছে প্ৰাঞ্জল কুমাৰ মহন্তই। নীল বৰ্মন চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক । সুমন দুৱৰাই চিনেমাখনৰ ফটোগ্ৰাফী কৰিছে। সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংটিৰ।

১০০ মিনিট দৈৰ্ঘ্যৰ “নেলীৰ কথা” শীৰ্ষক এই ছবিখনত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, ৰন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড° আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা, সুস্মিতা শইকীয়া , ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া, লক্ষ্য জ্যোতি শইকীয়া, ৰূপম শইকীয়াই l’নেলীৰ কথা” চিনেমাখনে সমগ্ৰ অসমতে ডিচেম্বৰ মাহত চিত্ৰগৃহত মুক্তি লাভ কৰিব।

‘সাৱধানতা অৱলম্বন কৰক’ ! কানাডাত বসবাস কৰা ভাৰতীয়সকলক পৰামৰ্শ ভাৰত চৰকাৰৰ…

‘সাৱধানতা অৱলম্বন কৰক’। কানাডাত বসবাস কৰা ভাৰতীয়সকলক পৰামৰ্শ ভাৰত চৰকাৰৰ।

হৰদ্বীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰত জড়িতৰ অভিযোগত

লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে এই আহ্বান চৰকাৰৰ।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা অব্যাহতি…

৭০ গৰাকী গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা অব্যাহতি।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ গৃহৰক্ষী জোৱানক অব্যাহতি।

চিকিৎসা মহাবিদ্যালয়ে ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰদান কৰিছে দায়িত্ব।

উপবাস বা লঘোনৰ উপকাৰিতা সমূহ জানক…

চিকিৎসা বিজ্ঞানক লোকসমাজৰ হিতাৰ্থে বহুকেইটি নামকৰণেৰে বৰ্ণিত কৰা হৈছে- ঔষধ, ভেষজ, সাধন, হিত, প্ৰায়শ্চিত, পথ্য, ব্যাধিহৰ ইত্যাদি। কিন্তু প্ৰত্যেকৰে অন্তৰ্নিহিত অৰ্থ ভিন্ন, অৰ্থাৎ ৰোগ বা ৰোগীৰ শাৰীৰিক তথা মানসিক বল অনুযায়ী চিকিৎসাৰ সূত্ৰজ্ঞান ভিন্ন হয়। বিজ্ঞান(বিশেষ জ্ঞান)ৰ প্ৰতিটো উচ্চখাপৰ খোজৰে মূলত আছে দৰ্শনৰ জ্ঞান। দৰ্শন(Philosophy)ৰ সূত্ৰসমূহক প্ৰমাণ সহকাৰে উত্থাপন কৰাই হৈছে বিজ্ঞান।

আয়ুৰ্বিজ্ঞান শাস্ত্ৰত চিকিৎসা ব্যৱস্থাপনাৰ এটি গুৰুত্বপূৰ্ণ বিভাজন হ’ল- ‘দৈৱ’ আৰু ‘যুক্তি আশ্ৰয়’ চিকিৎসা। ‘যুক্তি’ চিকিৎসা ব্যৱস্থাই আহাৰ তথা ঔষধৰ গুৰুত্ব প্ৰদান কৰিছে। কিন্তু ‘দৈৱ’ চিকিৎসাত অন্তৰ্ভুক্ত আছে ঔষধৰ উপৰি মন্ত্ৰ, উপবাস, নিয়মন, মণিধাৰণ ইত্যাদি। উপবাস আৰু লংঘন শব্দ দুটিয়ে একে অৰ্থ বহন কৰে বুলি জনা যায় যদিও লংঘনক বিভিন্ন প্ৰকাৰে বিভক্ত কৰা হয়।

উপবাস বা লঘোনৰ উপকাৰিতাসমূহ –

  • ইয়ে অনাৱশ্যকীয় চৰ্বি শোষণ হোৱাত সহায় কৰে তথা ঘামৰ সৃষ্টি কৰায়।
  • ইনছুলিনৰ সক্ৰিয়তা(Sensitivity) বঢ়ায়, যিয়ে গ্লুক’জ ট’লাৰেন্স সঠিত কৰায় আৰু প্লাজমা গ্লুক’জ কমায়।
  • চৰ্বি, প্ৰ’টিনৰ জীৰ্ণাৱস্থাত হ’ব লগা অ’ক্সিডেটিভ ডেমেজ কমায়।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় তথা শৰীৰৰ বিভিন্ন চাপ(metabolic stress, heat stress) নিম্ন হৈ থকাত সহায় কৰে।

লেখিকা: ডাঃ ৰীমা ভট্টাচাৰ্য

মাদাৰ্ছ ডে’ লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

পৰিচালক বিক্ৰমজিত দাসৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত অসমীয়া চুটি ছবি ‘মাদাৰ্ছ ডে’ তামিলনাডুত অনুষ্ঠিত হৈ যোৱা শান্তা দেব আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসবত শ্ৰেষ্ঠ এচিয়ান চুটি ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

মাতৃ আৰু কন্যাৰ সম্বন্ধক লৈ নিৰ্মিত এই চুটি ছবিখনত অভিনয় কৰিছে সুজিতা ডেকা, নন্দিনী ৰাজখোৱা আৰু পদুমী ডেকাই।

উল্লেখ্য যে উক্ত চুটি ছবি খনে ইতিমধ্যে এঘাৰখনকৈ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত নিৰ্বাচিত তথা প্ৰদৰ্শিত হৈছে।

নগাঁৱৰ সন্তান বিক্ৰমজিত দাসৰ এই সফলতাই সংস্কৃতি প্ৰেমী ৰাইজৰ মাজত স্বাভাৱিকতে আনন্দৰ সৃষ্টি কৰিছে

বৰ্তমান ইন্টাৰনেটৰ যুগত গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিকতা

বৰ্তমানৰ যুগটোক ইন্টাৰনেটৰ যুগ বুলি ক’ব পাৰি। বহুতো মানুহে ৰাতিপুৱা শোৱাৰপৰা উঠাৰ পৰা ৰাতি টোপনি নোযোৱালৈকে মোবাইল নেটৰ লগত চেগা-চোৰোকাকৈ হ’লেও ব্যস্ত হৈ থকা দেখা যায়। দৈনন্দিন কাম কাজ সমূহ ডিজিটেল পদ্ধতিৰে সহজ কৰি পেলোৱাত মানুহৰ জীৱনবোৰ আৰামী হৈ পৰিল কভিদ কালত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ হাততো স্মাৰ্ট মোবাইল ফোন তুলি দি শিক্ষাদানৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰী সকলো ইন্টাৰনেট ব্যৱহাৰত অভিজ্ঞ হৈ পৰিল। বহুতেই অজানিতে ইন্টাৰনেটৰ অসৎ ব্যৱহাৰ কৰি জীৱন ধ্বংস কৰা দেখা গ’ল।

কিছুমান অভিভাৱকৰ অজ্ঞতাৰ সুযোগ লৈ বহুতো ছাত্ৰ-ছাত্ৰী বিপথগামী হোৱা দেখা গৈছে। এই ক্ষেত্ৰত দেখা যায় গ্ৰন্থ অধ্যয়নে সদায় মানুহৰ মন আৰু ভাৱ চিন্তাৰ বিকাশ ঘটাই জীৱন সু-পৰিশীলিত কৰি তোলে। ছাত্ৰ-ছাত্ৰী সকলেও বিভিন্ন বিষয়ৰ ওপৰত খৰছি মাৰি জানিবলৈ হ’লে সেই সেই বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব। ইন্টাৰনেটৰ জৰিয়তে লাভ কৰা প্ৰশ্নোত্তৰ বা সাৰাংশই তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি নকৰে।যি সকলে গ্ৰন্থ অধ্যয়নৰ জড়িয়তে জীৱন পথত আগবাঢ়ি যায়, তেওঁলোক বহুতেই জীৱন সফলতা লাভ কৰা দেখা যায়।শিক্ষাক পৰিপূৰ্ণ কৰে অধ্যয়নে। অধ্যয়নপুষ্ট জ্ঞানেৰে মানুহে নিজক বিকশিত কৰাৰ লগতে সমাজ বা জাতিটোকো মহীয়ান কৰি তুলিব পাৰে।বিশ্বৰ গুণী জ্ঞানী মণীষী সকললৈ লক্ষ্য কৰিলে দেখা যায় যে তেখেত সকলৰ অধ্যয়নপুষ্ট মনৰ বাবেই জগতত নিজৰ খ্যাতি ৰাখি যাবলৈ সক্ষম হৈছে। অধ্যয়নৰ পৰা লাভ কৰা প্ৰকৃত শিক্ষাই মানৱ সমাজৰ পৰা হিংসা ঈৰ্ষা নিৰ্মূল কৰি বিশ্বত স্হায়ী শান্তি প্ৰতিষ্ঠাৰ বাট সুগম কৰিব পাৰে।

এজন ব্যক্তি অধ্যয়নশীল হয় নে নহয় সেয়া তেওঁৰ কথা-বতৰা ভাৱ-ভংগীৰ পৰা বুজা যায়। অধ্যয়নহীন মানুহ এজনে যি কোনো ঘটনা বা কাৰ্য এটা যেনেধৰণে চাব বা কল্পনা কৰিব, অধ্যয়নপুষ্ট মানুহ এজনে তাতকৈ উৰ্দ্ধলৈ গৈ চিন্তা বা কল্পনা কৰিব পাৰে। ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ মতে “কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে।”দৰাচলতে যি সমাজত গ্ৰন্হৰ আদৰ নাই, সেই সমাজত মানৱতাৰো মূল্য নাই। একমাত্ৰ জ্ঞানেহে দিব পাৰে”মানুহ হোৱাৰ সৰ্বোৎকৃষ্ট প্ৰেৰণা।”(দাৰ্শনিক উইল ডুৰান্ট)


এক কথাত চাবলৈ গ’লে গ্ৰন্থইহে একোখন ৰাষ্ট্ৰক সুচাৰুৰূপে পৰিচালনা কৰি আছে। প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন লিখিত সংবিধান থাকে। এইখন একোটা পৃষ্ঠা নহয়,একো একোখন গ্ৰন্থ।যাৰ নীতি নিয়ম অনুসাৰে ৰাষ্ট্ৰ পৰিচালিত হয়। সেইদৰে প্ৰত্যেক ধৰ্মৰ যি ধৰ্মগ্ৰন্থ সেই ধৰ্মগ্ৰন্থৰ ওপৰত আস্হা ৰাখিয়েই একোখন সমাজ সু-শৃংখলিত ভাৱে পৰিচালিত হয়। সাহিত্য, সংস্কৃতি, ৰীতি-নীতি, ঐতিহ্য, ভৱিষ্যৎ পৰিকল্পনা, বিজ্ঞানৰ নানা সূত্ৰ, অৰ্থনীতি, ৰাজনীতি, সমাজনীতি আদি বিভিন্ন দিশবোৰৰ সম্ভেদ গ্ৰন্থ অধ্যয়নৰ জড়িয়তে উচিতভাৱে পোৱা যায়।

সাহিত্য সৃষ্টি কৰিবলৈ হ’লেও গ্ৰন্থ অধ্যয়নৰ অতি প্ৰয়োজন।লেখক হোৱাৰ আগতে ব্যক্তিজন পাঠক হোৱাটো আৱশ্যক। বিভিন্ন বৰেণ্য ব্যক্তি সকলে নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লেখা গ্ৰন্থ সমূহ অধ্যয়নৰ পৰা বিচিত্ৰ কাহিনী জনাৰ উপৰিও সঠিক উপস্থাপন, ৰচনাশৈলী আদিৰ জ্ঞান লাভ কৰিব পাৰি। সাহিত্য জগতত সফলতা লাভ কৰা ব্যক্তিসকলৰ জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিলে এই কথা প্ৰতীয়মান হয় যে তেখেত সকল অধ্যয়ন পিপাসু ব্যক্তিত্বৰ গৰাকী।নৱপ্ৰজন্মই এই দিশবোৰ বিচাৰ কৰি গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ জীৱন পথত সফলতা লাভৰ বাবে চেষ্টা কৰা উচিত।

এজন ব্যক্তিৰ বাবে সুন্দৰকৈ জীয়াই থাকিবলৈ যি দৰে টকা-পইচা, ঘৰ-বাৰী আদিৰ প্ৰয়োজন ঠিক সেইদৰে মানসিক দিশটোৰ সমৃদ্ধিৰ বাবে ভাল গ্ৰন্থ অধ্যয়ন কৰাটো সমানেই প্ৰয়োজন।নিজৰ জাতি, দেশখনৰ অতীতৰ অৱস্থা বা জাতি এটা জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ কথা জানিবলৈ আমি ইতিহাস বা ইতিহাসৰ তথ্য সমৃদ্ধ গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। সেইদৰে বিজ্ঞানৰ সত্য সমূহক শুদ্ধভাৱে জানিবলৈ আমি সেই সেই গ্ৰন্থ সমূহ অধ্যয়ন কৰিলে বিস্তৃত ভাবে জ্ঞান লাভ কৰিব পাৰোঁ।

যোৱা বছৰৰ গুৱাহাটী গ্ৰন্থ মেলাত অভিলেখ সংখ্যক গ্ৰন্থ বিক্ৰীয়ে এটা শুভ লক্ষণ কঢ়িয়াই আনিছে বুলি আশা কৰিব পাৰি। তদুপৰি প্ৰশাসনিক সেৱাৰ পৰীক্ষা সমূহত অসমৰ সন্তানৰ উল্লেখযোগ্য সফলতাক তেওঁলোকৰ প্ৰচুৰ গ্ৰন্থ অধ্যয়নৰ উপকাৰীতা হিচাপে গণ্য কৰিব পাৰি। সেয়েহে ক’ব পাৰি যে কেৱল ইন্টাৰনেট ব্যৱহাৰৰ দ্বাৰা জ্ঞান লাভ কৰিবলৈ চেষ্টা নকৰি গ্ৰন্থ অধ্যয়নৰ বাবে আগবাঢ়ি অহা উচিত।

মীনা দেৱী, গুৱাহাটী-১৪
মোবাইল নম্বৰ-৮৭২৩৯৭১২৭৪

হোজাই মহকুমাক পুনৰ জিলাৰ মৰ্যদা ঘুৰাই আনুষ্ঠানিক জিলা ঘোষণা…

হোজাইত পৰিবহন, মীন তথা অভিভাৱক মন্ত্ৰীপৰিমল শুক্লবৈদ্য
*হোজাই মহকুমাক পুনৰ জিলাৰ মৰ্যদা ঘুৰাই আনুষ্ঠানিক জিলা ঘোষণা।

যোৱা ১৭চেপ্তেম্বৰত হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক আৰম্বৰপূৰ্ণ সভাত হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ পৰিবহন, মীন মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্যদেৱ উপস্হিত থাকি অসম চৰকাৰৰ এক অধিসুচনা অনুসৰি হোজাই মহকুমাক আনুষ্ঠানিকভাৱে পুনৰ জিলাৰ মৰ্যদা ঘুৰাই প্ৰদানৰ ঘোষণা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী গৰাকীয়ে ফিটা কাটি পূৰ্বৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টিক নতুন নামাকৰণেৰে জিলা আয়ুক্তৰ কাৰ্যালয় হিচাবে এখন ফলকৰে উদ্বোধন কৰে।

এই অনুষ্ঠানতে নৱনিযুক্ত জিলা আয়ুক্ত হিচাবে দায়িত্ব অৰ্পন কৰা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত হোজাইৰ মহকুমাধিপতি শ্ৰীলাচিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰি জিলা আয়ুক্ত গৰাকীয়ে তেখেতক অৰ্পন কৰা গধুৰ দায়িত্ব ও কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাব বুলি সভাত মন্ত্ৰী গৰাকীক আশ্বাস দিয়ে। লগতে তেখেতে এইচেগতে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী শ্ৰীপৰিমল শুক্লবৈদ্যই তেখেতৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে হোজাইবাসীক হোজাই জিলাৰ মৰ্যদা পুনৰ ঘুৰাই দিয়াই নহয়, জিলাৰ উপায়ুক্তক বিশেষ ক্ষমতা প্ৰদানেৰে জিলা আয়ুক্ত হিচাবে নিযুক্তি দিয়াত হোজাইবাসীৰ হৈ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰে।

সভাত উপস্হিত বিধায়ক সকলেও হোজাইক পুণৰ জিলাৰ মৰ্যদা ঘুৰাই দিয়াত সন্তুষ্টি প্ৰকাশ কৰি বক্তব্য দিয়ে।অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে সভাত উপস্হিত থাকে জিলাখনৰ তিনিওটা সমষ্টিৰ বিধায়ক যমুনামুখৰ ( বিনাকান্দি) চিৰাজুদ্দিন আজমল, হোজাইৰ ৰামকৃষ্ণ ঘোষ আৰু লামডিংৰ শিবু মিশ্ৰ, প্ৰশাসনিক বিষয়া সকল, বিশিষ্ট ব্যক্তি, বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, বিশিষ্ট ব্যক্তি আৰু জিলাখনৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদসেবী সকল।।

গণেশ চতুৰ্থীৰ শোভাযাত্ৰাৰ মাজতে ওড়িশাৰ কটকত বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু…

গণেশ চতুৰ্থীৰ শোভাযাত্ৰাৰ মাজতে ওড়িশাৰ

কটকত বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু।

গুৰুতৰভাৱে আহত আন ৪জন

উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ শুনানি !সমূহ গোচৰ একত্ৰীকৰণৰ বাবে ৪ সপ্তাহৰ সময়সীমা…

উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ শুনানি।

মুখ্য ন্যায়াধীশৰে গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত এই শুনানি।

১৭ অক্টোবৰৰ পৰা সাংবিধানিক বিচাৰপীঠত নিয়মীয়া শুনানি। সমূহ গোচৰ একত্ৰীকৰণৰ বাবে ৪ সপ্তাহৰ সময়সীমা

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁৱৰ জাজৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ইকবাল হুছেইন…

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁৱৰ জাজৰি আৰক্ষীৰ আভিযান। অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী ইকবাল হুছেইন।

ইকবালৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু সংখ্যক ছীমকাৰ্ড। ধৃত ইকবালৰ ঘৰ বটদ্ৰৱাৰ গেন্ধুৱা পথাৰত।

বৰ্তমানো পলাতক ইকবালৰ ভাতৃ আজমল হুছেইন। চাইবাৰ ক্ৰাইমৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ দুই ভাতৃৰ।