Home Blog Page 1356

পদিনা খালে স্বাহ্যৰ কি কি উপকাৰ হয় জানক…

মচন্দৰী অতি উপকাৰী বনৌষধি উদ্ভিদ ।

মচন্দৰীৰ প্ৰাকৃতিক পৰিবেশ শোধন কৰিব পৰা গুণ আছে ।

কেঁচাকৈ খোৱা মচন্দৰী অতি উপকাৰী ।

এণ্টি-অক্সিডেণ্ট গুণ থকা মচন্দৰীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

নিয়মিয়াকৈ মচন্দৰী খালে ৰক্ত কণিকা বৃদ্ধি হয় ।

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।

হৃদ যন্ত্ৰ সবল কৰে ।

নিয়মিয়াকৈ মচন্দৰী খালে দৃষ্টি শক্তি বাঢ়ে । স্নায়ুতন্ত্ৰ সবল হয় ।

কিডনি সুৰক্ষিত কৰে ।

শৰীৰৰ মাংস পেশী সবল কৰে ।

ইনফ্লুৱেঞ্জা , কাহ-কফ নিৰাময়ত সহায় কৰে ।

কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে ।

খজুৱতি , এলাৰ্জি আদি ছালৰ সমস্যা প্ৰতিৰোধ কৰে ।

ব্ৰংকাইটিছ , নিউমোনিয়া জ্বৰত মচন্দৰী অতি উপকাৰী ।

গ্ৰহণী , তেজ গ্ৰহণী , পেটৰ বিষ আদি সমস্যাত মচন্দৰী সুফল দায়ক ।

নহৰুৰ সৈতে মচন্দৰী খালে আভোক , অৰুচি দূৰ হয় ।

জালুকৰ লগত মচন্দৰী খালে শ্বাস জনিত সমস্যাত উপকাৰ পোৱা যায় ।

মচন্দৰীৰ লগতে পদিনাও অতি উপযুক্ত।

স্বামী ৰাজীৱ গান্ধীৰ সপোন সঁচা হ’ব– লোকসভাত ছোনিয়া গান্ধী

‘ৰাজীৱ গান্ধীৰ সপোন সঁচা হ’ব।

ৰাজীৱ গান্ধীৰ সপোন আছিল মহিলা সংৰক্ষণ বিধেয়ক’।

লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক বিতৰ্কত ভাগ লোৱাৰ পূৰ্বে মন্তব্য ছোনিয়া গান্ধীৰ।

ভাৰত ত্যাগ আন্দোলনত আজিৰ দিনটোতে প্ৰাণ বিসৰ্জন দিয়া অসমৰ মহান শ্বহীদসকলক সশ্ৰদ্ধ প্ৰণিপাত…

ইংৰাজৰ শাসনৰপৰা মুক্ত হ’বলৈ আমাৰ দেশৰ বীৰ-বীৰাংগনাসকলৰ যি গুৰুত্বপূৰ্ণ ভূমিকা, সেই ঐতিহাসিক গাথা আমাৰ বাবে সদায় স্মৰণীয়। তেওঁলোকৰ ত্যাগ, অদম্য সাহস, বীৰত্ব আৰু দেশৰ প্ৰতি থকা নিঃস্বাৰ্থ ভালপোৱা প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে অনন্য প্ৰেৰণাৰ উৎস।

ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশমাতৃৰ হকে আজিৰ দিনটোতে প্ৰাণ বিসৰ্জন দিয়া অসমৰ মহান শ্বহীদসকলৰ ভিতৰত কনকলতা বৰুৱা, তিলেশ্বৰী বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী আদি অনেক নাম অন্যতম।

১৯৪২ৰ গণ আন্দোলনত দেশ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ হেতুকে নিজৰ জীৱন বলিদান দি যিয়ে আমাৰ সমাজখনলৈ আগবঢ়াই থৈ গ’ল অনৱদ্য অৱদান, সেই বীৰ শ্বহীদসকললৈ সশ্ৰদ্ধ প্ৰণিপাত ।

অসমৰ প্ৰতিখন জিলা আয়ুক্তৰে বৈঠক মুখ্যমন্ত্ৰীৰ…

অসমৰ প্ৰতিখন জিলা আয়ুক্তৰে বৈঠক মুখ্যমন্ত্ৰীৰ। নতুন দিল্লীৰ অসম হাউছত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠক। বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনি সন্দৰ্ভত আলোচনা।

আঁচনিৰ অধীনত ২ লাখ যুৱকক ২ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত। বৈঠকত চূড়ান্ত কৰা হয় আঁচনিৰ সিদ্ধান্ত।

২৩, ২৪ ছেপ্টেম্বৰৰ পৰা মুকলি কৰা হ’ব পঞ্জীয়ন প্ৰক্ৰিয়া। বৈঠকৰ অন্তত এই কথা জনালে মুখ্যমন্ত্ৰীয়ে।

নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিং ! কনিষ্ঠ ছাত্ৰক ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ…

নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিং। কনিষ্ঠ ছাত্ৰক ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ।

দশম শ্ৰেণীৰ ৫ ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ। যোৱা ৯ ছেপ্টেম্বৰৰ নিশা ছাত্ৰাৱাসত সংঘটিত হৈছিল ৰেগিং। ৰেগিং কাণ্ডক বিদ্যালয় কৰ্তৃপক্ষই গাপ দিয়াৰ অভিযোগ অভিভাৱকৰ।

১৫ ছেপ্টেম্বৰতহে কৌশলেৰে অভিভাৱকক জনাইছিল বিদ্যালয় কৰ্তৃপক্ষই। ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচী। শিক্ষক দিৱসৰ কাৰ্যসূচীত সহযোগ নকৰাৰ বাবেই প্ৰহাৰ কৰাৰ অভিযোগ। DGP জি পি সিঙৰ হস্তক্ষেপত নলবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

আজিৰে পৰা ৰাজ্যজুৰি ‘অমৃত কলহ যাত্ৰা’…

আজিৰে পৰা ৰাজ্যজুৰি ‘অমৃত কলহ যাত্ৰা’। ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত এই যাত্ৰা। প্ৰতিটো বাসগৃহৰ পৰা সংগ্ৰহ কৰা হ’ব এমুঠি মাটি।

মাটি দিব নোৱৰা মহানগৰীৰ ফ্লেটৰ পৰা লোৱা হ’ব এমুঠিকৈ চাউল। প্ৰতিখন গাঁও পঞ্চায়ত, পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডত এই অনুষ্ঠান। ১ অক্টোবৰলৈ চলিব ‘অমৃত কলহ যাত্ৰা’।

২৮ অক্টোবৰত সকলো অমৃত কলহৰ মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।

কাছাৰৰ কাটিগড়াত নিশা চাঞ্চল্যকৰ ঘটনা ! চলন্ত অটোৰ পৰা দুৰ্বৃত্তই পেলাই দিলে নাবালিকাক…

কাছাৰৰ কাটিগড়াত নিশা চাঞ্চল্যকৰ ঘটনা। চলন্ত অটোৰ পৰা দুৰ্বৃত্তই পেলাই দিলে নাবালিকাক। আহত নাবালিকাক উদ্ধাৰ কৰি কাটিগড়া মডেল হাস্পতালত ভৰ্তি।

কাটিগড়াৰ গোবিন্দপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। নাবালিকাক পেলাই তাৰিণীপুৰ অভিমুখে গুচি যায় অটোখন। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

জনৈক ৰাজদীপ নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ নাবালিকাগৰাকীৰ। ৰাজদীপৰ সৈতে আন এজন যুৱকো আছিল অটোখনত। ২ দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

বহিঃৰাজ্যত অসমীয়া ছাত্ৰৰ কৃতিত্ব ! কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল প্ৰথম গগৈৰ…

বহিঃৰাজ্যত অসমীয়া ছাত্ৰৰ কৃতিত্ব💐💐

কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল অসমীয়া ছাত্ৰৰ।

অসম সন্তান প্ৰথম গগৈয়ে এইবাৰ মেডিকেল প্ৰৱেশ-পৰীক্ষাত (NEET) মুঠ ৬৮২ নম্বৰ পাই (৭২০ৰ পৰা) কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

প্ৰথম গগৈয়ে ১১.৪৬ লাখৰ ভিতৰত All India Rank ত ১৩৬৬ নম্বৰ স্থান লাভ কৰিছে।

আন্তৰিকতাৰে অভিনন্দন ।

অপৰাজিতা ফুলৰ ঔষধি গুণৰ বিষয়ে জানক…

অপৰাজিতা ফুল প্ৰায় সকলো মানুহৰ ঘৰতে আছে। অপৰাজিতা ফুল দেখিবলৈ বৰ শুৱনি। ই লতা জাতীয় ফুল। অপৰাজিতা ফুল দুইবিধ আছে। এবিধ বগা আৰু আনবিধ নীলা বৰণীয়া। দুয়োবিধ ফুলেই দেৱতাৰ পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতাৰ মূল ঈষৎ নীলা, শ্বেত আৰু গোলাকাৰ। ইয়াৰ শিপাৰ ৰসৰ স্বাদ কেঁহা, জ্বলা আৰু তিতা। অপৰাজিতাৰ মূল আৰু পাত ভাল ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়।

পৰিমাণ

শিপাৰ ৰস এক তোলা, কহ এক তোলা আৰু শুকোৱা চূৰ্ণ চাৰি অনাৰ পৰা আধা তোলা পৰ্যন্ত।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

অপৰাজিতাৰ মূল ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱ সূচল হয়। স্নিগ্ধ জ্বৰ, হুপিংকাহ, পুৰণি কাহ, শোথ আৰু যকৃৎ প্লীহা বৃদ্ধি ৰোগনাশক। এই লতাৰ গুটিৰো বিশেষ গুণ নথকা নহয়। ইয়াক ব্যৱহাৰ কৰিলে তিনি ৰতি পৰিমাণ।

উভয়বিধ অপৰাজিতাৰেই কেহা, জ্বলা আৰু তিতা ৰস থাকে। পৰিপাকত জ্বলা হয়। ই শীতবীৰ্য, মেধজনক, ওঁঠৰ হিতকাৰক, স্বৰৰ্ধক, চকুৰ ৰোগ নাশক আৰু দৃষ্টিশক্তিবৰ্ধক। ৰক্তদোষ, কুষ্ঠ, বিষদোষ, শোথ, ব্ৰণ, ত্ৰিদোষ নাশক আৰু আমদোষ নাশক। স্মৃতি আৰু বুদ্ধিকাৰক। জ্বৰ, দাহ, ৰক্তা তিসাৰ, বমি, উন্মাদ, মদৰোগ, ভ্ৰম, শ্বাস, কাহ আৰু অম্লপিত্ত ৰোগ উপশম কাৰক।

শিৰা ৰোগ, অৰ্ধ কপালৰ বিষ, সূৰুয কপালি বিষ মূৰৰ বিষত অপৰাজিতা বৰ উপকাৰী। নীলা অপৰাজিতা মূলৰ গুড়ি কৰি নস্য ল’ব লাগে। সৰ্প দৰ্শনৰ বিষত নীলা অপৰাজিতাৰ মূল বটি দংশন স্থাপন প্ৰলেপ দিলে আৰু আভ্যন্তৰিক প্ৰয়োগ কৰিব পাৰিলে বৰ উপকাৰ হয়। উন্মাদ, ভূতোন্মাদ ৰোগতো অপৰাজিতাৰ মূলৰ ৰস এক তোলা আৰু চাউল ধোৱা পানী এক তোলা পৰিমাণে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

বগা অপৰাজিতাৰ মূল আধা তোলা, গৰুৰ ঘিউ তোলা নিয়মিতভাৱে ব্যৱহাৰ কৰিলে গলগণ্ড ৰোগ আৰোগ্য হয়।

পৰিণাম শূল নামৰ বেমাৰত নীলা অপৰাজিতা মূল আধা তোলা, চেনি, মৌ আৰু গৰুৰ ঘিউ মিহলাই সেৱন কৰিলে ৰোগৰ উপশম ঘটে।

অপৰাজিতাৰ মূলৰ ছালৰ ৰস শূল ৰোগত উপকাৰী। এক তোলা ওজনৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশ্বকৰ্মা পূজাত ৰাজ্যত ভংগ হ’ল পূৰ্বৰ ৰেকৰ্ড; বিক্ৰী হ’ল অভিলেখ সংখ্যক সুৰাৰ বটল

উদ্বেগজনক! বিশ্বকৰ্মাৰ সৈতে সুৰাৰ কোনো সম্পৰ্ক নাই যদিও আমোদজনকভাৱে এই পূজাতে পূৰ্বৰ ৰেকৰ্ড ভংগ হ’ল অসমত।

এইবাৰৰ বিশ্বকৰ্মা পূজাত বিক্ৰী হ’ল অভিলেখ সংখ্যক সুৰাৰ বটল। ৰাজধানী চহৰ গুৱাহাটীতেই বিক্ৰী হ’ল ৮ কোটি ৩৪ লাখ টকাৰ বিলাতী সুৰা। গুৱাহাটীত যোৱা বৰ্ষত বিক্ৰী হৈছিল ৬.২০ কোটিৰ সুৰা। ২০২১ বৰ্ষৰ বিশ্বকৰ্মা পূজাত বিক্ৰী হৈছিল ৩ কোটি ৭০ লাখৰ সুৰা।

এইবছৰ ১৮ ছেপ্টেম্বৰত ৰাজ্যত বিক্ৰী হ’ল আনুমানিক ১৫.৫০ কোটিৰ সুৰা। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে ৰাজ্যত সুৰাৰ চাহিদা প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে।