আজি শিৱসাগৰত জিলা কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ

বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত মন্ত্ৰী অতুল বৰা ।

জিলাখনত কৃষকসকলৰ বাবে দুয়োটা বিভাগে ৰূপায়ণ কৰি থকা ভিন্ন কল্যাণকামী আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল
আজি শিৱসাগৰত জিলা কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ

বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত মন্ত্ৰী অতুল বৰা ।

জিলাখনত কৃষকসকলৰ বাবে দুয়োটা বিভাগে ৰূপায়ণ কৰি থকা ভিন্ন কল্যাণকামী আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল
কৰিমগঞ্জৰ চুৰাইবাড়ীত বুজন পৰিমাণৰ কফ ছিৰাপ জব্দ।

৩৮,২০০টা বটল নিচাযুক্ত কফ ছিৰাপ জব্দ চুৰাইবাড়ী আৰক্ষীৰ।
এখন ট্ৰাকত অভিযান চলাই উদ্ধাৰ কৰে কফ ছিৰাপখিনি।

২১৫টা পেকেটত এই কফ ছিৰাপখিনি সৰবৰাহৰ চেষ্টা চলাইছিল। চন্দ্ৰশেখৰ তেৱাৰী, ৰামসাগৰ তেৱাৰী নামৰ দুটা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে।
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান অব্যাহত।

৬গৰাকীলৈ বৃদ্ধি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰৰ সংখ্যা। আৰক্ষীৰ অভিযান সন্দৰ্ভত DGP জিপি সিঙৰ টুইট।

টুইটযোগে CP দিগন্ত বৰাসহ মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চক প্ৰশংসা DGPগৰাকীৰ।
চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড তছদিকুৰ ৰহমান সম্প্ৰতি পলাতক।

IAS আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান।
বৰ্তমানলৈকে চাইবাৰ অপৰাধত জড়িত ২০গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ।

\
ক্ৰাইম ব্ৰান্সে অভিযানত পোহৰলৈ চাইবাৰ অপৰাধৰ ভয়াৱহ নেটৱৰ্কৰ তথ্য।
মাতৃহাৰা হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
সভাপতি কলিতাৰ মাতৃ যমুনা ডেকাৰ বিয়োগ ঘটে।
মৃত্যুৰ সময়ত সৰবৰহী মহিলা তথা ভৱেশ কলিতাৰ মাতৃৰ বয়স হৈছিল প্ৰায় ৯০ বছৰ।

উল্লেখ্য যে দীৰ্ঘদিন অসুস্থ হৈ আছিল ভৱেশ কলিতাৰ মাতৃ যমুনা ডেকা।
বিগত কিছুদিন ধৰি গুৱাহাটীৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল যমুনা ডেকা।

আনহাতে ভৱেশ কলিতাৰ মাতৃৰ বিয়োগত বিভিন্ন দল সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজ্যিক বিজেপিৰ নেতা তথা কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰে।
চিমেন চাপৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় বৰ্ষৰ দহ লাখ টকা পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয়। নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্য্যালয় চৌহদত নিৰ্মিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই।

বড়ো জাতিৰ পিতৃখ্যাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষনত পৰমানন্দ চায়েঙ্গীয়াই কয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কেৱল বড়ো সকলৰ বুলি নহয় অসমৰ সকলো জাতি-জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ বাবে চলোৱা সংগ্ৰামৰ প্ৰেৰণা স্বৰূপ বুলি উল্লেখ কৰি একালত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সৈতে সংগ্ৰামৰ পথাৰত গঢ় লৈ উঠা ঘনিষ্ঠততাৰ স্মৃতি ৰোমন্থন কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ চিন্তা-চেতনা, আদৰ্শ আৰু ভৱিষ্যত দিক্ দৰ্শনবোৰ সাম্প্ৰতিক সময়ত সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ লক্ষ্যত প্ৰতিফলন ঘটিছে বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।

ধেমাজি জিলা এবছুৰ সাধাৰণ সম্পাদক উদাং বি বডোছাই আঁতধৰা উদ্ধোধনী অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাং,মলেন্দ্ৰ নাৰ্জাৰী,ভৱানী দুৱৰা, সাধাৰণ সদস্য ববীকান্ত পেগু, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু,সদস্যা সোভাৰাণী বসুমতাৰী, ধেমাজি জিলা এবছুৰ সভাপতি টেনজিং বড়ো,উপদেষ্টা লখেন বসুমতাৰী, সতীশ বসুমতাৰী বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়ো,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,সংযুক্ত বড়ো গণ মঞ্চৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী,চিমেন চাপৰি অহৌম বৌঢ়ায় বাথৌ ইংলিছ স্কুলৰ অধ্যক্ষ বিদ্দেশ্বৰ দৈমাৰী, চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰী প্ৰমুখ্যে এবছুৰ ধেমাজি জিলা আৰু চিমেন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি অসম
ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানৰ (ডাইট) উদ্যোগত ১৪ চেপ্টেম্বৰত ‘লে’ব এৰিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য সকলৰ বাবে ” গুণগত শিক্ষা” ৰ সম্পৰ্কত এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হৰিনাথ বৰাই বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে জ্যেষ্ঠ প্ৰবক্তা মায়াৰাণী পাৱে,দুলেন চন্দ্ৰ গোহাঁই,ভূৱনেশ্বৰ ইংতি আৰু সমন্বয়ক হিচাপে কৰ্মশালাখন পৰিচালনা কৰে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাসে।

মুঠ ১৪ খন বিদ্যালয়ৰ ৫০ জন সদস্যই অংশ গ্ৰহন কৰা কৰ্মশালা খনত নতুন শিক্ষানীতি,গুণগত শিক্ষা,গুণ উৎসৱৰ ফলাফল আদি দিশৰ ওপৰত বিভিন্ন ক্ৰিয়া কলাপৰ মাজেদি বিস্তৃত ভাৱে আলোচনা কৰা হয়। অধ্যক্ষ হৰিনাথ বৰাই লে’ব এৰিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে প্ৰকৃতাৰ্থত গুণগত শিক্ষা লাভ কৰিব পাৰে তেনে অনুকুল পৰিবেশ নিৰ্মাণ কৰাত গুৰুত্ব দিবলৈ উপস্থিত সকলোকে আহ্বান জনায়। লে’ব এৰিয়া বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে জামুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিলা কীৰ্তি শিক্ষক হিচাপে বটা প্ৰাপ্ত দীপ কোঁচক সভাপতি আৰু বিনোদ বৰাক সম্পাদক হিচাপে লৈ এখনি ” লে’ব এৰিয়া বিদ্যালয় শৈক্ষিক সমন্বয় ৰক্ষী” সমিতি গঠন কৰা হয়। ডায়েটৰ উদ্যোগতে পৰহি ধেমাজি ৰাই চাপৰি টঙনাপৰা মিচিং প্ৰাথমিক বিদ্যাল়য়ত অনুষ্ঠিত কৰা হয় এক অনন্য অনুষ্ঠান।
প্ৰতিষ্ঠানৰ ডি এল এড চতুৰ্থ ষান্মাষিকৰ শিক্ষাৰ্থী সকলে মঞ্চস্থ কৰে ” শিশুৰ শিক্ষাৰ অধিকাৰ ” শীৰ্ষক এক বাটৰ নাট। গ্ৰামাঞ্চলত শিশু শ্ৰমিক সমস্যা আৰু শিশু সকলৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মঞ্চস্থ কৰে এই কাৰ্য্যসূচী। শিক্ষাৰ্থী সকলে সকলোৰে বোধগম্য হোৱাকৈ সহজ সৰল ভাষাত আৰু নিখুঁত অভিনয়ৰ জৰিয়তে পৰিৱেশন কৰা বাটৰ নাটখনে উপস্থিত দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়। ইয়াৰ পিছতে আৰম্ভ হয় সজাগতা সভা। অনুষ্ঠানত উপস্থিত থকা কেইবাজনো শিক্ষক,শিক্ষাৰ্থী আৰু অভিভাৱকে শিশু শ্ৰমিক নিয়োগৰ ফলত কিদৰে অধিকৰ খৰ্ব কৰা হৈ আহিছে আৰু শিশু শ্ৰমিক সকলে ভবিষ্যতে কেনেদৰে তিমিৰাছন্ন হৈ পৰে সেই বিষয়ে বিতংকৈ বক্তব্য দাঙি ধৰে। প্ৰশিক্ষন প্ৰতিষ্ঠানৰ প্ৰবক্তা জ্যোতিষ নৰহৰ পৰ্যবেক্ষনত অনুষ্ঠিত কাৰ্য্যসূচীত প্ৰশিক্ষাৰ্থী নীলাক্ষী বৰুৱা,শিল্পী গগৈ,নিলাঞ্জনা শইকীয়া,হৃদয় সাগৰ দিহিঙ্গীয়া,কবিৰাজ নৰহে অভিনয় কৰে। অভিভাৱক ৰাইজৰ হৈ ৰেণু পাদুন,অণিমা কাপ্তাক,য়াকচি য়েইন আদি কেইবাজনেও বক্তব্য প্ৰদান কৰে।
In a thrilling final showdown at the Amingaon Cricket Ground in Guwahati on Friday, the Dihing Patkai Riders emerged victorious, defeating the Subansiri Champs by a margin of 31 runs in the ACA T-20 Challengers Trophy 2023-24.
Winning the toss, Subansiri Champs opted to field first, putting the Dihing Patkai Riders into bat. The Dihing Patkai Riders managed to set a challenging target of 149/6 in their allotted 20 overs. Anurag Talukdar played a pivotal role with his 45 runs off 39 balls, closely followed by Amit Sinha, who contributed 38 runs off 35 balls. Dharani Rabha’s explosive 36 not out in just 12 balls towards the end of the innings pushed their score further.

The Subansiri Champs bowlers, led by Abdul Aziz with figures of 3/52, did their best to contain the opposition. Mriganka Upadhaya also chipped in with 1/17.
In reply, the Subansiri Champs fought valiantly but were eventually bowled out for 118 runs in 19.2 overs. Nibir Deka was the top scorer for the Subansiri Champs, with a solid 38 runs off 34 balls, while Subham Mandal contributed 19 runs off 17 balls.
However, the Dihing Patkai Riders’ bowlers, especially Jitumoni Kalita and Mayukh Hazarika, proved to be the difference-makers, taking 3 wickets each. Kalita finished with figures of 3/14, while Hazarika claimed 3/29.
The prize distribution ceremony was a grand affair, graced by the presence of several dignitaries from the Assam Cricket Association (ACA). ACA Secretary Tridib Konwar, Joint Secretary Rajendra Singh, Treasurer Chiranjit Langthasa, CEO Pritam Mahanta, Apex Council Member Minu Begum, former Ranji player Shankar Dutta Lahkar, and Charaideo District Sports Association Secretary Imdad Hussain were among the distinguished guests who honoured the victorious Dihing Patkai Riders and praised the efforts of the Subansiri Champs.

Brief score:
Dihing Patkai Riders 149/6 in 20 overs (Anurag Talukdar 45 in 39 balls, Amit Sinha 38 in 35 balls, Dharani Rabha 36 not out in 12 balls; Abdul Aziz 3/52, Mriganka Upadhaya 1/17).
Subansiri Champs 118/10 in 19.2 overs (Nibir Deka 38 in 34 balls, Subham Mandal 19 in 17 balls; Jitumoni Kalita 3/14, Mayukh Hazarika 3/29)
Award winners:
Player of the final: Dharani Rabha of Dihing Patkai Riders for a swashbuckling 36 in just 12 balls. He also picked up one wicket.
Player of the tournament: Parvez Musaraf (240 runs; 15 wickets)
Best fielder of the tournament: Wasiqur Rahman (11 dismissals)
Best bowler of the tournament: Pushparaj Sharma (18 wickets)
Best batter of the tournament: Nihar Deka (318 runs)
Pritam Mahanta,
CEO,
Assam Cricket Association
ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থসাহায্যত অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই উদ্যান শস্যৰ জৰিয়তে সীমান্তৱৰ্তী কৃষক সকলৰ মাজত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে ৷ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত খাটৰবাৰী আৰু কালচেনী গাঁৱৰ পোন্ধৰশ জনসংখ্যাৰে পৰিবেষ্টিত মুঠ ১৮০ গৰাকী কৃষকৰ ১৪৪ একৰ ভূমিত উন্নত জাতৰ আম, মধুৰীআম আৰু নেমুটেঙা ৰোপণ কৰি তেওঁলোকৰ জীৱন -ধাৰণৰ মান উন্নত কৰিবলৈ প্ৰয়াস কৰা হৈছে। সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পটোৰ জৰিয়তে গ্ৰাম্য বিকাশ মঞ্চই

গাৱঁদুখনৰ প্ৰতিঘৰ পৰিয়ালৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাই নহয় কৃষিকাৰ্যত পৰম্পৰাগত পদ্ধতি ৰ বিপৰীতে আধুনিক কৃষি প্ৰযুক্তি কৌশল অৱলম্বন কৰি কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য স্থিৰ কৰি কৃষক সকলকৰ মাজত অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে ৷ নাবাৰ্ডৰ অৰ্থ সাহায্যত গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত খাটৰবাৰী আৰু কালচেনীৰ এই কৃষক সকলৰ কাৰণে গ্ৰহণ এলানি প্ৰকল্প আজি নাবাৰ্ডৰ অসম ক্ষেত্ৰীয় কাৰ্যলয়ৰ ,মূখ্য মহাপ্ৰৱন্ধক নবীন ধিংৰা ই অসমৰ দহ খন জিলাৰ বিষয়া আৰু স্বেচ্ছাসেৱী আনুষ্ঠানৰ বিযয়া সকলৰ সৈতে আহি পৰিদৰ্শন কৰে । উদ্যান শস্য পথাৰ দেখি মহাপ্ৰবন্ধক গৰাকীয়ে অভিভূত হৈ পৰে ৷ ইয়াৰ পূৰ্বে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত বিষয়া সকলৰ সৈতে অসমত প্ৰথমবাৰৰ বাবে প্ৰকল্প ৰূপায়িত কৰা ঠাইত এখন সভাত মিলিত হৈ নাবাৰ্ডৰ অৰ্থ সাহায্যৰে পৰিচালিত কাম ৰ খতিয়ান লয় । উক্ত সভাত মূুখ্য মহাপ্ৰৱণ্ডক গৰাকীয়ে দৰং জিলাৰ জনজাতি উন্নয়ন প্ৰকল্পৰ পৰা উৎপাদিত আচাৰ, জেলী আৰু নাবাৰ্ডৰ কণীধান প্ৰকল্পৰ পৰা উৎপাদিত কণীধানৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খোৱাবস্তু আৰু অন্যান্য উৎপাদিত সামগ্ৰী মুকলি কৰে৷ মুখ্য মহাপ্ৰবন্ধক ধিংৰাই কালচেনীৰ উদ্যান শস্যৰ বাগান পৰিদৰ্শন কৰাৰ লগতে ওৱাল্ড ৰিচোৰ্চেচ ইনষ্টিটিউটৰ সহযোগত নিৰ্মাণ কৰা সৌৰশক্তি চালিত জনসিঞ্চন আচনি এখন মুকলি কৰে । এই প্ৰকল্পৰ অধীনতে এটি সৌৰশক্তি চালিত ভ্ৰাম্যমাণ জলসিঞ্চন প্ৰকল্প এটিও উদ্বোধন কৰে৷ ইয়াৰ উপৰিও মহিলা গোটৰ দ্বাৰা পৰিচালিত আৰোনাই উইভিং গোটৰ হস্ততাঁত ভৱন মুকলি কৰে ৷ আজি মুখ্য প্ৰবন্ধক গৰাকীক সহযোগ কৰে নাবাৰ্ড ক্ষেত্ৰীয় কাৰ্যালয়ৰ বিষয়া শংকৰ দাস, অন্নপূৰ্ণা কেকাৰে, ঐশ্বৰ্য প্ৰিয়দৰ্শী,

নলবাৰী বাক্সা জিলাৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱা, গ্ৰাম্য বিকাশ মঞ্চৰ উপসভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী,সমন্বয়ক চক্ৰধৰ তালুকদাৰ সহ এটি দলে৷ উক্ত জনজাতি উন্নয়ন প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত ৭২ গৰাকী আৰু দ্বিতীয় পৰ্যায়ৰ ১০৮ গৰাকী কৃষকক সামৰি উদ্যান শস্যত আমৰ অম্ৰপালী উন্নত জাতৰ মুঠ প্ৰায় ১১০০০ জোপা, মধুৰীআমৰ এল -৪৯ জাতৰ ৭২০০ জোপা আৰু নেমুটেঙাৰ ৭২০০ জোপা সৰ্বমুঠ ২৫৪০০ জোপা গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰি আহিছে ৷আনহাতে জনজাতি সমন্বিত আচনিখনৰ জৰিয়তে আন বিশটা পৰিয়ালৰ মাজত বিজ্ঞানসন্মত গাহৰি পালনৰো দিহা কৰি কৃষক সকলক আৰ্থিক ভাৱে সবলীকৰণৰ দিহা কৰে বেচৰকাৰী সংস্থা গ্ৰম্য বিকাশ মঞ্চই । উক্ত কাৰ্যসূচীৰ অন্তত গ্ৰাম্য বিকাশ মঞ্চৰ কৰ্যসূচীসমূহক সকলো বিষয়াই ভূয়সী প্ৰসংশা কৰি প্ৰকল্পৰ সফল ৰূপায়ণ কামনা কৰে৷
যৌতুক বিচাৰি পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ ৷

আৰক্ষী জোৱান ৰূপজ্যোতি হাজৰিকাৰ বিৰুদ্ধে অভিযোগ৷

ৰূপজ্যোতি দেৰগাঁৱৰ একাদশ অসম বেটেলিয়নত কৰ্মৰত৷ সুৰা পান কৰি পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ৷