Home Blog Page 1363

অসম বিধানসভা অধিৱেশনত নগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক গৃহীত : নগাঁও কলেজত আনন্দৰ বন্যা

নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন, এগৰাকী প্ৰাক্তন ছাত্র আৰু নগঞা হিচাপে অত্যন্ত আনন্দিত হৈছো: ৰূপক শৰ্মা। অসম বিধান সভাৰ বিশেষ শৰৎকালীন অধিৱেশনত আজি নগাঁও মহাবিদ্যালয় বিশ্ববিদ্যালয় হিচাপে গৃহীত হোৱাৰ লগে লগে নগাঁও কলেজ চৌহদত আনন্দৰ জোৱাৰ উঠে। এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে কলেজ কৰ্তৃপক্ষ, অধ্যাপক-অধ্যাপিকা, অনাশিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমূহ শুভাকাংক্ষীৰ উপস্থিতিত সকলোৱে কলেজ চৌহদত বন্তি প্ৰজ্বলন, বেলুন উৰুৱাই আনন্দ উল্লাস কৰে। কলেজখনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সমূহ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সকলো শুভাকাংক্ষীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিষ্ঠা কালৰ পৰা জড়িত প্ৰতিগৰাকী ব্যক্তিকে শ্ৰদ্ধাৰে স্মৰণ কৰে। অধ্যক্ষ ড০ বৰকটকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, স্থানীয় বিধায়ক ৰূপক শৰ্মাক নগাঁও কলেজক বিশ্ববিদ্যালয় ঘোষণা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।ইপিনে নগাঁও মহাবিদ্যালয়(অট’নমাচ) বিশ্ববিদ্যালয় মৰ্যাদা লাভৰ পিছতেই বিধায়ক ৰূপক শৰ্মাই কয় যে আজি নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন।

১৯৪৪ চনত প্ৰতিষ্ঠা হোৱা নগাঁও মহাবিদ্যালয়ে(অট’নমাচ) আজি বিশ্ববিদ্যালয়ৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হ’ল।অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চুৰ্তথ দিনটোত ৰাজ্যখনৰ ৬ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ ৰূপান্তৰিত কৰাৰ সমন্তৰালকৈ নগাঁও মহাবিদ্যালয়ো বিশ্ববিদ্যালয়ৰ মৰ্যদা লাভ কৰিলে। নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে গৃহীত কৰাৰ পৱিত্ৰ ক্ষণটিত বিধানসভাৰ মজিয়াত উপস্থিত থাকো আৰু আজি এই গৌৰৱময় ক্ষণটিৰ সাক্ষী হবলৈ পায় আহ্লাদিত হৈ পৰো। আজি মই অতিকৈ আনন্দিত মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্র আৰু এগৰাকী নগঞা হিচাপে।লগতে বিধায়ক গৰাকীয়ে কয় যে আজিৰ এই ঐতিহাসিক দিনটোত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তি সকলক শ্ৰদ্ধাৰে সোঁৱৰিছো। আৰু সমগ্ৰ নগাঁও বাসীৰ হৈ অসমৰ মুখ‍্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুকো বিধায়ক শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে।লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্র-ছাত্ৰী সকলকো বিধায়ক শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে।

যদি আপুনি হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে খাদ্যত নিমখ আৰু চেনিৰ ব্যৱহাৰৰ পৰিমাণ হ্ৰাস কৰক…

অধিক পৰিমাণে চেনি আৰু নিমখ খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। বহু গৱেষণাৰ পৰাও প্ৰকাশ পাইছে যে অতিৰিক্ত চেনি বিশেষকৈ হৃদযন্ত্ৰ আৰু বৃক্কৰ বাবে অত্যন্ত বিপদজনক। অতিৰিক্ত নিমখ আৰু চেনি খালে হৃদৰোগ হ’ব পাৰে। ইয়াৰ ফলত ডায়েবেটিছ আৰু মেদবহুলতা বৃদ্ধি পাব পাৰে। চেনিযুক্ত বস্তু খোৱাটোৱে শৰীৰত কি প্ৰভাৱ পেলায়? জানো আহক-

অত্যধিক চেনিয়ে যকৃতত চৰ্বি জমা কৰে। যাৰ বাবেই চৰ্বিযুক্ত যকৃত আৰু মেদবহুলতাৰ সমস্যা আৰম্ভ হয়। যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

চেনিযুক্ত খাদ্য সোনকালে হজম হয় আৰু পেট ভৰি থকা অনুভৱ হয়, আনহাতে প্ৰটিন, চৰ্বি বা আঁহযুক্ত খাদ্য সামগ্ৰীয়ে ভোক পূৰণ কৰিবলৈ সক্ষম নহয়। যাৰ বাবে ওজন আৰু বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

অধিক পৰিমাণে চেনি আৰু নিমখ সেৱন কৰিলে দীৰ্ঘদিনীয়া প্ৰদাহ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হয়। ইয়াৰ লগে লগে হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।

নিমখত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। যাৰ বাবে ই শৰীৰত বিপজ্জনক প্ৰভাৱ পেলায়। ই বি পিও বৃদ্ধি কৰিব পাৰে।


পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত নিৰ্মীয়মাণ উদ্যান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নীতকৰণৰ বাবে বিশ্বমানৰ দৃষ্টিভংগী সন্মুখত ৰাখি দৃঢ়তাৰে আগবাঢ়িছে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটী মহানগৰীক মাথোঁ উত্তৰ-পূব ভাৰতৰে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াৰ মানসেৰে চহৰখনৰ আন্তঃগাথঁনি সবলীকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুতো অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই প্ৰয়াসক এক নতুন গতি দিয়াৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পাণবজাৰত উপস্থিত হৈ আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত চলি থকা ব্ৰহ্মপুত্ৰ নদীমুখ উন্নয়ন প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে৷

অভিলাষী প্ৰকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে উক্ত স্থানত নিৰ্মাণকাৰ্য চলি থকা উদ্যানখনৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ কৰ্তব্যত নিয়োজিত ঠিকাদাৰ আৰু কৰ্মীসকলক নিৰ্দেশ দিয়ে যাতে সমাগত শাৰদীয় উছৱৰ বতৰতে ইয়াক ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যায়।

এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে প্ৰাধিকৰণৰ বিষয়-ববীয়াসকল তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

আমছু কৰ্মীয়ে মায়ঙৰ বুৰাবুৰীত ড্ৰাগছৰ ১১কনটেইনাৰ সহ ধৰিলে দুই যুৱকক

মায়ঙৰ বুৰাবুৰী বজাৰত ১১ টা কনটেইনাৰ সহ দুই যুৱকক বুৰাবুৰী আঞ্চলিক আমছু কৰ্মীয়ে ৰাইজৰ সহযোগত ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কাৰী দুই যুৱক ক্ৰমে, চাইদুল ইছলাম আৰু ৱাছিম আক্ৰাম। দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ মায়ঙৰ কুকুৱাৰী গাঁৱত।

বুৰাবুৰী আঞ্চলিক আমছু কৰ্মীসকলৰ তৎপৰতাত এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধৰিবলৈ সক্ষম হয়। ১১ টা ড্ৰাগছৰ কনটেইনাৰসহ এখন বাইকো জব্দ কৰে। ইয়াৰ পিছতে আমছুৱে ঘটনা সন্দৰ্ভত মায়ং আৰক্ষীক খবৰ দিয়ে আৰু যুৱক দুজনক ড্ৰাগছখিনিৰ সৈতে আৰক্ষীক চমজাই দিয়ে।

উল্লেখ্য যে আটকাধীন চাইদুল ইছলাম আৰু ৱাছিম আক্ৰামে দীৰ্ঘদিন ধৰি আৰক্ষীকৰ চকুত ধূলি দি মায়ঙৰ বিভিন্ন অঞ্চলত ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল।

আমছু কৰ্মী আৰু ৰাইজে উক্ত ড্ৰাগছ সৰবৰাহকাৰীক উপযুক্ত শাস্তি দিয়াৰ লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে প্ৰশাসনক আহ্বান জনাই।

তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত এনডিএফবিৰ সদস্য সকলৰ পুনঃসংস্থাপনৰ দাবী !  জোনাই শিলিখাগুৰীত  এনডিএফবিৰ ৩৫ সংখ্যক  শ্বহীদ  দিৱস পালন…

প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি এনডিএফবিৰ ৩৫ সংখ্যক শ্বহীদ দিৱস দিনজোৰা কাৰ্য্যসূচীৰ উদযাপন কৰা হয়। জোনাই মহকুমাৰ শিলিখাগুৰী খেলপথাৰত অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ পুৱা ৯ বজাত পতাকা অৰ্ধনমিত কৰে ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সভাপতি প্ৰফুল্ল বড়োয়ে।পুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পণ কৰে প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ কেন্দ্ৰীয় সদস্য খাচেন্দ্ৰজিৎ বসুমতাৰীয়ে।ইয়াৰ পিছতে গছপুলি ৰোপণ কাৰ্য্যসূচী আৰম্ভ হয়।দুপৰীয়া ১২ বজাৰ পৰা

জিলা সভাপতি প্ৰফুল্ল বড়োৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাত আদৰণি ভাষন আগবঢ়াই ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক ভদ্ৰেশ্বৰ বসুমতাৰীয়ে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰীয়ে কয়   বড়ো জনগোষ্ঠীৰ স্ব- অধিকাৰৰ হকে তথা পৃথক বড়োলেণ্ড ৰাষ্ট্ৰৰ দাবীত  এসময়ত  হাতত অস্ত্ৰ তুলি লৈ সশস্ত্ৰ সংগ্ৰামত অৱতীৰ্ণ হোৱা প্ৰাক্তন এনডিএফবিয়ে বিভিন্ন প্ৰান্তত ৩৫ সংখ্যক শ্বহীদ দিৱস পালন কৰিছে। বড়ো জাতিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সশস্ত্ৰ সংগ্ৰামত জড়িত হৈ অশেষ কষ্ট,ত্যাগ কৰি মৃত্যুক সাৱটি ল’লে সেই জাতীয় শ্বহীদ সকলৰ মহান ত্যাগক পাহৰি যোৱা উচিত নহয় বুলি বক্তব্য ৰাখি শ্বহীদ সকলৰ মৰ্য্যদা অক্ষুন্ন ৰাখিবলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰে এখন সমৃদ্ধিশালী আৰু কৰ্ম-সংস্কৃতিৱান সমাজ নিৰ্মাণত সকলোকে আহ্বান জনাই তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত প্ৰাক্তন এনডিএফবিৰ পুনঃসংস্থাপনৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায়।সভাত নিৰ্দিষ্ট বক্তা হিচাপে ধেমাজি জিলা বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰীয়ে কয়

বড়ো সকলৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যি সকল এনডিএফবি সদস্য প্ৰাণ আহুতি দিলে

সেই শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মহান শ্বহীদৰ জাতীয় প্ৰেম আৰু ত্যাগৰ বিনিময়ত আজিৰ বড়ো সমাজে এই অৱস্থাত উপনীত হ’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি সকলোকে জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হৈ জাতিৰ উন্নয়নৰ বাবে আগবাঢ়ি যাব লাগিব বুলি কয়।মুকলি সভাত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰী, জোনাই প্ৰাথমিক সমিতিৰ সভাপতি চম্পল নাৰ্জাৰী,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অশোক দৈমাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি লোহিত গৌড়া বসুমতাৰী, সাধাৰণ সম্পাদক অশোক বসুমতাৰী,আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ সভানেত্ৰী মিনু নাৰ্জাৰী প্ৰমুখ্যে কেবাগৰাকী নেতৃস্থানীয় ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

মাজুলীত সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক অভিযানৰ সফলতাৰে সামৰণি…

মাজুলীত আজি সুৰক্ষিত শৈশৱ , সোণালী অসম’ শীৰ্ষক ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ সফলতাৰে সামৰণি পৰে  । ২০৬ নং খোনাচুক প্ৰাথমিক বিদ্যালয়ত শিশু কল্যাণ সমিতিৰ জেষ্ঠ সদস্য  সদানন্দ দোলাকাষৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত মাজুলী জিলা শিশু সুৰক্ষা গোটৰ অংশস্বৰূপ মাজুলী জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়, শিশু কল্যাণ সমিতি, শিশু কৈশোৰ -ন্যায়িক পৰিষদৰ সমাজকৰ্মী -সদস্য, চাইল্ড লাইন ইণ্ডিয়া মাজুলী, মাজুলী জিলা শিশু গৃহৰ কাউন্সিলৰ আৰু মাজুলী জিলা ন্যায়িক প্ৰাধিকাৰী কাৰ্যালয়ৰ পৰা অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত বিদ্যালয় খনৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ মাতৃগোট, বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকল, অভিভাৱক, স্থানীয় ৰাইজে অংশগ্ৰহণ গ্ৰহণ কৰে।

সভাখনিৰ প্ৰাৰম্ভণিতে মাজুলী জিলা শিশু -কৈশোৰ ন্যায়িক পৰিষদৰ সদস্য-সমাজকৰ্মী ৰমেশ চন্দ্ৰ শ‌ইকীয়াই আদৰণি বক্তব্য প্ৰদান কৰি সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ শিশু কল্যাণ সমিতিৰ সদস্য সদানন্দ দোলাকাষৰীয়ালৈ আহ্বান জনায় আৰু সভাত উপস্থিত থকা সকলোকে পৰিচয় জ্ঞাপন কৰে। সভাপতি আসন গ্ৰহণৰ পিচতে শিশু কল্যাণ সমিতিৰ অন্যতম সদস্য থানুকৃষ্ণ দত্ত‌ই নিজা ৰচনা কৰা এটি গীত পৰিৱেশন কৰে। সভাত উপস্থিত সকলৰ মাজৰ পৰা ক্ৰমে শিশু -কৈশোৰ ন্যায়িক পৰিষদৰ সদস্য-সমাজকৰ্মী ৰমেশ চন্দ্ৰ শ‌ইকীয়া, মাজুলী জিলা শিশু কল্যাণ সমিতিৰ সদস্য থানুকৃষ্ণ দত্ত, অভিভাৱকৰ তৰফৰপৰা পূৰ্ণিমা বৰা হাজৰিকা, বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেণ বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুৰজিৎ বৰা, মাজুলী জিলাৰ শিশু গৃহৰ কাউন্সিলৰ প্ৰিয়ংকা বৰঠাকুৰ,

চাইল্ড লাইন ইণ্ডিয়া ফাউণ্ডেশ্যন মাজুলী জিলা গোটৰ সদস্যা ভনী গাম, মাজুলী জিলা আইন সেৱা প্ৰাধিকাৰণৰ গ্ৰাম্য আইন সেৱা সদস্য প্ৰফুল্ল নৰহ, শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ -ছাত্ৰী সকলে নিজ নিজ দৃষ্টিৰে সোণালী শৈশৱ, সুৰক্ষিত অসম’ প্ৰসংগত কম-বেছি পৰিমাণে বক্তব্য প্ৰদান কৰে। সকলোৰে মনৰ মনৰ কথাত ভিন্ন দিশ উন্মোচন হয় আৰু সকলোৱেই বিষয়বস্তুৰ গুৰুত্ব ভালদৰেই জ্ঞাত হোৱা দেখা পোৱা যায়। ছাত্ৰ -ছাত্ৰী সকলৰ মাজত ৰমেশ চন্দ্ৰ শ‌ইকীয়া আৰু থানুকৃষ্ণ দত্ত‌ই নিবিড়ভাৱে জড়িত হৈ বিভিন্ন সামাজিক, সাংস্কৃতিক, আইনগত আৰু শিশু -কৈশোৰ সকলৰ অধিকাৰ সমুহৰ সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। শিশু সকলে নিসংকোচে নিজ নিজ ৰুচি,অভিৰুচি আৰু ভৱিষ্যতৰ দিনত কি হোৱাৰ কামনা কৰে তাকো ব্যক্ত কৰে। কাৰ্যসূচীৰ শেষত সভাপতিৰ মন্তব্যৰ আধাৰত সদানন্দ দোলাকাষৰীয়াই  গুৰুত্বপূৰ্ণ বিষয় উন্মোচিত কৰি মন্তব্য আগবঢ়ায়। সামৰণিত জাতীয় সংগীত পৰিৱেশনেৰে সভা ভংগ হয়।

বড়ো গাঁওসমূহক বড়ো-কছাৰী ৱেলফেয়াৰ অ’টন’মাছ কাউন্সিলৰ অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনা মুখ্যমন্ত্ৰীৰ…

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম বিধানসভাৰ সভাকক্ষত বড়ো-কছাৰী ৱেলফেয়াৰ অ’টন’মাছ কাউন্সিল, ইউনাইটেড বড়ো পিপ’লছ্‌ অৰ্গেনাইজেশ্যন

আৰু প্ৰাক্তন বি এল টি ৱেলফেয়াৰ ছ’চাইটিৰ এটা প্ৰতিনিধি দলৰ সৈতে এক আলোচনাত মিলিত ।


উক্ত বৈঠকত বড়ো গাঁওসমূহক বড়ো-কছাৰী ৱেলফেয়াৰ অ’টন’মাছ কাউন্সিলৰ অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনা কৰা হয় আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ অন্তৰঙ্গ আলাপ আৰু বাটৰ নাট কাৰ্যসূচী সম্পন্ন…

ধুবুৰীৰ ডুমৰদহস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান আজি আয়োজিত হয় । অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই আঁতধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ সহঃ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশে নৱাগত শিক্ষাৰ্থীসকলক উদ্দেশ্যি বিশ্ববিদ্যালয়খনৰ নীতি-আদৰ্শসমূহৰ লগতে সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ এক পৰিচয় ডাঙি ধৰে।

তদুপৰি অনুষ্ঠানটিত উপস্থিত থাকি ধুবুৰী গোটৰ শাখা বিষয়া ভাস্কৰজ্যোতি শইকীয়া, সহঃ অধ্যাপক ক্ৰমে বৰ্ণা ৰয়, ড° অৰ্চনা শইকীয়া, স্বৰ্ণালী মণ্ডল আৰু ড° নাৰায়ণ বৰ্মণে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অসমীয়া বিভাগৰ ছাত্ৰী সুস্মিতা সেন আৰু শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰী দেৱযানী পালৰ নৃত্যৰে জীপাল হৈ উঠা অনুষ্ঠানটিৰ শেষৰফালে ছাত্ৰ-ছাত্ৰীৰ মাজত ৰেগিং সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰী টুটুমণি মণ্ডলৰ পৰিচালনাৰে ‘অনুভৱ’ শীৰ্ষক এখনি বাটৰ নাট প্ৰদৰ্শিত হয় ।

আনহাতে, বিশ্ববিদ্যালয়খনৰ মূল চৌহদত যোৱা ৭ ছেপ্তেম্বৰ আৰু গুৱাহাটী গোটত ৮ ছেপ্তেম্বৰত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ দুয়োটা চৌহদত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে বিৰাঙ্গণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ড° মানস প্ৰতিম বৰা আৰু বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক ৷

ৰঙিয়াত বৃহৎ পৰিমাণৰ আফিং জব্দ ! আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৪৫ লাখ টকা মূল্যৰ আফিং…

ৰঙিয়াত প্ৰায় ৪৫ লাখ টকা মূল্যৰ আফিং জব্দ

ৰঙিয়াত বৃহৎ পৰিমাণৰ আফিং জব্দ

ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিছে ৯ কেজি ২০০ গ্ৰাম অফিং

আফিং খিনিৰ বজাৰ মূল্য প্ৰায় ৪৫ লাখ টকা

ধৃত দুই লোকক আটক ৰঙিয়া আৰক্ষীৰ

ধৃত্ যুৱক দুজন ক্ৰমে ৰঙিয়া বনগাঁৱৰ ৰাজীৱ আলি আৰু ঘগ্ৰপাৰ বৰকুকুৰীয়াৰ নুৰ ইছলাম

ৰাজীৱ আলিৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে এই আফিং খিনি ।

বহি ৰাজ্য পাঞ্জাবত বিক্ৰী কৰিছিল এই নিষিদ্ধ আফিং

জব্দ কৰা হৈছে নগট ২৫ হেজাৰ টকা , চাৰিটা মোবাইল ফোন সহ লাইটাৰ পিষ্টল

ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় ৰমু চলিহাক।শিৱসাগৰৰ ফুকন নগৰ শ্মশানত শেষকৃত সম্পন্ন…

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিত চলিহাৰ শেষকৃত্য অনুষ্ঠান ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় । ১৪ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা শিৱসাগৰ ফুকন নগৰৰ বাসগৃহত মনে প্ৰাণে অসমক ভাল পোৱা প্ৰণৱজিত চলিহা লৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হয়। চলিহাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, তেওঁৰ শেষ যাত্ৰাত সংগ দিবলৈ অগণন লোকে ভিৰ কৰিছে বাসগৃহ। ৰমু চলিহা হিচাপে জনপ্ৰিয় প্ৰণৱজিত চলিহাক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন জাতীয় দল সংগঠনৰ নেতা-কৰ্মী, বিভিন্ন শ্ৰেণীৰ নাগৰিকে পুৱাৰে পৰা তেওঁৰ বাসগৃহ ভৰি পৰিছে। উল্লেখ্য যে, আই অসমী বাবে ১২৭ বাৰ কৈ কাৰাগাৰত বন্দী হৈছিল। এইগৰাকী অদম্য সাহসী জাতীয়তাবাদী নেতাই ৭০ৰ দশকত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসম বিৰোধী কথা কোৱাৰ বাবেই মাইক্ৰ’ফোন দলিয়াই দিবলৈ সাহস কৰিছিল | ইয়াৰোপৰি তেওঁৰ প্ৰফুল্ল মহন্ত, ভৃগু কুমাৰ ফুকনক প্ৰতিষ্ঠা কৰাৰ আঁৰতো আছিল বিশেষ ভূমিকা| নিজেই অসম আন্দোলনৰ দায়িত্ব গ্ৰহণ নকৰি তেওঁ এই দুই নেতাক সেই দায়িত্ব প্ৰদান কৰি পাছলৈ অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী হোৱাত মুখ্য ভূমিকা লৈছিল | অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত যেতিয়া আলফাৰ সমান্তৰাল চৰকাৰ চলিছিল বুলি কোৱা হয়, সেই সময়তে প্ৰণৱজিত চলিহাই আলফাক মুকলিকৈ প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল ।

আনকি পৰেশ বৰুৱাই পৰৱৰ্তী সময়ত এইগৰাকী অদম্য সাহসী অসম প্ৰেমীৰ সৈতে বুজাপৰা কৰিবলৈও বাধ্য হৈছিল | চৰকাৰী পৃষ্ঠপোষকতাত ৰাজকীয় জীৱন অতিবাহিত কৰাৰ সুযোগ তেওঁ লাভ কৰিছিল | যদিও সেই সুযোগ গ্ৰহণ নকৰি নজিৰ সৃষ্টি কৰিছিল | ইফালে শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ শিৱসাগৰ নগৰৰ মাজেৰে সমদল কৰি আগবঢ়াই নিয়া হয় | অসম প্ৰেমী এইগৰাকী জাতীয়তাবাদী লৈ শ্ৰদ্ধা জ্ঞাপন কৰি শিৱসাগৰ ব্যৱসায়ী সন্থাই আজি সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে | দীৰ্ঘদিন ধৰি অশুস্থ হৈ থকা প্ৰণৱজিত চলিহা অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছিল | ১৩ ছেপ্টেম্বৰ, বুধবাৰে বিয়লি প্ৰায় ২ বাজি ৪০ মিনিটত তেওঁ তাতেই শেষ নিশ্বাস ত্যাগ কৰে । আনহাতে ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয় ৰমু চলিহাক। শিৱসাগৰৰ ফুকন নগৰ শ্মশানত শেষকৃত সম্পন্ন নেতাগৰাকীৰ। ‘বাই বাই টাইগাৰ’ পিতৃ ৰমু চলিহাক শেষ শ্ৰদ্ধাঞ্জলি জনালে শৃংখল চলিহাই।