শিলসাঁকোৰ উচ্চেদিত ৰাইজৰ সৈতে আমাৰ বুজাবুজি হৈছে#যিসকলে এতিয়া উচ্ছেদৰ বিৰুদ্ধে আন্দোলন কৰিছে তেওঁলোক এটা বিশেষ সংগঠনৰ লোক:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
নগাঁও, ১ ছেপ্টেম্বৰ: “অসমৰ চিকিৎসা বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো এটি অবিস্মৰণীয় দিন। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ পাছত আজি একেটা দিনতে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে।অসমৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে।” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ।নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ জিলাত নতুনকৈ নিৰ্মিত ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ আজি নতুন শিক্ষাবৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ হয়।তদুপলক্ষে আজি পুৱা নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ম’হখুলি স্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষন প্ৰসংগত কয়
যে আজিৰ দিনটো নগাঁও জিলাৰ বাবে ডাঙৰ প্ৰাপ্তি।অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাসত নগাঁও জিলাৰ নাম সন্নিবিষ্ট হ’ল।প্ৰথম চিকিৎসা মহাবিদ্যালয়ৰ পৰা আজিৰ দিনটোলৈকে এইয়া এক ঐতিহাসিক যাত্ৰা।১৯৭০ চনৰ পিচত২০১০চনলৈকে অসমত কোনো চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱা নাছিল।ইয়াৰ পূৰ্বে অসমত তিনিখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল।ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়,গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়। পৰৱৰ্তী সময়ত ২০১০ চনত যোৰহাটত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয় । আনহাতে ২০১০ চনৰ পৰা ২০২০ চনৰ ভিতৰত অসমত ৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয় । ইপিনে ২০২০ চনৰ পৰা ২০২৩ চনৰ এই সময়ছোৱাৰ ভিতৰত অসমত ৰাইজে নতুনকৈ চাৰিখন চিকিৎসা মহাবিদ্যালয় লাভ কৰে। আনহাতে আজিৰ পৰা অসমত ১২খন চিকিৎসা মহাবিদ্যালয়ে ৰাইজক সেৱা আগবঢ়াবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ঐতিহাসিক যাত্ৰা ইমানতে সীমাবদ্ধ নাৰাখি আৰু ৯খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত অব্যাহত ৰাখিছো। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অসম এখন অনন্য আৰু বিৰল প্ৰদেশ হিচাপে লাহে লাহে উজ্জীৱিত হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে অসমৰ তুলনা অনাগত সময়ত ভাৰতৰ প্ৰথম এখন বা দুখন ৰাজ্যৰ ভিতৰত কৰিবলৈ সক্ষম হম। ভাষন প্ৰসংগত তেওঁ কয় যে ২০১৪ চনত অসমত এম বি বি এছৰ আসন আছিল ৭২৬খন।কিন্তু এইবছৰ আমি ১৫০০খন চিকিৎসা মহাবিদ্যালয়ৰ আসন ছাত্র-ছাত্রীৰ বাবে মুকলি কৰি দিব পাৰিছো।পোষ্ট গ্ৰেজুৱেট স্থানত ৩৯৫ খন আসনৰ ঠাইত ৭২২খন আসন মুকলি কৰি দিব পাৰিছো। ইপিনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সমগ্র দেশতে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত এক নতুন আন্দোলন দেখিবলৈ পাইছো।
২০১৪ চনত আমাৰ দেশত চিকিৎসা মহাবিদ্যালয় আছিল ৩৮৭ খন।বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৯ বছৰৰ কাৰ্যকালত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৫৯৬খনলৈ বৃদ্ধি পাইছে।অৰ্থাৎ স্বাধীনতাৰ পাচত যিমান কেইগৰাকী প্ৰধানমন্ত্ৰী হৈছিল তেওঁলোকৰ কাৰ্যকাল একেলগ কৰিলে ৩৮৭খন চিকিৎসা মহাবিদ্যালয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত অকলে ধৰিলে ৩০০খন চিকিৎসা মহাবিদ্যালয় স্থাপন হয় । একেদৰে ২০১৪ চনত দেশত চিকিৎসা মহাবিদ্যালয়ত এম বি বি এচৰ আসন আছিল ৫১ হাজাৰ।এইবছৰ ই ৯০ হাজাৰলৈ বৃদ্ধি হোৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষনত উল্লেখ কৰে । আনহাতে চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ সম্প্ৰসাৰণৰ ফলত তিনিটা ফল ৰাইজে লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জিলা চিকিৎসালয়ৰ তুলনাত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সেৱা ৪ গুণ উন্নত হৈছে।জিলা চিকিৎসালয়তকৈ চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যাও বৃদ্ধি পায়।এখন চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগে লগে ৫ বছৰত এশ চিকিৎসক পাবলৈ সক্ষম হব ।এই এশ চিকিৎসকে বহু সংখ্যক আৰ্তজনক সেৱা কৰিব।চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰা ছাত্র-ছাত্রীসকল নিম্ন মধ্যবিত্তীয় সমাজৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন নোহোৱা হলে নিম্নমধ্যবিত্ত ছাত্র-ছাত্রীয়ে পঢ়িব নোৱাৰিলেহেতেন।ধন থকাসকলে বহিঃৰাজ্যত গৈ পঢ়িলেহেতেন।কিন্তু নিম্ন মধ্যবিত্ত ছাত্র-ছাত্রীয়ে পঢ়িব নোৱাৰিলেহেতেন। আনহাতে প্ৰতিটো দিনেই চিকিৎসা মহাবিদ্যালয়খনৰ বাবে নতুন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ,চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসৱ বেদনা আৰু চিকিৎসা মহাবিদ্যালয় এখন চলাই থকাটো মানৱীয় কামতকৈও ওপৰত।চিকিৎসা মহাবিদ্যালয় এখনৰ এন এম চিৰ স্বীকৃতি বৰ্তাই ৰাখিবলৈ অতি মানৱীয় প্ৰচেষ্টাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে । ইপিনে ছাত্র-ছাত্রী সকলক আহ্বান জনাই তেওঁ জীৱনৰ এই অবিস্মৰণীয় মূহুৰ্ত নেদেখাজনক উচ্ছৰ্গা কৰিবলৈ আহ্বান জনায়।তদুপৰি ছাত্র-ছাত্রীসকলৰ এই সেৱা দৰিদ্ৰ,দিব্যাংগ সকলৰ বাবে উচ্ছৰ্গা কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাই মুখ্যমন্ত্রী গৰাকীয়ে কয় যে যদি পিতৃ-মাতৃৰ ভাল সন্তান হব লাগে তেন্তে ল’ৰা-ছোৱালীৰ বাবে আটাইতকৈ ভাল পিতৃ-মাতৃ হব লাগিব । বন্ধুৰ বাবে আটাইতকৈ ভাল বন্ধু হব লাগে অথবা সমাজত এজন ভাল মানুহ হিচাপে থিয় হব লাগে তেন্তে আধ্যাত্মিকতাবাদ আৰু বস্তুবাদৰ এটা সমন্বয় প্ৰতিফলিত হব লাগিব। সভাত বিধায়ক ৰূপক শৰ্মা,জিতু গোস্বামী,শশীকান্ত দাসৰ উপৰি অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিৱ ডঃ সিদ্ধাৰ্থ সিং ,নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কান্ত গোস্বামী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্য্যবাহী সঞ্চালক মনোজ চৌধুৰী, অধীক্ষক অভিযন্তা পি বৰ্মণ আদি উপস্থিত থাকে।
আনহাতে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় : “আজি আমাৰ জাতীয় জীৱনৰ বাবে এক অতি আনন্দৰ দিন। একপ্ৰকাৰে কবলৈ গলে অসমে আগতে নেদেখা এয়া এক অবিস্মৰণীয় ক্ষণ।আজিৰ দিনটোত ৰাজ্যত একেলগে তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে।” তেওঁ লগতে কয় যে স্বাধীনতাৰ দোকমোকালিত ডিব্ৰুগড় মেডিকেল কলেজ আৰু পৰবৰ্তী দুটা দশকত গুৱাহাটী আৰু শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল। তাৰ পিছত মেডিকেল কলেজ স্থাপন হোৱা নাছিল। আজি আমি যোৱা দশকত পাঁচখন মেডিকেল কলেজ আৰু এই দশকত চাৰিখন মেডিকেল কলেজ দেখিবলৈ সক্ষম হৈছো। আজিৰ দিনটোত আমি তিনিখন মেডিকেল কলেজ লাভ কৰিছোঁ। বাৰখন মেডিকেল কলেজৰে আমাৰ অসমে এক অভূতপূৰ্ব শৈক্ষিক যাত্ৰা কৰা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয় যে আজি মই এই সোণালী ক্ষণত অসম বাসীক অভিনন্দন জনাইছোঁ। বিশেষকৈ নগাঁও, নলবাৰী, কোকৰাঝাৰৰ ৰাইজক অনন্য প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছোঁ। আনহাতে একাংশ আশাকৰ্মীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ৰোগী পঠিয়াই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল ৰোগী প্ৰাইভেট চিকিৎসালয়লৈ যাব বিচাৰে, তেওঁলোকক শিকাব লাগে যে চৰকাৰী চিকিৎসালত সকলো সুবিধা আছে। ৰাইজৰ মাজত সজাগতা আনিব লাগিব। প্ৰাইভেট চিকিৎসালয়ত চিকিৎসা কৰিলে টকা পইচা বেছিকৈ খৰছ হব।প্ৰাইভেট স্কুল চলি থকাৰ পাচতো চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা কমি যোৱা নাই বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে প্ৰতি বছৰে চৰকাৰী চিকিৎসালয়ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। বছৰি ১ লাখৰো অধিক ৰোগীয়ে চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰে। নগাঁও, নলবাৰী মেডিকেল কলেজৰ চতুৰ্থ শ্ৰেণী পদৰ নিযুক্তি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে লাহে লাহে নিযুক্তি হ’ব বুলি মন্তব্য কৰে । বজালী জিলাৰ আৰক্ষীৰ বিৰুদ্ধে উঠা অভিযোগৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে বজালী জিলাৰ আৰক্ষী অধীক্ষক আৰু আৰক্ষীৰ বিৰুদ্ধে এক অৰ্থনৈতিক অপৰাধ সংক্ৰান্তীয় এক বিশেষ তথ্য পোহৰলৈ আহিছে। সেইকাৰণে আমি বজালী জিলাৰ আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক সহ কেইবাজনো আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰিছোঁ। বিভিন্ন জনৰ বদলিৰ নিৰ্দেশ গধূলিলৈ ওলাব। আৰু এওঁলোক সকলোৰে বিৰুদ্ধে চি আই ডিত এক বিশেষ গোচৰ ৰুজু কৰা হৈছে আৰু চি আই ডি গোচৰৰ ওপৰত ভিত্তি কৰি তেওঁলোক হয়তো গ্ৰেপ্তাৰও হ’ব পাৰে আৰু গ্ৰেপ্তাৰৰ সংখ্যা বাঢ়িবও পাৰে। পুলিচৰ চৰিত্ৰ সলনি হ’ব লাগিব। আগতে যি ধৰণে দাবী ধমকি দি চলিছিল, এতিয়া সেয়া নচলিব। পুলিচৰ শীৰ্ষতম বিষয়া হলেও তেওঁ গ্ৰেপ্তাৰ হ’ব। এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানে সকলোকে বাৰ্তা দিছে। আৰক্ষী সঞ্চালক প্ৰধানে যিখিনি কথা কৈছে সেয়া আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া সকলে বুজি পাব লাগে। কাৰণ তেওঁ কোৱা কথা খিনি আমাৰ কথা। সেইকাৰণে আজি আমি আৰক্ষী অধীক্ষকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আকৌ যদি আমি আৰক্ষীয়ে দুখীয়া মানুহক হাৰাশাস্তি কৰা বুলি গম পাওঁ তথা এই কথা প্ৰমাণিত হয়, তেন্তে সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষী সঞ্চালক প্ৰধানক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। আনহাতে শিলসাঁকোৰ উচ্ছেদৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়: “শিলসাঁকোৰ ৰাইজৰ লগত আমাৰ বুজাবুজি হৈ গৈছে। ৰাইজে কৈছে ইমান খিনি মাটি উচ্ছেদ কৰক আমাৰ আপত্তি নাই। যোৱা তিনিদিন ধৰি ৰাইজৰ লগত কথা বতৰা পাতি আমি ৰাইজৰ লগত উচ্ছেদ সম্পৰ্কে বুজাবুজি কৰি পদক্ষেপ গ্ৰহণ কৰিছোঁ। ক্ষতিপূৰণ দিয়াৰ সম্পৰ্কটো আয়ুক্তই ৰাইজক জনাইছে। উচ্ছেদিত ভূমিহীন লোকক গুৱাহাটীত ফ্লেট বনাই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। যিসকলে উচ্ছেদৰ বিৰুদ্ধে আন্দোলন কৰিছে তেওঁলোক এটা বিশেষ সংগঠনৰ লোক।
তেওঁলোকে যিকোনো বিষয়তে আন্দোলন কৰেই। তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ।” ইপিনে নগাঁৱৰ ঐতিহ্যমণ্ডিত নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয় সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে এইখন চিকিৎসালয় এফ আৰ ইউলৈ ৰূপান্তৰিত কৰা হ’ব। কিন্তু ইয়াত সকলো সুবিধা উপলব্ধ নহ’ব। এইখন ফাষ্ট ৰেফাৰেল ইউনিট হিচাপে থাকিব। নগাঁও চহৰৰ মানুহে যাতে তৎকালীন ভাৱে চিকিৎসা সুবিধা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হ’ব। ইপিনে ‘এক দেশ এক নিৰ্বাচন’ সন্দৰ্ভত ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা স্হিতিক সমৰ্থন জনাই মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইয়াৰ বাবে এখন আয়োগ গঠন কৰিছে। সেই সিদ্ধান্ত অনুযায়ী দেশত এটাই নিৰ্বাচন অনুষ্ঠিত হব।বহু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে বৃহৎ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয়।তদুপৰি নিৰ্বাচনকেন্দ্ৰীক পৰিবেশ হৈ থকাৰ বাবে উন্নয়নো স্হবিৰ হৈ পৰে। সেয়ে ৰামনাথ কোৱিন্দৰ নেতৃত্বত আয়োগৰ দ্বাৰা এক দেশ এক নিৰ্বাচনৰ এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহন কৰা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী আৰু ৰামনাথ কোবিন্দক অসমৰহৈ মই ধন্যবাদ জ্ঞাপন কৰিছো।কাৰণ ইয়াৰ দ্বাৰা উন্নয়ন তৰান্বিত হব আৰু ভাৰতবৰ্ষ বিশ্বগুৰুত পৰিণত হব।
Sonapur, 01Sept: Today, 1st BN SSB Sonapur celebrated its 56th Raising Day. The unit was raised on 1st September 1968 as a Group Centre SSB Srinagar, Garhwal and in the year 2002, Group Centre SSB Srinagar, Garhwal was redesigned as 1st BN SSB. On 26th September 2002, 1st BN was shifted from Srinagar, Garhwal to Didihat, Uttarakhand.
In July 2009 again the unit was shifted from Didihat to Maharajganj,Uttar Pradesh and on 1st June 2018 this unit was shifted to its present location at Sonapur. The program began with a wreath laying ceremony honouring the departed souls at Shaheed Smarak park by Anuj Kumar, Offg. Commandant 1st BN SSB followed by Guard of honour. RK Bhumbla, IG Ftr Hqr SSB Guwahati was the chief guest on the occasion, other dignitaries are Professor Dr. Shankarjyoti Basumatary Dean,
LNIPE Guwahati, Sonam Bodh, DIG Ftr Hqr SSB Guwahati, Shailender Kaur, DIG Medical, Disanta Pandey Branch Head SBI Sonapur. Other officers, officials, staff and school students and media persons cooperatively attended the function. Recreational activities were organized for the force personnel, Swayamsiddha members and children followed by variants of cultural shows touching vast cultures from corners of the country. The program concluded with a vote of thanks by Virender Mehra, Deputy Commandant 1st BN followed by a Bada Khana party.