Home Blog Page 1392

ললিতকলা অকাডেমিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ অসমৰ শিল্পী প্ৰিয়ম তালুকদাৰলৈ

ৰাষ্ট্ৰীয় ললিতকলা অকাডেমিয়ে আয়োজন কৰা ৬৩ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত অসমৰ ছপাচিত্ৰ শিল্পী প্ৰিয়ম তালুকদাৰে ছপাচিত্ৰ শাখাত ‘ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

যোৱা ২৮ আগষ্ট ২০২৩ তাৰিখে নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্ট অতিথি ক্ৰমে অভিনেতা মনোজ যোশী, অভিনেতা পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বীৱেদি আৰু বিশিষ্ট চিত্ৰশিল্পী বাসুদেৱ কামাথৰ গৌৰৱময় উপস্থিতিত প্ৰদান কৰা এই বঁটাত নগদ ২লাখ টকা, অংগবস্ত্ৰ আৰু মানপত্ৰ প্ৰদান কৰে।

তেখেতৰ সৃষ্ট ‘ডমিনেশ্বন ফৰ চেল্ফ চেটিচফেক্সনঃ চিন্স ১৪৪৯ এ. ডি’ শীৰ্ষক কাঠখোদাই মাধ্যমত কৰা ১৫০x১০০চেন্টিমিটাৰ জোখৰ ৰঙীন ছপাচিত্ৰখনৰ বাবে ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

শিল্পী প্ৰিয়ম তালুকদাৰে কোকৰাঝাৰ কলা-সংগীত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মধ্যপ্ৰদেশৰ খৈৰাগড় স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা ছপাচিত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বৰ্তমান দিল্লীতে থাকি কলা চৰ্চা কৰি থকা তালুকদাৰে বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কলাকৰ্মৰ যোগেৰে ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছে।

তেওঁ অংশগ্ৰহণ কৰা কেইখনমান আন্তৰ্জাতিক প্ৰদৰ্শনী হ’ল- ১৮ সংখ্যক আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২৩, পোলেণ্ড, আন্তৰাষ্ট্ৰীয় ছপাচিত্ৰ আৰু শিল্পীপুথি প্ৰৰ্দশনী ২০২২, ক্ৰৱেচিয়া, পঞ্চম আন্তৰাষ্ট্ৰীয় দ্বিবাৰ্ষিক ক্ষুদ্ৰ ইচিং প্ৰদৰ্শনী ‘২০২১, ৰোমানীয়া, দ্বিতীয় আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২১ ইউক্ৰেইনকে ধৰি চীন, ৰাচিয়া আদি প্ৰায় ১৫খন দেশত যোগদান কৰাৰ সুযোগ লাভ কৰিছে।

তাৰোপৰি দেশ বিদেশৰ বিভিন্ন দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা তালুকদাৰে ৮০ আৰু ৮১সখ্যক অল ইণ্ডিয়া ফাইন আৰ্ট এণ্ড ক্ৰাফট চছাইটি পুৰষ্কাৰ, চাউথ চেন্ট্ৰেল জ’ন কালচাৰেল চেন্টাৰ পুৰষ্কাৰকে ধৰি কেইবাটাও সন্মানীয় পুৰষ্কাৰ লাভ কৰিছে। ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জুনিয়ৰ ৰিচাৰ্চ ফেলশ্বিপ আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি ৰিছাৰ্চ ফেলশ্বিপ লাভ কৰিছিল।

শিল্পী প্ৰিয়ম তালুকদাৰৰ এই সফলতাত অসমৰ শিল্পী সমাজৰ লগতে ঔংকাৰ চেন্টাৰ ফৰ ক্ৰিয়েটিভ আৰ্টৰ পৰা শিল্পী ত্ৰিদিৱ দত্ত , যোৰহাট, শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেচনৰ ৰুদ্ৰাংকুৰ হাজৰিকাই অভিনন্দন জ্ঞাপন কৰিছে।

‘মুম্বাইৰ ছী-লিংক ব্ৰিজতকৈও আটকধুনীয়া হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং’ ! মালিগাঁৱৰ নীলাচল উৰণসেতু মুকলি কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ…

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী সেতু মুকলি হ’ব ২০২৪ চনৰ দুৰ্গা পূজা সময়ত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ।

মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন।

পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু। ৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।

মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু !মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন…

মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন।

পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু। ৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।

সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে। ন-বোৱাৰীৰ দৰে সজাই তোলা হৈছে সেতুঁখন। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰা হৈছে।

কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনৰ…

আজি বশিষ্ঠ চাৰিআলিস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক যোগদান কার্যসূচী অনুষ্ঠিত হয়। কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনৰ

উক্ত যোগদান কার্যসূচীত যোৱা এবছৰ আগতে তিতাবৰ পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা নিৰ্বাচিত পাৰিষদ তথা পৌৰপতি ৰাজীৱ দত্ত আৰু উপ পৌৰপতি নিপা চুতীয়া লাহন কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন

কেন্দ্ৰীয় চৰকাৰখনৰ লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ তথা সবল নেতৃত্বধীন ৰাজ্য চৰকাৰ দুয়োখনৰ বিৰামহীন উন্নয়ন আৰু প্ৰগতিশীল দ্বাৰা অসমখনক এক অনন্য ৰূপলৈ লৈ যোৱাৰ প্ৰয়াসৰ প্ৰতি নিষ্ঠা দেখুৱাই তথা ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ললিতকলা অকাডেমিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ অসমৰ শিল্পী প্ৰিয়ম তালুকদাৰলৈ…

ৰাষ্ট্ৰীয় ললিতকলা অকাডেমিয়ে আয়োজন কৰা ৬৩ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত অসমৰ ছপাচিত্ৰ শিল্পী প্ৰিয়ম তালুকদাৰে ছপাচিত্ৰ শাখাত ‘ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।যোৱা ২৮ আগষ্ট ২০২৩ তাৰিখে নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্ট অতিথি ক্ৰমে অভিনেতা মনোজ যোশী, অভিনেতা পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বীৱেদি আৰু বিশিষ্ট চিত্ৰশিল্পী বাসুদেৱ কামাথৰ গৌৰৱময় উপস্থিতিত প্ৰদান কৰা এই বঁটাত নগদ ২লাখ টকা, অংগবস্ত্ৰ আৰু মানপত্ৰ প্ৰদান কৰে।তেখেতৰ সৃষ্ট ‘ডমিনেশ্বন ফৰ চেল্ফ চেটিচফেক্সন ঃচিন্স ১৪৪৯ এ. ডি’ শীৰ্ষক কাঠখোদাই মাধ্যমত কৰা ১৫০x১০০চেন্টিমিটাৰ জোখৰ ৰঙীন ছপাচিত্ৰখনৰ বাবে ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

শিল্পী প্ৰিয়ম তালুকদাৰে কোকৰাঝাৰ কলা-সংগীত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মধ্যপ্ৰদেশৰ খৈৰাগড় স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা ছপাচিত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বৰ্তমান দিল্লীতে থাকি কলা চৰ্চা কৰি থকা তালুকদাৰে বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কলাকৰ্মৰ যোগেৰে ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁ অংশগ্ৰহণ কৰা কেইখনমান আন্তৰ্জাতিক প্ৰদৰ্শনী হ’ল- ১৮ সংখ্যক আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২৩, পোলেণ্ড, আন্তৰাষ্ট্ৰীয় ছপাচিত্ৰ আৰু শিল্পীপুথি প্ৰৰ্দশনী ২০২২, ক্ৰৱেচিয়া, পঞ্চম আন্তৰাষ্ট্ৰীয় দ্বিবাৰ্ষিক ক্ষুদ্ৰ ইচিং প্ৰদৰ্শনী ‘২০২১, ৰোমানীয়া, দ্বিতীয় আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২১ ইউক্ৰেইনকে ধৰি চীন, ৰাচিয়া আদি প্ৰায় ১৫খন দেশত যোগদান কৰাৰ সুযোগ লাভ কৰিছে। তাৰোপৰি দেশ বিদেশৰ বিভিন্ন দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা তালুকদাৰে ৮০ আৰু ৮১সখ্যক অল ইণ্ডিয়া ফাইন আৰ্ট এণ্ড ক্ৰাফট চছাইটি পুৰষ্কাৰ, চাউথ চেন্ট্ৰেল জ’ন কালচাৰেল চেন্টাৰ পুৰষ্কাৰকে ধৰি কেইবাটাও সন্মানীয় পুৰষ্কাৰ লাভ কৰিছে। ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জুনিয়ৰ ৰিচাৰ্চ ফেলশ্বিপ আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি ৰিছাৰ্চ ফেলশ্বিপ লাভ কৰিছিল।

শিল্পী প্ৰিয়ম তালুকদাৰৰ এই সফলতাত অসমৰ শিল্পী সমাজৰ লগতে ঔংকাৰ চেন্টাৰ ফৰ ক্ৰিয়েটিভ আৰ্টৰ পৰা শিল্পী ত্ৰিদিৱ দত্ত , যোৰহাট, শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেচনৰ ৰুদ্ৰাংকুৰ হাজৰিকাই অভিনন্দন জ্ঞাপন কৰিছে।

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি…

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷

কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰূপে সমুদ্ৰগুপ্ত কাশ্যপৰ নিযুক্তিত ৰাষ্ট্ৰপতিয়ে আজি অনুমোদন জনায়।

আন্তৰিকতাৰে অভিনন্দন ।

গ্ৰীণ টি খাই ওজন কমাব বিচাৰে নেকি? কিন্তু ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা…

গ্ৰীণ টিক স্বাস্থ্যকৰ পানীয় বুলি গণ্য কৰা হয়। কিন্তু যদি আপুনি অধিক গ্ৰীণ টি সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গ্ৰীণ টি খোৱাৰ বহু অসুবিধাও আছে। কাৰণ গ্ৰীণ টিৰ আয়ুৰ্বেদিক গুণ, আমি খাই ভাল পাওঁ। বিশেষকৈ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে গ্ৰীণ টি সেৱন কৰিব পাৰে। কিন্তু আমি এদিনত ২ কাপতকৈ বেছি গ্ৰীণ টি সেৱন কৰা উচিত নহয়। বেছিকৈ গ্ৰীণ টি খোৱাৰ বহু অসুবিধাও আছে-


আমাক দিনটোত ৭ৰ পৰা ৮ ঘণ্টা টোপনি ল’বলৈ পৰামৰ্শ দিয়া দিয়ে। কিন্তু যদি আপুনি প্ৰতিদিনে ২ কাপতকৈ অধিক গ্ৰীণ টি খাই তেন্তে আপুনি টোপনিৰ সমস্যাত পৰিব পাৰে আৰু তেতিয়া আপুনি খিংখিঙীয়া হৈ পৰিব।

অধিক গ্ৰীণ টি সেৱন কৰাটো আমাৰ পেটৰ বাবে ভাল নহয়, ই বদহজম, গেছ, বমি আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বেছিকৈ গ্ৰীণ টি সেৱন কৰিলেও আমাৰ ছালত প্ৰভাৱ পৰিব পাৰে। কাৰণ এই পানীয়ত পোৱা উপাদানসমূহে ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

অত্যধিক গ্ৰীণ টি চাহ খোৱা লোকসকলে প্ৰায়ে ভাগৰুৱা আৰু কম শক্তিৰ সন্মুখীন হয়।

অতিমাত্ৰা গ্ৰীণ টি সেৱন কৰিলে ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে। যাৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান ৰভাৰে লোৱা বিক্ৰম লেণ্ডাৰৰ আকৰ্ষণীয় ছবি শ্বেয়াৰ কৰিলে ইছৰোৱে

চন্দ্ৰযান–৩ৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰৰ প্ৰথমখন ফটো তুলিলে ৰ’ভাৰ প্ৰজ্ঞানে। এই ফটো বুধবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিজৰ টুইটাৰত শ্বেয়াৰ কৰিছে।

ইছৰোৱে নিজৰ টুইটত লিখিছে, ‘‘স্মাইল প্লিজ… আজি পুৱা প্ৰজ্ঞান ৰ’ভাৰে বিক্ৰম লেণ্ডাৰৰ ফটো তুলিছে। এই ফটো ৰ’ভাৰে অনব’ৰ্ড নেভিগেচন কেমেৰাৰে (NavCam) লৈছে।’

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1 ! ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1…

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1।

প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ISRO-এ।

লঞ্চ ৰিহাৰ্চেল আৰু বাহনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পন্ন। ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1।

অনিমা প্ৰজাৰ কাষত বিৰোধী দলপতি…

নাজিৰাৰ SDPO শুভলক্ষ্মী দত্তই নিৰ্যাতন চলোৱা অনিমা প্ৰজা নামৰ বনকৰা মহিলাগৰাকীৰ কাষত উপস্থিত হ’ল বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ। ডিব্ৰুগড় আস্থা হস্পিতালত চিকিৎসাধীন বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰে মহিলাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

নিৰ্যাতিতা মহিলাগৰাকীৰ সৈতে ঘটনাৰ সন্দৰ্ভত মত-বিনিময় কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মহিলা নিৰাপত্তা নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। বিজেপিৰ হৈ কাম কৰা মহিলাই যদি সুৰক্ষা দিব নোৱাৰা চৰকাৰে সাধাৰণ মহিলাৰ সুৰক্ষাৰ বাবে কি কাম কৰিব বুলি কটাক্ষ কৰে। এই ঘটনাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ জৰিয়তে তদন্তৰ ব্যৱস্থা কৰিবলৈকো দাবী জনাইছে।