Home Blog Page 1393

ডিব্ৰুগড়ৰ জকাই অঞ্চলত আয়ুষ মন্ত্ৰালয়ৰ অধীনত ১০০খন বিচনাযুক্ত যোগ, প্ৰাকৃতিক চিকিৎসা হস্পিতাল নিৰ্মাণৰ সিদ্ধান্ত…

যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে বিভিন্ন অসুখৰ পৰা আমি সুকলমে উপশম পাব পাৰোঁ। এই পৰম্পৰাগত পদ্ধতিৰ প্ৰসাৰৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ জকাই অঞ্চলত আয়ুষ মন্ত্ৰালয়ৰ অধীনত ১০০খন বিচনাযুক্ত যোগ আৰু প্ৰাকৃতিক চিকিৎসা হস্পিতাল নিৰ্মাণৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এইখনেই হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন যোগ আৰু প্ৰাকৃতিক চিকিৎসা হস্পিতাল, ইয়াত গৱেষণা কেন্দ্ৰৰো ব্যৱস্থা থাকিব। আজি হস্পিতালখনৰ প্ৰস্তাৱিত নিৰ্মাণস্থলী পৰিদৰ্শন কৰি বিভিন্ন দিশৰ বুজ লই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকনৰ লগতে বহু গণ্য-মান্য ব্যক্তি।

এইসকল অভিনেত্ৰীয়ে ভাতৃৰ সৈতে নহয় ভগ্নীৰ সৈতে উদযাপন কৰে ৰাখী বন্ধন…

উৎসৱ উদযাপনৰ ক্ষেত্ৰত বলীউডৰ চেলিব্ৰিটিৰ কোনো তুলনা নাই। কিন্তু ৰক্ষাবন্ধন উপলক্ষে আজি আমি সেই অভিনেত্ৰী সকলৰ কথা ক’ম যিসকলে নিজৰ ভনীয়েকক ৰাখী বান্ধি উৎসৱ উদযাপন কৰে। মলাইকা অৰোৰাৰ পৰা আৰম্ভ কৰি কৃতি ছাননলৈকে এই অভিনেত্ৰীসকলে ভনীয়েকৰ সৈতে উদযাপন কৰে ৰাখী বন্ধন। দুয়োগৰাকী ভগ্নীৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। কৃতি আৰু নুপুৰে ইজনীয়ে সিজনীক ৰাখী বান্ধে।

জন্মদিন উদযাপনৰ পৰা ৰাখী বন্ধনলৈকে মালাইকা আৰু অমৃতা সদায় ইগৰাকীয়ে সিগৰাকীক লগ দিয়ে। মলাইকা আৰু ইগৰাকীয়ে সিগৰাকীক ৰাখীও বান্ধে।

অভিনেত্ৰী ভূমি পেডনেকাৰেও ভগ্নীৰ সৈতে বহু ফটো শ্বেয়াৰ কৰে। দুয়োগৰাকী ভগ্নীক বলীউডৰ বহু অনুষ্ঠানতো একেলগে দেখা যায়। ভূমি আৰু সমীক্ষাইও ইগৰাকীয়ে সিগৰাকীক ৰাখী বান্ধে। এবাৰ অভিনেত্ৰী ভূমিয়ে ৰক্ষাবন্ধনৰ শ্বুটিঙত ব্যস্ত হৈ থাকোঁতে ভনীয়েকক বহুত মিছ কৰিছিল।

কাপুৰ পৰিয়ালত প্ৰতিটো উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়। কৰীনা আৰু কৰিশ্মাইও ইগৰাকীয়ে সিগৰাকীৰ সৈতে এই উৎসৱ উদযাপন কৰে।

অভিনেত্ৰী শিল্পা আৰু শমিতাৰ মাজতো বহুত ভাল সম্পৰ্ক। এই অভিনেত্ৰী ভগ্নীসকলেও ৰাখী বন্ধনৰ এই উৎসৱটি উদযাপন কৰে।

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনা…

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনা
বিষ্ণুপুৰ, চূৰাচান্দপুৰ জিলাত আক্ৰমণ-প্রত্যাক্রমণত
নিহত ২

  • বিষ্ণুপুৰ জিলাৰ নাৰেইন চেইনা, ফুলবালাত কুকি দুৰ্বৃত্তৰ
    গুলীবর্ষণ

  • কুকি দুৰ্বৃত্তৰ গুলীচালনাত ফুলবালাত নিহত গাঁওৰক্ষী
    বাহিনীৰ সদস্য

বৰপেটা জিলাৰ মানচিত্ৰ সলনিক লৈ প্ৰতিবাদ এগৰাকী ব্যক্তিৰ

বৰপেটা জিলাক খণ্ডিত আৰু খর্বিত কৰাৰ প্ৰতিবাদ কৰি আৰু প্ৰতিকাৰ বিচাৰি বৰপেটা প্ৰেছ ক্লাবৰ সন্মুখত এগৰাকী ব্যক্তিৰ অৱস্থান ধৰ্মঘট।

পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ সাব্যস্ত কৰা প্ৰতিবাদত তেওঁৰ মনোভাৱ, ‘কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থত যদি সচাঁকৈয়ে সমগ্ৰ বৰপেটা জিলাক ব্যৱহাৰ কৰিছে এয়া অত্যন্ত দুখজনক। কথাবোৰ আজিকালি যদি ইমানেই সহজ হৈছে, তেতিয়া গণতন্ত্ৰৰ কি দৰকাৰ। মন গৈছে জিলা দিছে, মন গৈছে কৰ্তন কৰিছে। মানচিত্ৰ সলনি কৰিছে। খণ্ডিত কৰিছে, কোনোবাৰ লগত সংলগ্ন কৰিছে। সকলো যদি মাত্ৰ এখন কেবিনেটতেই হৈ যায় তেতিয়া হ’লে নাগৰিকৰ কি দৰকাৰ। এটা কথা মন কৰা উচিত ৰাইজ অতিষ্ঠ হ’লে যিকোনো চৰকাৰেই খহে। কোনো চৰকাৰেই ভকত নহয়। সাধাৰণ মানুহে সকলো দেখি থাকে। ক্ষোভৰ জুই যেতিয়া জ্বলে মানুহবোৰ অস্থিৰ হয়। সকলো কথাৰ বাচ-বিচাৰ থাকে। আলোচনা থাকে। সকলোৰে ইতিহাস থাকে’।

নতুন দিল্লীত জাৰি ১৪৪ ধাৰা ! ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা…

নতুন দিল্লীত জাৰি ১৪৪ ধাৰা। ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা।

ড্ৰোন উৰণত নিষেধাজ্ঞা দিল্লী প্ৰশাসনৰ। G20 বৈঠকৰ বাবে জাৰি কৰা হ’ল এই নিৰ্দেশনা।

দুদিনৰ বাবে বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।

আজি ৰাখী পূৰ্ণিমাঃ ৰাখী বন্ধনৰ পূৰ্ণিমা তিথি আজি পুৱা ১০.৪৮ বজাৰ পৰা আৰম্ভ হৈ ৩১ আগষ্ট পুৱা ৭.০৬ বজালৈ চলি থাকিব…

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়।

কিন্তু ৰাখী বন্ধনৰ এই উৎৱসটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও পুৰণি  আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিছিল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিলছিল। আৰু বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। আৰু সিদিনাখন সংযোগ ক্ৰমে  শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু তাৰ পৰায়ে কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে। আৰু মহাভাৰতৰো আখ্যান মতে- কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। আৰু তেতিয়াৰ পৰাই কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হৈছিল। ৰাখী বন্ধন হৈছে ভাৰতৰ এটা উৎসৱ। আৰু এই উৎসৱটি অতীজৰে পৰা শাওণ মাহৰ পূণিমা তিথিত পালন কৰা হয়।

হিন্দু, জৈন, শিখ আদিৰ ধৰ্মৰ লোকসকলে এই উৎসৱটি উদ্‌যাপন কৰে। ভাৰতবৰ্ষত ৰাখী বন্ধন উৎসৱটি  অতি পুৰণি যদিও আমাৰ অসমীয়া সমাজত কিছু বছৰৰ পৰাহে এই উৎসৱটি উদ্‌যাপন কৰা হৈছে। ৰাখী বন্ধন এই উৎসৱটি ভাতৃ আৰু ভগ্নী বাবে এটা পবিত্ৰ দিন বুলি কোৱা। কিয়নো সেই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ আৰু ভগ্নীৰ মাজৰ মৰম-চেনেহ, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা। সেইবাবে কোৱা হয় ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয় ৰাখীবন্ধন মানে হৈছে ভাতৃ আৰু ভগ্নী মাজৰ এক মৰমৰ বান্ধোন। সংস্কৃতি মূলীয় শব্দ ৰাখীৰ অৰ্থ হৈছে “সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন”। বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক  দিনে বৃদ্বি পাইছে। বিশেষকৈ বৰ্তমান সময়ত ৰাখী বন্ধনৰ প্ৰাসংগিকতা নিশ্চকৈ নুই কৰিৱ নোৱাৰি। কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্মীৰ মাজতে এই উৎসৱটো সীমাদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ-সম্পৰ্কীয় মাজতো অতিশয় প্ৰচলিত এই উৎসৱটিয়ে  বৰ্তমান সমাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিয়নো সদায় হত্যা, হিংসা, বিভেদেৰে পৰিপূৰ্ণ হৈ থকা বৰ্তমান সমাজখনলৈ যেন এনেবোৰ উৎসৱৰ আগমনে ভাৰতীয় লোকসকলৰ মাজত ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰে সমাজখনলৈ এক ইতিবাচক পৰিবৰ্তন কঢ়িযাই আনক।

শ্বাহৰুখ, ছলমান নহয়; বলীউডৰ ৰজা হ’লহেঁতেন এইজন অভিনেতা ! কিন্তু কৰিলে ৫টা ভুল…

শ্বাহৰুখ, ছলমান নহয়; বলীউডৰ ৰজা হ’লহেঁতেন এইজন অভিনেতা ! কিন্তু কৰিলে এই ৫টা ভুল। যদি কোনো অভিনেতাই নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত এটা বা দুটা ভুল কৰে, তেন্তে তেওঁৰ সফলতা আহি পৰে বাধা। বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ক্ষেত্ৰতো তেনেকুৱাই হল। যদি ছেইফে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত সেই পাঁচটা ভুল নকৰিলেহেঁতেন, তেন্তে আজি তেওঁ ছলমান-শ্বাহৰুখ খানৰ দৰে বলিউদত ৰাজত্ব কৰিলেহেঁতেন। ছেইফ আলী খানৰ ভুলসমূহৰ বিষয়ে জানি লওক-


মনোৰঞ্জনমূলক বাতৰি অনুসৰি ছেইফ আলী খানৰ ছবিয়ে তেওঁৰ কেৰিয়াৰত বহু হিট আৰু বহু ফ্লপ দিছে। কিন্তু যদি ছেইফ আলী খানে সেই ৫ খন ব্লকবাষ্টাৰ হিট ছবি নাকচ নকৰিলেহেঁতেন তেন্তে আজি ছেইফেও শ্বাহৰুখৰ দৰে হ’লহেঁতেন। প্ৰথমে দিলৱালে দুলহানিয়া লে জায়েংগেৰ বাবে ছেইফ আলী খানৰ সৈতে যোগাযোগ কৰা হৈছিল। কিন্তু ছেইফে এই ছবিখন নাকচ কৰিছিল।

মনোৰঞ্জনমূলক বাতৰি অনুসৰি ছেইফ আলী খানক তালাছ ছবিখনৰ বাবে অফাৰ দিয়া হৈছিল। কিন্তু এই ছবিখনো অভিনেতাজনে নাকচ কৰিছিল। ছেইফৰ এই সন্ধান নাকচ কৰাৰ আঁৰৰ যুক্তি আছিল যে তেওঁ সেই সময়ত অধিক ব্যৱসায়িক ছবি কৰিব বিচাৰিছিল। কোৱা হৈছে যে ছেইফ আলী খানকো দেৱদাস ছবিখনত চুন্নীলালৰ প্ৰস্তাৱ দিছিল যদিও অভিনেতাজনে ছবিখন নাকচ কৰিছিল। পিছলৈ এই চৰিত্ৰটোত অভিনয় কৰিছিল জেকী শ্ৰফে।

খবৰ অনুসৰি ছেইফ আলী খানে কুচ কুচ হোতা হ্যাৰ দৰে ছুপাৰহিট ছবি কৰিবলৈ অস্বীকাৰ কৰিছিল। ছেইফে এটা পুৰণি সাক্ষাৎকাৰতো কৈছিল যে যদি তেওঁৰ কিবা আক্ষেপ আছে তেন্তে সেয়া হ’ল তেওঁ নাকচ কৰিছিল।

অংকিতা দত্তলৈ পুনৰ CBIৰ চমন…

অংকিতা দত্তলৈ পুনৰ CBIৰ চমন। আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।

সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ।

প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক তলব।

কণী আৰু মাংস নোখোৱাকৈ নিৰামিষ প্ৰ’টিন ডায়েটৰ বাবে খোৱাৰ আৰম্ভ কৰক এইসমূহ বস্তু…

নিৰামিষভোজীৰ মনলৈ হয়টো এটা প্ৰশ্ন আহে মাংস নোখোৱাকৈ সম্পূৰ্ণ প্ৰটিনযুক্ত খাদ্য খাব পাৰি নে? কিছুমান খাদ্যৰ জৰিয়তে এয়া সম্ভৱ। যদি আপুনি নিৰামিষভোজী বা মাংস এৰিব বিচাৰে আৰু প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব বিচাৰে তেন্তে এই সমূহ বিশেষ খাদ্য গ্ৰহণ কৰিব পাৰে। প্ৰ’টিন হৈছে আপোনাৰ শৰীৰৰ পেশীৰ কলা মেৰামতি কৰা মেক্ৰ’নিউট্ৰিয়েণ্ট। আপোনাৰ মগজু, যকৃত আৰু পেশীবোৰ প্ৰটিনৰ দ্বাৰা গঠিত।

নিৰামিষভোজীসকলে কি কি খাদ্যৰ জৰিয়তে প্ৰচুৰ পৰিমাণে প্ৰ’টিন লাভ কৰিব জানেনে। মচুৰ দাইল নিৰামিষভোজীৰ বাবে প্ৰটিনৰ সমৃদ্ধ উৎস যদিও আন বহু ধৰণৰ খাদ্য খোৱাটোও গুৰুত্বপূৰ্ণ। প্ৰটিনৰ উৎস হৈছে-

চিয়া বীজ
সৰিয়হ
পিটা ব্ৰেড
পিনাট বাটাৰ
বাদাম
অটমিল
মচুৰ দাইল

প্ৰ’টিন লাভ কৰিবলৈ নিৰামীষভোজী সকলে খাব পাৰে এই সমূহ খাদ্য।


গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড।

ভস্মীভূত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ। লগতে ভস্মীভূত হয় কেইবাখনো বাহন, বিভিন্ন সামগ্ৰী।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ।