Home Blog Page 1396

কঁকালৰ বিষৰ পৰা হাত সাৰিবলৈ এই ৫টা খাদ্য সামগ্ৰী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক…

কঁকালৰ বিষৰ পৰা হাত সাৰিবলৈ এই ৫টা খাদ্য সামগ্ৰী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। বৰ্তমান সময়ত বহুলোকৰ কঁকালৰ আৰু পিঠি বিষত ভোগে। এনে পৰিস্থিতিত আপুনি খাদ্য তালিকাত কিছুমান অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰিব লাগিব। এই বিষ বেছিকৈ মহিলাৰ ক্ষেত্ৰত দেখা যায়। কিন্তু কঁকালৰ বিষৰ কাৰণ হ’ল আমাৰ শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ, অনিয়মিত জীৱনশৈলী, ব্যায়ামৰ অভাৱ, অফিচত অবিৰতভাৱে বহি থকা। আজি আমি আপোনালোকক এনে কিছুমান খাদ্য সামগ্ৰীৰ বিষয়ে ক’ম যিবোৰ আপুনি দৈনিক খালে বিষৰ পৰা হাত সাৰিব পাৰিব…


কঁকালৰ বিষৰ পৰা সকাহ পাবলৈ ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য গ্ৰহণ কৰিলে কঁকালৰ বিষৰ পৰা বহুখিনি সকাহ পাব। আলমণ্ড, আখৰোট, চিয়া গুটি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। লগতে মাছ সেৱনে আপোনাৰ শৰীৰত ওমেগা-৩ ফেটি এচিডৰো যোগান ধৰিব।

বহু মানুহৰ শৰীৰত প্ৰটিনৰ অভাৱ দেখা যায়। সেইবাবেই আপুনি আপোনাৰ খাদ্য তালিকাত প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে প্ৰতিদিনে কণী, গাখীৰ, দাইল আদি সেৱন কৰিব লাগে।

যদি আপোনাৰ কঁকালৰ বিষ অবিৰতভাৱে হয়, তেন্তে ইয়াৰ বাবে আপোনাৰ দৈনন্দিন খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক। পাতল শাক-পাচলি খোৱাৰ ফলত আপোনাৰ হাড় আৰু পেশী শক্তিশালী হয়। ফুলকবি, ব্ৰকলি, কচু আৰু কবি আদি খাবলৈ আৰম্ভ কৰক। এই শাকত ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন কে প্ৰচুৰ পৰিমাণে পোৱা যায়।

কঁকালৰ বিষৰ পৰা সকাহ পাবলৈ আনাৰস, আপেল, চেৰী, জামু, ছাইট্ৰাছ ফল আৰু আঙুৰ আদি সতেজ ফল-মূল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।


বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ। প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন…

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰে। ইতিহাস সৃষ্টি কৰাৰ পাছত তেওঁ ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে। নীৰজে স্বৰ্ণ পদক লাভ কৰে। ফাইনেলত নীৰজৰ প্ৰথমটো থ্ৰ’ ফাউল হৈছিল। কিন্তু দ্বিতীয় থ্ৰ’ত সফল হৈছিল। দ্বিতীয় প্ৰচেষ্টাত নীৰজে ৮৮.১৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। জেভেলিন থ্ৰ’ৰ ফাইনেলত ভাৰতৰ নীৰজৰ লগতে পাকিস্তানৰ আৰ্ছাদ নদীমও আছিল। ফাইনেলত তেওঁৰ আগত কোনেও যাব নোৱাৰিলে। গতিকে সোণৰ পদক লাভ কৰিলে নীৰজ চোপ্ৰাই। পাকিস্তানৰ আৰ্ছাদ দ্বিতায় হ’ল। আৰছাদে ৮৭.৮২ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰে। তেওঁ লাভ কৰিলে ৰূপৰ পদক। একে সময়তে চেক গণৰাজ্যৰ জেকব ৱাডলেচ তৃতীয় স্থানৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ৱাডলেচে ৮৬.৬৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে।

স্বৰ্ণ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাক অভিনন্দন জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে ভাৰতৰ কিশোৰ জেনাই পাঁচ নম্বৰ স্থানত তাকে। আনহাতে ডি পি মানুৱে ষষ্ঠ স্থান লাভ কৰে। কিশোৰে ৮৪.৭৭ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰে। আনহাতে মনুৱে ৮৪.১৪ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। ফাইনেলত মুঠ ১২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।


বকুল বনৰ কবিৰ পুত্ৰৰ মৃত্যু…

বকুল বনৰ কবি আনন্দ চন্দ্র বৰুৱাৰ জেষ্ঠ পুত্ৰ পৰজ বকুল বৰুৱা। দেওবাৰে গুৱাহাটী ডাউন টাউন হাস্পাতলত মৃত্যু হয়। ২২ জুলাইত ডাউন টাউন হাস্পাতলত ভৰ্তি কৰাইছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী পুত্ৰ আৰু এগৰাকী কন্যাক এৰি যায়। প্ৰয়াত পৰজ বকুল বৰুৱা অইল ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক হিচাপে কাৰ্যনিবাহ কৰিছিল।

তেখেতৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা টীয়কৰ ঢেকীয়াখোৱাৰ জন্মগৃহলৈ আনি পিতৃ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ সমাধিৰ কাষত শেষকৃত্য সম্পন্ন কৰে। খবৰটো বিয়পাৰ লগে লগে অসংখ্য গুণমুগ্ধই ঢেকীয়াখোৱাৰ বকুল বনৰ কবি চোতালত ভিৰ কৰে আৰু যোৰহাটৰ সুযোগ্য সন্তান গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে এয়া সমগ্ৰ ঢেকীয়াখোৱা অঞ্চলৰ বাবে এক বৃহৎ ক্ষতি বুলি সকলোৱে মত প্ৰকাশ কৰে।তেওঁৰ শেষকৃত্য অনুষ্ঠানত বৃহত্তৰ টীয়কৰ বিভিন্ন দল সংগঠনৰ নেতা, সামজিক ব্যক্তিকে ধৰি ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

‘চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক’। সদৌ হিন্দু মহাসভাৰ অধ্যক্ষ স্বামী চক্ৰপাণিৰ দাবী…

‘চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক’।

শিৱশক্তি পইণ্ট হওঁক ৰাজধানী।

সংসদত প্ৰস্তাৱ গৃহীত হ’ব লাগে।

চন্দ্ৰযান-৩ৰ লেণ্ডিং পইণ্টক “শিৱশক্তি” হিচাপে নামকৰণ কৰাৰ পিছতে চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ হিন্দু মহাসভাৰ অধ্যক্ষ স্বামী চক্ৰপাণিৰ।

চন্দ্ৰযান-৩ৰ লেণ্ডিং পইণ্টক “শিৱশক্তি” নামেৰে নামাকৰণ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ স্বামীৰ।

চন্দ্ৰক আন ধৰ্ম আৰু দেশে নিজৰ দাবী উত্থাপন কৰাৰ আগতেই চন্দ্ৰক “হিন্দুৰাষ্ট্ৰ” হিচাপে ঘোষণা কৰা উচিত।

এটা ভিডিঅ’ যোগে হিন্দু দ্ৰষ্টাগৰাকীয়ে কয় যে ‘মই বিচাৰো যে ভাৰতে সংসদত এটা প্ৰস্তাৱ লৈ চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক’।

ভিডিঅ’টোত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চন্দ্ৰযান-৩ৰ অৱতৰণ এলেকাটোক “শিৱশক্তি পইণ্ট” বুলি নামকৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে চন্দ্ৰত হিন্দু জাতি প্ৰতিষ্ঠা কৰাৰ পিছত ইয়াক ৰাজধানী হিচাপে গঢ়ি তোলা উচিত।

হিন্দু দ্ৰষ্টা স্বামী চক্ৰপাণি মহাৰাজে বিগত সময়তো তেওঁৰ অদ্ভুত মন্তব্যৰ বাবে শিৰোনাম দখল কৰিছিল।

জলকীয়াত থকা লুটিনে হৃদযন্ত্ৰৰ পৰা হাড়লৈকে সুৰক্ষিত ৰাখে…

জলকীয়াত থকা লুটিনে হৃদযন্ত্ৰৰ পৰা হাড়লৈকে সুৰক্ষিত ৰাখে। লুটিন নামৰ এবিধ ফ্লেভন’ইড বহু উদ্ভিদ ভিত্তিক খাদ্যত পোৱা যায় যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ দ্বাৰা বহু ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। লুটিন হৈছে এক প্ৰকাৰৰ ফ্লেভনইড, যি বিশেষভাৱে উদ্ভিদত পোৱা যায় আৰু বহু খাদ্য সামগ্ৰীতো থাকে। ই এক প্ৰকাৰৰ ফাইটোকেমিকেল। বিশেষকৈ জলকীয়া, বিলাহী আৰু চাহত পোৱা যায়। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা কোনবোৰ ৰোগ নিৰাময় হ’ব পাৰে জানো আহক-

লুটিন হৈছে এক শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে আপোনাৰ শৰীৰক ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

মানসিক চাপ কমোৱাৰ লগতে মানসিক শান্তি বৃদ্ধিৰ বাবে লুটিন সাধাৰণতে ব্যৱহাৰ কৰা হয়।

লুটিনয়ে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব পাৰে আৰু ৰোগৰ পৰা ৰক্ষা কৰে।

লুটিনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, হাৰ্ট এটেক, হৃদৰোগ বিকলতা, ট্ৰিপল ভেছেল ডিজিজ, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজৰ পৰা সুৰক্ষা প্ৰদান কৰে।

উদ্ভিদ ভিত্তিক খাদ্যত পোৱা লুটিনৰ কাৰ্চিনোজেনিক প্ৰতিৰোধী গুণ আছে। ই কেন্সাৰ সৃষ্টিকাৰী কাৰকৰ বিৰুদ্ধে কাম কৰে আৰু এই ভয়াৱহ ৰোগৰ পৰা আমাক ৰক্ষা কৰে।

হাড়ৰ স্বাস্থ্য উন্নত কৰিবলৈও লুটিন ভিত্তিক খাদ্য ব্যৱহাৰ কৰিব পাৰি। ই আপোনাৰ হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে।


সপ্তম যোৰহাট অপেন আছাম ষ্টেট ছুইমিং চেম্পিয়নশ্বিপৰ সফল সামৰণি

২৬ আৰু ২৭ আগষ্ট তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সপ্তম আছাম ষ্টেট ছুইমিং চেম্পিয়নশ্বিপ। যোৰহাট ছুইমিং চচাইটিৰ উদ্যোগত অসম সাঁতোৰ সংস্হাৰ পৃষ্ঠপোষকতাত আয়োজিত প্ৰতিযোগিতাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

অসমৰ সাঁতোৰ প্ৰতিযোগীসকলৰ মাজত প্ৰতিযোগিতা মূলক পৰিবেশ সৃষ্টি কৰি ন ন প্ৰতিভা ৰাষ্ট্ৰীয় পৰ্যায়ত পঠিওৱা। দেওবাৰে বিয়লি অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসৰ বলিষ্ঠ নেতৃত্বত প্ৰতিযোগিতাখনিৰ ১২৪ ইভেণ্ট সফলতাৰে সম্পন্ন হয়।

আয়োজক যোৰহাট দলে ৫৪ টা সোণ, ২৪ টা ৰূপ, ৫০ টা ব্ৰঞ্জ পদক সহ সৰ্বমুঠ ১২৮ টা পদক জয়ৰে দলীয় খিতাপ দখল কৰে। ১১ টা সোণ, ২০ টা ৰূপ, আৰু ১৪ টা ব্ৰঞ্জ মুঠ ৪৫ টা পদকৰে দ্বিতীয় স্হান দখল কৰে শিৱসাগৰ দলে ।


সপ্তম যোৰহাট অপেন আছাম ষ্টেট ছুইমিং চেম্পিয়নশ্বিপত
গ্ৰুপ চেম্পিয়ন :
পুৰুষ অপেন শাখা: চেণ্টিউইন গগৈ(যোৰহাট) আৰু বৰ্ণিল চৌধুৰী (গোলাঘাট)
মহিলাৰ অপেন শাখা : সম্প্ৰীতি বৰা (শিৱসাগৰ)
ল’ৰা – গ্ৰুপ ১ : অংশুমান কাশ্যপ (যোৰহাট)
ছোৱালী- গ্ৰুপ ১ : দৰ্শিতা বৰা (যোৰহাট)
ল’ৰা-গ্ৰুপ ২ : নিবিৰ হাজাৰিকা (যোৰহাট)
ছোৱালী-গ্ৰুপ ২ : মধুপ্ৰিয়া গগৈ আৰু ভূমিকা কাশ্যপ (যোৰহাট)
ল’ৰা- গ্ৰুপ ৩ : সুবাশিষ বৰদলৈ (শিৱসাগৰ)

ছোৱালী- গ্ৰুপ ৩ : সমৰিদ্ধি কৌশিক (যোৰহাট )

ল’ৰা- গ্ৰুপ ৪ : আয়ান মোহন (চৰাইদেউ)

ছোৱালী- গ্ৰুপ ৪ : প্ৰতিক্ষ্যা বৰা (তেজপুৰ )

ল’ৰা- গ্ৰুপ ৫ : প্ৰাণ জ্যোতি হাজাৰিকা (তেজপুৰ )

ছোৱালী- গ্ৰুপ ৫ : ভাৰ্গৱী শৰ্মা (তেজপুৰ )। এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাৰ বাবে সাম্ভাব্য খেলুৱৈসকলক চিনাক্ত কৰা হৈছে বুলি অসম সাঁতোৰ সংস্হাৰ তৰফৰপৰা সাংবাদ মাধ্যমক জানিবলৈ দিছে।

কেইবাখনো ৰাজ্যৰ বাবে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ

আগন্তুক দুদিনৰ বাবে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে কেইবাখনো ৰাজ্যলৈ।


সোমবাৰে আৰু মঙলবাৰে অসম আৰু মেঘালয়ৰ বাবে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বিজ্ঞান বিভাগে।


তদুপৰি, সোমবাৰ আৰু মঙলবাৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ বতৰ বিজ্ঞান বিভাগৰ।

‘নন্দিনী’ৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান

জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজ কৰ্মী গুণ মহন্তৰ পঞ্চম মৃত্যু বাৰ্ষিকীত দেওবাৰে বিশিষ্ট লেখিকা তথা সাংবাদিক, ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ অন্যতম বৈষ্ণৱ আদৰ্শৰ সত্ৰীয়া অনুষ্ঠান পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নগাঁও জিলাৰ ফৌজদাৰীপট্টিস্থিত প্ৰয়াত অভিনেতা গৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মাইনী মহন্তক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে স্মাৰক,ৰিহা,গামোচা,প্ৰশস্তি পত্ৰ আদি।এই বঁটা পৰিয়ালৰহৈ প্ৰদান কৰে জনপ্ৰিয় অভিনেতা গুণ মহন্তৰ ককাইদেউ ক্ষিৰদা মহন্তই।

লগতে বঁটা প্ৰাপকক আদৰণি জনায় গুণ মহন্তৰ ভগ্নী হীৰা মহন্ত দত্ত, পুত্ৰ-জীয়ৰী সদৃশ লক্ষিমী মহন্ত, মিচিমি মহন্ত আৰু ৰক্তিম সুৰুয মহন্তই।পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰহৈ লখিমী মহন্ত, মিচিমি মহন্ত আৰু ৰক্তিম সূৰুয মহন্তৰ তত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানত বঁটা গ্ৰহণ কৰি ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তই কয় যে-এই বঁটাটো এটা সন্মানীয় বঁটা। বঁটাটো মই গৌৰৱৰে গ্ৰহণ কৰিছো। গুণ মহন্তৰ মুখখন মনলৈ আহিলেই তেখেতৰ ভদ্ৰতা মোৰ মনত আহে। সম্প্ৰতি মানুহৰ মাজত সহনশীলতাৰ অভাৱ হৈছে।সাধাৰণ কথাতেই আমি দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিচ্ছেদ ঘটাও।এনে সময়ত গুণ মহন্তৰ শান্ত-সমাহিত আচৰণে আমাক সংযত হবলৈ,ভদ্ৰ হবলৈ শিকায়,প্ৰেৰণা যোগায়।’

ভাষন প্ৰসংগত তেওঁ কয় যে-নিৰহংকাৰী গুণ মহন্তই আমাক শিকাই গৈছে ক্ষমতা,অহংকাৰ অস্থায়ী। আমি কেনেকৈ মানৱীয় গুণ সমূহৰ অধিকাৰী হব পাৰো তাৰ শিক্ষা লব লাগে। এই শিক্ষা লবৰ বাবে এজন আদৰ্শ ব্যক্তি আছিল গুণ মহন্ত।’

সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা সভাখনৰ আদৰণি ভাষন প্ৰদান কৰে লখিমী মহন্তই। অনুষ্ঠানত মিচিমি মহন্তই বঁটাৰ লগত প্ৰদান কৰা প্ৰশস্তি পত্ৰ পাঠ কৰে । উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে নিজা বাসভৱনৰ সত্ৰ নামঘৰত পুৱা নাম-প্ৰসঙ্গ, শ্ৰদ্ধাঞ্জলি আশীৰ্বাদেৰে গুণ মহন্তৰ সাংস্কৃতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ হয়৷ এই অনুষ্ঠানতে ‘সত্ৰীয়া সংস্কৃতিৰ সৈতে লখিমী আৰু মিচিমি মহন্ত’ আৰু ‘R.S.M Films & Raktim Suruj Mahanta Film Production House’ নামৰ দুটা ইউটিউৱ চেনেলো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷


ইউ টিউব চেনেল দুটা মুকলি কৰে ক্ৰমে শীৰ্ষ আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু বোলছৱি পৰিচালক বাণী দাসে।সভাত ভাষন প্ৰদান কৰি আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয় যে-‘গুণমহন্তৰ ব্যক্তিত্ব উচ্চ পৰ্যায়ৰ। সেয়ে তেওঁ সৰ্বজন সমাদৃত। এনে ব্যক্তি বিৰল।’

সভাখনত সাংবাদিক মুকুল দাস,অজয় মাহাতু,কবি লক্ষেশ্বৰ শৰ্মা,বিশিষ্ট সমাজকৰ্মী অনুপ বৰুৱা,সদৌ অসম মহিলা সাংবাদিক সন্থাৰ সভাপতি পৰিণীতা হাজৰিকা আৰু সম্পাদক মাইনু খনিকৰ,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত উপস্থিত থাকি বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী গুণ মহন্তৰ স্মৃতিচাৰণ কৰে। এই অনুষ্ঠানতে লখিমী মহন্ত, মিচিমি মহন্তৰ পৰিচালনাত আৰু ৰক্তিম সুৰুয মহন্তৰ চিত্ৰ নাট্যৰে ‘কৃষ্ণ লীলা’ শীৰ্ষক নৃত্য নাটিকা প্ৰদৰ্শন কৰে পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ ছাত্র-ছাত্রী সকলে। উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ পৰা অভিনেতা গুণ মহন্তৰ সোঁৱৰণত আগবঢ়াই অহা হৈছে।অনুষ্ঠানৰ শলাগৰ শৰাই জনায় অঞ্জলী মহন্তই।

কটনত ড° মুক্তি দেৱ চৌধুৰীৰ পুণ্য স্মৃতিত প্ৰয়াত “অসমীয়া-বাঙালী সম্পর্ক : সাহিত্যিক-সাংস্কৃতিক-সামাজিক ইতিবাচক উদ্ভাস” শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

কটন বিশ্ববিদ্যালয়ৰ ছুডমার্চন হলত দেওবাৰে কটনৰ প্রাক্তন অধ্যক্ষ তথা বাংলা বিভাগৰ প্রাক্তন প্রধান, বিশিষ্ট সাহিত্যিক ড°মুক্তি দেৱ চৌধুৰীৰ পুণ্য স্মৃতিত প্রথম প্রয়াণ দিৱস উপলক্ষে “অসমীয়া-বাঙালী সম্পর্ক : সাহিত্যিক-সাংস্কৃতিক-সামাজিক ইতিবাচক উদ্ভাস” শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত বিষয় টোৰ সম্পৰ্কত মূল বক্তৃতা প্রদান কৰে যশস্বী লেখক-চিন্তাবিদ ময়ূৰ বৰাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে পদ্মশ্রী অজয় দত্ত, কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু বিশিষ্ট শিক্ষাবিদ কৃষ্ণাঞ্জন চন্দ প্রমুখ। অনুষ্ঠানৰ আগধৰি কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰধান অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ড° ভূপেন হাজৰিকাৰ কথাৰে নিজৰ আইক ভাল পোৱা মানে আনৰ আইক জানো বেয়া পোৱা যায় বুলি দোহাৰি অসমীয়া ভাষাক অসমৰ মাতৃভাষা আৰু বাংলাক ধাত্ৰী ভাষা বুলি কোৱা হয় আৰু অসমৰ প্ৰতিজন বাংলাভাষী লোকে এই দিশটো সৰোগত কৰি ভাষা সাহিত্যৰ উন্নতিৰ বাবে কাম কৰি যাবলৈ অনুৰোধ জনায়।

প্ৰসঙ্গত বক্তব্য প্ৰদান কৰি ময়ুৰ বৰাই কয় যে সংঘাতে সমাজৰ উন্নয়ন নঘটায়। সেয়েহে বাঙালী আৰু অসমীয়া সমাজৰ মাজত ভাষিক সংঘাত সৃষ্টি কৰি একো লাভ নাই। যিকোনো ভাষা সংস্কৃতিৰ মাজত সম্প্ৰীতিয়েহে সমাজ বা ভাষাৰ ইতিবাচক উত্তৰণ ঘটাব পাৰে। বুৰঞ্জীৰ পাতে পাতেও সম্প্ৰীতিৰ কথাই উল্লেখ আছে। তেওঁ লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, চৈতন্য দেৱেও সদায়েই ভাষিক সাংস্কৃতিক আৰু সামাজিক সম্প্ৰীতিৰ বাবে বাণী প্ৰচাৰ কৰিছিল।

তেওঁ বিশ্বমানৱ ড° ভূপেন হাজৰিকাৰ গীতৰ কলিৰ মাজেৰেই অসমীয়া আৰু বাংলা ভাষা, সাহিত্য, সংস্কৃতিৰ উমৈহতীয়া বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অবদান আৰু ইয়াৰ মাজেৰে দুয়োটা ভাষাৰ ইতিবাচক সম্প্ৰীতিৰ এনাজৰী ডালৰ কথা দোহাৰে। তেওঁ কয় যে বাংলা গানৰ জৰিয়তে ড° হাজৰিকাই যি সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰিলে সেয়া উজ্জীৱিত কৰি ৰখাৰ প্ৰয়োজন।

প্ৰয়াত ডঃ মুক্তি দেৱ চৌধুৰীৰ প্ৰসঙ্গ দাঙি ধৰি কয় যে প্ৰয়াত সাহিত্যিক গৰাকীয়ে মামণি ৰয়ছম গোস্বামীৰ ছিন্ন মস্তাৰ মানুহটো, ডঃ ধ্ৰুৱজ্যোতি বৰাৰ লোহা আৰু ত্ৰিপুৰাৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থ সমূহ বাংলা ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্য চহকী কৰি গৈছে। তেঁও লগতে অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নয়নৰ বাবে বিশেষ অৱদান আগবহোৱা হেমাংগ বিশ্বাস, ড° অমলেন্দ্ৰ গুহ, পুলক বেনাৰ্জী, মণীষা হাজৰিকা, অজয় দত্ত আদিৰ কথা কয় আৰু যেতিয়ালৈকে সমাজত এই সকল লোকৰ অৱদানৰ কথা আলোচিত হব, তেতিয়ালৈ অসমীয়া ভাষা আৰু বাংলা ভাষাৰ মাজত থকা কোনো বিভেদে দুয়োখন সমাজৰ মাজত কোনো ঋণাত্মক প্ৰভাৱ পেলাব বা বিভেদ সৃষ্টি কৰিব নোৱাৰিব।

তেওঁ লগতে অসমীয়া বাংলা দুয়ো ভাষাৰ উত্তৰণৰ বাবে নিজা নিজা উদ্যোগত সমাজৰ হকে কাম কৰি যাবলৈ সকলো ভাষা প্ৰেমী, সাহিত্যিক, বুদ্ধিজীৱীক অনুৰোধ জনায়।অনুষ্ঠানত প্রয়াত ড° মুক্তি দেৱ চৌধুৰীৰ প্রিয় গীতবোৰ পৰিবেশন কৰা হয়। অনুষ্ঠানটো আয়োজন কৰাত মূল সহযোগিতা আগবঢ়ায় “বাংলা সাহিত্য সভা, অসম”-এ। কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগীয় প্রধান তথা বাংলা সাহিত্য সভা, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ড° প্রশান্ত চক্রৱর্তী, ৰাজ্যিক সভাপতি খগেনচন্দ্র দাস, কটনৰ বাংলা বিভাগৰ প্রাক্তনী সমিতিৰ হৈ ড° শান্তনু ৰায়চৌধুৰী আৰু পৰিয়ালৰ হৈ পুত্র শঙ্খদীপ চৌধুৰীয়ে ধন্যবাদ প্রদান কৰে।

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ…

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ। কংগনা ৰানাৱটে চন্দ্ৰযান ৩ৰ বিজ্ঞানীসকলক লৈ এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। য’ত অভিনেত্ৰীগৰাকীয়ে এই মহিলাবিজ্ঞানীসকলৰ সৰলতাৰ কথা কৈছে। সমগ্ৰ দেশে উদযাপন কৰিছে চন্দ্ৰযান ৩ৰ সফলতা। ইফালে কংগনা ৰানাৱটে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক প্ৰশংসা কৰি এটা পোষ্ট লিখিছে। যিয়ে সকলোৰে হৃদয় চুই গৈছে। এই অভিযানত কাম কৰা বিজ্ঞানীসকলৰ এখন ছবি শ্বেয়াৰ কৰাৰ সময়ত তেওঁ তেওঁলোকৰ সৰলতাক প্ৰশংসা কৰে আৰু তেওঁলোকক সৰল জীৱন-যাপনেৰে উচ্চ চিন্তা বুলি অভিহিত কৰে।

এই ছবিখনৰ বিশেষ কথাটো হ’ল এই আটাইকেইগৰাকী ইছৰোত কৰ্মৰত মহিলা বিজ্ঞানীয়ে শাৰী পিন্ধি কপালত বিন্দী লগাই ইছৰো চেণ্টাৰত উপস্থিত থাকে। ফটোখন শ্বেয়াৰ কৰি কংগনাই লিখিছে, ‘তেওঁলোকৰ সহজ জীৱন আৰু উচ্চ চিন্তা। এই বাৰ্তাৰ সৈতে কংগনাই ভাৰতীয় পতাকাৰ তিনিটা ইমোজিও শ্বেয়াৰ কৰিছে।

কংগনা ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অতি সোনকালে অভিনেত্ৰীগৰাকীক পি বাসুৰ পৰিচালনাত নিৰ্মিত ‘চন্দ্ৰমুখী ২’ ছবিখনত দেখা যাব। যিখন ব্লকবাষ্টাৰ তামিল হৰৰ ছবি ‘চন্দ্ৰমুখী’ৰ ছিকুৱেল। ইয়াৰ উপৰিও অতি সোনকালে তেজছ আৰু ইমাৰ্জেন্সিতো দেখা যাব অভিনেত্ৰীগৰাকীক।