সম্পত্তিৰ লালসাত এগৰাকী যুৱতীক হত্যা পৰিয়ালৰ লোকৰ।

মহানগৰীৰ লালমাটিত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। বৰদেউতাক আৰু বৰমাকৰ বিৰুদ্ধে অত্যাচাৰৰ

অভিযোগ। ঘটনা সন্দৰ্ভত গোপেশ মেধি নামৰ এজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।
সম্পত্তিৰ লালসাত এগৰাকী যুৱতীক হত্যা পৰিয়ালৰ লোকৰ।

মহানগৰীৰ লালমাটিত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। বৰদেউতাক আৰু বৰমাকৰ বিৰুদ্ধে অত্যাচাৰৰ

অভিযোগ। ঘটনা সন্দৰ্ভত গোপেশ মেধি নামৰ এজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।
নতুন প্ৰজন্মৰ শৈক্ষিক, সংস্থাপন, স্বনিয়োজন আদি বিষয় সমূহক সামৰি শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাই “জীৱনৰ সতে” শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
এই কাৰ্যসূচীৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে প্ৰস্তুতি, বিভিন্ন কাৰিকৰী বিষয় সমূহৰ অধ্যয়ন , সংস্থাপন আৰু স্বনিয়োজন আদি বিষয় সমূহৰ ওপৰত বিভিন্ন বিষয়ৰ বিশেষজ্ঞ ব্যক্তিয়ে মাৰ্গদৰ্শন কৰিব।
প্ৰতি মাহতে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ দ্বিতীয় বৰ্গ মঙলবাৰে শিমলুগুৰি শ্বহীদ ভৱনত অনুষ্ঠিত হয়, দ্বিতীয় সমল ব্যক্তি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ।

ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ বহু অভিজ্ঞতাৰে পূষ্ট বক্তব্য আগবঢ়ায়, প্ৰশাসনিক সেৱাৰ দিশত কিদৰে আগবাঢ়িব সেই বিষয়ত পুংখানুপুংখভাৱে মত দাঙি ধৰি ছাত্ৰ – ছাত্ৰী সকলক উদ্বুদ্ধ কৰে আয়ক্ত গৰাকীয়ে৷
-দিলীপ হাজৰিকা, নাজিৰা
১২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ‘সংগীত নাটক একাডেমি’ নতুন দিল্লীৰ সহযোগত, গুৱাহাটীৰ কথক নৃত্য শিক্ষানুষ্ঠান ‘মৃদংগ’ই ৰঙাপাৰা অঞ্চলত আয়োজন কৰা কথক নৃত্যৰ কৰ্মশালা এখনিত কেইবাগৰাকীও শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।
কথক নৃত্যৰ গুৰু তথা ‘মৃদংগ’ নামৰ গুৱাহাটীস্থিত কথক নৃত্যৰ প্ৰশিক্ষণ দি অহা শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক গুৰু বিপুল দাসৰ তত্ত্বাৱধানত শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ৰে’লৱে এম্প্লয়িজ ইউনিয়ন বিল্ডিঙত আয়োজিত কথক নৃত্যৰ কৰ্মশালাখনত সেই অঞ্চলৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

অসম চৰকাৰৰ “কলাগুৰু বিষ্ণুৰাভা বঁটা” প্ৰাপক তথা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা,বৰ্ষীয়ান কথক নৃত্যগুৰু তথা ভাৰতীয় কথক নৃত্যৰ মহাগুৰু প্ৰয়াত বিৰজু মহাৰাজৰ অন্যতম শিষ্য বিপুল দাসক এইদৰে ওচৰত পাই ৰঙাপাৰাৰ ৰাইজে আনন্দত আত্মহাৰা হৈ পৰে।

উল্লেখ্য যে সংগীত নাটক একাডেমিৰ সহযোগত ইয়াৰ পূৰ্বে বিপুল দাসে যোৰহাটতো কথক নৃত্যৰ কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু আগষ্ট মাহৰ শেষৰফালে গুৱাহাটীতো কথক নৃত্যৰ আন এখন কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি বৰ্ষীয়ান শিল্পী গৰাকীয়ে জানিবলৈ দিছে৷
দেশৰ সুৰক্ষা তথা শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনাই অতীজৰ পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বৰ বিভিন্ন শক্তিশালী শত্ৰুক সহজতে পৰাভূত কৰিব পৰাকৈ অত্যাধুনিক যুঁজাৰু বিমানৰ লগতে শক্তিশালী অস্ত্ৰ শস্ত্ৰেৰে সু সজ্জিত হৈ আছে ভাৰতীয় বায়ু সেনা। সদাসষ্টম ভাৰতীয় বায়ু সেনাই যিকোনো মুহূৰ্ততে ধূলিস্যাত কৰি দিব পাৰে শত্ৰু পক্ষৰ সপোন।
বিশেষকৈ এছ ইও -৩০, এম কে- আই, চি-১৭, চি-১৩০, চিনুক, ৰাফেল, আপাচি ৰ দৰে শক্তিশালী যুঁজাৰু বিমানৰ লগতে কম আৰু অধিক দূৰত্ব ভেদ কৰিব পৰা অস্ত্ৰৰ সহায়ত এক শক্তিশালী স্থিতিত অৱস্থান কৰিছে ভাৰতীয় বায়ু সেনা।
বিগত বিভিন্ন সময়ত ভাৰতীয় বায়ু সেনাৰ এই যুঁজাৰু বিমান সমূহৰ পৰাক্ৰম বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে। ভাৰতীয় বায়ুসেনাৰ এই অত্যাধুনিক শক্তি সমূহক প্ৰত্যক্ষ কৰোৱাৰ উদ্দেশ্য আগত লৈ মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত বায়ুসেনা ষ্টেচন যোৰহাটত উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় সাংবাদিক সকলক লৈ আয়োজন কৰা হয় এক “মিডিয়া অৰিয়েণ্টেচন কেপচুল”।

যোৰহাটৰ ৰৰৈয়া বায়ুসেনা চাউনিত আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন সংবাদমাধ্যমৰ ৩০ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে। অনুৰূপ ধৰণে বায়ুসেনা ষ্টেচন মোহনবাৰীতো আয়োজন কৰা হয় এই মিডিয়া অৰিয়েণ্টেচন কেপচুল কাৰ্যসূচী।
কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল ভাৰতীয় বায়ুসেনাৰ পূব ভাৰতত কাৰ্যকলাপৰ সন্দৰ্ভত এক আভাস প্ৰদান কৰা। কাৰ্যসূচীত ভাৰতীয় বায়ুসেনাৰ ঐতিহাসিক আভাস আৰু যুঁজাৰু বিমান, পৰিবহণ আৰু হেলিকপ্টাৰৰ উৰণ অভিযান, তথা দুৰ্গম স্থানত শত্ৰুক পৰাভূত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বায়ুসেনাৰ বিভিন্ন কাৰ্যকলাপ সন্দৰ্ভত এক আভাস প্ৰদৰ্শন কৰি দেখুৱা হয় বায়ুসেনাৰ কৰ্মী সকলৰ দ্বাৰা।
ইয়াৰ লগতে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত থকা বিভিন্ন বিমান ঘাঁটি সমূহৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে বায়ুসেনাৰ শীৰ্ষ বিষয়াই।
লগতে ভাৰতীয় বায়ুসেনাৰ প্লেটফৰ্ম, চেন্সৰ, অস্ত্ৰ শস্ত্ৰ, নেটৱৰ্ক, ৰাডাৰ ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাকে ধৰি আধুনিক প্ৰযুক্তিৰ বিষয়ে উল্লেখ কৰা হয়। বিশেষকৈ উত্তৰ পূব ভাৰতৰ বিভিন্ন দুৰ্যোগ, সংকট ৰ প্ৰতি সঁহাৰি জনায় মানৱীয় সাহাৰ্য আৰু দুৰ্যোগ সাহাৰ্য অভিযানত ভাৰতীয় বায়ু সেনাৰ ভূমিকা সন্দৰ্ভত উল্লেখ কৰে বায়ুসেনাৰ বিষয়াসকলে।
গুৱাহাটী শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে অসমৰ তিনিটা অঞ্চলত আয়োজন কৰা সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতাখনিৰ তেজপুৰ জ’নৰ প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷
অসমৰ বিভিন্ন জিলাৰ মুঠ ২০টা শিশু নাট্য দলৰ যোগদানৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ৰঙ্গমঞ্চত যোৱা ১৯-২০আগষ্টত আয়োজন কৰা হৈছিল অসমভিত্তিক শিশুনাট প্ৰতিযোগিতাৰ প্ৰথমটো মাণ্ডলিক কাৰ্যসূচী৷

গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মানিক ৰয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এই শিশু নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে৷ শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই উদ্ধোধন কৰা নাট প্ৰতিযোগিতাখনৰ ১৯আগষ্টৰ আৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল তেজপুৰ সমষ্টিৰ বিধায়ক অভিনেতা -গায়ক পৃথ্বীৰাজ ৰাভা৷

প্ৰতিযোগিতাখনৰ ঘোষিত ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ নাট্যদল বৰঙাবাৰী, বিশ্বনাথৰ ‘বাট থিয়েটাৰ'(নাটক “নিগনিৰ দৌৰ”), দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল লখিমপুৰৰ ‘পূবেৰুণ মইনা পাৰিজাত'(নাটক “কুৰুক্ষেত্ৰত খেলিমেলি”) , তৃতীয় শ্ৰেষ্ঠ নাট্যদল বিশ্বনাথ চাৰিআলিৰ ‘নাট্য প্ৰশিক্ষণ কেন্দ্ৰ’ (নাটক “মেইন ভাওঁ কোনে ল’ব” )৷
সেইদৰে শ্ৰেষ্ঠ অভিনেতা ক্ৰমে প্ৰথম আয়ুষ্মান নেওগ (নাটক ”ঔগুৰিৰ খেল”) দ্বিতীয় উদ্দীপন দাস(নাটক ”গোবৰ্দ্ধনৰ গোপাল), তৃতীয় অবিনাশ ভৰদ্বাজ (নাটক ‘ত্যাগ’)৷ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী নৱনিশা বৰা (নাটক ”ভেকোলা মহাজনৰ বিলৈ”), দ্বিতীয় গৰিমা হাজৰিকা(নাটক ”কুৰুক্ষেত্ৰত খেলিমেলি” )আৰু তৃতীয় গ্ৰীতৃষ্ণা মহন্ত (নাটক ”মেইন ভাওঁ কোনে ল’ব” )৷

আনহাতে নাট প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে কাৰ্বিআংলঙৰ অসম নাট্য সন্মিলনৰ লাংহিন শাখা(নাটক ”আমি মানুহ হ’ম মানুহৰ পূজাৰী” )আৰু শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ অৰ্জন কৰে পূবেৰুণ মইনা পাৰিজাতৰ নিতুল ডেকাই(নাটক কুৰুক্ষেত্ৰত খেলিমেলি),দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক পংকজ ৰাজখোৱা(নাটক ভেকোলা মহাজনৰ বিলৈ)তৃতীয় শ্ৰেষ্ঠ পৰিচালক সন্তৰাম দাস(নাটক ”বনভোজৰ বৰভুল”)৷
শ্ৰেষ্ঠ নাট্যকাৰ নগাওঁ ৰাইদঙ্গীয়াৰ জোনাকী পৰুৱা নাট্যদলৰ অঞ্জন ভূঞা(নাটক ”গোহালি ঘৰৰ দূৰদৰ্শন), দ্বিতীয় বাবুল বৰঠাকুৰ(নাটক যোগ-বিয়োগ),তৃতীয় ৰিপন শইকীয়া(নাটক ”জোনাকীৰ পৃথিৱী”)।
শ্ৰেষ্ঠ সংগীত পৰিচালক দাধৰা ৰূপজ্যোতি মইনা পাৰিজাতৰ শুভ্ৰজ্যোতি বৰা (নাটক “ভেকোলা মহাজনৰ বিলৈ ”) ,শ্ৰেষ্ঠ আলোকসজ্জা বিশ্বনাথ চাৰিআলি পঞ্চতাৰকাৰ মাইনু শইকীয়া(নাটক ”কৰিশ্মা আহি আছে” ), শ্ৰেষ্ঠ দৃশ্যসজ্জা তেজপুৰ কেতেকীবাৰীৰ “ৰূপসজ্জা ডলফিন কলা নিকেতন”ৰ ৰঞ্জিত ভৰালী(নাটক ‘ত্যাগ’), শ্ৰেষ্ঠ ৰূপসজ্জা জ্যোতিনগৰৰ জে বি ফাউণ্ডেচনৰ দিব্যজ্যোতি নাথ৷অনুৰূপা ডেকাৰজা,লুইত বৰুৱা আৰু সঞ্জীৱ বুঢ়াঁগোহাই বিচাৰক হিচাপে উপস্থিত থকা দুদিনীয়াকৈ অনুষ্ঠিত এই নাট প্ৰতিযোগিতাত তেজপুৰৰ বহু নাট্যপ্ৰেমী দৰ্শক ৰাইজে নাট উপভোগ কৰিছিল৷

অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে গুৱাহাটী শিশু নাট্যবিদ্যালয়ৰ সভাপতি,অসম শিশু সাহিত্য ন্যাসৰ সচিব বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী,বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী, পৰিচালক-অভিনেতা ভূপেন শৰ্মাৰ লগতে উপস্থিত আছিল নাট্যকাৰ জিতেন শৰ্মা,নাট্যকাৰ শোভেশ্বৰ দাস,সাংস্কৃতিক কৰ্মী ৰাজকুমাৰ দাস আদি প্ৰমুখ্যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ একাংশ সদস্য আৰু বিষয়বীয়া৷
আনহাতে অহা ২৬-২৭আগষ্টত নলবাৰী আৰু ৯-১০ছেপ্তেম্বৰত শিৱসাগৰ মণ্ডলত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা আন দুখন সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷
ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভাখন মঙলবাৰে গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷
উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত পুৱা ৮ বজাত পতাকা উত্তোলন কৰে গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি কিশোৰ পেগুৱে ৷
৯ বজাত স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ফিজু কুম্বাঙে ৷ ৯-৩০ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ চিনাকি পৰ্ব অনুষ্ঠিত হয় ৷ আঁত ধৰে মহাবিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক মুখ্যনাথ টাইদে ৷

দুপৰীয়া ১২ বজাত মহাবিদ্যালয়খনত নতুনকৈ আৰম্ভ কৰা অস্থায়ী যোগাসন কেন্দ্ৰ মুকলি কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । বিয়লি ১ বজাত মুকলি সভা শুভাৰম্ভ কৰে উত্তৰ লখিমপুৰ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গোগামুখ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° বিমান কুমাৰ চেতিয়াই ৷
সভাত সভাপতিত্ব কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ উক্ত মুকলি সভাতে গোগামুখ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক দেবেশ্বৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত গোগামুখ মহাবিদ্যালয়ৰ ৪২ বছৰীয়া দস্তাবেজ উন্মোচন কৰে সাংসদ প্ৰদান বৰুৱাই ৷
গোগামুখ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন উন্মোচন কৰে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জেষ্ঠ বিজ্ঞানী দীপজ্যোতি বৰুৱাই ৷ সভাত উপস্থিত থাকে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী অসীম বৈশ্য, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷
অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা গোগামুখ মহাবিদ্যালয় শীৰ্ষ গীত আৰু মহাবিদ্যালয়খনৰ ছাত্ৰী জোনালী দলেয়ে পৰিৱেশন কৰা নীলীমা খাতুনৰ এটি চৰাই গুণগুণাই শীৰ্ষক গীতে উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক, অতিথি সকলোকে আপ্লুত কৰে ৷
পশ্চিম কাৰ্বি আংলং জিলাৰ চিকদামাখা ইণ্ডোৰ ষ্টেডিয়ামত সোমবাৰে উন্মোচন কৰা হয় এখনি তিৱা ভাষাৰ ব্যাকৰণ।
ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰচটি এচছিয়েট প্ৰফেছৰ ড০ ভাৰ্জিনিয়া দাউচন ৰ দ্বাৰা ৰচনা কৰি উলিওৱা Introduction to Tiwa Grammar শীৰ্ষক grammar খন উন্মোচন কৰে তিৱা মথনলাই তখ্ৰাৰ সভাপতি দ্বিপেন্দ্ৰ নাথ বৰদলৈয়ে।

তিৱা মথনলাই তখ্ৰাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য ডি উফিং মচলাই, তিৱা মাথনলাই তখ্ৰাৰ উপ সভপতি দ্বয় শৰৎ চন্দ্ৰ পাতৰ আৰু যোগেশ্বৰ বৰদলৈ, প্ৰাক্তন সভপতি মহেশ্বৰ পাতৰ, প্ৰাক্তন সভপতি ললচিং মাদাৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি, সাহিত্য অকাডেমি ভাষা সন্মান প্ৰাপক হৰচিং খলাৰৰ লগতে জিলা সমিতিৰ বিষয় ববিয়াসকল।
তখ্ৰা কেন্দ্ৰীয় সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা অনুষ্ঠানটোত স্থানীয় ৰাইজৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকি অনুষ্ঠানৰ শলাগ লয়।
Grammar খনৰ ৰচক অষ্ট্ৰেলিয়াৰ নিবাসী ড০ ভাৰ্জিনিয়া দাওচে সকলো তিৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ব্যাকৰণ খন প্ৰকাশ কৰি দিয়াৰ বাবে তিৱা মাথনলাই তখ্ৰাক আন্তৰিক ধন্যবাদ জনাই।
Grammar খন প্ৰস্তুতৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙৰ অন্য তিনিগৰাকী লেখকে ড o দাওচেক সহায় কৰে। উন্মোচনী অনু্ঠানত উপস্থিত থাকি পৰিষদৰ কাৰ্য্যবাহী সদস্য ডী উফিঙ মচলাইয়ে উক্ত ব্যাকৰণ খন তিৱা ভাষা সাহিত্য বিকাশৰ বাবে ডাঙৰ অৱদান বুলি উল্লেখ কৰে।
এটা সময়ত দেশী বিদেশী চৰাইৰ বিচৰণথলী আৰু সোৱাদযুক্ত মাছৰ বাবে আন্তৰ্জাতিক ক্ষেত্ৰতো পৰিচিতি লাভ কৰা গুৱাহাটীৰ মাজমজিয়াৰ দীপৰ বিল আজি সংকটত ভুগিছে। চৰকাৰী – বেচৰকাৰী উদ্যোগতে সংকট নামি আহিছে দীপৰ বিললৈ। একে সময়তে জীৱন – জীৱিকাৰ ক্ষেত্ৰখনলৈ চৰম ভাবুকি আহিছে দীপৰ বিলত যুগ যুগ ধৰি পৰম্পৰাগতভাবে মাছ মাৰি অহা দীপৰ বিলৰ কাষৰীয়া ৯ খন গাঁৱৰ প্ৰায় এক হাজাৰ মাছমৰীয়া পৰিয়ালৰ। এই কথা আক্ষেপৰে ব্যক্ত কৰিছে দীপৰ বিলৰ মাছমৰীয়া লোক সকলৰ উন্নয়নৰ হকে মাত মাতি অহা একমাত্ৰ আৰু উমেহতীয়া সংগঠন “দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ কেবাজনো কৰ্মকৰ্তাৰ।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টৰ দিনা সন্ধিয়া দীপৰ বিলৰ গাতে লগা আজাৰা কেওটপাৰাত আয়োজিত এটা অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লৈ এই কথা সদৰি কৰে সমিতিৰ সভাপতি গোলক দাস (১) , উপদেষ্টা নিৰন দাস আদিয়ে।
দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই আঁত ধৰা আৰু সমিতিৰ সম্পাদক গোলক দাসৰ (২) আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত গোলক দাস আৰু নিৰন দাসে তথ্য দাঙি ধৰি কয় যিদিনাই মাছমৰীয়া লোকসকলে বিলখনৰ পৰা আঁতৰি আহিব সিদিনাই বিলখনৰ অকাল মৃত্যু হব। দীপৰ বিল কাষৰীয়া বৃহত্তৰ আজাৰা অঞ্চলৰ ৯ খন গাওঁ ক্ৰমে – কেওটপাৰা , হীৰাপাৰা , হাটোৱাপাৰা, নোৱাপাৰা, মাটিয়া, বৰবৰী, নতুনবস্তি, মেধিপাৰা আৰু চকৰদৌৰ প্ৰায় এক হাজাৰ মাছমৰীয়া সম্প্ৰদায়ৰ পৰিয়ালৰ এক গৰিষ্ঠ সংখ্যক লোকেই পৰম্পৰাগতভাবে বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আহিছে।

তেওঁলোকে পৰম্পৰাগত একক আৰু অনন্য মাছমৰা পদ্ধতিৰ বাবেই দীপৰ বিলখন জীয়াই আছে । মাছমৰীয়া লোকসকলে এটা পৰিয়ালৰ দৰে জীৱিকা সুনিশ্চিত কৰি অহাৰ উপৰি বিলখনৰ সংৰক্ষণৰ ক্ষেত্ৰত সদায় গুৰুত্ব দি আহিছে। পাঁচপাৰা সমবায় সমিতিৰ জৰিয়তে নিয়ন্ত্রিত এই মাছমৰা প্ৰক্ৰিয়াত আজিকোপতি যন্ত্রচালিত নাও ব্যৱহাৰ কৰা নাই মাছমৰীয়াসকলে। ফলত দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলীৰূপে চিহ্নিত দীপৰ বিলত পক্ষীৰ বাবে এক সুস্থ পৰিৱেশ আজিও মাছমৰীয়াসকলে বৰ্তাই ৰাখিছে।
দীপৰ বিলত কাষৰীয়া অঞ্চলৰ ৰাইজে বিশেষ পৰম্পৰাগত পদ্ধতি তথা নীতি-নিয়মৰ জৰিয়তে এই কাৰ্য সম্পূৰ্ণ কৰে। দীপৰ বিলত মাছ ধৰিবলৈ মাছমৰীয়াসকলে প্ৰায় ১৯ বিধ সঁজুলি ব্যৱহাৰ কৰে। বাৰিষাৰ আগত অর্থাৎ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’ আৰু বাৰিষা সময়ত অর্থাৎ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ বাৰিষাৰ পাছত অক্টোবৰ, নৱেম্বৰ আৰু শীতকাল অর্থাৎ ডিচেম্বৰ, জানুৱাৰী এই চাৰিটা ভাগত বতৰক ভাগ কৰি মাছমৰীয়াসকলে দীপৰ বিলত মাছ মাৰে আৰু প্ৰতিটো বতৰত মাছ মৰা সঁজুলি পৃথক পৃথক।
এই ১৯ বিধ সামগ্রী প্রত্যেক দিনাই ব্যৱহাৰ নহয়। নীতি-নিয়মৰ ভিত্তিত এই সমগ্ৰ প্রক্রিয়া নিয়ন্ত্রিত হয় আৰু এই বতৰত কোন কেইবিধ সামগ্ৰী ব্যৱহাৰ কৰিব নিৰ্দিষ্ট কৰা থাকে। বিলখনৰ কোনকেইটা স্থানত এই বতৰত মাছ মাৰিব সেয়াও নিৰ্দিষ্ট কৰা থাকে আৰু কঠোৰ পৰম্পৰাগত নীতি-নিয়মৰ জৰিয়তে এই প্ৰক্ৰিয়াৰে মাছ মাৰে। অতি গুৰুত্বপূৰ্ণ দিশটো হ’ল যে তেওঁলোকে পৰৱৰ্তী দিনটোৰ কথা চিন্তা কৰি মাছ মৰা কাৰ্য সম্পাদন কৰা হয়। ‘দীপৰ বিলত যিসকল মাছমৰীয়া আছে, তেওঁলোকে সকলো মাছ নধৰে। যিটো মাছ উপযুক্ত নহয়, সেই মাছ যাতে ধৰা নপৰে, তেনে জাল সময় অনুসৰি ব্যৱহাৰ কৰা হয়। অর্থাৎ কাইলৈ দিনটোৰ বাবে যিখিনি মাছৰ প্ৰয়োজন, সেইদৰে তেওঁলোকে এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰি আহিছে।

আজি দিনত কি হয়, আমি কাইলৈ দিনটোৰ কাৰণে চিন্তা নকৰো; কিন্তু এইসকল মানুহে কাইলৈ বা ভৱিষ্যতৰ দিনটোৰ চিন্তা কৰি কাৰ্য সম্পাদন কৰি আহিছে। ইয়াৰ ফলস্বৰূপে এই বিলখন আজিও জীয়াই আছে।’ বিলখনৰ সংৰক্ষণৰ ই এক শ্রেষ্ঠ পদ্ধতি । বিললৈ পৰিভ্ৰমী চৰাই তেতিয়া আহে, যেতিয়া বিলখনত এক সুৰক্ষিত পৰিৱেশ আৰু পৰ্যাপ্ত খাদ্য লাভ কৰে। মাছমৰীয়া আৰু চৰাইৰ যদি সম্পৰ্ক চোৱা যায়, এক মধুৰ সম্পৰ্ক আছে। মাছমৰীয়াসকলৰ মাছমৰা যি পদ্ধতি পৰিভ্ৰমী পক্ষীৰ স’তে কোনো সংঘৰ্ষ নাই আৰু পৰ্যাপ্ত খাদ্য আছে। সমান্তৰালভাৱে আমি বিলখনত মাছৰ প্ৰজননৰ অপ্ৰট অধিক গুৰিত দিওঁ।
খানাজানৰ জৰিয়তে দীপৰ বিলত মাছ সোমায়। মাছ সোমোৱাৰ পাছত ওলাই যাব নোৱাৰাকৈ এখন বাঁহৰ বান্ধ বনাই দিয়া হৈছে। বছৰি তেওঁলোকে যিটো মাছধৰা উৎসৱ অনুষ্ঠিত কৰে, সেই সময়তে সর্বাধিক পৰিভ্ৰমী পক্ষী বিলখনলৈ আহে। কেৱল মাছ মৰাতে সীমাবদ্ধ নাথাকি কাষৰীয়া লোকসকলে দীপৰ বিলৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । লগতে মাছমৰীয়াসকলে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি অহা মাছমৰা পদ্ধতি আৰু নীতি-নিয়মসমূহ একক আৰু অনন্য ।
কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত গুৱাহাটী পৌৰ নিগমে বিল সংযোগী পামহী কেনেলৰ দাঁতিত বৰাগাঁওৰ বেলৰতলত ২০২১ চনৰ আগষ্ট মাহত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰি তাত অহৰহ দূষিত আৱৰ্জনা পেলাই অহাৰ ফলত বিলৰ পানীভাগ প্ৰদূষিত হৈ পৰিছে। যাৰ বাবে বহু দুৰ্লভ জলজ উদ্ভিদ আৰু প্ৰাণীৰ অকাল মৃত্যু পৰ্যন্ত হৈছে। শেহতীয়াভাবে চৰকাৰে দীপৰ বিল সংযোগী খানাজানৰ শ্লুইছগেটখন বিলৰ বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ নামত বন্ধ কৰি থোৱা আদি কাৰ্যই বিলখনলৈ পুনৰ ভাবুকি কঢ়িয়াই আনিছে। আমি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছো যাতে তেঁও যেন দীপৰ বিলৰ লগতে বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি অহা প্ৰায় এক হাজাৰ মাছমৰীয়া পৰিয়ালক ৰক্ষা কৰে।
আলাপত সমিতিৰ কৰ্মকৰ্তা আৰু সদস্য ক্ৰমে – সতীশ দাস, ৰত্নেশ্বৰ দাস, ভগৱান দাস, গৌতম দাস, অমূল্য দাস, মুকুন্দ দাস অাৰু বিপুল দাসে ভাগ লৈ দীপৰ বিল সন্দৰ্ভত নিজৰ অনুভব ব্যক্ত কৰে। আনহাতে ১৬ আগষ্টত সমিতিৰ এটা সজাতি দলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সাক্ষাৎ কৰে আৰু বিলৰ সংৰক্ষণৰ লগতে মাছমৰীয়া লোকসকলৰ জীৱন – জীৱিকাৰ দিশটো নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শীঘ্ৰে এখন বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
বিদ্যালয় চৌহদত চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে।

বিদ্যালয়ৰ ওচৰ–পাজৰৰ ছাত্ৰ–ছাত্ৰীকো লাইভ ষ্ট্ৰিমিং চাবলৈ আমন্ত্ৰণ জনোৱাৰ আহ্বান। বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযান–৩ চন্দ্ৰমাৰ বুকুত অৱতৰণৰ আশা কৰা হৈছে।

২৩ আগষ্টৰ সন্ধিয়ালৈ এতিয়া অকল ভাৰতবাসীয়ে নহয় অপেক্ষা কৰিছে বিশ্বয়ো। কিয়নো এই দিনটোতেই চন্দ্ৰ অধ্যয়নৰ এক নতুন অধ্যায় সূচনা হোৱাৰ লগতে ইতিহাস ৰচনা কৰিব ভাৰতে।
শ্বিলঙৰ জ্যেষ্ঠ সাংবাদিক লেখক পেট্ৰিচিয়া মুখিমে অসমৰ পৰা যোৱা পৰ্যটকে শ্বিলং-মেঘালয় লেতেৰা কৰে বুলি কোৱা কথাষাৰ ব্যাপক চৰ্চিত হৈছে।

তেখেতৰ বক্তব্য অনুসৰি অসমৰ পৰা যোৱা পৰ্যটকে ঘৰৰ পৰাই মেগী লৈ গৈ তাত খাই আৰু মেঘালয়ৰ পৰা একো

নিকিনে, অসমৰ পৰ্যটকে যানজঁটৰ সৃষ্টি কৰি পৰিৱেশ লেতেৰা কৰে বুলিও বিষোদগাৰ কৰে।💐