Home Blog Page 1408

কম পানী সেৱনৰ ফলত আপোনাৰ বয়স ১৫ বছৰ হ্ৰাস হোৱাৰ সম্ভাৱনা ! এই তথ্য প্ৰকাশ পাইছে গৱেষণাত…

দৈনিক সঠিক পৰিমাণৰ পানী খোৱাৰ ফলত লাহে লাহে আহে বাৰ্ধক্য আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ আশংকাও কমি যায়। যদি আমি উপযুক্ত পৰিমাণৰ পানী খাওঁ, তেন্তে পুৰণি ৰোগৰ পুনৰ উত্থানৰ সম্ভাৱনাও কমি যোৱাৰ সম্ভাৱনা। এক গৱেষণাৰ মতে কম পানী খোৱাৰ ফলত শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ বাবে আয়ুস ১৫ বছৰ হ্ৰাস হোৱাৰ সম্ভাৱনা।


পূৰ্বৰ গৱেষণাৰ ফলাফলৰ ভিত্তিত গৱেষকসকলে ৰিপ’ৰ্ট কৰিছে যে কম পানী খালে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হয়। তেওঁ নিগনিৰ ওপৰত এটা অধ্যয়ন কৰিছিল, য’ত গোটেই জীৱন কম পানী দিয়া হৈছিল। ইয়াৰ ফলত সেই এন্দুৰত প্ৰতি লিটাৰত ছডিয়ামৰ পৰিমাণ পাঁচগুণ বৃদ্ধি পায় আৰু তেওঁলোকৰ আয়ুস ছমাহ হ্ৰাস পায়।এই অধ্যয়নে প্ৰমাণ কৰি আছে যে ই মানুহৰ জীৱনত আৰু বিশেষকৈ বৃদ্ধ বয়সতো গভীৰ প্ৰভাৱ পেলাব পাৰে।ইয়াৰ প্ৰভাৱ দেখা যায় বয়স. গৱেষণাৰ তথ্য অনুসৰি এন্দুৰৰ তুলনাত মানুহৰ জীৱন ১৫ বছৰ হ্ৰাস কৰিব পৰা যায়।

দৈনিক কিমান পৰিমাণৰ পানী খাব লাগে জানেনে-
পুৰুষে দৈনিক ৩.৭ লিটাৰ (১১-১২ গিলাচ) পানী খাব লাগে।
মহিলাসকলে দৈনিক ২.৭ লিটাৰ (৮-৯ গিলাচ) পানী খাব লাগে।
২০ শতাংশ ফলমূল আৰু অন্যান্য পানীয়ৰ পৰাই হয়।


গৱেষণাৰ মতে দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খালে আপুনি ৰোগমুক্ত হয়। ইয়াৰ ফলত শৰীৰটো সুস্থ হৈ থাকিব, যাৰ বাবে আপোনাৰ জীৱনলৈ বাৰ্ধক্য পলমকৈ আহিব। লগতে ৰোগ নোহোৱাকৈ দীৰ্ঘায়ু জীৱন কটাব পাৰিব।

আনহাতে শৰীৰত পানীৰ অভাৱত কি কি হয় জানেনে-

শুকান ছাল
প্ৰস্ৰাৱৰ সমস্যা
হেলিট’ছিছ
মূৰৰ বিষ
তেজ ডাঠ হোৱা,

লগতে হৃদযন্ত্ৰতো প্ৰভাৱ পৰে।


এছিয়া কাপ ক্ৰিকেটৰ টীম ইণ্ডিয়াৰ খেলুৱৈৰ তালিকা প্ৰকাশ

এছিয়া কাপ ক্ৰিকেটৰ টীম ইণ্ডিয়াৰ খেলুৱৈৰ তালিকা প্ৰকাশ। টীম ইণ্ডিয়াৰ ১৮জনীয়া তালিকা প্ৰকাশ BCCIৰ।

দলৰ অধিনায়কৰ দ্বায়িত্বত ৰোহিত শৰ্মা।

তালিকাত আছে শুভমন গীল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, সূৰ্য কুমাৰ যাদৱ, তিলক বৰ্মা, কে এল ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া (VC), ৰবীন্দ্ৰ জাদেজা, ছাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ।

লগতে ষ্টেণ্ডবাই প্লেয়াৰ হিচাপে থাকিব সঞ্জু ছেমছন।

ছানি দেউলৰ ৫৬ কোটিৰ ঋণ ! কিয় অক্ষয়ে সহায়ৰ হাত আগবঢ়ালে ছানীক…

ছানি দেউলৰ ৫৬ কোটিৰ ঋণ ! কিয় অক্ষয়ে সহায়ৰ হাত আগবঢ়ালে ছানীক। শেহতীয়া বাতৰি অনুসৰি ৫৬ কোটিৰ ঋণ পৰিশোধ কৰি অক্ষয় কুমাৰে ছানি দেউলৰ ঘৰ নিলামৰ পৰা ৰক্ষা কৰিছে বুলি এক খবৰ প্ৰকাশ পাইছে। কিন্তু এই প্ৰতিবেদন ভাইৰেল হোৱাৰ পিছত অক্ষয় কুমাৰ (অক্ষয় কুমাৰ OMG 2) ৰ দল আগবাঢ়ি আহি এই সকলোবোৰ খবৰ আৰু দাবী নাকচ কৰিছে। এটা ৱেব পৰ্টেলে দাবী কৰিছিল যে অক্ষয় কুমাৰে ছানি দেওল লোন কনট্ৰভাৰ্চীৰ ঘৰটো নিলামৰ পৰা বচাবলৈ আগবাঢ়ি আহিছে। প্ৰতিবেদনত দাবী কৰা হৈছিল যে অক্ষয় কুমাৰে ছানী দেউলক ঋণ পৰিশোধ কৰাত সহায় কৰিবলৈ ৩০ৰ পৰা ৪০ কোটি টকাৰে সহায় কৰিব। কিন্তু এতিয়া এই সকলোবোৰ খবৰ আৰু দাবী অস্বীকাৰ কৰিছে অক্ষয় কুমাৰৰ মুখপাত্ৰই।

১১ আগষ্টত একেলগে মুক্তি পাইছিল ছানী দেউলৰ গাদাৰ ২ আৰু অক্ষয় কুমাৰৰ অ’এমজি ২। দুয়োগৰাকী ছুপাৰষ্টাৰৰ ছবি ইমানেই শক্তিশালী আছিল যে উপাৰ্জনৰ ক্ষেত্ৰত অভিলেখ ভংগ কৰিছিল। কিন্তু ক’ৰবাত অক্ষয় কুমাৰৰ ছবিখন উপাৰ্জনৰ ক্ষেত্ৰত গাদাৰ ২ৰ পিছ পৰি ৰৈছিল। খবৰ অনুসৰি গাদাৰ ২ বক্স অফিচ কলেকচনে ১০ দিনত ৩৭০ কোটি । আনহাতে অক্ষয় কুমাৰৰ ছবি অ’এমজি ২য়ে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে।


ৰঙিয়াত বিধায়কৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

আজি সোমবাৰে ৰঙিয়া তুলিচিবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক বিনামুলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগ তথা কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা হয় উক্ত শিবিৰ ।

অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্থানীয় লোক সকলক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । চকু,নাক ,কান, দাঁত,মেডিচিন,শিশু,গাইনলজি,আদি বহু কেইটা বিভাগৰ চিকিৎসক সকলে ৰোগী সকলক চিকিৎসা প্ৰদান কৰে ।

এদিনীয়া কৈ আয়োজন কৰা এই শিবিৰটোত প্ৰায় দুই শতাধিক লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰাৰ লগতে কিছুমান ৰোগৰ পৰীক্ষা ও সম্পন্ন কৰা হয় । আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাস তুলিচিবাৰী বহুমুখী উচ্চতৰ বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক ।

শতবৰ্ষ গৰকাৰ ‘বিজুলী প্ৰসাদ’ নাই…

শতবৰ্ষ গৰকাৰ ‘বিজুলী প্ৰসাদ’ নাই। বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটোৰ নামেই বিজুলী প্ৰসাদ । কিন্তু আজি বিজুলী মৃত্যু। ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটো আছিল বিহালী সমষ্টিত বিহালী চাহ বাগিচাত। উল্লেখযোগ্য যে বৃটিছ উপনিবেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হস্তীটো নাম ৰাখিছিল বিজুলী প্ৰসাদক। পূৰ্বে বিজুলিক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও আছিল পিছত জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলী প্ৰসাদ। আজিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বিজুলীৰ খবৰ ৰাখে ইংৰাজ চাহাবে।

প্ৰায় ৮৬ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটো । বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ। মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক। বিজুলিৰ খাদ্য তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমানৰ গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ যোগান বিজুলী প্ৰসাদক যোগান ধৰি গৈছিল চাহ বাগিচাৰ কৰ্তৃপক্ষই। বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী । তাৰ লগতে প্ৰতি সপ্তাহতে বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে নিয়মিত বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰি পঠোৱা ব্যৱস্থা কৰিছিল বাগিচা খনৰ মুখ্য কাৰ্যালয় কলিকতালৈ।


কিন্তু জীয়াই থকা সময়ত পুৱাই প্ৰতি দিনে ২৫ কেজি খাদ্য যোগান ধৰিছিল ৷ বিজুলীৰ খাদ্যৰ তালিকাত আছে চাউল, গোমধান আৰু বুটমাহৰ লগতে দৈনিক যোগান ধৰা হয় কলগছ ৷ বিজুলিক পৰিচৰ্যা কৰোতে বছৰি ৬ লাখ টকা খৰচ হয় আৰু চাহ কোম্পানীয়ে খৰচ কৰে সমুদায় ধন ৷ পশু চিকিৎসক ড° কে কে শৰ্মাৰ তত্বাৱধানত হাতীটোক নিয়মিত স্বাস্থ্য পৰীক্ষা চলিছিল। কিন্তু পূৰ্বে কৰ্ণাটকৰ বয়স্ক হাতী চামুণ্ডা প্ৰসাদৰ ৮২ বছৰ বয়সত মৃত্যু হোৱাৰ পিছত এতিয়া বিজুলী প্ৰসাদেই দেশৰ বৰ্ষীয়ান হাতী হিচাপে স্বীকৃতি লাভ কৰিলে ৷ কিন্তু আজি হাতীটো মৃত্যু খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। ইফালে ঘটনা স্থানত বৰগাং বন বিভাগ চিকিৎসক দল উপস্থিত হৈ মৰনোক্ত পৰীক্ষা আৰম্ভ কৰিছে।

জামুগুৰিহাটত নেপালী ভাষা মান্যতা দিৱস পালন…

অসম নেপালী সাহিত্য সভা দক্ষিণ জামুগুৰিহাট সাহিত্য সভাৰ উদ্যোগত আজি পানপুৰ হকমাৰ হৰগৌৰি মন্দিৰ প্ৰাংগনত নেপালী ভাষা মান্যতা দিৱস পালন কৰা হয় ৷ দক্ষিণ জামুগুৰিহাট নেপালী সাহিত্য সভাৰ সভাপতি ভীমলাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মূলসভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক গৱেষক আৰু কবি ড° ক্ষেমৰাজ নেপালৰ গুৰুত্বপূৰ্ণ বক্তব্যই সভাৰ সৌষ্ঠৱ দুগুনে বৃদ্ধি কৰে৷

মূখ্য অতিথি হিচাপে টিএইচবি কলেজৰ নেপালী বিভাগৰ প্ৰৱক্তা ড° তিলক শৰ্মাৰ নেপালী ভাষাটোৰ ওপৰত ৰখা বক্তব্যও সকলোকে মুগ্ধ কৰে৷সভাৰ মাজতেই নেপালী লোকসংস্কৃতিৰ বিভিন্ন নৃত্যও প্ৰদৰ্শন কৰে যুৱ শিল্পী সকলে৷

শিক্ষকৰ ড্ৰেছ ক’ড সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য – ‘শিক্ষকৰ সাজ-পোছাকক লৈ বিতৰ্ক হোৱাৰ বাবেই নিৰ্দেশনা উলিয়াব লগা হৈছে…

‘শিক্ষকৰ সাজ-পোছাকক লৈ বিতৰ্ক হোৱাৰ বাবেই নিৰ্দেশনা উলিয়াব লগা হৈছে।

নিৰ্দিষ্ট দুই-এজনক শৃংখলিত কৰিবলৈ এনে নিৰ্দেশনাৰ প্ৰয়োজন।

নিৰ্দেশনাত ফৰ্মেল বা মাৰ্জিত পোছাক অন্তৰ্ভুক্ত আছে। ধুতী-পাঞ্জাবী বা মেখেলা-চাদৰো পিন্ধি আহিব পাৰে’। শিক্ষকৰ ড্ৰেছ ক’ড সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য।

চন্দ্ৰৰ নিচেই কাষৰ পৰা ফটো পঠাইছে চন্দ্ৰযান-৩ এ…

চন্দ্ৰৰ নিচেই কাষৰ পৰা ফটো পঠাইছে চন্দ্ৰযান-৩ এ। ইছৰোয়ে টুইটাৰ জৰিয়তে শ্বেয়াৰ কৰিছে এই ফটো সমূহ। চাওক এই ফটো সমূহ-

‘BJP দুৰ্বল হৈছে, সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে : গৌৰৱ গগৈ…

‘BJP দুৰ্বল হৈছে, সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে। সেয়ে নিৰ্বাচন আয়োগৰ জৰিয়তে পিছ দুৱাৰেদি যুঁজিব বিচাৰিছে।

BJPৰ মিছন ১২+ কৈছে, ৰাইজে মিছন চাটাই আৰম্ভ কৰিছে। বহু BJP সাংসদে এইবাৰ টিকট নাপায়।

ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিকাইছে বিজেপিয়ে’। ৰাজীৱ ভৱনত বিশেষ কাৰ্যসূচীত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

শেষ মুহূৰ্তত সকলো শেষ! চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হ’ল ৰাছিয়াই প্ৰেৰণ কৰা যান লুনা ২৫ৰ…

শেষ মুহূৰ্তত শেষ হৈ গ’ল সকলো আশা। এইবাৰো ৰাছিয়াই সপোন পূৰণ কৰিব নোৱাৰিলে। চন্দ্ৰ অভিযানৰ বাবে ৰাছিয়াই চন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশযান লুনা ২৫ চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হোৱাৰ খবৰে বিশ্বাসীক ব্যথিত কৰি তুলিছে।জানিব পৰা মতে ৰাছিয়াৰ চন্দ্ৰ লুনা ২৫ যান খনৰ প্ৰপালচন কৌশল বিচ্যুতিৰ বাবে চন্দ্ৰপৃষ্ঠৰ সৈতে সংঘৰ্ষত পতিত হয়। ফলত যান খন ধ্বংসপ্ৰাপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈছে। ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থাই দেওবাৰে ঘোষণা কৰিছে যে লুনা ২৫ মিছন বিষয়ৰ প্ৰাথমিক বিশ্লেষণে সূচাইছে যে প্ৰপালচন কৌশলৰ বিসংগতিৰ বাবে মহাকাশযানখন এক অনাকাংক্ষিত পথত সোমাই পৰে।

ফলত চন্দ্ৰপৃষ্ঠৰ সৈতে ইয়াৰ সংঘৰ্ষ হয় আৰু যান খনৰ ক্ষতি হয়। মস্কোৰ স্থানীয় সময় অনুসৰি প্ৰায় ১৪:৫৭ বজাত লুনা-২৫ৰ সৈতে যোগাযোগ ব্যাহত হৈছিল। ৰছকছমছ ষ্টেট স্পেচ কৰ্পোৰেশ্যনে ইয়াৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত কয় যে যান খনৰ সন্ধান পোৱাটো এতিয়া কঠিন হৈ পৰিছে। মহাকাশ সংস্থাটোৱে লগতে কয় যে প্ৰাথমিক বিশ্লেষণৰ ফলাফল অনুসৰি চন্দ্ৰপৃষ্ঠৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত যান খন ধ্বংসপ্ৰাপ্ত হৈ অস্তিত্বহীন হৈ পৰিছে। উল্লেখ্য কিছুদিন পূৰ্বে ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিছিল। ১০ আগষ্টত ৰাছিয়াই যান খন চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিছিল।যান খনে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল।