Home Blog Page 1409

প্রাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীজীৰ জন্মবাৰ্ষিকী উপলক্ষে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ গৌৰৱ গগৈৰ…

গুৱাহাটী বৰবাৰি স্থিত ‘আমাৰ ঘৰ’ বৃদ্ধাশ্ৰমত ভাৰতৰ শহীদ প্রাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন শ্ৰী ৰাজীৱ গান্ধীজীৰ ৭৯ তম লগতে উপস্থিত থাকে

অসম প্ৰদেশ জন্মবাৰ্ষিকী উপলক্ষে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ গৌৰৱ গগৈৰ । লগতে উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ,প্ৰদেশ কংগ্ৰেছ সাধাৰণ সম্পাদক মানস বৰা,

সম্পাদক শান্তনু শৰ্মা ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ আৰু মাননীয় জুবেৰ আনম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভানেত্রী সাগৰিকা বৰা উপস্থিত থাকে।

নাইকীয়া হৈ গ’ল নেপচুন গ্ৰহৰ ডাৱৰবোৰ! বিস্মিত বিজ্ঞানী…

নেপচুনৰ চাৰিওফালে থকা ডাৱৰৰ কুণ্ডলীটো এতিয়া নাইকিয়া হৈ পৰিছে । সূৰ্যৰ উত্তাপে নেপচুন গ্ৰহৰ মেঘ বোৰ এপিনৰ পৰা গ্ৰাস কৰি গৈছে। ফলত মেঘ শূন্য হোৱাৰ দিশে আগবাঢ়িছে গ্ৰহটো। নাছাৰ হাবল স্পেচ টেলিস্কোপে এই কথা ধৰা পৰাৰ পিছতে বিজ্ঞানীসকল আচৰিত হৈ পৰিছে। সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নেপচুনক ১১ বছৰ সময় লাগে। এই ১১ বছৰত সূৰ্যৰ সন্মুখলৈ অহা নেপচুনৰ দিশটোত এক ডাঙৰ ৰাসায়নিক পৰিৱৰ্তন হয়। ১১ বছৰ ধৰি সূৰ্যৰ উত্তাপ সহি থকা নেপচিনৰ সেই ফালটোৰ পৰিৱেশলৈ আহে বিশেষ পৰিৱৰ্তন। এই সময়ছোৱাত সূৰ্যৰ উত্তাপৰ বাবেই নেপচুন গ্ৰহৰ ডাৱৰৰ কুণ্ডলীটো নাইকীয়া হৈ পৰে। আকৌ, সূৰ্যৰ পৰা আঁতৰি যোৱাৰ পিছত নেপচুন গ্ৰহৰ চাৰিওফালে ডাৱৰৰ এটা আঙুঠি লাহে লাহে সৃষ্টি হ’বলৈ ধৰে।


১৯৮৯ চনত নাছাৰ ভয়েজাৰ ২ মহাকাশযানে পৃথিৱীলৈ নেপচুনৰ ক্লোজ-আপ ছবি প্ৰেৰণ কৰিছিল। সেই ছবিত নেপচুনক ডাঠ ধোঁৱাৰ দৰে ডাৱৰৰ কুণ্ডলীৰে আগুৰি ধৰি থকা দেখা গৈছিল। কিন্তু এতিয়া সেই মেঘ নাইকিয়া হৈছে। বিজ্ঞানীসকলে কৈছে যে নেপচুনৰ মেঘৰ স্তৰ সূৰ্যৰ ৰশ্মি আৰু চুম্বকীয় ক্ষেত্ৰই ধ্বংস কৰি পেলাইছে।
পৃথিৱীৰ পৰা নেপচুনৰ দূৰত্ব ৪.৩ বিলিয়ন কিলোমিটাৰ। ডাঠ বৰফৰ চাদৰে মেৰিয়াই থোৱা গ্ৰহটো ৰহস্যজনক। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি নেপচুনৰ আঙুঠিৰ প্ৰতি আগ্ৰহী আছিল। অৱশ্যে উপযুক্ত প্ৰযুক্তিৰ অভাৱৰ বাবে এনে দূৰৱৰ্তী গ্ৰহৰ চাৰিটা দিশ পৰ্যবেক্ষণ কৰাটো বিজ্ঞানীসকলৰ বাবে সম্ভৱ হোৱা নাছিল। নেপচুনৰ আঙুঠি শেষবাৰৰ বাবে ভয়েজাৰ ২ মহাকাশযানৰ দ্বাৰা তোলা ছবিত দেখা গৈছিল।


তিনি দশক আগতে নেপচুনৰ আঙুঠিৰ প্ৰতিচ্ছবি অতি অস্পষ্ট আছিল। জেমছ ৱেব স্পেচ টেলিস্কোপে সেই সময়ত মহাকাশৰ পৰা ছবি প্ৰেৰণ কৰিছিল। গ্ৰহটোৱে সৌৰজগতৰ এটা কোণত এটা অন্ধকাৰ অঞ্চলত প্ৰদক্ষিণ কৰি আছে। বহুতে নেপচুনক বৰফৰ দৈত্য বুলি কয়। মহাকাশৰ পৰা, এই গ্ৰহটো গাঢ় বেঙুনীয়া যেন দেখি । একে সময়তে এই গ্ৰহটোত এক প্ৰকাৰৰ নীলা উজ্জ্বলতাও দেখা যায়। নাছাৰ বিজ্ঞানীসকলে দাবী কৰিছে যে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে নেপচুন গ্ৰহত প্ৰভাৱ পেলাই আহিছে। বহুত প্ৰভাৱিত কৰে। চুম্বকীয় ক্ষেত্ৰই নেপচুনৰ মেঘৰ আঙুঠি গ্ৰাস কৰি গৈছে বুলিও বিজ্ঞানীসকলে ধাৰণা কৰিছে। ফটোকেমিকেল প্ৰতিক্ৰিয়াৰ বাবেই নেপচুনৰ ডাৱৰ নাইকিয়া হৈ গৈছে বুলি বিজ্ঞানীসকল নিশ্চিত হৈছে।

কম দামত পিয়াজ যোগান কেন্দ্ৰৰ। আজিৰ পৰা ২৫ টকাত পিয়াজ…

আজিৰে পৰা খুচুৰা বজাৰত সুলভ মূল্যত গ্ৰাহকক যোগান ধৰা হব পিয়াজ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নেচনেল কোঅপাৰেটিভ কনজুমাৰ্ছ ফেডাৰেচন অব ইণ্ডিয়া আৰু নেচনেল এগ্ৰিকালছাৰ কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেচন অব্ ইণ্ডিয়া লিমিটেডক যাৱতীয় নিৰ্দেশ জাৰি কৰিছে। গ্ৰাহক পৰিক্ৰমা বিভাগে ইতিমধ্যে প্ৰয়োজনীয় পিয়াজ যোগান ধৰাৰ লগতে এনচিচিএফ আৰু এন এ এফ ই ডি বিভাগে ১,৪০০ মেট্ৰিকটন পিয়াজ বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰিছে। চৰকাৰে গ্ৰাহকক প্ৰতি কিলোগ্ৰামত পিয়াজ ২৫ টকা দৰত যোগান ধৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে দেশৰ ভিতৰত পিয়াজৰ বৃহৎ বজাৰ নাছিকত পিয়াজৰ যোগান হ্ৰাস পোৱাত প্ৰতি কিলোগ্ৰামত পিয়াজৰ দাম ৫০ টকা পৰ্যন্ত স্পৰ্শ কৰিছিল। আনকি নাছিকৰ বজাৰে পিয়াজৰ উৎপাদন হ্ৰাস পোৱা প্ৰচণ্ড বৃষ্টিপাতৰ দোহাই দি পিয়াজৰ দাম এটা সপ্তাহত বৃদ্ধি কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকক সকাহ দিয়াৰ উদ্দেশ্যে কাইলৈৰ পৰা প্ৰতি কিলোগ্ৰামত ২৫ টকাকৈ পিয়াজ যোগান ধৰাৰ বিষয়ে ঘোষনা কৰে।

পুনৰ অসম আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ! ৰঙিয়াৰ উদিয়ানাত উদ্ধাৰ মাৰাত্মক ড্ৰাগছ…

পুনৰ অসম আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যহত আছে । যোৱানিশা ৰঙিয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই ।

ৰঙিয়াৰ উদিয়ানা গাঁওৰ মুন আলি নামৰ ব্যক্তি জনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰাত্মক ড্ৰাগছ । আৰক্ষীয়ে 13 গ্ৰাম হেৰ’ইন সহ 100 তা খালি কনতেইনাৰ উদ্ধাৰ কৰে মুন আলিৰ ঘৰৰ পৰা ।

ড্ৰাগছ খিনিৰ আনুমানিক মূল্য প্ৰায় লক্ষাধিক টকা হব । মূল অভিযুক্ত মুন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যহত ৰাখিছে ।

ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত আদিত চন্দ্ৰ কলিতাৰ গ্ৰন্থ স্মৃতিৰ পাপৰি উন্মোচন…

‘আজিৰ ভোগবাদী সমাজত গ্ৰন্থই এক নান্দনিক পৰিবেশ দান কৰিব পৰাটো গ্ৰন্থকাৰৰ কৃতিত্ব’ – ঘটেশ্বৰ বৰুৱা। ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত টংলা নিবাসী কবি আদিত চন্দ্ৰ কলিতাৰ নৱতম গ্ৰন্থ স্মৃতিৰ পাপৰি উন্মোচন কৰি ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,লেখক হৰেশ্বৰ কলিতাই কয় গ্ৰন্থ অধ্যয়ন কৰি অমৃতৰ সন্ধান লাভ কৰিব পাৰি, অৱশ্য ইয়াৰ বাবে শুদ্ধ বাছনি গ্ৰন্থ নিৰ্বাচন কৰিব লাগিব। তেহে ইয়াৰ স্থায়িত্ব লাভ কৰিব পৰা যাব। গ্ৰন্থ অধ্যয়ন হ’লেহে নতুন গ্ৰন্থৰ সৃষ্টি হ’ব। আনহাতে অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থখনৰ ওপৰত বিশিষ্ট কবি , টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ঘটেশ্বৰ বৰুৱাই কয় আজিৰ ভোগবাদী সমাজত গ্ৰন্থই এক নান্দনিক পৰিবেশ দান কৰিব পৰাটো গ্ৰন্থকাৰৰ কৃতিত্ব।

গ্ৰন্থ অধ্যয়নৰ সোৱাদ বয়স অনুপাতে ভিন ভিন হ’ব পাৰে। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শঙ্কৰ দাসৰ সভাপতিত্বত কবি আদিত চন্দ্ৰ কলিতা আৰু স্নেহলতা কলিতাৰ বাসভৱনৰ চোতালত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ওদালগুৰি ৰত্ন ধৰণীধৰ মেধি, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,লেখক তাৰানাথ কলিতা,পুনুৰাম কলিতা , মাধৱদেৱ বঁটাপ্ৰাপক দেৱৰাজ সাপকোটা, টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বেজবৰুৱা,লেখক ঘনকান্ত ডেকা, কবি পূৰ্ণিমা ভূঞা , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক ড০ পৱিত্ৰ শৰ্মা, শিক্ষাবিদ প্ৰবীণ চন্দ্ৰ কলিতাই গ্ৰন্থৰ সুবাস, গ্ৰন্থৰ আদৰ ,সমাদৰ ,বৰ্তমান সময়ত গ্ৰন্থৰ আনাদৰ, গ্ৰন্থৰ মহত্বৰ ওপৰত সাৱলীলভাৱে চমু বক্তব্য ৰখাৰ লগতে স্মৃতিৰ পাপৰিৰ লেখক আদিত চন্দ্ৰ কলিতাক ভূয়সী প্ৰশংসা আৰু আশীৰ্বাদসূচক মন্তব্য কৰে।শিশুশিল্পী তুষাৰ কলিতাই বাঁহী বাদন আৰু অংকিতা কলিতাই গীত পৰিৱেশন কৰি জীপাল কৰি তোলে।

অনুষ্ঠানত ওদালগুৰি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক ৰমেন শৰ্মা,পত্ৰিকা সম্পাদক দ্বিপেন বৰা,কবি সন্মিলনৰ আহ্বায়ক জ্যোতি প্ৰসাদ কলিতা , প্ৰাক্তন জিলা সহকাৰী সম্পাদক তপেশ্বৰ ৰাভা,কাৰ্যনিৰ্বাহক অনন্ত নাৰায়ণ ভট্টাচাৰ্য, টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰা, টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিৱ প্ৰসাদ হাজৰিকা , টংলা সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক সবিতাৰাণী মহলীয়া , সংবাদসেৱী ফটিক ৰাভা, অৰূপ বড়ো, চিন্ময় ডেকাই উপস্থিত থাকে। জিলা সাহিত্য সভাৰ সম্পাদক নিৰ্মল চন্দ্ৰ নাথ ,লেখক আদিত চন্দ্ৰ কলিতাই শলাগৰ শৰাই যচা অনুষ্ঠানত জাতীয় সংগীতেৰে চফল সামৰণি পৰে।

বনাই উচ্চ ইংৰাজী বিদ্যালয়ত ৰাজহুৱা সভাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ গঠন…

যোৰহাট জিলাৰ টীয়কৰ জাঁজী নদীৰ কাষৰীয়া অঞ্চল বনাইত ১৯৫০ চনত সেইসময়ৰ বহু কেইজন স্বনামধন্য ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত বনাই মধ্য ইংৰাজী বিদ্যালয় হিচাপে গঢ় লৈ উঠা বিদ্যালয়খনিত আজি উচ্চতৰ শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি অসমৰ চৰকাৰীখণ্ডৰ এখন আগশাৰীৰ বিদ্যালয়লৈ পৰ্যবসিত হৈছে। প্ৰাক্তন ছাত্র ছাত্ৰী মঞ্চ” গঠনৰ উদ্দেশ্য প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ মাজত দেওবাৰে বিদ্যালয়ৰ সভাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে তামুলীছিগা ঘনকান্ত বৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ দুৱৰাই। বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বোধেশ্বৰ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত আমাৰ মাজৰ পৰা ঘূৰি নহাৰ পথেৰে গুচি যোৱা বিদ্যালয়খনিৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত শিক্ষক তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰায় পাঁচ শতাধিক প্ৰাক্তন ছাত্র ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাত বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিলীপ বৰাক সভাপতি , বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিলীপ বৰাক সম্পাদক, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি বৰাক কোষাধ্যক্ষ হিচাপে লৈ ৩১ জনীয়া এখন মঞ্চ গঠন কৰা হয়‌। বিদ্যালয়খনিত অধ্যয়ন কৰি দেশৰ ভিন্ন প্ৰান্তত থকা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অৱসৰ প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীয়ে ০৯১০১১৪৩০০৩, ০৭০০২৪৮০০৮৩ আৰু ৯৪০১২০২৫৮৮ নম্বৰত যোগাযোগ কৰি মঞ্চখনি আৰু শক্তিশালী কৰাত অৰিহণা যোগাব বুলি আশা কৰিছে মঞ্চখনিয়ে। লগতে এই মঞ্চই অনাগত দিনত বিদ্যালয়ৰ আন্ত:গাথনিকে ধৰি বিভিন্ন ক্ষেত্ৰত এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চই।

পিঁয়াজৰ ৰস চুলিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে…

আপুনি নিশ্চয় শুনিছে বা পঢ়িছে যে চুলি বালে ৰাখিবলৈ পিঁয়াজৰ ৰস অতি উপকাৰী। কিন্তু, আপুনি হয়তো নাজানে যে পিঁয়াজৰ ৰসেও আপোনাৰ চুলিৰ ক্ষতি কৰিব পাৰে। চুলিত পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে বহু ক্ষতিকাৰক ফল পোৱা যায়। লগতে পিঁয়াজৰ ৰস লগালে চুলি দীঘল হয় আৰু উফি আদিৰ সমস্যাও নাইকিয়া হয়। কিন্তু আজি আমি আপোনালোকক জনাম কিছু কিছু ক্ষেত্ৰত পিঁয়াজৰ ৰস চুলিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে…


যদি আপোনাৰ পিঁয়াজ খোৱা বা ইয়াৰ গোন্ধৰ প্ৰতি এলাৰ্জী হয়, তেন্তে চুলিত পিঁয়াজৰ ৰস লগোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ বহুতো সমস্যা হ’ব পাৰে। পিঁয়াজৰ ফলত চুলিত খজুৱতি আৰু মূৰৰ ছালত ফোহা ওলাব পাৰে। এনে পৰিস্থিতিত পিঁয়াজৰ ৰস মিহলাই এলোভেৰা বা নাৰিকল তেল লগাব পাৰে। ইয়াৰ ফলত পিঁয়াজৰ প্ৰভাৱ কমি যাব।

আজিকালি চুলি সৰাৰ সমস্যাই মানুহক বহুতো অশান্তি দিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে বহুতো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু মহিলাসকলে এইবোৰ কথাতো গুৰুত্ব দিব লাগে যে মাহেকীয়াৰ অনিয়ম, মুখত ব্ৰণ, ৰক্তহীনতা, চুলি দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে। সেইবাবেই পিঁয়াজৰ ৰস এনেধৰণে ব্যৱহাৰ কৰিব লাগে, যাতে আপোনাৰ কোনো ক্ষতি নহয়।


সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান

“মানৱীয় প্রমূল্যবোধত উদ্বুদ্ধ শিক্ষাইহে প্ৰকৃত শিক্ষা। সেয়ে ছাত্ৰ-ছাত্ৰীসকল সজাগ সচেতন হ-ব লাগে”-সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক কোচ ৰাজবংশী মূল, যুব আৰু মহিলা সন্মিলনীৰ সহযোগত অনুষ্ঠিত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় আক্ৰাছু’ৰ উপদেষ্টা গৌতম চহৰীয়াই।

তেখেতে আৰু কয়, “ডাক্তৰ, ইঞ্জিিনিয়াৰ যিয়ে নহওক মা -দেউতাক কেতিয়াও পাহৰি নাযাব। নিজৰ শিপাক পাহৰি গ’লে সেই শিক্ষাৰ অৰ্থ মূল্যহীন”।

পানেৰী আঞ্চলিকৰ সভাপতি নয়নজ্যোতি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠান উদ্বোধন কৰে সমাজ সেৱক বিকন ডেকাই। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে অতিথিৰ ভাষণত শিক্ষাৰ্থীসকলক সামাজিক দায়বদ্ধতা, অধ্যয়নশীল মানসিকতা, এগৰাকী ভাল ছাত্ৰ -ছাত্ৰী, পিতৃ -মাতৃৰ প্ৰতি অগাধ ভক্তি ৰাখিবলৈ আহ্বান জনায়।

সদৌ কোচ ৰাজবংশী সম্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে মুখ্য অতিথিৰূপে উপস্থিত থাকি জাতিটোৰ উত্তৰণৰ হকে শিক্ষাৰ্থীসকল গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব। অহা বৰ্ষত কোচ ৰাজবংশী উন্নয়ন পুঁজিৰে এপিএছচি, ইউপিঅফচি আদি পৰীক্ষাত অৱতীৰ্ণ হবলৈ কৰ্মশালা অনুষ্ঠিত কৰা হব বুলি ঘোষণা কৰে।


সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচে আঁতধৰা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক  চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উতীৰ্ণ ৬০ গৰাকী বিদ্যাৰ্থীক উষ্ম অভিনন্দন জনায়।

সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত উপস্থিত থাকে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা নীলধৰ ডেকা, বিশিষ্ট নাগৰিক ৰমণী চহৰীয়া, পানেৰী সাহিত্য সভাৰ সভাপতি মুজাফৰ ৰহমান,ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দেৱজিৎ ডেকা, হেমধৰ ডেকা, ভেৰগাঁও জিলা কোচ ৰাজবংশী ন্যাস সমিতিৰ যোগেন্দ্ৰ শইকীয়া, ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মিণ্টো বৰুৱা,

সাধাৰণ সম্পাদক ৰতন ডেকা, বিশিষ্ট কবি কিৰণ বৰা, সাংবাদিক নাৰায়ণ ডেকা, বাপন শৰ্মা, টংলা প্ৰেছ ক্লাব, পানেৰী প্ৰেছ ক্লাব, কলাইগাঁও প্ৰেছ গীল্ডৰ বিষয়ববীয়া, টংলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অমৰজিত ৰাভা, ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খগেন তাঁতী,বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া, সদৌ বিটিআৰ গৰীয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিজুল হক , পানেৰী আঞ্চলিক ৰাজবংশী মূল ,যুৱ আৰু মহিলা সন্মিলনীৰ বিষয়ববীয়া, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু উপস্থিত থাকে। পুৱাৰ ভাগত পানেৰী আঞ্চলিক আক্ৰাছু’, সন্মিলনী, যুৱ আৰু মহিলা সন্মিলনীৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতি নয়নজ্যোতি ডেকা, সভাপতি তীৰ্থনাথ বৰুৱা, সভাপতি চিত্ৰ বৰুৱা আৰু সভানেত্ৰী সৰস্বতী ডেকাই।

গেজেৰকুছি কৃষ্টি দলে কুচান নৃত্য পৰিৱেশন কৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে গীতৰ শৰাই আগবঢ়াই অনুষ্ঠানটো জীপাল কৰে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দৌৰাত্ম্য; গঁ‌ড়, হাতী, বাঘৰ মৃত্যু…

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান দেওবাৰে পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা বনাঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে শনিবাৰে মানাহৰ ভূঞাপাৰা বনাঞ্চলৰ কালঝাৰ কেম্পৰ সমীপত মতা গঁ‌ড়ৰ মৃত্যু হোৱা অঞ্চলো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলী পৰিদৰ্শনৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই।

সংবাদমেলখনত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দৌৰাত্ম্য হাতী গঁ‌ড় বাঘ নিধনক লৈ উদিগ্নতা প্ৰকাশ কৰি এন জি অ’ কৰ্মী , ৰাইজৰ মানাহ কৰ্তৃপক্ষৰ সৈতে সমন্বয়ৰ অভাৱ হৈছে । ভুল বুজা বুজি হৈছে বুলি মন্তব্য প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে ” মানাহত যোৱা কেইটামান দিন ধৰি গঁ‌ড়ৰ মৃত্যু হোৱা খবৰ সংবাদ মাধ্যমযোগে খবৰ লাভ কৰাৰ লগতে বিভাগীয়ভাৱেও খবৰ লাভ কৰা গৈছে । ইয়াৰ ভিতৰত তিনিটা স্বাভাৱিক মৃত্যু । শনিবাৰে মৃত্যু হোৱা গঁ‌ড়টোৰ স্বাভাৱিক মৃত্যু হৈছে । মৃত গঁ‌ড়টোৰ খৰ্গ দাত নখ উদ্ধাৰ কৰা হৈছে বাবে ইয়াক চোৰাং চিকাৰীৰ হত্যা বুলি কব নোৱাৰি । চোৰাং চিকাৰীয়ে নিধন কৰিলে খৰ্গটো লৈ গ’লেহেতেন । ইয়াৰ ওপৰত বিভাগীয়ভাৱে নিশ্চয় তদন্ত কৰা হব । এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আহিছো । মানাহৰ যি গৰিমা বিগত দিনৰ দীঘলীয়া আন্দোলনত বহুখিনি নষ্ট হৈ হৈছিল । গঁ‌ড়ৰ সংখ্যাও কমি গৈছিল । পৰৱৰ্তী সময়ত বিটিচি চৰকাৰ, মানাহ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত পুণৰ বৃদ্ধি হৈছিল গঁ‌ড়ৰ সংখ্যা । মানাহত বৃদ্ধি বাঘৰ সংখ্যা বৃদ্ধি হৈছে ৫৭ টালৈ । এটা জংঘলত বাঘৰ সংখ্যা বৃদ্ধি হোৱা মানে এই জংঘলৰ অৱস্থা ভাল । এটা বাঘ চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল চোৰাং চিকাৰীৰ ওপৰত এস্কনো হৈছে । মই ইয়াত আহিলোঁ‌ মই মুখ্যমন্ত্ৰী মানাহৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট দিম । মানাহৰ পূৰ্বৰ পৰিবেশ অতি সোনকালে ঘুৰাই আনিব লাগে । নিৰাপত্তা ব্যৱস্থা কটকটীয়া হব লাগে । মানাহক লৈ যি জাগৰণ আহিছিল এন জি অ’ সমূহে মানাহ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কংগ্ৰেছৰ দিনত দৈনিক গঁ‌ড় হত্যা কৰা হৈছিল । পিছত কৰ্তৃপক্ষই ৰাইজৰ সৈতে সমন্বয় গঢ়ি তোলাৰ পিছতে ৰোধ হৈছে গঁ‌ড় হত্যা”।

সংবাদ মেলত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই পূৰ্বৰ মানাহৰ গৰীমা অখুন্ন ৰখাৰ আহ্বান জনায় মানাহ অঞ্চলৰ ৰাইজ, সংবাদ মাধ্যম কিম্বা এনজিঅ’ কৰ্মীক। মানাহত চোৰাং চিকাৰীৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ কথা স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে । মানাহৰ যোগাত্মক বাতৰি সম্প্ৰচাৰৰ আহ্বান জনায় সংবাদমাধ্যমক ।

সংবাদমেলখনত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকক ১৪ আগষ্টত বদলিৰ নিৰ্দেশ দিয়াৰ পিছত পুণৰ এটা দিনৰ ভিতৰত বদলিৰ নিৰ্দেশ স্থগিত কৰা সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত দায়সৰা মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে । ঘটনাৰ উচিত তদন্ত কৰা হব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী ব্ৰহ্মই ।

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী দৌৰাত্ম্য ৰোধৰ বাবে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে বিভিন্ন দল সংগঠনে । ইয়াৰ পিছতো মন্ত্ৰী ইউ জি ব্ৰহ্ম , চিএইচ ডি সুমন মহাপাত্ৰৰ বন বিভাগক উদ্ধাৰৰ চেষ্টাক গৰীহনা দিয়ে প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল সংগঠনৰ ।

– লৱ কুমাৰ দাস, শালবাৰী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনাৰে মনোকামনা মন্দিৰত সেৱা ৰাজবীৰ সিঙৰ

দেওবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ মউছালদিঙত অৱস্থিত মনোকামনা মন্দিৰত সেৱা লয় অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে ৷

জাগ্ৰত মনোকামনা মন্দিৰত পৰিয়াল সহ উপস্থিত হৈ উপাধ্যক্ষ সিঙে এখন শৰাই আগবঢ়াই নিজৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰি প্ৰাৰ্থনা জনায় ৷

জাগ্ৰত মন্দিৰত মনোকামনা মাৰ বিগ্ৰহ প্ৰতিবছৰে বাঢ়ি যোৱাটো প্ৰত্যক্ষ কৰি এতিয়া দেশ বিদেশৰ ভক্তৰ সমাগম ঘটিব ধৰিছে ৷