Home Blog Page 1412

কৰ্মযোগৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কি কৈছিল জানেনে…

কৰ্মযোগৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল – “যদি এই যুদ্ধত তোমাৰ বিজয়ী হোৱাৰ আশা আছে তেন্তে পৰাজয় হ’লে তুমি দুখ পাবা।

সেই দুখে তোমাক অন্য কিবা এটা কৰ্ম কৰাব যাৰ বাবে তুমি আকৌ জন্ম ল’ব লগা হ’ব। আৰু যদি তুমি বিচৰাৰ দৰে জয়ী হোৱা তেন্তে তোমাৰ অহংকাৰ বাঢ়িব।

সেই অহংকাৰে তোমাক বিশ্বজয় কৰিবলৈ উৎসাহ জগাব, তোমাৰ দ্বাৰা অপ্ৰয়োজনীয় হত্যা কৰাব আৰু সেই পাপে তোমাক বান্ধিব। আৰু যদি এই যুদ্ধত তোমাৰ কোনো বিজয়ৰ মোহ বা পৰাজয়ৰ ভয় নাথাকে তেন্তে এই যুদ্ধৰ অন্ততঃ ফলাফল যিয়ে নহওঁক তুমি সুখ বা দুখৰ উৰ্ধত থাকিবা।“

কেৱল ছানি দেওলেই নহয়, চলিত বৰ্ষত ৯০ দশকৰ বহু অভিনেতাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে…

৯০ৰ দশকৰ বহু অভিনেতাই ২০২৩ চনত উপহাৰ দিছে বহু শ্ৰেষ্ঠ ছবি। ৯০ দশকৰ অভিনেতাই বক্স অফিচত এতিয়াও স্থান দখল কৰি আছে। ২০২৩ চনত সৰ্বাধিক শ্ৰেষ্ঠ ছবি উপহাৰ দিয়া অভিনেতাৰ তালিকাত বেছিভাগেই ৯০ৰ দশকৰ তাৰকাৰ। আহকচোন ইয়াত জানো এইবাৰ বক্স অফিচত কোন কোন অভিনেতাই নিজৰ নাম উজলাইছে। খবৰ অনুসৰি শ্বাহৰুখ খানৰ পাঠানে বিশ্বজুৰি ১০০০ কোটি টকা উপাৰ্জন কৰিছিল।

যোৱা সপ্তাহত মুক্তি পালে ছুপাৰষ্টাৰ ৰজনীকান্তৰ শেহতীয়া ছবি জেইলাৰ। খবৰ অনুসৰি প্ৰথম সপ্তাহতে ৫০০ কোটি টকা সংগ্ৰহ কৰি বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে জেইলাৰ।

হলিউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজে এই বছৰ লৈ আহিছিল মিছন ইম্পচিয়েল ৭। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত বহু উপাৰ্জন কৰিছিল। খবৰ অনুসৰি টম ক্ৰুজৰ ছবিখনে ৮০ কোটি ডলাৰ উপাৰ্জন কৰিছে।

বহু বছৰৰ পাছত গাদাৰ ২ৰ জৰিয়তে পুনৰ উভতি আহিল বলীউডৰ ছুপাৰষ্টাৰ ছানি দেউল। গাদাৰ ২ৰ পৰা উভতি অহা ছানী দেউলে বক্স অফিচত নিজৰ নাম উজলাইছে। খবৰ অনুসৰি, এসপ্তাহৰ ভিতৰত ছানী দেওলৰ গাদাৰ ২ য়ে ২৮০ কোটি টকা সংগ্ৰহ কৰিছে।

বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ ছবি অ’এমজি ২ৰ প্ৰথম সপ্তাহৰ উপাৰ্জন লেহেমীয়া হৈছিল। কিন্তু অভিনেতাগৰাকীৰ ছবিখনে দৰ্শক আৰু সমালোচকৰ যথেষ্ট মৰম লাভ কৰিছে। ছবিখনে প্ৰথম সপ্তাহতে ৮০ কোটিৰো অধিক উপাৰ্জন কৰিছে।


শোৱাৰ পূৰ্বে এই ৫ টা বস্তু সম্পূৰ্ণৰূপে খোৱাৰ পৰা বিৰত থাকক…

শোৱাৰ পূৰ্বে এই ৫ টা বস্তু সম্পূৰ্ণৰূপে খোৱাৰ পৰা বিৰত থাকক। ৰাতি যদি ভালদৰে শুব বিচাৰে তেন্তে এই ৫টা বস্তু খোৱাৰ পৰা বিৰত থাকক। যদি আপুনি ৰাতি ভালদৰে টোপনি যাব বিচাৰে, তেন্তে শোৱাৰ ৩ ঘণ্টা পূৰ্বে চাহ-কফি সেৱন বন্ধ কৰক। এই দুয়োটা বস্তুতে কেফেইন থাকে, যাৰ ফলত গেছ-এচিডিটি উৎপন্ন হয়। এইবোৰ পৰিহাৰ কৰিলে আপোনাৰ পেট ঠিকে থাকিব।

বহুতৰে খাদ্য খোৱাৰ পিছত কিবা মিঠা খোৱাৰ অভ্যাস আছে। এই ইচ্ছা পূৰণৰ বাবে বহুতে চকলেট খায়। ৰাতি চকলেট খালে এচিড ৰিফ্লাক্স হ’ব পাৰে। যাৰ বাবে পেটৰ বিষ আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে।


ৰাতি ভাল টোপনি আহিবলৈ পকৰা খাব নালাগে। এই পকৰাবোৰত তেল থাকে, যাৰ বাবে ই এচিডিক হৈ পৰে। ৰাতি শৰীৰৰ বাবে পকৰা হজম হোৱাটো কঠিন হৈ পৰে।

আজিকালি ৰাতিও পিজ্জা খাই বহুতে। পিজ্জাত অধিক চৰ্বি থাকে আৰু ই সহজে হজম নহয়। এনে অৱস্থাত ৰাতি পিজ্জা খালে এচিডিটি হ’বলৈ বেছি সময় নালাগে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে, নেমু, কমলা, টমেটো আৰু জামু আদি টেঙা বস্তু খোৱাৰ পিছত ৰাতি শুব নালাগে। এই সকলোবোৰ বস্তুৱে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যাৰ সৃষ্টি হয়।


ৰঙিয়া চিৰাখুন্দিত বৰলীয়া নৈৰ ভয়ংকৰ গৰাখহনীয়া ! কেইবাটাও পৰিয়াললৈ ভাবুকি…

ৰঙিয়া পৌৰসভা এলেকাৰ দহ নম্বৰ ওৱাৰ্ডৰ চিৰাখুন্দিত বৰলীয়া নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত নৈখনৰ কাষতে থকা কেইবাটাও পৰিয়াললৈ ভাবুকি আহিছে । ইফালে বৰলীয়া নৈৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে এটা অঙ্গনাবাড়ী কেন্দ্ৰ ।

নৈখনৰ গৰাখহনীয়া ক্ৰমান্বয়ে প্ৰাথমিক বিদ্যালয়ৰ লগতে অঙ্গনাবাড়ী কেন্দ্ৰটোলৈ বিপদ কঢ়িয়াই আনাৰ ফলত আন এক চিন্তাৰ কাৰণ হৈ পৰিছে । ইফালে প্ৰথমিক বিদ্যালয় আৰু অঙ্গনাবাড়ী কেন্দ্ৰলৈ অহা যোৱা কৰা কণ – কণ ছাত্ৰ ছাত্ৰী সকলে বিপদজনক ভাবে বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হৈছে ।

গুৰুত্বপূৰ্ণ বিষয়টো হল যে বৰলীয়া নৈৰ গৰাখহনীয়াই উক্ত অঞ্চললৈ ভাবুকি কঢ়িয়াই অনা বিষয়টো অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অবগত কৰিছে যদিও কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

ভক্তিৰসত জীপাল মাধৱদেৱ প্ৰতিষ্ঠাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ…

আজি পহিলা ভাদ। আজিৰ পৰা অসমীয়া পবিত্ৰ মাহৰ আৰম্ভণি। অসমৰ প্ৰতিখন সত্ৰ, পীঠ, নামঘৰত আজিৰে পৰা মাহজোৰাকৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিক চৰ্চা কৰিব অসমীয়া সমাজে। আজিৰে পৰা ৰাজ্যৰ অনান্য পীঠ নামঘৰৰ সমান্তৰালকৈ ঢেকীয়াখোৱা বৰনামঘৰতো বৰনামঘৰ পৰিচালনা সমিতিৰ আতিৰ্থত মাহজোৰাকৈ আয়োজন কৰা মহা পালনামৰ আজিৰ পৰা আৰম্ভ হব।তাক লৈ এতিয়া সকলো ব্যস্ত হৈ পৰিছে। পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কালি সংক্ৰান্তিৰ দিনাৰ পৰাই এই ঐতিহাসিক পীঠত হাতে হাতে ধূপ,চাকি,নৈবদ্য লৈ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে,অক্ষয় বন্তিৰ সেৱা লৈছে,বছৰটো যেন কুশলে যায় তাৰ বাবে নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে।

আনহাতে বৰ নামঘৰ পৰিচালনা সমিতিয়েও ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা কোনো ভকত বৈষ্ণৱে যাতে অহা যোৱা,গাড়ী ৰখা স্থান,খোৱা বোৱা,বিশুদ্ধ খোৱা পানী, প্ৰয়োজন সাপেক্ষে থকা, চিকিৎসকে ধৰি সকলো ব্যৱস্থা সুন্দৰকৈ ইতিমধ্য কৰিছে বুলি জানিবলৈ দিয়ে। লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এই মাহজোৰা পালনামত অংশগ্ৰহণ কৰি অক্ষয় বন্তিৰ সেৱা লবলৈ আহ্বান জনাইছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিকে পবিত্ৰ ভাদমাহত ঢেকীয়াখোৱা বৰনামঘৰত সহায় হোৱাকৈ চৰকাৰী অনুমোদনপ্ৰাপ্ত পলিথিন আৰু ডাষ্টবিন প্ৰদান কৰি বৰনামঘৰৰ পৰিবেশ নিকাকৰণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে।

ৰাজেন গোঁহাইৰ বাবেই বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিম! এই অভিযোগ নগাঁও ক্ৰীড়া সন্থাৰ…

ৰাজেন গোঁহাইৰ বাবেই বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিম! ৰাজেন গোঁহাইৰ বিৰুদ্ধে এই অভিযোগ নগাঁও ক্ৰীড়া সন্থাৰ। গোহাঁয়ে জিমৰ সামগ্ৰী আঁতৰাই জিমৰ কোঠাটোত ৰাখিছিল ব্যক্তিগত নিৰাপত্তাৰক্ষীক। ৰাজেন গোঁহাইৰ বাবেই বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিম! ৰাজেন গোঁহাইৰ বিৰুদ্ধে এই অভিযোগ নগাঁও ক্ৰীড়া সন্থাৰ। জিমটো বন্ধ হৈ থকাত বিগত ৬ বছৰে বঞ্চিত হৈ আছে নগাঁৱৰ ক্ৰীড়াবিদসকল। ২০১৭ চনৰ পৰাই বৰ্তমানলৈ বন্ধ হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ জিমটো। অভিযোগ মতে, ৰাজেন গোহাঁয়ে জিমৰ সামগ্ৰী আঁতৰাই কোঠাটোত ৰাখিছিল ব্যক্তিগত নিৰাপত্তাৰক্ষীক। ৰাজেন গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে নগাঁও ক্ৰীড়া সন্থাই। ২০১৭ চনৰ পৰাই নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ দায়িত্বত আছিল ৰাজেন গোহাঁই।

নগাঁও ক্ৰীড়া সন্থাই এই জিমটো নগাঁৱৰ এগৰাকী বিশিষ্ট ব্যক্তি বাবুল বাৰ্মিৰ নামত উছৰ্গিত কৰিছিল। সেই দিনটোৰ পৰাই এই জিমটো নিয়মীতভাৱে জিমটো চলি আছিল। অসম ক্ৰিকেট সন্থাৰ লগতে নগাঁও ক্ৰীড়া সন্থাই এই জিমটোলৈ কিছুমান অত্যাধুনিক সামগ্ৰীও দিছিল। এই জিমটো খেলুৱৈসকলৰ অনুশীলনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। জিম খেলুৱৈসকলৰ বাবে খুবেই প্ৰয়োজনীয়। ২০১৭ চনত ৰাজেন গোহাঁয়ে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰা এই জিমটো চলাই থকা ব্যক্তিগৰাকীক ইয়াৰ পৰা যাবলৈ দিয়ে আৰু জিমটো তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীক থকাৰ ব্যৱস্থা কৰি দিয়ে। নগাঁও ক্ৰীড়া সন্থাই কেবাবাৰো সন্থাৰ সভাপতি গোহাঁইক জিমটো মুকলি কৰি দিবলৈ দাবী জনাই আহিছিল যদিও গোহাঁয়ে জিমটো খেলুৱৈসকলৰ বাবে মুকলি কৰি দিয়া নাছিল। শেহতীয়াভাৱে নগাওঁ ক্ৰীড়া সন্থাৰ পৰম্পৰাগত যি নিৰ্বাচন সেয়া অনুষ্ঠিত হৈ যায় আৰু নতুন কমিটীয়ে দায়িত্ব ভাৰ লয়। সম্প্ৰতি নতুন কমিটীয়ে দায়িত্ব ভাৰ লৈয়ে জিমটো মুকলি কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰৰ পৰা পাইকাৰী আৰু খুচুৰা বজাৰত ৪০ টকাত উপলব্ধ হ’ব প্ৰতি কেজি বিলাহী…

দাম হ্ৰাস পাব বিলাহীৰ! দেওবাৰৰ পৰা পাইকাৰী আৰু খুচুৰা বজাৰত ৪০ টকাত উপলব্ধ হ’ব প্ৰতি কেজি বিলাহী।

বিলাহীৰ দাম নিয়ন্ত্ৰণৰ বাবে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ হৈ ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন (NCCF)

আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন (NAFED)-এ ৰেহাই মূল্যত বিক্ৰী কৰি আহিছে বিলাহী।

চন্দ্ৰযান-৩ এ প্ৰেৰণ কৰিলে চন্দ্ৰৰ প্ৰথমখন ফটো…

চন্দ্ৰযান-৩ এ প্ৰেৰণ কৰিলে চন্দ্ৰৰ প্ৰথমখন ফটো।


চন্দ্ৰযান-৩ৰ আন এক সফলতা।


চন্দ্ৰযানে চন্দ্ৰৰ পৰা প্ৰেৰণ কৰিলে কেইবাখনো ফটো।

লেণ্ডাৰ বিক্ৰমৰ দূৰত্ব কমি যোৱাৰ পিছত প্ৰথম খন ফটো প্ৰেৰণ কৰিলে চন্দ্ৰযান-৩ এ।


চন্দ্ৰপৃষ্ঠৰ কাষ চাপিল লেণ্ডাৰ বিক্ৰম।

২০ আগষ্টত পুনৰ হ্ৰাস পাব লেণ্ডাৰ বিক্ৰমৰ দূৰত্ব।


২৩ আগষ্টৰ বিয়লি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-৩ এ।


চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ গন্তব্যস্থানৰ ওচৰলৈ লৈ যোৱা এক কৌশল সম্পূৰ্ণ কৰাৰ পিছত আজি চন্দ্ৰৰ শেহতীয়া ছবি শ্বেয়াৰ কৰে।


ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে পূৰ্বতে টুইটাৰ নামেৰে জনাজাত এক্সত লেণ্ডাৰ ইমেজাৰ (এল আই) কেমেৰা-১, এক্সত লোৱা বিশেষ ছবি শ্বেয়াৰ কৰে।

এই ৫ টা বস্তুৱে আপোনাক মৃত্যুৰ পৰা ৰক্ষা কৰিব…

বিশ্বজুৰি হৃদৰোগৰ বাবে বহুলোকৰ মৃত্যু হয়। কিন্তু আমি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি এই ৰোগৰ হ্ৰাস কৰিব পাৰোঁ। তাৰ বাবে আপুনি আপোনাৰ খাদ্যৰ প্ৰতি যত্ন ল’ব লাগিব। চীনৰ গৱেষকসকলে দাবী কৰিছে যে খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰিলে হৃদৰোগৰ ফলত হোৱা মৃত্যু ৰোধ কৰিব পৰা যায়। গৱেষকসকলে কয় যে অস্বাস্থ্যকৰ খাদ্যাভ্যাস উচ্চ ৰক্তচাপ আৰু হাৰ্ট এটেকত হোৱা মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। বৰ্তমান এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যাও বৃদ্ধি পাইছে।


গৱেষকসকলে মাছ, ফল-মূল, শাক-পাচলি, বাদাম খাবলৈ পৰামৰ্শ দিছে। চেনিযুক্ত পানীয়, অতিৰিক্ত নিমখ আৰু চেনি আদি প্ৰচেছড বা আল্ট্ৰা প্ৰচেছড খাদ্য কম কৈ খাবলৈ পৰামৰ্শ দিছে।

আপুনি কি কি কাদ্য সেৱন কৰিব-

প্ৰতিদিনে সাগৰীয় খাদ্যৰ পৰা ২০০ৰ পৰা ৩০০ মিলিগ্ৰাম ওমেগা-৩ ফেটি এচিড লাভ কৰক।
প্ৰতিদিনে ২০০ৰ পৰা ৩০০ গ্ৰাম ফলমূল খাওক
প্ৰতিদিনে ২৯০ৰ পৰা ৪৩০ গ্ৰাম শাক-পাচলি খাওক
খাদ্যত দৈনিক ১৬ৰ পৰা ২৫ গ্ৰাম বাদাম অন্তৰ্ভুক্ত কৰিব লাগে


চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে এগৰাকী শিক্ষয়িত্ৰীৰ ব্যতিক্ৰমী প্ৰচেষ্টা…

শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান

চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে ওদালগুৰিৰ এগৰাকী শিক্ষয়ত্ৰীয়ে গ্ৰহণ কৰিছে এক
ব্যতিক্ৰমী প্ৰচেষ্টা। শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক এশ শতাংশ উপস্থিতি পুৰস্কাৰ প্ৰদান কৰি শিক্ষাৰ্থীক বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থকাৰ বাবে অনুপ্ৰাণিত কৰিছে।

ওদালগুৰি চহৰৰ মাজমজিয়াত অৱস্থিত শংকৰদেৱ মিছন মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষয়ত্ৰী পদ্মা দেৱীয়ে ২০২২-২৩ শিক্ষাবৰ্ষত বিদ্যালয়খনত পাঠদানৰ সময়ত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীসকলক এক আকৰ্ষণীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ তথা পূৰ্বতেই উল্লেখ কৰি শিক্ষাৰ্থীসকলক নিয়মীয়া উপস্থিতিৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছিল। ২০২২-২৩ শিক্ষাবৰ্ষত বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ধ্ৰুৱাৰ্ক ভূঞা নামৰ এগৰাকী ছাত্ৰক শ্ৰেণীত এশ শতাংশ উপস্থিত থকাৰ বাবে যোৱা ১৫ আগষ্ট তাৰিখে বিদ্যালয়ত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত শতাংশ উপস্থিতি পুৰস্কাৰ প্ৰদান কৰে।

বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনীন্দ্ৰ কুমাৰ দাসৰ কৰকমলৰ দ্বাৰা ছাত্ৰ ধ্ৰুৱাৰ্ক ভূঞাক পুৰস্কাৰটি প্ৰদান কৰা হয়। এই উপলক্ষে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ৰ পাঠ গ্ৰহণৰ সময়ত এশ শতাংশ উপস্থিত থাকিবলৈ সক্ষম হোৱা ছাত্ৰ ধুৱাৰ্ক ভুঞাই পাঠগ্ৰহণৰ বাবে দেখুওৱা আদৰ্শৰ শলাগ লৈ প্ৰতিজন শিক্ষাৰ্থীয়ে বিদ্যালয়ত এশ শতাংশ উপস্থিত থাকি পাঠগ্ৰহণৰ চেষ্ঠা চলাবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিগৰাকী শ্ৰেণী শিক্ষকে
শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এনে কিছুমান অভিনৱ পন্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।