Home Blog Page 1413

পিঁয়াজৰ ৰস চুলিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে…

আপুনি নিশ্চয় শুনিছে বা পঢ়িছে যে চুলি বালে ৰাখিবলৈ পিঁয়াজৰ ৰস অতি উপকাৰী। কিন্তু, আপুনি হয়তো নাজানে যে পিঁয়াজৰ ৰসেও আপোনাৰ চুলিৰ ক্ষতি কৰিব পাৰে। চুলিত পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে বহু ক্ষতিকাৰক ফল পোৱা যায়। লগতে পিঁয়াজৰ ৰস লগালে চুলি দীঘল হয় আৰু উফি আদিৰ সমস্যাও নাইকিয়া হয়। কিন্তু আজি আমি আপোনালোকক জনাম কিছু কিছু ক্ষেত্ৰত পিঁয়াজৰ ৰস চুলিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে…


যদি আপোনাৰ পিঁয়াজ খোৱা বা ইয়াৰ গোন্ধৰ প্ৰতি এলাৰ্জী হয়, তেন্তে চুলিত পিঁয়াজৰ ৰস লগোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ বহুতো সমস্যা হ’ব পাৰে। পিঁয়াজৰ ফলত চুলিত খজুৱতি আৰু মূৰৰ ছালত ফোহা ওলাব পাৰে। এনে পৰিস্থিতিত পিঁয়াজৰ ৰস মিহলাই এলোভেৰা বা নাৰিকল তেল লগাব পাৰে। ইয়াৰ ফলত পিঁয়াজৰ প্ৰভাৱ কমি যাব।

আজিকালি চুলি সৰাৰ সমস্যাই মানুহক বহুতো অশান্তি দিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে বহুতো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু মহিলাসকলে এইবোৰ কথাতো গুৰুত্ব দিব লাগে যে মাহেকীয়াৰ অনিয়ম, মুখত ব্ৰণ, ৰক্তহীনতা, চুলি দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে। সেইবাবেই পিঁয়াজৰ ৰস এনেধৰণে ব্যৱহাৰ কৰিব লাগে, যাতে আপোনাৰ কোনো ক্ষতি নহয়।


সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান

“মানৱীয় প্রমূল্যবোধত উদ্বুদ্ধ শিক্ষাইহে প্ৰকৃত শিক্ষা। সেয়ে ছাত্ৰ-ছাত্ৰীসকল সজাগ সচেতন হ-ব লাগে”-সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক কোচ ৰাজবংশী মূল, যুব আৰু মহিলা সন্মিলনীৰ সহযোগত অনুষ্ঠিত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় আক্ৰাছু’ৰ উপদেষ্টা গৌতম চহৰীয়াই।

তেখেতে আৰু কয়, “ডাক্তৰ, ইঞ্জিিনিয়াৰ যিয়ে নহওক মা -দেউতাক কেতিয়াও পাহৰি নাযাব। নিজৰ শিপাক পাহৰি গ’লে সেই শিক্ষাৰ অৰ্থ মূল্যহীন”।

পানেৰী আঞ্চলিকৰ সভাপতি নয়নজ্যোতি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠান উদ্বোধন কৰে সমাজ সেৱক বিকন ডেকাই। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে অতিথিৰ ভাষণত শিক্ষাৰ্থীসকলক সামাজিক দায়বদ্ধতা, অধ্যয়নশীল মানসিকতা, এগৰাকী ভাল ছাত্ৰ -ছাত্ৰী, পিতৃ -মাতৃৰ প্ৰতি অগাধ ভক্তি ৰাখিবলৈ আহ্বান জনায়।

সদৌ কোচ ৰাজবংশী সম্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে মুখ্য অতিথিৰূপে উপস্থিত থাকি জাতিটোৰ উত্তৰণৰ হকে শিক্ষাৰ্থীসকল গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব। অহা বৰ্ষত কোচ ৰাজবংশী উন্নয়ন পুঁজিৰে এপিএছচি, ইউপিঅফচি আদি পৰীক্ষাত অৱতীৰ্ণ হবলৈ কৰ্মশালা অনুষ্ঠিত কৰা হব বুলি ঘোষণা কৰে।


সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচে আঁতধৰা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক  চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উতীৰ্ণ ৬০ গৰাকী বিদ্যাৰ্থীক উষ্ম অভিনন্দন জনায়।

সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত উপস্থিত থাকে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা নীলধৰ ডেকা, বিশিষ্ট নাগৰিক ৰমণী চহৰীয়া, পানেৰী সাহিত্য সভাৰ সভাপতি মুজাফৰ ৰহমান,ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দেৱজিৎ ডেকা, হেমধৰ ডেকা, ভেৰগাঁও জিলা কোচ ৰাজবংশী ন্যাস সমিতিৰ যোগেন্দ্ৰ শইকীয়া, ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মিণ্টো বৰুৱা,

সাধাৰণ সম্পাদক ৰতন ডেকা, বিশিষ্ট কবি কিৰণ বৰা, সাংবাদিক নাৰায়ণ ডেকা, বাপন শৰ্মা, টংলা প্ৰেছ ক্লাব, পানেৰী প্ৰেছ ক্লাব, কলাইগাঁও প্ৰেছ গীল্ডৰ বিষয়ববীয়া, টংলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অমৰজিত ৰাভা, ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খগেন তাঁতী,বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া, সদৌ বিটিআৰ গৰীয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিজুল হক , পানেৰী আঞ্চলিক ৰাজবংশী মূল ,যুৱ আৰু মহিলা সন্মিলনীৰ বিষয়ববীয়া, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু উপস্থিত থাকে। পুৱাৰ ভাগত পানেৰী আঞ্চলিক আক্ৰাছু’, সন্মিলনী, যুৱ আৰু মহিলা সন্মিলনীৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতি নয়নজ্যোতি ডেকা, সভাপতি তীৰ্থনাথ বৰুৱা, সভাপতি চিত্ৰ বৰুৱা আৰু সভানেত্ৰী সৰস্বতী ডেকাই।

গেজেৰকুছি কৃষ্টি দলে কুচান নৃত্য পৰিৱেশন কৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে গীতৰ শৰাই আগবঢ়াই অনুষ্ঠানটো জীপাল কৰে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দৌৰাত্ম্য; গঁ‌ড়, হাতী, বাঘৰ মৃত্যু…

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান দেওবাৰে পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা বনাঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে শনিবাৰে মানাহৰ ভূঞাপাৰা বনাঞ্চলৰ কালঝাৰ কেম্পৰ সমীপত মতা গঁ‌ড়ৰ মৃত্যু হোৱা অঞ্চলো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলী পৰিদৰ্শনৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই।

সংবাদমেলখনত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দৌৰাত্ম্য হাতী গঁ‌ড় বাঘ নিধনক লৈ উদিগ্নতা প্ৰকাশ কৰি এন জি অ’ কৰ্মী , ৰাইজৰ মানাহ কৰ্তৃপক্ষৰ সৈতে সমন্বয়ৰ অভাৱ হৈছে । ভুল বুজা বুজি হৈছে বুলি মন্তব্য প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে ” মানাহত যোৱা কেইটামান দিন ধৰি গঁ‌ড়ৰ মৃত্যু হোৱা খবৰ সংবাদ মাধ্যমযোগে খবৰ লাভ কৰাৰ লগতে বিভাগীয়ভাৱেও খবৰ লাভ কৰা গৈছে । ইয়াৰ ভিতৰত তিনিটা স্বাভাৱিক মৃত্যু । শনিবাৰে মৃত্যু হোৱা গঁ‌ড়টোৰ স্বাভাৱিক মৃত্যু হৈছে । মৃত গঁ‌ড়টোৰ খৰ্গ দাত নখ উদ্ধাৰ কৰা হৈছে বাবে ইয়াক চোৰাং চিকাৰীৰ হত্যা বুলি কব নোৱাৰি । চোৰাং চিকাৰীয়ে নিধন কৰিলে খৰ্গটো লৈ গ’লেহেতেন । ইয়াৰ ওপৰত বিভাগীয়ভাৱে নিশ্চয় তদন্ত কৰা হব । এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আহিছো । মানাহৰ যি গৰিমা বিগত দিনৰ দীঘলীয়া আন্দোলনত বহুখিনি নষ্ট হৈ হৈছিল । গঁ‌ড়ৰ সংখ্যাও কমি গৈছিল । পৰৱৰ্তী সময়ত বিটিচি চৰকাৰ, মানাহ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত পুণৰ বৃদ্ধি হৈছিল গঁ‌ড়ৰ সংখ্যা । মানাহত বৃদ্ধি বাঘৰ সংখ্যা বৃদ্ধি হৈছে ৫৭ টালৈ । এটা জংঘলত বাঘৰ সংখ্যা বৃদ্ধি হোৱা মানে এই জংঘলৰ অৱস্থা ভাল । এটা বাঘ চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল চোৰাং চিকাৰীৰ ওপৰত এস্কনো হৈছে । মই ইয়াত আহিলোঁ‌ মই মুখ্যমন্ত্ৰী মানাহৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট দিম । মানাহৰ পূৰ্বৰ পৰিবেশ অতি সোনকালে ঘুৰাই আনিব লাগে । নিৰাপত্তা ব্যৱস্থা কটকটীয়া হব লাগে । মানাহক লৈ যি জাগৰণ আহিছিল এন জি অ’ সমূহে মানাহ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কংগ্ৰেছৰ দিনত দৈনিক গঁ‌ড় হত্যা কৰা হৈছিল । পিছত কৰ্তৃপক্ষই ৰাইজৰ সৈতে সমন্বয় গঢ়ি তোলাৰ পিছতে ৰোধ হৈছে গঁ‌ড় হত্যা”।

সংবাদ মেলত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই পূৰ্বৰ মানাহৰ গৰীমা অখুন্ন ৰখাৰ আহ্বান জনায় মানাহ অঞ্চলৰ ৰাইজ, সংবাদ মাধ্যম কিম্বা এনজিঅ’ কৰ্মীক। মানাহত চোৰাং চিকাৰীৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ কথা স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে । মানাহৰ যোগাত্মক বাতৰি সম্প্ৰচাৰৰ আহ্বান জনায় সংবাদমাধ্যমক ।

সংবাদমেলখনত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকক ১৪ আগষ্টত বদলিৰ নিৰ্দেশ দিয়াৰ পিছত পুণৰ এটা দিনৰ ভিতৰত বদলিৰ নিৰ্দেশ স্থগিত কৰা সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত দায়সৰা মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে । ঘটনাৰ উচিত তদন্ত কৰা হব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী ব্ৰহ্মই ।

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী দৌৰাত্ম্য ৰোধৰ বাবে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে বিভিন্ন দল সংগঠনে । ইয়াৰ পিছতো মন্ত্ৰী ইউ জি ব্ৰহ্ম , চিএইচ ডি সুমন মহাপাত্ৰৰ বন বিভাগক উদ্ধাৰৰ চেষ্টাক গৰীহনা দিয়ে প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল সংগঠনৰ ।

– লৱ কুমাৰ দাস, শালবাৰী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনাৰে মনোকামনা মন্দিৰত সেৱা ৰাজবীৰ সিঙৰ

দেওবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ মউছালদিঙত অৱস্থিত মনোকামনা মন্দিৰত সেৱা লয় অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে ৷

জাগ্ৰত মনোকামনা মন্দিৰত পৰিয়াল সহ উপস্থিত হৈ উপাধ্যক্ষ সিঙে এখন শৰাই আগবঢ়াই নিজৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰি প্ৰাৰ্থনা জনায় ৷

জাগ্ৰত মন্দিৰত মনোকামনা মাৰ বিগ্ৰহ প্ৰতিবছৰে বাঢ়ি যোৱাটো প্ৰত্যক্ষ কৰি এতিয়া দেশ বিদেশৰ ভক্তৰ সমাগম ঘটিব ধৰিছে ৷

বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱেন দত্তৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেওঁৰ বস্ত্ৰসমূহ শ্মশানৰ‌ পৰা সংগ্ৰহ কৰিলে সাহিত্যিক ইছমাইল হোছেইনে…

বিশিষ্ট শিক্ষাবিদ, সক্ৰিয় ৰাজহুৱাকৰ্মী দেৱেন দত্ত আৰু নাই ৷ বৃহস্পতিবাৰে নিশা ১২:১০ বজাত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ-অধ্যাপকগৰাকীৰ ৷ অসমীয়াই হেৰুৱালে ভাষা জাতি সমাজৰ বাবে নিঃস্বাৰ্থভাৱে মাত মতা এগৰাকী অভিভাৱক ৷

বিশিষ্ট শিক্ষাবিদ, সক্ৰিয় ৰাজহুৱাকৰ্মী দেৱেন দত্ত আৰু নাই ৷ বৃহস্পতিবাৰে নিশা ১২:১০ বজাত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ-অধ্যাপকগৰাকীৰ ৷ঐতিহ্যমণ্ডিত কটন কলেজৰ (বৰ্তমান কটন বিশ্ববিদ্যালয়) ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ দেৱেন দত্তৰ মৃত্যুৰ বাতৰিয়ে সকলোকে সঁচাকৈ মৰ্মাহত কৰিছে। তেখেতে বিদ্যায়তনিক দিশৰ উপৰিও অসমৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত সদায়েই দৃঢ়তাৰে মাত মাতি আহিছিল অধ্যাপক দত্তই।


সাহিত্যিক ইছমাইল হোছেইনে দেবেন দত্তৰ মৃত্যুৰ পিছত স্মৃতি হিচাপে সংৰক্ষণ কৰিলে তেওঁৰ বস্ত্ৰ সমূহ আৰু ফেচবুকত পোষ্ট কৰিলে এইদৰে –

দত্ত ছাৰৰ স্মৃতি সংৰক্ষণ কৰিলোঁঃ

******************************

শ্মশান ৰক্ষকক ক’লোঁ— ব্যৱহৃত ফুলৰ মাজত থকা সেই কাপোৰখিনি কি কৰিব? তেওঁ ক’লে—অলপ পিছত জুইত জাপি দিম৷মই ক’লোঁ—“ইয়াৰ পৰা নি সংৰক্ষণ কৰিব পাৰিমনে?” তেওঁ ক’লে—“পাৰিব ছাৰ৷আপুনি হোমেন বৰগোহাঞি ছাৰৰ মৃত্যুৰ দিনাও নিছিল নহয়৷” মই আনন্দিত হ’লোঁ৷তেওঁ মোৰ মোনাত কাপোৰখিনি ভৰাই দিলে৷ঘৰলৈ আনি চাবোনেৰে ধুই শুকাই-মেলি আজি ইস্ত্ৰী কৰি মোৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰিলোঁ৷এই যে সাজকটা গলবস্ত্ৰ দুখন—দেৱেন দত্ত ছাৰে বিগত দিনবোৰত সভা-সমিতিলৈ যাওঁতে পৰিধান কৰি গৈছিল৷মোৰ সেই চিনাকী বস্ত্ৰ দুবিধ জুইত জাপি দিয়াৰ সলনি মোৰ শিক্ষাগুৰুগৰাকীলৈ শ্ৰদ্ধা জনাই সাঁচি থ’লোঁ৷কোনেও দায়-দোষ নধৰিবদেই!

মৰিয়নিৰ তৈলক্ষেত্ৰত অবিৰত তেল নিৰ্গমন, ক্ষতিগ্ৰস্ত শ শ বিঘা কৃষিভূমি…

মুম্বাইৰ অইলমেক্স নামৰ তৈল কোম্পানীটোৰ মৰিয়নিৰ চেলেংহাটস্থিত আমগুৰি ফিল্ডৰ অন্তৰ্গত ৫ নম্বৰ তৈলক্ষেত্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তৈলক্ষেত্ৰৰ পৰা অবিৰতভাবে নিৰ্গমন হোৱা খাৰুৱা তেলে চানি ধৰিছে তৈলক্ষেত্ৰৰ সমীপৰ কৃষিভূমি।ইতিমধ্যে খাৰুৱা তেলৰ বাবে ক্ষতিগ্ৰস্থ হৈছে বহু কৃষকৰ উৰ্বৰা কৃষিভূমি।কিন্তু ইমানৰ পিচতো কানসাৰ নাই অইলমেক্স নামৰ কোম্পানীটোৰ। প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ড কিম্বা যোৰহাট জিলা প্ৰশাসনক স্থানীয় ৰাইজে অভিযোগ প্ৰদান কৰা পাছতো বিষয়টোৰ সন্দৰ্ভত নিমাত হৈ থকাত দ্বিতীয় বাঘজানসদৃশ পৰিবেশ সৃষ্টি হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে তৈলক্ষেত্ৰৰ সমীপৰ টেঙাবাৰী গাঁওবাসী।আনহাতে তেল বিয়পি নষ্ট হোৱা কৃষি ভূমিৰ বাবদ ক্ষতিগ্ৰস্থ কৃষক সকলক তেল কোম্পানীটোৱে প্ৰদান কৰা নাই কোনো ধৰনৰ ক্ষতিপূৰন।

ইপিনে কৃষি ভূমিকে ধৰি টেঙাবাৰী গাঁওৰ বহু কেইটা পৰিয়ালৰ বাৰী পৰ্যন্ত তেল খাদটোৰ পৰা নিৰ্গমন হোৱা ক্ৰুড অইল বা কনডেন্স ছেট তেল বিয়পি পৰিছে।কিন্তু অইলমেস্ক নামৰ কোম্পানীটোৱে চৰম দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দি কৃষি ভূমিৰ পৰা তেল নিস্কাষনৰ ব্যৱস্থা নকৰা লগতে সুৰক্ষা মুলক কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।যাৰ বাবে যিকোনো মূহুৰ্ততে তেল খাদটোৰ সমীপত ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ আশংকা সৃষ্টি হৈছে।

গোসাঁইগাঁৱত যুৱতীক অপহৰণ কৰিবলৈ অহা ৩ যুৱকক আটক আৰক্ষীৰ…

গোসাঁইগাঁৱত চাঞ্চল্যকৰ ঘটনা। যুৱতীক অপহৰণ কৰিবলৈ অহা ৩ যুৱকক আটক।

শ্ৰীৰামপুৰ আৰক্ষীয়ে আটক কৰিছে যুৱতীসহ যুৱকত্ৰয়ক । আটকাধীন ছাইফুল ইছলাম, মিনহাজ আলী, ছহিদুল ইছলাম।

তিনিওজন বঙাইগাঁৱৰ অভয়াপুৰীৰ কাচাৰিকেটিৰ বাসিন্দা । হিন্দু পৰিচয়েৰে ভুৱা একাউণ্ট খুলি যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন। আলিপুৰদুৱাৰলৈ যুৱতীক নিয়াৰ চেষ্টা কৰোঁতেই আটক।

নতুনকৈ গঠন কৰা কংগ্ৰেছ ৱৰ্কিং কমিটীত স্থান লাভ গৌৰৱ গগৈৰ…

ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্ৰধান নীতি-নিৰ্ধাৰণ কমিটি হিচাবে পৰিগণিত হোৱা Congress Working Committee (CWC) খন আজি দলৰ সভাপতি মল্লিকাজুৰ্ন খৰ্গে গঠন কৰি ঘোষণা কৰে। কংগ্ৰেছ দলৰ কাৰ্য্যকৰী সমিতিত ৩৯ জন নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৩ চনৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে নিজৰ নতুন দলৰ তালিকা প্ৰকাশ কৰিছে। মল্লিকাৰ্জুন খৰ্গেৰ নতুন দলতো স্থান লাভ কৰিছে শচীন পাইলটে। একে সময়তে জি-২৩ গোটৰ শশী থাৰুৰ আৰু আনন্দ শৰ্মাকো কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত কৰা হৈছে। নতুনকৈ গঠন হোৱা এই তালিকাত স্থান লাভ কৰিছে


নতুন কাৰ্য্যকৰী সমিতিৰ ঘোষণা। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাক নতুন কংগ্ৰেছ ৱৰ্কিং কমিটীত স্থান দিয়া হৈছে। দলটোৰ সংগঠনৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে জাৰি কৰা এক বিবৃতি অনুসৰি কংগ্ৰেছৰ কাৰ্যকৰী সমিতিত ৩৯ জন সদস্য, ৩২ জন স্থায়ী আমন্ত্ৰিত আৰু ৯ জন বিশেষ আমন্ত্ৰিতক অন্তৰ্ভুক্ত কৰা হৈছে।

তথ্য অনুসৰি কংগ্ৰেছ দলৰ চাৰিটা ফৰৱাৰ্ড সংগঠন – যুৱ কংগ্ৰেছ, এন এছ ইউ আই, মহিলা কংগ্ৰেছ আৰু সেৱা দলৰ মুৰব্বীসকল চি ডব্লিউ চিৰ পদমৰ্মে সদস্য হ’ব। কওঁ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে যোৱা বছৰৰ অক্টোবৰ মাহত নিৰ্বাচনৰ পিছত দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰায় ১০ মাহৰ অন্তত তেওঁ গঠন কৰিছে এখন নতুন কাৰ্য্যকৰী সমিতি। এই তালিকাত প্ৰিয়ংকা গান্ধী, এ কে এণ্টনি, মীৰা কুমাৰ, দিগবিজয় সিং, পি চিদাম্বৰম, আনন্দ শৰ্মা, শশী থাৰুৰকে ধৰি একাংশ জ্যেষ্ঠ নেতাক স্থান দিয়া হৈছে।


ন-ৰূপেৰে ৰাম মন্দিৰৰ সন্মুখৰ ভাগৰ ছবি…

অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ বহু ছবি চৰ্চালৈ আহিছে। ইয়াত ৰাম মন্দিৰৰ সন্মুখভাগৰ ছবিও প্ৰকাশ হৈছে। ৰাম মন্দিৰ নিৰ্মাণৰ কাম কিমান দূৰ আগবাঢ়িছে জানো আহক। প্ৰভু শ্ৰীৰামৰ ভৱিষ্যৎ মন্দিৰ নিৰ্মাণৰ কাম চলি আছে উত্তৰ প্ৰদেশৰ অযোধ্যাত। ইফালে নিৰ্মাণৰত মন্দিৰৰ ফ্ৰন্ট লুকৰ এখন ছবি ৰাম মন্দিৰ ট্ৰাষ্টে প্ৰকাশ কৰিছে। মন্দিৰৰ তলৰ মহলাত প্ৰথম মহলাতো খুঁটা স্থাপন কৰা হৈছে। ৰাম মন্দিৰ ট্ৰাষ্টে প্ৰকাশ কৰা ফ্ৰন্ট লুকৰ ফটোৰ পৰা অনুমান কৰিব পাৰি যে সন্মুখৰ পৰা মন্দিৰটো কেনেকুৱা দেখা যাব।


শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত সাধাৰণ সম্পাদক চম্পট ৰায়ে টুইটাৰত ৰাম মন্দিৰৰ নতুন ফটো পোষ্ট কৰিছে। শনিবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অযোধ্যা ভ্ৰমণৰ সময়ত তোলা এই ছবিসমূহ চাওক। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী যোগীয়ে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য্যৰ বুজ লয়। সেই সময়ত তেওঁৰ লগত আন বহু বিষয়াও উপস্থিত আছিল।

তথ্য অনুসৰি তলৰ মহলাত থকা ৰাম মন্দিৰটো পূবৰ পৰা পশ্চিমলৈ প্ৰায় ৩৮০ ফুট দীঘল আৰু উত্তৰৰ পৰা দক্ষিণলৈ ইয়াৰ প্ৰস্থ ২৫০ ফুট হ’ব। তিনি মহলীয়া হ’ব ৰাম মন্দিৰ। ৰাম মন্দিৰৰ উচ্চতা হ’ব প্ৰায় ৩৯২ ফুট।

২০২৪ ৰ লোকসভাৰ হাই ভল্টেজ নিৰ্বাচন। বাৰানসীত নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব প্ৰিয়ংকা গান্ধীয়ে…

আগন্তুক লোকসভাৰ নিৰ্বাচনত আমেথিৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ বিপৰীতে বাৰানসীত প্ৰতিদ্বন্দিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে। এই বিষয়ে ঘোষনা কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে। তেওঁ উল্লেখ কৰামতে মোদী উপাধি গোচৰত সাংসদ পদ হেৰোৱাৰ লগতে ৬ বছৰলৈ নিৰ্বাচন খেলাত আদালতে দিয়া ৰায় স্হগিতাদেশ জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। লগে লগে নিৰ্বাচন খেলাৰ পথ মুকলি হোৱাত ৰাহুল গান্ধীয়ে আমেথিত নিৰ্বাচন খেলাৰ বিষয়ে অজয় ৰায়ে ঘোষনা কৰে। ২০১৯ বৰ্ষৰ নিৰ্বাচনত স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰৰ অধিক ভোটত ৰাহুল গান্ধীয়ে পৰাজয় স্বীকাৰ কৰিছিল।

অৱশ্যে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা ৰাহুল গান্ধী বিজয়ী হৈছিল। একেদৰে বাৰাণসীৰ পৰা নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচন খেলিছিল অজয় ৰায়ে। মোদীয়ে বৃহৎ ভোটৰ ব্যৱধানত ৰায়ক পৰাজিত কৰিছিল। অজয় ৰায়ে ঘোষনা কৰামতে আগন্তুক লোকসভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে থিয় দিব প্ৰিয়ংকা গান্ধীয়ে। অবশ্যে আমেথিত বিজেপিয়ে কাক প্ৰক্ষেপ কৰে সেয়া নিশ্চিত হোৱা নাই। যদি ৰায়ে ঘোষনা কৰামতে নিৰ্বাচনী যুঁজ বাস্তবত হয় তেনেহলে দেশবাসীয়ে উপভোগ কৰিব পাৰিব এখন হাই ভল্টেজ নিৰ্বাচনী যুঁজ। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ ৰাইবাৰেলীৰ পৰা নিৰ্বাচিত ছোনীয়া গান্ধী বৰ্তমান সাংসদ হৈ আছে।