Home Blog Page 1414

মেঘালয়ৰ প্ৰকৃতিৰ সৌন্দৰ্যত কণ্ঠশিল্পী দীপলীনা ডেকা‌ই কিদৰে কটাইছে মধুৰ সময়…

মেঘালয়ৰ প্ৰকৃতিৰ সৌন্দৰ্যত বিলীন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সকলোৰে হিয়াৰ আমঠু দীপলীনা ডেকা ।

মেঘালয়ৰ পাহাৰৰ মাজত একান্ত ব্যক্তিগত সময় অতিবাহিত কৰিছে গায়িকা গৰাকীয়ে ।

কিন্তু কাৰ লগত মেঘালয় পাহাৰৰ খোজকাঢ়ি ফুৰিছে এতিয়ালৈকে সামাজিক মাধ্যমত পোষ্ট কৰা নাই ।

কেৱল নিজৰ ফটোকেইখন ইনষ্টাগ্ৰামত আপলোড কৰিছে কণ্ঠশিল্পী দীপলীনা ডেকা‌ই ।

ফুটবলৰ ইতিহাসৰ সৰ্বাধিক সজ্জিত খেলুৱৈ হিচাপে পৰিগণিত লিয়নেল মেছি…

ইণ্টাৰ মিয়ামি আৰু আৰ্জেণ্টিনাৰ ফৰৱাৰ্ড লিয়নেল মেছি ফুটবলৰ ইতিহাসৰ আটাইতকৈ সজ্জিত খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

২০২৩ চনৰ লীগ কাপৰ ৰূপত ক্লাব আৰু দেশৰ হৈ ৪৪ সংখ্যক ট্ৰফী দখল কৰাৰ পিছত মেছিয়ে এই কৃতিত্ব অৰ্জন কৰে।ইণ্টাৰ মিয়ামীয়ে পেনাল্টিত ১০-৯ গ’লত নেশ্বভিলক পৰাস্ত কৰি প্ৰতিযোগিতাখন জয় কৰে।

মেছিয়ে বাৰ্চিলোনাৰ প্ৰাক্তন সতীৰ্থ ডানি আলভেছৰ ৪৩টা ট্ৰফীৰ অভিলেখ অতিক্ৰম কৰে।

ডাঃ ধনীৰাম বৰুৱাৰ খোজেৰে আমেৰিকাৰ চিকিৎসক। মানৱ শৰীৰত গাহৰিৰ বৃক্ক সফলতাৰে সংৰোপন…

অসমীয়া চিকিৎসক তথা গবেষক ডাঃ ধনীৰাম বৰুৱাৰ পদাংক অনুসৰণ কৰি বৃহৎ সফলতা কঢ়িয়াই আনিলে মানৱ জীৱনলৈ। বহু বছৰ পূৰ্বে ডাঃ ধনীৰাম বৰুৱাই পূৰ্ন শইকীয়া নামৰ এগৰাকী ৰোগীৰ শৰীৰত সংৰোপন কৰিছিল গাহৰিৰ বৃক্ক । এই ঘটনাৰ বাবে গবেষক চিকিৎসক গৰাকী জেলৰ ভাত খাব লগীয়া হৈছিল। এই কাৰ্যৰ বাবে অপমান গ্লানি মুৰ পাতি লবলগীয়া হৈছিল ডাঃ ধনীৰাম বৰুৱাই। পিছে বিশ্ববাসীৰ লগতে অসমবাসীৰ বাবে গৌৰবৰ কথা যে নিউইয়ৰ্কৰ এদল চিকিৎসকে একেই পদাংক অনুসৰণ কৰি এগৰাকী “ব্ৰেইন ডেথ” ব্যক্তিৰ শৰীৰত সফলতাৰে বৃক্ক সংৰোপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ” ব্ৰেইন ডেথ” হোৱা ব্যক্তি সুস্হ হোৱাৰ পথ নাথাকে। মগজু বিকল হৈ থকা এনে ব্যক্তিৰ যিকোনো সময়ত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱাটো নিশ্চিত। নিউইয়ৰ্ক চহৰৰ অল বেল্ট নামৰ ব্যক্তি গৰাকীৰ ব্ৰেইন ডেথ হৈ চিকিৎসালয়ত আছিল।

নিউইয়ৰ্ক বিশ্ববিদ্যালয়ৰ “ট্ৰান্সপ্লান্ট ইন্সটিটিউট ” ৰ এটা চিকিৎসকৰ দলে ১৪ জুলাইত ব্যক্তি গৰাকীৰ শৰীৰৰ পৰা বৃক্ক ( কিডনি) উলিয়াই গাহৰিৰ বৃক্ক সংৰোপন কৰে। বুধবাৰে নিউইয়ৰ্ক বিশ্ববিদ্যালয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে এতিয়ালৈ গাহৰিৰ বৃক্ক টোৱে সুন্দৰ ভাবে কাম কৰি থকাৰ লগতে প্ৰসাব প্ৰক্ৰিয়া পূৰ্বৰ দৰে অব্যাহত আছে। ট্ৰান্সপ্লান্ট ইন্সটিটিউটৰ পৰিচালক ডাঃ ৰৱাৰ্ট মন্টগোমৰীয়ে প্ৰকাশ কৰামতে গাহৰিৰ বৃক্কটোৱে মানুহৰ অংগৰ দৰে কাম কৰাই নহয় বৰং অতি ভালকৈ কাম কৰি থকা কাৰ্যই এক আশাৰ ৰেঙনি কঢ়িয়াই অনা বুলি মন্তব্য কৰে। তেওঁ আমেৰিকাত ১ লাখ ৩০ হাজাৰ লোকৰ অংগ সংৰোপনৰ প্ৰয়োজন। ইয়াৰে ৮৮ হাজাৰ লোকৰ প্ৰয়োজন বৃক্ক। তেওঁ আশা প্ৰকাশ কৰি কয় যে ভৱিষ্যতে জন্তুৰ অংগ মানৱ দেহত সংৰোপন কৰি এক সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হ’ব।

বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান…

বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান।

দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আজি মৃত্যুত সাৱটিলে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে।

নিশা ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ। মৰণোত্তৰভাৱে দেহদান কৰি গৈছে শিল্পীগৰাকীয়ে। তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।

বেংক অৱ বৰোদাৰ কাৰেঞ্চি চেষ্ট মুকলি…

বেংক অৱ বৰোদাৰ যোৰহাট শাখাই শনিবাৰে গ্ৰাহকৰ বাবে মুকলি কৰে কাৰেঞ্চি চেষ্ট। কলকাতা খণ্ডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ তিৱাৰীৰ উপস্থিতিত মুকলি কৰা কাৰেঞ্চি চেষ্টে গ্ৰাহকক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানটোত বেংক বিষয়া দেৱাশীষ বাকসীকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা…

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা।

মহাবিদ্যালয়সমূহলৈ অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে সাজ-পোছাকক লৈ জাৰি কৰিছে নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি অধ্যাপিকাই পিন্ধিব পাৰিব চেলৱাৰ, শাৰী, মেখেলা-চাদৰৰ লগতে জাতীয় সাজ-পোছাক পিন্ধিব।

অধ্যাপিকাসকলে টি-চাৰ্ট, জিনছ, লেগিংছ আদি পিন্ধিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে।

আনহাতে অধ্যাপকসকলে ফৰমেল চাৰ্ট-পেণ্টৰ লগতে ধুতি-পাঞ্জাবী পিন্ধিব পাৰিব।

কিন্তু পিন্ধিব নোৱাৰিব টি-চাৰ্ট, জিনছ।

ইয়াৰউপৰিও অধ্যাপক-অধ্যাপিকাই বজাই ৰাখিব লাগিব চাফ-চিকুনতা।

ডঃ জে বি এক্কাক পৰ্যটন বিভাগৰ প্ৰধান সচিবৰ দায়িত্ব…

ৰাজ্য চৰকাৰে শনিবাৰে এক নিৰ্দেশ যোগে বন আৰু পৰিবেশ, ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদক অতিৰিক্ত ভাবে অসম প্ৰশাসনিক ট্ৰিবুনেলৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰে।

একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডঃ জে বি এক্কাক অতিৰিক্ত ভাবে পৰ্যটন বিভাগৰ প্ৰধান সচিব হিচাপে দায়িত্ব অৰ্পণ কৰে।

মালদ্বীপত চাইকেল চলোৱাত ব্যস্ত অভিনেত্ৰী পৰিনীতি চোপ্ৰা…

বৰ্তমান মালদ্বীপত সময় অতিবাহিত কৰিছে পৰিণীতি চোপ্ৰাই। পৰিণীতিয়ে মালদ্বীপৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।তেতিয়াৰ পৰাই বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ নাম আছে চৰ্চাৰ শিৰোনামত। পৰিনীতি আৰু ৰাঘৱ চাদ্ধাক প্ৰায়ে একেলগে দেখা যায়, তাৰ পিছত তেওঁলোকৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হয়। এইকেইদিন পৰিনীতি ছুটীৰ বাবে মালদ্বীপলৈ গৈছে। পৰিনীতিয়ে অনুৰাগীৰ আগত নিজৰ ছুটীৰ আভাস দেখুৱাইছে। মালদ্বীপত চাইকেল চলাই আনন্দত মতলীয়া অভিনেত্ৰীগৰাকী।

পৰিনীতিয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত পৰিণীতিৰ বাহিৰেও কোনো ব্যক্তি দেখা পোৱা নাই। যাৰ বাবে অনুৰাগীসকলে প্ৰশ্ন কৰিছে যে ৰাঘৱ তেওঁৰ লগত নাই যোৱা নেকি?

কামৰ ককা কবলৈ গ’লে পৰিনীতিক শেষবাৰৰ বাবে অমিতাভ বচ্চনৰ সৈতে উখতা ছবিত দেখা গৈছিল। অনুপম খেৰ, বোমান ইৰাণীকো এই ছবিখনত দেখা গৈছিল। এই ছবিখনে বক্স অফিচত ভাল সংগ্ৰহ কৰিলে। পৰিনীতিৰ অভিনয়ও ভাল হৈছিল।


জামুগুৰিহাটত ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান সম্পন্ন ৷ ৫ শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন…

সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় এক বিশেষ অভিনন্দন অনুষ্ঠান৷ ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে কৃতিত্ব অৰ্জন কৰা অঞ্চলটোৰ ৫৪০ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰেই অনুষ্ঠিত কৰা অনুষ্ঠানতি সঞ্চালনা কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে ৷

ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক সকলৰ লগতে বহুকেইগৰাকী গুণী জ্ঞানী লোক উপস্থিত থকা এই বিশেষ অভিনন্দন অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোছা আৰু একো একোখনকৈ অভিনন্দন পত্ৰৰে অভিনন্দন জনাই ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু কৰ্মীসকলে৷ দেৱ দিপাংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মনোগ্ৰাহী ভাষণ আগবঢ়াই আমন্ত্ৰিত অতিথিসকলে৷ অনাগত দিনসমুহত ছাত্ৰ ছাত্ৰীসকলে শিপা নাপাহৰি অধ্যয়নৰ দিশত আগুৱাই গৈ অঞ্চলটোক জিলিকাই তোলাৰ বাবেও আহবান জনাই উপস্থিত অতিথিসকলে৷ উঠি অহা ছাত্ৰ ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰতিবছৰেই অনুষ্ঠিত কৰি অহা এই ধৰণৰ অনুষ্ঠানক শিক্ষাপ্ৰেমী ৰাইজেও শলাগ লোৱা পৰিলক্ষিত হৈছে ৷

ৰাজেন গোহাঁইৰ বিৰুদ্ধে এক্সন। তিনিদিনৰ ভিতৰত কোঠা খালি কৰাৰ নিৰ্দেশ…

দল তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ খুলি বিপদত প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই । বিগত ছয় বছৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি নগাঁও ক্ৰীড়া সন্হাৰ জিম বন্ধ কৰি নিজৰ নিৰাপত্তাৰক্ষীৰ আৱাসস্থলীলৈ পৰ্যবসিত কৰিছিল গোহাঁইয়ে। খেলুৱৈৰ শাৰীৰিক ব্যায়ামৰ কথা চিন্তা নকৰি জিমটো বন্ধ কৰাৰ বিৰুদ্ধে বহুবাৰ আপত্তি কৰিও বিফল হৈছিল ক্ৰীড়া সন্হা। শেহতীয়াকৈ নতুন কমিটিয়ে দায়িত্ব গ্ৰহন কৰাৰ পিছতেই কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ বিৰুদ্ধে মুখ খুলি বিপদত পৰে গোহাঁই। দলৰ মজিয়াত এলাগী হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেবাটাও অভিযোগ ৰাজহুৱা কৰিছিল গোহাঁইয়ে।

পিছে বাটৰ কচু গাত ঘঁহি লোৱাৰ লেখিয়া হ’ল গোহাঁইৰ অবস্হা। নগাঁও ক্ৰীড়া সন্হাই তিনিদিনৰ ভিতৰত জিমৰ কোঠা খালি কৰি দিবলৈ কঠোৰ নিৰ্দেশ দিছে ৰাজেন গোহাঁইক। উল্লেখযোগ্য যে বাবুল বাৰ্মিৰ নামত উৎসৰ্গিত জিমটো অত্যাধুনিক ৰূপত সজাই তোলা হৈছিল স্থানীয় খেলুৱৈ সকলৰ স্বাৰ্থত। কিন্তু বিগত ছয় বছৰ খেলুৱৈ সকল শাৰীৰিক ব্যায়ামৰ পৰা বঞ্চিত কৰি নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰি আহিছিল ৰাজেন গোহাঁইয়ে। কোঠাটোৰ সামগ্ৰী আতৰাই নিজৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ আৱাস হিচাপে দীৰ্ঘদিন ব্যৱহাৰ কৰি অহাৰ পিছত জিমটো পুনৰ পূৰ্বৰ ৰূপত উভতি অহাৰ আশা প্ৰকাশ কৰিছে খেলুৱৈ তথা স্থানীয় ৰাইজে।