Home Blog Page 1415

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ…

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ।

উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁ‌ড়ৰ মৃতদেহ। আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি।

৫ দিন পূৰ্বে স্বাভাৱিকভাৱে গঁড়টোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ আৰু চি এইচ ডি সুমন মহাপাত্ৰই।

অৱশেষত উদ্ধাৰ গেলাবিল নদীত সন্ধানহীন হোৱা কিশোৰটি…

অৱশেষত উদ্ধাৰ গেলাবিল নদীত পৰি সন্ধানহীন হৈ থকা কিশোৰৰ মৃতদেহ।

  • নিশাৰ উত্তেজনাৰ পিছত আজি পুৱাৰে পৰা দেৰগাঁৱৰ গেলাবিল নৈত অভিযান চলাইছিল SDRF বাহিনীয়ে ।
  • শুকুৰবাৰে বিয়লি মাছ মাৰিবলৈ গৈ গেলাবিল নৈত সন্ধানহীন হৈছিল দেৰগাঁৱৰ বিলতীয়া শান্তিপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ আব্দুল চুবহান আলি ।
  • কালি SDRF বাহিনী উপস্থিত নোহোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তেজনাৰ ।
  • আজি পুৱাৰ পৰা নৈত অভিযান চলাইছিল SDRF বাহিনীয়ে ।
  • অৱশেষত SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰ জনৰ মৃতদেহ ।

অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।

SDRF বাহিনীয়ে নদীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক চমজায় দিয়ে। আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰি পৰিয়ালৰ লোকক গতাই দিব মৃতদেহ।

ওদালগুৰিৰ মাজবাটৰ কমলাবাৰীত হাতী মানুহৰ সংঘাত। হাতীৰ আক্রমণত নিহত মহিলা…

ওদালগুৰি জিলাৰ মাজবাটৰ কমলাবাৰীত হাতী মানুহৰ সংঘাত। হাতীৰ আক্রমণত এগৰাকী মহিলাৰ মৃত্যু। অসম অৰুণাচল সীমান্তবর্তীৰ এক দুৰ্গম অঞ্চলৰ কমলাবাৰীত হাতীৰ আক্রমণত ৪৫ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওদালগুৰি জিলাৰ বিভিন্ন স্থানত হাতী মানুহৰ সংঘাত হৈ থকাৰ মাজতে শুক্ৰবাৰে নিশা মাজবাট থানা এলেকাৰ কমলাবাৰীত প্ৰায় ৯-৩০ মান বজাত অৰুণাচল পাহাৰৰ পৰা এটা হাতী আহি কমলাবাৰী গাঁৱত প্ৰৱেশ কৰে। অকলশৰীয়া হাতীটোৱে জিতেন দৈমাৰীৰ ঘৰত প্ৰবেশ কৰি জিতেন দৈমাৰীৰ পত্নীক শুই থকা অৱস্থাত পাই সুৰেৰে টানি আনি গচকি দিয়াত মহিলাগৰাকীৰ মৃত্যু হয় আৰু হাতীটো তাৰ পৰা আঁতৰি যায়। ঘৰখনত থকা বাকি সদস্য সকলে দৈৱ ক্ৰমে হাতিৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। হাতিৰ আক্ৰমণত মহিলাৰ মৃত্যু হোৱা খৱৰ পাই নিশাই মাজবাট আঞ্চলিক বন বিভাগৰ বন কৰ্মী আৰু মাজবাট আৰক্ষীৰ এটা দলে ঘটনাস্থলিত উপস্থিত হৈ মৃত মহিলা বিলাইশ্ৰী দৈমাৰীৰ মৃতদেহ মণোৰত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি লৈ প্ৰেৰণ কৰে।

মাজবাট আঞ্চলিক বন বিভাগৰ বিষয়া জগদীশ বসুমতাৰীয়ে সাংবাদিক কয় যে মৃত মহিলাগৰাকীৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা যথোপযুক্ত ক্ষতিপুৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে। উল্লেখ্য যে যোৱা বছৰতো উক্ত স্থানত হাতীৰ আক্রমণত একেটা পৰিয়ালৰ শিশুসহ তিনি জন লোক মৃত্যু হৈছিল। বন বিভাগক স্থানীয় গাঁৱবাসীয়ে দাবি জনায় কই যে অকলশৰীয়া হাতীটোৰ ব্যৱস্থা গ্ৰহণ কৰক বন বিভাগে।

ভাদ মাহ উপলক্ষে ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস বটদ্ৰৱা থানত…

অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰোভাব তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ আদি বিভিন্ন তিথি, মহোৎসৱৰ সমাহাৰেৰে পবিত্ৰ ভাদ মাহটো সকলোৰে আদৰৰ।

বটদ্ৰৱা থানত পবিত্ৰ ভাদ মাহ উপলক্ষে ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। দূৰদূৰণিৰ তীৰ্থযাত্ৰী আগমন ঘটিছে। হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই আজিৰে পৰা বটদ্রৱা থানত ওঠৰ প্রসঙ্গৰে পুৱাৰে পৰা মাজ নিশালৈ যতি নপৰাকৈ ভকত বৈষ্ণৱে নাম কীৰ্তন কৰিব।শণিবাৰে পৱিত্ৰ ভাদমাহৰ দিনটোত বটদ্ৰৱা থান প্ৰাঙ্গনত সপৰিয়ালে উপস্থিত হৈ ভগবন্তৰ আশীষ গ্ৰহণ কৰে সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

এই ৩টা বেয়া অভ্যাসে হাড়ক দুৰ্বল কৰি তোলে…

শৰীৰৰ ফিটনেছৰ বাবে হাড় মজবুত হোৱাটো প্ৰয়োজনীয়। চিকিৎসকৰ মতে ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আজিকালি মানুহৰ হাড় দুৰ্বল হৈ পৰিছে। ইয়াৰ বাবেই বহুলোক হাড়ৰ বিষত অসুবিধাৰ সন্মুখীন হয়। আজি আমি আপোনালোকক সেই ৩টা অভ্যাসৰ বিষয়ে ক’ম, যাৰ বাবে আপুনিও হাড়ৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে…

হাড়ৰ শক্তিৰ বাবে শৰীৰে সূৰ্যৰ পোহৰ পোৱাটো প্ৰয়োজনীয়। ইয়াৰ পৰা আমাৰ শৰীৰে ভিটামিন ডি লাভ কৰে। কিন্তু ঘাম বা গৰমৰ ভয়ত মানুহে ৰ’দত ওলাবলৈ বেয়া পায়।

হাড় ভালে ৰাখিবলৈ শৰীৰৰ বাবে কেলচিয়াম আৰু ভিটামিন-ডি পোৱাটো অতি প্ৰয়োজনীয়। কেলচিয়ামৰ বাবে আমি দৈনিক গাখীৰ খোৱা উচিত, লগতে কেলচিয়াম শোষক জাংক ফুড খোৱাৰ পৰা বিৰত থকা উচিত।

আপোনাৰ শৰীৰৰ হাড় সঠিকভাৱে ৰাখিবলৈ নিয়মিতভাৱে শাৰীৰিক ক্ৰিয়া-কলাপ কৰাটো প্ৰয়োজনীয়। এনে কৰিলে হাড়বোৰ বালে থাকে। আনহাতে শাৰীৰিক ফিটনেছৰ পৰা আঁতৰি থকাসকলৰ হাড়বোৰ অতি সোনকালে দুৰ্বল হৈ পৰে।

কৰ্মযোগৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কি কৈছিল জানেনে…

কৰ্মযোগৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল – “যদি এই যুদ্ধত তোমাৰ বিজয়ী হোৱাৰ আশা আছে তেন্তে পৰাজয় হ’লে তুমি দুখ পাবা।

সেই দুখে তোমাক অন্য কিবা এটা কৰ্ম কৰাব যাৰ বাবে তুমি আকৌ জন্ম ল’ব লগা হ’ব। আৰু যদি তুমি বিচৰাৰ দৰে জয়ী হোৱা তেন্তে তোমাৰ অহংকাৰ বাঢ়িব।

সেই অহংকাৰে তোমাক বিশ্বজয় কৰিবলৈ উৎসাহ জগাব, তোমাৰ দ্বাৰা অপ্ৰয়োজনীয় হত্যা কৰাব আৰু সেই পাপে তোমাক বান্ধিব। আৰু যদি এই যুদ্ধত তোমাৰ কোনো বিজয়ৰ মোহ বা পৰাজয়ৰ ভয় নাথাকে তেন্তে এই যুদ্ধৰ অন্ততঃ ফলাফল যিয়ে নহওঁক তুমি সুখ বা দুখৰ উৰ্ধত থাকিবা।“

কেৱল ছানি দেওলেই নহয়, চলিত বৰ্ষত ৯০ দশকৰ বহু অভিনেতাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে…

৯০ৰ দশকৰ বহু অভিনেতাই ২০২৩ চনত উপহাৰ দিছে বহু শ্ৰেষ্ঠ ছবি। ৯০ দশকৰ অভিনেতাই বক্স অফিচত এতিয়াও স্থান দখল কৰি আছে। ২০২৩ চনত সৰ্বাধিক শ্ৰেষ্ঠ ছবি উপহাৰ দিয়া অভিনেতাৰ তালিকাত বেছিভাগেই ৯০ৰ দশকৰ তাৰকাৰ। আহকচোন ইয়াত জানো এইবাৰ বক্স অফিচত কোন কোন অভিনেতাই নিজৰ নাম উজলাইছে। খবৰ অনুসৰি শ্বাহৰুখ খানৰ পাঠানে বিশ্বজুৰি ১০০০ কোটি টকা উপাৰ্জন কৰিছিল।

যোৱা সপ্তাহত মুক্তি পালে ছুপাৰষ্টাৰ ৰজনীকান্তৰ শেহতীয়া ছবি জেইলাৰ। খবৰ অনুসৰি প্ৰথম সপ্তাহতে ৫০০ কোটি টকা সংগ্ৰহ কৰি বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে জেইলাৰ।

হলিউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজে এই বছৰ লৈ আহিছিল মিছন ইম্পচিয়েল ৭। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত বহু উপাৰ্জন কৰিছিল। খবৰ অনুসৰি টম ক্ৰুজৰ ছবিখনে ৮০ কোটি ডলাৰ উপাৰ্জন কৰিছে।

বহু বছৰৰ পাছত গাদাৰ ২ৰ জৰিয়তে পুনৰ উভতি আহিল বলীউডৰ ছুপাৰষ্টাৰ ছানি দেউল। গাদাৰ ২ৰ পৰা উভতি অহা ছানী দেউলে বক্স অফিচত নিজৰ নাম উজলাইছে। খবৰ অনুসৰি, এসপ্তাহৰ ভিতৰত ছানী দেওলৰ গাদাৰ ২ য়ে ২৮০ কোটি টকা সংগ্ৰহ কৰিছে।

বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ ছবি অ’এমজি ২ৰ প্ৰথম সপ্তাহৰ উপাৰ্জন লেহেমীয়া হৈছিল। কিন্তু অভিনেতাগৰাকীৰ ছবিখনে দৰ্শক আৰু সমালোচকৰ যথেষ্ট মৰম লাভ কৰিছে। ছবিখনে প্ৰথম সপ্তাহতে ৮০ কোটিৰো অধিক উপাৰ্জন কৰিছে।


শোৱাৰ পূৰ্বে এই ৫ টা বস্তু সম্পূৰ্ণৰূপে খোৱাৰ পৰা বিৰত থাকক…

শোৱাৰ পূৰ্বে এই ৫ টা বস্তু সম্পূৰ্ণৰূপে খোৱাৰ পৰা বিৰত থাকক। ৰাতি যদি ভালদৰে শুব বিচাৰে তেন্তে এই ৫টা বস্তু খোৱাৰ পৰা বিৰত থাকক। যদি আপুনি ৰাতি ভালদৰে টোপনি যাব বিচাৰে, তেন্তে শোৱাৰ ৩ ঘণ্টা পূৰ্বে চাহ-কফি সেৱন বন্ধ কৰক। এই দুয়োটা বস্তুতে কেফেইন থাকে, যাৰ ফলত গেছ-এচিডিটি উৎপন্ন হয়। এইবোৰ পৰিহাৰ কৰিলে আপোনাৰ পেট ঠিকে থাকিব।

বহুতৰে খাদ্য খোৱাৰ পিছত কিবা মিঠা খোৱাৰ অভ্যাস আছে। এই ইচ্ছা পূৰণৰ বাবে বহুতে চকলেট খায়। ৰাতি চকলেট খালে এচিড ৰিফ্লাক্স হ’ব পাৰে। যাৰ বাবে পেটৰ বিষ আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে।


ৰাতি ভাল টোপনি আহিবলৈ পকৰা খাব নালাগে। এই পকৰাবোৰত তেল থাকে, যাৰ বাবে ই এচিডিক হৈ পৰে। ৰাতি শৰীৰৰ বাবে পকৰা হজম হোৱাটো কঠিন হৈ পৰে।

আজিকালি ৰাতিও পিজ্জা খাই বহুতে। পিজ্জাত অধিক চৰ্বি থাকে আৰু ই সহজে হজম নহয়। এনে অৱস্থাত ৰাতি পিজ্জা খালে এচিডিটি হ’বলৈ বেছি সময় নালাগে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে, নেমু, কমলা, টমেটো আৰু জামু আদি টেঙা বস্তু খোৱাৰ পিছত ৰাতি শুব নালাগে। এই সকলোবোৰ বস্তুৱে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যাৰ সৃষ্টি হয়।


ৰঙিয়া চিৰাখুন্দিত বৰলীয়া নৈৰ ভয়ংকৰ গৰাখহনীয়া ! কেইবাটাও পৰিয়াললৈ ভাবুকি…

ৰঙিয়া পৌৰসভা এলেকাৰ দহ নম্বৰ ওৱাৰ্ডৰ চিৰাখুন্দিত বৰলীয়া নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত নৈখনৰ কাষতে থকা কেইবাটাও পৰিয়াললৈ ভাবুকি আহিছে । ইফালে বৰলীয়া নৈৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে এটা অঙ্গনাবাড়ী কেন্দ্ৰ ।

নৈখনৰ গৰাখহনীয়া ক্ৰমান্বয়ে প্ৰাথমিক বিদ্যালয়ৰ লগতে অঙ্গনাবাড়ী কেন্দ্ৰটোলৈ বিপদ কঢ়িয়াই আনাৰ ফলত আন এক চিন্তাৰ কাৰণ হৈ পৰিছে । ইফালে প্ৰথমিক বিদ্যালয় আৰু অঙ্গনাবাড়ী কেন্দ্ৰলৈ অহা যোৱা কৰা কণ – কণ ছাত্ৰ ছাত্ৰী সকলে বিপদজনক ভাবে বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হৈছে ।

গুৰুত্বপূৰ্ণ বিষয়টো হল যে বৰলীয়া নৈৰ গৰাখহনীয়াই উক্ত অঞ্চললৈ ভাবুকি কঢ়িয়াই অনা বিষয়টো অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অবগত কৰিছে যদিও কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

ভক্তিৰসত জীপাল মাধৱদেৱ প্ৰতিষ্ঠাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ…

আজি পহিলা ভাদ। আজিৰ পৰা অসমীয়া পবিত্ৰ মাহৰ আৰম্ভণি। অসমৰ প্ৰতিখন সত্ৰ, পীঠ, নামঘৰত আজিৰে পৰা মাহজোৰাকৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিক চৰ্চা কৰিব অসমীয়া সমাজে। আজিৰে পৰা ৰাজ্যৰ অনান্য পীঠ নামঘৰৰ সমান্তৰালকৈ ঢেকীয়াখোৱা বৰনামঘৰতো বৰনামঘৰ পৰিচালনা সমিতিৰ আতিৰ্থত মাহজোৰাকৈ আয়োজন কৰা মহা পালনামৰ আজিৰ পৰা আৰম্ভ হব।তাক লৈ এতিয়া সকলো ব্যস্ত হৈ পৰিছে। পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কালি সংক্ৰান্তিৰ দিনাৰ পৰাই এই ঐতিহাসিক পীঠত হাতে হাতে ধূপ,চাকি,নৈবদ্য লৈ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে,অক্ষয় বন্তিৰ সেৱা লৈছে,বছৰটো যেন কুশলে যায় তাৰ বাবে নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে।

আনহাতে বৰ নামঘৰ পৰিচালনা সমিতিয়েও ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা কোনো ভকত বৈষ্ণৱে যাতে অহা যোৱা,গাড়ী ৰখা স্থান,খোৱা বোৱা,বিশুদ্ধ খোৱা পানী, প্ৰয়োজন সাপেক্ষে থকা, চিকিৎসকে ধৰি সকলো ব্যৱস্থা সুন্দৰকৈ ইতিমধ্য কৰিছে বুলি জানিবলৈ দিয়ে। লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এই মাহজোৰা পালনামত অংশগ্ৰহণ কৰি অক্ষয় বন্তিৰ সেৱা লবলৈ আহ্বান জনাইছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিকে পবিত্ৰ ভাদমাহত ঢেকীয়াখোৱা বৰনামঘৰত সহায় হোৱাকৈ চৰকাৰী অনুমোদনপ্ৰাপ্ত পলিথিন আৰু ডাষ্টবিন প্ৰদান কৰি বৰনামঘৰৰ পৰিবেশ নিকাকৰণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে।