Home Blog Page 1419

হাঁহিৰ খোৰাক জগুৱা অভিনেতা জনী লিভাৰৰ আজি ওপজা দিন…

হাঁহিৰ খোৰাক জগুৱা অভিনেতা জনী লিভাৰৰ আজি ওপজা দিন। ১৯৫৭ চনৰ ১৪ আগষ্টত তেলেগু খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা জনী লিভাৰৰ আজি ওপজা দিন। জনীৰ প্ৰকৃত নাম জন প্ৰকাশ ৰাও জানুমালা। তেওঁৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত কাম কৰাৰ লগতে তেওঁৰ কমেডীৰে মানুহক হঁহুৱাবলৈ বাধ্য কৰাই। তেওঁৰ জন্মদিনৰ বিশেষ দিনটোত আমি আপোনালোকক জনী লিভাৰৰ জীৱনৰ কেইটামান কথা জনাবলৈ চেষ্টা কৰিম…

জনী লিভাৰ আজিৰ চিনেমা জগতত এটা চিনাকি নাম, কিন্তু জীৱনত বহু সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল জনী লিভাৰৰ। আচলতে জনী সৰু থাকোঁতে তেওঁৰ পৰিয়ালটোৱে আৰ্থিক সংকটৰ সৈতে যুঁজিছিল। এনে অৱস্থাত পঢ়া-শুনা এৰি কলম বিক্ৰী কৰিছিল জনীয়ে। সৰুৰে পৰা বৰ ধেমেলীয়া আছিল জনী লিভাৰ।

জনী লিভাৰৰ দেউতাকে আগতে হিন্দুস্তান লিভাৰ কোম্পানীত কাম কৰিছিল। তেওঁ জনীক কোম্পানীটোৰেই চাকৰি এটাও দিলে। জনীয়ে সেই কোম্পানীটোৰ বন্ধুসকলক তেওঁৰ কমেডীৰে বহুত হঁহুৱাইছিল। ইয়াৰ বাবেই তেওঁৰ নাম জন প্ৰকাশ ৰাও জানুমালাৰ সলনি জনী লিভাৰলৈ সলনি কৰা হয়।

জনী লিভাৰে কমেডীৰ লগতে মিমিক্ৰীও কৰিছিল। তেওঁ ষ্টেণ্ডআপ কমেডিয়ান হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ ষ্টেজ শ্ব’ও কৰিছিল। তেনে এটা মঞ্চ শ্ব’ৰ সময়ত সুনীল দত্তৰ চকু পৰিল তেওঁৰ ওপৰত। তেওঁ জনী লিভাৰক ‘দৰ্দ কা ৰিষ্ঠা’ ছবিখনত প্ৰথম সুযোগ দিছিল, তাৰ পিছত জনী লিভাৰে সফলতাৰ সন্মুখীন হৈছিল।



সাৱধান হওক! ৰাতিপুৱাই চাহ সেৱন কৰে নেকি…

সাৱধান হওক! ৰাতিপুৱাই চাহ সেৱন কৰে নেকি। গৱেষণাৰ পৰা লাভ কৰা তথ্য অনুসৰি চাহত এনে কিছুমান যৌগ পোৱা যায়, যিয়ে শৰীৰৰ পৰা কিছু পুষ্টিকৰ উপাদান শোষণ কৰিব পাৰে। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল আইৰণ। গৱেষণাত কোৱা হৈছে যে যদি চাহ সীমিত পৰিমাণে সেৱন কৰা হয়, তেন্তে ই উপকাৰ হ’ব পাৰ। বেছিকৈ চাহ খালে উদ্বেগ, টোপনিৰ সমস্যা আৰু মূৰৰ বিষ আদি সমস্যা হব পাৰে। বেছিকৈ চাহ খোৱাৰ পৰা কিয় সাৱধান হ’ব লাগে জানো আহক-

গৱেষণাৰ পৰা দেখা গৈছে যে চাহত টেনিন নামৰ যৌগ এটা পোৱা যায়। এই পদাৰ্থটোৱে পাচনতন্ত্ৰৰ পৰা আইৰণ শোষণত প্ৰভাৱ পেলাব পাৰে। যেতিয়া শৰীৰত অক্সিজেনৰ অভাৱ হয় তেতিয়া ৰক্তহীনতাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ বাবেই ভাগৰুৱা আৰু দুৰ্বলতাৰ দৰে সমস্যাও হ’ব পাৰে। সেইবাবেই যিসকল লোকৰ ইতিমধ্যে আইৰণৰ অভাৱ হৈছে, তেওঁলোকে চাহ কমকৈ খোৱা উচিত।

চাহত কেফেইন পোৱা যায়, যাৰ ফলত টোপনিৰ সমস্যা হ’ব পাৰে। যেতিয়া টোপনি সম্পূৰ্ণ নহয়, তেতিয়া মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

চাহত থকা কেফেইনে শৰীৰত হৃদযন্ত্ৰৰ জ্বলনৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গৱেষণাৰ মতে কেফেইনৰ বাবে পেটত এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত এচিড ৰিফ্লাক্স আৰু হাৰ্টবাৰ্ণ হ’ব পাৰে।

আনহাতে গৰ্ভৱতী মহিলাই বেছিকৈ চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ বাবেই কেৱল গৰ্ভপাতেই নহয়, জন্মৰ সময়ত শিশুটিৰ ওজন কম হোৱাৰ সমস্যা হ’ব পাৰে।



সশস্ত্ৰ সীমা বলৰ মুখ্য কাৰ্যালয়, গুৱাহাটী আৰু ১বিএন সোণাপুৰৰ উদ্যোগত “হৰ ঘৰ তিৰঙ্গা” অভিযানৰ অধীনত তিনিদিনীয়া বিশেষ কাৰ্যসূচী

১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ জনসাধাৰণক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰাৰ বাৰ্তাৰে সীমান্ত মুখ্য কাৰ্যালয় এছ এছ বি গুৱাহাটী, সোণাপুৰৰ “হৰ ঘৰ তিৰঙা” অভিযান।

আৰ.কে. বুমলাৰ নিৰ্দেশনাত মহাপৰিদৰ্শক সীমান্ত মুখ্য কাৰ্যালয়, গুৱাহাটী, সোণাপুৰে চাইকেল ৰেলী আৰু বাইক ৰেলীৰ আয়োজন কৰে, যাতে ৰাইজক “হৰ ঘৰ তিৰঙা” অভিযানৰ বিষয়ে সজাগ কৰা হয়।

দেওবাৰে পুৱা ৯.৩০ বজাত ফাৰ্ষ্ট কৰ্পছ সোণাপুৰৰ পৰা ‘চাইকেল ৰেলী আৰু বাইক ৰেলী’ৰ ফ্লেগ অফ কৰে গুৱাহাটী, সোণাপুৰৰ কমাণ্ডেণ্ট ফ্ৰন্টিয়াৰ হেডকোৱাৰ্টাৰ মিষ্টাৰ অৰবিন্দ ভাৰ্মাই।

এই উপলক্ষে ফাৰ্ষ্ট কৰ্পছৰ ভাৰপ্ৰাপ্ত অধিনায়ক অনুজ কুমাৰ, অন্যান্য বিষয়া, অধীনস্থ বিষয়া আৰু বহু সংখ্যক জোৱানে অংশগ্ৰহণ কৰে।

অসম ফাৰ্মাচী কাউঞ্চিলৰ অচলাৱস্থা, পঞ্জীয়ন নোহোৱাত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ

অসম ফাৰ্মাচী কাউঞ্চিলৰ অচলাৱস্থাৰ বাবে সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ নামি আহিছে অশনি সংকেত। ফাৰ্মাচী পাঠ্যক্ৰম সমাপ্ত কৰিও এখোজো আগবাঢ়িব পৰা নাই ছাত্ৰ ছাত্ৰীসকল।

কিয়নো কাউঞ্চিলৰ পঞ্জীয়ন অবিহনে এই সকল ফাৰ্মাচী শিক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে পাতনি মেলিব নোৱাৰে জীৱনৰ।

আনহাতে একাংশ বিষয়াৰ চুড়ান্ত দুৰ্নীতি আৰু দায়িত্বহীনতাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক পনবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট ইউনিয়নে।

অভিযোগ মতে ১৯৯৯-২০১১ চনতো অনুৰূপ ঘটনাৰ সৃষ্টি কৰি একাংশ বিষয়াই নিজৰ মুনাফা লুটিবলৈ ৰাজ্যত নিশাটোৰ ভিতৰত সৃষ্টি কৰিছিল তিনি সহস্ৰাধিক ভুৱা ফাৰ্মাচিষ্টৰ। উক্ত সময়চোৱাত কাউঞ্চিলত নাছিল এগৰাকী সদস্য। অভিযোগ মতে ষড়যন্তৰ গোন্ধ পাই পঞ্জীয়ক গৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰিছে।

আনহাতে নিয়ম বহিৰ্ভূত ভাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধীতাৰে পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট ইউনিয়নে আদালতৰ দ্বাৰস্থ হোৱাত সমগ্ৰ বিষয় আদালতৰ বিচৰাধীন হৈ আছে। আদালতে ১৪৪/২০২৩ গোচৰ মৰ্ৰে পঞ্জীয়ক নিযুক্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। উল্লেখ্য যে পঞ্জীয়ক চৰকাৰে নিযুক্তি দিব নোৱাৰে ।

পঞ্জীয়ক নিযুক্তিৰ অধিকাৰ কাউঞ্চিলৰ কাৰ্যনিৰ্বাহ কমিটিৰ। পঞ্জীয়ণভুক্ত ফাৰ্মাচিষ্ট ইউনিয়নে অভিযোগ কৰামতে চৰকাৰে কাউঞ্চিলৰ দুৰ্নীতিৰ ক্ষেত্ৰত ন্যুনতম ব্যৱস্হা গ্ৰহন কৰা নাই অভিযোগ দাখিলৰ পিছতো।

এনে পৰিস্থিতিত ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হবলৈ ইউনিয়ন বাধ্য হোৱা বুলিও সাধাৰণ সম্পাদক দিগন্ত চক্ৰবৰ্তীয়ে জানিবলৈ দিয়ে। ফলত সহস্ৰাধিক ছাত্ৰ ছাত্ৰী পঞ্জীয়ন কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হোৱা বুলিও উল্লেখ কৰে ইউনিয়নে।

সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

দেওবাৰে লাহোৱাল খনিকৰত হাই মাষ্ট ত্ৰিৰংগা উদ্বোধন কৰি সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

কেন্দ্ৰীয় মন্ত্ৰীৰ ৰামেশ্বৰ তেলীয়ে কয়, ’তেওঁলোকে আমাৰ প্ৰধানমন্ত্ৰী ভাষন নুশুনে ,তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভাত দিয়া ভাষণৰ ওপৰত প্ৰশংসা কৰা পৰিলক্ষিত হয়’।

ভাৰতৰ ইতিহাসত প্ৰধানমন্ত্ৰী গৰাকীয়ে লোকসভাত ভাষণ অন্য প্ৰধানমন্ত্ৰী ভাষণতকৈ ৰেকৰ্ড ভংগ কৰি ভাষণ প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমক জানিব দিয়ে।

দেশৰ ১৪০ আৰক্ষীলৈ গৃহমন্ত্ৰালয়ৰ মেডেল, অসমৰ ৪ আৰক্ষীলৈ অনুসন্ধানমূলক মেডেল

অসম আৰক্ষীৰ চাৰি গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰদান কৰে মেডেল।

অনুসন্ধানৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ ভিত্তিত গৃহমন্ত্ৰালয়ে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই মেডেল প্ৰদান কৰি আহিছে।

এইবাৰ দেশৰ ১৪০ গৰাকী আৰক্ষীলৈ এই মেডেল প্ৰদান কৰা হয়। অসমৰ ডি চি পি সুৰজিত সিং পানেচাৰ, পৰিদৰ্শকদ্বয় দুৰ্গা কিংকৰ কুমাৰ আৰু আৰিফুল হক আৰু উপ পৰিদৰ্শক এম থাডৈ সিংহক উৎকৃষ্ট অনুসন্ধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে মেডেল প্ৰদান কৰে।

উল্লেখ্য যে অসম লোক সেৱা আয়োগৰ বৃহৎত কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচাৰে বক্ৰ পথেৰে এপিএছ আৰু এচিএছ চাকৰি লোৱা একাংশক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে লোক সেৱা আয়োগৰ তদনান্তীন অধ্যক্ষ ৰাকেশ পালসহ একাংশ বিষয়াক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সম্প্ৰতি উক্ত গোচৰ আদালতৰ বিচৰাধীন হৈ আছে।

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ কনচাৰ্টৰ সময়ত অনুৰাগীয়ে দলিয়ালে ‘ব্ৰা’…

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ কনচাৰ্টৰ সময়ত অনুৰাগীয়ে দলিয়ালে ‘ব্ৰা’। শেহতীয়াকৈ নিউয়ৰ্কৰ য়েংকি ষ্টেডিয়ামত উপস্থিত হৈছিল প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছ। ষ্টেডিয়ামত কনচাৰ্টৰ বাবে উপস্থিত হৈছিল। য’ত তেওঁৰ এগৰাকী মহিলা অনুৰাগীয়ে তেওঁৰ লৈ ব্ৰা দলিয়াই দিলে। ইয়াৰ পিছত নিক ক্ষন্তেক সময়ৰ বাবে ৰৈ গ’ল আৰু তাৰ পিছত পুনৰ গান গাবলৈ ধৰিলে। এই ভিডিঅ’টো পোষ্ট কৰি নিক’ৰ অনুৰাগীয়ে কেপচনত লিখিছে – “নিকৰ কনচাৰ্টৰ কিছু ছবি, য’ত এজন অনুৰাগীয়ে তেওঁৰ ওপৰত ব্ৰা দলিয়াইছিল.. ” আনহাতে এতিয়া বহুলোকে এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনুৰাগীসকলে এই ঘটনাক অপমানজনক বুলি অভিহিত কৰিছে।

এই সন্দৰ্ভত মন্তব্য কৰি এজন অনুৰাগীয়ে লিখিছে, “এয়া তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে অতি অপমানজনক…অনুৰাগীসকলে শিল্পীক সন্মান কৰিবলৈ শিকাটো প্ৰয়োজন…।” নিক’ৰ কনচাৰ্টত এনেকুৱা কাৰ্য হোৱাটো প্ৰথমবাৰৰ বাবে নহয়।



মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা, আৰক্ষীৰ জালত ৪৩ টা চিলিণ্ডাৰ সহ এজন

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত মহানগৰ গুৱাহাটীত শনিবাৰে এক অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত এজন ব্যক্তিৰ জিম্মাৰ পৰা ৪৩ টা চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।

মহানগৰ আৰক্ষীয়ে জানিবলৈ দিয়ামতে এছ টি এফ আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্হাৰ যৌথ অভিযান হাতীগাঁৱৰ এখন গেলামালৰ দোকানত অবৈধ ভাবে মজুত কৰি ৰখা ৪৩ টা চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বিপনীখনৰ স্বত্বাধিকাৰ যোগেশ কলিতাক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

মহাপুৰুষীয়া ভাওনা সংস্কৃতি সংৰক্ষণৰ অভিনৱ প্ৰয়াস। পৌৰাণিক তথা ঐতিহাসিক গীত, সুৰ, বাজনাই জীপাল কলিয়াপানীস্থিত আউনীআটী সত্ৰ…

শ্ৰী শ্ৰী আউনীআটী সত্ৰ আৰু সদৌ অসম ভাওনা সন্মিলনৰ যৌথ উদ্যোগত ভাওনাৰ পৰম্পৰাগত গীত,সুৰ আৰু বাজনা পৰিৱেশন আৰু সংৰক্ষণৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অনুষ্ঠান দেওবাৰে টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামী আৰু সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি ড৹ মানিক শইকীয়াকে প্ৰমুখ্য কৰি ভাওনা সংস্কৃতিৰ কেইবাগৰাকীও মহীয়ান উপস্থিত থকা এই অনুষ্ঠানত উজনি অসমৰ শিৱসাগৰ,দুলীয়াজান,মাজুলী,গোলাঘাট,যোৰহাট আদিকৰি কেইবাখনো জিলাৰ ভাওনা সংস্কৃতিৰ সৈতে জড়িত চহা অভিজ্ঞতাসম্পন্ন শিল্পীয়ে অংশগ্ৰহণ কৰি মহাপুৰুষ দুজনৰ অমৰ সৃষ্টিৰাজি ভাওনাৰ বিভিন্ন পৌৰানিক গীত,সুৰ,বাজনা,ৰাগ,পয়াৰ,স্তুতি,বিলাপ আদি প্ৰদৰ্শন কৰে।

ইপিনে উক্ত অনুষ্ঠানত প্ৰদৰ্শিত সমূহ গীত বাজনা বাণীবন্ধন কৰাৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে যাতে অনাগত দিনত এই সকলো ঐতিহ্য বহনকাৰী অসমীয়াৰ সম্পদসমূহ সংৰক্ষণ কৰিব পাৰে।উল্লেখযোগ্য যে বিশেষকৈ উজনি অসমত বৰ্তমান মাতৃভাষাৰ ভাওনাই যথেষ্ট জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালকৈ ভাওনাৰ আধুনিকীকৰণৰ নামত অৱশ্যে বহুবাৰ মহাপুৰুষীয়া এই অনুপম সৃষ্টি বিতৰ্কত সোমাই পৰিছে।সেয়ে অনাগত দিনবোৰত অসমীয়া পৰিচয়বাহক এই ভাওনা সংস্কৃতিয়ে আধুনিকতাৰ নামত যাতে নিজৰ স্বক্ৰিয়তা নেহেৰুৱাই আৰু নৱপ্ৰজন্মই যাতে শুদ্ধ ৰূপত ভাওনা সংস্কৃতি উপলব্ধি তথা মৰ্যদা সহকাৰে উপস্থাপন কৰিব পাৰে তাৰ উদ্দেশ্যেৰেই এই ব্যতিক্ৰমী প্ৰয়াস কৰা হৈছে আৰু এই প্ৰয়াসে ইতিমধ্য সফলতা লাভ কৰিছে বুলি মত প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

প্ৰদেশ কংগ্ৰেছ বিজেপিৰ এজেন্টঃ সাংসদ বদৰুদ্দিন আজমল

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ ক্ষুদ্ধ হৈ পৰিছে সাংসদ বদৰুদ্দিন আজমল। সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে কৰিব লাগিছিল যদিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলকো সমালোচনাৰ লক্ষ্য কৰি লয়।

আজমলে বিৰোধী দল সমূহৰ ঐক্যমঞ্চ “ইণ্ডিয়াক” দিল্লীত সমৰ্থন দিয়া বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছক বিজেপিৰ এজেন্ট আখ্যা দিয়ে।

এআইইউডিএফ দলে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ মানি নলয় বুলি স্পষ্ট কৰি দি আজমলে মুছলমান সকলৰ ১০-১১ টা সমষ্টি হ্ৰাস কৰা বুলিও মন্তব্য কৰে।

সাংসদ গৰাকীয়ে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু অজিত ভূঞাই মৌন হৈ থকা কাৰ্যকো সমালোচনা কৰি এইসকলে খিলঞ্জীয়াক লোকচান কৰা বুলিও মন্তব্য কৰে।

তেওঁ আগন্তুক লোকসভাত তিনিখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰি তিনিওখন আসনত বিপুল ভোটত জয়ীশহব বুলিও দৃঢ় মত পোষন কৰে।

উল্লেখ্য যে বৰপেটা ধুবুৰীৰ লোকসভা নিৰ্বাচন সম্পৰ্কীয় এক বৈঠকত অংশগ্ৰহণ কৰি কয়াকুছিত এই মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে।