শিক্ষকৰ সন্মুখত এইবাৰ আন এক নতুন বিপদ। বহিঃৰাজ্যৰ পৰা D.El.Ed-B.Ed ডিগ্ৰী লোৱা শিক্ষকৰ বাবে বিপদ।

প্ৰতিগৰাকী শিক্ষকৰ ডিগ্ৰী সন্দৰ্ভত হ’ব তদন্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিতে তদন্ত আৰম্ভ শিক্ষা বিভাগৰ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে সদৰী কৰে এই তথ্য।
শিক্ষকৰ সন্মুখত এইবাৰ আন এক নতুন বিপদ। বহিঃৰাজ্যৰ পৰা D.El.Ed-B.Ed ডিগ্ৰী লোৱা শিক্ষকৰ বাবে বিপদ।

প্ৰতিগৰাকী শিক্ষকৰ ডিগ্ৰী সন্দৰ্ভত হ’ব তদন্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিতে তদন্ত আৰম্ভ শিক্ষা বিভাগৰ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে সদৰী কৰে এই তথ্য।
তুৰাৰ ডাকোপগ্ৰেৰ কমিছনাৰ অৱ ডিভিজন কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে আচিক নেতাৰ সৈতে হোৱা বৈঠকত হোৱা হিংসাত্মক আক্ৰমণৰ সৈতে জড়িত মঙলবাৰে তৃণমূল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন যুৱ কংগ্ৰেছৰ মুৰব্বী ৰিচাৰ্ড মাৰাকক গ্ৰেপ্তাৰ কৰি জিম্মাত লোৱা হয়।

২৪ জুলাইত সংঘটিত এই আক্ৰমণৰ ফলত অৰাজকতাৰ সৃষ্টি হয়, অসংখ্য ব্যক্তি আহত হয়, বাহন জ্বলাই দিয়া হয় আৰু ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়।

টুৰা আৰক্ষীয়ে প্ৰকাশ কৰে যে ৰিচাৰ্ড মাৰাকে এই দাঙ্গামূলক কাণ্ডত সহযোগী বুলি অভিযোগ উঠিছে, য’ত মুখ্যমন্ত্ৰীৰ মিনি সচিবালয়ৰ কাৰ্যালয়ৰ ভিতৰত গুৰুত্বপূৰ্ণ আলোচনা চলি থকাৰ সময়তে টিএমচিৰ গুণ্ডা আৰু দাঙ্গাকাৰীয়ে আৰক্ষী কৰ্মী আৰু নাগৰিক উভয়কে আক্ৰমণ কৰিছিল। আলোচনাত ব্যাঘাত জন্মাবলৈ আৰু অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰিবলৈ এই আক্ৰমণৰ নিৰ্লজ্জ প্ৰচেষ্টা।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “নিৰলস প্ৰচেষ্টাৰে অসমৰ লোক-সংস্কৃতিৰ পথাৰখন জীপাল কৰি যোৱা বিশিষ্ট শিল্পী উমাকান্ত বৈৰাগীদেৱৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
-আমাৰ পৰম্পৰাগত সংস্কৃতিৰ এক চানেকি টোকাৰী গীতৰ একান্ত সাধনা আৰু প্ৰসাৰেৰে তেখেতে অসংখ্যজনক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে।

-বৈৰাগীদেৱৰ পৰলোকগামী আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়াল আৰু গুণমুগ্ধসকললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি!”
উত্তৰ প্ৰদেশ আৰক্ষীৰ মতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজেৰে লুকাই চুৰকৈ সোমাই ৰাজ্যখনৰ বিভিন্ন জিলাত ৯ হাজাৰৰো অধিক সন্দেহযুক্ত ৰোহিংগীয়াই অবৈধভাৱে বাস কৰি আহিছে। তেওঁলোকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু আন বহু অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

এই অনুপ্ৰৱেশকাৰীসকলে চহৰৰ বাহিৰৰ শিবিৰত, পথৰ কাষত, ৰে’ল ষ্টেচন আৰু বাছ ষ্টেণ্ডৰ ওচৰত থকা শিবিৰৰ লগতে শেহতীয়াকৈ চহৰসমূহৰ নিৰ্জন অংশত ওপৰলৈ অহা বস্তিসমূহত বাস কৰে।
সোমবাৰে ৰাজ্যখনত থকা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ সন্ত্ৰাসবাদ বিৰোধী দলে চলোৱা এক বিস্তৃত অভিযানৰ সময়ত ৫৫ জন পুৰুষ, ১৪ জন মহিলা আৰু ৫ জন নাবালককে ধৰি ৭৪ জন ৰোহিংগীয়াক জিম্মাত লোৱা হয়।

পশ্চিম উত্তৰ প্ৰদেশৰ ছখন জিলাত আটক ৰোহিংগীয়াসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি বিশেষ ডিজি প্ৰশান্ত কুমাৰে জানিবলৈ দিয়ে।
ৰঙিয়া সোঁমাজেৰে যোৱা ভাৰত ভূটান আন্তৰাষ্ট্ৰীয় পথৰ তৰণিত সোমবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে দুজন যুৱকক আটক কৰাৰ লগতে যুৱক দুজনৰ পৰা ১৩ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে এক বিশেষ খবৰৰ ভিত্তিত যুৱক দুজনে লৈ অহা বাইক খন ৰখাবলৈ দি তালাচী চলোৱা হয় । তালাচীৰ সময়ত যুৱক দুজনৰ পৰা এটা চাবোনৰ বাকচ সহ ড্ৰাগছ খিনি উদ্ধাৰ হোৱাৰ লগতে এটা প্লাষ্টিকৰ পেকেটত বহুকেইটা কন্টেনাৰ, দুটা মোবাইল ফোন আৰু এটা চিৰিঞ্জ জব্দ কৰা হয় ।

নিজকে নাগ্ৰীজুলিৰ বাবুল বড়ো আৰু দৈখাংকচা বসুমতাৰী বলি পৰিচয় দিয়া যুৱক দ্বয়ক আৰক্ষী আটক কৰাৰ লগতে তেওলোকে ব্যৱহাৰ কৰা এ এছ ২৫ আৰ ৬৫৭৫ নম্বৰৰ বাইক এখন জব্দ কৰা হয় । দুয়োজনকে ৰঙিয়া আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ।
নগাঁৱত ২.৫০ কোটি টকাৰ নিচায়ুক্ত ঔষধ জব্দ ৷ নগাঁও চহৰৰ কাষৰীয়া এলেকা নবীন নগৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ সংখ্যক ড্ৰাগ ৷

হয়বৰগাঁও ধিঙ গেইটৰ নবীন নগৰত মজুত কৰা হৈছিল এই ২.৫০ কোটিৰ অবৈধ ড্ৰাগ।
নগাঁও আৰক্ষীৰ এটি দলে মঙলবাৰে নিশা নবীন নগৰত অভিযান চলায় জব্দ কৰেএইসমূহ সামগ্ৰী ৷

গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত বস্তাত ভৰাই থোৱা অৱস্থাত এই নিচাযুক্ত ঔষধ খিনি উদ্ধাৰ কৰাৰ লগতে ৩জনক কৰায়ত্ব কৰে।


লেখক: অৰ্পণ দত্ত
সংসদত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ অমিত শ্বাহে বিৰোধীৰ সহযোগিতা বিচাৰে।
মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ সৰ্ববৃহৎ বিৰোধী দলৰ নেতা অধীৰ চৌধুৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰি সংসদ চলোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সহায়ৰ বাবে অনুৰোধ জনায়।
এই কথা টুইটাৰযোগে উল্লেখ কৰি শ্বাহে লিখিছে, “আজি মই সংসদৰ দুয়োটা সদনৰ বিৰোধী দলপতিসকলক মণিপুৰৰ ঘটনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁলোকৰ সহযোগিতা বিচাৰি আধিৰজী আৰু খৰ্গেজী ডাঙৰীয়ালৈ পত্ৰ লিখিছো।” দলীয় মতানৈক্যৰ ওপৰত চৰকাৰে মণিপুৰ সন্দৰ্ভত আলোচনাত সকলো দলৰ সহায় বিচাৰে। এই গুৰুত্বপূৰ্ণ বিষয়টো সমাধানৰ বাবে সকলো পক্ষই আমাৰ লগত সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ।

তাৎপৰ্যপূৰ্ণভাৱে শ্বাহে নিজৰ পত্ৰত অধীৰক ‘বিৰোধী নেতা’ বুলি সম্বোধন কৰিছিল যদিও নৰেন্দ্ৰ মোডী চৰকাৰে কংগ্ৰেছ নেতাজনক লোকসভাত ‘বিৰোধী নেতা’ৰ মৰ্যাদা প্ৰদান কৰা নাছিল।
এই ক্ষেত্ৰত চৰকাৰে বাৰে বাৰে যুক্তি দিছে যে, “সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছৰ লোকসভাত বিৰোধী দলৰ নেতাৰ পদ পাবলৈ ১০ শতাংশ সাংসদৰ প্ৰয়োজন নাই। “এই পৰিস্থিতিত শ্বাহৰ ভাষণক ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই “উল্লেখযোগ্য” বুলি গণ্য কৰে। কাৰণ মঙলবাৰে পুৱা মোদীয়ে বিজেপিৰ সংসদীয় দলৰ বৈঠকত ‘ভাৰত’ক ‘ইণ্ডিয়ান মুজাহিদীন’ আৰু ‘পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’ নামৰ দুটা নিষিদ্ধ উগ্ৰপন্থীৰ সৈতে তুলনা কৰিছিল।
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়টোও তেওঁ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ঠাট্টা কৰি কয় যে তিনিওটা ক্ষেত্ৰতে ‘ভাৰত’ নাম আছে।
মঙলবাৰে এছ টি এফে মহানগৰীত এটা জালনোট চক্র উৎখাত হোৱাৰ সন্দৰ্ভত আয়োজন কৰে সংবাদমেল। সংবাদমেলত জনোৱা অনুসৰি ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই দুজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোক দুজন হ’ল ইমদাদুৰ ৰহমান, ৰুবুল আলী। উল্লেখ্য অভিযানত আৰক্ষীয়ে এটা জালনোট প্রস্তুত কৰা মেছিন সহ চাৰিটা মোবাইল আৰু এখন বাহন জব্দ কৰে।
তদুপৰি ব্যক্তিদুজনৰ পৰা উদ্ধাৰ কৰা হয় ৭২ হাজাৰ টকাৰ ৫০০ টকীয়া জালনোট।

হেঙেৰাবাৰীৰ এটা ভাড়াঘৰৰ পৰা এই জালনোটৰ বেহা চলোৱাৰ কথা প্ৰকাশ কৰিছে এছ টি এফে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।
প্ৰথম খন চলচ্চিত্ৰ মুক্তিৰ প্ৰায় এক দশক পিছত ইয়াৰ চিকুৱেল আহি আছে। অক্ষয় কুমাৰৰ ছবি ‘OMG: Oh My God’ ২০১২ চনত মুক্তি লাভ কৰিছিল। ১১ বছৰৰ মূৰত মুক্তি পাবলৈ গৈ আছে দ্বিতীয়খন ছবি ‘OMG2’। শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ প্ৰথম আভাস। অহা ১১ আগষ্টত মুক্তি পাব অক্ষয়ৰ ছবিখন।

কিন্তু তাৰ আগতে ‘OMG 2’ ৰ এটা যেন ডাঙৰ উজুটি চলচ্চিত্ৰখনৰ বাবে। ছবিখনৰ মুক্তিৰ বাবে ২০ দিনো বাকী নাই। এই সন্দৰ্ভত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড আৰু চেন্সৰ ব’ৰ্ডে এতিয়াও ছবিখনৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা নাই। শুনা যায় যে চেন্সৰ ব’ৰ্ডে ছবিখনৰ সকলো দিশ বিবেচনা নকৰাকৈ আৰু সম্যক ট্ৰাইল এনালাইছিছ নকৰাকৈ ক্লিয়াৰেন্স দিবলৈ অনিচ্ছুক।
এই অতিৰিক্ত সতৰ্কবাণী কিয়? ‘আদিপুৰুষ’ ছবিখন মুক্তি পোৱাৰ পিছতে ছবিখনক লৈ বিতৰ্ক আৰম্ভ হয়। চৰিত্ৰৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি ছবিখনৰ সংলাপলৈকে দৰ্শকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয়। তদুপৰি ‘আদিপুৰুষ’ হিন্দু মহাকাব্য ৰামায়ণৰ আধুনিকীকৃত সংস্কৰণ হোৱাৰ বাবে সেই অসন্তুষ্টি প্ৰতিবাদলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল। এনে মানসম্পন্ন ছবিক ক্লিয়াৰেন্স দিয়াৰ বাবেও চেন্সৰ ব’ৰ্ডে তীব্ৰ সমালোচনা আৰু ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।

অৱশেষত ছবিখনৰ কিছু সংলাপ সলনি কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হ’ল। তেতিয়াও লাভ বিশেষ নাছিল। বৰঞ্চ সাধাৰণ দৰ্শকৰ সন্মুখত চেঞ্চৰ ব’ৰ্ডৰ মুখখন জ্বলাই দিয়া হৈছে। ‘আদিপুৰুষ’ৰ সৈতে এনে অভিজ্ঞতাৰ পাছত চেঞ্চৰ ব’ৰ্ডে পুনৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে। গতিকে ‘OMG 2’ৰ দৰে ছবি এখনক ক্লিয়াৰেন্স দিয়াৰ ক্ষেত্ৰত ব’ৰ্ডে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিছে।
অৱশ্যে চেন্সৰ ব’ৰ্ডৰ এই সতৰ্কবাণীৰ বোজা ‘OMG 2’ৰ নিৰ্মাতাসকলে বহন কৰিবলগীয়া হৈছে। এতিয়ালৈকে ছবিখনৰ প্ৰথম আভাসহে মুক্তি পাইছে। ছবিখনৰ প্ৰচাৰৰ বাবে বিশেষ সময় বাকী নাই। চিবিএফচিৰ ক্লিয়াৰেন্স এতিয়াও নোপোৱাৰ বাবে ছবিখনৰ মুক্তি পলম কৰাৰ কথা চিন্তা কৰিছে নিৰ্মাতাসকলে। এক ঘনিষ্ঠ সূত্ৰৰ মতে, ‘অ’এমজি ২’ৰ নিৰ্মাতাসকলে অহা সোমবাৰলৈকে চেন্সৰ ব’ৰ্ডৰ ক্লিয়াৰেন্সলৈ অপেক্ষা কৰিবলৈ ইচ্ছুক। ক্লিয়াৰেন্স নিদিলেও ১১ আগষ্টত ছবিখন মুক্তি পোৱাটো সম্ভৱ নে নহয় সেই বিষয়ে সমগ্ৰ দলটোৱে সন্দেহৰ সৃষ্টি কৰিছে।

শুনা গৈছে যে ১০ দিনৰ প্ৰচাৰৰ পিছত ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে। অক্ষয় কুমাৰেও চেঞ্চৰ ব’ৰ্ডৰ পৰা অনুমতি ল’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। ‘OMG: Oh My God’ত ভগৱান কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত অক্ষয়ক ‘OMG 2’ত মহাদেৱৰ চৰিত্ৰত দেখা যাব। সেই লুকটো ইতিমধ্যে ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ পাইছে।