Home Blog Page 1465

বাঘক বাইকেৰে বন বিভাগৰ কাৰ্যালয়লৈ নিলে এজন ব্যক্তিয়ে ! সামাজিক মাধ্যমত ভাইৰেল সেই ভিডিঅ’…

ভাইৰেল ভিডিঅ’: এজন ব্যক্তিয়ে এখন বাইকত এটা বান্ধি লৈ ফুৰা দেখা গৈছে। এই ব্যক্তিজনৰ নাম মুথু। এই ঘটনা কৰ্ণাটকৰ আৰু বাঘক বাইক বান্ধি লৈ ঘৃৰি-ফূৰা ব্যক্তিজন কৰ্ণাটকৰ হাছান জিলাৰ বাগিভালু গাঁৱৰ মুথু। এই ঘটনাৰ সন্দৰ্ভত বন বিভাগে কয় যে নাহৰফুটুকীটো এনেদৰে লোৱাৰ উদ্দেশ্য ভুল নাছিল যুৱকজনৰ। প্ৰথমে চাই লওক সেই বিশেষ ভিডিঅ’টো…


এইদৰে ব্যক্তিজনে নাহৰফুটুকীটোক বন বিভাগলৈ লৈ যায়। মুথুৱে কয় যে তেওঁ নাহৰফুটুকীটোক ৰছী ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ পিছত বাইকৰ পিছফালে বান্ধি বন বিভাগৰ কাৰ্যালয়লৈ লৈ গ’ল। আচলতে নাহৰফুটুকীটোৰ সৈতে মুথুৰ হৈছিল মুখামুখি সংঘৰ্ষ আৰু হাতত সামান্য আঘাত পাইছিল মুথুৱে। তাৰ পিছতে মুথুৱে বাঘটোক ধৰি-বান্ধি বন বিভাগৰ কাৰ্যলয়লৈ লৈ যায়। সেই ভিডিঅ’ ভাইৰেল হোৱাক লৈ ছ’চিয়েল মিডিয়াত মানুহে যথেষ্ট ক্ষোভ প্ৰকাশ কৰে। আনহাতে বন বিভাগৰ বিষয়াগৰাকীয়ে কয় যে মুথুৰ কোনো বেয়া উদ্দেশ্য নাছিল। কিন্তু নাহৰফুটুকীটোক চম্ভালি লোৱা ধৰণটো সঠিক আছিল। বন বিভাগৰ বিষয়াসকলে জনোৱা মতে চিকিত্সাৰ বাবে লৈ যোৱা নাহৰফুটুকীটো বৰ্তমান পৰ্যবেক্ষণৰ অধীনত আছে। লগতে এনেধৰণৰ গোচৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সম্পৰ্কে অধিক সজাগতা লাভৰ বাবে মুথুক কাউন্সেলিং চেচনৰ বাবে প্ৰেৰণ কৰা হয়।

আইৰণৰ অভাৱ হ’বলৈ নিদিব শৰীৰত। নেমু, কচু, বুটমাহ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় খাদ্য…

শৰীৰত আইৰণৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে জানেনে? আমাৰ দৈনিক খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে আইৰণ থকা খাদ্য অন্তভুক্ত কৰিব লাগে। নহ’লে শৰীৰত বহু সমস্যাই দেখা দিব পাৰে। আইৰণৰ অবিহনে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে, গতিকে এই পুষ্টিকৰ উপাদানৰ অভাৱত হিম’গ্লবিন কমিবলৈও আৰম্ভ কৰে। গতিকে আপুনি আইৰণ লাভৰ বাবে নেমু, কচু, বুটমাহ, পিষ্টাচিয়া, শুকান কিচমিচ, অমিতা, কলৰ দৰে বস্তু খাব পাৰে। আইৰণৰ অভাৱত আমৰ কি কি অসুবিধা হয় জানি লওক…

১/ ৰক্তহীনতা
আইৰণৰ অভাৱৰ বাবে আমি ৰক্তহীনতাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰো। এই ৰোগত তেজৰ অভাৱ হয়, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা অধিক। সেইবাবেই প্ৰতিদিনে আইৰণ থকা কিবা এটা খাদ্য খাব লাগে।

২/ দুৰ্বলতা
শৰীৰত আইৰণৰ অভাৱ হ’লে হিম’গ্লবিনৰ পৰিমাণ কমি যায়। যাৰ বাবে ভাল টোপনি অহাৰ পিছতো দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হয়। ইয়াৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজতো অসুবিধাৰ সন্মুখীন হয়।

৩/ হৃদৰোগ
বৰ্তমান হৃদৰোগৰ সংখ্যা বৃদ্ধি পাইছে। শৰীৰত আইৰণৰ অভাৱৰ বাবে হিম’গ্লবিনৰ অভাৱ হয়। ইয়াৰ বাবে শৰীৰৰ বহু অংশত অক্সিজেন সঠিক পৰিমাণত উপনীত নহয়, যাৰ বাবে হৃদযন্ত্ৰৰ সমস্যাৰ বৃদ্ধি পায়।

৪) চুলি আৰু ছালৰ ৰোগ
আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবেও আইৰণে কাম কৰে। যদি শৰীৰত আইৰণৰ অভাৱ হয়, তেন্তে ছাল আৰু চুলিৰ সমস্যাই বৃদ্ধি পায়। যেনে ছাল শুকান হোৱা, দাগ পৰা, ছালৰ ৰং কমি যোৱা ইত্যাদি। ইয়াৰ উপৰিও চুলি সৰা আৰু উফিৰ সমস্যাও দেখা যায়।

শাওণ মাহত কেঁচা গাখীৰ, দৈ, মৌ কিয় সেৱন কৰিব নালাগে? ইয়াৰ ধৰ্মীয় আৰু বৈজ্ঞানিক কাৰণ কি…

শাওণ মাহত গাখীৰ আৰু দৈ কিয় খাব নালাগে? ইয়াৰ ধৰ্মীয় আৰু বৈজ্ঞানিক কাৰণ কি। শাওণ মাহতো ভগৱান ভোলেনাথৰ প্ৰতি উৎসৰ্গিত কৰা হয়। শাওণ মাহত মানুহে ভগৱান শিৱক পূজা কৰে আৰু বহু গুৰুত্বপূৰ্ণ তাৰিখত উপবাস পালন কৰে। যাতে মহাদেৱে তেওঁলোকৰ ইচ্ছা পূৰণ কৰে। কোৱা হয় যে শাওণ মাহত ভগৱান শিৱক কেঁচা গাখীৰ আৰু দৈ অৰ্পণ কৰা হয়। আনহাতে শাওণ মাহত মাহত মানুহে কেঁচা গাখীৰ, দৈ, মৌ সেৱন কৰিব নালাগে। আনহতে শাওণ মাহত শাক-পাচলিও খাব নালাগে বুলি কোৱা হয়।

শাওণত শাক-পাচলি নোখোৱাৰ ধৰ্মীয়-বৈজ্ঞানিক কাৰণ-

ভগৱান শিৱৰ প্ৰকৃতিৰ প্ৰতি বহুতো ভক্তি ভাৱ আছে। সেইবাবেই শাওণ মাহত শাক-পাচলি ছিঙিব নালাগে। আনহাতে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বাৰিষাৰ সময়ত আমাৰ পাচনতন্ত্ৰ সংবেদনশীল হৈ পৰে। একে সময়তে শাক-পাচলিত পোক-পৰুৱা দেখা যায়। গতিকে এনেধৰণৰ দূষিত শাক-পাচলি খালে ৰোগ হ’ব পাৰে। সেয়ে বাৰিষাৰ সময়ত মাহজাতীয় শস্য, চজিনা, বীন, দাইলি আদিয়ে খাব লাগে।

শাওণ মাহত কেঁচা গাখীৰ আৰু দৈও খাব নালাগে। যিহেতু গৰু-ম’হে চৰাৰ সময়ত পোক-পৰুৱাৰ সৈতে ঘাঁহ খায়, গতিকে ইয়াৰ দ্বাৰা গাখীৰও দূষিত হ’ব পাৰে। এনে পৰিস্থিতিত শাওণত কেঁচা গাখীৰ খালে ৰোগ হ’ব পাৰে। একেদৰে বাৰিষা দৈও সোনকালে নষ্ট হয়। গতিকে শাওণত গাখীৰ আৰু দৈ সেৱন কৰিব নালাগে। গাখীৰেৰে তৈয়াৰী বস্তু খোৱাৰ পৰা বিৰত থাকিলে ভাল।

এই ৫ টা পাচলি হৃদযন্ত্ৰৰ ভাল বন্ধু ! এই সমূহৰ সেৱনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব…

ব্য়স্ততাপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত এনে কিছু খাদ্য খাদ্য খাব লাগে যিয়ে হৃদৰোগ হ্ৰাস কৰিব পাৰে। বৃদ্ধৰ পৰা ডেকালৈকে প্ৰায়ে লোক হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হাইপাৰটেনচনৰ বলি হৈছে। আজি আমি আপোনালোকক জনাম কোনবোৰ খাদ্য সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে-

আখৰোট- আখৰোট খালে আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস হ’ব পাৰে। ইয়াৰ সহায়ত হৃদৰোগ হ্ৰাস কৰিব পাৰি। আচলতে আখৰোটত আঁহ, ওমেগা-৩ আৰু ফেটি এচিড থাকে। ইয়াৰ সহায়ত বেয়া কলেষ্টেৰল মাত্ৰা হ্ৰাস কৰিব পাৰি।

কমলা- হৃদৰোগৰ সম্ভাৱনা কম কৰিবলৈ কমলা টেঙাকো খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ভিটামিন চি আৰু পটাছিয়াম কমলাত পোৱা যায়। ইয়াৰ উপৰিও কমলাত পেক্টিন পোৱা যায়। এই সকলোবোৰ উপাদানৰ সহায়ত আপুনি আপোনাৰ বি পি নিয়ন্ত্ৰণত ৰাখিব পাৰে। ইয়াৰ ফলত ৰক্তবাহী নলী সুস্থ হৈ থাকে আৰু উচ্চ বি পিৰ সমস্যা কমাব পাৰি। যেতিয়া আপোনাৰ বি পি নিয়ন্ত্ৰণত থাকিব, তেতিয়া আপোনাৰ হৃদৰোগৰ সম্ভাৱনা কম।

দৈ- কম চৰ্বিযুক্ত দৈ স্বাস্থ্যৰ বাবে উপকাৰি। ইয়াত পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। দৈ নিয়মীয়া সেৱনে হৃদস্পন্দন সঠিক কৰি ৰাখে। চৰ্বিযুক্ত মাছও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। টুনা, মাগুৰ, চাৰ্ডিন আদিও খাব পাৰে।

সেউজীয়া শাক-পাচলি- খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান থাকে। আইৰণ, কেলচিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন চি এই সমূহে হৃদৰোগ হ্ৰাস কৰাত সহায় কৰিব পাৰে। এই সকলোবোৰ খালে অক্সিজেন সমৃদ্ধ তেজ আপোনাৰ হৃদযন্ত্ৰলৈ সহজে আহিব। ইয়াৰ উপৰিও খাদ্যত কচু, সৰিয়হ, ব্ৰকলি আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

ৰণবীৰ সিঙৰ আইতাক ৪০দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল ! অভিনেত্ৰীগৰাকী কোন হয় জানেনে…

ৰণবীৰ সিঙৰ আইতাক ৪০ৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল ! অভিনেত্ৰীগৰাকীক চিনিব পাৰিছেনে। মনোৰঞ্জনৰ বাতৰি তথ্য অনুসৰি ৪০ৰ দশকৰ বিখ্যাত অভিনেত্ৰী চান্দ বাৰ্ক ৰণবীৰ সিঙৰ আইতাক আছিল, অভিনেত্ৰী চান্দ বাৰ্কে ৰাজ কাপুৰৰ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ছুপাৰষ্টাৰ ৰণবীৰ সিঙে নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত সফলতাৰ সন্মুখীন হৈছে।কিন্তু আপুনি জানেনে যে ৰণবীৰ সিঙৰ আইতাক এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল। ৰণবীৰ সিঙৰ আইতাক চান্দ বাৰ্ক ৪০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী। প্ৰয়াত অভিনেত্ৰী চান্দ বাৰ্কৰ জন্ম হৈছিল পাকিস্তানৰ খ্ৰীষ্টান পৰিয়ালত। চান্দ বাৰ্কে প্ৰথমে চলচ্চিত্ৰ লেখক নিৰঞ্জনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু তাৰ পিছত ১৯৫৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ব্যৱসায়ী সুন্দৰ সিং ভৱনীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটা সন্তান জন্ম হয় কন্যা টনিয়া আৰু পুত্ৰ জগজিত। জগজিত ভৱনীৰ পুত্ৰ ৰণবীৰ সিং।

চান্দ বাৰ্কে লাহোৰৰ চলচ্চিত্ৰ জগতত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। চান্দ বাৰ্কে বহু পাঞ্জাবী ছবিত মহিলা নায়িকা হিচাপে কাম কৰিছিল। চান্দ বাৰ্ক পাঞ্জাবী চলচ্চিত্ৰ জগতত ডান্সিং লিলি নামেৰে পৰিচিত আছিল। মনোৰঞ্জনৰ বাতৰি অনুসৰি ৰাজ কাপুৰৰ বুট পলিচ ছবিৰে বলীউডত খোজ দিছিল চান্দ বাৰ্কে। চান্দ বাৰ্কে তেওঁৰ পুত্ৰ জগজিতক চলচ্চিত্ৰত কেৰিয়াৰ গঢ়িবলৈ বিচাৰিছিল কিন্তু সেয়া সফল নহ’ল। বৰ্তমান নাতি ৰণবীৰ সিঙে আইতাক চান্দ বাৰ্কৰ সেই সপোন পূৰণ কৰিছে।

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত সজাগতা সভা সম্পন্ন..

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত সজাগতা সভা সম্পন্ন ৷ জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত আৰু জিলা মহিলা সবলিকৰণ আৰু জিলা শিশু সুৰক্ষা ইউনিট নগাঁৱৰ সহযোগত শুক্ৰবাৰে ফাকলি আৰু বৰঘাট গাঁও পঞ্চায়তত জুভেনাইল জাষ্টটিস্ক (শিশু যতন আৰু সুৰক্ষা) আইন ২০১৫ আৰু শিশু যতন আৰু সুৰক্ষা মডেল আইন ২০১৬ অধীনত এখনি সজাগতা সভা সম্পন্ন হয়। উক্ত সজাগতা সভাখনিত নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মনিকা মিছং উপস্থিত থাকি সমবেত মহিলা সকলক তেওঁলোকৰ শিশু সকলৰ সুৰক্ষা আৰু যতন তথা এই আইন দুখনৰ ওপৰত সাৱলীলভাবে ব্যাখ্যা আগবঢ়াই ৷

ইয়াৰ লগতে উপস্থিত মহিলা সকলক তেওঁলোকৰ শিশু সকলৰ শিক্ষা দিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই ৷ সজাগতা সভাখনিত মহকুমা ন্যায়িক দণ্ডাধীশ প্ৰাৰ্থনা নেওঁগ,আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ ডেপুটি লিগেল এইড কাউন্সিলৰ গীতাৰ্থ কমল শইকীয়া,জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলী আৰ্য্য উপস্থিত থাকি মহিলা সকলক শিশু সুৰক্ষা তথা সবলিকৰণৰ ওপৰত বহলৰূপত ব্যাখ্যা আগবঢ়াই ৷ সজাগতা সভাখনিত শতাধিক মহিলা উপস্থিত থাকে।

মাজবাটত ৰাষ্ট্ৰীয় মৌমাখি পালন আৰু মৌ অভিযানৰ অধীনত বৈজ্ঞানিক পদ্ধতিৰে জিলা পৰ্য্যায়ৰ কৰ্মশালা…

মাজবাটত ৰাষ্ট্ৰীয় মৌমাখি পালন আৰু মৌ অভিযানৰ অধীনত বৈজ্ঞানিক পদ্ধতিৰে জিলা পৰ্য্যায়ৰ কৰ্মশালা।
ওদালগুৰি জিলাৰ মাজবাটত ৰাষ্ট্ৰীয় মৌমাখি পালন আৰু মৌ অভিযানৰ অধীনত বৈজ্ঞানিক পদ্ধতিৰে জিলা পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। মাজবাট বাপুজি প্ৰকল্প প্ৰাংগনত ১৪ আৰু ১৫ জুলাই দুদিনীয়া কাৰ্য্যসূচীৰে খাদ্য সংসাধন সঞ্চালকালয় অসম আৰু জিলা কৃষি বিভাগ আহ্বান মৰ্মে ভৈৰৱকুণ্ড এগ্ৰো প্ৰডোচাৰৰ উদ্যোগত বৈজ্ঞানিক পদ্ধতিৰে মৌমাখি পালনৰ জিলা পৰ্য্যায়ৰ দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় বুলি ভৈৰৱকুণ্ড এগ্ৰো প্ৰডোচাৰৰ সঞ্চালক ভদ্রেশ্বৰ ডেকাই সংবাদমাধ্যক জানিবলৈ দিয়ে। উক্ত কৰ্মশালাৰ যোগেদি দৰিদ্ৰ খেতিয়কসকলে বৈজ্ঞানিক পদ্ধতিৰে মৌমাখি পালন কৰি স্বাৱলম্বী হ’ব বুলি জনাই আয়োজক সমিতিয়ে।

কৰ্মশালা খনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাজবাটৰ স্থানীয় বিধায়ক চৰন বড়ো,এন বি এইচ এমৰ সহকাৰী নডেল বিষয়া দীপ গোস্বামী,সদৌ অসম আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদা, সমল ব্যক্তি সকল ক্ৰমে বুটানি বিভাগ গুৱাহাটীৰ গজেন্দ্র চন্দ্র শৰ্মা, উদ্ভিদ সূৰক্ষা,কেভিকে ওদালগুৰিৰ হিমাদ্ৰী ৰাভাৰ লগতে লুইত ইডোকেশ্বনেল চাৰ্ভিচেচ প্ৰাইভেট লিমিটেডৰ কৰ্ম কৰ্তা, বিজেপিৰ পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীৱন ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামকৰন গোঁড়,প্ৰেম বৰুৱা, ধৰ্মেশ্বৰ শৰ্মা, শৰৎ দাস উপস্থিত থাকে।

কৰিশ্মাৰ বিবাহ বিচ্ছেদ হোৱা আঁৰৰ ৰহস্য! হানিমুনত ৰাজহুৱা ভাৱে প্ৰাক্তন স্বামীয়ে অপমান কৰিছিল কৰিশ্মা কাপুৰক…

কৰিশ্মাৰ বিবাহ বিচ্ছেদ হোৱা আঁৰৰ ৰহস্য! হানিমুনত ৰাজহুৱা ভাৱে প্ৰাক্তন স্বামীয়ে অপমান কৰিছিল কৰিশ্মা কাপুৰক। কৰিশ্মাই দাবী কৈছে যে প্ৰাক্তন স্বামী সঞ্জয়ে হানিমুনত বন্ধুৰ লগত শুবলৈ বাধ্য কৰাইছিল আৰু লগতে সকলোৰে সন্মুখত অপমান কৰিছিল। বিয়াৰ পিছত অভিনয়ৰ পৰা বিৰতি লৈছিল যদিও কিছুদিনৰ পিছত পুনৰ ছবি জগতলৈ আহিছিল কৰিশ্মা। ২০০৩ চনত কৰিশ্মাই ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে দুটা সন্তান – কন্যা সমইৰা আৰু পুত্ৰ কিয়ান। ২০১৪ চনত কৰিশ্মা আৰু সঞ্জয়ে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়।২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ মাজতে দুয়োপক্ষই ইজনে সিজনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে। কৰিশ্মাই এটা চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছিল যে সঞ্জয়ৰ সৈতে বিবাহৰ সমস্যা আহিবলৈ আৰম্ভ কৰিছিল হানিমুনৰ সময়তে।

কৰিশ্মাই দাবী কৰে যে সঞ্জয়ে তাইক হানিমুনত বন্ধুৰ লগত শুবলৈ বাধ্য কৰাইছিল আৰু লগতে সকলোৰে সন্মুখত অপমান কৰিছিল। একে সময়তে সঞ্জয়ে অভিযোগ কৰিছিল যে কৰিশ্মাই তেওঁক কেৱল টকাৰ বাবে বিয়া কৰাইছিল। কৰিশ্মাৰ পিতৃ অভিনেতা ৰণধীৰ কাপুৰে কন্যাৰ বিবাহ বিচ্ছেদৰ পিছত এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে তেওঁ কেতিয়াও কৰিশ্মাৰ সঞ্জয়ৰ সম্পৰ্কৰ সমৰ্থনত নাছিল।

আমাৰ সুনাম সকলোৱে জানে, আমি কাপুৰ পৰিয়ালৰ। আমি কাৰো টকাৰ পিছত দৌৰাৰ প্ৰয়োজন নাই, আমাৰ প্ৰতিভাই আমাক গোটেই জীৱনলৈ সহায় কৰিব পাৰে। সঞ্জয় হৈছে তৃতীয় শ্ৰেণীৰ মানুহ, মই কেতিয়াও বিচৰা নাছিলো কৰিশ্মাই তেওঁক বিয়া কৰাওক। এয়া কৰিশ্মা কাপুৰৰ পিতৃৰ ভাষ্য। কৰিশ্মাক শেষবাৰৰ বাবে ২০২০ চনত পৰ্দাত দেখা গৈছিল আল্টবালাজী ৱেব ছিৰিজ মেণ্টেলহুডত, যাৰ জৰিয়তে তেওঁৰ অ’টিটিত আত্মপ্ৰকাশ কৰিছিল।

মেক্ৰনক চন্দন কাঠেৰে নিৰ্মিত ছিটাৰৰ প্ৰতিৰূপ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে, উপহাৰ লাভ কৰি আনন্দত মতলীয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ…

মেক্ৰনক চন্দন কাঠেৰে নিৰ্মিত ছিটাৰৰ প্ৰতিৰূপ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে, উপহাৰ লাভ কৰি আনন্দত মতলীয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ। দুদিনীয়া ভ্ৰমণসূচৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফান্সত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণক উপহাৰ দিলে ‘মাৰ্বল ইনলে ৱৰ্ক টেবুল’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্স ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক চন্দন কাঠৰ বাদ্যযন্ত্ৰ ছিটাৰৰ প্ৰতিৰূপ উপহাৰ দিয়ে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে মেক্ৰনৰ পত্নী ব্ৰীজিট মেক্ৰনক চন্দন কাঠৰ বাকচত পোচাম্পালি ৰেচমৰ ইকাট উপহাৰ দিয়ে। আপোনালোকক কওঁ যে ফ্ৰান্সৰ ভ্ৰমণ শেষ কৰাৰ পিছত এতিয়া ইউ এ ইৰ এদিনীয়া ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী।

বিষয়াসকলৰ মতে, ৰাষ্ট্ৰপতি মেক্ৰনক উপহাৰ দিয়া সীতাৰত জ্ঞান, সংগীত, শিল্প, বাক্য, প্ৰজ্ঞা আৰু শিক্ষাৰ দেৱী বুলি গণ্য কৰা সৰস্বতীৰ ছবিত আছে। বিষয়াসকলে কয় যে ৰাষ্ট্ৰপতি মেক্ৰনক উপহাৰ দিয়া সীতাৰ বিশুদ্ধ চন্দন কাঠৰ।

পুৰণি টুথব্ৰাছ পেলাই দিয়াৰ পৰিৱৰ্তে এই ৫ টা কামত ব্যৱহাৰ কৰক…

পুৰণি টুথব্ৰাছ পেলাই দিয়াৰ পৰিৱৰ্তে এই ৫ টা কামত ব্যৱহাৰ কৰক ! পুৰণি টুথব্ৰাছৰ ব্যৱহাৰৰ বিষয়ে জানেনে।পুৰণি হোৱাৰ পিছত টুথব্ৰাছ সাধাৰণতে পেলাই দিয়া হয়, কিন্তু আপুনি জানেনে যে পুৰণি টুথব্ৰাছে বহু কাম সহজে কৰিব পাৰে। দাঁত সুস্থ কৰি ৰাখিবলৈ ৩-৪ মাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰাটো বাঞ্ছনীয়। পুৰণি টুথব্ৰাছৰ দ্বাৰা চুলিৰ সৌন্দৰ্য্যৰ লগতে বহুতো চাফাই কামৰ বাবেও ব্যৱহাৰ কৰিব পাৰি-

খিৰিকীৰ গ্ৰীল
বেছিভাগ ঘৰৰ খিৰিকীত লোহাৰৰ জাল থাকে আৰু চাফা কৰাটো এটা কঠিন কাম হৈ পৰে। লোহাৰ জালত থকা সৰু সৰু ফুটাবোৰ পৰিষ্কাৰ কৰাত টুথব্ৰাছ ব্যৱহাৰ কৰিব পাৰে। টুথব্ৰাছৰ সহায়ত মিহি জালত জমা হোৱা ধূলি আৰু মলি সহজে পৰিষ্কাৰ কৰিব পাৰি।

গহনা চাফা কৰা
ঘৰত ৰখা বহুমূলীয়া গহনা চাফা কৰাটো এটা অতি কঠিন কাম। যদি আপুনি দোকানীৰ ওচৰলৈ গহনা চাফা কৰিবলৈ যাব নিবিচাৰে তেন্তে ঘৰতে টুথব্ৰাছৰ সহায়ত চাফা কৰিব। টুথব্ৰাছৰ সহায়ত গহনাবোৰ সহজে চাফা কৰিব পৰা যায়। গহনা কেইটামান কুহুমীয়া পানীত তিয়াই ৰাখিব পাৰে আৰু তাৰ পিছত টুথব্ৰাছেৰে লাহে লাহে পৰিষ্কাৰ কৰিব পাৰিব।

নখ পৰিষ্কাৰ কৰা
পুৰণি টুথব্ৰাছ ব্যৱহাৰ কৰি নখ পৰিষ্কাৰ কৰিব পাৰে। ইয়াৰ ফলত নখৰ কাষৰত থকা ধূলি আৰু মলি পৰিষ্কাৰ হ’ব।

জোতা চাফা কৰা
পুৰণি টুথব্ৰাছ জোতা চাফা কৰা কামটো ব্যৱহাৰ কৰিব পাৰে। তলুৱাৰ ভিতৰৰ ফাল বা ফুলা অংশ পৰিষ্কাৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে।

চুলি
আধুনিক ফেশ্বনৰ যুগত চুলিত ৰং কৰাটো অতি সাধাৰণ হৈ পৰিছে। বিশেষকৈ কিশোৰ-কিশোৰী ল’ৰা-ছোৱালীয়ে চুলিত ৰং ব্যৱহাৰ কৰে। পুৰণি টুথব্ৰাছ ব্যৱহাৰ কৰি চুলিখিনি হাইলাইট কৰিব পাৰি। টুথব্ৰাছে চুলিত ৰং কৰাত সহজ কৰি তুলিব।