Home Blog Page 1486

টংলাত ওদালগুৰি জিলা আপৰ কাৰ্যালয় মুকলি

দিল্লী,পাঞ্জাৱৰ দৰে অসমতো আপে অগ্ৰগতি লাভ কৰাৰ দিশে গতি কৰিছে৷

দেশৰ সমান্তৰালভাৱে ৰাজ্যটো ২০২৪ৰ লোকসভা কেন্দ্ৰীক নিৰ্বাচনী বতাহ ববলৈ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দল সমূহে সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্ব দি অহাৰ সময়তে
ওদালগুৰি জিলাৰ টংলা চহৰৰ ৪ নম্বৰ খণ্ডত আপৰ এটা অস্থায়ী মুখ্য কাৰ্যালয় মুকলি কৰে।

ওদালগুৰি জিলা আপৰ সভাপতি খগেন চন্দ্ৰ বড়োয়ে আনুষ্ঠানিক ভাৱে কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰি উপস্থিত দলীয় কাৰ্যকর্তা সকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে, আপে দিল্লী আৰু পাঞ্জাৱৰ দৰে অসমতো অগ্ৰগতি লাভ কৰিব।

-অৰূপ বড়ো, টংলা

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন৷ বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু ৷ ঘৰত কাম কৰি থকা অৱস্থাত মৃত্যু ব্যক্তি জনৰ ৷

মৃত ব্যক্তি জন মাউৎগাঁৱৰ মনোজ গগৈ ওৰফে দুদুমণি (৩২) )বুলি জানিব পৰা গৈছে।

দুদুমণি পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী আছিল ৷

বিদ্যুতপৃষ্ট মনোজক নাজিৰা লিগিৰীপুখুৰীত অৱস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ 

বৰ্তমান তেখেতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে জয়সাগৰত অৱস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ।
-দিলীপ হাজৰিকা, নাজিৰা

ধৰ্মেন্দ্ৰৰ প্ৰথম বিবাহক লৈ হেমাৰ ঈৰ্ষা হৈছিল নেকি? অভিনেত্ৰীগৰাকীৰ ৰাজহুৱা উত্তৰ

ছানী দেওলৰ পুত্ৰ কৰ্ণ দেউলে ১৮ জুনত বিবাহপাশত আবদ্ধ হয়। এই বিবাহৰ পিছতেই ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ চৰ্চালৈ আহিল। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে। প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈয়ে ধৰ্মেন্দ্ৰই হেমা মালিনীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহিত অভিনেতাগৰাকীক বিয়া কৰাই আদালতত থিয় দিবলৈ বাধ্য কৰাইছিল অভিনেত্ৰীগৰাকীক।

শুনা যায় যে হেমাৰ সৈতে অভিনেতা গৰাকীৰ বিবাহ কেতিয়াও মানি লোৱা নাছিল দেওল পৰিয়ালে। সেইবাবেই হেমা বা তাইৰ ছোৱালী দুজনীক দেওলৰ কোনো এটা অনুষ্ঠানতে দেখা নগ’ল। ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰ ছানী আৰু ববি দেওলৰ মাতৃ। স্বামীৰ দ্বিতীয় বিবাহ তাই মানি ল’ব পৰা নাছিল।

উদ্যোগত কোৱা হয় যে হেমাই প্ৰকাশৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকে। হেমাই পুৰণি সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নীৰ বিষয়ে মুকলিকৈ ক’লে। তেওঁ কয় যে তেওঁ কেতিয়াও ধৰ্মেন্দ্ৰৰ ‘অন্য পৰিয়াল’ৰ পৰা একো দাবী কৰা নাছিল। দুয়োটা পৰিয়ালৰ সম্পৰ্কৰ বিষয়ে হেমাই কয়, “প্ৰেমত কেৱল নিজকে দিব লাগে।” আমি ইজনে সিজনক ইমানেই ভাল পাওঁ যে এই সৰু সৰু কথাবোৰত মোৰ কোনো অভিযোগ নাই। মই তেওঁৰ সমস্যাবোৰ বুজি পাইছিলোঁ গতিকে সেই অনুসৰি মই খাপ খাই পৰিলোঁ।”

ধৰ্মেন্দ্ৰৰ প্ৰথম বিবাহক লৈ মনত কোনো ধৰণৰ ঈৰ্ষাই কাম কৰে নেকি? এই প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে, “কেতিয়াও নহয়।” আজি মই এজন সুখী মানুহ। বলীউডৰ ‘ড্ৰিম গাৰ্লে’ কয় যে, “কোনো পিতৃ-মাতৃয়ে নিজৰ কন্যাক এনে বৈবাহিক সম্পৰ্কত চাবলৈ নিবিচাৰিব।” কিন্তু মোৰ বাবে আন কোনো সিদ্ধান্ত লোৱাটো কঠিন আছিল।”

মিচিং অধ্যুষিত অঞ্চলত গণবিদ্ৰোহৰ উকমুকনিঃ সোৱণশিৰৰ ভীমপৰাত সমষ্টি নিৰ্ধাৰণৰ খচৰাক লৈ উত্তাল প্ৰতিবাদ  

ভাৰতীয় নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মিচিং অধ্যুষিত অঞ্চলত গণবিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে৷  ভাৰতীয় নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে সমষ্টি সমূহৰ পুলৰ সীমা নিৰ্ধাৰণ কেন্দ্ৰ কৰি ইতিমধ্যে অধিকাংশ মিচিং অধ্যুষিত আন্দোলন, প্ৰতিবিদ, বিক্ষোভ আদিত উত্তাল হৈ পৰিছে ৷ পুনৰ সমষ্টি নিৰ্ধাৰণক লৈ  কৰি লখিমপুৰ জিলাৰ সোৱণশিৰি বৰ্ষামুখ আদিত ইতিমধ্যে হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি পুনৰ লখিমপুৰ জিলাৰ ভীমপৰা পঞ্চায়তৰ টাকু গাঁও মুৰং ঘৰত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ভীমপৰা পঞ্চায়তৰ টাকু গাঁৱত অনুষ্ঠিত হোৱা সৰ্বদলীয় গণপ্ৰতিবাদী কাৰ্যসূচীত   উপস্থিত প্ৰতিবাদী  ৰাইজে দাবী কৰে যে ঢকুৱাখনা বিধানসভা সমষ্টিত তেওঁলোকে সদায় থাকিব ৷ ঢকুৱাখনা বিধানসভা সমষ্টিৰ লগত তেওঁলোকৰ ভৌগোলিক অখণ্ডতা আছে৷ এই সমষ্টিতে তেওঁলোকৰ জন্ম ৷ কিন্তু ঢকুৱাখনা বিধানসভা সমষ্টিৰ ভীমপৰা পঞ্চায়তৰ পৰা বাচি বাচি ৭৩ খন গাঁও নাওবৈচা, লখিমপুৰ আৰু ৰঙানদী বিধানসভা সমষ্টিত অতি কৌশলেৰে অন্তৰ্ভূক্ত কৰি তেওঁলোকক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

সৰ্বদলীয় গণপ্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি থাকি টি এম পি কেৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা অসম প্ৰদেশ  কংগ্ৰেছ কমিটিৰ সম্পাদক পদ্মলোচন দলেয়ে কয়- খিলঞ্জীয়া মানুহৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ জনগোষ্ঠীয় জনগাঁথনিক ভাগ ভাগ কৰি সামাজিক বিছিন্নতা আনিব বিচৰাৰ লগতে ৰাজনৈতিকভাৱে জনগোষ্ঠী সমূহক নিঃশেষ কৰা ষড়যন্ত্ৰ ৰচনা কৰিছে ৷


কল্যানকামী ৰাষ্ট্ৰ এখনৰ চৰকাৰে জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে সকলো ত্যাগ স্বীকাৰ কৰি জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে ওলাই আহে ৷ কিন্তু বিজেপি নেতৃত্বাাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ সমস্যা সমাধানৰ সলনি শাসনাধীস্ত চৰকাৰ দুখনেহে জনসাধাৰণৰহে সমস্যা হিচাপে থিয় দিছে ৷  সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ভাৰতীয় নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰে সমষ্টিসমূহৰ ভৌগোলিক অখণ্ডতা, জনগোষ্ঠীয় ঐক্যতাত চৰম আঘাত কৰিছে  আৰু উপগ্ৰহীয় পদ্ধতিত সীমা নিৰ্ধাৰণ কৰিছে যিটো সংবিধান বিৰোধী ৷

তেনেক্ষেত্ৰত জনসাধাৰণ  অতিষ্ঠ হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে ৷ ভীমপৰা পঞ্চায়তবাসী কৃষিজীৱি সমাজ। এতিয়া খেতি কৰাৰ সময় ৷ কিন্তু ভৰপুৰ এই খেতিৰ সময়তে ভীমপৰাবাসীয়ে ৰ’দ-বৰষুণ একাকাৰ কৰি নিজৰ জন্মস্থানৰ সমষ্টি ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিবলগা হোৱাটো চৰম দুৰ্ভাগ্যৰ বিষয় বুলি তেওঁ মন্তব্য দিয়ে ৷ তেওঁ লগতে ভীমপৰা পঞ্চায়তৰ ৭৩ খন গাঁৱক কোনোপধ্যেই লখিমপুৰ-নাওবৈচা বিধানসভা সমষ্টিত অন্তভূৰ্ক্ত কৰাটো নিবিচাৰে বুলি মন্তব্য দিয়াৰ লগতে নিৰ্বাচনী আয়োগ আৰু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ উপস্থিত সকলো ৰাইজক আহ্বান জনায় ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি গণশক্তিৰ কেন্দ্ৰীয় সদস্য যোগেন মিলিয়ে সমষ্টিৰ সীমা  নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগ ৰাজনৈতিক হাঁতোৰাত সোমাই পৰিছে ৷ ভাৰতীয় নিৰ্বাচনী আয়োগে নিজৰ স্বতন্ত্ৰতা বিসৰ্জন দি ৰাজনৈতিক স্বাৰ্থত কাম কৰাৰ অভিযোগ তোলে আৰু ভীমপৰাৰ এখনো গাঁও ঢকুৱাখনা বিধানসভা সমষ্টিৰ বাদে অন্য সমষ্টিত যাবলৈ নিদিয়াৰ হুংকাৰ দিয়ে ৷

কাৰ্যসূচীত উপস্থিত থাকি ভীমপৰা পঞ্চায়তৰ সভাপতি সুৰেশ ঙাটেই ভীমপৰাবাসীক ৰাজনৈতিকভাৱে নিশেষ কৰিব খোজা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ঢকুৱাখনা বিধানসভা  সমষ্টিত থাকিবৰ বাবে সকলোধৰণৰ পন্থা অৱলম্বন কৰিব বুলি হুংকাৰ দিয়ে ৷ একাংশ স্থানীয় ৰাইজে বিধায়ক নৱ কুমাৰ দলেয়ে কুটিল ৰাজনীতিৰে জনসাধাৰণক বিপথে পৰিচালিত নিজৰ গাদী সুৰক্ষাৰ অভিযানত নামি পৰা বুলি সাধাৰণ ৰাইজে অভিযোগ কৰাৰ বিপৰীতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক ভূবন পেগু আৰু বিধায়ক ভৰত নৰহৰ ৰহস্যজনক ভূমিকাকো তীব্ৰ সমালোচনা কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ভাষণ দিয়ে এম এ চিৰ জি এম অনিল পায়েং, টি এম পি কেৰ কেন্দ্ৰীয় সদস্য বিপ্লব টাইদ, লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজীৱ কামান আদিয়ে ৷ কাৰ্যসূচীত কংগ্ৰেছ, বিজেপি, গণশক্তিৰ বহু নেতা-পালিনেতা, টি এম পি কে, এম এম কে, টি এম এম কে আদি দল-সংগঠনৰ সদস্য-কৰ্মী উপস্থিত থাকে ৷

এপ’ল’ হস্পিতাল চেন্নাইৰ ভাৰতৰ প্ৰথমটো সফল ৰ’বটিক Retroauricular Hair- line Incisionৰ সহায়ত আঘাতবিহীন অস্ত্ৰোপচাৰ সম্পন্ন

এপ’ল হস্পিতাল চেন্নাইয়ে এগৰাকী ৪৯ বছৰীয়া মহিলাৰ Salivary glandত হোৱা ৮ ছে.মি. আকাৰৰ বৃহৎ টিউমাৰ ৰ’বটৰ সহায়ত বিস্তৃত আঘাত অবিহনে সফল অস্ত্ৰোপচাৰৰ কৰি উঠাবলৈ সক্ষম হয়। এনে ধৰণৰ অস্ত্ৰোপচাৰ ভাৰতত প্ৰথম। এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ ভেংকট কার্থিকেয়ন চি., এপ’ল হস্পিতালৰ হেড্‌ এণ্ড নেক অঙ্ক’লজি, ৰ’বটিক চাৰ্জন, গ্ৰীম্‌চ ৰোড, চেন্নাই।

তেখেতে ১২৫ টা এনে ধৰণৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। এই গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰি ডাঃ ভেংকট কার্থিকেয়নে কয়- মহিলাগৰাকীয়ে ডিঙিৰ সোঁফালে দৃশ্যমান হোৱা এটা বৃহৎ আকাৰৰ টিউমাৰ লৈ এপ’ল হস্পিতালত উপস্থিত হৈছিল।

দেশত প্ৰথমবাৰৰ বাবে ডিঙিত কোনো আঘাত দৃশ্যমান নোহোৱাকৈ submandibular gland (অৱঅধোহনুজ গ্রন্থিত হোৱা ৮ ছে.মি. আকাৰৰ টিউমাৰ উঠাবলৈ এনেধৰণৰ ৰ’বটিক Retroauricular Hairline Incision (পূর্ব অৰিকুল ক্ষেত্ৰৰ অতি সুক্ষ্ম আঘাত)ৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।


ৰ’বটিক মূৰ আৰু ডিঙিৰ অস্ত্ৰোপচাৰ বিশেষকৈ নাক-কাণ-ডিঙি (ENT) ক্ষেত্ৰখনত প্ৰচাৰিত যাক Trans Oral Robotic Surgery (TORS) বুলি আখ্যা দিয়া হয় যিটো অস্ত্ৰোপচাৰ সাধাৰণতে ডিঙিৰ কৰ্কট ৰোগৰ বাবে আৰু Retroauricular Hairline incision (RAHI ) বিস্তৃত কটা আঘাত অবিহনে ডিঙিৰ টিউমাৰ অপসাৰন কৰিবলৈ প্ৰয়োগ কৰা হয়।

এই পদ্ধতিত এন্দোস্কপিক অস্ত্ৰোপচাৰ মেগনিফিকেচন (আৱৰ্দ্ধন) কৰি সম্পন্ন কৰা হয় আৰু কোনো আঘাতৰ চিন দেখা পোৱা নাযায় বুলি ডাঃ ভেংকট কার্থিকেয়নে প্ৰকাশ কৰে।


এনে ধৰণৰ অস্ত্ৰোপচাৰ সাধাৰণতে ডিঙিৰ টিউমাৰ, থায়ৰয়দ গ্ৰন্থিৰ টিউমাৰ, ডিঙি কেন্সাৰ, মুখত অথবা দাঁতৰ হনুত হোৱা টেমুনা, মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত ভূগি থকা ডেকা আৰু সমাজত সক্রিয়ভাৱে জড়িত লোকসকলৰ বাবে এক আদর্শ স্বৰূপ।

৩ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ লাভ কৰাৰ পিছত আইএমএফৰ ৪ৰ্থ বৃহত্তম ঋণগ্ৰহণকাৰী দেশ হ’ব পাকিস্তান

ঋণগ্ৰস্থ পাকিস্তানে বিশ্বৰ ঋণদাতাৰ সৈতে হোৱা ষ্টেণ্ডবাই ব্যৱস্থাৰ অধীনত অহা ৯ মাহত ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ নতুন ঋণ লাভ কৰাৰ পিছত বিশ্বৰ চতুৰ্থ বৃহত্তম আই এম এফৰ ঋণগ্ৰহণকাৰী দেশ হিচাপে পৰিগণিত হ’ব।


১৯৪৭ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতাৰ পিছত আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা পাকিস্তানে ২০২৩ চনৰ ৩১ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা সৰ্বাধিক ঋণ লোৱা দেশৰ তালিকাত পঞ্চম স্থানত আছিল বুলি দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতে উদ্ধৃতি দি প্ৰকাশ কৰিছে তথ্য।

অৱশ্যে বৃহস্পতিবাৰে ৱাশ্বিংটনস্থিত বিশ্বব্যাপী ঋণদাতা কোম্পানীটোৰ সৈতে কৰা ষ্টেণ্ড বাই ব্যৱস্থাৰ অধীনত অহা ৯ মাহত পাকিস্তানে আৰু ৩ বিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিলে এই তালিকাৰ চতুৰ্থ স্থানলৈ আগবাঢ়িব।

আই এম এফৰ ব’ৰ্ডৰ অনুমোদন এতিয়াও প্ৰয়োজনীয় হৈ থকা এই চুক্তিখন আঠ মাহৰ পলমৰ পিছত।

ইয়াৰ পূৰ্বে আই এম এফৰ পৰা ঋণৰ ক্ষেত্ৰত আৰ্জেণ্টিনাই ৪৬ বিলিয়ন মাৰ্কিন ডলাৰেৰে প্ৰথম স্থান লাভ কৰিছে, ইজিপ্তই ১৮ বিলিয়ন মাৰ্কিন ডলাৰেৰে দ্বিতীয় স্থানত আছে, ইউক্ৰেইন ১২.২ বিলিয়ন মাৰ্কিন ডলাৰেৰে তৃতীয় স্থানত আছে, ইকুৱেডৰে ৮.২ বিলিয়ন মাৰ্কিন ডলাৰেৰে চতুৰ্থ স্থানত আছে আৰু পাকিস্তানে আছে ৭.৪ বিলিয়ন মাৰ্কিন ডলাৰেৰে পঞ্চম স্থানত আছে।

বিশ্বব্যাপী ঋণদাতাৰ পৰা ১০.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ লাভ কৰি পাকিস্তানে ইকুৱেডৰক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম আই এম এফৰ ঋণগ্ৰহণকাৰী দেশ হিচাপে পৰিগণিত হ’ব।

খালী পেটত তিয়াই থোৱা বুট খালে সহজে পেটৰ চৰ্বি নাইকিয়া হ’ব…

খালী পেটত তিয়াই থোৱা বুট খালে সহজে পেটৰ চৰ্বি নাইকিয়া হ’ব। তিয়াই থোৱা বুট খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। আজি আমি আপোনালোকক জনাম যে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত তিয়াই থোৱা বুট খালে স্বাস্থ্যৰ কি কি উপকাৰ হয়। বুটত প্ৰটিন,ফাইবাৰ,শক্তি,আইৰণ,কেলচিয়াম আৰু ছডিয়ামৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়। তিযাই ৰখা বুট খালে আপুনি পাব বহু উপকাৰীতা।

তিয়াই থোৱা বুটৰ উপকাৰীতা-

হজম শক্তি উন্নত হয়
হজম শক্তি মজবুত কৰিবলৈ দৈনিক তিয়াই থোৱা বুট খাব পাৰে। কাৰণ বুটত আঁহৰ পৰিমাণ বেছি। আঁহে অন্ত্ৰ আৰু পেটৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে। যদি আপুনি হজম শক্তিৰ সমস্যাত অসুবিধা পায় তেন্তে তিয়াই থোৱা বুট খাব পাৰে।

তিয়াই লোৱা বুট খালে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। কাৰণ এন্টিঅক্সিডেন্ট আৰু এন্থ’চাইনিন বুটত পোৱা যায়। এই সকলোবোৰ উপাদানে হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলী সুস্থ কৰি তোলাত সহায় কৰে। ইয়াৰ উপৰিও বুটত থকা পটাছিয়াম আৰু মেগনেছিয়াম হৃদযন্ত্ৰৰ বাবেও উপকাৰী। আনহাতে হৃদৰোগ হ’লে দৈনিক তিয়াই থোৱা বুট খাব লাগে।

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে দৈনিক খালী পেটত তিয়াই থোৱা বুট সেৱন কৰিব পাৰে। বুটত আঁহৰ পৰিমাণ বেছি হয়। সেয়েহে যদি আপুনি দৈনিক ৰাতিপুৱা তিয়াই থোৱা বুট খায়, তেতিয়া আপোনাৰ বহু দেৰিলৈকে ভোকৰ অনুভৱ নহয়। ইয়াৰ দ্বাৰা আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব আৰু আপোনাৰ ওজনো নিয়ন্ত্ৰণত থাকিব। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপুনি ব্ৰেকফাষ্টত তিয়াই থোৱা বুট খাব পাৰে।

নগাঁৱৰ বিশিষ্ট চিকিৎসকক লায়ঞ্চ ক্লাৱৰ সম্বধৰ্না…

বিশ্ব চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি পহিলা জুলাইৰ সন্ধিয়া নগাঁও লায়ঞ্চ ক্লাৱৰ নৱনিৰ্বাচিত সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ৰূপৰঞ্জন দাসৰ লগতে নগাঁৱৰ সমূহ লায়ন সদস্যই নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট চিকিৎসকদ্বয় অৱসপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দিলীপ কুমাৰ ভূঞা আৰু ডাঃ দিলীপ কুমাৰ শৰ্মাৰ নিজা বাসগৃহত উপস্থিত হৈ দুয়োকে দীৰ্ঘদিন চিকিৎসা সেৱাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত হৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক সকলক সেৱা কৰি যি অৱদান সমাজ জীৱনলৈ আগবঢ়ালে সেই উদ্দেশ্য তেওঁলোকক একোখনিকৈ ফুলাম গামোচাৰ লগতে এটি স্মাৰকৰে সম্বধৰ্না জনাই।

লগতে লায়ঞ্চ ক্লাৱ নগাঁৱৰ তৰফৰ পৰা তেওঁলোক দুয়োজনৰে দীৰ্ঘায়ু কামনা কৰে। ইয়াৰ ওপৰিও ডাঃ পাৰ্থ সাৰথি ভূঞা আৰু বিজয়লক্ষ্মী কাকতিকো লায়ঞ্চ ক্লাৱৰ তৰফৰ পৰা সম্বধৰ্না জনোৱা হয় ৷

সাৱধান! এই ৫টা বস্তুৰ পৰা আঁতৰি থাকক বিবাহিত পুৰুষসকল…

বিবাহিত পুৰুষসকল সাৱধান উচিত, এই ৫টা বস্তুৱে সন্তানহীন কৰি তুলিব পাৰে আপোনাক। ভাৰতত প্ৰায় পুৰুষে নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব নোৱাৰে, ইয়াৰ ফলত বহু ৰোগৰ জন্ম হয়, তেওঁলোকৰ প্ৰজনন ক্ষমতাতো প্ৰভাৱ পৰে। যোৱা কেইটামান দশক ধৰি পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস পাইছে যদিও ইয়াৰ আঁৰত কিছুমান কাৰণ আছে। কেৱল পিতৃ হোৱাৰ ক্ষেত্ৰত পুৰুষে সমস্যাৰ সন্মুখীন হোৱাই নহয়, তেওঁলোকৰ যৌন জীৱনতো বেয়া প্ৰভাৱ পৰিব পাৰে।

এই ৫ টা বস্তুৱে পুৰুষৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়-

আপুনি নিশ্চয় মাংসৰ জৰিয়তে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰে। সদায় সতেজ মাংস খাবলৈ চেষ্টা কৰক, বজাৰত উপলব্ধ প্ৰচেছড মাংস খালে আপোনাৰ প্ৰজনন ক্ষমতাত বেয়া প্ৰভাৱ পৰিব আৰু পিতৃ হোৱাত বাধাৰ সন্মুখীন হ’ব পাৰে।

গৰমৰ পৰা সকাহ পাবলৈ শীতল পানীয় নিশ্চয় খাই। ইয়াত থকা চেনি আৰু কাৰ্বহাইড্ৰেটে শুক্ৰাণুৰ গুণাগুণত বেয়া প্ৰভাৱ পেলায়।

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ মানুহে চাহ-কফিৰ প্ৰতি আকৰ্ষিত। কিন্তু এই চাহ-কফি পুৰুষৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ই পুৰুষৰ প্ৰজনন কোষৰ স্বাস্থ্যৰ ক্ষতি কৰে।

বজাৰত পোৱা জাংক ফুডে আমাক বহুত আকৰ্ষণ কৰে। কিন্তু এই অভ্যাস পুৰুষৰ বাবে ভাল নহয়, কাৰণ ই বহু ৰোগৰ লগতে পুৰুষৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়।

আমি সদায় আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা শুনি আহিছো যে মদ আৰু চিগাৰেটে ঘৰখন ধ্বংস কৰে। এই বেয়া অভ্যাসবোৰে পুৰুষৰ যৌন জীৱন নষ্ট কৰাই নহয় পিতৃ হোৱাৰ সপোনো ভাঙি পেলাব পাৰে। কাৰণ ইয়াৰ ফলত পুৰুষৰ উৰ্বৰতাত নেতিবাচক প্ৰভাৱ পৰে।

ভঙা চকাত চলি আছিল ৰে’ল, যাত্ৰীসকলে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ শিকলি টানি ৰখাই দিয়ে! তাৰ পাছত…

দীৰ্ঘ দূৰত্বৰ ৰেলখন ভঙা চকা লৈ তীব্ৰ বেগত চলি আছিল। প্ৰচণ্ড শব্দ শুনি যাত্ৰীসকলে শিকলি টানি ৰেলখন ৰখাই দিয়ে। ইয়াৰ বাবেই মুম্বাই অভিমুখী পৱন এক্সপ্ৰেছ এটা বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। দেওবাৰে নিশা বিহাৰৰ মুজাফ্ফৰপুৰ-হাজীপুৰ শাখাত সংঘটিত হয় এই ঘটনা।

ঠিক এমাহ পূৰ্বে ২ জুনত ওড়িশাৰ বালেশ্বৰৰ বাহাংগা বজাৰ ষ্টেচনৰ সমীপত চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছত দুৰ্ঘটনাত পতিত হৈছিল। বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছও ৰেলপথৰ পৰা ওলাই পৰিচিল। সেই ভয়ংকৰ দুৰ্ঘটনাৰ এমাহৰ পিছত ৰে’লখনত আৰু এটা সমস্যা আহিল। ফলত ৰে’লপথত যাত্ৰীসকলৰ সুৰক্ষা সম্পৰ্কে পুনৰ প্ৰশ্ন উত্থাপন হ’ল।

মুজাফ্ফৰপুৰ ষ্টেচনৰ পৰা পৱন এক্সপ্ৰেছৰ পৰা ওলাই অহাৰ পাছত ৰেলখনৰ এছ-১১ কম্পাৰ্টমেণ্টত তীব্ৰ শব্দ শুনিবলৈ পায় যাত্ৰীসকলে। কিন্তু ৰে’ল কৰ্মীসকলে শব্দৰ কাৰণৰ তদন্তৰ বাবে কোনো উদ্যোগ লোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে।

ৰেলখন দ্ৰুতগতিত প্ৰায় ১০ কিলোমিটাৰ গতিৰে চলি থাকে। পিছত ৰেলখন ভগবনপুৰ ষ্টেচন পাওঁতে যাত্ৰীসকলে শিকলি টানি ৰখাই দিয়ে।

ৰেলৱেৰ কৰ্মচাৰীৰ লগতে ৰেল চালক আৰু গাৰ্ডকো এই প্ৰচণ্ড শব্দৰ বিষয়ে অৱগত কৰা হয়। পিছত দেখা গ’ল যে এছ-১১ কোঠাটোৰ এটা চকা ফাটি গৈছে। লগে লগে চকাটো সলনি কৰা হ’ল। তাৰ পিছতে ৰেলখনৰ যাত্ৰা পুনৰ আৰম্ভ হয়। তেওঁলোকে যাত্ৰীসকলে শিকলি টানি ৰে’লখন ৰখাই নিদিলে এটা বৃহৎ দুৰ্ঘটনা হ’ব পাৰে।