Home Blog Page 1503

ওজন কমাবলৈ কঁঠালৰ গুটি খাওক…

ওজন কমাবলৈ কঁঠালৰ গুটি খোৱাৰ আৰম্ভ কৰক। যদি আপুনিও ওজন কমাবলৈ দিনে-ৰাতিয়ে কষ্ট কৰি আছে, তেন্তে আপুনি খাদ্য তালিকাত কঁঠালৰ গুটি অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত ওজন কমাবলৈ সহজ হ’ব পাৰে।কঁঠাল এবিধ অতি উত্তম আৰু পুষ্টিকৰ ফল যিটো গ্ৰীষ্মকালত পোৱা যায়। কঁঠালক নিৰামিষভোজী লোকৰ নন-ভেজ ফুড বুলিও কোৱা হয়। কঁঠালৰ গুটিয়ে আপোনাক কিমান উপকাৰ কৰিব পাৰে জানেনে…

ওজন নিয়ন্ত্ৰণত কঁঠালৰ গুটি উপকাৰীতা-
কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যি আপোনাৰ পাচনতন্ত্ৰৰ বাবে ভাল। আনহাতে, যদি আপুনি কঁঠালৰ গুটি সেৱন কৰে, তেন্তে ই আপোনাৰ পেটটো বহু দেৰি লৈকে ভৰাই ৰাখে আৰু আপোনাৰ ভোক অনুভৱ নহয়। ইয়াৰ বাবেই মেদবহুলতা কমিবলৈ আৰম্ভ কৰে। কঁঠালৰ গুটিত পোৱা একেটা ভিটামিন বি কমপ্লেক্সে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত কেলৰি কমি যায় আৰু সহজে ওজন কমিবলৈ আৰম্ভ কৰে।

কঁঠালৰ গুটিৰ অন্যান্য উপকাৰিতাৰ
১/ আপোনাৰ ছাল আৰু চুলিৰ বাবেও কঁঠালৰ গুটি অতি উপকাৰী বুলি কোৱা হয়। একে সময়তে চকুৰ দৃষ্টিশক্তি বৃদ্ধিতো সহায়ক বুলি প্ৰমাণিত। আচলতে ইয়াত ভিটামিন এ পোৱা যায় যি চকু আৰু ছালৰ বাবে উপকাৰী।

২) কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যিয়ে আমাৰ শৰীৰত হিম’গ্লবিন উৎপাদনত সহায় কৰে। ইয়াৰ উপৰিও ই ৰক্তকণিকা গঠনত সহায় কৰে।ৰক্তহীনতাৰ সমস্যাত কঁঠালৰ গুটি উপকাৰী।

৩) কঁঠালৰ গুটিত ভাল পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে। আপুনি ইয়াক খাদ্যত অন্তৰ্ভুক্ত কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব পাৰে।

কঁঠালৰ গুটি কেনেকৈ খাব লাগে
১) কঠালৰ গুটি পুৰি খাব পাৰে। গ্ৰীডলত ১৫ৰ পৰা ২০ মিনিট ৰোষ্ট কৰক, যেতিয়া ই পাতল বাদামী ৰঙৰ হৈ পৰে, তেতিয়া ইয়াৰ ওপৰত কিছু ক’লা নিমখ আৰু চাট মছলা ছটিয়াই খাব পাৰে।

২) ইচ্ছা কৰিলে কঠালৰ গুটি ৰ’দত শুকুৱাই তাৰ পৰা গুড়ি বনাব। চালাড বা ফলৰ ওপৰত ছটিয়াই খাব পাৰে,

বিশ্বনাথৰ আৱৰ্ত ভৱন খেলপথাৰত মহা জন সম্পৰ্ক অভিযানত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ…

ভাৰতীয় জনতা পাৰ্টীৰ জন সম্পৰ্কৰ লগত সংগতি ৰাখি তেজপুৰ লোকসভা সমষ্টি ভিত্তিত এখনি জনসভা অনুষ্ঠিত কৰা হয়। এই জন সভাত দিনৰ ২ বজাত অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা বিশ্বনাথ চাৰিআলি স্থিত আৱৰ্ত ভৱন খেলপথাৰৰ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰাত তেওঁক উষ্ম আদৰণি জনাই সভাত আদৰি অনা হয়। জনসম্পৰ্ক অভিযান উপলক্ষে ২৩ জুন বলিদান দিৱসত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক মহান দেশভক্ত ড° শ্যামা প্রসাদ মুখাৰ্জীৰ ৭০তম মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অগণন ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফুলাম গামোছা জাপি শৰাই আদিৰে উষ্ম আদৰণি জনোৱাৰ লগতে “বন্দে মাতৰম“ গীত পৰিবেশন কৰা হয় আৰু বন্তি প্ৰজ্বলন কৰি সভা আৰম্ভ হয়।


ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মহা জনসম্পৰ্ক অভিযানৰ জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সম্বোধন কৰে । উপস্হিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, মন্ত্ৰী অশোক সিংহল,প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,গহপুৰৰ বিধায়ক উৎপল বৰা,ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতি,বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা, বৰচলাৰ বিধায়ক গনেশ লিম্বু আদি কৰি দলীয় নেতা ,জেষ্ঠ নেতা কৰ্মকৰ্তা সকলে ৷

বালিচাঙৰ পৰা ৰমেশ চন্দ্ৰ চৰেৰ প্ৰতিবেদন

গৰ্ভৱতী মহিলাই আম খোৱা উচিত নে…

গৰ্ভৱতী মহিলাই আম খাব লাগেনে নালাগে এই বিষয়ে আপুনি জ্ঞাত নে? এগৰাকী বিশেষজ্ঞই কয় যে গৰ্ভৱতী মহিলাই আম খাব পাৰে, কিন্তু এই ফল অত্যধিক খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। গৰ্ভাৱস্থাত মহিলাসকলে খাদ্যাভ্যাসৰ লগত জড়িত সকলো বস্তুৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন। গৰ্ভাৱস্থাৰ বিপদত পৰিব পৰা যিকোনো বস্তু স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে। গৰ্ভৱতী মহিলাই সকলো ধৰণৰ ফল-মূল খাব পাৰে। কিন্তু এই সময়ছোৱাত যিহেতু গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ আশংকা বৃদ্ধি পায়, সেয়েহে বেছিভাগ মহিলাই আমৰ পৰা দূৰত্ব বজাই থকা দেখা যায়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে গৰ্ভাৱস্থাৰ সময়ছোৱাত মহিলাসকলে আম খোৱাৰ পৰা বিৰত থাকিব লাগে নেকি? স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দীপ্তি জম্মীয়ে কয় যে গৰ্ভৱতী মহিলাই আম খাব পাৰে, কিন্তু এই ফল অতিমাত্ৰা সেৱন কৰিব নালাগে।

শিশুৰ বিকাশত সহায়ক
আমত কেৱল ভিটামিন চিয়েই নহয়, ভিটামিন এও যথেষ্ট পৰিমাণে পোৱা যায়। জন্মৰ সময়ত ভিটামিন এৰ অভাৱত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ ডায়েৰিয়াৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ হ’ব পাৰে। আমত বহুতো অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াক এন্টিঅক্সিডেন্ট আৰু শক্তিৰ এক উত্তম উৎস বুলিও গণ্য কৰা হয়।

গৰ্ভাৱস্থাত মহিলাসকলে নিঃসংকোচে আম সেৱন কৰিব পাৰে। কাৰণ ই ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে। ভ্ৰুণৰ বিকাশ ভালদৰে হয়। তৰল পদাৰ্থৰ ভাৰসাম্য বজাই ৰখা হয় আৰু প্ৰিক্লেম্পচিয়াৰ সম্ভাৱনা কমি যায়। গৰ্ভৱতী মহিলাই আম খোৱাৰ সময়ত এটা কথা মনত ৰাখিব লাগিব। সীমিত পৰিমাণতহে সেৱন কৰক। কাৰণ বেছিকৈ খালে ডায়েৰিয়া আৰু ডিহাইড্ৰেচনৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাৰ ডায়েবেটিছ আৰু ওজন বৃদ্ধিৰ সমস্যাও হ’ব পাৰে।

স্থায়ী চিকিৎসক নিযুক্তিৰ দাবীত আটছাৰ ধৰ্ণা কাৰ্যসূচী…

[5:23 PM, 6/23/2023] Dimpul Chutia: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ বৰপথাৰ আৰু সৰুপথাৰ শাখাই বহুকেইটা গুৰুত্বপূৰ্ণ দাবীত বৰপথাৰ মৌজাৰ পাভজান চাহ বাগিছাত এই কাৰ্যসূচী গ্ৰহণ কৰে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে বিভিন্ন সমস্যা সমাধানৰ দাবীত ধাৰাবাহিক ভাৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বৰপথাৰৰ পাভজান চাহ বাগিছাত গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত আটছাৰ বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ বিষববীয়া, পাভজান, দীঘলী হোলা আৰু ভগৱান বাগিচা উপ শাখাৰ আটছা কৰ্মী আৰু পাভজান বাগিছাৰ চাহ শ্ৰমিক সকলৰ সহযোগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। পাভজান চাহ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত পুৱাই গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচী অনুসৰি পাভজান চাহ বাগিছাত স্থায়ী চিকিৎসক নিযুক্তিৰ লগতে অতিকে নিম্ন মানদণ্ডৰ চিকিৎসালয় খনৰ চিকিৎসা সেৱা উন্নত কৰা, চাহ শ্ৰমিক সকলৰ চিকিৎসাৰ সুবিধাৰ্থে এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰা, দীৰ্ঘ বছৰ ধৰি চাহ বাগিছাৰ ভূমিত বসবাস কৰি অহা চাহ শ্ৰমিক সকলক ভূমি আবন্টন দি ম্যাদী পট্টাকৰণ কৰা, আৰু চাহ শ্ৰমিক সকলক প্ৰাৰ্থমিক সা-সুবিধাৰ লগতে অন্যান্য সমস্যা সমূহ সমাধান কৰাৰ বাবে দাবী জনায়। লগতে চৰকাৰৰ ওপৰতো তীব্ৰ ক্ষোভ উজাৰে আটছা কৰ্মীসকলে। চৰকাৰে চাহ জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে আজিলৈকে পিঠি দি থাকিল বুলিয়ে গুৰুতৰ অভিযোগ উত্থাপিত কৰে। ইপিনে পাভজান চাহ বাগিছা কৰ্তৃপক্ষৰ ওপৰতো বহুকেইটা অভিযোগ উত্থাপিত কৰে।

বাৰিষাৰ সময়ত মহ, ডাহঁ, মাখি, সাপ আদিৰ পৰা ৰক্ষা পাবলৈ বাগিছা কৰ্তৃপক্ষই চাহ শ্ৰমিক সকলক প্ৰদান কৰিব লগা কীটনাশক দ্ৰব্যৰ যোগান কেইবছৰ মানৰ পৰা বন্ধ কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে অসমৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশত কঠোৰ পৰিশ্ৰমেৰে চাহ বাগিছা সমূহ গঢ় দি অসমক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়া চাহ জনগোষ্ঠীৰ লোকসকল আজিও শিক্ষা, স্বাস্থ্য, আৰ্থিক, সামাজিক আদি বহু দিশত পিছপৰি ৰৈছে। চাহ জনগোষ্ঠীটোৰ সমস্যা সমূহক চৰকাৰ তথা বাগিছা কৰ্তৃপক্ষই সদিচ্ছাৰে নোলোৱাৰ বাবেই আজিকোপতি সমস্যা সমূহৰ বাট মুকলি নহ’ল। যাৰ পৰিপ্ৰেক্ষিততেই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে বুলি আটছাৰ বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ বিষববীয়াই জানিবলৈ দিয়ে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ অন্তত আটছাৰ বৰপথাৰ শাখাৰ সভাপতি ৰবীন মহুৱা, সম্পাদক মনোজ মহানন্দ আৰু সৰুপথাৰ শাখাৰ সম্পাদক উমেশ ঘাটোৱাৰ স্বাক্ষৰ সম্বলিত এখন চাৰিদফীয়া স্মাৰক পত্ৰ পাভজান চাহ বাগিছাৰ পৰিচালকক প্ৰদান কৰে। ইপিনে সংগঠনটোৰ দাবী সমূহ শীঘ্ৰেই সমাধানৰ বাবে কায্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।


কোটি কোটি টকাৰ মাটি ক্ৰয় কৰিছে শ্বাহৰুখৰ তনয়া ছুহানা খানে। নিজকে ‘কৃষক’ বুলি অভিহিত ছুহানাৰ…

কোটি কোটি টকাৰ মাটি ক্ৰয় কৰিছে শ্বাহৰুখৰ তনয়া ছুহানা খানে। নিজকে ‘কৃষক’ বুলি অভিহিত ছুহানাৰ। শেহতীয়াকৈ আলিবাউগত কোটি কোটি টকাৰ মাটি ক্ৰয় কৰিছে শ্বাহৰুখ খানৰ কন্যা ছুহানা খানে। মাটি ক্ৰয়ৰ কাগজত সুহানাই নিজকে ‘কৃষক’ বুলি অভিহিত কৰিছে। ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা চুহানা খানে ‘দ্য আৰ্চিজ’ ছবিৰ অভিনেত্ৰী হিচাপে বলীউডত ভৰি দিবলৈ ওলাইছে। প্ৰথমখন ছবি মুক্তিৰ পূৰ্বেও কোটি কোটি টকাৰ সম্পত্তি ক্ৰয় কৰি মানুহক আচৰিত কৰি তুলিছে সুহানা খানে।শেহতীয়াকৈ মুম্বাইৰ গাতে লাগি থকা আলিবাউগৰ এখন গাঁৱত মাটি ক্ৰয় কৰিছে, যাৰ মূল্য ১২.৯১ কোটি। চুহানা খানৰ কোটি কোটি মূল্যৰ মাটি কিনাতকৈও বেছি চৰ্চা চলি আছে যে শ্বাহৰুখ খানৰ কন্যাই কৃষিভূমি ক্ৰয় কৰি কাগজত নিজকে ‘কৃষক’ বুলি অভিহিত কৰিছে। আলিবাগৰ থাল গাঁৱৰ ১.৫ একৰ মাটি ল’লে চুহানা খানে, য’ত ১৭৫০ বৰ্গফুটৰ এটা ঘৰো নিৰ্মাণ কৰা হৈছে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল চুহানা খানে যি মাটি কিনিছে সেইখন ফাৰ্ম লেণ্ড। সুহানা খানে নিজৰ প্ৰথম ছবি দ্য আৰ্চিজৰ পূৰ্বেই বিনিয়োগৰ দিশত খোজ দিবলৈ আৰম্ভ কৰিছে। শ্বাহৰুখ খানৰ বিলাসী সাগৰমুখী বাসগৃহটো ইতিমধ্যে চুহানা খানৰ বিলাসী সম্পত্তিৰ পৰা মাত্ৰ ১২ মিনিটৰ দূৰত্বত।

আলিবাউগত শ্বাহৰুখ খান আলিবাউগ হাউছৰ বিলাসী ঘৰ। য’ত ব্যক্তিগত চুইমিং পুলৰ পৰা আৰম্ভ কৰি হেলিপেডলৈকে সুবিধা উপলব্ধ।শ্বাহৰুখ খানে নিজৰ ৫২ সংখ্যক জন্মদিন আলিবাগৰ বিলাসী ঘৰটোত উদযাপন কৰিছিল, য’ত ছবি জগতৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল। শ্বাহৰুখ খান, চুহানা খান, ৰণবীৰ সিং-দীপিকা পাডুকন, অনুষ্কা শৰ্মা-বিৰাট কোহলী, উদ্যোগপতি গৌতম সিংহানিয়া আৰু বহু ডাঙৰ অভিনেতা, ক্ৰিকেটাৰ আৰু ব্যৱসায়ীৰ ঘৰ আছে আলিবাউগত।

“কেৰিয়াৰ হাতপুথি” কিতাপখন উপহাৰ দিয়কঃ ড° বুলজিৎ বুঢ়াগোহাঁই…

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান- সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জ্ঞাপন কৰি বিভিন্ন উপহাৰ দিয়ে। কৃতিত্ব অৰ্জন কৰা শিক্ষার্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্ৰদান কৰাটো এটা ভাল কথা। আমি ভাবোঁ নিৰ্বাচিত গ্ৰন্থৰ টোপোলা এটিও উপহাৰ হিচাপে দিলে ভাল হয়, যিবোৰ গ্ৰন্থৰ দ্বাৰা শিক্ষার্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয়, লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে শিক্ষার্থীসকলে এক সম্যক ধাৰণা লাভ কৰিবৰ বাবে ‘বনলতা’ই প্রকাশ কৰা ড° বুলজিৎ বুঢ়াগোহাঁইৰ “কেৰিয়াৰ হাতপুথি” কিতাপখন শিক্ষার্থীসকলক উপহাৰ হিচাপে দিব পাৰে ।

এতিয়া কথা হ’ল, পৰীক্ষাবোৰৰ ফলাফল ঘোষণা হোৱাৰ তিনি মাহ পাৰ হৈ যোৱাৰ পিছতো এনেকুৱা অনুষ্ঠান পাতি থকা দেখা যায়। আমি ভাবোঁ এনেকুৱা অনুষ্ঠান যদি সম্ভৱ পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ এমাহৰ ভিতৰতে পাতি শেষ কৰিব লাগে আৰু তিনিটা পৰ্যায়ত তিনি দিন যেনে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত পাতিব লাগে। এই তিনিটা পর্যায়তে যিমান অনুষ্ঠান- প্রতিষ্ঠান-সংগঠনে অভিনন্দন জনাব বিচাৰে জনাব। ইয়াৰ ফলত টকা-পইচা, সময় আদিৰ খৰচ কম হ’ব। আনহাতে পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ লগে লগে কৃতিত্ব অর্জন কৰি উত্তীৰ্ণ হোৱা শিক্ষার্থীসকলৰ খবৰ সংবাদ মাধ্যমত ভৰি থাকে, কিন্তু পৰৱৰ্তী সময়ত শিক্ষার্থীসকলৰ ক’লৈ যায়, কি কৰে, তেওঁলোকে নিজ নিজ লক্ষ্যত উপনীত হৈছে নে নাই, তেওঁলোকে পঢ়ি অহা মহাবিদ্যালয়খন বা নিজৰ নিজৰ অঞ্চল তথা জন্মভূমিৰ প্ৰতি কিবা অৰিহণা যোগাইছে নে নাই, এইবোৰ কথা সাধাৰণতে গম পোৱা নাযায়।

এই বিষয়বোৰ লৈ সংবাদ মাধ্যমৰ স্থানীয় সংবাদদাতাসকলে কৃতী শিক্ষার্থীসকলৰ বিষয়ে অঞ্চল ভিত্তিক বা জিলা ভিত্তিক প্রতিবেদন প্রস্তুত কৰিলে ভাল হয়। তদুপৰি এই বিষয়ে স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠানেও ক্ষেত্রভিত্তিক অধ্যয়ন কৰিব পাৰে। যিসকল শিক্ষার্থীয়ে বিভিন্ন অঞ্চলৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা লাভ কৰি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগাইছে, সেইসকলক পাঢ়ি অহা বিদ্যালয়খনলৈ আমন্ত্রণ কৰি , তাত অধ্যয়ন কৰি থকা শিক্ষার্থীসকলৰ লগত অন্তৰংগ আলাপৰ আয়োজন কৰিলে শিক্ষার্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হোৱাৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও মনলৈ আহিব। আশা কৰিছোঁ, বিদ্যালয়বোৰৰ কৰ্তৃপক্ষই এনেধৰণৰ অন্তৰংগ আলাপ মাজে মাজে আয়োজন কৰিব।

গ্লাছত কি পানীয় সেৱন কৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু জো বাইডেনে…

গ্লাছত কি পানীয় সেৱন কৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু জো বাইডেনে! আপোনাৰ বাৰু জানিবলৈ মন গৈছে নেকি?বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকা ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোডীৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণৰ আয়োজন কৰে। এই সময়ছোৱাত বিশ্বই দুজন শক্তিশালী নেতাৰ বন্ধুত্ব দেখিবলৈ পাইছিল। হাতত পানীয় লৈ বাইডেন আৰু মোদীয়েও আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে বহু কথা পাতিছিল। অৱশ্যে এই গ্লাছত থকা পানীয় সুৰা নাছিল। ৰাষ্ট্ৰপতি জো বাইডেনে নিজেই এই কথা প্ৰকাশ কৰিছে। জো বাইডেনে ক’লে, কোনোৱেই মদ্যপান কৰাটো ভাল কথা নহয়। কিন্তু বহুতে নিশ্চয় ভাবিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে কি পানীয় খাই আছিল? প্ৰধানমন্ত্ৰী মোডী আৰু বাইডেনে যি পানীয় খাইছিল, সেই পানীয়ৰ নাম জিঞ্জাৰ এল।

জিঞ্জাৰ এল কি? আচলতে জিঞ্জাৰ এল হৈছে কাৰ্বনেটেড শীতল পানীয়। অৰ্থাৎ ইয়াত চোডা মিহলি হৈ থাকে। ই আন যিকোনো শীতল পানীয়ৰ দৰেই। কিন্তু ইয়াত আদাৰ সোৱাদ থাকে। কিছুমানে ইয়াক আন পানীয়ৰ লগত মিহলাই খায় আনহাতে কোনোৱে ইয়াক পোনপটীয়াকৈ পান কৰে। ইয়াত ছডিয়াম বেনজনেট আৰু চাইট্ৰিক এচিডৰ দৰে সংৰক্ষক ব্যৱহাৰ কৰা হয়। কিছুমানে অস্থিৰতাৰ পৰা সকাহ পাবলৈও ইয়াক পান কৰে।তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত ২১ জুনৰ পৰা ২৪ জুনলৈ আমেৰিকালৈ ৰাজ্যিক ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী মোডী। হোয়াইট হাউছত অনুষ্ঠিত ৰাজ্যিক ৰাতিৰ আহাৰত কোটিপতি ব্যৱসায়ী মুকেশ আম্বানী, গুগলৰ চিইঅ’ সুন্দৰ পিচাই আৰু এপলৰ চিইঅ’ টিম কুককে ধৰি বহু বৃহৎ ব্যৱসায়ী ব্যক্তি আৰু কোটিপতি উদ্যোগপতিক আমন্ত্ৰণ জনোৱা হৈছিল। প্ৰধানমন্ত্ৰী মোডীৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি ৰাতিৰ আহাৰ গ্ৰহণৰ মেনু প্ৰস্তুত কৰা হৈছিল, য’ত আছিল মেৰিনেটেড বাজৰা, কৰ্ণ চালাড, ষ্টাফড মাছৰুম আৰু ইলাচিৰ সৈতে ষ্ট্ৰবেৰী শ্বৰ্টকেক আদি খাদ্য। ৰাজ্যিক ৰাতিৰ আহাৰত অতিথিসকলক প্ৰথমে মেৰিনেটেড বাজৰা, কৰ্ণ কাৰ্নেলছ চালাড, তৰমুজ আৰু টেংগি এভোকেডো চচ দিয়া হৈছিল। খাদ্যৰ পিছত ষ্টাফড পৰ্ট’বেলো মাছৰুম আৰু ক্ৰীমযুক্ত কেশৰ ইনফিউজড ৰিচ’ট’ খাইছিল।

ইয়াৰ উপৰিও অতিথিৰ অনুৰোধত সুমাক ৰোষ্টেড ছি-বেছ, লেমন ডিল দৈ চচ, ক’ৰ্চ বাকৱেট কেক, আৰু ছামাৰ স্কোয়াছৰ দৰে খাদ্যও পৰিবেশন কৰা হৈছিল। ডেজাৰ্টত গোলাপ আৰু ইলাচিৰ সৈতে ষ্ট্ৰবেৰী শ্বৰ্টকেক মেনুত অন্তৰ্ভুক্ত কৰা হৈছিল।

২০১০ চনৰ কৃতিত্ব পুনৰ গঢ়িব বিৰাট কোহলীয়ে…

বিশ্বৰ মহান বেটছমেনৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বিৰাট কোহলী। কিয় তেওঁক বিশ্বৰ মহান বেটছমেনৰ লগত তুলনা কৰা হয়। কোনো ক্ৰিকেট প্ৰেমিকক কোৱাৰ প্ৰয়োজন নাই। এতিয়া কোহলীয়ে আৰু এটা ডাঙৰ অভিলেখ গঢ়িব, যিটো ১৩ বছৰ আগতে অৰ্থাৎ ২০১০ চনত হৈছিল। আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণত পুনৰ দেখা পোৱা যাব কোহলীক। বিৰাট কোহলীয়ে নিজৰ নামত বহু ডাঙৰ অভিলেখ আৰু কৃতিত্ব অৰ্জন কৰিছে। অহা ১২ জুলাইৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা। ইয়াৰ পিছত দলটোৱে ৩খন মেচৰ এদিনীয়া শৃংখলাও খেলিব। যদিও দলটো এতিয়াও ঘোষণা কৰা হোৱা নাই, কিন্তু বিৰাট কোহলী এই দলৰ অংশ হোৱাটো নিশ্চিত। এদিনীয়া শৃংখলাত বিৰাটে ১৩ বছৰৰ আগৰ ইতিহাস পুনৰাবৃত্তি কৰিবলৈ মাত্ৰ কেইটামান ৰান বাকী আছে। এদিনীয়াত ১০২ ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ ১৩০০০ ৰান সম্পূৰ্ণ কৰিব। ভাৰতৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ’ব আৰু এদিনীয়া মেচত ১৩০০০ ৰান সংগ্ৰহ কৰি বিশ্বৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হ’ব। ২০১০ চনত মহান বেটছমেন শচীন টেণ্ডুলকাৰে এই কৃতিত্ব অৰ্জন কৰিছিল।

বিৰাট কোহলীয়ে ১০২ ৰানেৰে ভাৰত ক্ৰিকেটৰ বাবে ইতিহাস ৰচনা কৰিব। মহান শচীন তেণ্ডুলকাৰৰ পিছত তেওঁ ১৩০০০ ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেনৰ দ্বিতীয়জনহে হ’ব। ২০১০ চনত এদিনীয়া কেৰিয়াৰত ১৩০০০ ৰান সম্পূৰ্ণ কৰিছিল শচীন ভাৰতে। তেওঁ বিশ্বৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। তেওঁ ৪৬৩খন খেলৰ ৪৫২ ইনিংছত ১৮৪২৬ ৰান সংগ্ৰহ কৰিছে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ ভাৰত আৰু বিশ্বৰ মহান বেটছমেন শচীন টেণ্ডুলকাৰৰ নামত। তেওঁ ১৮৪২৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পাছতে ১৪২৩৪ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা। তৃতীয় নাম অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং, যিয়ে এই ফৰ্মেটত ১৩৭০৪ ৰান সংগ্ৰহ কৰে। এই তালিকাত ১৩৪৩০ ৰানেৰে চতুৰ্থ স্থানত আছে সনাথ জয়সূৰ্য্য। একে সময়তে সক্ৰিয় ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলী। ইয়াৰ উপৰিও তেওঁ ১২৮৯৮ ৰানেৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ ভিতৰত পাঁচ নম্বৰ স্থানত আছে।


আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰে…

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম বৈদিক বৈষ্ণৱ মহাসভাৰ মাননীয় সভাপতি

শ্ৰীৰামেশ্বৰ বৰাৰ নেতৃত্বত অহা প্ৰতিনিধি দলে সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সদস্যসকলৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে।

ভূৰাগাঁৱৰ বালিডোঙ্গাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্রী কেশৱ মহন্তৰ…

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ কুপতিমাৰী আৰু বালিডোংগাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াত জাহ গৈছে বহুলোকৰ ঘৰ-বাৰী চৰকাৰী বিদ্যালয়কে আদি কৰি বহু লক্ষ্যাধিক টকাৰ সা-সম্পত্তি। জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ূষ হাজৰিকাই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছতেই খৰতকীয়া হৈ উঠিছে খহনীয়া প্ৰতিৰোধৰ কাম।

জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাহঁৰ জেং আৰু মাটি ভৰ্তি জি’অ বেগৰ কাম অব্যাহত ৰাখিছে। খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন